Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Notes, Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ and select need one.

Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Solutions for All Chapters, You can practice these here.

বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Chapter – 3

TEXTUAL QUESTION ANSWER

১। কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তাসমূহ উল্লেখ কৰা।

উত্তৰঃ কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হল —

১। প্রত্যেক ব্যক্তিয়ে দৈনিক ব্যৱহাৰৰ পিছত পিন্ধা পোছাকত তৈলাক্ত মলি, ঘাঁম আদি লাগি লেতেৰা হোৱাৰ বাবে কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তা হয়।

২। পকেটত কিবা খাই ইয়াৰ পেকেটটো পকেটত থলে

কাপোৰটো লেতেৰা হোৱাৰ বাবেও কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তা হয়।

৩। নিয়মিত ধোৱাত কাপোৰ নতুন আৰু চক্ চকীয়া দেখিবলৈ থাকে।

৪। লেতেৰা গোন্ধ জাৱৰ বাবেও আমি কাপোৰ ধুও।

৫। দাগ লগাৰ বাবেও আমি কাপোৰ ধুও।

২। কাপোৰৰ মলি বুলিলে কি বুজা?

উত্তৰঃ কাপোৰৰ মলি হৈছে মুক্ত ধূলি আৰু শৰীৰৰ পৰা ওলোৱা ঘাম আৰু আন চর্বিজাতীয় লেতেৰাৰ সংমিশ্রণ।

৩। কাপোৰৰ ধোৱাৰ প্ৰণালী উল্লেখ কৰা।

উত্তৰঃ কাপোৰৰ ধোৱাৰ প্ৰণালী তলত উল্লেখ কৰা হ’ল- 

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিছত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

8। কাপোৰ ধোৱা প্ৰণালীৰ স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ কাপোৰ ধোৱা প্ৰণালীৰ স্তৰসমূহ তলত বৰ্ণনা কৰা হল —

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষক যন্ত্র বোলা হয়। এই শোষক যন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

৫। কাপোৰ আওডালা (Rinsing): পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

৬। শুষ্ক ধোৱন প্রণালী (Drycleaning): আমাৰ ব্যৱহৃত বহু প্ৰকাৰ সাজ-পোছাকেই আমি চাবোনপানীৰে ধুই যতন ল’ব নোৱাৰো। যেনে- ছিল্ক, ঊল, টিচু, পেপাৰ ছিল্ক ইত্যাদি। এনে পোছাক পানীৰ সংস্পৰ্শত নষ্ট হৈ যায়। এনে পোছাক শোষক (absorbent) অথবা তৰল দ্ৰাৱকৰ সহায়ত পৰিষ্কাৰ কৰা হয়। লেতেৰা কাপোৰৰ ওপৰত শোষক গুড়ি যেনে- পাউডাৰ, চক পাউডাৰ, যিকোনো ডাইলৰ বেচন ইত্যাদি যিকোনো এবিধ চতিয়াই লৈ ভালদৰে ঘহি ধুবলৈ থোৱা কাপোৰৰ লগত জাপি থোৱা হয়। এনে কৰিলে গুড়িয়ে কাপোৰত থকা চর্বিভাগ শুহি ল’ব, ফলত ধূলি- বালিভাগ মুক্ত হৈ পৰিব। কাপোৰখন ভালদৰে বুৰুজ মাৰি জোকাৰিলে পৰিষ্কাৰ হৈ পৰিব।

৭। উজ্জ্বলকাৰক দ্রব্য প্রয়োগ কৰা প্রণালী: কিছুমান যৌগিক যৌগৰ উজ্জ্বলকাৰক গুণ থকা দেখা যায়। এই যৌগসমূহে চুটি তৰংগ দৈর্ঘ্যৰ পোহৰ শোষণ কৰি দীর্ঘতৰ তৰংগ দৈর্ঘ্যত এই পোহৰ এৰি দিয়ে আক চকুৰে দৃষ্টিগোচৰ হোৱা ৰশ্মিত পৰিণত কৰে। এনে যৌগ কাপোৰত প্ৰয়োগ কৰিলে এনে গুণৰ বাবে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে। সেয়েহে এনে যৌগক উজ্জ্বলকাৰক দ্রব্য কেৱা হয়। এই দ্রব্য বজাৰত বিভিন্ন বাণিজ্যিক নামেৰে কিনিবলৈ পোৱা যায়। নীলৰ দৰেই ইয়াৰো দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। ধোৱা কাপোৰখন ভালদৰে জোকাৰি এই দ্ৰৱণত কিছু সময় তিয়াই দ্ৰৱণৰ পৰা তুলি ৰ’দত শুকোৱা হয়।

৮। পাটৰ কাপোৰ ধোৱা প্ৰণালী (Washing of silk): পাটৰ কাপোৰ নিমজ আৰু মসৃণ হোৱা বাবে ধূলি-বালি আদি কাপোৰৰ পৃষ্ঠত ৰৈ নাথাকে। ফলত কাপোৰখন ব্যৱহাৰ কৰিলেও সোনকালে লেতেৰা নহয়। কাপোৰ ধুবলগীয়া হ’লে মৃদু ক্ষাৰজাতীয় চাবোন, চাবোনবিহীন চাবোন অথবা ছিল্কৰ কাপোৰ ধুবলৈ তৈয়াৰ কৰা বিশেষ চাবোন অথবা অপমার্জকত ধুব লাগে। মলিন ৰং ধৰা কাপোৰত অলপ ব’ৰাক্স মিহলালে ৰং পৰিষ্কাৰ হয়।

৫। লেতেৰা কাপোৰ পৰিষ্কাৰ নকৰাকৈ কিয় ব্যৱহাৰ কৰিব নোৱাৰি?

উত্তৰঃ আমি আমাৰ দৈনন্দিন জীৱনত পৰিবৱেশ আৰু কামৰ উপযোগীকে বিভিন্ন প্ৰকাৰৰ সাজ-পোছাক আৰু বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো। ব্যৱহাৰৰ ফলত এই সামগ্রীসমূহ বিভিন্ন প্ৰকাৰে ধূলি, বালি, মলি, বীজাণু, শৰীৰৰ ঘাম, শৰীৰৰ পৰা ওলোৱা তৈল জাতীয় পদার্থ আদিৰ সংস্পৰ্শত আহে আৰু আমাৰ শৰীৰ সক্ৰিয় হৈ থকাৰ বাবে বিভিন্ন ধৰণে ঘৰ্ষণৰ সৃষ্টি হৈ ধূলি, বালি আদি মলিলৈ পৰিৱৰ্তিত হৈ কাপোৰখন লেতেৰা হৈ ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। ইয়াৰ বাবে লেতেৰা কাপোৰ পৰিষ্কাৰ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰি।

৬। ‘সাজ-পোছাক সংৰক্ষণ এটা আভাস দাঙি ধৰা।

উত্তৰঃ এজন ব্যক্তিয়ে যেতিয়া এজোৰ পৰিষ্কাৰ, নিখুঁত, সুন্দৰভাৱে ইস্ত্রি কৰা, সামান্যতমো ভাঁজ নথকা পোছাক পিন্ধিবলৈ পায়, তেতিয়া গর্ব অনুভৱ কৰে আৰু অকণো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পৰিৱেশৰ লগত সহজে মিলি যাব পাৰে। কিন্তু সোত-মোচ অথবা ভাঁজ লগা কাপোৰে এনে অনুভূতি দিব নোৱাৰে। কাপোৰ পৰিষ্কাৰকৈ ধুই ইস্ত্ৰি কৰি নির্দিষ্ট স্থানত ভালদৰে সংগ্ৰহ কৰি থ’লেহে ইয়াৰ সম্ভৱ হয়।

মানুহ সৌন্দর্যপ্রিয়। আনৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে মানুহে নিজকেও সুন্দৰ কৰি ৰাখিবলৈ অতীজৰে পৰা যতন কৰি আহিছে। অতীজৰে পৰা মানুহে বিভিন্ন সময়ত শৰীৰটোক সুৰক্ষিত কৰিবলৈ সৌন্দর্য বঢ়াবলৈ, সামাজিক অনুষ্ঠান, উৎসৱ, প্রীতিমেল, ভোজমেল ইত্যাদিত অংশগ্রহণ কৰিবলৈ তদুপৰি নিত্য ব্যৱহাৰ, কর্মক্ষেত্র, খেল, ভিন্ন ঋতু সাপেক্ষে বিভিন্ন প্ৰকাৰৰ পোছাক তৈয়াৰ কৰি লোৱা দেখা যায়। কিন্তু সকলোবোৰ বস্তুকে একে সময়তে ব্যৱহাৰ কৰা নাযায়। সেয়েহে অব্যৱহৃত সাজ- পোছাক অথবা বিভিন্ন সামগ্ৰীসমূহ ভৱিষ্যতৰ ব্যৱহাৰৰ উপযোগীকৈ সযতনে সংগ্ৰহ কৰি ৰখা হয়। সযতনে সাজ-পোছাক থোৱা প্রণালীকে সাজ-পোছাক সংৰক্ষণ কৰা প্ৰণালী বুলি কোৱা হয়।

সাজ-পোছাক সংৰক্ষণৰ মূল উদ্দেশ্য-

১। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটিকে সযতনে ৰখা সাজ-পোছাক যোগান ধৰা, এনে পোছাকে এজন ব্যক্তিৰ ব্যক্তিত্ব বা প্রতিভা প্রকাশ আৰু বিকাশ সাধনত সহায় কৰে।

২। সাজ-পোছাক যিমানেই অধিক মূল্যৰ নহওঁক কিয় পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে নাৰাখিলে ব্যৱহাৰৰ উপযোগী নহয় আৰু ব্যৱহাৰ কৰিলেও মূল্যহীন হৈ পৰে।

৩। পৰিষ্কাৰ-পৰিচ্ছিন্ন আৰু সযতনে সংৰক্ষণ কৰা পোছাকে এজন ব্যক্তিৰ পৰিপাটি আৰু ৰুচিপূর্ণ মনোভাৱ প্রকাশ কৰাত সহায় কৰিব।

৪। সযতনে সংৰক্ষণ কৰা পোছাক দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ উপযোগী কৰি ৰখাত সহায় কৰে।

৭। শুষ্ক ধোৱন মানে কি?

উত্তৰঃ শুষ্ক ধোৱন হল এটা পদ্ধতি যি বহু প্ৰকাৰৰ কাপোৰ পানীত ধুলে নষ্ট হয়, তেনে কাপোৰ পানীৰ সলনি আন তৰল দ্ৰাৱকৰ সহায়ত শুষ্ক ধোৱন পদ্ধতিৰে পৰিষ্কাৰ কৰা হয়।

৮। স্থায়ী মলি বুলিলে কি বুজা।

উত্তৰঃ স্থায়ী মলি হল যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে। এনে মলি পৰিষ্কৰণ কৰিব পাৰি মলি শোষণ প্ৰণালীৰ দ্বাৰা, ঘৰ্ষণ প্ৰণালীৰ দ্বাৰা আৰু ধোৱন প্রণালী অথবা শুষ্ক ধোৱন প্ৰণালীৰ দ্বাৰা। এনে প্ৰণালীৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিছুমান সা-সঁজুলি, পৰিষষ্কাৰক দ্ৰব্য আৰু দ্ৰাৱকৰ আৱশ্যক হয়। বিশেষকৈ চাবোন, অপমাৰ্জক আৰু পানী।

৯। শুষ্ক ধোৱনৰ কাপোৰ কিয় বতাহত মেলিব লাগে?

উত্তৰঃ কাপোৰ সম্পূর্ণভাৱে শুকাই বাওঁতি ফাঙ গজাৰ সম্ভাৱনা কম থাকে। বতাহত মেলা কাপোৰৰ অপ্ৰিয় গন্ধ দূৰ কৰি প্ৰাকৃতিক বতাহ আৰু পোহৰে এক সজা গন্ধ দিয়ে যাৰ ফলত কাপোৰ আমি ব্যৱহাৰ কৰিব পাৰি। বতাহত শুকালে ৰঙ পকা সম্ভাৱনা কম থাকে।

ইলেকট্ৰিক ড্ৰায়াৰৰ তুলনাত বতাহত মেলা শক্তি সঞ্চয় কৰে। কাপোৰ কম ক্ষতিগ্ৰস্ত হয় আৰু দীঘলীয়া সময় ধৰি ভাল অৱস্থাত থাকে।

১০। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটী সাজ-পোছাকৰ আৱশ্যকতাসমূহ কি?

উত্তৰঃ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটী সাজ- পোছাকৰ আৱশ্যকতাসমূহ হল —

১। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটিকে সযতনে ৰখা সাজ-পোছাক যোগান ধৰা, এনে পোছাকে এজন ব্যক্তিৰ ব্যক্তিত্ব বা প্রতিভা প্রকাশ আৰু বিকাশ সাধনত সহায় কৰে।

২। সাজ-পোছাক যিমানেই অধিক মূল্যৰ নহওঁক কিয় পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে নাৰাখিলে ব্যৱহাৰৰ উপযোগী নহয় আৰু ব্যৱহাৰ কৰিলেও মূল্যহীন হৈ পৰে।

৩। সাজ-পোছাক সযতনে সংৰক্ষণ কৰিলে তাৰ বিনিময়ত সাজ- পোছাকেও পুৰস্কৃত কৰিব অৰ্থাৎ সযতনে ৰখা পোছাক সদায় সজীৱ হৈ থাকে ফলত সকলো সময়তে ব্যৱহাৰৰ উপযোগী হৈ থাকে। এনে পোছাক পিন্ধিলে পৰিৱেশৰ লগত শুৱাই তোলাত সহায় কৰিব। তদুপৰি সময়, শ্ৰম আৰু অৰ্থৰ ৰাহি হ’ব।

৪। পৰিষ্কাৰ-পৰিচ্ছিন্ন আৰু সযতনে সংৰক্ষণ কৰা পোছাকে এজন ব্যক্তিৰ পৰিপাটি আৰু ৰুচিপূর্ণ মনোভাৱ প্রকাশ কৰাত সহায় কৰিব।

৫। সযতনে সংৰক্ষণ কৰা পোছাক দীর্ঘদিন ধৰি ব্যৱহাৰৰ উপযোগী কৰি ৰখাত সহায় কৰে।

৬। উপযুক্ত সংৰক্ষণ আৰু যত্নৰ ওপৰতে নিৰ্ভৰ কৰে পৰিয়ালৰ সমৃদ্ধি আৰু সাজ-পোছাকৰ দীৰ্ঘ স্থায়িত্ব। সকলো পৰিয়ালৰ ক্ষেত্ৰত একে সময়তে পৰিয়ালৰ প্ৰতিজন লোকৰ বাবে সকলোধৰণৰ পোছাক কিনা সম্ভৱ নহয়। যি দুই-এপদ সাজ-পোছাক পৰিৱেশ, ঋতু, মানসম্ভ্রম সাপেক্ষে কিনা হয় সেইবোৰৰ সঠিক যতন লৈ সংৰক্ষণ কৰিলে সময়ত ব্যৱহাৰৰ বাবে পোছাকৰ অভাৱ নহয়।

৭। উপযুক্ত যতন আৰু সংৰক্ষণৰ দ্বাৰা নিত্য ব্যৱহাৰৰ সাজ-পোছাক আদি বহু দিনলৈ ব্যৱহাৰৰ উপযোগী হৈ থাকে।

১১। ধোৱনৰ বিভিন্ন স্তৰসমূহ উল্লেখ কৰা।

উত্তৰঃ ধোৱনৰ বিভিন্ন স্তৰসমূহ তলত উল্লেখ কৰা হল —

১২। ধোৱনৰ মূল নীতি বুলিলে কি বুজা।

উত্তৰঃ মলি বস্ত্ৰ বা পোছাকৰ পৰা আঁতৰোৱা হয়। ইয়াক ধোৱন বোলে। পোছাকৰ মলি বা লেতেৰা জমা হোৱাৰ মূলতে হৈছে মুক্ত ধূলি আৰু শৰীৰৰ পৰা ওলোৱা ঘাম আৰু আন চর্বিজাতীয় লেতেৰাৰ সংমিশ্রণ।

মলি = ধূলি + শৰীৰৰ পৰা ওলোৱা চৰ্বি ঘর্ষণ

কাপোৰত জমা হোৱা এই মলি সাধাৰণভাৱে ধুই আঁতৰাব নোৱাৰি। ইয়াক দুভাগত ভগোৱা হৈছে-

(১) মুক্ত ধূলি-বালি যিবোৰ কাপোৰৰ উপৰিভাগত জমা হৈ থাকে। এই প্ৰকাৰৰ মলি ৰ’দ লগাই জাৰি-জোকাৰি, বুৰুজ মাৰি অথবা সাধাৰণ পানীত তিয়াই পৰিষ্কাৰ কৰিব পাৰি।

(২) স্থায়ী মলি যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে। এনে মলি পৰিষ্কৰণ কৰিব পাৰি মলি শোষণ প্ৰণালীৰ দ্বাৰা, ঘৰ্ষণ প্ৰণালীৰ দ্বাৰা আৰু ধোৱন প্ৰণালী অথবা শুষ্ক ধোৱন প্ৰণালীৰ দ্বাৰা।

১৩। পোছাক ধুবলৈ অনুসৰণ কৰা নিয়মাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ পোছাক ধুবলৈ অনুসৰণ কৰা নিয়মাৱলীসমূহ তলত উল্লেখ কৰা হৈছে —

১। প্রত্যেক ব্যক্তিয়ে দৈনিক ব্যৱহাৰৰ পিছত পিন্ধা পোছাক পৰীক্ষা কৰিব লাগে। তৈলাক্ত মলি, ঘাঁম আদি লাগিলে লগে লগে ধোৱাৰ ব্যৱস্থা ল’ব লাগে। খুব নোৱাৰিলে পাউডাৰ অথবা শুকান গুড়ি ছটিয়াই চর্বিভাগ শুকোৱাই শোষণ কৰি ল’ব লাগে। সাধাৰণভাৱে লেতেৰা হোৱা পোছাক অর্থাৎ কম সময়ৰ বাবে ব্যৱহাৰ কৰা পোছাক লগে লগে খুলি বতাহ লগাব লাগে। আৱশ্যক হ’লে জাৰি-জোকাৰি, বুৰুজ মাৰি মুক্ত ধূলি-বালি পৰিষ্কাৰ কৰি নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। পোছাকৰ পকেট ভালদৰে পৰীক্ষা কৰি লেতেৰা থাকিলে লগে লগে পৰিষ্কাৰ কৰিব লাগে।

২। একেটা পোছাক সঘনাই বা একেৰাহে পিন্ধিব নালাগে। কমেও একৈশ (২১) ঘণ্টা সময় অৱসৰ দি ওলোমাই থ’ব লাগে। এনে কৰিলে পোছাকৰ আকাৰত কোনো প্ৰভাৱ নপৰে আৰু সঘনাই ইস্ত্রি কৰাৰ পৰাও বিৰত ৰাখিব পাৰি।

৩। পকেটত অধিক ডাঙৰ অথবা ফুলি থকা বস্তু ৰাখিব নালাগে। এনে বস্তুৱে পকেটৰ আকাৰ নষ্ট কৰি পোছাকৰ সৌন্দৰ্য হানি কৰিব।

৪। ব্যৱহৃত অথবা অব্যবহৃত সাজ-পোছাক অথবা মলিন পোছাক অসংযতভাৱে পেলাই থ’ব নালাগে। এনে কৰিলে ধূলি-বালি আৰু পোহৰৰ প্রতিক্ৰিয়াৰ ফলত বগা ৰং মলিন, ৰঙীণ কাপোৰৰ ৰং অনুজ্জ্বল আৰু মলিন কাপোৰ অধিক মলিন কৰি তুলিব। লগতে উপৰোৱা ভাজৰ সৃষ্টি হ’ব।

৫। পোছাকত ফটা-ফুটা, চিলাই সোলোকা, বুটাম, জিপাৰ আদি বেয়া হ’লে লগে লগে মেৰামতি কৰিব লাগে। মেৰামতি নকৰাকৈ ধুলে অধিক নষ্ট হয় আৰু তৎক্ষণাৎ ব্যৱহাৰ কৰিব পৰা নাযায়।

৬। কাপোৰত দাগ লগাৰ লগে লগে আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে অন্যথা দাগ স্থায়ী হৈ আঁতৰাবলৈ কষ্টকৰ হ’ব। কাপোৰত দাগ থাকিলে, দাগ লগা স্থানত কাপোৰখন নষ্ট হ’ব আৰু অশোভনীয় হ’ব। 

৭। সাজ-পোছাক অধিক লেতেৰা হোৱালৈ কেতিয়াও ৰাখিব নালাগে। লেতেৰা কাপোৰো নোধোৱাকৈ পেলাই থ’ব নালাগে। পেলাই থ’লে পোছাকৰ মলি আঁতৰাৱ কষ্টকৰ হয়। তদুপৰি কাপোৰত মলিন আচ বহিব, ঘামৰ গোন্ধ স্থায়ী হ’ব, জীৱাণু, কীট-পোক আদিৰ দ্বাৰা সোনকালে আক্রান্ত হ’ব।

১৪। কাপোৰ ধোৱা প্ৰণালীৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ 

কাপোৰ আৰু সামগ্রীপৰিষ্কাৰক দ্রব্যপানীৰ উষ্ণতাধোৱন প্রণালী
ডাঠ খহতা কাপোৰ যেনে- এপ্রণ,গাধোৱা ঘৰত ব্যৱহাৰ কৰা কাপোৰ বা স্ক্রীন ইত্যাদি।যিকোনো পৰিষ্কাৰক দ্ৰব্য আৰু বেছি লেতেৰা হ’লে ব’ৰাক্স মিহলাব লাগে।পানীৰ উষ্ণতা ৬৫⁰-৮০⁰  চেন্টিগ্রেড হ’ব লাগে।হাতেৰে অথবা বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি ধুব লাগে। কাপোৰ ধোৱা যন্ত্ৰত ধুব পৰা যায়।
বগা কাপোৰ, টেবুলত পাৰা কাপোৰ, বিছনাত পাৰা কাপোৰ, চেলোৱাৰ, শ্বার্ট, পেন্ট, পায়জামা ইত্যাদি।
যিকোনো অপমার্জক ব্যৱহাৰ কৰিব পাৰি।
৬৫° চেন্টিগ্রেডৰ পৰা ৮০⁰ চেন্টিগ্রেড পানীৰ উষ্ণতা।বুৰুজৰ সহায়ত ঘৰ্ষণ প্রয়োগ কৰি বিশেষকৈ শ্বাৰ্টৰ কলাৰ, কাফ, পাতলি ইত্যাদি। যন্ত্ৰৰ সহায়তো ধুব পৰা যায়।
ৰঙীণ কাপোৰ, অতি কোমল, লাহি কাপোৰ, অতি মূল্যবান কাপোৰ যেনে- অর্গেন্ডি, মলমল ইত্যাদি।কম ক্ষাৰজাতীয় যিকোনো পৰিষ্কাৰক দ্রব্য নহ’লে অপমার্জক।ৰঙীণত ঠাণ্ডা পানী আৰু ৰং নোযোৱা কাপোৰ হ’লে কুহুমীয়া পানী।মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা হয় অথবা ঠুকুচা আৰু চেপা আৰু শোষণ পদ্ধতিৰে ধোৱা হয়।
ডাঙৰ গধুৰ কাপোৰ, পর্দা,বিছনা, ঢকা আঁঠুৱা ইত্যাদি।গাঢ় ক্ষাৰজাতীয় চাবোন, যিকোনো শক্তিশালী পৰিষ্কাৰক দ্রব্য, অপমার্জক।কুহুমীয়া পানী।শোষণ পদ্ধতি নহ’লে কাপোৰ ধোৱা যন্ত্ৰৰ সহায়ত খুব লাগে।

১৫। কাপোৰ ধোৱা প্ৰণালীৰ নিৰ্বাচন কেনেদৰে কৰা হয়?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ কাপোৰ ধোৱা প্ৰণালী আছে। কাপোৰৰ বৈশিষ্ট্য অনুযায়ী খাপ খোৱাকৈ এই প্ৰণালী নিৰ্বাচন কৰা হয়। প্রকৃত প্রণালী নির্বাচিত কৰিবলৈ উল্লেখিত কাৰকসমূহ অনুকৰণ কৰা হয়।

১। ধুবলগীয়া সামগ্ৰীৰ আকাৰ আৰু প্ৰকৃতি।

২। ধুবলগীয়া কাপোৰৰ চাপ বহন কৰিব পৰা শক্তি, স্থায়িত্ব।

৩। কাপোৰৰ ওপৰত জমা হোৱা মলিৰ পৰিমাণ।

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

৫। কাপোৰ আওডালা (Rinsing): পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

৬। শুষ্ক ধোৱন প্রণালী (Drycleaning): আমাৰ ব্যৱহৃত বহু প্ৰকাৰ সাজ-পোছাকেই আমি চাবোন পানীৰে ধুই যতন ল’ব নোৱাৰো। যেনে- ছিল্ক, ঊল, টিচু, পেপাৰ ছিল্ক ইত্যাদি। এনে পোছাক পানীৰ সংস্পৰ্শত নষ্ট হৈ যায়। এনে পোছাক শোষক (absorbent) অথবা তৰল দ্ৰাৱকৰ সহায়ত পৰিষ্কাৰ কৰা হয়। লেতেৰা কাপোৰৰ ওপৰত শোষক গুড়ি যেনে- পাউডাৰ, চক পাউডাৰ, যিকোনো ডাইলৰ বেচন ইত্যাদি যিকোনো এবিধ চতিয়াই লৈ ভালদৰে ঘহি ধুবলৈ থোৱা কাপোৰৰ লগত জাপি থোৱা হয়। এনে কৰিলে গুড়িয়ে কাপোৰত থকা চর্বিভাগ শুহি ল’ব, ফলত ধূলি- বালিভাগ মুক্ত হৈ পৰিব। কাপোৰখন ভালদৰে বুৰুজ মাৰি জোকাৰিলে পৰিষ্কাৰ হৈ পৰিব।

৭। উজ্জ্বলকাৰক দ্রব্য প্রয়োগ কৰা প্রণালী: কিছুমান যৌগিক যৌগৰ উজ্জ্বলকাৰক গুণ থকা দেখা যায়। এই যৌগসমূহে চুটি তৰংগ দৈর্ঘ্যৰ পোহৰ শোষণ কৰি দীর্ঘতৰ তৰংগ দৈর্ঘ্যত এই পোহৰ এৰি দিয়ে আকৌ চকুৰে দৃষ্টিগোচৰ হোৱা ৰশ্মিত পৰিণত কৰে। এনে যৌগ কাপোৰত প্ৰয়োগ কৰিলে এনে গুণৰ বাবে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে। সেয়েহে এনে যৌগক উজ্জ্বলকাৰক দ্রব্য কেৱা হয়। এই দ্রব্য বজাৰত বিভিন্ন বাণিজ্যিক নামেৰে কিনিবলৈ পোৱা যায়। নীলৰ দৰেই ইয়াৰো দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। ধোৱা কাপোৰখন ভালদৰে জোকাৰি এই দ্ৰৱণত কিছু সময় তিয়াই দ্ৰৱণৰ পৰা তুলি ৰ’দত শুকোৱা হয়।

৮। পাটৰ কাপোৰ ধোৱা প্ৰণালী (Washing of silk): পাটৰ কাপোৰ নিমজ আৰু মসৃণ হোৱা বাবে ধূলি-বালি আদি কাপোৰৰ পৃষ্ঠত ৰৈ নাথাকে। ফলত কাপোৰখন ব্যৱহাৰ কৰিলেও সোনকালে লেতেৰা নহয়। কাপোৰ ধুবলগীয়া হ’লে মৃদু ক্ষাৰজাতীয় চাবোন, চাবোনবিহীন চাবোন অথবা ছিল্কৰ কাপোৰ ধুবলৈ তৈয়াৰ কৰা বিশেষ চাবোন অথবা অপমার্জকত ধুব লাগে। মলিন ৰং ধৰা কাপোৰত অলপ ব’ৰাক্স মিহলালে ৰং পৰিষ্কাৰ হয়।

১৬। যিকোনো দুটা কাপোৰ ধোৱা প্ৰণালীৰ বৰ্ণনা কৰা।

উত্তৰঃ যিকোনো দুটা কাপোৰ ধোৱা প্ৰণালীৰ তলত বৰ্ণনা কৰা হল —

১। মেচিনৰ সহায়ত ধোৱা প্ৰণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্ৰৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

২। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্রয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূর্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

১৭। কাপোৰ আওডালা মানে কি?

উত্তৰঃ পৰিষ্কাৰক দ্রব্য যেনে চাবোন,অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্ৰণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

১৮। কাপোৰ শুকোৱাৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ আওডালাৰ পিছত কাপোৰত ৰৈ যোৱা পানী হাতেৰে মৃদু চাপ দি উলিয়াই দিয়া হয়। পাটৰ আৰু উলৰ কাপোৰ টাৱেলৰ মাজত সোমোৱাই পানী টোকা হয় আৰু জাৰি-জোকাৰি সিয়নীৰ দিশত শুকাৱ দিয়া হয়। ৰঙীণ কাপোৰ, উল আৰু পাটৰ কাপোৰ ছাঁত শুকোৱা হয়। এনে কাপোৰ পোনপটীয়াকৈ ৰ’দত শুকাৱ দিব নালাগে। বগা কাপোৰ ৰ’দ আৰু ঘাঁহনি বা জোপোহাৰ ওপৰত শুকাৱ দিলে বিৰঞ্জীকৰণৰ সহায়ত অধিক বগা হোৱা দেখা যায়। বৰষুণ দিলে কাপোৰ ভিতৰত শুকোৱা উচিত, বাহিৰত বৰষুণত মেলি থব নালাগে।

১৯। কাপোৰ কেনেদৰে চপোৱা উচিত।

উত্তৰঃ কাপোৰ চপোৱাৰ ওপৰত নিৰ্ভৰ কৰে কাপোৰ ইস্ত্ৰি কৰাৰ সফলতা, ইস্ত্রি কৰোতে সম্পূৰ্ণ সফলতা পাবলৈ হ’লে কাপোৰ মেলোতে পোছাক জাৰি-জোকাৰি দীঘৰ দিশত মেলিব লাগে আৰু সমভাৱে সেমেকা অৱস্থাত চপাই নুৰিয়াই থ’ব লাগে। নহ’লে সেমেকা টাৱেলত সোমাৱাই ফ্ৰিজত ভৰাই থ’ব লাগে। কাপোৰ চপোৱাৰ পিচত লগে লগে ইস্ত্রি নকৰিলে সম্পূর্ণ শুকুৱাই টানি- টুনি সিয়নীৰ দিশত জাপি থ’ব লাগে।

২০। শুষ্ক ধোৱন প্রণালী কি? শুষ্ক ধোৱনত ব্যৱহৃত দ্রব্যসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ শুষ্ক ধোৱন হল এটা পদ্ধতি যি বহু প্ৰকাৰৰ কাপোৰ পানীত ধুলে নষ্ট হয়, তেনে কাপোৰ পানীৰ সলনি আন তৰল দ্ৰাৱকৰ সহায়ত শুষ্ক ধোৱন পদ্ধতিৰে পৰিষ্কাৰ কৰা হয়।শুষ্ক ধোৱনত ব্যৱহৃত দ্রব্যসমূহ হল –  যিকোনো গা বা মুখত ঘহা পাউডাৰ, ফ্রেন্স চক পাউডাৰ, ফুলাৰচ আৰ্থ অথবা সাজিমাটি যিকোনো দাইলৰ বেচন, আতাৰ ভুচি, ময়দা, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, ভজা ময়দা, গন্ধকৰ গুড়ি ইত্যাদি।

২১। কাপোৰত নীল কেনেদৰে প্ৰয়োগ কৰিবা?

উত্তৰঃ বগা কাপোৰ ধোৱাৰ পিচত উজ্জ্বল কৰিবলৈ নীল দিয়া হয়। নীল গুড়ি অথবা জুলীয়া অৱস্থাত পোৱা যায়। অদ্রৱণীয় নীলো পোৱা যায়। কাপোৰত নীল দিবলৈ প্ৰথমতে নীলৰ দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। এটা পাত্ৰত আৱশ্যকীয় পানী লৈ (কাপোৰখন ভালদৰে দ্ৰৱণত ডুব যোৱাকৈ) নীল পাতল কাপোৰ এখনত লৈ ঢিলাকৈ বান্ধি পানীত জুবুৰিয়াই আৰু লৰাই থকা হয়। নীলৰ আৱশ্যকীয় গাঢ়তা পোৱাৰ লগে লগে টোপোলাতো আঁতৰাই দিয়া হয়। বেছি গাঢ় হ’লে পৰিষ্কাৰ পানী মিহলোৱা হয়। কাপোৰত মাৰ দিবলগীয়া থাকিলে মাৰৰ লগতে নীল মিহলোৱা হয়। এতিয়া কাপোৰখন কোনো ভাজ নথকাকৈ ভালদৰে জাৰি-জোকাৰি, নীলপানী ভালদৰে লৰাই কাপোৰ তিয়াব লাগে। কেইবাবাৰো তল-ওপৰ কৰি জুবুৰিয়াই নীলপানীৰ পৰা কাপোৰখন উঠাই অতিৰিক্ত পানী টুকিব লাগে, কাপোৰখন পকাই চেপিব নালাগে। পকাই চেপিলে ভাঁজে ভাঁজে ৰেখাৰ দৰে দাগ লাগে।

২২। উজ্জ্বলকাৰক দ্রব্য কি? কাপোৰত কিয় আৰু কেনেদৰে প্ৰয়োগ কৰা হয়।

উত্তৰঃ উজ্জ্বলকাৰক দ্রব্য হল পূৰ্ণকৰণ পদ্ধতি আৰম্ভ হয় বগা কাপোৰত উজ্জ্বলতা ঘূৰাই আনিবলৈ প্ৰয়োগ কৰা নীল। কাপোৰত নীল ৰঙীণ আৰু বগা কাপোৰ খমখমীয়া কৰিবলৈ ব্যৱহাৰ কৰা মাৰলৈকে, যাৰ দ্বাৰা কাপোৰৰ সজীৱতা আৰু নতুন ৰূপ ঘূৰাই আনিব পাৰি। সেয়েহে দুয়োটা প্রণালী প্রয়োগ কৰাৱ আৱশ্যক হয়। 

কাপোৰত নীল দিবলৈ প্ৰথমতে নীলৰ দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। এটা পাত্ৰত আৱশ্যকীয় পানী লৈ (কাপোৰখন ভালদৰে দ্ৰৱণত ডুব যোৱাকৈ) নীল পাতল কাপোৰ এখনত লৈ ঢিলাকৈ বান্ধি পানীত জুবুৰিয়াই আৰু লৰাই থকা হয়। নীলৰ আৱশ্যকীয় গাঢ়তা পোৱাৰ লগে লগে টোপোলাতো আঁতৰাই দিয়া হয়। বেছি গাঢ় হ’লে পৰিষ্কাৰ পানী মিহলোৱা হয়। কাপোৰত মাৰ দিবলগীয়া থাকিলে মাৰৰ লগতে নীল মিহলোৱা হয়। এতিয়া কাপোৰখন কোনো ভাজ নথকাকৈ ভালদৰে জাৰি-জোকাৰি, নীলপানী ভালদৰে লৰাই কাপোৰ তিয়াব লাগে। কেইবাবাৰো তল-ওপৰ কৰি জুবুৰিয়াই নীলপানীৰ পৰা কাপোৰখন উঠাই অতিৰিক্ত পানী টুকিব লাগে, কাপোৰখন পকাই চেপিব নালাগে। পকাই চেপিলে ভাঁজে ভাঁজে ৰেখাৰ দৰে দাগ লাগে।

২৩। পাটৰ কাপোৰ তুমি কেনেদৰে ধুবা?

উত্তৰঃ পাটৰ কাপোৰ ধুবলৈ প্ৰথমতে দ্ৰৱণ এটা তৈয়াৰ কৰি কিছু সময় তিয়াই থ’ব লাগে। কিন্তু পাঁচ মিনিটতকৈ অধিক সময় তিয়াব নালাগে। বেছি লেতেৰা অংশ গাঢ় চাবোনৰ দ্ৰৱণ দি হাতেৰে মৃদু চাপৰ সহায়ত খুব লাগে। পাটৰ কাপোৰ ঘৰ্ষণ বা চাপ প্রয়োগ কৰি ধোৱা নহয়। চাচন ওৱাচাৰ বা শোষক যন্ত্ৰৰ সহায়ত ধুলেও সুফল পোৱা যায়। ধোৱাৰ পাচত পৰিষ্কাৰ পানীত তল-ওপৰ কৰি আওডালিব লাগে। মৃদু ক্ষাৰৰ চাবোন ব্যৱহাৰ কৰিলে শেষৰবাৰ আওডালোতে নেমুৰ ৰস বা ভিনেগাৰ কেইটোপালমান দিয়া হয়। এনে কৰিলে ক্ষাৰৰ ক্ৰিয়া প্ৰসমন হয় আৰু কাপোৰৰ উজ্জ্বলতা বাঢ়ে। পাটৰ কাপোৰ কেতিয়াও চেপিব নালাগে। হাতেৰে চাপ দি অতিৰিক্ত পানী উলিয়াব লাগে। ৰৈ যোৱা অংশ টাৱেলৰ মাজত সোমোৱাই পানী টুকিব লাগে। নতুন পাটৰ কাপোৰত মাৰ দিয়াৰ আৱশ্যক নহয়। কিন্তু পুৰণি পাটৰ কাপোৰত মাৰ দিয়াৰ আৱশ্যক হ’লে গম বা জিলেটিন কুহুমীয়া পানীত গলাই দ্ৰৱণ তৈয়াৰ কৰি কাপোৰত দিয়া হয়। পাতৰ কাপোৰ ছাঁত মেলিব লাগে। ৰঙীণ কাপোৰ হ’লে লুটিয়াই মেলিব লাগে।

২৪। পাটৰ কাপোৰ শেষ ৰূপ দিবলৈ নির্দেশনা দিয়া।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ কাপোৰৰ সাজ- পোছাক আৰু সামগ্ৰীৰ ব্যৱহাৰৰ আৱশ্যক হয়। পাটৰ কাপোৰ ব্যৱহাৰ কৰাৰ ফলত এই সামগ্ৰীবোৰ লেতেৰা হয় আৰু পৰিষ্কাৰ কৰিবৰ বাবে ধোৱাৰ আৱশ্যক হয়। ধুই শুকোৱাৰ পাচত কাপোৰবোৰ সোতমোচ খায়, সৰু সৰু ভাঁজ পৰে, অসাৱধানে মেলি দিয়াৰ ফলত আকাৰো নষ্ট হয়। ধোৱা কাপোৰ বা সামগ্ৰীৰ এই সকলো আসোঁৱাহ দূৰ কৰি পৃষ্ঠভাগ সাইলাখ নতুনৰ দৰে সমান, মিহি আৰু মসৃণ কৰি তোলা হয়। ধোৱা কাপোৰত পুনৰ নতুনৰ ৰূপ দিবলৈ এইবোৰ প্ৰণালী প্রয়োগ কৰা হয় এইদৰে পাটৰ কাপোৰৰ শেষ ৰূপ দিব পাৰি।

২৫। ঊলৰ কাপোৰ ধোৱা প্ৰণালীৰ বিৱৰণ দিয়া।

উত্তৰঃ ঊলৰ আঁহত মাছৰ বাকলিসদৃশ গঠন থকা বাবে আৰু অধিক স্থিতিস্থাপক গুণসম্পন্ন হোৱা বাবে লেতেৰা হ’লেও লেতেৰা হোৱা যেন দেখা নাযায়। সেয়ে সঘনাই নুধুলেও হয়। ঊলৰ কাপোৰ ধুবলগা হ’লে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। ঘৰত ধুলে মৃদু ক্ষাৰজাতীয় চাবোনৰ লগত কুহুমীয়া পানীৰে এটা দ্ৰৱণ তৈয়াৰ কৰি কাপোৰ তিয়াব লাগে। ঊলৰ কাপোৰ ধোৱাৰ আগতে সংশ্লিষ্ট কাপোৰৰ আকৃতি অনুৰূপ নক্সা এখন কাগজত আঁকি থোৱা হয়। বেছি লেতেৰা কাপোৰ হ’লে দুটা বা তিনিটা চাবোনৰ দ্ৰৱণ তৈয়াৰ কৰি এটাৰ পাচত আনটোত ক্রমান্বয়ে তিয়াই পৰিষ্কাৰ কৰিব লাগে। কাপোৰ পৰিষ্কাৰকৈ ধুবলৈ সামান্য চাপ বা ঘর্ষণ প্রয়োগ কৰিব নালাগে। ধোৱাৰ শেষত আওডালিবলৈ পৰিষ্কাৰক দ্ৰৱণৰ দৰে একে উষ্ণতাৰ পানী ব্যৱহাৰ কৰিব পাৰিলে সুফল পোৱা যায়। 

২৬। বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ প্ৰকৃতি অনুযায়ী ধোৱা প্রণালী টেবুল আকাৰত প্ৰকাশ কৰি দেখুওৱা।

উত্তৰঃ 

কাপোৰ আৰু সামগ্রীপৰিষ্কাৰক দ্রব্যপানীৰ উষ্ণতাধোৱন প্রণালী
ডাঠ খহতা কাপোৰ যেনে- এপ্রণ,গাধোৱা ঘৰত ব্যৱহাৰ কৰা কাপোৰ বা স্ক্রীন ইত্যাদি।যিকোনো পৰিষ্কাৰক দ্ৰব্য আৰু বেছি লেতেৰা হ’লে ব’ৰাক্স মিহলাব লাগে।পানীৰ উষ্ণতা ৬৫⁰-৮০⁰ চেন্টিগ্রেড হ’ব লাগে।হাতেৰে অথবা বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি ধুব লাগে। কাপোৰ ধোৱা যন্ত্ৰত ধুব পৰা যায়।
বগা কাপোৰ, টেবুলত পাৰা কাপোৰ, বিছনাত পাৰা কাপোৰ, চেলোৱাৰ, শ্বার্ট, পেন্ট, পায়জামা ইত্যাদি।
যিকোনো অপমার্জক ব্যৱহাৰ কৰিব পাৰি।
৬৫° চেন্টিগ্রেডৰ পৰা ৮০⁰ চেন্টিগ্রেড পানীৰ উষ্ণতা।বুৰুজৰ সহায়ত ঘৰ্ষণ প্রয়োগ কৰি বিশেষকৈ শ্বাৰ্টৰ কলাৰ, কাফ, পাতলি ইত্যাদি। যন্ত্ৰৰ সহায়তো ধুব পৰা যায়।
ৰঙীণ কাপোৰ, অতি কোমল, লাহি কাপোৰ, অতি মূল্যবান কাপোৰ যেনে- অর্গেন্ডি, মলমল ইত্যাদি।কম ক্ষাৰজাতীয় যিকোনো পৰিষ্কাৰক দ্রব্য নহ’লে অপমার্জক।ৰঙীণত ঠাণ্ডা পানী আৰু ৰং নোযোৱা কাপোৰ হ’লে কুহুমীয়া পানী।মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা হয় অথবা ঠুকুচা আৰু চেপা আৰু শোষণ পদ্ধতিৰে ধোৱা হয়।
ডাঙৰ গধুৰ কাপোৰ, পর্দা,বিছনা, ঢকা আঁঠুৱা ইত্যাদি।গাঢ় ক্ষাৰজাতীয় চাবোন, যিকোনো শক্তিশালী পৰিষ্কাৰক দ্রব্য, অপমার্জক।কুহুমীয়া পানী।শোষণ পদ্ধতি নহ’লে কাপোৰ ধোৱা যন্ত্ৰৰ সহায়ত খুব লাগে।
অতি চমু উত্তৰৰ প্ৰশ্নাৱলী

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) কাপোৰ ইস্ত্ৰি কৰোতে এখন সেমেকা কাপোৰ ইস্ত্ৰি আৰু কাপোৰ মাজত ৰখা হয়।

(i) দাগ আঁতৰাবলৈ।

(ii) ভাঁজ আঁতৰাবলৈ।

(iii) ইস্ত্রি কৰোতে সুবিধা হ’বলৈ।

(iv) ইস্ত্রি কৰিব লোৱা পোছাকটো নষ্ট নহ’বলৈ।

উত্তৰঃ (ii) ভাঁজ আঁতৰাবলৈ।

(খ) উল্লিখিত প্রশ্নসমূহৰ শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা।

(i) শ্লিভ ব’ৰ্ড আৰু আইৰনিং ব’ৰ্ডৰ কাৰ্য একেটা।

উত্তৰঃ শুদ্ধ।

(ii) ইস্ত্রিত থকা উত্তাপ নিয়ন্ত্রকে উত্তাপ নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ অশুদ্ধ।

(iii) ইস্ত্রিত ক্রমিয়াম প্লেট লগালে মামৰ নালাগে।

উত্তৰঃ শুদ্ধ।

(iv) ধুই পূৰ্ণকৰণ কৰা পৰিষ্কাৰ পোছাক আৰু লেতেৰা পোছাক একেটা প্রকোষ্ঠত সংৰক্ষণ কৰিব পাৰি। কাৰণ এনে কৰিলে স্থান ৰাহি কৰাত সহায় কৰে।

উত্তৰঃ অশুদ্ধ।

(v) ধোৱনত ব্যৱহাৰ কৰা সকলো সামগ্রী একে স্থানত বা আলমাৰীত ৰাখিব পাৰি।

উত্তৰঃ অশুদ্ধ।

(vi) কাপোৰত দিয়া ভাঁজে কাপোৰখন সুন্দৰকৈ ৰখাত সহায় কৰে।

উত্তৰঃ অশুদ্ধ।

(vii) কাপোৰ ইস্ত্রি কৰোতে এখন সেমেকা কাপোৰ ইস্ত্রি আৰু ইস্ত্ৰি কৰিবলগীয়া কাপোৰৰ মাজত ৰাখি ভাঁজ আঁতৰোৱা হয়।

উত্তৰঃ শুদ্ধ।

(viii) কাপোৰৰ সিয়নী, ফটা-ফুটা আদি মেৰামতি কৰা ধোৱনৰ অন্তৰ্গত।

উত্তৰঃ অশুদ্ধ।

(ix) কাপোৰৰ বুটাম আদি টানকৈ লগোৱাও ধোৱনৰ অন্তর্গত।

উত্তৰঃ অশুদ্ধ।

(x) ধোৱন মানে কেৱল ডাঙৰ কাপোৰ ধোৱা।

উত্তৰঃ অশুদ্ধ।

২। কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা সঁজুলিসমূহৰ তালিকা এখন তৈয়াৰ কৰা।

উত্তৰঃ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা সঁজুলিসমূহ হল — চৰিয়া, টাব, বাল্টি, মগ, চাবোন ৰখা পাত্র, মার্জক পাত চিঙ্ক, বেচিন, চাকচন ৱাচাৰ, বিভিন্ন প্ৰকাৰৰ বুৰুজ ৱাছিং মেচিন ইত্যাদি।

৩। উল্লিখিত সঁজুলিসমূহ ব্যৱহাৰ কৰোতে কেনেধৰণৰ সাৱদানতা অৱলম্বন কৰিবা-

(i) বাল্টি।

উত্তৰঃ বাল্টিত কাপোৰ ধুবলৈ যাওঁতে হাত কাটিব পাৰে বাল্টি হাতৰ পৰা পিছলি দুখ পাব পাৰো।

(ii) ঘঁহা বুৰুজ।

উত্তৰঃ কাপোৰ ধোৱাৰ সময়ত ঘঁহা বুৰুজৰ পৰা আমি হাতত দুখ পাব পাৰো।

(iii) ছিঙ্ক।

উত্তৰঃ কঠিন আৰু ফিট থকা কাপোৰ পৰিধান কৰক যাতে সঁজুলিৰ পৰা কিবা অংশ চোপাত পৰা বা গাৰ্ডিত বন্দী নহয়।

(iv) কাপোৰ ধোৱা যন্ত্র।

উত্তৰঃ কাপোৰ ধোৱা যন্ত্র সাধাৰণতে ইলেকট্ৰনিকৰ হয় যেতিয়া কাপোৰ ধোৱা হয় তেতিয়া আমি তিতা হাতত চুইছ দিব নালাগে আৰু ভালদৰে চাই ব্যৱহাৰ কৰিব লাগে।

(v) ইস্ত্রি।

উত্তৰঃ ইয়াৰ পৰা যাতে আমাৰ হাতত চেকা নালাগে।

(vi) চাবোন।

উত্তৰঃ কাপোৰ ধুবলৈ চাবোন যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়া আমি চাবোনৰ এক্সপাইৰি চাব লাগে।

(vii) পানী।

উত্তৰঃ পানী কম পৰিমানে ব্যৱহাৰ কৰিব লাগে পানী বেছি ব্যৱহাৰ কৰিলে পানীৰ অভাৱ হব পাৰে।

(viii) বিৰঞ্জক দ্রব্য।

উত্তৰঃ বিৰঞ্জক দ্রব্য ৰংবিহীন কৰিবৰ বাবে বেছি ৰং দিলেও কাপোৰ বেয়া হব পাৰে।

(ix) নীল।

উত্তৰঃ নীল বেছি হলে কাপোৰ দেখোঁতে বেয়া হয়।

(x) মাৰ।

উত্তৰঃ মাৰ বেছি গৰম হলে হাত জলাৰ সম্ভাৱনা থাকে।

(xi) বাহিৰত কাপোৰ শুকোৱা সঁজুলি।

উত্তৰঃ বাহিৰত কাপোৰ শুকোৱা সঁজুলিৰ পৰা কাপোৰ আনিবলৈ যাওঁতে সঁজুলিটোত হাত বা ভৰি লাগি কাটিব পাৰে বা তাত ভৰি লাগি পৰি দুখ পাব পাৰো।

8। ঘৰৰ ভিতৰত কাপোৰ শুকোৱা সঁজুলি আৰু বাহিৰত কাপোৰ শুকোৱা সঁজুলিৰ পার্থক্য কি?

উত্তৰঃ বাহিৰত কাপোৰ শুকোৱা সঁজুলিৰ: আমাৰ দেশত বছৰটোৰ প্ৰায়ভাগ সময়তে কাপোৰ বাহিৰতে ৰ’দ- বতাহ লগাকৈ মুকলিকৈ শুকুৱাব পাৰি। সাধাৰণতে ঘাঁহনি, জোপোহা অথবা খুঁটি পুতি, ৰছী টানি কাপোৰ মেলা হয়। ইয়াত আৰু কেৱল কাপোৰত মৰা ক্লিপৰ আৱশ্যক হয়। কিন্তু কিছুমান কাপোৰ ৰ’দত শুকুৱালে কাপোৰৰ ক্ষতি হয় আৰু বৰষুণৰ বতৰত বাহিৰত কাপোৰ শুকুৱাব নোৱাৰি।

ঘৰৰ ভিতৰত কাপোৰ শুকোৱা সঁজুলি: বৰ্তমান টাউন-চহৰত মুকলিকৈ কাপোৰ শুকোৱাৰ ব্যৱস্থা কৰিব নোৱাৰি। তেনে ক্ষেত্রত কম ঠাইত অধিক কাপোৰ শুকোৱাৰ আৱশ্যক, সেয়েহে অধিক সঁজুলিৰ আৱশ্যক হয়। তাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ড্ৰায়িং ৰেক, ড্রায়িং কেবিনেট, ফ’ল্ডিং ৰেক, বিভিন্ন প্ৰকাৰৰ ৰছী, কাপোৰত মৰা ক্লিপ, হেঙাৰ আদি ব্যৱহাৰ কৰা হয়। ডাঙৰ হোটেল, ছাত্রাবাস আদিত ড্রায়িং কেবিনেট ব্যৱহাৰ কৰা হয়। গেছ অথবা বিদ্যুতৰ সহায়ত ইয়াক চালিত কৰা হয়। ব্যৱসায়িক কাপোৰ ধোৱা স্থানত ইয়াৰ ব্যৱহাৰ লাভজনক।

৫। কাপোৰ ধোৱাৰ প্ৰয়োজনীয়তাসমূহ কি?

উত্তৰঃ আমি আমাৰ দৈনন্দিন জীৱনত পৰিৱেশ আৰু কামৰ উপযোগীকৈ বিভিন্ন প্ৰকাৰৰ সাজ-পোছাক আৰু বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো। ব্যৱহাৰৰ ফলত এই সামগ্রীসমূহ বিভিন্ন প্ৰকাৰে ধূলি, বালি, মলি, বীজাণু, শৰীৰৰ ঘাম, শৰীৰৰ পৰা ওলোৱা তৈল জাতীয় পদার্থ আদিৰ সংস্পৰ্শত আহে আৰু আমাৰ শৰীৰ সক্ৰিয় হৈ থকাৰ বাবে বিভিন্ন ধৰণে ঘৰ্ষণৰ সৃষ্টি হৈ ধূলি, বালি আদি মলিলৈ পৰিৱৰ্তিত হৈ কাপোৰখন লেতেৰা হৈ ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। সেয়েহে এনে মলিয়ন সাজ-পোছাক ইত্যাদি ধুই পৰিষ্কাৰ কৰি, পূৰ্ণকৰণ পদ্ধতিৰ সহায়ত প্রায় নতুন অৱস্থালৈ ঘূৰাই অনা হয়। এনে পৰিষ্কাৰ সাজ-পোছাক দেখনিয়াৰ আৰু স্বাস্থ্য-সন্মত হৈ পৰে, লগতে ব্যক্তিত্ব সুলভ গুণৰাশিও বঢ়াব পাৰে। এইদৰে লেতেৰা হোৱা পোছাক বা আন সামগ্রী বিভিন্ন প্ৰণালীৰ সহায়ত, বিভিন্ন স্তৰৰ সহায়ত ধুই পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি লোৱা হয়।এনেধৰণে যতন লোৱা কাপোৰ বা পোছাক দীর্ঘদিনৰ বাবে ব্যৱহাৰৰ উপযোগী হৈ থাকে।

৬। কাপোৰ ধোৱনৰ দুটা প্রণালী উল্লেখ কৰা আৰু কেনেধৰণৰ কাপোৰ ধুবলৈ সুবিধা ব্যাখ্যা কৰা।

উত্তৰঃ কাপোৰ ধোৱনৰ দুটা প্রণালী হৈছে:

১। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

২। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

তলত দিয়া ধৰণৰ কাপোৰ ধুবলৈ সুবিধা:

১। কপাহৰ কাপোৰ: 

(i) ফৰ্মালিন বা ক্লোৰিন বেসড বীজাণুনাশক ব্যৱহাৰ কৰা যাই।

(ii) গৰম পানী সহ্য কৰে, কিন্তু ঠাণ্ডা পানীত ধুলা উত্তম।

(iii) ঘন ঘন ধোৱাতো সমস্যা নহয়, আয়ু লম্বা হয়।

২। শিল্কৰ কাপোৰ:

(i) হাত ধোৱা উত্তম, নাজোক পোহৰ নাখাওক।

(ii) নম্র ডিটাৰজেন্ট ব্যৱহাৰ কৰা উত্তম।

(iii) ঠাণ্ডা পানীত ধুব লাগে, গৰম পানীত ধুলে তন্তু ক্ষতিগ্ৰস্ত হয়।

৩। ঊলৰ কাপোৰ:

(i) ঠাণ্ডা পানীত হাত ধোৱাই বেছি ভাল।

(ii) বিশেষ ঊল ডিটাৰজেন্ট ব্যৱহাৰ কৰিব।

(iii) খৰাপ পৰিস্কাৰ নকৰিব।

৪। পলিয়েস্টাৰ আৰু সিন্থেটিক কাপোৰ:

(i) মেশিন ধোৱাত সহজ।

(ii) সাধাৰণ ডিটাৰজেন্ট ব্যৱহাৰ কৰিব পাৰি।

(iii) বৃহৎ তাপ সহ্য কৰে, কিন্তু মৃদু তাপ ব্যৱহাৰ কৰাই উত্তম।

৪। ডেনিম:

(i) পৰ্যাপ্ত মাত্ৰাত ডিটাৰজেন্ট আৰু ঠাণ্ডা পানীত ধুব লাগে।

(ii) অলপ পৰিস্কাৰ কৰাটো বেছি ভাল, যাতে ৰং দীর্ঘস্থায়ী হয়।

(iii) বতাহত শুকোৱাৰ উপায় অধিক উত্তম।

৫। লিনেন:

(i) ঠাণ্ডা বা ঠাণ্ডা পানীত ধোওক।

(ii) মেশিন ধোৱাত কষ্ট হোৱা নাই।

(iii) নম্র ডিটাৰজেন্ট ব্যৱহাৰ কৰক।

৭। যিকোনো কাপোৰ ধোৱাৰ তিনিটা স্তৰ বৰ্ণনা কৰা।

উত্তৰঃ কাপোৰ ধোৱাৰ তিনিটা স্তৰ হল —

১। ঘর্ষণ পদ্ধতি।

২। থুকুচা আৰু চেপা।

৩। শোষণ পদ্ধতি।

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো খুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ ধোলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৮। কপাহী পোছাক কেনেদৰে ধুবা? কপাহৰ কাপোৰ ধুওতে ল’ব লগা সাৱধানতাসমূহ উল্লেখ কৰা আৰু কিয় ল’বলগা হয় যুক্তি দিয়া।

উত্তৰঃ কপাহী কাপোৰ অতি পাতল, কোমল জাতীয় হয় ইয়াক বেছি ঘঁহিলে ইয়াৰ আকাৰ নষ্ট হয়, এই প্ৰণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোন পানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয় এইদৰে কপাহী কাপোৰ ধোৱা হয়।

কপাহৰ কাপোৰ ধুওতে ল’বলগা সাৱধানতাসমূহ উল্লেখ কৰা হল –

১। বগা আৰু ৰঙীন কাপোৰ আলাদা কৰি ধুব লাগে যাতে ৰং মিশ্ৰণ নঘটে।

২। কপাহৰ কাপোৰ ঠাণ্ডা পানীত ধুলিলে সেগুলি কম সংকুচিত হয় আৰু ৰং ফিকা হোৱাৰ সম্ভাৱনা কম থাকে।

৩। মৃদু ডিটাৰজেন্ট ব্যৱহাৰ কৰা উচিত যাতে কাপোৰৰ তন্তু ক্ষতিগ্ৰস্ত নহয়।

৪। যিকোনো দাগ থকা কাপোৰ আগতীয়াকৈ ঠাণ্ডা পানীত চোবাই থোৱা আৰু সঠিক দাগ তুলা এজেণ্ট ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰা উচিত।

৫। অধিক পৰিমাণে ডিটাৰজেন্ট ব্যৱহাৰ নকৰিব যাতে কাপোৰ ধোৱাৰ সময়ত বেছি ফেনা নহয় আৰু সঠিকভাৱে পৰিষ্কাৰ হয়।

৬। অত্যধিক ঘূৰাই ধুলিলে কপাহৰ কাপোৰৰ আকৃতি বিকৃতি ঘটিব পাৰে।

৭। কাপোৰ ধোৱাৰ যন্ত্ৰত কাপোৰৰ ওজনৰ অনুপাতে ঠিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা উচিত।

কপাহী কাপোৰ প্ৰাকৃতিক উদ্ভিদৰ আঁহৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াক সুক্ষ্ম বেবী অনেচিৰ পৰা আৰম্ভ কৰি ডেনিম ব্লু জিন্সলৈকে সকলো ধৰণৰ কাপোৰতে বহুলভাৱে ব্যৱহাৰ কৰা হয়। কপাহী কাপোৰ আৰামদায়ক, উশাহ ল’ব পৰা আৰু টেকসই। কিন্তু ১০০ শতাংশ কপাহক নিজৰ শ্ৰেষ্ঠ দেখাত থাকিবলৈ অধিক যত্নৰ প্ৰয়োজন। সঘনাই অধিক উষ্ণতাত ধুই শুকুৱাই ল’লে কিছু সংকোচন আৰু বলিৰেখা হ’ব পাৰে। 

৯। তলত উল্লিখিত সমূহৰ ধোৱাৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

(i) ছিল্ক আৰু ঊল।

উত্তৰঃ ছিল্ক –১। ছিল্ক ৰেশম পোকেৰ (silkworm) কেঁচা ৰেশম পৰা প্ৰস্তুত।

২। পৰম্পৰাগত প্ৰস্তুতিৰ সময়ত ৰেশম পোক মাৰা হয়।

৩। ৰেশম পোকেৰ কেঁচা ৰেশম চিলাই কৰাতকৈ পূৰ্বে সিদ্ধ কৰা হয়।

৪। প্ৰোটিন আঁহ (fibroin), চকচকে আৰু মসৃণ।

ছিল্কৰ কাপোৰত প্ৰাকৃতিক আঠাজাতীয় উপাদান থকা বাবে খমখমীয়া আৰু সতেজ হয়। কিন্তু কাপোৰ যিমানে ধোৱা হয় সিমানে আঠাজাতীয় উপাদান কাপোৰৰ পৰা আঁতৰি যায়। কাপোৰৰো ওজন কমি যায় আৰু লেতুসেতু হৈ পৰে। সেয়েহে পুৰণা হ’লে ছিল্ক কাপোৰতো ‘মাৰ’ দিয়াৰ আৱশ্যক হয়। 

ঊল – ১। ঊল ভেড়া, ছাগলী, উট আদি পশুৰ লোমৰ পৰা প্ৰস্তুত।

২। পুনৰ নৱীকৰণযোগ্য সম্পদ, কিন্তু পশুপালনৰ পৰিৱেশগত প্ৰভাৱ আছে।

৩। পশুৰ লোম কটা, ধোৱা আৰু স্পিন কৰা হয়।

৪। প্ৰোটিন আঁহ (keratin), কোমল আৰু ক্ৰিংখা (crimped)।

ঊলৰ আঁহত মাছৰ বাকলিসদৃশ গঠন থকা বাবে আৰু অধিক স্থিতিস্থাপক গুণসম্পন্ন হোৱা বাবে লেতেৰা হ’লেও লেতেৰা হোৱা যেন দেখা নাযায়। সেয়ে সঘনাই নুধুলেও হয়। ঊলৰ কাপোৰ ধুবলগা হ’লে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। ঘৰত ধুলে মৃদু ক্ষাৰজাতীয় চাবোনৰ লগত কুহুমীয়া পানীৰে এটা দ্ৰৱণ তৈয়াৰ কৰি কাপোৰ তিয়াব লাগে। 

(ii) বগা আৰু ৰঙীণ কাপোৰ।

উত্তৰঃ বগা: বগা কাপোৰ সাধাৰণতে পৰিষ্কাৰতা, নিৰপেক্ষতা, আৰু শুদ্ধতাৰ প্ৰতীক হিচাপে গণ্য হয়। ই কোনো ধৰণৰ দাগ বা ক্ৰুটি নথকা অৱস্থা বৰ্ণনা কৰে। বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে এজন ব্যক্তি শুদ্ধতা আৰু নিৰ্মলতাৰ অনুভূতি প্ৰকাশ কৰে। উদাহৰণস্বৰূপ, বিবাহ অনুষ্ঠানত বগা কাপোৰৰ প্ৰচলন আছে, যিয়ে নব-বৰৰ শুদ্ধতা আৰু নতুন জীৱনৰ আৰম্ভণিক প্ৰতীক ৰূপে ধৰা হয়।

ৰঙীণ: ৰঙীণ কাপোৰ বিভিন্ন ৰংৰ সমাহাৰৰ দ্বাৰা সাজি উঠা, যিয়ে উজ্জ্বলতা, আনন্দ, আৰু বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। প্ৰতিটো ৰং নিজা নিজা অৰ্থ আৰু অনুভূতিৰ সৈতে জড়িত। উদাহৰণস্বৰূপ, ৰঙা ৰঙৰ কাপোৰে প্ৰেম আৰু শক্তিক ব্যক্ত কৰে, নীলা ৰঙৰ কাপোৰে শান্তি আৰু স্থিৰতাৰ প্ৰতীক ৰূপে ধৰা হয়, আৰু পীৰা ৰঙৰ কাপোৰে পবিত্ৰতা আৰু ভক্তিৰ অনুভূতি সৃষ্টি কৰে।

১০। অধিক লেতেৰা কপাহী কাপোৰ কিয় তিয়াই থ’ব লাগে?

উত্তৰঃ অধিক লেতেৰা কপাহী কাপোৰ তিয়াই থ’লে ধূলি-বালি আৰু ময়লাটো সহজে আলগা হয়। পানীত তিয়াই থ’লে ময়লা বেছি অংশ ঢিলা হয় আৰু পিছত ধোৱা সহজ হয়। এই পদ্ধতিত কাপোৰৰ আঁচল কম ক্ষতি হয় আৰু অধিক পৰিষ্কাৰ হয়।

১১। মানৱসৃষ্ট অথবা কৃত্ৰিম আঁহৰ কাপোৰৰ কেনেদৰে যতন লোৱা হয়।

উত্তৰঃ মানৱ সৃষ্ট অথবা কৃত্রিম আঁহৰ কাপোৰ ধোৱা প্ৰণালী –

আঁহতিওৱাধোৱনআওডালাশুকোৱা
নাইলনডেক্সন/টেৰিলিনএক্রিলিকৰেয়নএচিটেটইত্যাদি।কৃত্ৰিম আঁহৰ কাপোৰ ধুবলৈ দ্ৰৱণ তৈয়াৰ কৰি ধুবলগীয়া কাপোৰ তিয়াই লগে লগে ধুব লাগে। কিছুমান কাপোৰ যেনে- নাইলনজাতীয় কাপোৰত তিয়াই থ’লে কোনো প্রভাৱ নপৰে।(i) ধুবলৈ শীতল বা কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে – গৰমপানী কেতিয়াও ব্যৱহাৰ ৰ কৰিব নালাগে। উচ্চ উষ্ণতাত এনে কাপোৰ নষ্ট হয়। গৰমপানী ব্যৱহাৰ কৰিলে পোছাকৰ আকাৰো নষ্ট হয়।
(ii) যিকোনো ভাল গুণৰ পৰিষ্কাৰক দ্ৰব্য ব্যৱহাৰ কৰিব পাৰে।
(iii) ধুওতে মৃদু চাপ আৰু ঘৰ্ষণ প্রয়োগ কৰি ধুব পাৰি।

পৰিষ্কাৰ শীতল পানীত সম্পূর্ণ ফেন আঁতৰি যোৱালৈ আওডালিব লাগে।
কাপোৰ আওডালা হ’লে চেপিব নালাগে তেনেকৈয়ে মেলি দিব লাগে।
এনে আঁহৰ পোছাক শুকাবলৈ ৰি হেঙাৰ ব্যৱহাৰ কৰিলে সুফল নব পোৱা যায়। পোছাকৰ আকাৰত কোনো প্রভাৱ নপৰে। পোছাক লুটিয়াই ছাঁত শুকাব পাৰিলে ৰং চয়ে ভালে থাকে। পোনপটীয়াকৈ ৰ’দত শুকাব নিদিয়াই ভাল। শুকালে ভালদৰে জাপি থ’ব লাগে। আৱশ্যক হ’লে সামান্য উষ্ণতাৰ ইস্ত্ৰিৰে ইস্ত্ৰি কৰিব লাগে। গৰম ইস্ত্ৰিৰে ইস্ত্ৰি কৰিলে কাপোৰ নষ্ট হয়, গলি যায়।

১২। কাপোৰ ধোৱাৰ মূল নীতিৰ বিষয়ে তোমাৰ মতামত দিয়া।

উত্তৰঃ ধোৱনৰ মূল নীতি (Principles of washing): পোছাকৰ মলি বা লেতেৰা জমা হোৱাৰ মূলতে হৈছে মুক্ত ধূলি আৰু শৰীৰৰ পৰা ওলোৱা ঘাম আৰু আন চর্বিজাতীয় লেতেৰাৰ সংমিশ্রণ।

মলি = ধূলি + শৰীৰৰ পৰা ওলোৱা চৰ্বি + ঘর্ষণ

কাপোৰত জমা হোৱা এই মলি সাধাৰণভাৱে ধুই আঁতৰাৱ নোৱাৰি। ইয়াক দুভাগত ভগোৱা হৈছে-

(১) মুক্ত ধূলি-বালি যিবোৰ কাপোৰৰ উপৰিভাগত জমা হৈ থাকে। এইপ্ৰকাৰৰ মলি ৰ’দ লগাই জাৰি-জোকাৰি, বুৰুজ মাৰি অথবা সাধাৰণ পানীত তিয়াই পৰিষ্কাৰ কৰিব পাৰি।

(২) স্থায়ী মলি যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে। এনে মলি পৰিষ্কৰণ কৰিব পাৰি মলি শোষণ প্ৰণালীৰ দ্বাৰা, ঘৰ্ষণ প্ৰণালীৰ দ্বাৰা আৰু ধোৱন প্রণালী অথবা শুষ্ক ধোৱন প্ৰণালীৰ দ্বাৰা। এনে প্ৰণালীৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিছুমান সা-সঁজুলি, পৰিষষ্কাৰক দ্ৰব্য আৰু দ্ৰাৱকৰ আৱশ্যক হয়। বিশেষকৈ চাবোন, অপমাৰ্জক আৰু পানী।

১৩। কাপোৰ ধোৱনত অনুসৰণ কৰিবলগীয়া স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ কাপোৰ ধোৱনত অনুসৰণ কৰিবলগীয়া স্তৰসমূহ তলত বৰ্ণনা কৰা হল –

১৪। কাপোৰ ধোৱনত প্রাথমিক প্ৰস্তুতিৰ গুৰুত্বৰ বিষয়ে তোমাৰ মতামত দিয়া।

উত্তৰঃ আমি সাজ-পোছাক পিন্ধিলেই লেতেৰা বা মলিন হয়। এনে মলিন পোছাক জমাই থোৱা বিজ্ঞানসন্মত নহয়, সেয়েহে ব্যৱহাৰৰ পিচতে কাপোৰ ধোৱাৰ আৱশ্যক হয়। বিভিন্ন প্ৰকৃতিৰ আঁহৰ কাপোৰৰ ধোৱন প্ৰণালী বেলেগ হয়, ধুবলৈ ব্যৱহাৰ কৰা সামগ্রীও ভিন্ন, সেইদৰে ধোৱাৰ পিচত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ প্ৰয়োগ কৰা পূৰ্ণকৰণ পদ্ধতিও বেলেগ হয়। কাপোৰ ধোৱন প্ৰণালী এক জটিল ব্যৱস্থা। কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্ৰাস নহয় তেনে কাপোৰত ঘৰ্ষণ প্ৰয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্ৰকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ ধুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

১৫। ধোৱনৰ পূৰ্ণকৰণ পদ্ধতিৰ আৱশ্যকতা বর্ণনা কৰা।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ কাপোৰৰ সাজ- পোছাক আৰু সামগ্ৰীৰ ব্যৱহাৰৰ আৱশ্যক হয়। ব্যৱহাৰ কৰাৰ ফলত এই সামগ্ৰীবোৰ লেতেৰা হয় আৰু পৰিষ্কাৰ কৰিবৰ বাবে ধোৱাৰ আৱশ্যক হয়। ধুই শুকোৱাৰ পাচত কাপোৰবোৰ সোতমোচ খায়, সৰু সৰু ভাঁজ পৰে, অসাৱধানে মেলি দিয়াৰ ফলত আকাৰো নষ্ট হয়। তদুপৰি বগা কাপোৰৰ বৰণ উজ্জ্বল কৰিবলৈ নীল আৰু উজ্জ্বল কাৰক দ্রব্য, কপাহী আৰু ছিল্কৰ কাপোৰ খমখমীয়া কৰিবলৈ মাৰ, তদুপৰি চাবোনেৰে ধোৱা ছিল্কৰ বা ঊলৰ কাপোৰৰ ক্ষাৰৰ প্ৰভাৱ প্রশমন কৰিবলৈ ভিনেগাৰ অথবা নেমুৰস ব্যৱহাৰ কৰা হয়। ধোৱা কাপোৰ বা সামগ্ৰীৰ এই সকলো আসোঁৱাহ দূৰ কৰি পৃষ্ঠভাগ সাইলাখ নতুনৰ দৰে সমান, মিহি আৰু মসৃণ কৰি তোলা হয়। ধোৱা কাপোৰত পুনৰ নতুনৰ ৰূপ দিবলৈ যিবোৰ প্ৰণালী প্রয়োগ কৰা হয় এই সকলো প্ৰণালী ধোৱনৰ পূৰ্ণকৰণ পদ্ধতিৰ আৱশ্যকতা হয়।

১৬। কাপোৰ শুকোৱাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ আওডালাৰ পিছত কাপোৰত ৰৈ যোৱা পানী হাতেৰে মৃদু চাপ দি উলিয়াই দিয়া হয়। পাটৰ আৰু ঊলৰ কাপোৰ টাৱেলৰ মাজত সোমোৱাই পানী টোকা হয় আৰু জাৰি-জোকাৰি সিয়নীৰ দিশত শুকাৱ দিয়া হয়। ৰঙীণ কাপোৰ, উল আৰু পাটৰ কাপোৰ ছাঁত শুকোৱা হয়। এনে কাপোৰ পোনপটীয়াকৈ ৰ’দত শুকাৱ দিব নালাগে। বগা কাপোৰ ৰ’দ আৰু ঘাঁহনি বা জোপোহাৰ ওপৰত শুকাৱ দিলে বিৰঞ্জীকৰণৰ সহায়ত অধিক বগা হোৱা দেখা যায়। বৰষুণ দিলে কাপোৰ ভিতৰত শুকোৱা উচিত, বাহিৰত বৰষুণত মেলি থব নালাগে।

১৭। কাপোৰ আওডালাৰ আৱশ্যকতা কি?

উত্তৰঃ পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্ৰব্য উটুৱাই দিয়া হয় ইয়াৰ বাবে আওডালা আৱশ্যক হয়। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

১৮। একেটা পোছাক সঘনাই কিয় পিন্ধিব নালাগে?

উত্তৰঃ আমি একেটা পোছাক বহুত দিন পিন্ধিলে আমাৰ স্থায়ী মলি যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে ফলত আমাৰ কাপোৰ বহুত লেতেৰা হয় ইয়াৰ বাবে একেটা পোছাক সঘনাই পিন্ধিব নালাগে।

অতি চমু উত্তৰৰ প্ৰশ্নমালা

১। উল্লিখিত শব্দৰ সহায়ত খালী ঠাই পূৰ্ণ কৰা।

(i) পৰিষ্কাৰকৈ ধোৱা পোছাক ____________লাগে। (ইস্ত্রি কৰিব লাগে, ৰং দিব লাগে, সংৰক্ষণ কৰিব লাগে, মাৰ দিব লাগে)

উত্তৰঃ পৰিষ্কাৰকৈ ধোৱা পোছাক ইস্ত্রি কৰিব লাগে লাগে।

(ii) কেতিয়াও ___________সংৰক্ষণ কৰিব নালাগে। (ৰঙীন কাপোৰ, সেমেকা কাপোৰ, বগা কাপোৰ, শুষ্ক ধোৱন কাপোৰ)

উত্তৰঃ কেতিয়াও শুষ্ক ধোৱন কাপোৰ সংৰক্ষণ কৰিব নালাগে।

(iii) কাপোৰ একেলগে সোপা মাৰি সংৰক্ষণ কৰিলে ______________ কুটাৰ সম্ভাৱনা থাকে। (ছিলভাৰ ফিচ, নিগনি, পলু, পঁইতাচোৰা)

উত্তৰঃ কাপোৰ একেলগে সোপা মাৰি সংৰক্ষণ কৰিলে নিগনি কুটাৰ সম্ভাৱনা থাকে।

(iv) সযতনে সংৰক্ষণ কৰা কাপোৰ _______ব্যৱহাৰৰ উপযোগীকৈ প্রস্তুত থাকে। (তৎক্ষণাত, বৰমেহি থাকে, দাগ লাগি থাকে, ফটা-ফুটা থাকে)

উত্তৰঃ সযতনে সংৰক্ষণ কৰা কাপোৰ তৎক্ষণাত ব্যৱহাৰৰ উপযোগীকৈ প্রস্তুত থাকে।

(v) গ্ৰীষ্মকালৰ ব্যৱহাৰৰ পোছাকত শীতকালত সংৰক্ষণ কৰোতে কেতিয়াও __________  দি সংৰক্ষণ কৰিব নালাগে। (মাৰ দি, নিমপাত দি, টাৰমেক্স দি, নেফথেলিন দি)

উত্তৰঃ গ্ৰীষ্মকালৰ ব্যৱহাৰৰ পোছাকত শীতকালত সংৰক্ষণ কৰোতে কেতিয়াও নিমপাত দি সংৰক্ষণ কৰিব নালাগে।

২। শুদ্ধ উত্তৰত (✔) শুদ্ধ চিহ্ন দিয়া

(ক) লেতেৰা কাপোৰ যুগুতোৱা আৰু ধোৱা সঁজুলি হৈছে-

(i) ৰাবাৰ ৰিংগাৰ কোপোৰ চেপা যন্ত্র।

(ii) মগ।

(iii) বাল্টি।

(iv) কাপোৰ ধোৱা যন্ত্র।

উত্তৰঃ (iii) বাল্টি।

(খ) কাপোৰ ধোবলৈ উৎকৃষ্ট সঁজুলি-

(i) প্রলেপ দিয়া লোহাৰ বাল্টি।

(ii) ছিঙ্ক।

(iii) প্লাষ্টিকৰ বাল্টি।

(iv) এনামেল বাল্টি।

উত্তৰঃ (ii) ছিঙ্ক।

(গ) এটা শোষক যন্ত্ৰৰ কাৰ্যৰ সৈতে একে কাৰ্যৰ যন্ত্ৰ-

(i) ঘহা বুৰুজ।

(ii) নিজে চালিত কাপোৰ ধোৱা যন্ত্র।

(iii) ৰাবাৰ ৰিংগাৰ।

(iv) দুটা টাব যুক্ত কাপোৰ ধোৱা যন্ত্র।

উত্তৰঃ (ii) নিজে চালিত কাপোৰ ধোৱা যন্ত্ৰ।

(ঘ) এটা ৰাবাৰ ৰিংগাৰ-

(i) কাপোৰৰ দাগ গুচোৱাত সহায় কৰে।

(ii) অতিৰিক্ত পানী চেপি উলিয়াই।

(iii) অতিৰিক্ত চাবোন উলিয়াই দিয়ে।

(iv) অতিৰিক্ত মাৰ চেপি উলিয়াই।

উত্তৰঃ (i) কাপোৰৰ দাগ গুচোৱাত সহায় কৰে।

(ঙ) উতলোৱা পদ্ধতিৰে ধোৱা হয়-

(i) ডাঠ গধূৰ কপাহী কাপোৰ।

(ii) অতি নাজুক কাপোৰ।

(iii) অতি লেতেৰা কাপোৰ।

(iv) ৰোগী আৰু শিশুৰ কাপোৰ।

উত্তৰঃ (iii) অতি লেতেৰা কাপোৰ।

(চ) কাপোৰ ধোওঁতে চিঙ্কৰ উচ্চতাৰ আৱশ্যকতা হৈছে-

(i) আকাৰ।

(ii) আৰাম।

(iii) পানীৰ নলৰ উচ্চতা।

(iv) কাপোৰ ধোৱা ব্যক্তিৰ উচ্চতা।

উত্তৰঃ (iii) পানীৰ নলৰ উচ্চতা।

(ছ) লেতেৰা কাপোৰ ধোওঁতে চাৰিটা চাবোন পানীৰ টাব লৈ ধোব লাগে-

(i) চলৰ কাপোৰ।

(ii) নাইলন।

(iii) কপাহ।

(iv) ছিল্ক।

উত্তৰঃ (i) ঊলৰ কাপোৰ।

(জ) লন্ড্রী বেগ তুমি ব্যৱহাৰ কৰিব পাৰা-

(i) মজিয়াৰ ঠাই বচাবলৈ।

(ii) বাল্টিবোৰ মুকলি বা খালী ৰাখিবলৈ।

(iii) কাপোৰ বাছি উলিয়াবলৈ।

(iv) অধিক কাপোৰ থ’বলৈ।

উত্তৰঃ (iii) কাপোৰ বাছি উলিয়াবলৈ।

(ঝ) বাহিৰত কাপোৰ শুকুৱাবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰিবা, তালিকা এখন বনোৱা।

উত্তৰঃ বাহিৰত কাপোৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰ হল – ৰছী, ক্লিপ, খুঁটা, বিভিন্ন ধৰণৰ ৰেক, মুকলি পথাৰ ইত্যাদি।

(ঞ) ঘৰৰ ভিতৰত কাপোৰ শুকুৱাবলৈ কেনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰিবা।

উত্তৰঃ ঘৰৰ ভিতৰত কাপোৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা

সঁজুলিবোৰ হল – ৰেক, হেঙাৰ, ৰছী, ক্লিপ, বৈদ্যুতিক ওভেন ইত্যাদি।

(ত) শুদ্ধ উত্তৰ চিহ্ন কৰা।

(ক) কাপোৰ ইস্ত্ৰিৰ সুফল পাবলৈ ইস্ত্রি কৰা টেবুলখন হ’ব লাগে-

(i) টান।

(ii) কোমল।

(iii) পেড লগোৱা।

(iv) টান আৰু পেড লগোৱা

উত্তৰঃ (iv) টান আৰু পেড লগোৱা।

৩। নিম্ন প্ৰশ্নৰ শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা:

(i) কপাহী আৰু ছিল্কৰ কাপোৰ অধিক খমখমীয়া আৰু সজীব কৰিবলৈ ব্যৱহাৰ কৰা হয় বিৰঞ্জক।

উত্তৰঃ অশুদ্ধ।

(ii) একেটা পোছাক সঘনাই বা একেৰাহে পিন্ধিব নালাগে।

উত্তৰঃ শুদ্ধ।

(iii) পকেটত অধিক বস্তু সোমাই ফুলাই থ’ব লাগে।

উত্তৰঃ অশুদ্ধ।

(iv) ব্যৱহৃত অথবা অব্যবহৃত সাজ-পোছাক অথবা মলিন পোছাক অসংযতভাৱে পেলাই থ’ব নালাগে।

উত্তৰঃ শুদ্ধ।

(vi) কাপোৰত লগা দাগ লগাৰ লগে লগে আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

উত্তৰঃ শুদ্ধ।

(vii) সাজ-পোছাক অধিক লেতেৰা হোৱালৈ ৰাখিব নালাগে।

উত্তৰঃ শুদ্ধ।

৪। অতি চমু উত্তৰ লিখা:

(i) মাৰৰ সংজ্ঞ্যা দিয়া আৰু ইয়াৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ মাৰ’ৰ সংজ্ঞা বুলি ক’লে আমি ক’ব পাৰো- একপ্ৰকাৰ দ্রব্য যাৰ প্ৰয়োগৰ ফলত এখন লেতুসেতু আৰু সুপসুপীয়া হোৱা কাপোৰ খমখমীয়া আৰু দৃঢ় কৰি তুলিব পাৰি। প্ৰকৃতি অনুযায়ী ‘মাৰ’ আমি তিনি ভাগত ভাগ কৰিব পাৰো। যেনে-

(ক) শ্বেতসাৰজাতীয় মাৰ (Starches): কপাহী, লিলেন আদি কাপোৰত ব্যৱহাৰ হয়। যেনে- চাউল, গোমধান, ঘেঁহু, আলু, এৰ’ৰুট (Arrowroot), টেপিয়’কা, ধানৰ ভুঁচি ইত্যাদি।

(খ) আঠাজাতীয় মাৰ (Gum and gelating): এইপ্ৰকাৰ ‘মাৰ’ বিশেষকৈ ছিল্কৰ কাপোৰত প্ৰয়োগ কৰা হয়। গামএৰাবিক (gum arabic), গাম একাচিয়া (gum acacia) ‘মাৰ’ৰূপে ৰেয়ন আৰু ছিল্কৰ কাপোৰত প্রয়োগ কৰা হয়। জিলেটিন একপ্ৰকাৰৰ পানীত দ্ৰৱণীয় প্ৰ’টিন, ছিল্কৰ বাবে উৎকৃষ্ট ‘মাৰ’। জিলেটিন জন্তুৰ খুৰা (hoofs), ছাল (hides) আৰু মাংসপেশী (connective tissu) ৰ পৰা তৈয়াৰ কৰা হয়। এনে ‘মাৰ’ বজাৰত মখা আৰু গুড়ি অৱস্থাত পোৱা যায়।

যিবোৰ কাপোৰ কম পৰিমাণে খমখমীয়া কৰি তোলাৰ আৱশ্যক হয় অথবা যিবোৰ কাপোৰত শ্বেতসাৰজাতীয় মাৰ প্ৰয়োগ কৰিব নোৱাৰি তেনে কাপোৰত এনেপ্ৰকাৰ ‘মাৰ’ প্ৰয়োগ কৰা হয়।

(গ) ৰাসায়নিক মাৰ (Chemical starch): কপাহৰ কাপোৰত ব্যৱহাৰ কৰিব পৰা ৰাসায়নিক মাৰৰ ভিতৰত হ’ল সংশ্লেষিত পলিভিনাইল এলক’হল (polyvinyl alcohol), পলি এক্রিলামাইড (Poly acrylamade), মিথাইল ছেলুল’জ ইত্যাদি আজিকালি বজাৰত ‘ইনষ্ট্যাণ্ট মাৰ’ (Instant starch) কিনিব পোৱা যায়।

(ii) এখন কপাহৰ আঁহৰ ডোপট্টাত (dopatta) মাৰ দিবলৈ কি কি নিয়ম অনুকৰণ কৰিবা।

উত্তৰঃ এখন কপাহৰ আঁহৰ ডোপট্টাত (dopatta) মাৰ দিবলৈ তলত দিয়া নিয়মবোৰ অনুকৰণ কৰিম –

১।  কাপোৰত ‘মাৰ’ দিয়াৰ পিছত কাপোৰখন নমনীয়, মসৃণ, পিছল আৰু চিকমিকাই থকা যেন হ’ব লাগে। সেয়েহে মাৰৰ নিৰ্বাচন, কাপোৰৰ বৰণ, প্রকৃতি অনুযায়ী নির্ণয় কৰিব লাগে।

২। ‘মাৰ’ৰ ব্যৱহাৰৰ সম্পূৰ্ণ সফলতা পাবলৈ হ’লে কাপোৰ অনুযায়ী ‘মাৰ’ৰ পৰিমাণ শুদ্ধ অনুপাতত ল’ব লাগে আৰু ‘মাৰ’ তৈয়াৰ কৰা প্ৰণালী সম্পূর্ণ শুদ্ধ হ’ব লাগে।

৩। ‘মাৰ’ দিয়া কাপোৰ ইস্ত্রি কৰোতে আমি দেখিবলৈ পাওঁ যে মাজে মাজে কাপোৰখন গৰম ইস্ত্ৰিত লাগি ধৰে। সেয়েহে ‘মাৰ’ৰ দ্ৰৱণত অলপ পৰিমাণত বৰাক্স মিহলি কৰিলে কাপোৰখন অসুবিধা নোহোৱাকৈ ইস্ত্রি কৰিব পাৰি।

৪। ‘মাৰ’ৰ দ্ৰৱণ তৈয়াৰ কৰোতে উপযুক্ত অনুপাতত পানী ল’ব লাগে আৰু মখা নৱন্ধাকৈ অথবা কোনো প্ৰকাৰৰ দানা নথকাকৈ দ্ৰৱণটো তৈয়াৰ কৰি ল’ব লাগে। দ্ৰৱণটো ছেকি ল’লেও সুফল পোৱা যায়।

৫। কপাহৰ কাপোৰত ব্যৱহাৰ কৰিব পৰা ৰাসায়নিক মাৰৰ ভিতৰত হ’ল সংশ্লেষিত পলিভিনাইল এলক’হল (polyvinyl alcohol), পলি এক্রিলামাইড (Poly acrylamade), মিথাইল ছেলুল’জ ইত্যাদি আজিকালি বজাৰত ‘ইনষ্ট্যাণ্ট মাৰ’ (Instant starch) কিনিব পোৱা যায়।

(iii) কপাহৰ আঁহৰ কাপোৰত প্ৰয়োগ কৰা মাৰ আৰু ছিল্কৰ কাপোৰত প্ৰয়োগ কৰা মাৰৰ মাজত পার্থক্য কি?

উত্তৰঃ কপাহৰ আঁহৰ কাপোৰত প্ৰয়োগ কৰা মাৰ: নমনীয় আঁহৰ কাপোৰ বিশেষকৈ কপাহৰ আঁহৰ কাপোৰ অতি নিমজ আৰু মিহি হোৱা বাবে এনে আঁহৰ তৈয়াৰী পোছাক পিন্ধিলে শৰীৰত লিপিট খাই ধৰে। এনে কাপোৰ ধোৱাৰ পিচত অধিক সুপসুপীয়া আৰু লেতু-সেতু হৈ গাত লিপিট খাই ধৰে ফলত পিন্ধিলে সজীৱ আৰু পৰিপাটি নেদেখি ইয়াৰ বাবে কাপোৰত মাৰ দিয়া হয়। মাৰ কাপোৰ ধোৱাৰ পিচত কাপোৰত প্ৰয়োগ কৰাৰ ফলত কাপোৰখন খমখমীয়া আৰু ঠৰঙা হয়। মাৰে ওজন বাড়ে, ফলত পোছাক পিন্ধিলে শৰীৰত ভালদৰে শুৱাই পৰাকৈ ওলমি থাকে, উজ্জ্বলতা বাঢ়ে, নিমজ হয়, ধূলি-বালি আদি পিছলি যায়, ঘৰ্ষণ প্ৰতিৰোধ কৰিব পাৰে, তদুপৰি কাপোৰৰ শক্তি বাঢ়ে। 

ছিল্কৰ কাপোৰত প্ৰয়োগ কৰা মাৰ: ছিল্কৰ কাপোৰত প্ৰাকৃতিক আঠাজাতীয় উপাদান থকা বাবে খমখমীয়া আৰু সতেজ হয়। কিন্তু কাপোৰ যিমানে ধোৱা হয় সিমানে আঠাজাতীয় উপাদান কাপোৰৰ পৰা আঁতৰি যায়। কাপোৰৰো ওজন কমি যায় আৰু লেতুসেতু হৈ পৰে। সেয়েহে পুৰণা হ’লে ছিল্ক কাপোৰতো ‘মাৰ’ দিয়াৰ আৱশ্যক হয়। 

(iv) কাপোৰ ধোৱা প্ৰণালীৰ নিৰ্বাচন কৰিবলৈ অনুসৰণ কৰা কাৰকসমূহ কি কি?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ কাপোৰ ধোৱা প্ৰণালী আছে। কাপোৰৰ বৈশিষ্ট্য অনুযায়ী খাপ খোৱাকৈ এই প্রণালী নিৰ্বাচন কৰা হয়। প্রকৃত প্রণালী নির্বাচিত কৰিবলৈ উল্লেখিত কাৰকসমূহ অনুকৰণ কৰা হয়।

১। ধুবলগীয়া সামগ্ৰীৰ আকাৰ আৰু প্ৰকৃতি।

২। ধুবলগীয়া কাপোৰৰ চাপ বহন কৰিব পৰা শক্তি, স্থায়িত্ব।

৩। কাপোৰৰ ওপৰত জমা হোৱা মলিৰ পৰিমাণ।

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্ৰাস নহয় তেনে কাপোৰত ঘৰ্ষণ প্ৰয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্ৰকাৰে প্ৰয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মাৰ্জ্জক পাতত ঘঁহি, আচাৰি ইত্যাদি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তর্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোন পানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্ৰণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্রয়োগ কৰা হয়।

৪। মেচিনৰ সহায়ত ধোৱা প্ৰণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্ৰৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

(v) কেনে প্ৰকাৰৰ কাপোৰ ধুবলৈ ঘৰ্ষণ পদ্ধতি অনুসৰণ কৰা হয়।

উত্তৰঃ ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্ৰকাৰে প্ৰয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মাৰ্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। 

(ক) হাতেৰে ঘঁহা (Hand friction or rubbing): এই প্রণালীৰে সৰু কাপোৰ যেনে- ৰুমাল, টাৱেল, গামোচা, সৰু স্কার্ফ, যিকোনো সৰু কাপোৰ, কম লেতেৰা কাপোৰ ধোৱা হয়। 

(খ) বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি (Friction by use of brush) : আমি পিন্ধা পোছাকৰ কিছুমান অংশ যেনে- শ্বাৰ্টৰ কলাৰ, হাত, হাতৰ কাফ্, পেন্টৰ পাতলি, শাৰীৰ ফলচ্ আদি যিকোনো বেছিকৈ লেতেৰা হোৱা, ডাঠ আৰু অধিক চাপ বহন কৰিব পৰা কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। 

(গ) মার্জক পাতত ঘঁহা (Friction by use scrubbing board): এই প্রণালী অতি গধুৰ, ডাঙৰ আৰু অধিক চাপ বহন কৰিব পৰা আৰু অতি লেতেৰা কাপোৰ ধুবলৈ উপযুক্ত প্রণালী। 

(vi) শোষণ প্ৰণালীৰ দ্বাৰা ধুব পৰা কাপোৰৰ তালিকা এখন প্রস্তুত কৰা।

উত্তৰঃ শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্রয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব। শোষক যন্ত্ৰৰ চাপ এৰি দিলে পুনৰ সেই স্থান চাবোন পানীয়ে গ্রহণ কৰিব। এইদৰে এবাৰ চাপ দি আৰু চাপ আঁতৰাই কাপোৰৰ মাজে মাজে চাবোনপানীৰ সঞ্চালন কৰা হয় আৰু উলিয়াই দিয়া হয়। ফলত কাপোৰৰ মাজৰ পৰা লেতেৰা ওলাই আহে। এই প্রণালীৰে যিকোনো ডাঙৰ কাপোৰ, মিহি কাপোৰ ইত্যাদি কম পৰিশ্ৰমত নষ্ট নোহোৱাকৈ ধুব পাৰি।

(vii) ঘর্ষণ কেনেদৰে প্ৰয়োগ কৰিব পাৰিব উল্লেখ কৰা আৰু প্ৰণালীৰ বৰ্ণনা দিয়া।

উত্তৰঃ কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্ৰাস নহয় তেনে কাপোৰত ঘৰ্ষণ প্ৰয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্ৰকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মাৰ্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ ধুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

ঘর্ষণ প্ৰণালী হৈছে –

(ক) হাতেৰে ঘঁহা (Hand friction or rubbing): এই প্রণালীৰে সৰু কাপোৰ যেনে- ৰুমাল, টাৱেল, গামোচা, সৰু স্কার্ফ, যিকোনো সৰু কাপোৰ, কম লেতেৰা কাপোৰ ধোৱা হয়। এই প্ৰণালীত পৰিষ্কাৰক দ্রব্য চাবোনৰ দ্ৰৱণ তৈয়াৰ কৰি ধুবলগীয়া কাপোৰখন তিয়াই থোৱা হয়। কিছু সময় পিচত কাপোৰৰ এটা অংশ আন এটা অংশৰ ওপৰত লৈ ঘঁহা হয়। পৰিষ্কাৰ নোহোৱা অংশত গাঢ় চাবোন অথবা অতিৰিক্ত গুড়ি চাবোন দি ঘহি ধোৱা হয়।

(খ) বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি (Friction by use of brush): আমি পিন্ধা পোছাকৰ কিছুমান অংশ যেনে- শ্বাৰ্টৰ কলাৰ, হাত, হাতৰ কাফ্, পেন্টৰ পাতলি, শাৰীৰ ফলচ্ আদি যিকোনো বেছিকৈ লেতেৰা হোৱা, ডাঠ আৰু অধিক চাপ বহন কৰিব পৰা কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত কাপোৰ কিছুসময় চাবোন পানীত তিয়াই লৈ পিচত বুৰুজেৰে অলপ অলপকৈ সম্পূর্ণ কাপোৰখন ঘঁহা হয়। কুহুমীয়া চাবোন পানীত তিয়ালে আৰু আওডালিলে সুফল পোৱা যায়।

(গ) মার্জক পাতত ঘঁহা (Friction by use scrub- bing board): এই প্রণালী অতি গধুৰ, ডাঙৰ আৰু অধিক চাপ বহন কৰিব পৰা আৰু অতি লেতেৰা কাপোৰ ধুবলৈ উপযুক্ত প্রণালী। মার্জক পাতত ফাক থকা বাবে কাপোৰ ধুওতে থুকুচি লেতেৰা পানী উলিয়াই পুনৰ চাবোনপানীত তিয়াই লোৱা হয়। এইদৰে কেইবাবাৰো পৰিষ্কাৰ কৰাৰ পিচত পৰিষ্কাৰ পানীত আওডালা হয়। এই প্রণালী কাপোৰৰ বাবে অনিষ্টকাৰী নহয়। কম পৰিশ্ৰমতে ডাঙৰ কাপোৰ পৰিষ্কাৰ কৰিব পাৰি।

(viii) মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা প্ৰণালী কাপোৰ ধোৱাৰ বাবে উৎকৃষ্ট নে? তোমাৰ মতামত দাঙি ধৰা।

উত্তৰঃ মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা প্ৰণালী কাপোৰ ধোৱাৰ বাবে উৎকৃষ্ট হয়।অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তর্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্ৰণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্ৰণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

(ix) কাপোৰ ধোৱা মেচিনৰ সহায়ত কাপোৰ ধোৱাৰ বৰ্ণনা এটা দাঙি ধৰা।

উত্তৰঃ কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্ৰৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়। যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

যন্ত্ৰত কাপোৰ ধুলে কাপোৰৰ ওপৰত ধোৱনৰ কোনো অতিৰিক্ত চাপ নপৰে। কেৱল পানীত এক গতিৰ সঞ্চালন কৰি কাপোৰৰ পৰা মলি উলিয়াই অনা হয়। যিকোনো প্ৰকাৰৰ কাপোৰেই যন্ত্ৰৰ সহায়ত ধুব পাৰি। কেৱল লক্ষ্য ৰাখিব লাগে- যন্ত্ৰৰ ধুব পৰা ক্ষমতাতকৈ অধিক কাপোৰ ভৰোৱা নহয়। যন্ত্ৰৰ কাৰিকৰী নির্দেশনা অনুসৰণ কৰি ধুব লাগে।

(x) কাপোৰ কিয় আওডালিব লাগে? তোমাৰ মতামত দাঙি ধৰা।

উত্তৰঃ পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্ৰব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

(xi) কাপোৰ ধোৱনত কাপোৰ শুকোৱাৰ প্ৰভাৱ কেনেধৰণৰ?

উত্তৰঃ আওডালাৰ পিছত কাপোৰত ৰৈ যোৱা পানী হাতেৰে মৃদু চাপ দি উলিয়াই দিয়া হয়। পাটৰ আৰু ঊলৰ কাপোৰ টাৱেলৰ মাজত সোমোৱাই পানী টোকা হয় আৰু জাৰি-জোকাৰি সিয়নীৰ দিশত শুকাৱ দিয়া হয়। ৰঙীণ কাপোৰ, ঊল আৰু পাটৰ কাপোৰ ছাঁত শুকোৱা হয়। এনে কাপোৰ পোনপটীয়াকৈ ৰ’দত শুকাৱ দিব নালাগে। বগা কাপোৰ ৰ’দ আৰু ঘাঁহনি বা জোপোহাৰ ওপৰত শুকাৱ দিলে বিৰঞ্জীকৰণৰ সহায়ত অধিক বগা হোৱা দেখা যায়। বৰষুণ দিলে কাপোৰ ভিতৰত শুকোৱা উচিত, বাহিৰত বৰষুণত মেলি থব নালাগে।

(xii) কাপোৰৰ পূৰ্ণকৰণ অথবা শেষ ৰূপ দিয়া বুলিলে কি বুজা?

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ কাপোৰৰ সাজ- পোছাক আৰু সামগ্ৰীৰ ব্যৱহাৰৰ আৱশ্যক হয়। ব্যৱহাৰ কৰাৰ ফলত এই সামগ্ৰীবোৰ লেতেৰা হয় আৰু পৰিষ্কাৰ কৰিবৰ বাবে ধোৱাৰ আৱশ্যক হয়। ধুই শুকোৱাৰ পাচত কাপোৰবোৰ সোতমোচ খায়, সৰু সৰু ভাঁজ পৰে, অসাৱধানে মেলি দিয়াৰ ফলত আকাৰো নষ্ট হয়। তদুপৰি বগা কাপোৰৰ বৰণ উজ্জ্বল কৰিবলৈ নীল আৰু উজ্জ্বল কাৰক দ্রব্য, কপাহী আৰু ছিল্কৰ কাপোৰ খমখমীয়া কৰিবলৈ মাৰ, তদুপৰি চাবোনেৰে ধোৱা ছিল্কৰ বা উলৰ কাপোৰৰ ক্ষাৰৰ প্ৰভাৱ প্রশমন কৰিবলৈ ভিনেগাৰ অথবা নেমুৰস ব্যৱহাৰ কৰা হয়। ধোৱা কাপোৰ বা সামগ্ৰীৰ এই সকলো আসোঁৱাহ দূৰ কৰি পৃষ্ঠভাগ সাইলাখ নতুনৰ দৰে সমান, মিহি আৰু মসৃণ কৰি তোলা হয়। ধোৱা কাপোৰত পুনৰ নতুনৰ ৰূপ দিবলৈ যিবোৰ প্ৰণালী প্রয়োগ কৰা হয় এই সকলো প্ৰণালীকে পূৰ্ণকৰণ প্ৰণলী অথবা শেষৰূপ দিয়া বুলি কোৱা হয়। 

(xiii) শেষ ৰূপ দিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ তালিকা এখন প্রস্তুত কৰা।

উত্তৰঃ শেষ ৰূপ দিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ তালিকা এখন তলত প্রস্তুত কৰা হল –

(xiv) শুষ্ক ধোৱনত ব্যৱহাৰ কৰা সোষক দ্ৰব্য আৰু দ্রাবকৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ শুষ্ক ধোৱনত ব্যৱহাৰ কৰা সোষক দ্ৰব্য আৰু দ্রাবক —

শোষক দ্ৰৱ (Absorbent): যিকোনো গা বা মুখত ঘহা পাউডাৰ, ফ্রেন্স চক পাউডাৰ, ফুলাৰচ আৰ্থ অথবা সাজিমাটি যিকোনো দাইলৰ বেচন, আতাৰ ভুচি, ময়দা, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, ভজা ময়দা, গন্ধকৰ গুড়ি ইত্যাদি।

দ্ৰাৱক (Solvent): পেট্র’ল, বেঞ্জিন, কাৰ্বন টেট্রাক্ল’ৰাইড, পাৱক্ল’ৰ- ইথিলিন, ট্রাইক্ল’ৰ ইথিলিন, টাৰপেনটাইন, বেনযল, ইথাৰ, মিথিলিটেড স্পিৰিট, এচিটন ইত্যাদি।

(xv) উজ্জ্বল কাৰক দ্রব্য বুলিলে কি বুজা? ইয়াক কাপোৰত কিয় ব্যৱহাৰ কৰা হয়।

উত্তৰঃ কিছুমান যৌগিক যৌগৰ উজ্জ্বলকাৰক গুণ থকা দেখা যায়। এই যৌগসমূহে চুটি তৰংগ দৈৰ্ঘ্যৰ পোহৰ শোষণ কৰি দীর্ঘতৰ তৰংগ দৈৰ্ঘ্যত এই পোহৰ এৰি দিয়ে আৰু চকুৰে দৃষ্টিগোচৰ হোৱা ৰশ্মিত পৰিণত কৰে। এনে যৌগ কাপোৰত প্ৰয়োগ কৰিলে এনে গুণৰ বাবে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে। সেয়েহে এনে যৌগক উজ্জ্বল কাৰক দ্রব্য কেৱা হয়। উজ্জ্বল কাৰক দ্রব্য কাপোৰত প্ৰয়োগ কৰিলে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়। এই দ্রব্য বজাৰত বিভিন্ন বাণিজ্যিক নামেৰে কিনিবলৈ পোৱা যায়। নীলৰ দৰেই ইয়াৰো দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। ধোৱা কাপোৰখন ভালদৰে জোকাৰি এই দ্ৰৱণত কিছু সময় তিয়াই দ্ৰৱণৰ পৰা তুলি ৰ’দত শুকোৱা হয়।

(xvi) কাপোৰ ধোৱনত নীলৰ ভূমিকাৰ বিষয়ে লিখা?

উত্তৰঃ বগা কাপোৰ ধোৱাৰ পিচত উজ্জ্বল কৰিবলৈ নীল দিয়া হয়। নীল গুড়ি অথবা জুলীয়া অৱস্থাত পোৱা যায়। অদ্রৱণীয় নীলো পোৱা যায়। কাপোৰত নীল দিবলৈ প্ৰথমতে নীলৰ দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। এটা পাত্ৰত আৱশ্যকীয় পানী লৈ (কাপোৰখন ভালদৰে দ্ৰৱণত ডুব যোৱাকৈ) নীল পাতল কাপোৰ এখনত লৈ ঢিলাকৈ বান্ধি পানীত জুবুৰিয়াই আৰু লৰাই থকা হয়। নীলৰ আৱশ্যকীয় গাঢ়তা পোৱাৰ লগে লগে টোপোলাতো আঁতৰাই দিয়া হয়। বেছি গাঢ় হ’লে পৰিষ্কাৰ পানী মিহলোৱা হয়। কাপোৰত মাৰ দিবলগীয়া থাকিলে মাৰৰ লগতে নীল মিহলোৱা হয়। এতিয়া কাপোৰখন কোনো ভাজ নথকাকৈ ভালদৰে জাৰি-জোকাৰি, নীলপানী ভালদৰে লৰাই কাপোৰ তিয়াব লাগে। কেইবাবাৰো তল-ওপৰ কৰি জুবুৰিয়াই নীলপানীৰ পৰা কাপোৰখন উঠাই অতিৰিক্ত পানী টুকিব লাগে, কাপোৰখন পকাই চেপিব নালাগে। পকাই চেপিলে ভাঁজে ভাঁজে ৰেখাৰ দৰে দাগ লাগে।

(xvii) ঘৰ্ষণ প্ৰণালীৰে ঊল আৰু ছিল্কৰ কাপোৰ কিয় ধুব নোৱাৰি? তোমাৰ ব্যাখ্যা দাঙি ধৰা।

উত্তৰঃ ঊল – ঊলত অধিক তাপে বা তাপ-ঠাণ্ডা পৰিৱৰ্তন ধোৱাৰ সময়ত ঊলৰ ফাইবৰবোৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু ছিল্ক – ঘৰ্ষণ আৰু প্ৰচণ্ড তাপৰ ফলত ছিল্কৰ ৰঙ সহজে সলনি হ’ব পাৰে। ছিল্কৰ ফাইবৰ অতি নাজুক আৰু ঘৰ্ষণৰ ফলত সহজে ক্ষতিগ্ৰস্ত হ’ব পাৰে। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই যেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্ৰণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

আমাৰ ব্যৱহৃত বহু প্ৰকাৰ সাজ-পোছাকেই আমি চাবোন পানীৰে ধুই যতন ল’ব নোৱাৰো। ঊল আৰু ছিল্ক এনে পোছাক পানীৰ সংস্পৰ্শত নষ্ট হৈ যায়। এনে পোছাক শোষক (absorbent) অথবা তৰল দ্ৰাৱকৰ সহায়ত পৰিষ্কাৰ কৰা হয়। লেতেৰা কাপোৰৰ ওপৰত শোষক গুড়ি যেনে- পাউডাৰ, চক পাউডাৰ, যিকোনো ডাইলৰ বেচন ইত্যাদি যিকোনো এবিধ চতিয়াই লৈ ভালদৰে ঘহি ধুবলৈ থোৱা কাপোৰৰ লগত জাপি থোৱা হয়। এনে কৰিলে গুড়িয়ে কাপোৰত থকা চর্বিভাগ শুহি ল’ব, ফলত ধূলি- বালিভাগ মুক্ত হৈ পৰিব। কাপোৰখন ভালদৰে বুৰুজ মাৰি জোকাৰিলে পৰিষ্কাৰ হৈ পৰিব। অথবা যিকোনো দ্ৰাৱক (Solvent) এটা নিৰ্বাচন কৰি এটা ঢাকনি থকা বাল্টিঙত লৈ পোছাক তিয়াই পাত্ৰৰ ঢাকনি বন্ধ কৰি জোকাৰিব লাগে। এইদৰে বহুবাৰ জোকাৰা হয়। দ্ৰাৱকে কাপোৰত ৰৈ যোৱা মলিৰ চৰ্বিভাগ ভাঙি মলি মুক্ত কৰি দিয়ে আৰু মুক্ত হোৱা মলি দ্ৰাৱকত জমা হয়। ফলত কাপোৰ পৰিষ্কাৰ হৈ পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top