Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Notes, Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ and select need one.

Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 3 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Solutions for All Chapters, You can practice these here.

বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Chapter – 3

TEXTUAL QUESTION ANSWER

১। কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তাসমূহ উল্লেখ কৰা।

উত্তৰঃ কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হল —

১। প্রত্যেক ব্যক্তিয়ে দৈনিক ব্যৱহাৰৰ পিছত পিন্ধা পোছাকত তৈলাক্ত মলি, ঘাঁম আদি লাগি লেতেৰা হোৱাৰ বাবে কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তা হয়।

২। পকেটত কিবা খাই ইয়াৰ পেকেটটো পকেটত থলে

কাপোৰটো লেতেৰা হোৱাৰ বাবেও কাপোৰৰ ধোৱনৰ প্রয়োজনীয়তা হয়।

৩। নিয়মিত ধোৱাত কাপোৰ নতুন আৰু চক্ চকীয়া দেখিবলৈ থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। লেতেৰা গোন্ধ জাৱৰ বাবেও আমি কাপোৰ ধুও।

৫। দাগ লগাৰ বাবেও আমি কাপোৰ ধুও।

২। কাপোৰৰ মলি বুলিলে কি বুজা?

উত্তৰঃ কাপোৰৰ মলি হৈছে মুক্ত ধূলি আৰু শৰীৰৰ পৰা ওলোৱা ঘাম আৰু আন চর্বিজাতীয় লেতেৰাৰ সংমিশ্রণ।

৩। কাপোৰৰ ধোৱাৰ প্ৰণালী উল্লেখ কৰা।

উত্তৰঃ কাপোৰৰ ধোৱাৰ প্ৰণালী তলত উল্লেখ কৰা হ’ল- 

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিছত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

8। কাপোৰ ধোৱা প্ৰণালীৰ স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ কাপোৰ ধোৱা প্ৰণালীৰ স্তৰসমূহ তলত বৰ্ণনা কৰা হল —

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষক যন্ত্র বোলা হয়। এই শোষক যন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

৫। কাপোৰ আওডালা (Rinsing): পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

৬। শুষ্ক ধোৱন প্রণালী (Drycleaning): আমাৰ ব্যৱহৃত বহু প্ৰকাৰ সাজ-পোছাকেই আমি চাবোনপানীৰে ধুই যতন ল’ব নোৱাৰো। যেনে- ছিল্ক, ঊল, টিচু, পেপাৰ ছিল্ক ইত্যাদি। এনে পোছাক পানীৰ সংস্পৰ্শত নষ্ট হৈ যায়। এনে পোছাক শোষক (absorbent) অথবা তৰল দ্ৰাৱকৰ সহায়ত পৰিষ্কাৰ কৰা হয়। লেতেৰা কাপোৰৰ ওপৰত শোষক গুড়ি যেনে- পাউডাৰ, চক পাউডাৰ, যিকোনো ডাইলৰ বেচন ইত্যাদি যিকোনো এবিধ চতিয়াই লৈ ভালদৰে ঘহি ধুবলৈ থোৱা কাপোৰৰ লগত জাপি থোৱা হয়। এনে কৰিলে গুড়িয়ে কাপোৰত থকা চর্বিভাগ শুহি ল’ব, ফলত ধূলি- বালিভাগ মুক্ত হৈ পৰিব। কাপোৰখন ভালদৰে বুৰুজ মাৰি জোকাৰিলে পৰিষ্কাৰ হৈ পৰিব।

৭। উজ্জ্বলকাৰক দ্রব্য প্রয়োগ কৰা প্রণালী: কিছুমান যৌগিক যৌগৰ উজ্জ্বলকাৰক গুণ থকা দেখা যায়। এই যৌগসমূহে চুটি তৰংগ দৈর্ঘ্যৰ পোহৰ শোষণ কৰি দীর্ঘতৰ তৰংগ দৈর্ঘ্যত এই পোহৰ এৰি দিয়ে আক চকুৰে দৃষ্টিগোচৰ হোৱা ৰশ্মিত পৰিণত কৰে। এনে যৌগ কাপোৰত প্ৰয়োগ কৰিলে এনে গুণৰ বাবে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে। সেয়েহে এনে যৌগক উজ্জ্বলকাৰক দ্রব্য কেৱা হয়। এই দ্রব্য বজাৰত বিভিন্ন বাণিজ্যিক নামেৰে কিনিবলৈ পোৱা যায়। নীলৰ দৰেই ইয়াৰো দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। ধোৱা কাপোৰখন ভালদৰে জোকাৰি এই দ্ৰৱণত কিছু সময় তিয়াই দ্ৰৱণৰ পৰা তুলি ৰ’দত শুকোৱা হয়।

৮। পাটৰ কাপোৰ ধোৱা প্ৰণালী (Washing of silk): পাটৰ কাপোৰ নিমজ আৰু মসৃণ হোৱা বাবে ধূলি-বালি আদি কাপোৰৰ পৃষ্ঠত ৰৈ নাথাকে। ফলত কাপোৰখন ব্যৱহাৰ কৰিলেও সোনকালে লেতেৰা নহয়। কাপোৰ ধুবলগীয়া হ’লে মৃদু ক্ষাৰজাতীয় চাবোন, চাবোনবিহীন চাবোন অথবা ছিল্কৰ কাপোৰ ধুবলৈ তৈয়াৰ কৰা বিশেষ চাবোন অথবা অপমার্জকত ধুব লাগে। মলিন ৰং ধৰা কাপোৰত অলপ ব’ৰাক্স মিহলালে ৰং পৰিষ্কাৰ হয়।

৫। লেতেৰা কাপোৰ পৰিষ্কাৰ নকৰাকৈ কিয় ব্যৱহাৰ কৰিব নোৱাৰি?

উত্তৰঃ আমি আমাৰ দৈনন্দিন জীৱনত পৰিবৱেশ আৰু কামৰ উপযোগীকে বিভিন্ন প্ৰকাৰৰ সাজ-পোছাক আৰু বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো। ব্যৱহাৰৰ ফলত এই সামগ্রীসমূহ বিভিন্ন প্ৰকাৰে ধূলি, বালি, মলি, বীজাণু, শৰীৰৰ ঘাম, শৰীৰৰ পৰা ওলোৱা তৈল জাতীয় পদার্থ আদিৰ সংস্পৰ্শত আহে আৰু আমাৰ শৰীৰ সক্ৰিয় হৈ থকাৰ বাবে বিভিন্ন ধৰণে ঘৰ্ষণৰ সৃষ্টি হৈ ধূলি, বালি আদি মলিলৈ পৰিৱৰ্তিত হৈ কাপোৰখন লেতেৰা হৈ ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। ইয়াৰ বাবে লেতেৰা কাপোৰ পৰিষ্কাৰ নকৰাকৈ ব্যৱহাৰ কৰিব নোৱাৰি।

৬। ‘সাজ-পোছাক সংৰক্ষণ এটা আভাস দাঙি ধৰা।

উত্তৰঃ এজন ব্যক্তিয়ে যেতিয়া এজোৰ পৰিষ্কাৰ, নিখুঁত, সুন্দৰভাৱে ইস্ত্রি কৰা, সামান্যতমো ভাঁজ নথকা পোছাক পিন্ধিবলৈ পায়, তেতিয়া গর্ব অনুভৱ কৰে আৰু অকণো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পৰিৱেশৰ লগত সহজে মিলি যাব পাৰে। কিন্তু সোত-মোচ অথবা ভাঁজ লগা কাপোৰে এনে অনুভূতি দিব নোৱাৰে। কাপোৰ পৰিষ্কাৰকৈ ধুই ইস্ত্ৰি কৰি নির্দিষ্ট স্থানত ভালদৰে সংগ্ৰহ কৰি থ’লেহে ইয়াৰ সম্ভৱ হয়।

মানুহ সৌন্দর্যপ্রিয়। আনৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে মানুহে নিজকেও সুন্দৰ কৰি ৰাখিবলৈ অতীজৰে পৰা যতন কৰি আহিছে। অতীজৰে পৰা মানুহে বিভিন্ন সময়ত শৰীৰটোক সুৰক্ষিত কৰিবলৈ সৌন্দর্য বঢ়াবলৈ, সামাজিক অনুষ্ঠান, উৎসৱ, প্রীতিমেল, ভোজমেল ইত্যাদিত অংশগ্রহণ কৰিবলৈ তদুপৰি নিত্য ব্যৱহাৰ, কর্মক্ষেত্র, খেল, ভিন্ন ঋতু সাপেক্ষে বিভিন্ন প্ৰকাৰৰ পোছাক তৈয়াৰ কৰি লোৱা দেখা যায়। কিন্তু সকলোবোৰ বস্তুকে একে সময়তে ব্যৱহাৰ কৰা নাযায়। সেয়েহে অব্যৱহৃত সাজ- পোছাক অথবা বিভিন্ন সামগ্ৰীসমূহ ভৱিষ্যতৰ ব্যৱহাৰৰ উপযোগীকৈ সযতনে সংগ্ৰহ কৰি ৰখা হয়। সযতনে সাজ-পোছাক থোৱা প্রণালীকে সাজ-পোছাক সংৰক্ষণ কৰা প্ৰণালী বুলি কোৱা হয়।

সাজ-পোছাক সংৰক্ষণৰ মূল উদ্দেশ্য-

১। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটিকে সযতনে ৰখা সাজ-পোছাক যোগান ধৰা, এনে পোছাকে এজন ব্যক্তিৰ ব্যক্তিত্ব বা প্রতিভা প্রকাশ আৰু বিকাশ সাধনত সহায় কৰে।

২। সাজ-পোছাক যিমানেই অধিক মূল্যৰ নহওঁক কিয় পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে নাৰাখিলে ব্যৱহাৰৰ উপযোগী নহয় আৰু ব্যৱহাৰ কৰিলেও মূল্যহীন হৈ পৰে।

৩। পৰিষ্কাৰ-পৰিচ্ছিন্ন আৰু সযতনে সংৰক্ষণ কৰা পোছাকে এজন ব্যক্তিৰ পৰিপাটি আৰু ৰুচিপূর্ণ মনোভাৱ প্রকাশ কৰাত সহায় কৰিব।

৪। সযতনে সংৰক্ষণ কৰা পোছাক দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ উপযোগী কৰি ৰখাত সহায় কৰে।

৭। শুষ্ক ধোৱন মানে কি?

উত্তৰঃ শুষ্ক ধোৱন হল এটা পদ্ধতি যি বহু প্ৰকাৰৰ কাপোৰ পানীত ধুলে নষ্ট হয়, তেনে কাপোৰ পানীৰ সলনি আন তৰল দ্ৰাৱকৰ সহায়ত শুষ্ক ধোৱন পদ্ধতিৰে পৰিষ্কাৰ কৰা হয়।

৮। স্থায়ী মলি বুলিলে কি বুজা।

উত্তৰঃ স্থায়ী মলি হল যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে। এনে মলি পৰিষ্কৰণ কৰিব পাৰি মলি শোষণ প্ৰণালীৰ দ্বাৰা, ঘৰ্ষণ প্ৰণালীৰ দ্বাৰা আৰু ধোৱন প্রণালী অথবা শুষ্ক ধোৱন প্ৰণালীৰ দ্বাৰা। এনে প্ৰণালীৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিছুমান সা-সঁজুলি, পৰিষষ্কাৰক দ্ৰব্য আৰু দ্ৰাৱকৰ আৱশ্যক হয়। বিশেষকৈ চাবোন, অপমাৰ্জক আৰু পানী।

৯। শুষ্ক ধোৱনৰ কাপোৰ কিয় বতাহত মেলিব লাগে?

উত্তৰঃ কাপোৰ সম্পূর্ণভাৱে শুকাই বাওঁতি ফাঙ গজাৰ সম্ভাৱনা কম থাকে। বতাহত মেলা কাপোৰৰ অপ্ৰিয় গন্ধ দূৰ কৰি প্ৰাকৃতিক বতাহ আৰু পোহৰে এক সজা গন্ধ দিয়ে যাৰ ফলত কাপোৰ আমি ব্যৱহাৰ কৰিব পাৰি। বতাহত শুকালে ৰঙ পকা সম্ভাৱনা কম থাকে।

ইলেকট্ৰিক ড্ৰায়াৰৰ তুলনাত বতাহত মেলা শক্তি সঞ্চয় কৰে। কাপোৰ কম ক্ষতিগ্ৰস্ত হয় আৰু দীঘলীয়া সময় ধৰি ভাল অৱস্থাত থাকে।

১০। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটী সাজ-পোছাকৰ আৱশ্যকতাসমূহ কি?

উত্তৰঃ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটী সাজ- পোছাকৰ আৱশ্যকতাসমূহ হল —

১। পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটিকে সযতনে ৰখা সাজ-পোছাক যোগান ধৰা, এনে পোছাকে এজন ব্যক্তিৰ ব্যক্তিত্ব বা প্রতিভা প্রকাশ আৰু বিকাশ সাধনত সহায় কৰে।

২। সাজ-পোছাক যিমানেই অধিক মূল্যৰ নহওঁক কিয় পৰিপাটি আৰু শৃংখলাবদ্ধভাৱে নাৰাখিলে ব্যৱহাৰৰ উপযোগী নহয় আৰু ব্যৱহাৰ কৰিলেও মূল্যহীন হৈ পৰে।

৩। সাজ-পোছাক সযতনে সংৰক্ষণ কৰিলে তাৰ বিনিময়ত সাজ- পোছাকেও পুৰস্কৃত কৰিব অৰ্থাৎ সযতনে ৰখা পোছাক সদায় সজীৱ হৈ থাকে ফলত সকলো সময়তে ব্যৱহাৰৰ উপযোগী হৈ থাকে। এনে পোছাক পিন্ধিলে পৰিৱেশৰ লগত শুৱাই তোলাত সহায় কৰিব। তদুপৰি সময়, শ্ৰম আৰু অৰ্থৰ ৰাহি হ’ব।

৪। পৰিষ্কাৰ-পৰিচ্ছিন্ন আৰু সযতনে সংৰক্ষণ কৰা পোছাকে এজন ব্যক্তিৰ পৰিপাটি আৰু ৰুচিপূর্ণ মনোভাৱ প্রকাশ কৰাত সহায় কৰিব।

৫। সযতনে সংৰক্ষণ কৰা পোছাক দীর্ঘদিন ধৰি ব্যৱহাৰৰ উপযোগী কৰি ৰখাত সহায় কৰে।

৬। উপযুক্ত সংৰক্ষণ আৰু যত্নৰ ওপৰতে নিৰ্ভৰ কৰে পৰিয়ালৰ সমৃদ্ধি আৰু সাজ-পোছাকৰ দীৰ্ঘ স্থায়িত্ব। সকলো পৰিয়ালৰ ক্ষেত্ৰত একে সময়তে পৰিয়ালৰ প্ৰতিজন লোকৰ বাবে সকলোধৰণৰ পোছাক কিনা সম্ভৱ নহয়। যি দুই-এপদ সাজ-পোছাক পৰিৱেশ, ঋতু, মানসম্ভ্রম সাপেক্ষে কিনা হয় সেইবোৰৰ সঠিক যতন লৈ সংৰক্ষণ কৰিলে সময়ত ব্যৱহাৰৰ বাবে পোছাকৰ অভাৱ নহয়।

৭। উপযুক্ত যতন আৰু সংৰক্ষণৰ দ্বাৰা নিত্য ব্যৱহাৰৰ সাজ-পোছাক আদি বহু দিনলৈ ব্যৱহাৰৰ উপযোগী হৈ থাকে।

১১। ধোৱনৰ বিভিন্ন স্তৰসমূহ উল্লেখ কৰা।

উত্তৰঃ ধোৱনৰ বিভিন্ন স্তৰসমূহ তলত উল্লেখ কৰা হল —

১২। ধোৱনৰ মূল নীতি বুলিলে কি বুজা।

উত্তৰঃ মলি বস্ত্ৰ বা পোছাকৰ পৰা আঁতৰোৱা হয়। ইয়াক ধোৱন বোলে। পোছাকৰ মলি বা লেতেৰা জমা হোৱাৰ মূলতে হৈছে মুক্ত ধূলি আৰু শৰীৰৰ পৰা ওলোৱা ঘাম আৰু আন চর্বিজাতীয় লেতেৰাৰ সংমিশ্রণ।

মলি = ধূলি + শৰীৰৰ পৰা ওলোৱা চৰ্বি ঘর্ষণ

কাপোৰত জমা হোৱা এই মলি সাধাৰণভাৱে ধুই আঁতৰাব নোৱাৰি। ইয়াক দুভাগত ভগোৱা হৈছে-

(১) মুক্ত ধূলি-বালি যিবোৰ কাপোৰৰ উপৰিভাগত জমা হৈ থাকে। এই প্ৰকাৰৰ মলি ৰ’দ লগাই জাৰি-জোকাৰি, বুৰুজ মাৰি অথবা সাধাৰণ পানীত তিয়াই পৰিষ্কাৰ কৰিব পাৰি।

(২) স্থায়ী মলি যিবোৰ ধূলি-বালিৰ সৈতে শৰীৰৰ পৰা ওলোৱা ঘাম, চর্বি আদি পোছাক ব্যৱহাৰ কৰোতে ঘৰ্ষণৰ ফলত সংমিশ্রিত হৈ স্থায়ী মলিৰূপে কাপোৰৰ পৃষ্ঠভাগত আৰু আঁহৰ মাজে মাজে সোমাই পৰে। এনে মলি পৰিষ্কৰণ কৰিব পাৰি মলি শোষণ প্ৰণালীৰ দ্বাৰা, ঘৰ্ষণ প্ৰণালীৰ দ্বাৰা আৰু ধোৱন প্ৰণালী অথবা শুষ্ক ধোৱন প্ৰণালীৰ দ্বাৰা।

১৩। পোছাক ধুবলৈ অনুসৰণ কৰা নিয়মাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ পোছাক ধুবলৈ অনুসৰণ কৰা নিয়মাৱলীসমূহ তলত উল্লেখ কৰা হৈছে —

১। প্রত্যেক ব্যক্তিয়ে দৈনিক ব্যৱহাৰৰ পিছত পিন্ধা পোছাক পৰীক্ষা কৰিব লাগে। তৈলাক্ত মলি, ঘাঁম আদি লাগিলে লগে লগে ধোৱাৰ ব্যৱস্থা ল’ব লাগে। খুব নোৱাৰিলে পাউডাৰ অথবা শুকান গুড়ি ছটিয়াই চর্বিভাগ শুকোৱাই শোষণ কৰি ল’ব লাগে। সাধাৰণভাৱে লেতেৰা হোৱা পোছাক অর্থাৎ কম সময়ৰ বাবে ব্যৱহাৰ কৰা পোছাক লগে লগে খুলি বতাহ লগাব লাগে। আৱশ্যক হ’লে জাৰি-জোকাৰি, বুৰুজ মাৰি মুক্ত ধূলি-বালি পৰিষ্কাৰ কৰি নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। পোছাকৰ পকেট ভালদৰে পৰীক্ষা কৰি লেতেৰা থাকিলে লগে লগে পৰিষ্কাৰ কৰিব লাগে।

২। একেটা পোছাক সঘনাই বা একেৰাহে পিন্ধিব নালাগে। কমেও একৈশ (২১) ঘণ্টা সময় অৱসৰ দি ওলোমাই থ’ব লাগে। এনে কৰিলে পোছাকৰ আকাৰত কোনো প্ৰভাৱ নপৰে আৰু সঘনাই ইস্ত্রি কৰাৰ পৰাও বিৰত ৰাখিব পাৰি।

৩। পকেটত অধিক ডাঙৰ অথবা ফুলি থকা বস্তু ৰাখিব নালাগে। এনে বস্তুৱে পকেটৰ আকাৰ নষ্ট কৰি পোছাকৰ সৌন্দৰ্য হানি কৰিব।

৪। ব্যৱহৃত অথবা অব্যবহৃত সাজ-পোছাক অথবা মলিন পোছাক অসংযতভাৱে পেলাই থ’ব নালাগে। এনে কৰিলে ধূলি-বালি আৰু পোহৰৰ প্রতিক্ৰিয়াৰ ফলত বগা ৰং মলিন, ৰঙীণ কাপোৰৰ ৰং অনুজ্জ্বল আৰু মলিন কাপোৰ অধিক মলিন কৰি তুলিব। লগতে উপৰোৱা ভাজৰ সৃষ্টি হ’ব।

৫। পোছাকত ফটা-ফুটা, চিলাই সোলোকা, বুটাম, জিপাৰ আদি বেয়া হ’লে লগে লগে মেৰামতি কৰিব লাগে। মেৰামতি নকৰাকৈ ধুলে অধিক নষ্ট হয় আৰু তৎক্ষণাৎ ব্যৱহাৰ কৰিব পৰা নাযায়।

৬। কাপোৰত দাগ লগাৰ লগে লগে আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে অন্যথা দাগ স্থায়ী হৈ আঁতৰাবলৈ কষ্টকৰ হ’ব। কাপোৰত দাগ থাকিলে, দাগ লগা স্থানত কাপোৰখন নষ্ট হ’ব আৰু অশোভনীয় হ’ব। 

৭। সাজ-পোছাক অধিক লেতেৰা হোৱালৈ কেতিয়াও ৰাখিব নালাগে। লেতেৰা কাপোৰো নোধোৱাকৈ পেলাই থ’ব নালাগে। পেলাই থ’লে পোছাকৰ মলি আঁতৰাৱ কষ্টকৰ হয়। তদুপৰি কাপোৰত মলিন আচ বহিব, ঘামৰ গোন্ধ স্থায়ী হ’ব, জীৱাণু, কীট-পোক আদিৰ দ্বাৰা সোনকালে আক্রান্ত হ’ব।

১৪। কাপোৰ ধোৱা প্ৰণালীৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ 

কাপোৰ আৰু সামগ্রীপৰিষ্কাৰক দ্রব্যপানীৰ উষ্ণতাধোৱন প্রণালী
ডাঠ খহতা কাপোৰ যেনে- এপ্রণ,গাধোৱা ঘৰত ব্যৱহাৰ কৰা কাপোৰ বা স্ক্রীন ইত্যাদি।যিকোনো পৰিষ্কাৰক দ্ৰব্য আৰু বেছি লেতেৰা হ’লে ব’ৰাক্স মিহলাব লাগে।পানীৰ উষ্ণতা ৬৫⁰-৮০⁰  চেন্টিগ্রেড হ’ব লাগে।হাতেৰে অথবা বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি ধুব লাগে। কাপোৰ ধোৱা যন্ত্ৰত ধুব পৰা যায়।
বগা কাপোৰ, টেবুলত পাৰা কাপোৰ, বিছনাত পাৰা কাপোৰ, চেলোৱাৰ, শ্বার্ট, পেন্ট, পায়জামা ইত্যাদি।
যিকোনো অপমার্জক ব্যৱহাৰ কৰিব পাৰি।
৬৫° চেন্টিগ্রেডৰ পৰা ৮০⁰ চেন্টিগ্রেড পানীৰ উষ্ণতা।বুৰুজৰ সহায়ত ঘৰ্ষণ প্রয়োগ কৰি বিশেষকৈ শ্বাৰ্টৰ কলাৰ, কাফ, পাতলি ইত্যাদি। যন্ত্ৰৰ সহায়তো ধুব পৰা যায়।
ৰঙীণ কাপোৰ, অতি কোমল, লাহি কাপোৰ, অতি মূল্যবান কাপোৰ যেনে- অর্গেন্ডি, মলমল ইত্যাদি।কম ক্ষাৰজাতীয় যিকোনো পৰিষ্কাৰক দ্রব্য নহ’লে অপমার্জক।ৰঙীণত ঠাণ্ডা পানী আৰু ৰং নোযোৱা কাপোৰ হ’লে কুহুমীয়া পানী।মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা হয় অথবা ঠুকুচা আৰু চেপা আৰু শোষণ পদ্ধতিৰে ধোৱা হয়।
ডাঙৰ গধুৰ কাপোৰ, পর্দা,বিছনা, ঢকা আঁঠুৱা ইত্যাদি।গাঢ় ক্ষাৰজাতীয় চাবোন, যিকোনো শক্তিশালী পৰিষ্কাৰক দ্রব্য, অপমার্জক।কুহুমীয়া পানী।শোষণ পদ্ধতি নহ’লে কাপোৰ ধোৱা যন্ত্ৰৰ সহায়ত খুব লাগে।

১৫। কাপোৰ ধোৱা প্ৰণালীৰ নিৰ্বাচন কেনেদৰে কৰা হয়?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ কাপোৰ ধোৱা প্ৰণালী আছে। কাপোৰৰ বৈশিষ্ট্য অনুযায়ী খাপ খোৱাকৈ এই প্ৰণালী নিৰ্বাচন কৰা হয়। প্রকৃত প্রণালী নির্বাচিত কৰিবলৈ উল্লেখিত কাৰকসমূহ অনুকৰণ কৰা হয়।

১। ধুবলগীয়া সামগ্ৰীৰ আকাৰ আৰু প্ৰকৃতি।

২। ধুবলগীয়া কাপোৰৰ চাপ বহন কৰিব পৰা শক্তি, স্থায়িত্ব।

৩। কাপোৰৰ ওপৰত জমা হোৱা মলিৰ পৰিমাণ।

১। ঘর্ষণ পদ্ধতি (Friction washing): কাপোৰ এখন তিওৱাৰ পিচত যদি শক্তিৰ হ্রাস নহয় তেনে কাপোৰত ঘর্ষণ প্রয়োগ কৰি ঘৰ্ষণৰ চাপৰ দ্বাৰা কাপোৰ পৰিষ্কাৰ কৰিব পাৰি। ঘৰ্ষণ পদ্ধতিৰ সহায়ত অতি ডাঙৰ কাপোৰ আৰু অতি সৰু কাপোৰো ধুব পাৰি। ঘৰ্ষণ বিভিন্ন প্রকাৰে প্রয়োগ কৰিব পাৰি- হাতেৰে ঘঁহি, বুৰুজেৰে ঘঁহি, মার্জক পাতত ঘঁহি, আচাৰি ইত্যাদি। এই পদ্ধতিৰে সঘনাই কাপোৰ খুলে ঘৰ্ষণৰ ফলত কাপোৰৰ কিছু অংশ বহলি যাব পাৰে। অথবা কোনো অংশ পাতল হৈ ফিচিকী যাব পাৰে। পুৰণা কাপোৰ ফালি যোৱাৰ সম্ভাৱনা বেছি।

২। মৃদু চাপ প্রয়োগ কৰি অথবা থুকুচি চেপি ধোৱা (Application of light pressure or kneading and squeezing): অতি পাতল, কোমল জাতীয় কাপোৰ আৰু লেচ, মোজা, পাটৰ কাপোৰ, অন্তৰ্বাস, ইলাষ্টিক থকা যিকোনো কাপোৰ, যিবোৰ পোছাক ঘঁহিলে আকাৰ নষ্ট হয়, এই সকলোবোৰ কাপোৰ এই প্ৰণালীৰে ধোৱা হয়। এই প্রণালীত মৃদু ক্ষাৰজাতীয় চাবোন কুহুমীয়া পানীত ভালদৰে গলাই ফেন তুলি লোৱা হয় আৰু এই দ্ৰৱণত লেতেৰা কাপোৰ এক বা দুই মিনিট সময়ৰ বাবে তিয়াই থৈ এটা এটাকৈ উলিয়াই সামান্যভাৱে থুকুচি এবাৰ চেপি আৰু পুনৰ চাবোনপানীত তিয়াই চেপি পৰিষ্কাৰ কৰা হয়। ঊলৰ কাপোৰো এই প্রণালীৰে ধুব পাৰি। শেষত পৰিষ্কাৰ পানীত আওডালা হয়।

৩। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্ৰয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূৰ্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

৪। মেচিনৰ সহায়ত ধোৱা প্রণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্রৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

৫। কাপোৰ আওডালা (Rinsing): পৰিষ্কাৰক দ্রব্য যেনে চাবোন, অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্রণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

৬। শুষ্ক ধোৱন প্রণালী (Drycleaning): আমাৰ ব্যৱহৃত বহু প্ৰকাৰ সাজ-পোছাকেই আমি চাবোন পানীৰে ধুই যতন ল’ব নোৱাৰো। যেনে- ছিল্ক, ঊল, টিচু, পেপাৰ ছিল্ক ইত্যাদি। এনে পোছাক পানীৰ সংস্পৰ্শত নষ্ট হৈ যায়। এনে পোছাক শোষক (absorbent) অথবা তৰল দ্ৰাৱকৰ সহায়ত পৰিষ্কাৰ কৰা হয়। লেতেৰা কাপোৰৰ ওপৰত শোষক গুড়ি যেনে- পাউডাৰ, চক পাউডাৰ, যিকোনো ডাইলৰ বেচন ইত্যাদি যিকোনো এবিধ চতিয়াই লৈ ভালদৰে ঘহি ধুবলৈ থোৱা কাপোৰৰ লগত জাপি থোৱা হয়। এনে কৰিলে গুড়িয়ে কাপোৰত থকা চর্বিভাগ শুহি ল’ব, ফলত ধূলি- বালিভাগ মুক্ত হৈ পৰিব। কাপোৰখন ভালদৰে বুৰুজ মাৰি জোকাৰিলে পৰিষ্কাৰ হৈ পৰিব।

৭। উজ্জ্বলকাৰক দ্রব্য প্রয়োগ কৰা প্রণালী: কিছুমান যৌগিক যৌগৰ উজ্জ্বলকাৰক গুণ থকা দেখা যায়। এই যৌগসমূহে চুটি তৰংগ দৈর্ঘ্যৰ পোহৰ শোষণ কৰি দীর্ঘতৰ তৰংগ দৈর্ঘ্যত এই পোহৰ এৰি দিয়ে আকৌ চকুৰে দৃষ্টিগোচৰ হোৱা ৰশ্মিত পৰিণত কৰে। এনে যৌগ কাপোৰত প্ৰয়োগ কৰিলে এনে গুণৰ বাবে কাপোৰখন দেখাত অধিক উজ্জ্বল হৈ পৰে। সেয়েহে এনে যৌগক উজ্জ্বলকাৰক দ্রব্য কেৱা হয়। এই দ্রব্য বজাৰত বিভিন্ন বাণিজ্যিক নামেৰে কিনিবলৈ পোৱা যায়। নীলৰ দৰেই ইয়াৰো দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। ধোৱা কাপোৰখন ভালদৰে জোকাৰি এই দ্ৰৱণত কিছু সময় তিয়াই দ্ৰৱণৰ পৰা তুলি ৰ’দত শুকোৱা হয়।

৮। পাটৰ কাপোৰ ধোৱা প্ৰণালী (Washing of silk): পাটৰ কাপোৰ নিমজ আৰু মসৃণ হোৱা বাবে ধূলি-বালি আদি কাপোৰৰ পৃষ্ঠত ৰৈ নাথাকে। ফলত কাপোৰখন ব্যৱহাৰ কৰিলেও সোনকালে লেতেৰা নহয়। কাপোৰ ধুবলগীয়া হ’লে মৃদু ক্ষাৰজাতীয় চাবোন, চাবোনবিহীন চাবোন অথবা ছিল্কৰ কাপোৰ ধুবলৈ তৈয়াৰ কৰা বিশেষ চাবোন অথবা অপমার্জকত ধুব লাগে। মলিন ৰং ধৰা কাপোৰত অলপ ব’ৰাক্স মিহলালে ৰং পৰিষ্কাৰ হয়।

১৬। যিকোনো দুটা কাপোৰ ধোৱা প্ৰণালীৰ বৰ্ণনা কৰা।

উত্তৰঃ যিকোনো দুটা কাপোৰ ধোৱা প্ৰণালীৰ তলত বৰ্ণনা কৰা হল —

১। মেচিনৰ সহায়ত ধোৱা প্ৰণালী (Washing by washing machine): কাপোৰ ধোৱা যন্ত্ৰৰ মূল নীতি হৈছে- পৰিষ্কাৰক দ্ৰৱণত হেন্দোলনি তুলি কাপোৰৰ মাজে মাজে দ্ৰৱণ সঞ্চালন কৰা। এনে কৰিলে পৰিষ্কাৰক দ্ৰৱই মলিৰ চৰ্বিভাগ গলাই কাপোৰৰ পৰা আঁতৰি দ্ৰৱণত অৱদ্ৰৱৰূপে জমা হয় আৰু বালিভাগ মুক্ত হৈ পৰে। এইদৰে দ্ৰৱণৰ গতি সৃষ্টি কৰি কাপোৰৰ পৰা সকলো মুক্ত মলি উলিয়াই অনা হয়।

যন্ত্র অনুযায়ী ধোৱণৰ সামান্য কিছু পার্থক্য হয়। ধোৱাৰ পিচত পৰিষ্কাৰ পানীৰ সহায়ত যন্ত্ৰৰ দ্বাৰাই আওডালি পৰিষ্কাৰ কৰা হয়। অতিৰিক্ত পানী চেপি আঁতৰাই শুকাৱ দিয়া হয়।

২। শোষণ প্রণালী (Suction washing): এই প্রণালীত বায়ুশূন্য পৰিস্থিতি এটা তৈয়াৰ কৰিবলৈ কিছুমান সজুলীৰ ব্যৱহাৰ কৰা হয়। এইবোৰক শোষকযন্ত্র বোলা হয়। এই শোষকযন্ত্র এটা ধাতুৰ বাতিৰ দৰে ইয়াত কিছুমান ফুটা কৰা থাকে আৰু ইয়াত ধৰিবৰ বাবে এডাল হাটনীমাৰি থাকে। চাবোন পানীৰ এটা মৃদু দ্ৰৱণ তৈয়াৰ কৰি লেতেৰা কাপোৰবোৰ তিয়াই দিয়া হয় আৰু শোষক যন্ত্ৰৰ সহায়ত কাপোৰত হেঁচা প্রয়োগ কৰা হয়। এনে কৰিলে কাপোৰৰ পৰা সম্পূর্ণ চাবোনপানী ওলাই যাব আৰু এক বায়শূন্য পৰিস্থিতিৰ সৃষ্টি হ’ব।

১৭। কাপোৰ আওডালা মানে কি?

উত্তৰঃ পৰিষ্কাৰক দ্রব্য যেনে চাবোন,অপমাৰ্জক আদিৰ সহায়ত যিকোনো একপ্ৰকাৰ কাপোৰ ধোৱা প্ৰণালী অনুসৰণ কৰি কাপোৰৰ মলি আঁতৰোৱা হয়। কিন্তু কাপোৰত মলি আৰু অপমাৰ্জক বা পৰিষ্কাৰক দ্ৰব্য ৰৈ যায়। পৰিষ্কাৰ পানীৰে এই মলি আৰু পৰিষ্কাৰক দ্রব্য উটুৱাই দিয়াকে আওডালা বোলে। এই প্ৰণালী কাপোৰৰ পৰা ফেন আৰু মলি সম্পূৰ্ণৰূপে আঁতৰি নোযোৱালৈকে কেইবাবাৰো কৰা হয়। কাপোৰত পৰিষ্কাৰক দ্ৰব্য আৰু মলি ৰৈ গ’লে লাহে লাহে কাপোৰৰ শক্তি হ্রাস হয় আৰু কাপোৰত ঈষৎ হালধীয়া বৰণ লয়। আওডালাৰ শেষত কাপোৰ অনুযায়ী নীল, উজ্জ্বলকাৰক দ্রব্য, মাৰ, নেমুৰ ৰস বা ভিনেগাৰ আদি দি কাপোৰ আওডালা হয়।

১৮। কাপোৰ শুকোৱাৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ আওডালাৰ পিছত কাপোৰত ৰৈ যোৱা পানী হাতেৰে মৃদু চাপ দি উলিয়াই দিয়া হয়। পাটৰ আৰু উলৰ কাপোৰ টাৱেলৰ মাজত সোমোৱাই পানী টোকা হয় আৰু জাৰি-জোকাৰি সিয়নীৰ দিশত শুকাৱ দিয়া হয়। ৰঙীণ কাপোৰ, উল আৰু পাটৰ কাপোৰ ছাঁত শুকোৱা হয়। এনে কাপোৰ পোনপটীয়াকৈ ৰ’দত শুকাৱ দিব নালাগে। বগা কাপোৰ ৰ’দ আৰু ঘাঁহনি বা জোপোহাৰ ওপৰত শুকাৱ দিলে বিৰঞ্জীকৰণৰ সহায়ত অধিক বগা হোৱা দেখা যায়। বৰষুণ দিলে কাপোৰ ভিতৰত শুকোৱা উচিত, বাহিৰত বৰষুণত মেলি থব নালাগে।

১৯। কাপোৰ কেনেদৰে চপোৱা উচিত।

উত্তৰঃ কাপোৰ চপোৱাৰ ওপৰত নিৰ্ভৰ কৰে কাপোৰ ইস্ত্ৰি কৰাৰ সফলতা, ইস্ত্রি কৰোতে সম্পূৰ্ণ সফলতা পাবলৈ হ’লে কাপোৰ মেলোতে পোছাক জাৰি-জোকাৰি দীঘৰ দিশত মেলিব লাগে আৰু সমভাৱে সেমেকা অৱস্থাত চপাই নুৰিয়াই থ’ব লাগে। নহ’লে সেমেকা টাৱেলত সোমাৱাই ফ্ৰিজত ভৰাই থ’ব লাগে। কাপোৰ চপোৱাৰ পিচত লগে লগে ইস্ত্রি নকৰিলে সম্পূর্ণ শুকুৱাই টানি- টুনি সিয়নীৰ দিশত জাপি থ’ব লাগে।

২০। শুষ্ক ধোৱন প্রণালী কি? শুষ্ক ধোৱনত ব্যৱহৃত দ্রব্যসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ শুষ্ক ধোৱন হল এটা পদ্ধতি যি বহু প্ৰকাৰৰ কাপোৰ পানীত ধুলে নষ্ট হয়, তেনে কাপোৰ পানীৰ সলনি আন তৰল দ্ৰাৱকৰ সহায়ত শুষ্ক ধোৱন পদ্ধতিৰে পৰিষ্কাৰ কৰা হয়।শুষ্ক ধোৱনত ব্যৱহৃত দ্রব্যসমূহ হল –  যিকোনো গা বা মুখত ঘহা পাউডাৰ, ফ্রেন্স চক পাউডাৰ, ফুলাৰচ আৰ্থ অথবা সাজিমাটি যিকোনো দাইলৰ বেচন, আতাৰ ভুচি, ময়দা, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, ভজা ময়দা, গন্ধকৰ গুড়ি ইত্যাদি।

২১। কাপোৰত নীল কেনেদৰে প্ৰয়োগ কৰিবা?

উত্তৰঃ বগা কাপোৰ ধোৱাৰ পিচত উজ্জ্বল কৰিবলৈ নীল দিয়া হয়। নীল গুড়ি অথবা জুলীয়া অৱস্থাত পোৱা যায়। অদ্রৱণীয় নীলো পোৱা যায়। কাপোৰত নীল দিবলৈ প্ৰথমতে নীলৰ দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। এটা পাত্ৰত আৱশ্যকীয় পানী লৈ (কাপোৰখন ভালদৰে দ্ৰৱণত ডুব যোৱাকৈ) নীল পাতল কাপোৰ এখনত লৈ ঢিলাকৈ বান্ধি পানীত জুবুৰিয়াই আৰু লৰাই থকা হয়। নীলৰ আৱশ্যকীয় গাঢ়তা পোৱাৰ লগে লগে টোপোলাতো আঁতৰাই দিয়া হয়। বেছি গাঢ় হ’লে পৰিষ্কাৰ পানী মিহলোৱা হয়। কাপোৰত মাৰ দিবলগীয়া থাকিলে মাৰৰ লগতে নীল মিহলোৱা হয়। এতিয়া কাপোৰখন কোনো ভাজ নথকাকৈ ভালদৰে জাৰি-জোকাৰি, নীলপানী ভালদৰে লৰাই কাপোৰ তিয়াব লাগে। কেইবাবাৰো তল-ওপৰ কৰি জুবুৰিয়াই নীলপানীৰ পৰা কাপোৰখন উঠাই অতিৰিক্ত পানী টুকিব লাগে, কাপোৰখন পকাই চেপিব নালাগে। পকাই চেপিলে ভাঁজে ভাঁজে ৰেখাৰ দৰে দাগ লাগে।

২২। উজ্জ্বলকাৰক দ্রব্য কি? কাপোৰত কিয় আৰু কেনেদৰে প্ৰয়োগ কৰা হয়।

উত্তৰঃ উজ্জ্বলকাৰক দ্রব্য হল পূৰ্ণকৰণ পদ্ধতি আৰম্ভ হয় বগা কাপোৰত উজ্জ্বলতা ঘূৰাই আনিবলৈ প্ৰয়োগ কৰা নীল। কাপোৰত নীল ৰঙীণ আৰু বগা কাপোৰ খমখমীয়া কৰিবলৈ ব্যৱহাৰ কৰা মাৰলৈকে, যাৰ দ্বাৰা কাপোৰৰ সজীৱতা আৰু নতুন ৰূপ ঘূৰাই আনিব পাৰি। সেয়েহে দুয়োটা প্রণালী প্রয়োগ কৰাৱ আৱশ্যক হয়। 

কাপোৰত নীল দিবলৈ প্ৰথমতে নীলৰ দ্ৰৱণ এটা তৈয়াৰ কৰি লোৱা হয়। এটা পাত্ৰত আৱশ্যকীয় পানী লৈ (কাপোৰখন ভালদৰে দ্ৰৱণত ডুব যোৱাকৈ) নীল পাতল কাপোৰ এখনত লৈ ঢিলাকৈ বান্ধি পানীত জুবুৰিয়াই আৰু লৰাই থকা হয়। নীলৰ আৱশ্যকীয় গাঢ়তা পোৱাৰ লগে লগে টোপোলাতো আঁতৰাই দিয়া হয়। বেছি গাঢ় হ’লে পৰিষ্কাৰ পানী মিহলোৱা হয়। কাপোৰত মাৰ দিবলগীয়া থাকিলে মাৰৰ লগতে নীল মিহলোৱা হয়। এতিয়া কাপোৰখন কোনো ভাজ নথকাকৈ ভালদৰে জাৰি-জোকাৰি, নীলপানী ভালদৰে লৰাই কাপোৰ তিয়াব লাগে। কেইবাবাৰো তল-ওপৰ কৰি জুবুৰিয়াই নীলপানীৰ পৰা কাপোৰখন উঠাই অতিৰিক্ত পানী টুকিব লাগে, কাপোৰখন পকাই চেপিব নালাগে। পকাই চেপিলে ভাঁজে ভাঁজে ৰেখাৰ দৰে দাগ লাগে।

২৩। পাটৰ কাপোৰ তুমি কেনেদৰে ধুবা?

উত্তৰঃ পাটৰ কাপোৰ ধুবলৈ প্ৰথমতে দ্ৰৱণ এটা তৈয়াৰ কৰি কিছু সময় তিয়াই থ’ব লাগে। কিন্তু পাঁচ মিনিটতকৈ অধিক সময় তিয়াব নালাগে। বেছি লেতেৰা অংশ গাঢ় চাবোনৰ দ্ৰৱণ দি হাতেৰে মৃদু চাপৰ সহায়ত খুব লাগে। পাটৰ কাপোৰ ঘৰ্ষণ বা চাপ প্রয়োগ কৰি ধোৱা নহয়। চাচন ওৱাচাৰ বা শোষক যন্ত্ৰৰ সহায়ত ধুলেও সুফল পোৱা যায়। ধোৱাৰ পাচত পৰিষ্কাৰ পানীত তল-ওপৰ কৰি আওডালিব লাগে। মৃদু ক্ষাৰৰ চাবোন ব্যৱহাৰ কৰিলে শেষৰবাৰ আওডালোতে নেমুৰ ৰস বা ভিনেগাৰ কেইটোপালমান দিয়া হয়। এনে কৰিলে ক্ষাৰৰ ক্ৰিয়া প্ৰসমন হয় আৰু কাপোৰৰ উজ্জ্বলতা বাঢ়ে। পাটৰ কাপোৰ কেতিয়াও চেপিব নালাগে। হাতেৰে চাপ দি অতিৰিক্ত পানী উলিয়াব লাগে। ৰৈ যোৱা অংশ টাৱেলৰ মাজত সোমোৱাই পানী টুকিব লাগে। নতুন পাটৰ কাপোৰত মাৰ দিয়াৰ আৱশ্যক নহয়। কিন্তু পুৰণি পাটৰ কাপোৰত মাৰ দিয়াৰ আৱশ্যক হ’লে গম বা জিলেটিন কুহুমীয়া পানীত গলাই দ্ৰৱণ তৈয়াৰ কৰি কাপোৰত দিয়া হয়। পাতৰ কাপোৰ ছাঁত মেলিব লাগে। ৰঙীণ কাপোৰ হ’লে লুটিয়াই মেলিব লাগে।

২৪। পাটৰ কাপোৰ শেষ ৰূপ দিবলৈ নির্দেশনা দিয়া।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ কাপোৰৰ সাজ- পোছাক আৰু সামগ্ৰীৰ ব্যৱহাৰৰ আৱশ্যক হয়। পাটৰ কাপোৰ ব্যৱহাৰ কৰাৰ ফলত এই সামগ্ৰীবোৰ লেতেৰা হয় আৰু পৰিষ্কাৰ কৰিবৰ বাবে ধোৱাৰ আৱশ্যক হয়। ধুই শুকোৱাৰ পাচত কাপোৰবোৰ সোতমোচ খায়, সৰু সৰু ভাঁজ পৰে, অসাৱধানে মেলি দিয়াৰ ফলত আকাৰো নষ্ট হয়। ধোৱা কাপোৰ বা সামগ্ৰীৰ এই সকলো আসোঁৱাহ দূৰ কৰি পৃষ্ঠভাগ সাইলাখ নতুনৰ দৰে সমান, মিহি আৰু মসৃণ কৰি তোলা হয়। ধোৱা কাপোৰত পুনৰ নতুনৰ ৰূপ দিবলৈ এইবোৰ প্ৰণালী প্রয়োগ কৰা হয় এইদৰে পাটৰ কাপোৰৰ শেষ ৰূপ দিব পাৰি।

২৫। ঊলৰ কাপোৰ ধোৱা প্ৰণালীৰ বিৱৰণ দিয়া।

উত্তৰঃ ঊলৰ আঁহত মাছৰ বাকলিসদৃশ গঠন থকা বাবে আৰু অধিক স্থিতিস্থাপক গুণসম্পন্ন হোৱা বাবে লেতেৰা হ’লেও লেতেৰা হোৱা যেন দেখা নাযায়। সেয়ে সঘনাই নুধুলেও হয়। ঊলৰ কাপোৰ ধুবলগা হ’লে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। ঘৰত ধুলে মৃদু ক্ষাৰজাতীয় চাবোনৰ লগত কুহুমীয়া পানীৰে এটা দ্ৰৱণ তৈয়াৰ কৰি কাপোৰ তিয়াব লাগে। ঊলৰ কাপোৰ ধোৱাৰ আগতে সংশ্লিষ্ট কাপোৰৰ আকৃতি অনুৰূপ নক্সা এখন কাগজত আঁকি থোৱা হয়। বেছি লেতেৰা কাপোৰ হ’লে দুটা বা তিনিটা চাবোনৰ দ্ৰৱণ তৈয়াৰ কৰি এটাৰ পাচত আনটোত ক্রমান্বয়ে তিয়াই পৰিষ্কাৰ কৰিব লাগে। কাপোৰ পৰিষ্কাৰকৈ ধুবলৈ সামান্য চাপ বা ঘর্ষণ প্রয়োগ কৰিব নালাগে। ধোৱাৰ শেষত আওডালিবলৈ পৰিষ্কাৰক দ্ৰৱণৰ দৰে একে উষ্ণতাৰ পানী ব্যৱহাৰ কৰিব পাৰিলে সুফল পোৱা যায়। 

২৬। বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ প্ৰকৃতি অনুযায়ী ধোৱা প্রণালী টেবুল আকাৰত প্ৰকাশ কৰি দেখুওৱা।

উত্তৰঃ 

কাপোৰ আৰু সামগ্রীপৰিষ্কাৰক দ্রব্যপানীৰ উষ্ণতাধোৱন প্রণালী
ডাঠ খহতা কাপোৰ যেনে- এপ্রণ,গাধোৱা ঘৰত ব্যৱহাৰ কৰা কাপোৰ বা স্ক্রীন ইত্যাদি।যিকোনো পৰিষ্কাৰক দ্ৰব্য আৰু বেছি লেতেৰা হ’লে ব’ৰাক্স মিহলাব লাগে।পানীৰ উষ্ণতা ৬৫⁰-৮০⁰ চেন্টিগ্রেড হ’ব লাগে।হাতেৰে অথবা বুৰুজেৰে ঘৰ্ষণ প্রয়োগ কৰি ধুব লাগে। কাপোৰ ধোৱা যন্ত্ৰত ধুব পৰা যায়।
বগা কাপোৰ, টেবুলত পাৰা কাপোৰ, বিছনাত পাৰা কাপোৰ, চেলোৱাৰ, শ্বার্ট, পেন্ট, পায়জামা ইত্যাদি।
যিকোনো অপমার্জক ব্যৱহাৰ কৰিব পাৰি।
৬৫° চেন্টিগ্রেডৰ পৰা ৮০⁰ চেন্টিগ্রেড পানীৰ উষ্ণতা।বুৰুজৰ সহায়ত ঘৰ্ষণ প্রয়োগ কৰি বিশেষকৈ শ্বাৰ্টৰ কলাৰ, কাফ, পাতলি ইত্যাদি। যন্ত্ৰৰ সহায়তো ধুব পৰা যায়।
ৰঙীণ কাপোৰ, অতি কোমল, লাহি কাপোৰ, অতি মূল্যবান কাপোৰ যেনে- অর্গেন্ডি, মলমল ইত্যাদি।কম ক্ষাৰজাতীয় যিকোনো পৰিষ্কাৰক দ্রব্য নহ’লে অপমার্জক।ৰঙীণত ঠাণ্ডা পানী আৰু ৰং নোযোৱা কাপোৰ হ’লে কুহুমীয়া পানী।মৃদু চাপ প্রয়োগ কৰি কাপোৰ ধোৱা হয় অথবা ঠুকুচা আৰু চেপা আৰু শোষণ পদ্ধতিৰে ধোৱা হয়।
ডাঙৰ গধুৰ কাপোৰ, পর্দা,বিছনা, ঢকা আঁঠুৱা ইত্যাদি।গাঢ় ক্ষাৰজাতীয় চাবোন, যিকোনো শক্তিশালী পৰিষ্কাৰক দ্রব্য, অপমার্জক।কুহুমীয়া পানী।শোষণ পদ্ধতি নহ’লে কাপোৰ ধোৱা যন্ত্ৰৰ সহায়ত খুব লাগে।
অতি চমু উত্তৰৰ প্ৰশ্নাৱলী

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top