SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Chapter: 9
| MCQ |
১। ভাৰতীয় সংস্কৃতিত ‘ভক্তি’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) হিন্দী।
(খ) অসমীয়া।
(গ) সংস্কৃত।
(ঘ) তামিল।
উত্তৰঃ (গ) সংস্কৃত।
২। সংস্কৃত ‘ভজ’ শব্দৰ অৰ্থ কি?
(ক) গীত গোৱা।
(খ) পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা।
(গ) তপস্যা কৰা।
(ঘ) দান কৰা।
উত্তৰঃ (খ) পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা।
৩। ভক্তিৰ ধাৰণা পোনপ্ৰথমে ক’ত উল্লেখ পোৱা যায়?
(ক) বেদত।
(খ) উপনিষদত।
(গ) পুৰাণত।
(ঘ) ৰামায়ণত।
উত্তৰঃ (খ) উপনিষদত।
৪। খ্ৰীষ্টীয় সপ্তম শতিকাত পোন প্ৰথমে ভক্তিবাদৰ উত্থান ক’ত হৈছিল?
(ক) মহাৰাষ্ট্ৰত।
(খ) কৰ্ণাটকত।
(গ) বৰ্তমানৰ তামিলনাডু ৰাজ্যত।
(ঘ) গুজৰাটত।
উত্তৰঃ (গ) বৰ্তমানৰ তামিলনাডু ৰাজ্যত।
৫। দাক্ষিণাত্যৰ ‘আলৱাৰ’সকল কোন দেৱতাৰ উপাসক আছিল?
(ক) শিৱ।
(খ) বিষ্ণু।
(গ) ব্ৰহ্মা।
(ঘ) সূৰ্য।
উত্তৰঃ (খ) বিষ্ণু।
৬। ‘নায়নাৰ’সকলে কাক উপাসনা কৰিছিল?
(ক) বিষ্ণু।
(খ) ইন্দ্ৰ।
(গ) শিৱ।
(ঘ) দুৰ্গা।
উত্তৰঃ (গ) শিৱ।
৭। উপনিষদত থকা ‘অদ্বৈতবাদ’ ধাৰণা কোনে প্ৰচাৰ কৰিছিল?
(ক) ৰামানুজে।
(খ) শংকৰাচাৰ্যই।
(গ) বাসৱন্নাই।
(ঘ) নামদেৱে।
উত্তৰঃ (খ) শংকৰাচাৰ্যই।
৮। দাক্ষিণাত্যত ভক্তি আন্দোলনৰ আন এক গুৰি ধৰোঁতা কোন আছিল?
(ক) ৰামানুয।
(খ) শংকৰাচাৰ্য।
(গ) জয়দেৱ।
(ঘ) কবীৰ।
উত্তৰঃ (ক) ৰামানুয।
৯। দ্বাদশ শতিকাৰ মাজভাগত কৰ্ণাটকত গঢ় লৈ উঠা ‘বীৰশৈৱ’ বা ‘লিংগায়ত’ আন্দোলনৰ গুৰিয়াল কোন আছিল?
(ক) অক্কামহাদেৱী।
(খ) বাসৱন্না।
(গ) আল্লামা প্ৰভু।
(ঘ) ৰামানুয।
উত্তৰঃ (খ) বাসৱন্না।
১০। ইতিহাসবিদসকলে ভক্তিবাদক ঘাইকৈ কেইটা ভাগত ভাগ কৰিছে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
১১। ঈশ্বৰক সাকাৰ হিচাপে লৈ উপাসনা কৰা ধাৰাক কি বোলা হয়?
(ক) নিৰ্গুণ ভক্তি।
(খ) সগুণ ভক্তি।
(গ) চুফীবাদ।
(ঘ) অদ্বৈতবাদ।
উত্তৰঃ (খ) সগুণ ভক্তি।
১২। মহাৰাষ্ট্ৰত খ্ৰীষ্টীয় তেৰ শতিকাত নব্য ভক্তিবাদৰ ধাৰা কাৰ নেতৃত্বত আৰম্ভ হৈছিল?
(ক) জ্ঞানেস্বৰ বা জ্ঞানদেৱৰ।
(খ) ৰামানন্দৰ।
(গ) দাদু দয়ালৰ।
(ঘ) ৰামদাসৰ।
উত্তৰঃ (ক) জ্ঞানেস্বৰ বা জ্ঞানদেৱৰ।
১৩। নামদেৱ, তুকাৰাম আৰু একনাথ কোন অঞ্চলৰ ভক্তি সাধক আছিল?
(ক) পঞ্জাৱ।
(খ) গুজৰাট।
(গ) মহাৰাষ্ট্ৰ।
(ঘ) বংগদেশ।
উত্তৰঃ (গ) মহাৰাষ্ট্ৰ।
১৪। উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল?
(ক) ৰামানন্দ।
(খ) তুলসীদাস।
(গ) গুৰু নানক।
(ঘ) চৈতন্যদেৱ।
উত্তৰঃ (ক) ৰামানন্দ।
১৫। পন্ধৰ শতিকাৰ নব্য ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা কবীৰ কাৰ প্ৰিয় শিষ্য আছিল?
(ক) গুৰু নানকৰ।
(খ) ৰামানন্দৰ।
(গ) বাসৱন্নাৰ।
(ঘ) শংকৰদেৱৰ।
উত্তৰঃ (খ) ৰামানন্দৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

