SEBA Class 7 Social Science MCQ Chapter 8 মধ্যযুগৰ অসম Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 8 মধ্যযুগৰ অসম and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 8 মধ্যযুগৰ অসম
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসম
Chapter: 8
| MCQ |
১। অসমৰ ইতিহাসত ‘মধ্যযুগ’ বুলি কোন সময়ছোৱাক কোৱা হয়?
(ক) একাদশ শতিকাৰ পৰা পঞ্চদশ শতিকালৈ।
(খ) ত্রয়োদশ শতিকাত আহোমসকল অহাৰ পৰা ১৮২৬ চনলৈ।
(গ) দশম শতিকাৰ পৰা ১৮২৬ চনলৈ।
(ঘ) পঞ্চদশ শতিকাৰ পৰা বিংশ শতিকালৈ।
উত্তৰঃ (খ) ত্রয়োদশ শতিকাত আহোমসকল অহাৰ পৰা ১৮২৬ চনলৈ।
২। ১৮২৬ চনত কোনখন সন্ধি স্বাক্ষৰ হোৱাৰ লগে লগে অসমত আধুনিক যুগৰ আৰম্ভণি হৈছিল?
(ক) ঘিলাঝাৰীঘাটৰ সন্ধি।
(খ) মাজুলী সন্ধি।
(গ) ইয়াণ্ডাবু সন্ধি।
(ঘ) পুৰন্দৰ সন্ধি।
উত্তৰঃ (গ) ইয়াণ্ডাবু সন্ধি।
৩। চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল?
(ক) বীৰপাল।
(খ) ৰত্নধ্বজপাল।
(গ) গৌৰীনাৰায়ণ।
(ঘ) নীতিপাল।
উত্তৰঃ (ক) বীৰপাল।
৪। ১৫২৩ খ্রীষ্টাব্দত কোন ৰজাই চুতীয়া ৰাজ্যক নিজৰ অধীনলৈ আনিছিল?
(ক) কছাৰীসকলে।
(খ) আহোমসকলে।
(গ) কোচসকলে।
(ঘ) মোগলসকলে।
উত্তৰঃ (খ) আহোমসকলে।
৫। চুতীয়াসকলৰ উপাস্য দেৱী কেঁচাইখাঁতী গোঁসানীক আন কি নামেৰে জনা যায়?
(ক) কামাখ্যা।
(খ) উগ্ৰতাৰা।
(গ) দিক্ষৰবাসিনী।
(ঘ) তাম্ৰেশ্বৰী।
উত্তৰঃ (গ) দিক্ষৰবাসিনী।
৬। ভূঞাসকলৰ প্ৰশাসনিক কেন্দ্রক কি বুলি কোৱা হৈছিল?
(ক) কাৰখান।
(খ) ৰাজধানী।
(গ) থান।
(ঘ) দৰবাৰ।
উত্তৰঃ (ক) কাৰখান।
৭। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্ম কোনটো ভূঞা বংশত হৈছিল?
(ক) সৰু-ভূঞা।
(খ) শিৰোমণি ভুঞা।
(গ) বৰ-ভূঞা।
(ঘ) কছাৰী ভূঞা।
উত্তৰঃ (খ) শিৰোমণি ভূঞা।
৮। কছাৰী ৰাজ্যৰ প্রথম ৰাজধানী ক’ত আছিল?
(ক) মাইবং।
(খ) খাচপুৰ।
(গ) ডিমাপুৰ।
(ঘ) শদিয়া।
উত্তৰঃ (গ) ডিমাপুৰ।
৯। কোনজন কছাৰী ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অসমীয়ালৈ অনুবাদ কৰিছিল?
(ক) মহামাণিক্য।
(খ) যশোনাৰায়ণ।
(গ) গোবিন্দচন্দ্র।
(ঘ) কৃষ্ণচন্দ্ৰ।
উত্তৰঃ (ক) মহামাণিক্য।
১০। ১৮৩২ খ্রীষ্টাব্দত কোনজন কছাৰী ৰজাৰ মৃত্যুৰ পাছত কছাৰী ৰাজ্য ইংৰাজৰ অধীনলৈ যায়?
(ক) তাম্রধ্বজ।
(খ) মহামাণিক্য।
(গ) গোবিন্দচন্দ্ৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) গোবিন্দচন্দ্র।
১১। কামৰূপৰ ৰজা সন্ধ্যাই ৰাজধানী গুৱাহাটীৰ পৰা ক’লৈ স্থানান্তৰ কৰিছিল?
(ক) কোচবিহাৰলৈ।
(খ) কমতাপুৰলৈ।
(গ) ৰংপুৰলৈ।
(ঘ) গড়গাঁৱলৈ।
উত্তৰঃ (খ) কমতাপুৰলৈ।
১২। কমতা ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল?
(ক) নৰনাৰায়ণ।
(খ) বিশ্বসিংহ।
(গ) নীলাম্বৰ।
(ঘ) চিলৰায়।
উত্তৰঃ (গ) নীলাম্বৰ।
১৩। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল?
(ক) চিলৰায়।
(খ) নৰনাৰায়ণ।
(গ) বিশ্বসিংহ।
(ঘ) ৰঘুদেৱ।
উত্তৰঃ (গ) বিশ্বসিংহ।
১৪। ‘গোঁহাই কমল আলি’ কোনজন ৰজাই নির্মাণ কৰোৱাইছিল?
(ক) বিশ্বসিংহ।
(খ) নৰনাৰায়ণ।
(গ) নীলাম্বৰ।
(ঘ) প্রতাপ সিংহ।
উত্তৰঃ (খ) নৰনাৰায়ণ।
১৫। কোনজন কোচ ৰজাৰ পৃষ্ঠপোষকতাত কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল?
(ক) বিশ্বসিংহ।
(খ) নৰনাৰায়ণ।
(গ) চিলৰায়।
(ঘ) নীলাম্বৰ।
উত্তৰঃ (খ) নৰনাৰায়ণ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

