SEBA Class 7 Social Science MCQ Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Chapter: 10
| MCQ |
১। প্ৰায় ৫০০ খ্ৰীষ্টপূৰ্বত পাণিনিয়ে ৰচনা কৰা সংস্কৃত ভাষাৰ ব্যাকৰণখনৰ নাম কি?
(ক) অষ্টাধ্যায়ী।
(খ) পঞ্চতন্ত্ৰ।
(গ) হিতোপদেশ।
(ঘ) নাট্যশাস্ত্ৰ।
উত্তৰঃ (ক) অষ্টাধ্যায়ী।
২। তলৰ কোনটো বস্তুগত সংস্কৃতিৰ অন্তৰ্গত?
(ক) ভাষা।
(খ) ঘৰ-দুৱাৰ।
(গ) মূল্যবোধ।
(ঘ) নীতি-নিয়ম।
উত্তৰঃ (খ) ঘৰ-দুৱাৰ।
৩। অশোকৰ শিলালিপিবোৰ সাধাৰণতে কোন ভাষাত লিখা হৈছিল?
(ক) সংস্কৃত আৰু বঙালী।
(খ) তামিল আৰু মালয়ালম।
(গ) প্ৰাকৃত আৰু পালি।
(ঘ) হিন্দী আৰু উৰ্দু।
উত্তৰঃ (গ) প্ৰাকৃত আৰু পালি।
৪। প্ৰাচীন তামিল সাহিত্যক কি বুলি কোৱা হয়?
(ক) বৈদিক সাহিত্য।
(খ) সংগম সাহিত্য।
(গ) প্ৰাকৃত সাহিত্য।
(ঘ) অপভ্ৰংশ সাহিত্য।
উত্তৰঃ (খ) সংগম সাহিত্য।
৫। ‘চিলাপথিকাৰম্’ আৰু ‘মণিমেকলাই’ কোন ভাষাৰ মহাকাব্য?
(ক) তেলেগু।
(খ) সংস্কৃত।
(গ) তামিল।
(ঘ) কানাড়া।
উত্তৰঃ (গ) তামিল।
৬। ভাৰতৰ সংগীত, নৃত্য আৰু নাট্যৰ ভেটিস্বৰূপ গ্ৰন্থখনৰ নাম কি?
(ক) ৰামায়ণ।
(খ) মহাভাৰত।
(গ) নাট্যশাস্ত্ৰ।
(ঘ) উপনিষদ।
উত্তৰঃ (গ) নাট্যশাস্ত্ৰ।
৭। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা কি কি?
(ক) লোকসংগীত আৰু ভজন।
(খ) হিন্দুস্তানী আৰু কৰ্ণাটকী সংগীত।
(গ) বৰগীত আৰু ওজাপালি।
(ঘ) গজল আৰু কৱালী।
উত্তৰঃ (খ) হিন্দুস্তানী আৰু কৰ্ণাটকী সংগীত।
৮। কৰ্ণাটকী সংগীত প্ৰধানকৈ ভাৰতৰ কোন অঞ্চলত প্ৰসাৰিত হৈছিল?
(ক) উত্তৰ ভাৰত।
(খ) দক্ষিণ ভাৰত।
(গ) পূব ভাৰত।
(ঘ) পশ্চিম ভাৰত।
উত্তৰঃ (খ) দক্ষিণ ভাৰত।
৯। ‘অভিজ্ঞানম্ শকুন্তলম্’ নামৰ কালজয়ী নাটকখন কোনে ৰচনা কৰিছিল?
(ক) কালিদাস।
(খ) শূদ্ৰক।
(গ) বিশাখদত্ত।
(ঘ) ভৱভূতি।
উত্তৰঃ (ক) কালিদাস।
১০। ‘মৃচ্ছকটিকম্’ নামৰ প্ৰাচীন নাটকখনৰ ৰচক কোন?
(ক) ভৱভূতি।
(খ) কালিদাস।
(গ) বিশাখদত্ত।
(ঘ) শূদ্ৰক।
উত্তৰঃ (ঘ) শূদ্ৰক।
১১। অসমত অংকীয়া নাট আৰু ভাওনাৰ আৱিৰ্ভাৱ কাৰ নেতৃত্বত ঘটিছিল?
(ক) মাধৱদেৱ।
(খ) শ্ৰীমন্ত শংকৰদেৱ।
(গ) ৰামসৰস্বতী।
(ঘ) সুকুমাৰ বৰকাইথ।
উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ।
১২। ‘যাত্ৰা’ কোন ৰাজ্যৰ প্ৰচলিত লোকনাট্য?
(ক) গুজৰাট।
(খ) অসম।
(গ) ওড়িশা।
(ঘ) ৰাজস্থান।
উত্তৰঃ (গ) ওড়িশা।
১৩। ‘ভৱাই’ কোনখন ৰাজ্যৰ লোকনাট্য?
(ক) গুজৰাট।
(খ) মণিপুৰ।
(গ) কেৰালা।
(ঘ) অসম।
উত্তৰঃ (ক) গুজৰাট।
১৪। প্ৰাচীন কালৰ নৰ্তকীৰ মূৰ্তি ক’ত উদ্ধাৰ হৈছিল?
(ক) অজন্তা গুহাত।
(খ) হৰপ্পা সভ্যতাত।
(গ) সাঁচী স্তূপত।
(ঘ) ইলোৰা গুহাত।
উত্তৰঃ (খ) হৰপ্পা সভ্যতাত।
১৫। ‘সত্ৰীয়া’ কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য?
(ক) মণিপুৰ।
(খ) কেৰালা।
(গ) অসম।
(ঘ) ওড়িশা।
উত্তৰঃ (গ) অসম।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

