SEBA Class 7 Social Science Important Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Chapter: 9
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। ভক্তি শব্দটো ক’ৰ পৰা উদ্ভাৱন হৈছে?
উত্তৰঃ ভক্তি শব্দটো সংস্কৃত ‘ভজ’ শব্দৰ পৰা আহিছে।
২। ‘ভক্তি’ৰ অৰ্থ কি?
উত্তৰঃ ভক্তিৰ অৰ্থ হ’ল পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা।
৩। আলৱাৰসকল কোন আছিল?
উত্তৰঃ আলৱাৰসকল বিষ্ণুৰ উপাসক আছিল।
৪। নায়নাৰসকল কোন আছিল?
উত্তৰঃ নায়নাৰসকল শিৱৰ উপাসক আছিল।
৫। শংকৰাচাৰ্যৰ ধাৰণাক কি বুলি অভিহিত কৰা হয়?
উত্তৰঃ শংকৰাচাৰ্যৰ ধাৰণাক ‘অদ্বৈতবাদ’ বুলি অভিহিত কৰা হয়।
৬। বীৰশৈৱসকলৰ অনুগামীসকলক কি বোলা হৈছিল?
উত্তৰঃ বীৰশৈৱসকলৰ অনুগামীসকলক ‘লিংগায়ত’ বোলা হৈছিল।
৭। মহাৰাষ্ট্ৰত নৱ্য ভক্তিবাদৰ ধাৰা কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ মহাৰাষ্ট্ৰত নৱ্য ভক্তিবাদৰ ধাৰা জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত আৰম্ভ হৈছিল।
৮। উত্তৰ ভাৰতত নৱ্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল?
উত্তৰঃ উত্তৰ ভাৰতত নৱ্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ।
৯। কবীৰে ৰচনা কৰা ভক্তিমূলক কবিতাবোৰক কি বুলি কোৱা হয়?
উত্তৰঃ কবীৰে ৰচনা কৰা ভক্তিমূলক কবিতাবোৰক ‘দোঁহা’ বুলি কোৱা হয়।
১০। উত্তৰ ভাৰতত কথিত ভাষাত ‘ৰাম চৰিত মানস’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ উত্তৰ ভাৰতত কথিত ভাষাত ‘ৰাম চৰিত মানস’ তুলসীদাসে ৰচনা কৰিছিল।
১১। মধ্যযুগত ভাৰতত বিভিন্ন ধৰ্মীয় বিশ্বাসৰ সংমিশ্ৰণত গঢ় লৈ উঠা নতুন আধ্যাত্মিক ধাৰাটোক কি বুলি জনা যায়?
উত্তৰঃ মধ্যযুগত ভাৰতত বিভিন্ন ধৰ্মীয় বিশ্বাসৰ সংমিশ্ৰণত গঢ় লৈ উঠা নতুন আধ্যাত্মিক ধাৰাটোক ‘সমন্বয়বাদ’ বুলি জনা যায়।
১২। ভক্তিমাৰ্গৰ ‘সগুণ’ আৰু ‘নিৰ্গুণ’ মতবাদৰ মাজত ঘাই পাৰ্থক্য কি?
উত্তৰঃ সগুণ মতত বিশ্বাসীসকলে ঈশ্বৰক সাকাৰ হিচাপে আৰু নিৰ্গুণ মতত বিশ্বাসীসকলে ঈশ্বৰক নিৰাকাৰ বুলি উপাসনা কৰিছিল।
১৩। বংগদেশত ভক্তিমাৰ্গক কোনে সু-সংহত ৰূপত সজাইছিল?
উত্তৰঃ চৈতন্যদেৱে বংগদেশত ভক্তিমাৰ্গক সু-সংহত ৰূপত সজাইছিল।
১৪। শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমত নৱ-ভক্তি আন্দোলনৰ ধাৰা কোনে সজীৱ কৰি ৰাখিছিল?
উত্তৰঃ মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে অসমত নৱ-ভক্তি আন্দোলনৰ ধাৰা সজীৱ কৰি ৰাখিছিল।
১৫। চুফী সন্ত আজান ফকীৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ চুফী সন্ত আজান ফকীৰ ইৰাক দেশৰ বাগদাদৰ পৰা অসমলৈ আহিছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। ভক্তি আন্দোলনৰ উৎপত্তি আৰু দাক্ষিণাত্যত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বহলাই আলোচনা কৰা।
উত্তৰঃ “ভক্তি” শব্দটো সংস্কৃত “ভজ” শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা। সপ্তম শতিকাত বৰ্তমানৰ তামিলনাডু ৰাজ্যত ‘আলৱাৰ’ আৰু ‘নায়নাৰ’ সম্প্ৰদায়ৰ দ্বাৰা পোনপ্ৰথমে ভক্তি আন্দোলনৰ উত্থান হৈছিল। আলৱাৰসকল আছিল বিষ্ণুৰ উপাসক আৰু নায়নাৰসকল আছিল শিৱৰ উপাসক। তেওঁলোকে নিজৰ নিজৰ উপাস্য দেৱতাৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি গীত-মাতৰ জৰিয়তে মানুহৰ মনত ভক্তি জগাই তুলিবলৈ চেষ্টা কৰিছিল আৰু জাতি-বৰ্ণৰ ঊৰ্ধ্বলৈ গৈ সমাজৰ সকলোকে সামৰি লৈছিল। এই সময়তে শংকৰাচাৰ্যই অদ্বৈতবাদ (অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই) আৰু ৰামানুজ আদিয়েও ভক্তিৰ প্ৰচাৰ কৰিছিল। দ্বাদশ শতিকাত কৰ্ণাটকত বাসবান্নাৰ নেতৃত্বত ‘বীৰশৈৱ’ বা ‘লিংগায়ত’ সম্প্ৰদায়ে গঢ় লৈ উঠে, যিয়ে জাতিভেদ প্ৰথাৰ কঠোৰ বিৰোধিতা কৰাৰ লগতে বাল্য বিবাহৰ বিৰোধিতা আৰু বিধৱা বিবাহৰ প্ৰচলনক সমৰ্থন কৰিছিল।
২। উত্তৰ ভাৰতত নৱ্য ভক্তি আন্দোলনৰ প্ৰসাৰত ৰামানন্দ, কবীৰ আৰু গুৰু নানকৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ উত্তৰ ভাৰতত নৱ্য ভক্তি আন্দোলনৰ গুৰিয়াল আছিল ৰামানন্দ। তেওঁ সকলো জাতি-ধৰ্মৰ লোকক আঁকোৱালি লৈ হিন্দী ভাষাত ৰামৰ গুণানুকীৰ্তন কৰিছিল। ৰামানন্দৰ প্ৰিয় শিষ্য কবীৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে ভক্তিৰ প্ৰচাৰ কৰিছিল। তেওঁৰ ভক্তিমূলক কবিতাবোৰক ‘দোঁহা’ বুলি কোৱা হয়, যাৰ জৰিয়তে তেওঁ দুয়োটা ধৰ্মৰ কঠোৰ নীতি-নিয়মৰ সমালোচনা কৰিছিল। আনহাতে, গুৰু নানকে শিখ ধৰ্ম প্ৰৱৰ্তন কৰি হিন্দু ধৰ্মৰ মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ নিৰাকাৰ ঈশ্বৰক ‘ৰব’ নামেৰে চিহ্নিত কৰি উপাসনা কৰিছিল আৰু মানৱ প্ৰেমক আধাৰ হিচাপে লৈ শিখ ধৰ্মক পৰৱৰ্তী সময়ত এক যুঁজাৰু জাতি হিচাপে গঢ়ি তোলাত অৱদান যোগাইছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

