SEBA Class 7 Social Science Important Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 10 ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
ভাৰতৰ সাংস্কৃতিক ঐতিহ্য
Chapter: 10
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। সংস্কৃতি বুলিলে কি বুজা যায়?
উত্তৰঃ সংস্কৃতি হ’ল এখন সমাজৰ লোকসকলৰ জীৱন পদ্ধতি, য’ত মানুহৰ বিশ্বাস, মূল্যবোধ, আচাৰ-ব্যৱহাৰ, কলা, সাহিত্য আদি অন্তৰ্ভুক্ত।
২। সংস্কৃত ভাষাৰ ব্যাকৰণ ‘অষ্টাধ্যায়ী’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ পাণিনিয়ে সংস্কৃত ভাষাৰ ব্যাকৰণ ‘অষ্টাধ্যায়ী’ ৰচনা কৰিছিল।
৩। ‘সংগম সাহিত্য’ কোনটো ভাষাৰ লগত জড়িত?
উত্তৰঃ ‘সংগম সাহিত্য’ প্ৰাচীন তামিল ভাষাৰ লগত জড়িত।
৪। প্ৰাচীন তামিল ভাষাৰ দুখন মহাকাব্যৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন তামিল ভাষাৰ দুখন উল্লেখযোগ্য মহাকাব্য হ’ল ‘চিলাপথিকাৰম্’ আৰু ‘মণিমেকলাই’।
৫। ভাৰতীয় সংগীতৰ প্ৰধান ধাৰা দুটা কি কি?
উত্তৰঃ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰধান ধাৰা দুটা হ’ল— হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত।
৬। ভৰত মুনিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ভৰত মুনিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল ‘নাট্যশাস্ত্ৰ’।
৭। কালিদাসে ৰচনা কৰা দুখন প্ৰাচীন নাটকৰ নাম লিখা।
উত্তৰঃ কালিদাসে ৰচনা কৰা দুখন প্ৰাচীন নাটক হ’ল ‘মালৱিকা-অগ্নিমিত্ৰম্’ আৰু ‘অভিজ্ঞানম্ শকুন্তলম্’।
৮। অসমত অংকীয়া নাট আৰু ভাওনাৰ আৰম্ভণি কোনে কৰিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসমত অংকীয়া নাট আৰু ভাওনাৰ আৰম্ভণি ঘটিছিল।
৯। ভাৰতৰ যিকোনো দুবিধ শাস্ত্ৰীয় নৃত্যৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ যিকোনো দুবিধ শাস্ত্ৰীয় নৃত্যৰ নাম হ’ল― ভৰত নাট্যম আৰু কথক।
১০। বিহু আৰু ওজাপালি কোন ৰাজ্যৰ লোকনৃত্য?
উত্তৰঃ বিহু আৰু ওজাপালি অসমৰ লোকনৃত্য।
১১। প্ৰাচীন ভাৰতৰ চিত্ৰকলাৰ আদিম উদাহৰণ কোনখন গুহাত পোৱা যায়?
উত্তৰঃ মধ্যপ্ৰদেশৰ ভীমবেটকা গুহাৰ চিত্ৰবোৰত ভাৰতৰ প্ৰাচীন চিত্ৰকলাৰ আদিম উদাহৰণ পোৱা যায়।
১২। অসমৰ সাঁচিপতীয়া পুথিত ব্যৱহাৰ কৰা যিকোনো দুবিধ ৰঙৰ নাম লিখা।
উত্তৰঃ অসমৰ পুথিচিত্ৰত ব্যৱহাৰ কৰা দুবিধ প্ৰাকৃতিক ৰং হ’ল হেঙুল আৰু হাইতাল।
১৩। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মন্দিৰশৈলীক কি কি নামেৰে জনা যায়?
উত্তৰঃ উত্তৰ ভাৰতৰ মন্দিৰশৈলীক ‘নাগৰ’ আৰু দক্ষিণ ভাৰতৰ মন্দিৰশৈলীক ‘দ্ৰাবিড়’ বুলি জনা যায়।
১৪। প্ৰাচীন ভাৰতৰ দুখন সাধুকথাৰ পুথিৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন ভাৰতৰ দুখন উল্লেখযোগ্য সাধুকথাৰ পুথি হ’ল ‘পঞ্চতন্ত্ৰ’ আৰু ‘হিতোপদেশ’।
১৫। ভাৰতীয় সংগীতৰ প্ৰধান উপাদান তিনিটা কি কি?
উত্তৰঃ ভাৰতীয় সংগীতৰ প্ৰধান উপাদান তিনিটা হ’ল— গীত, বাদ্য আৰু নৃত্য।
দীঘলীয়া প্রশ্নোত্তৰ:
১। সংস্কৃতিৰ বস্তুগত আৰু অবস্তুগত উপাদান বুলিলে কি বুজা? উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰঃ ঘৰ-দুৱাৰ, চিকিৎসালয়, পুথিভঁৰাল আদিৰ দৰে কাৰিকৰী সম্পদবোৰক সমাজ এখনৰ বস্তুগত সংস্কৃতি বোলা হয়। আনহাতে, সু-সংহত জীৱনৰ বাবে চকুৰে নেদেখা মানসিক কাৰ্য-কলাপ যেনে নীতি-নীতি, মূল্যবোধ, প্ৰথা, লোকাচাৰ আদি বিমূৰ্ত জীৱন-পদ্ধতিক অবস্তুগত সংস্কৃতি বুলি ধৰা হয়।
২। প্ৰাচীন ভাৰতীয় সাহিত্যলৈ সংস্কৃত আৰু তামিল ভাষাৰ অৱদানৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ প্ৰাচীন ভাৰতৰ বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি সংস্কৃত ভাষাতেই লিখা হৈছিল আৰু প্ৰায় ৫০০ খ্ৰীষ্টপূৰ্বত পাণিনিয়ে এই ভাষাৰ ব্যাকৰণ ‘অষ্টাধ্যায়ী’ ৰচনা কৰিছিল। ভাস, কালিদাস আদি নাট্যকাৰসকলেও সংস্কৃত ভাষাতে সাহিত্য সৃষ্টি কৰিছিল। আনহাতে, প্ৰাচীন তামিল সাহিত্যক ‘সংগম সাহিত্য’ বুলি কোৱা হয় যাৰ বিকাশ প্ৰায় ৩০০ খ্ৰীষ্টপূৰ্বত হৈছিল। ‘চিলাপথিকাৰম্’ আৰু ‘মণিমেকলাই’ নামৰ মহাকাব্য দুখন তামিল ভাষাৰ অমূল্য অৱদান।
৩। ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোক-কলাৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।
উত্তৰঃ শাস্ত্ৰীয় কলাবোৰ সাধাৰণতে ধৰ্মীয় পটভূমিৰ লগত জড়িত, ইয়াৰ বাবে বছৰ-বছৰ ধৰি প্ৰশিক্ষণৰ প্ৰয়োজন হয় আৰু প্ৰদৰ্শন কৰোঁতে ইয়াৰ নীতি-নিয়মবোৰ কঠোৰভাৱে পালন কৰা হয়। আনহাতে, লোক-কলাবোৰৰ সময়ৰ গতিত পৰিৱৰ্তন হ’ব পাৰে আৰু এইবোৰ ঘাইকৈ কৃষি, বিয়া-বাৰু বা মনোৰঞ্জনৰ বাবে পৰিৱেশন কৰা হয়।
৪। অসমৰ প্ৰাচীন সচিত্ৰ পুথিচিত্ৰ বা চিত্ৰকলাৰ বিষয়ে এটি চমু টোকা প্ৰস্তুত কৰা।
উত্তৰঃ মধ্যযুগত শংকৰদেৱৰ ৰচনাৰ জৰিয়তে অসমত পুথিচিত্ৰৰ আৰম্ভণি হয়, যাক সত্ৰীয়া বা শংকৰী শৈলী বোলা হয়। সাঁচিপাত আৰু তুলাপাতে অঁকা এই চিত্ৰবোৰত প্ৰাকৃতিক ৰং যেনে হেঙুল, হাইতাল, নীল, খৰিমাটি আদি ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য নিদৰ্শনসমূহৰ ভিতৰত ‘চিত্ৰ ভাগৱত’ অন্যতম। আন এখন উল্লেখযোগ্য পুথি হ’ল সুকুমাৰ বৰকাইথৰ ৰচিত হস্তীবিদ্যাৰ্ণৱ, য’ত ৰাজস্থানৰপৰা অনা দিলবৰ আৰু দোসাঁয়ে চিত্ৰ আঁকিছিল।
৫। ভাৰতৰ মন্দিৰ স্থাপত্যৰ প্ৰধান তিনিটা শৈলী কি কি? এই শৈলীসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰতৰ মন্দিৰ স্থাপত্যৰ প্ৰধান তিনিটা শৈলী হ’ল— নাগৰ, দ্ৰাবিড়, আৰু বেছৰ। প্ৰাচীন কালত উত্তৰ ভাৰতত নিৰ্মিত মন্দিৰ শৈলীক নাগৰ (Nagara) বুলি জনা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ গঠন উত্তৰ ভাৰততকৈ পৃথক আৰু ইয়াক দ্ৰাবিড় (Dravida) শৈলী বুলি কোৱা হয়। আনহাতে, বিন্ধ্যা আৰু কৃষ্ণা নদীৰ মাজভাগত (বিশেষকৈ কৰ্ণাটক অঞ্চলত) গঢ় লৈ উঠা শৈলীক বেছৰ (Vesara) বুলি জনা যায়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

