SEBA Class 7 Social Science Important Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 11 প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
প্ৰশাসনঃ ৰাজতন্ত্ৰৰপৰা গণতন্ত্ৰলৈ
Chapter: 11
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। সমাজৰ ‘অসুৰক্ষিত গোট’ কাক বোলে?
উত্তৰঃ সমাজৰ শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আদি যিসকলে নিজৰ সুৰক্ষা নিজে নিশ্চিত কৰিবলৈ সমৰ্থ নহয়, তেওঁলোকক অসুৰক্ষিত গোট বোলা হয়।
২। দেশ এখনৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে?
উত্তৰঃ দেশ এখনৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব প্ৰশাসনৰ হাতত থাকে।
৩। ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে?
উত্তৰঃ প্ৰশাসনে ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰে।
৫। প্ৰশাসনে কৰা দুটা জনসেৱামূলক কামৰ নাম লিখা।
উত্তৰঃ প্ৰশাসনে কৰা দুটা জনসেৱামূলক কাম হ’ল— শিক্ষা আৰু স্বাস্থ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা।
৬। বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় শাসন ব্যৱস্থাটোৰ নাম কি?
উত্তৰঃ বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় শাসন ব্যৱস্থাটো হ’ল গণতন্ত্ৰ।
৭। ৰাজতন্ত্ৰত প্ৰধানজনক কি বুলি কোৱা হয় আৰু তেওঁ কেনেকৈ ক্ষমতা লাভ কৰে?
উত্তৰঃ ৰাজতন্ত্ৰত প্ৰধানজনক ৰজা বা ৰাণী বুলি কোৱা হয় আৰু তেওঁ উত্তৰাধিকাৰীসূত্ৰে ক্ষমতা লাভ কৰে।
৮। প্ৰাচীন গ্ৰীচত কেনেধৰণৰ শাসন ব্যৱস্থা আছিল?
উত্তৰঃ প্ৰাচীন গ্ৰীচত প্ৰত্যক্ষ গণতন্ত্ৰ আৰু অভিজাততন্ত্ৰ প্ৰচলিত আছিল।
৯। আমেৰিকা যুক্তৰাষ্ট্ৰত কেনেধৰণৰ গণতন্ত্ৰ প্ৰচলিত?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ প্ৰচলিত।
১০। আব্ৰাহাম লিংকনে আগবঢ়োৱা গণতন্ত্ৰৰ সংজ্ঞাটো কি?
উত্তৰঃ আব্ৰাহাম লিংকনৰ মতে, “গণতন্ত্ৰ হৈছে জনসাধাৰণৰদ্বাৰা গঠিত, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ চৰকাৰ”।
১১। গণতন্ত্ৰৰ দুটা মূল নীতিৰ নাম লিখা।
উত্তৰঃ গণতন্ত্ৰৰ দুটা মূল নীতি হ’ল— সমতা আৰু স্বাধীনতা।
১২। ভাৰতবৰ্ষত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষত ১৯৪৭ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।
১৩। আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৭৮৭ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।
১৪। গণতন্ত্ৰত সকলো নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমান সুযোগ লাভ কৰাটোক কি বুলি কোৱা হয়?
উত্তৰঃ গণতন্ত্ৰত সকলো নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমান সুযোগ লাভ কৰাটোক ‘সমতা’ বুলি কোৱা হয়।
১৫। নেপালত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। প্ৰশাসন বুলিলে কি বুজা? দেশ এখনত প্ৰশাসনৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ সাধাৰণ অৰ্থত প্ৰশাসন হৈছে দেশ এখনৰ শাসন-ব্যৱস্থা। প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থাক বুজা যায় যিটোৱে এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তি-শৃংখলা অটুট ৰাখে, জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন বজাই ৰখাৰ লগতে জনসেৱাও আগবঢ়ায়।
প্ৰশাসনৰ প্ৰয়োজনীয়তা:
এখন ৰাজ্য বা দেশৰ বিশাল ভৌগোলিক অঞ্চল আৰু তাত বাস কৰা জনসাধাৰণৰ শিক্ষা, অনাময়, প্ৰতিৰক্ষা, স্বাস্থ্য, যাতায়াত আদি দিশবোৰ চোৱা-চিতা কৰিবলৈ প্ৰশাসনৰ প্ৰয়োজন। দেশৰ ৰাজধানীৰপৰা আৰম্ভ কৰি সীমান্তৰ শেষ প্ৰান্তত বাস কৰা নাগৰিকৰ প্ৰতি চৰকাৰৰ দায়িত্ব সমান। সমাজৰ অসুৰক্ষিত গোট (Vulnerable Group) যেনে— শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰশাসন ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন।
২। প্ৰশাসনৰ প্ৰধান কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ প্ৰশাসনৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল―
(i) শিক্ষা, স্বাস্থ্য আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা।
(ii) জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা।
(iii) দেশত আইন প্ৰণয়ন আৰু ইয়াৰ কাৰ্যকৰীকৰণ কৰা।
(iv) দেশৰ অৰ্থনীতি আৰু অৰ্থনৈতিক কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা।
(v) নাগৰিকৰ বাবে শান্তি, স্থিৰতা আৰু সুৰক্ষা নিশ্চিত কৰা।
(vi) দেশৰ আইন-শৃংখলা অটুট ৰখা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰা।
(vii) বিদেশী ৰাষ্ট্ৰৰ লগত প্ৰয়োজনীয় সহযোগিতা বজাই ৰখা।
৩। গণতন্ত্ৰ কাক বোলে? গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ গণতন্ত্ৰ হৈছে জনসাধাৰণৰ শাসন, অৰ্থাৎ এই ব্যৱস্থাত জনসাধাৰণেই সৰ্বেসৰ্বা। আব্ৰাহাম লিংকনৰ মতে, “গণতন্ত্ৰ হৈছে জনসাধাৰণৰদ্বাৰা গঠিত, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ চৰকাৰ”।
গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল―
(i) এই শাসন ব্যৱস্থাত চৰকাৰ গঠন আৰু পৰিচালনাত জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে।
(ii) জনসাধাৰণে চৰকাৰে প্ৰদান কৰা সকলো সুযোগ-সুবিধা সমানে লাভ কৰাৰ অধিকাৰ থাকে।
(iii) নিৰ্বাচিত চৰকাৰ বা শাসক সদায় জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হৈ থাকে।
(iv) গণতন্ত্ৰত এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে, যিয়ে নাগৰিকৰ ন্যায় সুনিশ্চিত কৰে।
(v) ইয়াত মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

