SEBA Class 7 Social Science Important Chapter 6 মধ্যযুগৰ ভাৰত Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 6 মধ্যযুগৰ ভাৰত Notes and select need one. SCERT Class 7 Samaj Bichitra Additional Solutions Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Important Solutions.
SEBA Class 7 Social Science Important Chapter 6 মধ্যযুগৰ ভাৰত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) Additional Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra Important Question Answer in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ ভাৰত
Chapter: 7
| IMPORTANT QUESTION ANSWER |
চমু প্রশ্নোত্তৰ:
১। ভাৰতত চুলতানী শাসনৰ আৰম্ভণি কোনে কৰিছিল?
উত্তৰঃ ১২০৬ খ্রীষ্টাব্দত কুতুবুদ্দিন আইবাকে ভাৰতত চুলতানী শাসনৰ আৰম্ভণি কৰিছিল।
২। দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ দাস বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ইলটুতমিছ।
৩। দিল্লীৰ সিংহাসনত বহা একমাত্র মহিলা শাসকগৰাকীৰ নাম কি?
উত্তৰঃ দিল্লীৰ সিংহাসনত বহা একমাত্র মহিলা শাসকগৰাকীৰ নাম হ’ল- ৰেজিয়া চুলতানা।
৪। খিলজি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ খিলজি বংশৰ প্ৰতিষ্ঠাপক জালালুদ্দিন ফিৰোজশ্বাহ খিলজি আছিল।
৫। নিজৰ ৰাজধানী দিল্লীৰপৰা দৌলতাবাদলৈ কোনে স্থানান্তৰ কৰিছিল?
উত্তৰঃ নিজৰ ৰাজধানী দিল্লীৰপৰা দৌলতাবাদলৈ মহম্মদ-বিন-টোগলকে স্থানান্তৰ কৰিছিল।
৬। ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিক খাঁ।
৭। চুলতানী আমোলৰ সামৰিক বিভাগ বা সৈন্যবাহিনীৰ মুৰব্বীক কি বোলা হৈছিল?
উত্তৰঃ চুলতানী আমোলৰ সামৰিক বিভাগ বা সৈন্যবাহিনীৰ মুৰব্বীক আৰিজ-ই-মামালিক বা ‘দিৱান-ই-অর্জ’ বোলা হৈছিল।
৮। মোগল সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ মোগল সাম্রাজ্যৰ প্ৰতিষ্ঠাপক আছিল জাহিৰুদ্দিন মহম্মদ বাবৰ।
৯। ১৫২৬ খ্ৰীষ্টাব্দৰ পাণিপথৰ প্ৰথম যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল?
উত্তৰঃ ১৫২৬ খ্ৰীষ্টাব্দৰ পাণিপথৰ প্ৰথম যুদ্ধত বাবৰে ইব্রাহীম লোডীক পৰাস্ত কৰিছিল।
১০। ‘বাবৰনামা’ কি?
উত্তৰঃ ‘বাবৰনামা’ হ’ল মোগল সম্রাট বাবৰৰ আত্মজীৱনী।
১১। ১৫৫৬ খ্ৰীষ্টাব্দৰ পাণিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দৰ পাণিপথৰ দ্বিতীয় যুদ্ধ মোগল সেনা (আকবৰৰ সৈন্য) আৰু হিন্দু ৰজা হিমুৰ (হেমচন্দ্ৰ বিক্রমাদিত্য) মাজত হৈছিল।
১২। সম্রাট আকবৰে প্ৰৱৰ্তন কৰা শান্তি আৰু সহনশীল নীতিটোক কি বোলা হৈছিল?
উত্তৰঃ সম্রাট আকবৰে প্ৰৱৰ্তন কৰা শান্তি আৰু সহনশীল নীতিটোক ‘চুল-হি-কূল’ বোলা হৈছিল।
১৩। জিজিয়া কৰ কি?
উত্তৰঃ জিজিয়া কৰ হ’ল মুছলমান শাসকসকলে নিজৰ অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা একপ্ৰকাৱৰ কৰ।
১৪। তাজমহল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ তাজমহল মোগল সম্রাট ছাহজাহানে নিৰ্মাণ কৰিছিল।
১৫। মোগল প্ৰশাসনত সামৰিক বাহিনী পৰিচালনাৰ বাবে প্ৰচলন কৰা প্ৰধান ব্যৱস্থাটোৰ নাম কি আছিল?
উত্তৰঃ মোগল প্ৰশাসনত সামৰিক বাহিনী পৰিচালনাৰ বাবে প্ৰচলন কৰা প্ৰধান ব্যৱস্থাটোৰ নাম মনচবদাৰী ব্যৱস্থা আছিল।
দীঘলীয়া প্রশ্নোত্তৰ:
১। প্মহম্মদ-বিন-টোগলকক কিয় ‘জ্ঞানী মূর্খ’ ৰজা বুলি কোৱা হয়?
উত্তৰঃ মহম্মদ-বিন-টোগলক প্রজাহিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। তেওঁ দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল, যাৰ ফলত বহু ধন-জনৰ ক্ষতি হৈছিল। তেওঁ তামৰ মুদ্ৰা প্ৰচলন কৰি ইয়াক সোণ আৰু ৰূপৰ সমমূল্যৰ বুলি ঘোষণা কৰিছিল। ফলস্বৰূপে নকল তামৰ মুদ্ৰাৰে বজাৰ ভৰি পৰিছিল আৰু দেশৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল। এনেবোৰ হঠকাৰী আৰু বিফল সিদ্ধান্তৰ বাবেই তেওঁক ‘জ্ঞানী মূর্খ’ ৰজা বুলি কোৱা হয়।
২। আলাউদ্দিন খিলজিৰ বজাৰ ব্যৱস্থাৰ সংস্কাৰসমূহ বৰ্ণনা কৰা।
উত্তৰঃ আলাউদ্দিন খিলজিয়ে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কঠোৰ নীতি প্ৰৱৰ্তন কৰিছিল। তেওঁ দিল্লীত তিনিখন সুকীয়া বজাৰ স্থাপন কৰিছিল: প্ৰথমখন খাদ্য সামগ্ৰীৰ, দ্বিতীয়খন কাপোৰ-কানি, চেনি, ঘিউ, তেল আদিৰ আৰু তৃতীয়খন ঘোঁৰা, দাস আৰু গৰুৰ বজাৰ আছিল। ইয়াৰ উপৰিও তেওঁ ৰাজ্যত সুৰা সেৱন আৰু বিক্রীত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

