গাৰো জনগোষ্ঠী (Garo Tribe) উত্তৰ-পূৰ্ব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা, নাগালেণ্ড আৰু বাংলাদেশৰ কিছুমান অঞ্চলত বসবাস কৰা এক বিশিষ্ট জনগোষ্ঠী। গাৰো সকল মূলত চীনা-তিব্বতীয় বংশৰ লোক, যাৰ সাংস্কৃতিক আৰু ভাষিক ঐতিহ্য অতি সমৃদ্ধ। “গাৰো” নামটি অতীতত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বিস্তৃত অঞ্চলৰ জনগোষ্ঠীক বুজাবলৈ ব্যৱহৃত হৈছিল, যদিও গাৰো জনগোষ্ঠীয়ে নিজকে “আ•চিক মাণ্ডে” বুলি পৰিচয় দিয়ে, যাৰ অৰ্থ “পাহাৰৰ মানুহ” (আ•চিক = “পাহাৰীয়া,” মাণ্ডে = “মানুহ”)।
ভাষাগত দিশত গাৰো ভাষা বড়ো-কছাৰী পৰিয়ালৰ অংশ, যিটো উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ভাষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে। ডিমাছা, ৰাভা, আটং, তিৱা, আৰু কোচ আদি ভাষা এই পৰিয়ালৰ অন্তৰ্ভুক্ত। এই ভাষাসমূহৰ মাজত শব্দৰ সাদৃশ্য আৰু উচ্চাৰণত মিল থকা দেখা যায়, যাৰ বাবে একেখন ভাষাৰ অন্তৰ্ভুক্ত বুলি ধৰা হয়। ভাষাবৈজ্ঞানিক পৃষ্ঠত এই সম্পৰ্কসমূহৰ পৰ্যবেক্ষণৰ ফলত গাৰো ভাষা আৰু ইয়াৰ পৰিয়ালৰ ভাষাবোৰৰ মাজত গভীৰ মিল চিনাক্ত কৰা যায়।
মেঘালয়ৰ গাৰো পাহাৰ, ত্রিপুরা আৰু বাংলাদেশৰ ময়মনসিংহ অঞ্চলৰ উপৰি কামৰূপ আৰু ওদালগুৰিৰ বননগুৰি, মাজবাট, আৰু দৰংৰ কৌপাতী অঞ্চলত বসবাস কৰা গাৰো জনজাতিৰ স্বতন্ত্র পৰম্পৰা আৰু সমাজনীতিৱে তেওঁলোকক এক বিশেষ চিনাক্ততা প্ৰদান কৰিছে। নৃতত্ত্ববিদৰ মতে, তিব্বত-বৰ্মী গোষ্ঠীৰ অন্তৰ্গত এই মঙ্গোলীয় লোকসকলে উত্তৰ-পূব দিশৰ পৰা অসমত প্ৰৱেশ কৰে। জীৱনধাৰা আৰু জীৱিকা সন্ধানত মেঘালয়ৰ পশ্চিম অঞ্চলৰ পৰ্বতীয়া এলেকাত গাৰোসকলে অধিক বসতি স্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এই অঞ্চলটোক গাৰো পাহাৰ বুলি স্বীকৃতি দিয়া হয়।
গাৰো জনগোষ্ঠীৰ ভাষা | Language of Garo Tribe
গাৰো ভাষা, যাক মান্দি ভাষা বুলিও জনা যায়, এটা চীনা-তিব্বতি ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান মাতৃভাষা। ভাষাটো ভাৰতৰ পৰা বাংলাদেশলৈও বিস্তৃত হৈছে, য’ত বহু গাৰো জনজাতীয় লোক বাস কৰে। মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলৰ বাহিৰেও অসমত এই ভাষাৰ প্ৰচলন আছে, যদিও ভাষাটোৰ লগত ঘনিষ্ঠভাৱে জড়িত বড়ো আৰু ৰাভা ভাষাৰ সৈতে এক প্ৰকৃতিগত মিল দেখা যায়। গাৰো ভাষাৰ লিখিত ৰূপ লেটিন লিপিত হয়।
গাৰো জনজাতিসকলৰ মাজত বিভিন্ন উপভাষাৰ প্ৰচলন দেখা যায়, যি সাধাৰণতে গোত্ৰ আৰু অঞ্চলভেদে পৃথক হয়। এইবোৰৰ ভিতৰত আচিক উপভাষা অন্যতম প্ৰধান, যাক মেঘালয় আৰু বাংলাদেশৰ টাঙ্গাইল, ময়মনসিংহ, শেৰপুৰ, নেত্ৰকোণা আদি অঞ্চলৰ গাৰো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। “আচিক” শব্দৰ অৰ্থ হৈছে ‘পাহাৰ,’ যাৰ পৰা এই উপভাষাৰ নাম আহিছে। আন উল্লেখযোগ্য উপভাষাসমূহ হৈছে আবেং, আৱে, চিচাক, দাক্কা, গাঞ্চিং, কামৰূপ আৰু মাতচি। বাংলাদেশৰ গাৰোসমাজত আবেং উপভাষাৰো যথেষ্ট প্ৰচলন আছে, আৰু ইয়াৰ লগত কোঁচ ভাষাৰ এক গভীৰ মিল দেখা যায়। যদিও বাংলাদেশৰ গাৰো লোকসকলে আবেং উপভাষাত কথোপকথন কৰে, লিখিত ৰূপত আচিক উপভাষাৰ ব্যৱহাৰ প্ৰচলিত। অসমত প্ৰচলিত আৱে উপভাষা বৰ্তমান বিলুপ্তিৰ দিশে আগবাঢ়িছে, আৰু সিহঁতে মান্য গাৰো ভাষাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
গাৰো জনগোষ্ঠীৰ উৎসৱ | Festival of Garo Tribe
ধাৰ্মিক দৃষ্টিকোণৰ পৰা গাৰােসকলৰ পূৰ্বপুৰুষে বিভিন্ন দেৱ-দেৱীক পূজা-অর্চনা কৰিছিল। এই পূজাৰ্চনাৰ অধীনত থকা লােকসমূহক গাৰােসকলে ‘সংসাৰেক’ বুলি অভিহিত কৰিছিল। এওঁলাৰ দেৱ-দেৱীৰ ভিতৰত উল্লেখযোগ্য আছিল চালজং, গৱেৰ, খালখামে, আসিমা, ডিংসিমা, সুসিমে আদি। পূজা-অর্চনাৰ সময়ত গাৰােসকলে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া এটি সাধাৰণ প্ৰথা আছিল। কিন্তু উনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰােসকল খ্ৰীষ্টধর্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁলোকৰ ঐতিহ্যবাহী পূজা-অর্চনা বিলুপ্ত হ’বলৈ ধৰে। গাৰােসকলৰ মাজত সকলোতকৈ বেছি প্ৰসিদ্ধ জাতীয় উৎসৱ হ’ল ওৱানগালা।
গাৰো জনজাতি পূজা-অৰ্চনা আৰু আধ্যাত্মিক বিশ্বাসৰ লগতে বলি প্ৰথাতো পালন কৰে। দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ বলি প্ৰদানৰ ৰীতি যুগযুগধৰি চলি আহিছে। এই বলি প্ৰথাত প্ৰায়ই গাহৰি, ছাগলী, কুকুৰ, হাঁহ-কুকুৰাৰ দৰে জীৱ-জন্তু দেৱতালৈ উৎসৰ্গা কৰা হয়। কুকুৰ বলি দিয়া মঙলচোৱা আৰু ভূত-প্ৰেতত বিশ্বাস কৰা ৰীতি বৰ্তমানো গাৰো সমাজত দেখা পোৱা যায়। গাৰো জনজাতিৰ উৎসৱ-পাৰ্বণৰ আধাৰ মূলত কৃষিভিত্তিক। খেতিৰ কাম-কাজ সমাপ্ত কৰাৰ পিছত বিভিন্ন উৎসৱৰ আৰম্ভণি হয়। ইয়াৰে অন্যতম প্ৰধান উৎসৱ হ’ল ওৱানগালা। যদিও বৰ্তমান বহু গাৰো খ্ৰীষ্টধৰ্মালম্বী হৈছে, সেয়াৰ পাছতো তেওঁলোকে ওৱানগালাৰ লগতে বৰদিন আৰু শুভ শুক্ৰবাৰো উৎসাহৰ সৈতে উদযাপন কৰে। বিশেষকৈ ওৱানগালা উৎসৱত আমোদ-প্ৰমোদ আৰু ধুনীয়া ভোজৰ আয়োজন কৰা হয়, য’ত লাওপানী আৰু মাংসৰ বেছি ব্যৱহাৰ হয়।
গাৰো জনজাতিৰ আন এক গুৰুত্বপূর্ণ উৎসৱ হ’ল মাংগোনা, যাৰ মূল উদ্দেশ্য মৃত আত্মাসকলৰ পৰম শান্তি লাভৰ বাবে কৰা উপাচাৰ। এই উৎসৱটি সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ উদযাপন কৰে। উল্লেখযোগ্য দিশটো হৈছে—যেতিয়া কোনো ব্যক্তি গাঁৱত মৃত্যুবৰণ কৰে, তেতিয়া মৃতদেহৰ অস্থি আৰু ভস্ম মাংগোনা উৎসৱৰ দিনলৈ যত্নসহকাৰে সংৰক্ষণ কৰা হয়। উৎসৱৰ দিনটোত এই অস্থি আৰু ভস্মসমূহ বাহিৰলৈ উলিয়াই আনিলে, নিয়মমতে সেগুলি পুনৰ দাহ কৰা হয়।
গাৰো জনগোষ্ঠীৰ জীৱিকা | Livelihood of the Garo Tribe
গাৰো সমাজৰ লোকসকলে সাধাৰণতে কৃষিত নিৰ্ভৰ কৰি জীৱন নির্বাহ কৰে, বিশেষকৈ ঝুম প্ৰণালীৰে খেতি-বাতি চলাই। পাহাৰৰ ঢলানীয়া ভূমিত শাক-পাচলিৰ লগতে ধানৰ বিভিন্ন প্ৰজাতিৰ খেতি কৰে। তেওঁলোকে শিমলু আলু (মা-বোলচু), কপাহ (খিল), কচু (খা-পা), বেঙেনা (বাৰিং), জলকীয়া (ঝালিক), কোমোৰা (আখাৰু), আৰু লাউ (ৰাউ)ৰ দৰে নানা শস্যৰ খেতি কৰে। লগতে, তেওঁলোকে মিচি নামেৰে পৰিচিত কণীধান আৰু পাহাৰীয়া চাপৰজাতৰ ধান (মি-মা) উৎপাদন কৰে। আনহাতে, সমতলভূমিত বসবাস কৰা গাৰো জাতিসকলেও ভৈয়ামৰ মাটিত সৰিয়হ, ধান, মৰাপাট আদি বিভিন্ন শস্যৰ খেতি কৰে, যি অন্যান্য জনগোষ্ঠীৰ খেতিপাতিৰ দৰে সাধাৰণ
খাদ্যাভ্যাস | Food Habits
আমিষাশী গাৰো সমাজৰ লোকসকলে কুকুৰা, গাহৰি, আৰু গোমাংস ভোজন কৰে। তদুপৰি, শুকান মাছ খাৰ গাৰো সংস্কৃতিত এক বিশেষ স্থান দখল কৰি আছে। যদিও বিভিন্ন ধৰণৰ ব্যঞ্জনসমৃদ্ধ খাদ্য তেওঁলোকৰ তালিকাত আছে, শুকান মাছ আৰু খাৰৰ মিশ্ৰণে তৈয়াৰ কৰা আঞ্জাই গাৰো সকলৰ খাদ্য সংস্কৃতিত প্ৰধান ভূমিকা পালন কৰে।
Conclusion | উপসংহাৰ
গাৰো জনগোষ্ঠীয়ে এক অনন্য আৰু সজীৱ স্থান দখল কৰিছে। চহকী পৰম্পৰা, উৎসৱ, মাতৃবংশ সমাজৰ বাবে পৰিচিত গাৰো জনগোষ্ঠীয়ে ক্ৰমান্বয়ে আধুনিকতাৰ লগত খাপ খুৱাই নিজৰ পূৰ্বপুৰুষৰ শিপাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। সম্প্ৰদায়, পৰিৱেশ পৰিচালনা আৰু আধ্যাত্মিক বিশ্বাসৰ ওপৰত তেওঁলোকৰ প্ৰবল গুৰুত্বই এক সুকীয়া জীৱনশৈলী গঢ় দিছে।
Read also: Singpho Tribe: A Comprehensive Overview | চিংফৌ জনগোষ্ঠী: এক বিস্তৃত আভাস
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.