হাজং জনগোষ্ঠী (Hajong Tribe) ভাৰত উপমহাদেশৰ চীনা-তিব্বতীয় মুলৰ এটি জনজাতি। হাজং জনগোষ্ঠীৰ বেছিভাগ লোক ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশৰ উত্তৰ প্ৰান্তত বসবাস কৰে। সংখ্যাগৰিষ্ঠ হাজং সম্প্রদায়ৰ লোকসকলে ভাৰতত বাস কৰে। ঐতিহাসিকভাৱে তেওঁলোক কৃষিকৰ্মৰ সৈতে জড়িত, বিশেষকৈ ধান চাষৰ ক্ষেত্ৰত। কিছুমান মতে, হাজং জনগোষ্ঠীয়ে গাৰো পাহাৰত ধান খেতি আৰম্ভ কৰিছিল। ভাৰতৰ সংবিধান অনুসৰি হাজং সকলক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। হাজং সংস্কৃতিত বিশেষ স্থান দখল কৰি ৰখা এটি নৃত্য হৈছে “লেৱাতানা,” যি হাজং লোকসকলৰ পৰম্পৰাগত সাংস্কৃতিক পৰিচয়ৰ এক অংগ।
হাজং জনগোষ্ঠীৰ উৎপত্তি | Origin of Hajong Tribe
হাজং গোষ্ঠী ভাৰতীয়-তিব্বতীয় ভাষাভাষী জনগোষ্ঠী, যাৰ ওপৰত বিভিন্ন মত আৰু তত্ত্ব বিদ্যমান। হাজং লোকসকলৰ উৎপত্তি, নাম আৰু ভাৰতলৈ প্ৰব্ৰজনৰ বিষয়ে পণ্ডিতসকলৰ মাজত বিভিন্ন মতামত আছে। তেওঁলোক তিব্বত মালভূমি পাৰত অৱস্থিত অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ আৰু তিস্তা নদীৰ পাৰ ঘৰে উত্তৰ-পূৰ্ব ভাৰতলৈ প্ৰবেশ কৰিছিল। পিছত তেওঁলোকে সোণকোষ উপত্যকাত থিতাপি ল’লে। হাজং লোকসকলে আজিৰ হাজো অঞ্চলক আদি বাসস্থান হিচাপে গণ্য কৰে। হাজং নামটো হাজোৰ পৰা আহিছে, যাৰ মানে “হাজোৰ বাসিন্দা”।প্ৰচলিত বিশ্বাস অনুসাৰে হাজংসকল সূৰ্যবংশৰ ক্ষত্ৰিয়, আৰু সূৰ্যৰ বংশধৰ বুলি ধৰা হয়।
কুল বিভাজন
হাজং গোষ্ঠী মূলত পাঁচটা কুলত বিভক্ত। এই কুলসমূহক হাজং ভাষাত “নিকনি” বুলি কোৱা হয়। একে কুলৰ ভিতৰত বিবাহ নিষেধ। প্ৰতিটো কুলৰ নিজা নিয়ম আছে। এই পাঁচটা কুল হ’ল:
- কৰেবাৰী
- দস্কিনা
- চু-চুংয়া
- বাৰহাজাৰী
- মেছপাৰীয়া
হাজং জনগোষ্ঠীৰ ধৰ্ম | Religion of Hajong Tribe
হাজংসকলৰ পৰম্পৰাগত ধৰ্মত দেৱী লক্ষ্মী, যাক তেওঁলোকে “লুখি দ্যায়’” বুলি সম্বোধন কৰে, ধন-সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে পূজিত হয়। এই দেৱী গৃহৰ পৰা নাপলাবলৈ তেওঁলোকে বিশেষ পৰিস্কাৰতা আৰু পূজাৰ আয়োজন কৰে। হাজংসকলে বৰ্তমান হিন্দু ধৰ্ম পালনে, য’ত হিন্দু দেৱ-দেৱীসকলৰ পূজা কৰা হয়। কিন্তু সঁচাকৈয়ে তেওঁলোকৰ নিজস্ব লোকবিশ্বাস আৰু লৌকিক দেৱতাৰ পূজা বিশেষ স্থান দখল কৰি আছে, যাক “দ্যায়’ ধৰ্ম” বুলি কোৱা হয়। তেওঁলোকৰ ধৰ্মত বস্তুপূজাৰ প্ৰাচীন প্ৰথাও এতিয়াও বিদ্যমান। হাজং ধৰ্মত হিন্দু ধৰ্মৰ প্ৰভাৱ কেতিয়া পৰিল সঠিকভাবে কোৱা কঠিন, কিন্তু কিছুমান ৰীতি-নীতি হিন্দু কালৰ আগৰ পৰাই প্ৰতিষ্ঠিত।
হাজং জনগোষ্ঠীৰ ভাষা | Language of Hajong Tribe
হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতে আদি সম্পর্ক আছে। এই ভাষা প্ৰধানত ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ আৰু বাংলাদেশৰ মিমেনচিং অঞ্চলৰ প্ৰায় ১,৯৫,০০০ হাজং জনগোষ্ঠীৰ লোকৰ দ্বাৰা ব্যৱহৃত হয়। হাজং ভাষাক সাধাৰণতে অসমীয়া লিপিত লিখা হয়। যদিও হাজং ভাষা তিব্বত-বৰ্মী পৰিয়ালৰ, ক্ৰমে ই ভাষাগতভাৱে অসমীয়া আৰু বাংলাৰ সৈতে মিশ্ৰিত হৈছে।
এই ভাষা অসমীয়া লিপিৰ উপৰিও লেটিন লিপিত লিখা হয়। ভাৰতত এই দুটি লিপি ব্যবহৃত হয়, কিন্তু বাংলাদেশত হাজং ভাষা বাংলা লিপিত লিখা হয়, সেয়া বিশেষকৈ সেই অঞ্চলত বাংলাই শিক্ষা আৰু প্ৰচলিত মাধ্যমৰূপে বৰ্তমান হোৱাৰ বাবে। হাজং ভাষাৰ স্বতন্ত্র ধ্বনি /ɯ/ এই ভাষাৰ অন্যতম বৈশিষ্ট্য, যাক লেটিন লিপিত “â” আৰু বাংলা-অসমীয়া লিপিত “অৗ” (ব্যঞ্জন বৰ্ণৰ পিছত থাকিলে “কৗ”) ৰূপে লিখা হয়।
হাজং জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণ | Fastival of Hajong Tribe
হাজংসকলৰ মাজত উৎসৱ-পাৰ্বণ আৰু পূজা-পাতলৰ বিশেষ স্থান আছে, যাৰ মূলত: কৃষিজীৱি সমাজকেন্দ্ৰিকতা দেখা যায়। তেনে কেইবাটাও পূজা-পাতল আছে যিবোৰে তেওঁলোকৰ সংস্কৃতি আৰু জীৱনযাত্ৰাক গভীৰভাৱে প্ৰতিফলিত কৰে। হাজংসকলে বাঁহ পূজা, কাতি পূজা, বাস্তু পূজা, পাচানী পূজা, যাত্ৰা পূজা, ভুইমাগা, চৰমাগা, যুবোমাগা, আৰু কানিদেও পূজা পালন কৰে। বাঁহ পূজা হাজংসকলৰ অন্যতম পূজা, য’ত বাঁহক শিৱ আৰু পাৰ্বতীৰ প্ৰতীক হিচাপে মানি পূজা কৰা হয়। এই পূজা সাধাৰণতে তিনিদিনীয় হৈ থাকে আৰু এই সময়ছোৱাত গাঁৱৰ ডেকা-গাভৰুৱে বাঁহৰে চোঁৱৰ লগাই আনন্দ উৎসৱ পালন কৰে। একে সময়তে কাতি পূজাৰ বিশেষত্ব হৈছে ইয়াৰ নাৰীপ্ৰধান স্বভাৱ। এই পূজাত মাৰাত্মক কাতকা বা কাতি গীতৰ দ্বাৰা গোটেই নিশা পূজা অনুষ্ঠিত হয়। আনহাতে, ব’হাগ মাহত বাস্তু পূজা, যি মূলত গৃহস্থৰ বাস্তু দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা হয়, আৰু বিজয়া দশমীৰ দিনটোত যাত্ৰা পূজাৰ আয়োজন কৰা হয়। এই পূজা শাৰদীয় দুৰ্গা পূজাৰ অংশ হিচাপে প্ৰচলিত। ভুইমাগা আৰু চৰমাগা উৎসৱ হাজংসকলৰ বাবে বিশেষ কাৰ্য্যৰূপে দেখা যায়, য’ত মাত্ৰ ভক্তিৰে পূজাৰ মাধ্যমেই নহয়, সমাজৰ মঙ্গলক কামনা কৰি উদযাপন কৰা হয়। শাক্তধৰ্মী হাজংসকলে পদ্মা বা মনসাৰ পূজাক কানিদেও পূজা হিচাপে পালন কৰে। লগতে, কালী পূজাৰ পূৰ্বৰ দিনবোৰত চৰমাগা উৎসৱ অনুষ্ঠিত হয়।
হাজংসকলে তিনিবিধ বিহুও পালন কৰে। ব’হাগ বিহুক ‘সঙৰাণী’, কাতি বিহুক ‘কাতিগাছা’, আৰু মাঘ বিহুক ‘পুষণা’ বুলিও অভিহিত কৰে। তেওঁলোকৰ মাজত অপদেৱতা পূজাৰো প্রচলন আছে। কোনো ল’ৰা-ছোৱালীয়ে কান্দি থাকিলে গংশদেও পূজা কৰা হয় আৰু কোনোবাই জ্বৰ হলে চুকধাপ দেৱতাক পূজা আগবঢ়োৱা হয়। এছাড়াও, খৰাং বা অনাবৃষ্টিৰ সময়ত হুদুম বা হক দেৱতাৰ পূজা কৰি বৃষ্টিৰ আশীৰ্বাদ বিচৰা হয়।
হাজংসকলৰ আটাইতকৈ জনপ্ৰিয় লোকানুষ্ঠানৰ অন্যতম হ’ল লোৱাটনা। ইয়াৰ উপৰিও ৰোৱালাগা আৰু জাকৈমৰা নৃত্যবোৰো বহুত গুৰুত্বপূৰ্ণ। লোৱাটনা নৃত্যত ডেকা-গাভৰু দল দুটা আকৰ্ষণীয় টনা-টনিৰ কৌশল দেখুৱায়। যদিও প্ৰকৃত লতা ব্যৱহাৰ নকৰে, হাতত হাত ধৰি প্ৰতীকী ভাৱে টনা-টনি কৰা হয়। এই নৃত্যত মূলত লতাৰ পৰিবৰ্তে শাৰীৰিক সম্প্ৰেক্ষাই প্ৰতিনিধিত্ব কৰে। সেইদৰে লোৱাটনা নৃত্য এক প্ৰতীকী ৰূপৰে হাজঙৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতিক হাজিৰ কৰে। সেইদৰে হাজংসকলৰ উৎসৱ-পাৰ্বণৰ এই বৈচিত্ৰ্যপূৰ্ণ ধাৰাবাহিকতা তেওঁলোকৰ সংস্কৃতিৰ গভীৰ অংশৰূপে জনাজাত।
Read also: Tiwa Tribe: A Comprehensive Overview | তিৱা জনগোষ্ঠী : এক বিস্তৃত আভাস
খাদ্যাভ্যাস | Food Habits
কৃষিজীৱি হাজংসকলে ভাতৰ লগতে গাহৰি আৰু কুকুৰাৰ মঙহৰ ব্যৱহাৰ কৰে আৰু মদো খায়। অন্যান্য জনগোষ্ঠীৰ দৰে হাজংসকেও দৈ আৰু পিঠাৰ সাধনা কৰে। সিহঁতে নিজৰ হাতেৰে তৈয়াৰ কৰা পিঠা-প্ৰস্তুতিৰ দ্বাৰা আলহী আৰু অতিথিসকলক খুৱাই আনন্দ আৰু সন্তুষ্টি লাভ কৰে। শান্তিপ্ৰিয় এই জনগোষ্ঠীই এনে পৰম্পৰা আৰু সামাজিক অনুষ্ঠানৰ মাজেৰে নিজ সমাজৰ লগত সুসম্পর্ক বজাই ৰাখে।
হাজং জনগোষ্ঠীৰ সাজ-পাৰ | Traditional Attire of Hajong Tribe
হাজং জনগোষ্ঠীৰ সাজ-পাৰ বিশেষ বৈশিষ্ট্যৰে পূৰ্ণ। পুৰাণি হাজং পুৰাণীসকলে সাধাৰণতঃ গামোচা আৰু গেঞ্জী পৰিধান কৰে। অন্য দিশে, তিৰোতাসকল বিশেষ ৰূপে সাজ-পাৰ কৰে। তিৰোতাসকলে নিজ হাতে বোৱা গাঁৰিয়লি মেঠনি (হাজং ভাষাত পাতানি), কঁকালত টঙালি (কমাৰ বান্ধ), গাত চাদৰ (পাছৰা/আগ্ৰুণ) পিন্ধে। পুৰাণীসকল গামোচা আৰু আঁঠুমূৰীয়া চুৰিয়াৰ সৈতে ফুলাম গলবস্ত্ৰ (কামপেছ) পিন্ধে। উল্লেখযোগ্য যে তিৰোতাসকলৰ তুলনাত পুৰাণীসকলৰ সাজ-পাৰ তুলনামূলকভাৱে কম, আৰু বহু সময়ত চুৰিয়াখনৰ বাদে বাকী উদং গাৰেই দেখা যায়।
হাজং জনগোষ্ঠীৰ অলংকাৰ | Ornaments of Hajong Tribe
হাজং মহিলাসকলে পৰম্পৰাগত পোছাকৰ সৈতে সলনি ধৰণৰ আ-অলংকাৰো পৰিধান কৰে। তেওঁলোকে শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ ৰূপৰ অলংকাৰৰে সাজে। সাধাৰণতে তেওঁলোকে পৰিধান কৰা অলংকাৰসমূহ হৈছে— কাণত কাণফুল, নাকত নাকফুল, ডিঙিত পুতিমালা, হাৰমালা, কণ্ঠহাৰ, আৰু গাছমালা; বাহুত বাজু; হাতত খাৰু, শঙ্খ নিৰ্মিত শাখা, আৰু বালা; আঙুলিত আঙুঠি; কঁকালত বিছা আৰু ভৰিত বাক-গুঞ্জুৰী বা পায়েল। হাজং মহিলাৰ খোপাত ধাতুৰ কাঁটা ফুল সজ্জিত কৰা কথা জনা যায়, কিন্তু বৰ্তমান গহনা আৰু আ-অলংকাৰৰ প্ৰচলন বহুত হ্ৰাস পোৱা দেখা যায়। আজিকালি লেৱা-টানা নৃত্যত হাজং মহিলাই সাধাৰণতে নাকত নাকফুল, কাণত কাণফুল, আৰু হাতত খাৰু-শাখাৰ বাহিৰে অন্য অলংকাৰ পৰিধান কৰা দেখা নাযায়।
বিবাহ পদ্ধতি | Marriage System
বিবাহৰ ক্ষেত্ৰত হাজং জনগোষ্ঠীৰ এক সুদৃশ্য বৈশিষ্ট্য আছে। অন্যান্য জনগোষ্ঠীৰ দৰে, হাজং বিবাহ মণ্ডপত কলৰ পুলি পোতা হয়। ‘জোৰোণ দিয়া’ নামেৰে জনাজাত প্ৰথাত কাপোৰ, অলংকাৰ, তেল, সেন্দুৰ, তামোল-পাণ আদিৰ বিনিময় কৰা হয়। কইনাক গা ধোৱাত আৰু পানী তোলা আদিত হাজং সমাজত বিশেষ দৰক।
বিয়াৰ দিনা হাজংসকল দৰা ‘দামাদ’ বা ‘নয়া’ আৰু যাত্ৰীসকলক ‘ভৰালী’ বোলাৰ ব্যৱস্থা কৰে। দৰাই ক্ষত্ৰিয় নিয়ম অনুসৰি তৰোৱাল লোৱাৰ নিয়ম আছে, আৰু কইনাক গা ধন দিয়া ‘খাল্টি’ নামেৰে পৰিচিত। ফুলশয্যাৰ নিশা যাপন কৰা ঘৰটিক ‘জৰাঘৰ’ বা ‘খোপৰাঘৰ’ বুলি জনা যায়। হাজংসকল সাধাৰণতে দুদিনৰ বিয়া অনুষ্ঠিত কৰে। প্ৰথমদিনা ভৰ বিয়া আৰু পিছৰ দিনা বাহী বিয়া। বাহী বিয়াৰ দিনা নিমন্ত্ৰিতসকলক খুৱোৱা হয়। বিবাহ উৎসৱৰ অংশ হিচাপে বিয়ানামৰ লগতে গীতলু গাহান হয়।
উপসংহাৰ | Conclusion
চহকী ইতিহাস, সজীৱ পৰম্পৰা আৰু অনন্য সাংস্কৃতিক পদ্ধতিৰে হাজং জনগোষ্ঠীয়ে উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক এক গুৰুত্বপূৰ্ণ দিশক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ ভাষা, গৃহ, উৎসৱ, কাপোৰ, খাদ্য, নৃত্যই আধুনিকীকৰণ আৰু বাহ্যিক প্ৰভাৱৰ প্ৰত্যাহ্বানৰ মাজতো নিজৰ সাংস্কৃতিক পৰিচয় বজাই ৰাখিবলৈ সক্ষম হোৱা এটা সম্প্ৰদায়ৰ আভাস দিয়ে।
Read also: Mising Tribe: A Comprehensive Overview | মিচিং জনগোষ্ঠী: এক বিস্তৃত আভাস
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.