Karbi Tribe: A Comprehensive Overview | কাৰ্বি জনগোষ্ঠী : এক বিস্তৃত আভাস

কাৰ্বি জনগোষ্ঠী (Karbi Tribe) অসমৰ অন্যতম প্ৰাচীন জনজাতি আৰু মূলতঃ চীনা-তিব্বতীয় পৰিয়ালৰ অংশভুক্ত। পূৰ্বে তেওঁলোকক মিকিৰ বুলি জনা যোৱা হৈছিল আৰু তেওঁলোকৰ বাসস্থানক মিকিৰ পাহাৰ নামেৰে চিনাক্ত কৰা হৈছিল। বৰ্তমান সময়ত তেওঁলোকক কাৰ্বি বুলিয়েই জনা যায় আৰু তেওঁলোকৰ বাসভূমি হিচাপে পৰিচিত পৰ্বতীয়া অঞ্চলখনো কাৰ্বি আংলং নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বি জনগোষ্ঠী অসমৰ বহুকেইখন জিলাত বিস্তৃত হৈ থকাৰে, কাৰ্বি আংলংতেই তেওঁলোকৰ ঘন সন্নিৱিষ্ট অৱস্থাৰ বাবে এই অঞ্চলটো স্বায়ত্তশাসিত ৰূপত স্বীকৃতি পায়।

Karbi Tribe: A Comprehensive Overview | কাৰ্বি জনগোষ্ঠী : এক বিস্তৃত আভাস
Join Telegram channel

ইতিহাসত কাৰ্বি জনগোষ্ঠীয়ে ১৯৫২ চনৰ আগলৈকে সংগঠিত আন্দোলনৰ জৰিয়তে মিকিৰ পাহাৰক স্বতন্ত্ৰ জিলা হিচাপে স্বীকৃতি দিয়াৰ বাবে যুঁজ দিছিল। তেতিয়া মিকিৰ পাহাৰ নগাঁও জিলাৰ অন্তৰ্গত আছিল আৰু ইয়াৰ একাংশ শিৱসাগৰ আৰু খাচী জয়ন্তীয়া জিলাৰ সৈতে সংলগ্ন আছিল। বৰ্তমান, কাৰ্বি আংলং জিলা কাৰ্বিসকলৰ মুখ্য বসতি আৰু সংস্কৃতিৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত।

কাৰ্বি সমাজৰ কৃষ্টি আৰু জীৱন দৰ্শনৰ ওপৰত খাছী ছিনটেং দৰ্শনৰ লগতে ভাৰতীয় হিন্দু সংস্কৃতিৰো প্ৰভাৱ পৰিলক্ষিত হয়। কাৰ্বিসকলৰ লোক সাহিত্যসমূহত ‘ছাবিন আলুন’ (কাৰ্বি ৰামায়ণ), ‘হাঈ’মু আলুন’, বনগীত, সাধুকথা, ফকৰা-যোজনাৰ দৰে বহু ঐতিহ্যবাহী ধাৰাবাহিকতা বিদ্যমান। কাৰ্বি জনগোষ্ঠী অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চীন, বাংলাদেশ আৰু থাইলেণ্ডতো বিস্তৃত। তেওঁলোকৰ এই ঐতিহ্য আৰু সংস্কৃতিয়ে অসমীয়া সমাজৰ সম্পূৰ্ণতাত এক অমূল্য পৰিসৰ যোগাই দিয়ে।

কাৰ্বি জনজাতিৰ মূল ইতিহাস – History and Origin of Karbi Tribe 

কাৰ্বি লোকসকলক ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আটাইতকৈ পুৰণি জনজাতিহিচাপে গণ্য কৰা হয়। তেওঁলোকে কেইবা শতিকাৰ আগতে মধ্য এছিয়া আৰু তিব্বতীয় অঞ্চলৰ পৰা প্ৰব্ৰজন কৰিছিল বুলি বিশ্বাস কৰা হয়। তিব্বত-বৰ্মন ভাষিক গোটৰ সৈতে জনজাতিটোৰ শক্তিশালী ঐতিহাসিক আৰু পৌৰাণিক সম্পৰ্ক আছে, আৰু তেওঁলোকৰ প্ৰব্ৰজন বৃহত্তৰ মংগোলয়ড জাতিৰ সৈতে সম্পৰ্কিত। অৱশেষত কাৰ্বিসকলে অসমৰ পাহাৰত বসতি স্থাপন কৰে, য’ত তেওঁলোক কাৰ্বি আংলং জিলাৰ অন্যতম প্ৰাথমিক অধিবাসী হৈ পৰে।

কাৰ্বি জনগোষ্ঠীৰ ভাষা | Language of Karbi Tribe 

সাধাৰণতে যিকোনো জাতিৰ ভাষাৰ নাম সেই জাতিৰ নামৰ ওপৰত আধাৰিত হয়, যাৰ ফলত কাৰ্বি জাতিৰ ভাষাকো কাৰ্বি ভাষা বোলা হয়। এই ভাষাটো চীন-তিব্বতীয় ভাষাপৰিয়ালৰ অন্তৰ্গত আৰু বিশেষকৈ তিব্বত-বর্মা শাখাৰ কুকি-চীন উপগোটৰ ভাষা। কাৰ্বি ভাষাৰ ভিতৰত বিভিন্ন উপভাষা দেখা যায়, কিন্তু মুখ্যভাৱে দুখন উপভাষা প্ৰচলিত আছে, সেয়া হ’ল কাৰ্বি আৰু ডিমৰীয়া কাৰ্বি। ডিমৰীয়া অঞ্চল খন সুৰুথেকে ৰাজনৈতিক, সামাজিক, আৰু ভৌগোলিকভাৱে আলাদা থাকি অহাৰ বাবে ডিমৰীয়া উপভাষাত কিছু পাৰ্থক্য লক্ষ কৰা যায়।

কাৰ্বি ভাষাৰ নিজৰ কোনো লিপি নাই, সেয়া দেখি তেওঁলোকৰ গীত-মাত, সাধুকথা, আৰু ফকৰা-যোজনাসকল প্ৰায় অসমীয়া লিপিতেই লিখা হয়। ঘৰুৱা কথোপকথনত তেওঁলোক কাৰ্বি ভাষা ব্যৱহাৰ কৰে, কিন্তু শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য আৰু আন আন ব্যৱহাৰিক ক্ষেত্ৰত তেওঁলোকে অসমীয়া ভাষাৰেই সহায় লয়।

কাৰ্বি জনগোষ্ঠীৰ সাজপাৰ আৰু আ – অলংকাৰ |  Atire and Ornaments of Karbi Tribe 

কাৰ্বি জনগোষ্ঠী অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা এটি অন্যতম পুৰণি আদিবাসী জনগোষ্ঠী। এক সময়ত তেওঁলোক মিকিৰ নামেৰে জনাজাত আছিল আৰু তেওঁলোকৰ বাসস্থানক মিকিৰ পাহাৰ বুলি জনা হৈছিল। কিন্তু বৰ্তমান তেওঁলোক কাৰ্বি নামেৰে পৰিচিত, আৰু সেই জিলাখনৰ নামো পৰিবৰ্তন কৰি কাৰ্বি আংলং জিলা হিচাপে নামাকৰণ কৰা হৈছে।

কাৰ্বি সমাজত তাঁতশাল, যাক তেওঁলোকে ‘পে থেৰাং’ বুলি কয়, এটি বিশেষ স্থানৰূপে গণ্য হয়। ইয়াত তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ-বাৰণৰ অধিকাংশ উৎপাদন কৰা হয়। কাৰ্বি মহিলা সকলে ‘পিনী’ নামেৰে পৰিচিত মেখেলা পৰিধান কৰে, আৰু এই ‘মাৰবং হমক্ৰি আপিনী’ বিশেষ ভাৱে জনপ্ৰিয়। পিনীৰ ঠিকঠাক পৰিধানৰ বাবে কঁকালৰ ওপৰত ‘ৱামকক’ নামৰ এটি সৰু ফিটা লগোৱা হয়, যাক বিশেষ ফুলৰ চানেকি বা নক্সাৰে সজোৱা হয়। তদুপৰি, কাৰ্বি নাৰীৰ পৰিধানৰ অন্য বৈশিষ্ট্যযুক্ত বস্ত্ৰবোৰৰ ভিতৰত পে-ছাৰপী, খন-জাৰী, পে-ছেলেং, আৰু দুকফিৰ্‌ছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। আনহাতে, কাৰ্বি পুৰুষ সকলে পৰিধান কৰা বিশেষ পৰিচয়সূচক বস্ত্ৰ হৈছে ৰিকং (চুৰিয়া), চই (চোলা), আৰু পাগুৰি, যিবোৰ তেওঁলোকৰ সংস্কৃতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।

কাৰ্বিসকলৰ আ-অলংকাৰৰ পৰম্পৰাৰ কথা ক’বলৈ হ’লে তেঁওলোকৰ বিশেষ নিয়ম আৰু সংস্কাৰসমূহ উল্লেখ কৰিব লাগিব। উদাহৰণস্বৰূপে, কাৰবি সমাজত মহিলাসকলক সাধাৰণতে সোণৰ গহণা পৰিধান কৰিবলৈ নিষেধ কৰা হৈছিল, য’ত কেৱল পুৰুষসকলেহে সোণৰ অলংকাৰ পিন্ধিবলৈ অনুমতি পাইছিল। মহিলাসকলে সাধাৰণতে সোণৰ পৰিবৰ্তে ৰূপৰ গহণা পিন্ধে, যিদৰে অন্যান্য ভাৰতীয় সম্প্ৰদায়ৰ মাজত সোণৰ প্ৰয়োগ দেখা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

কাৰ্বি মহিলাসকলে বিশেষ ধৰণৰ ৰূপৰ গহণা পৰিধান কৰে, যাৰ মাজত “লেক” আটাইতকৈ জনপ্ৰিয়। লেক ৰূপৰ মুদ্ৰা আৰু ৰঙচঙীয়া মণিৰে তৈয়াৰ কৰা হয়। এই গহনাক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেন ছেৰ আলেক পংটিং, লেক পেংখাৰা, লেক বংহম, আদি।

অন্যফালে, কাৰ্বিবি পুৰুষসকলে সোণৰ গহণা, বিশেষকৈ সোণৰ লেক পৰিধান কৰে, যাৰ পৰম্পৰাগত নাম হৈছে লেকৰোৱে, লেকছ’বাই, আৰু লেকমান্দুলি।

খাদ্যভাস | Food Habits 

কাৰ্বি জনগোষ্ঠীয় লোক সকলৰ প্ৰিয় খাদ্য হৈছে ভাত। ভাতৰ সৈতে তেওঁলোকে ভিন্ন ধৰণৰ মাংস খায়। কাৰ্বি সকলে দৈনন্দিন জীৱনত খোৱা মাংস সমূহ হৈছে – কুকুৰা, গাহৰি, ছাগলী, চৰাই। এড়ীপলুৰ লেটা, শুকান মাছ আৰু শুকতি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। পূজা-পাৰ্বণৰ সময়ত হৰ (মদ) অতি প্ৰয়োজনীয় আৰু সন্মানীয় ৰূপে গ্ৰহণ কৰা হয়।

জীৱনশৈলী আৰু গৃহ নিৰ্মাণ | Lifestyle and Housing

কাৰ্বি জনজাতিৰ জীৱনশৈলী তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত গভীৰভাৱে নিহিত হৈ আছে। পৰম্পৰাগতভাৱে, কাৰ্বিসকলে ঝুম বা স্থানান্তৰিত খেতি অনুশীলন কৰিছিল, এক কৃষি পদ্ধতি য’ত কৃষিৰ বাবে ভূমি পৰিষ্কাৰ কৰা হয় আৰু কেইটামান ঋতুৰ পিছত প্ৰাকৃতিকভাৱে পুনৰ সৃষ্টি কৰিবলৈ এৰি দিয়া হয়। সাম্প্ৰতিক সময়ত, তেওঁলোকে কৃষি, খেতি কৰা চাউল, পাচলি আৰু অন্যান্য শস্যৰ অধিক স্থিৰ প্ৰকাৰলৈ পৰিৱৰ্তন কৰিছে।

তেওঁলোকৰ ঘৰবোৰ স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী যেনে বাঁহ, কাঠ আৰু খটখটী ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়।  পৰম্পৰাগত কাৰ্বি ঘৰ, যাক “চাং ঘৰ” বুলি কোৱা হয়।

কাৰ্বি জনগোষ্ঠীৰ উৎসৱ | Fastival of Karbi Tribe

ধৰ্মীয় অনুষ্ঠান আৰু লোকউৎসৱ– কাৰ্বি জাতি ঈশ্বৰবিশ্বাসী হোৱাৰ বাবে, তেওঁলোকে বহুলসংখ্যক দেৱ-দেৱীক পূজা-অৰ্চনা কৰে। দেৱ-দেৱীসকলৰ মাজত আৰনাম হেমফু, হেমাৰী, প’ৰিঙ্গা, চিনথং আৰনাম, পেং, মুক্ৰাং হাৰাচ্ছি, অকৰেং চ্ছল্লংৰেচ, চ্ছেলাংন বা দুইখ্ৰাই, ব্ৰ’-ফ্ৰকবআং, বচ্ছাকাঘ্ৰে, আৰু দেংজা-দুৰি অন্যতম। প্ৰতিটো দেৱতাৰ পূজাৰ নিজস্ব উদ্দেশ্য থাকে, যি পূজাৰ উদ্দেশ্যে বিশেষ ধৰণৰ মঙ্গলকামনা কৰা হয়।

কাৰ্বি সমাজত এককভাবে ‘জাতীয় উৎসৱ’ বুলি ক’ব পৰা কোনো উৎসৱ নাই যদিও কৃষিভিত্তিক উৎসৱসমূহ, বিশেষকৈ লখিমী উৎসৱ, প্ৰচলিত। তথাপি, তাক এক জাতীয় উৎসৱৰ ৰূপত গণ্য কৰা নাযায়। ইফালে, বসন্ত ঋতুৰ আগমন উপলক্ষে উদযাপন কৰা ‘দমাহী’ উৎসৱৰ বিশেষ তাৎপৰ্য আছে, যি কাৰ্বি সমাজৰ অন্যতম মহৎ উৎসৱ হিচাপে বিবেচিত হয়। তদুপৰি, পৰম্পৰাগত চ’জন পূজা বা স্বৰ্গ পূজাৰো বিশেষ স্থান আছে। এই পূজাৰ বিশেষ দেৱতা ইন্দ্ৰক (বাৰিথে) মানা হয়। কাৰ্বিসকলৰ বিশ্বাস অনুসৰি, পৰিয়ালৰ মঙ্গলহানি বা অমংগলজনিত ঘটনা ঘটিলে, চ’জন বা স্বৰ্গ পূজা কৰাৰ মাধ্যমেৰে দেৱতাৰ আশীৰ্বাদ লোৱা হয়, যাতে শান্তি আৰু সমৃদ্ধি বাৰে। কাৰ্বি জনগোষ্ঠীৰ আন এক অন্যতম উৎসৱ হৈছে ৰংকেৰ।

শিল্পকলা  

কাৰ্বি সমাজ কুটিৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধ আৰু সুকীয়া পৰিচয় বহন কৰি আহিছে। বাঁহৰ ব্যৱহাৰ আৰু কৰ্মশিল্পত কাৰ্বিসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বাঁহেৰে সজোৱা এক বিশেষ বস্তু ‘হংসৰ’ সামাজিক মঞ্চৰ আৰ্হিত এটি উল্লেখযোগ্য সৃষ্টি। এটি বৰ্গাকৃতিৰ চাংখ, য’ত দলপতি বা গাঁওবুঢ়াই বহে, সেই হংসৰ খুটিবোৰত নানা ধৰণৰ সূক্ষ্ম কাৰুকাৰ্য্য কৰা থাকে।

কাৰ্বি পৰম্পৰাত কুটিৰ শিল্পত বাঁহৰ লগতে মাটিৰ বস্তুৰ এক প্ৰচুৰ উপযোগিতা আছে। বাঁহৰ দ্বাৰা তেওঁলোকে ‘হটন’ (ধান ৰখা বাল্টি), ‘মাৰজং’ (ঢাকনীৰ সৈতে পেৰাৰ দৰে পাত্র), ‘ইংক্ৰাং’ (চালনী), আৰু ‘বৰকনবং’ (সৰু সৰু সঁজুলি) আদি তৈয়াৰ কৰে।

মহিলাসকলৰ হাতত কাপোৰৰ সৈতে নানান ধৰ্মীয় আৰু দৈনন্দিন সঁজুলি সৃষ্টিৰ এক নিখুঁত পৰিচৰ্চা থাকে। তেওঁলোকে ডলা, খৰাহী, চালনী, আৰু খাং (বহা আৰু পৰিস্কাৰ সঁজুলি) তৈয়াৰ কৰি পুৰুষসকলক সহায় কৰে।  ধাতুৰ কামত কাৰ্বিসকলে নানা ধৰণৰ জাঠি, জোং, দা-কটাৰী আদি প্ৰস্তুত কৰে, যাক সমাজত এক শিল্পৰূপে স্বীকৃতি দিয়া হৈছে।

কাৰ্বি মহিলাৰ কাৰুকাৰ্য্যত সুকীয়া স্থান অধিকাৰকৰা হৈছে ফুলাম আৰু বিভিন্ন ৰংচঙীয়া হাক্ বা হোৰা (পাচি)ত। এই শিল্পত  পখী, ফুল, হৰিণ ইত্যাদি চানেকী খুটাই এগৰাকী মহৎ শিল্পৰ সৃষ্টি কৰে। এই হাক্ আদিৰ বিভিন্ন ধৰণ আছে যেনে- হাক্-লং, হাক্-ছিলি, হাক্-খাংৰা, হাক্-মাৰজং, হাক্-চংহেপ্ ইত্যাদি।

কাৰ্বি সমাজৰ কুটিৰ শিল্পৰ এই বিৰল আৱিষ্কাৰবোৰে এই জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।

উপসংহাৰ | Conclusion 

অসমত কাৰ্বি জনজাতিৰ এক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে যাৰ বিশেষত্ব হৈছে ইয়াৰ অনন্য পৰম্পৰা, ভাষা আৰু জীৱন্ত উৎসৱ। প্ৰকৃতিৰ সৈতে তেওঁলোকৰ এক গভীৰ সম্পৰ্ক আছে, কৃষি আৰু পশুধনে তেওঁলোকৰ অৰ্থনীতিৰ মেৰুদণ্ড গঠন কৰিছে। জনজাতিটোৱে এক পৰম্পৰাগত সামাজিক গাঁথনি ৰচনা কৰে, আৰু তেওঁলোকৰ বিশ্বাস প্ৰণালীবোৰ পূৰ্বপুৰুষৰ উপাসনাত নিহিত হৈ আছে। 

Read also: Mising Tribe: A Comprehensive Overview | মিচিং জনগোষ্ঠী: এক বিস্তৃত আভাস

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top