Singpho Tribe: A Comprehensive Overview | চিংফৌ জনগোষ্ঠী: এক বিস্তৃত আভাস

চিংফৌ জনগোষ্ঠী (Singpho Tribe) হৈছে চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাচিন জনগোষ্ঠীৰ এটা গুৰুত্বপূর্ণ উপগোট। এই জনগোষ্ঠী চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ অংশ। চিংফৌসকলক ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশত প্রধানকৈ পোৱা যায়। তদুপৰি, মেঘালয় আৰু মণিপুৰৰ কিছু অংশতো চিংফৌসকলৰ বসতি আছে।

Singpho Tribe: A Comprehensive Overview | চিংফৌ জনগোষ্ঠী: এক বিস্তৃত আভাস
Join Telegram channel

২০১১ চনৰ লোকপিয়ল তথ্যৰ আধাৰত ভাৰত চৰকাৰৰ জনজাতীয় কাৰ্য মন্ত্ৰণালয়ে জনাইছিল যে অসমত প্ৰায় ২৩৪২ জন চিংফৌ লোক আছে। আনহাতে, ২০০১ চনৰ এক তথ্য অনুসাৰে অৰুণাচল প্ৰদেশত চিংফৌসকলৰ সংখ্যা প্ৰায় ৫৫০০ জন আছিল।

চিংফৌসকল মংগোলীয় মূলৰ মানুহ। তেওঁলোকৰ মৌখিক বুৰঞ্জীৰ আধাৰত, চিংফৌসকলে প্ৰায় ৮০০ৰ পৰা ৭০০ খ্ৰীঃপূঃৰ ভিতৰত মংগোলীয়াৰ ছিংৰা বাম অঞ্চলৰ পৰা প্ৰব্ৰজন কৰি তিব্বতৰ দক্ষিণ-পশ্চিম অংশত বসতি স্থাপন কৰিছিল। ৩০০ খ্ৰীঃপূঃৰ পৰা ১০০ খ্ৰীষ্টাব্দৰ ভিতৰত, তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰে। কেইবাগৰাকী পণ্ডিতৰ মতে, অসমৰ চিংফৌসকল আৰু বাৰ্মাৰ কাচিন অঞ্চলৰ জিংফৌসকল একে। অসমীয়া ভাষাত উচ্চাৰণৰ পাৰ্থক্যৰ বাবে ‘জিংফৌ’ৰ সলনি ‘চিংফৌ’ শব্দটো গঢ় লৈ উঠে।


আজি অসমত চিংফৌ সকলৰ মূল বসতি অঞ্চলসমূহত অন্তৰ্ভুক্ত হৈছে তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, আৰু শদিয়া। লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলং জিলাতো তেওঁলোকৰ বসতি দেখা যায়। এই অঞ্চলসমূহৰ বাহিৰে, চিংফৌসকলৰ বসতি প্ৰধানকৈ টিৰাপ নৈ আৰু বুঢ়ীদিহিঙৰ মাজত থকা ২৫খনমান গাঁওত বিস্তৃত। মাৰ্ঘেৰিটাৰ ওচৰৰ চিংফৌ বসতিপূৰ্ণ গাঁওসমূহৰ ভিতৰত বিছাগাঁও, কুমচাইকং, হাচাক, মুগংপথাৰ, নিঙগাম, কাম্বাগাঁও, লংটং, মোংলাং, লালপথাৰ, কথাগাঁও, বাঁহবাৰী, দুৱাৰমৰা, আৰু গিঠাগুটি উল্লেখযোগ্য।

অৰুণাচল প্ৰদেশৰ চাংলাং, লোহিত, আৰু নামচাই জিলাত চিংফৌসকলৰ উল্লেখযোগ্য উপস্থিতি দেখা যায়। এই অঞ্চলসমূহত তেওঁলোকৰ আদিবাসী সংস্কৃতি আৰু পৰম্পৰাগত জীৱনধাৰা সংৰক্ষিত আছে, যি অসমৰ পৰা পূবলৈ বিস্তৃত।

চিংফৌ জনগোষ্ঠীৰ  ভাষা | Language of Singpho Tribe

চিংফৌ ভাষা পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষা পৰিয়াল তিব্বত-চীনৰ এটা শাখা, বিশেষকৈ তিব্বত-বৰ্মী গোষ্ঠীৰ অন্তৰ্গত। ই অসমৰ মধ্য আৰু দক্ষিণ অংশত ব্যাপকভাৱে ব্যৱহৃত। ৰবিনছন ছাহাবে উল্লেখ কৰিছে যে চিংফৌ ভাষাত বহুতো শব্দ আবৰ, বৰ্মী আৰু মণিপুৰী ভাষাৰ সৈতে সাদৃশ্যযুক্ত। উচ্চাৰণৰ সুৰ-বৈশিষ্ট্যৰ (intonation) ক্ষেত্ৰত আৰু ব্যাকৰণতো বৰ্মী ভাষাৰ সৈতে মিল পোৱা যায়, আৰু চিংফৌ ভাষাত যুক্ত ব্যঞ্জনৰ প্ৰয়োগ বেছি। বাটলাৰে তেওঁৰ A Sketch of Assam (1847) গ্রন্থত উল্লেখ কৰিছে যে চিংফৌসকলে শ্যান লিপি ব্যৱহাৰ কৰিছিল, লগতে গছৰ পাত আৰু তুলাপাতত লিখাৰ প্ৰচলনৰ কথাও উল্লেখ কৰিছে। অৰুণোদই নামৰ পুৰণি অসমীয়া কাকততো চিংফৌসকলৰ শ্যান লিপিৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। যদিও অধিক গুৰুত্ব দিয়ে পৰ্যবেক্ষণ কৰিলে দেখা যায় চিংফৌ আৰু শ্যান ভাষাৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। বৰ্তমান চিংফৌসকলে মূলত ৰোমান লিপি ব্যৱহাৰ কৰে। অতীতত চিংফৌসকলে জন্তুৰ চালত সজাওঁা এক বিশেষ লিপি ব্যৱহাৰ কৰিছিল বুলি জনা যায়। সময়ৰ সোঁতত এই লিপি লোকসমাজৰ পৰা বিলুপ্ত হৈ পৰিল। তাৰ পাছত চিংফৌসকলে বিভিন্ন প্ৰাকৃতিক বস্তু, যেনে গছৰ পাত, ফুল, মাটি আৰু গছৰ শিপাত অৰ্থ নিৰ্দিষ্ট কৰি ভাব আদান-প্ৰদান কৰিছিল।

আধুনিক বিজ্ঞানৰ প্ৰৱেশৰ সৈতে চিংফৌসকলে আধুনিক লিপিৰ প্ৰয়োজনীয়তা বুজিলে। খ্ৰীষ্টান মিচনাৰী মাইলছ ব্ৰনছন ইংৰাজ শাসনৰ সময়ত অসমত ধৰ্ম প্ৰচাৰৰ বাবে অহাৰ সময়ত চিংফৌসকলৰ লগত সম্পৰ্ক গঢ়িলে আৰু তেওঁলোকে লিপি ব্যৱহাৰৰ অভাৱ অনুভৱ কৰিলে। সেই অনুসৰি ব্ৰনছন চাহাবে কঠিন পৰিশ্ৰমৰে চিংফৌ ভাষাৰ বাবে এক ৰোমান লিপি প্ৰস্তুত কৰিলে। যদিও ব্ৰনছনৰ লিপিত কিছু ভুল আছিল, Dr. Ola Hanson চাহাবে ১৯১১ চনত এই লিপিটোক সংশোধন কৰি আধুনিক ৰূপ দিলে।

প্ৰথম বিশ্বযুদ্ধৰ পাছত কাচিন ব্যৱসায়ীৰ সমাগমৰ লগে লগে চিংফৌ ভাষা, লিপি আৰু সাহিত্যৰ প্ৰভাৱ সীমান্ত এলেকাত বিয়পিল। এই সময়ত অন্যান্য সীমান্ত জনগোষ্ঠীসমূহে চিংফৌ ভাষাক সংযোগী ভাষা হিচাপেও ব্যৱহাৰ কৰিছিল। আজিও এই অঞ্চলত চিংফৌ ভাষাৰ এই প্ৰভাৱ দেখা যায়।

চিংফৌ সকলৰ ধৰ্ম | Religion of Singpho People

চিংফৌ সকল প্ৰধানতঃ বৌদ্ধ ধৰ্মৰ অনুগামী হ’লেও, সময়ৰ পৰিৱৰ্তন আৰু বিভিন্ন সভ্যতা-সংস্কৃতিৰ প্ৰভাৱত তেওঁলোকে অন্যান্য ধৰ্মবিশ্বাসকো সজাগেৰে গ্ৰহণ কৰিছে। জৰা-ব্যাধি, খৰাং, মাৰক ৰোগ আদি দুখনীয়া সময়ত তেওঁলোকে প্ৰাচীন বিশ্বাস অনুসৰি নাট বা দেৱ-দেৱতাৰ পূজা আৰু বলি প্ৰদান কৰে। মাংগলিক অনুষ্ঠানসমূহত ডুমচা নামৰ পুৰোহিত এজনৰ বিশেষ ভুমিকা থাকে। অৱশ্যে, কিছুমান চিংফৌ খ্ৰীষ্টান ধৰ্মলৈও আগবাঢ়িছে, যাৰ ফলত তেওঁলোকৰ ধৰ্মীয় জীৱন বৈচিত্ৰ্যময় হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

চিংফৌ জনগোষ্ঠীৰ উৎসৱ-পাৰ্বন | Festivals of Singpho Tribe

স্বপং য়ং মানাও পয় চমুকৈ মানাও পয় চিংফৌ জনগোষ্ঠীৰ অন্যতম প্ৰধান উৎসৱ। এই উৎসৱটি পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে পালন কৰা হয়। সাধাৰণতে প্ৰতিবছৰে ১৪ ফেব্ৰুৱাৰীত পালিত এই উৎসৱৰ উদযাপন প্ৰায় ১২-১৫ ফেব্ৰুৱাৰীলৈকে চলে। “পয়” শব্দৰ অৰ্থ উৎসৱ আৰু “মানাও”ৰ অৰ্থ নৃত্য। সেয়েহে, এই উৎসৱত নৃত্যই কেন্দ্ৰস্থল। অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত এই উৎসৱ পালন কৰা হয়, আৰু বহু সময়ত এই দুই ৰাজ্য মিলিতভাৱে উৎসৱৰ আয়োজন কৰে।

ইতিহাসত, মানাও পয়ৰ সময়ত দলপতিত সন্মান জনাই বেজাবাদ্যৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰা হৈছিল। নৃত্যৰ মাজেদি সমাজত ঐক্যতা আৰু সামুহিকতাক উদযাপন কৰা হয়। এই নৃত্যশিল্পে বিশেষকৈ সামাজিক সম্প্ৰীতিৰ কথা প্ৰকাশ কৰে।

টাই জনগোষ্ঠীৰ আৰু  চিংফৌসকলৰ  এক গুৰুত্বপূৰ্ণ উৎসৱ হৈছে চাংকেন বা নৱবৰ্ষ উৎসৱ। সাধাৰণতে ১৩-১৫ এপ্ৰিলৰ ভিতৰত পালন কৰা এই উৎসৱে নৱবৰ্ষৰ সূচনা কৰে। এই উৎসৱৰ লগত বুদ্ধৰ প্ৰতিমাক স্নান কৰোৱাটোৱে গুৰুত্বপূৰ্ণ। সুগন্ধি পানী ব্যৱহাৰ কৰি বুদ্ধৰ মূৰ্তিসমূহত ছটিওৱা হয়, আৰু সেই পানী ভক্তসকলে সাৱধানে সংগ্ৰহ কৰে।

চাংকেনৰ অন্যতম বিশেষতা হ’ল শোভাযাত্ৰা, য’ত স্থানীয় মঠসমূহৰ পৰা বুদ্ধৰ মূৰ্তিসমূহ উলিয়াই আনা হয়। বুদ্ধৰ মূৰ্তিসমূহ অস্থায়ী চালিৰ তলত ঘণ্টাৰ শব্দৰ সৈতে স্নান কৰোৱা হয়। উৎসৱটিত ভক্তসকলে সুস্বাদু মিঠাই, খাদ্য-সামগ্ৰী উছৰ্গা কৰে আৰু সামাজিক ভোজনৰ আয়োজন কৰা হয়।

চিংফৌ জনগোষ্ঠীৰ খাদ্যাভ্যাস | Food Habits of Singpho Tribe

চিংফৌ জনগোষ্ঠীৰ (Singpho Tribe) খাদ্যাভ্যাস তেওঁলোকৰ পৰম্পৰাগত জীৱনধাৰাৰ অন্যতম আৱশ্যক অংশ। চিংফৌসকলৰ মুখ্য খাদ্যভাসত ভাতৰ উপস্থিতি বিশিষ্ট। তেওঁলোকে ভাতৰ লগতে বিভিন্ন প্ৰকাৰৰ মাছ-মাংস আৰু বনজ উৎপাদিত শাক-পাচলিৰে সাজি লয় তেওঁলোকৰ খাদ্যৰ তালিকা। চিংফৌসকলৰ খাদ্যৰ বিশেষত্ব হৈছে – মছলা সলনি পাত-মছলা আৰু বিভিন্ন প্ৰকৃতিক উপাদানৰ ব্যৱহাৰ। লগতে, চিংফৌসকলে পৰম্পৰাগতভাৱে আমিষভোজী।

তেওঁলোকৰ খাদ্যত টোপোলা ভাত এক অতি জনপ্ৰিয় খাদ্য । এই ভাত তৈয়াৰ কৰিবলৈ “মিয়াটিং” নামেৰ লাহী চাউল ব্যৱহাৰ কৰা হয়। চাউল কৌপাতত বান্ধি আৰু বিভিন্ন কৌশলৰে সিজাই প্ৰস্তুত কৰা হয়, যিয়ে টোপোলা ভাতৰ অনন্য স্বাদ প্ৰদান কৰে। এই ভাতৰ সৈতে তেঁওলোকে নিৰমিষ তথা মছলাবিহীন মাছ-মাংসৰ আঞ্জা পৰিবেশন কৰে।

চিংফৌসকলৰ খাদ্যৰ অন্য এটা বৈশিষ্ট্য হৈছে শুকান মাছৰ ব্যৱহাৰ। তেওঁলোকৰ নিজস্ব কৌশলৰ ভিতৰত শুকান মাছৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰে। জনপ্ৰিয় মচলাসমূহৰ ভিতৰত আছে ‘বানখৌ’ আৰু ‘মাটাংবান’, যি বেছিভাগ ক্ষেত্ৰত নিজেই প্ৰস্তুত কৰা হয়।

তেওঁলোকৰ খাদ্যত বনজ উৎপাদিত শাক-পাচলি জোৰালো ভূমিকা পালন কৰে। বেতৰ গাজ, বাঁহৰ গাজ, কলডিল, কচু, লাই আদি শাক-পাতৰ বিশেষ স্থান আছে চিংফৌসকলৰ খাদ্যতালিকাত। লগতে, বিভিন্ন বনৰীয়া উদ্ভিজ্জৰ পাত আৰু মুলা ব্যৱহাৰ কৰি ব্যঞ্জন প্ৰস্তুত কৰে।

অসমত চাহৰ খেতি আৰম্ভ হোৱাৰ বহু আগতে চিংফৌসকল বনৰীয়া চাহপাতৰ কুমলীয়া আগ চিঙি আনি চাহ প্ৰস্তুত কৰি খাই আহিছিল। চাহৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে চিংফৌ জনগোষ্ঠীৰ সহায়ত ১৮২১ চনত ৰবাৰ্ট ব্ৰুচে অসমত চাহৰ গছ আৱিষ্কাৰ কৰিছিল। চিংফৌসকলৰ চাহ প্ৰস্তুতিৰ পদ্ধতি আছিল সম্পূৰ্ণ ভিন্ন আৰু সৰল, যিটো তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰ অংশ হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ খাদ্যভাসত চাহৰ মহত্ব বিশেষ।

চিংফৌ জনগোষ্ঠীৰ  সাজপাৰ | Traditional Attire of Singpho Tribe

সাজপাৰৰ ক্ষেত্ৰত চিংফৌসকলৰ মাজত স্বতন্ত্র পৰিচয় দেখা যায়। চিংফৌ মহিলাসকলে বুকুৰ ওপৰত মেঠনি মাৰি, মেখেলা পৰিধান কৰে আৰু ককাঁলত পেটি মাৰে। তেওঁলোকে গাত সাধাৰণ চোলা পিন্ধে, কিন্তু বিশেষ অনুষ্ঠানসমূহত মনিজনিত “কোম্ফং পলং” নামৰ বিশেষ ধৰণৰ চোলাও পৰিধান কৰে। চিংফৌ মহিলাৰ সাজপাৰৰ অন্যতম বিশেষত্ব হৈছে—তেওঁলোকৰ পৰিধানৰ পৰা তেওঁলোকে বিবাহিত নে অবিবাহিত সেইটো চিনাক্ত কৰিব পৰা যায়। ঠাণ্ডা জলবায়ুৰ অঞ্চলত অধিক জনপ্ৰিয় “মানমৌ খ্ৰিং” নামৰ একধৰণৰ ঐতিহ্যবাহী পোছাক তেওঁলোকে বিশেষ উৎসৱ সমূহত, যেনে “স্বপংয়ঙ মানাও পয়”ত, পৰিধান কৰি নৃত্য কৰে। মহিলাসকলে সাধাৰণতে মূৰত এখন বস্ত্ৰও লৈ ফুৰে।

পুৰুষসকলৰ সাজপাৰৰ ক্ষেত্ৰত তেওঁলোকে সাধাৰণতে ঘৰত প্ৰস্তুত কৰা বোপা বা বাকা (লুঙী), ফামবাম (পাগুৰি), আৰু প্লং (চোলা) পৰিধান কৰে। বোপা প্ৰধানত কলা আৰু সেউজীয়া ৰঙৰ সূতাৰে সজা হয়। ৰাজা বা বিশেষ ব্যক্তি (গাম)সকলে “য়ামফুল” নামৰ এক সুন্দৰ চোলা পৰিধান কৰে। গামৰ সাজপাৰৰ সাদৃশ্য শ্যাম দেশৰ সাজপাৰৰ সৈতে দেখা যায়। তেওঁলোকে চীনা ভেলভেটৰ চোলাত সোণৰ বুটাম লগায়। চিংফৌ পুৰুষসকলে ঘৰতে প্ৰস্তুত কৰা “ম্ফইং” অৰ্থাৎ মোনা লগত লৈ ফুৰে, যি সাধাৰণতে গছৰ আঁহৰ পৰা তৈয়াৰী হয় আৰু তাত বান্দৰৰ চাল লগোৱা হয়।

Read also: Khamti Tribe: A Comprehensive Overview | খামটি জনগোষ্ঠী: এক বিস্তৃত আভাস

চিংফৌ সকলৰ  সামাজিক লোকাচাৰ | Social Folklore of  Singpho People

চিংফৌ সকলৰ মাজত সামাজিক লোকাচাৰৰ এক সমৃদ্ধ পৰম্পৰা দেখা যায়, য’ত লোকবিশ্বাস আৰু বিভিন্ন উৎসৱ-পাৰ্বণৰ বিশেষ তাৎপৰ্য আছে। আধুনিক বিজ্ঞানৰ বিকাশ স্বত্ত্বেও চিংফৌসকলে পৰম্পৰাগত চিকিৎসা পদ্ধতি, বিশেষকৈ বনৌষধি আৰু গাঁওলীয়া ঔষধ-পাতি প্ৰচলিতভাৱে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে মুখৰ আগেদি বনজন্তু বা সাপ পাৰ হৈ যোৱা ঘটনাক বিপদৰ সংকেত বুলি গণ্য কৰে, আৰু সোঁ বা বাঁও কাষেদি পাৰ হৈ যোৱা ঘটনাক উদাৰ আৰু শুভ সংকেত হিচাপে ধৰে। একেদৰে, সন্মুখেদি জীপাল জন্তু বা গঁড় পাৰ হৈ যোৱা ঘটনাক বিশেষ সৌভাগ্যৰ ইংগিত বুলি ধৰা হয়।

চন্দ্ৰগ্ৰহণৰ সময়ত কুকুৰে চন্দ্ৰ গিলিবলৈ ধৰিছে বুলি বিশ্বাস কৰা হয়, আৰু তেতিয়া বৰকাঁহ বজালে বা বন্দুকৰ গুলীৰ শব্দ কৰিলে কুকুৰে চন্দ্ৰটো গিলিবলৈ এৰি দিয়ে বুলি কোৱা হয়। ৰামধেনুৰ ক্ষেত্ৰত, চিংফৌসকলে বিশ্বাস কৰে যে ই পৃথিৱীৰ গভীৰতাত থকা এটা বিশাল কেঁকোৰাৰ মুখৰ পৰা ওলোৱা। যদি ৰামধেনু আংশিক দেখা যায়, তেতিয়া বৰষুণ হ’ব বুলি বিশ্বাস কৰে, আৰু সম্পূৰ্ণ ৰামধেনু ওলালে খৰাং হ’ব বুলি ধৰা হয়।

ভূমিকম্পৰ ক্ষেত্ৰত চিংফৌসকলে মাতে পৃথিৱীৰ ভিতৰত থকা এটা ঘঁৰিয়ালে হঠাতে গাঁত খন্দাৰ ফলস্বৰূপ ভূমিকম্প ঘটে। এইদৰে, চিংফৌ সমাজত প্ৰাকৃতিক পৰিঘটনা, শুভ-অশুভ সংকেত আদিক লৈ বহু লোকবিশ্বাস আৰু ৰীতিনীতিৰ এক বিশেষ স্থান আছে, যিবোৰ আজিও এক পৰম্পৰাগত ধাৰা হিচাপে বহাল আছে।

উপসংহাৰ | Conclusion

উত্তৰ-পূব অঞ্চলৰ চিংফৌ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰকৃতিৰ সৈতে এক শক্তিশালী সম্পৰ্ক আছে। কৃষি, চাহ খেতি, বনজ সম্পদক কেন্দ্ৰ কৰি তেওঁলোকৰ পৰম্পৰাগত জীৱনশৈলীয়ে পৰিৱেশৰ প্ৰতি তেওঁলোকৰ গভীৰ সন্মান প্ৰতিফলিত কৰে। চিংফৌ জনগোষ্ঠীয়ে নিজৰ অনন্য ৰীতি-নীতি, ভাষা, পৰম্পৰা ৰক্ষা কৰি ৰাখিছে। 

Read also: Moran Tribe: A Comprehensive Overview | মৰাণ  জনগোষ্ঠী: এক বিস্তৃত আভাস

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top