Class 9 Travel Tourism and Hospitality Chapter 6 গ্ৰাহক আৰু সহকৰ্মীৰ সৈতে যোগাযোগ

Class 9 Travel Tourism and Hospitality Chapter 6 গ্ৰাহক আৰু সহকৰ্মীৰ সৈতে যোগাযোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Travel Tourism and Hospitality Chapter 6 গ্ৰাহক আৰু সহকৰ্মীৰ সৈতে যোগাযোগ Solutions Download PDF and select need one.

Class 9 Travel Tourism and Hospitality Chapter 6 গ্ৰাহক আৰু সহকৰ্মীৰ সৈতে যোগাযোগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 9 Elective Travel Tourism and Hospitality Question Answer Assamese Medium. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective Travel Tourism and Hospitality Solutions in Assamese for All Subject, You can practice these here.

গ্ৰাহক আৰু সহকৰ্মীৰ সৈতে যোগাযোগ

Chapter – 6

SESSION 1: যোগাযোগৰ প্ৰকাৰ (Types of Communication)

A. ক অংশৰ লগত খ অংশ মিলোৱা:

‘ক’ অংশ‘খ’ অংশ
(i) চাকৰিৰ আদেশ (Job order)(a) অধীনস্থৰ পৰা ঊৰ্ধ্বতনলৈ যোগাযোগ।
(ii) ওপৰলৈ যোগাযোগ (Upward communication)(b) লিখিত নিৰ্দেশ, য’ত নিৰ্দিষ্ট সময়সীমা আৰু ব্যয় অনুমান অনুসৰি কাম কৰিবলৈ দিয়া হয়।
(iii) তললৈ যোৱা যোগাযোগ (Downward communication)(c) বাৰ্ষিক ৰক্ষণাবেক্ষণ চুক্তি।
(iv) প্ৰতিবেদন (Reports)(d) ঊৰ্ধ্বতনৰ পৰা অধীনস্থলৈ যোগাযোগ।
(v) AMC(e) দৈনন্দিন কামৰ বাবে সংগৃহীত তথ্য।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
(i) চাকৰিৰ আদেশ (Job order)(b) লিখিত নিৰ্দেশ, য’ত নিৰ্দিষ্ট সময়সীমা আৰু ব্যয় অনুমান অনুসৰি কাম কৰিবলৈ দিয়া হয়।
(ii) ওপৰলৈ যোগাযোগ (Upward communication)(a) অধীনস্থৰ পৰা ঊৰ্ধ্বতনলৈ যোগাযোগ।
(iii) তললৈ যোৱা যোগাযোগ (Downward communication)(d) ঊৰ্ধ্বতনৰ পৰা অধীনস্থলৈ যোগাযোগ।
(iv) প্ৰতিবেদন (Reports)(e) দৈনন্দিন কামৰ বাবে সংগৃহীত তথ্য।
(v) AMC(c) বাৰ্ষিক ৰক্ষণাবেক্ষণ চুক্তি।

B. বিষয়ভিত্তিক প্ৰশ্ন:

১। অতিথি উদ্যোগত ব্যৱহৃত বিভিন্ন ধৰণৰ প্ৰতিবেদন (Reports)ৰ নাম লিখা।

উত্তৰঃ অতিথি উদ্যোগত ব্যৱহৃত বিভিন্ন ধৰণৰ প্ৰতিবেদন হ’ল—

(i) খাদ্য ব্যয় সংক্ষিপ্ত প্ৰতিবেদন (Food cost summary report)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) বিক্ৰয় সংক্ষিপ্ত প্ৰতিবেদন (Sales summary report)।

(iii) নাইট অডিটৰ প্ৰতিবেদন (Night auditor report)।

(iv) কেঁচামাল উপলব্ধতাৰ প্ৰতিবেদন (Raw material availability report)।

(v) আৰ্থিক প্ৰতিবেদন (Financial report)।

(vi) মূল্য নিৰ্ধাৰণ প্ৰতিবেদন (Pricing report) আদি।

২। কামৰ লক্ষ্য আৰু আউটপুট ব্যাখ্যা কৰা।

উত্তৰঃ কামৰ লক্ষ্য (Work Target): এটা কোম্পানীয়ে লাভ কৰাৰ লক্ষ্য লোৱা হ’ল কামৰ লক্ষ্য। সকলো ব্যৱসায়িক সংস্থাৰ লিখিত লক্ষ্য থাকিব লাগিব যিবোৰ তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনাৰ অংশ। এই লক্ষ্যসমূহে বজাৰ অংশীদাৰিত্ব, বৃদ্ধি, উন্নয়ন আৰু লাভজনকতাৰ ক্ষেত্ৰত কোম্পানীয়ে কি সাধন কৰিবলৈ পৰিকল্পনা কৰিছে সেই বিষয়ে বৰ্ণনা কৰে।

আউটপুট (Output): কামৰ উৎপাদনত কোম্পানী, মানুহ আৰু যন্ত্ৰৰ উৎপাদনত পৰিমাণ, গুণগত মান আৰু দক্ষতাৰ পৰিমাপ অন্তৰ্ভুক্ত কৰা হয়।

৩। Annual Maintenance Contract (AMC) বিষয়ে চমুকৈ লিখা।

উত্তৰঃ Annual Maintenance Contract (AMC) হৈছে এটা লিখিত চুক্তি, যি বিশেষকৈ মেচিন, যান্ত্ৰিক সামগ্ৰী বা ইলেক্ট্ৰনিক সিস্টেমসমূহৰ সঠিক ৰূপে চলাচল আৰু দীঘলীয়া ব্যৱহাৰ নিশ্চিত কৰিবলৈ কৰা হয়। মেচিনসমূহ নিৰন্তৰ ব্যৱহাৰত থাকিলে ক্ষয়-ক্ষতি, ত্ৰুটি বা যান্ত্ৰিক সমস্যাৰ সম্ভাৱনা থাকে। সেইবোৰ নিয়মিত পৰীক্ষা, মেৰামতি আৰু প্ৰয়োজনীয় অংশ সলনি নকৰিলে মেচিনৰ আয়ু কমি যায় আৰু উৎপাদনশীলতা হ্ৰাস পায়।

৪। প্ৰতিদিন, প্ৰতি সপ্তাহ আৰু বিশেষভাৱে ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হোৱা বিভিন্ন ক্ষেত্ৰ বুজাই লিখা।

উত্তৰঃ দৈনিক, সাপ্তাহিক আৰু বিশেষভাৱে ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হোৱা বিভিন্ন ক্ষেত্ৰ তলত দিয়া হ’ল-

দৈনিক ৰক্ষণাবেক্ষণ (Daily Maintenance):

(i) অতিথি কক্ষ (Guest rooms) পৰিষ্কাৰ কৰি সজাই ৰাখিব লাগিব।

(ii) ৰেষ্টুৰেণ্ট আৰু ডাইনিং অঞ্চল পৰিষ্কাৰ কৰিব লাগিব।

(iii) কিচেন আৰু খাদ্য প্ৰস্তুত স্থান স্বাস্থ্যসম্মতভাৱে পৰিচ্ছন্ন ৰাখিব লাগিব।

(iv) ধুপ, ধূলি, আবৰ্জনা আদি নিয়মিতভাৱে উলিয়াই দিব লাগিব।

সাপ্তাহিক ৰক্ষণাবেক্ষণ (Weekly Maintenance):

(i) ফ্ল’ৰ (Floor) আৰু কাৰ্পেট গভীৰভাৱে পৰিষ্কাৰ কৰা।

(ii) বৈদ্যুতিক আৰু যান্ত্ৰিক সামগ্ৰী পৰীক্ষা কৰা।

(iii) কাঁচৰ জোনাক, জানলা আৰু আঁতৰ অঞ্চল পৰিষ্কাৰ কৰা।

(iv) পানীৰ পাইপ, ছিঁদ্ৰ বা লিকেজ আছে নে নাই চেক কৰা।

বিশেষ ৰক্ষণাবেক্ষণ (Special Maintenance):

(i) বতৰ বা ঋতু অনুসৰি সঁজুলি, AC, হিটাৰ আদি মেইণ্টেনেন্স কৰা।

(ii) মেচিন, এলিভেটৰ, কুলিং প্লান্ট আদি চেক আৰু সেৱা কৰা।

(iii) ৰঙৰ কাম, ডেকৰেচন আৰু মেৰামতিৰ কাম কৰা।

(iv) আয়োজিত অনুষ্ঠান বা বিশেষ দিনৰ পূৰ্বে সকলো সঁজুলি আৰু স্থান বিশেষভাৱে পৰীক্ষা কৰা।

৫। Job order বিষয়ে চমুকৈ লিখা।

উত্তৰঃ Job order ৰ অৰ্থ হ’ল কোনো সংস্থাই গ্ৰাহক বা নিজ সংস্থাৰ ভিতৰৰ পৰা প্ৰাপ্ত লিখিত নিৰ্দেশ, য’ত নিৰ্দিষ্ট প্ৰয়োজন, সময়সীমা আৰু শর্ত অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। ই মূলতঃ এটা নথি, যি কামৰ স্পষ্ট বিৱৰণ দিয়ে আৰু কৰ্মচাৰী অথবা সংশ্লিষ্ট বিভাগক স্পষ্ট দায়িত্ব আৰু কর্তব্য বুজাই দিয়ে।

Job orderৰ জৰিয়তে সংস্থাই কামৰ শৃংখলা বজাই ৰাখে আৰু কোন কাম কেতিয়া আৰু কেনেকৈ সম্পন্ন হ’ব লাগিব তাৰ স্পষ্ট ধাৰণা দিয়ে। ইয়াৰ ফলত কামত শৃংখলা, সময়ত সম্পাদন আৰু গুণগত মান নিশ্চিত হয়।

Job orderত সাধাৰণতে তলত দিয়া তথ্য থাকে—

(i) সেৱা প্ৰদানৰ স্থান।

(ii) কামৰ ধৰণ আৰু পদবি।

(iii) বিভাগৰ নাম আৰু ধৰণ।

(iv) কৰ্মচাৰীৰ পদ আৰু দায়িত্ব।

(v) কৰ্মঘণ্টাৰ সংখ্যা আৰু শিফ্টৰ তথ্য।

(vi) খালী পদসমূহ আৰু জনবলৰ প্ৰয়োজনীয়তা।

(vii) দৰমহা, ভাতা আৰু আন আৰ্থিক তথ্য।

(viii) কামৰ বিৱৰণ (Job Description)।

(ix) কাম আৰম্ভ আৰু সম্পূৰ্ণ কৰাৰ সময়সীমা।

(x) কামৰ মান, নিয়ম আৰু নিৰ্দেশনা।

SESSION 2: যোগাযোগত শিষ্টাচাৰ আৰু আচাৰ-ব্যৱহাৰ (Etiquette and Manners in Communication)

A. ক অংশৰ লগত খ অংশ মিলোৱা:

‘ক’ অংশ‘খ’ অংশ
(i) শিষ্টাচাৰ (Etiquettes)(i) ইনপুট আৰু আউটপুটৰ অনুপাত (নির্দিষ্ট গুণগত মানত)।
(ii) উৎপাদনশীলতা (Productivity)(ii) কোনো ব্যক্তিয়ে নিজৰ আচৰণ কেনেদৰে কৰে।
(iii) কৰ্ম আচৰণ (Work behaviour)(iii) স্বৰৰ উচ্চতা বা কোমলতা।
(iv) সুৰ (Tone)(iv) অতিথি সন্তুষ্টি।
(v) সংস্থাৰ সফলতা (Success of Organisation)(v) নিজৰ কামৰ প্ৰতি মনোভাব।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
(i) শিষ্টাচাৰ (Etiquettes)(ii) কোনো ব্যক্তিয়ে নিজৰ আচৰণ কেনেদৰে কৰে।
(ii) উৎপাদনশীলতা (Productivity)(i) ইনপুট আৰু আউটপুটৰ অনুপাত (নির্দিষ্ট গুণগত মানত)।
(iii) কৰ্ম আচৰণ (Work behaviour)(v) নিজৰ কামৰ প্ৰতি মনোভাব।
(iv) সুৰ (Tone)(iii) স্বৰৰ উচ্চতা বা কোমলতা।
(v) সংস্থাৰ সফলতা (Success of Organisation)(iv) অতিথি সন্তুষ্টি।

B. বিষয়ভিত্তিক প্ৰশ্ন:

১। অতিথি সেৱাত কৰ্মচাৰী শিষ্টাচাৰ (Employee etiquettes)ৰ কিছুমান উদাহৰণ লিখা।

উত্তৰঃ অতিথি সেৱাত কৰ্মচাৰী শিষ্টাচাৰ হ’ল—

(i) সময়মতে উপস্থিত হোৱা, অৰ্থাৎ সদায় সময়ৰ ওপৰত বা সময়ৰ আগতে ৰিপৰ্ট দিব লাগে।

(ii) উপযুক্ত বস্ত্ৰ পৰিধান কৰা।

(iii) তত্বাৱধায়কৰ প্ৰয়োজন অনুসৰি আৰু প্ৰয়োজনীয় তথ্যৰ সৈতে আপডেট কৰা আদি।

২। সহকৰ্মীসকলৰ সৈতে যোগাযোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সহকৰ্মীসকলৰ মাজত ফলপ্ৰসূ যোগাযোগ অতি আন্তৰিক কৰ্ম পৰিৱেশ গঢ়ি তুলিবলৈ অতি প্ৰয়োজনীয়।

সহকৰ্মীসকলৰ মাজত ফলপ্ৰসূ যোগাযোগ নিশ্চিত কৰিবলৈ আমি তলত দিয়া কথাবোৰৰ যত্ন ল’ব লাগিব—

(i) শ্ৰৱণ (Listen): আমি বক্তাক বাধা দিয়া উচিত নহয়। প্ৰথমে আমি বক্তাৰ কথা শুনিব লাগে আৰু ব্যক্তিজনে ক’বলগীয়া কথাখিনি শেষ কৰিলে তেতিয়াহে আপুনি কথা ক’ব লাগিব।

(ii) শৰীৰৰ ভাষা (Body language): আমি বক্তাৰ শৰীৰৰ ভাষা বুজিবলৈ চেষ্টা কৰা উচিত। কথা কওঁতে ব্যক্তিজনৰ ইংগিত আৰু ভংগীমা নিৰীক্ষণ কৰা।

(iii) সুৰ (Tone): যোগাযোগৰ সময়ত নিজৰ সুৰ আৰু ডিকচনৰ প্ৰতি সাৱধান হ’ব লাগিব। সুৰটো সদায় ভদ্ৰ হ’ব লাগিব।

৩। Multitasking ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ Multitasking অৰ্থ হৈছে একে সময়তে একাধিক কাম একেলগে কৰা আৰু প্ৰয়োজনে এবাৰ এটা কামৰ পৰা আন কামলৈ মনোযোগ স্থানান্তৰ কৰা। ইয়াৰ দ্বাৰা কৰ্মচাৰীয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰে আৰু উৎপাদনশীলতা বৃদ্ধি হয়।

৪। MBO আৰু লক্ষ্য নিৰ্ধাৰণৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ Management by Objectives (MBO) অৰ্থ হৈছে লক্ষ্যভিত্তিক ব্যৱস্থাপনা। ইয়াত প্ৰতিষ্ঠানৰ সাৰ্বিক লক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক মেনেজাৰ বা কৰ্মচাৰীয়ে নিজৰ ব্যক্তিগত লক্ষ্য নিৰ্ধাৰণ কৰে। এই লক্ষ্যবোৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পূৰণ কৰিবলৈ হয় আৰু প্ৰতিটি লক্ষ্য প্ৰতিষ্ঠানৰ মুঠ উদ্দেশ্যৰ সৈতে জড়িত থাকে।

লক্ষ্য নিৰ্ধাৰণ অৰ্থ হৈছে কোনো ব্যক্তি বা প্ৰতিষ্ঠানে ভৱিষ্যতত কি অর্জন কৰিব বিচাৰে সেই উদ্দেশ্য স্পষ্টভাৱে স্থাপন কৰা। লক্ষ্য নিৰ্ধাৰণই কাম-কাজক সঠিক দিশ প্ৰদান কৰে আৰু প্ৰতিজন কৰ্মচাৰী বা দলে একে লক্ষ্যত একেলগে আগবঢ়িবলৈ সহায় কৰে।

SESSION 3: গ্ৰাহকৰ সৈতে যোগাযোগ (Communication with Customers)
SESSION 4: যোগাযোগত বাধা আৰু নেতিবাচকতা (Interruption and Negativity in Communication)

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top