Class 9 Travel Tourism and Hospitality Chapter 2 কেটাৰিং উদ্যোগৰ বৰ্গীকৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Travel Tourism and Hospitality Chapter 2 কেটাৰিং উদ্যোগৰ বৰ্গীকৰণ Solutions Download PDF and select need one.
Class 9 Travel Tourism and Hospitality Chapter 2 কেটাৰিং উদ্যোগৰ বৰ্গীকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 9 Elective Travel Tourism and Hospitality Question Answer Assamese Medium. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Elective Travel Tourism and Hospitality Solutions in Assamese for All Subject, You can practice these here.
কেটাৰিং উদ্যোগৰ বৰ্গীকৰণ
Chapter – 2
| SESSION 1: Catering উদ্যোগৰ বিকাশ আৰু ইতিহাস (Growth and History of Catering Industry) |
A. খালী ঠাই পূৰণ কৰা:
১। ‘Travel’ শব্দটো ফৰাচী শব্দ travail ৰ পৰা আহিছে, যাৰ অৰ্থ ___________।
উত্তৰঃ ‘Travel’ শব্দটো ফৰাচী শব্দ travail ৰ পৰা আহিছে, যাৰ অৰ্থ Toil আৰু Labour (শ্ৰম আৰু পৰিশ্ৰম)।
২। ‘Hotel’ শব্দটো প্ৰথমবাৰৰ বাবে ইংলেণ্ডত প্ৰায় 1760 চনত ___________ এ ব্যৱহাৰ কৰিছিল।
উত্তৰঃ ‘Hotel’ শব্দটো প্ৰথমবাৰৰ বাবে ইংলেণ্ডত প্ৰায় 1760 চনত Fifth Duke of Devonshire-এ ব্যৱহাৰ কৰিছিল।
৩। প্ৰথম হোটেল শৃংখলাটো 1908 চনত আমেৰিকাত ___________ এ আৰম্ভ কৰিছিল।
উত্তৰঃ প্ৰথম হোটেল শৃংখলাটো 1908 চনত আমেৰিকাত Ellsworth Statler-এ আৰম্ভ কৰিছিল।
৪। ‘Catering’ শব্দটো প্ৰথমবাৰৰ বাবে ___________ এ প্ৰচলিত কৰিছিল।
উত্তৰঃ ‘Catering’ শব্দটো প্ৰথমবাৰৰ বাবে Merchant Marines-এ প্ৰচলিত কৰিছিল।
B. বিষয়ভিত্তিক প্ৰশ্ন:
১। ‘Travel’ শব্দৰ অৰ্থ কি?
উত্তৰঃ Travel শব্দটোৱে আনন্দ আৰু দুৰ্দান্দিতাৰ অনুভূতি প্ৰকাশ কৰে।
২। Catering Industry ৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ Catering হৈছে এটা সফল ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ অংশ। যদি খাদ্য আৰু সেৱাৰ গুণমান গ্ৰাহকৰ প্ৰত্যাশা পূৰণ কৰে, তেন্তে ই ব্যৱসায়ৰ সফলতাত সহায় কৰে। হোটেল বা ৰেষ্টুৰেণ্টৰ বাহিৰতো (যেনে– Event Management Companies) Catering বিভাগে অতিথিৰ বাবে স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰে আৰু আয়ৰ উৎস সৃষ্টি কৰে। সুমাৰে সংগঠিত Catering ব্যৱস্থা অতিথিৰ মনত ধনাত্মক প্ৰভাৱ পেলায়, যি আয়োজক সংস্থাৰ বাবে ধনাত্মক প্ৰতিফলন হয়।
৩। Catering Industry ৰ ইতিহাস সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ Catering শব্দৰ অৰ্থ হ’ল খাদ্য আৰু পানীয়ৰ ব্যৱসায়িকভাৱে যোগান দিয়া, বিশেষকৈ সামাজিক অনুষ্ঠানসমূহত। প্ৰথমে এই শব্দটো Merchant Marines-এ ব্যৱহাৰ কৰিছিল। তেওঁলোকে জাহাজৰ বাবে Catering Officer নিযুক্ত কৰিছিল। এই কর্মকর্তাৰ মুখ্য দায়িত্ব আছিল খাদ্য সামগ্ৰী আৰু ৰন্ধন উপকৰণ কিনা, খাদ্য প্ৰস্তুত কৰা আৰু জাহাজত থকা সকলো লোকক আহাৰ–পানীয়ৰ সঠিক যোগান নিশ্চিত কৰা। এইদৰে Catering Industry-ৰ আৰম্ভণি হৈছিল।
| SESSION 2: Catering ৰ প্ৰকাৰসমূহ (Types of Catering) |
A. খালী ঠাই পূৰণ কৰা:
১। ___________ 24×7 পৰিচালিত হয়।
উত্তৰঃ কফি শ্বপ (Coffee Shops) 24×7 পৰিচালিত হয়।
২। ___________ আৰু ___________ ত সীমিত খাদ্যৰ সৈতে মদ্যপান আৰু অমদ্যপানীয় উভয় ধৰণৰ পানীয় সৰবৰাহ হয়।
উত্তৰঃ Bar আৰু Discotheque ত সীমিত খাদ্যৰ সৈতে মদ্যপান আৰু অমদ্যপানীয় উভয় ধৰণৰ পানীয় সৰবৰাহ হয়।
৩। Commercial Catering ৰ মূল উদ্দেশ্য হ’ল _____________ উপাৰ্জন।
উত্তৰঃ Commercial Catering ৰ মূল উদ্দেশ্য হ’ল ধন (Money) উপাৰ্জন।
৪। শিক্ষানুষ্ঠানসমূহক ____________ ভাগত বিভক্ত কৰিব পাৰি।
উত্তৰঃ শিক্ষানুষ্ঠানসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি।
B. বিষয়ভিত্তিক প্ৰশ্ন:
১। Catering Industry বিষয়ে সংক্ষিপ্ত টোকা লিখা। আৰু বিভিন্ন প্ৰকাৰৰ Catering ৰ এখন চাৰ্ট প্ৰস্তুত কৰা।
উত্তৰঃ Catering Industry মানে খাদ্য আৰু পানীয়ৰ যোগান আৰু পৰিচালনাৰ সৈতে সম্পৰ্কিত এটা বৃহৎ ব্যৱসায়িক খণ্ড। Catering Management বুলিলে— খাদ্য, পানীয় আৰু সম্পৰ্কিত সেৱাসমূহক পৰিকল্পনা, সংগঠন, নিয়ন্ত্ৰণ আৰু সঠিকভাৱে সম্পাদন কৰা। এই ব্যৱস্থাপনাই অতিথি আৰু গ্ৰাহকক গুণগতমানৰ সেৱা প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতামূলক কিন্তু লাভজনক মূল্যে সেই সেৱা যোগান দিয়ে।
Catering Industry কেৱল হোটেল আৰু ৰেষ্টুৰেণ্টতেই সীমাবদ্ধ নহয়। বিদ্যালয়, কলেজ, হস্পিটেল, কাৰাগাৰ, ৰে’লৱে, বিমান, কাৰ্যালয়, অনুষ্ঠান পৰিচালনা প্ৰতিষ্ঠান আদি বিভিন্ন ক্ষেত্ৰতো এই সেৱা প্ৰদান কৰা হয়। এক সু-সংগঠিত Catering ব্যৱস্থাই অতিথিৰ অভিজ্ঞতা স্মৰণীয় কৰি তোলে আৰু আয়োজক প্ৰতিষ্ঠানৰ প্ৰতিচ্ছবি উন্নত কৰে।
Catering ৰ প্ৰকাৰসমূহ-
| বাণিজ্যিককেটাৰিং (CommercialCatering) | কল্যাণমূলক কেটাৰিং (Welfare catering) | পৰিবহণ কেটাৰিং (Transport catering) | ঔদ্যোগিক কেটাৰিং (Industrial catering) | প্ৰতিষ্ঠানিক কেটাৰিং (Institutional catering) |
| হোটেল | কাৰাগাৰ | মেৰিন | চিকিৎসালয়সমূহ | শস্ত্ৰ বাহিনী |
| কেন্টিন | Destitute | ৰে’লৱে | কেফেটেৰিয়া (Cafeterias) | |
| কফি শ্বপ (Coffee Shops) | দুৰ্যোগ (Disaster) | বিমান সংস্থা (Airlines) | টিফিন (Tiffin) | |
| Takeaways | Old age homes | Centres |
২। F&B Outlet ৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে লিখা।
উত্তৰঃ F&B Outlet ৰ বিভিন্ন প্ৰকাৰসমূহ হ’ল-
(i) ফাইন ডাইনিং ৰেষ্টুৰেণ্ট (Fine Dining Restaurant): ইয়াৰ অৰ্থ হ’ল এটা পূৰ্ণ সেৱা প্ৰদান কৰা ৰেষ্টুৰেণ্ট, য’ত বিশেষ ভাৱে নিৰ্ধাৰিত আহাৰ পৰ্ব (Meal Course) থাকে। সাধাৰণতে এনে ধৰণৰ ৰেষ্টুৰেণ্ট থীম-ভিত্তিক থাকে।
(ii) কফি শ্বপ (Coffee shop): হোটেলৰ ভিতৰত বা স্বতন্ত্ৰভাৱে চলি থাকে। প্ৰভাতৰ আহাৰ, মধ্যাহ্নভোজন, ৰাতিৰ ভোজনৰ নিৰ্দিষ্ট সময় থাকে।
(iii) বাৰ (Bar): এটা বাৰত মদ্যপ আৰু অমদ্যপ দুয়ো ধৰণৰ পানীয়ৰ লগতে সীমিত আহাৰ (মূলতঃ স্ন্যাক্স) সৰবৰাহ কৰা হয়। ইয়াত এটা বাৰ কাউণ্টাৰ থাকে, য’ত বাৰ টুল্ছ থাকে আৰু আৰামদায়ক বৈঠক আৰু আলোক সজ্জাৰ ব্যৱস্থা থাকে।
(iv) পাব (Pub): পাবত মদ্যপ আৰু অমদ্যপ দুয়ো ধৰণৰ পানীয় সৰবৰাহ কৰা হয়। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল বিভিন্ন ধৰণৰ বীয়াৰ, যি টেপ ৰ পৰা সৰবৰাহ কৰা হয়।
(v) কিয়স্ক (Kiosk): কিয়স্ক সাধাৰণতে ব্যস্ত পথ বা বজাৰত অৱস্থিত হয়। এনে প্ৰকাৰৰ দোকান সাধাৰণতে এজন বা দুজন লোকৰ দ্বাৰা পৰিচালিত হয় আৰু মিতব্যয়ী মূল্যত খাদ্য সামগ্ৰী সৰবৰাহ কৰে।
| SESSION 3: Catering উদ্যোগত সুযোগ আৰু পেচাগত সম্ভাৱনা (Scope and Career Opportunities in Catering Industry |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



