Class 9 Assamese MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন

Class 9 Assamese MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

হনুমন্তৰ লঙ্কাদৰ্শন

Chapter – 13

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ মাধৱ কন্দলি।

২। ‘হনুমন্তৰ লঙ্কাদর্শন কবিতাটো কোনখন পুথিৰ পৰা অনা হৈছে?

উত্তৰঃ মাধৱ কন্দলীৰ, সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা।

৩। ‘হনুমন্ত’ মানে কোন?

উত্তৰঃ হনুমান।

৪। হনুমানে ক’ৰ পৰা লঙ্কানগৰী দেখিবলৈ পাইছিল?

উত্তৰঃ ত্রিকূট পৰ্বতৰ ওপৰৰ পৰা।

৫। লংঙ্কানগৰী দেখিবলৈ কেনেকুৱা?

উত্তৰঃ সাগৰৰ ভিতৰত থকা দুখন যেন সুন্দৰ নগৰ সদৃশ।

৬। ‘অম্ৰাৱতী’ মানে কি?

উত্তৰঃ ইন্দ্ৰৰ ৰাজধানী খনক অভ্ৰাৱতী নগৰ বুলি কোৱা হয়।

৭। ‘পৱন-নন্দন কোন?

উত্তৰঃ পৱন নন্দন মানে হনুমান।

৮। ‘ইসৱ কাহিনী কহিবাকো লাগে লাজ’- ইয়াত কিহৰ লাজৰ কথা কোৱা হৈছে?

উত্তৰঃ মহাবীৰ হনুমানে যে বুদ্ধিৰ নিজৰ ৰূপ সলাইসাগৰ পৰা হৈ আহি লংকানগৰী পাইছিল সেই কথাকে, হনুমানে ক’বলৈ লাজ লাগে বুলি কৈছে।

৯। ‘কাশ্যপ নন্দন’ কাক বুজা?

উত্তৰঃ সূর্য।

১০। হনুমানে লঙ্কানগৰীত কি কি গছ দেখিবলৈ পাইছিল?

উত্তৰঃ হনুমানে লঙ্কাত বিভিন্ন ধৰণৰ গছ দেখিবলৈ পাইছিল, তাৰ ভিতৰত সৰল, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৈছ, আহত গছ, তেতেলি, আম, জাম, নাগেশ্বৰ, হাৰিঠা, আমলখি, ডহাফল, ছতিয়না, নাৰিকল, শ্রী ফল, সলঙ্গা, কমলা টেঙা, কদ্দৈ আদি গছ দেখিবলৈ পাইছিল।

১১। হনুমানে লঙ্কান গৰীত কেনে ধৰণৰ ফুল দেখিবলৈ পাইছিল?

উত্তৰঃ সেৱতী, মালতী, গুটিমালি, পাৰিজাত আদি ফুল দেখিবলৈ পাইছিল।

১২। হনুমানে লঙ্কাত কি অনুপম দৃশ্য দেখিবলৈ পাইছিল?

উত্তৰঃ সাগৰত পাৰত দ’ম হৈ থকা মুকুতাৰ থোপা বোৰে বৰ অনুপম দৃশত সৃষ্টি কৰিছিল।

১৩। হনুমানে কিয় নিজৰ শৰীৰৰ ৰূপ সলোৱাৰ কথা ভাবিছিল?

উত্তৰঃ যদিহে হনুমানে তেওঁৰ নিজৰ বৃহৎ শৰীৰ লৈ  লঙ্কাত প্ৰৱেশ কৰে তেন্তে ৰাক্ষস সকলে তেওঁক বান্ধি থব বুলি তেওঁ নিজৰ শৰীৰৰ ৰূপ সলোৱাৰ কথা ভাবিছিল।

১৪। হনুমানে কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল?

উত্তৰঃ মেকুৰীৰ ৰূপ ধৰি।

১৫। লঙ্কাত কি বস্তু শাৰী শাৰী কৈ হোৱা আছিল?

উত্তৰঃ নানান যন্ত্ৰ-পাতি।

১৬৷ ‘দেৱাসুৰ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ দেৱ আৰু অসুৰক একেলগে দেৱাসুৰ বুলি কোৱা হয়।

১৭। অঙ্গদে আৰু সুগ্ৰীৰ কোন?

উত্তৰঃ অঙ্গদে হ’ল ৰজা বালীৰ পুত্ৰ আৰু সুগ্ৰীৱ হ’ল ৰজা বালীৰ ভায়েক।

১৮। দাশৰথী ৰাম বুলি কাক বুজোৱা হৈছে?

উত্তৰঃ দশৰথ ৰজাৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰক বুজোৱা হৈছে।

১৯। ‘অচিন্ত্য প্ৰভাৱ’ শব্দ অর্থ কি?

উত্তৰঃ চিন্তাৰ কাৰণ নোহোৱা।

২০। ‘মাধৱ কন্দলি’ কোন যুগৰ কবি?

উত্তৰঃ শংকৰ পূৰ্ব যুগৰ।

২১। মাধৱ কন্দলি কোনজন পৃষ্ঠপোষকতাত ৰাজ কবি আছিল?

উত্তৰঃ বৰাহী ৰজা মহা মাণিক্য।

২২। ৰামায়ণৰ ৰচয়িতা কোন? (সংস্কৃত)

উত্তৰঃ বাল্কিকী।

২৩। সংস্কৃত ৰামায়ণখন অসমীয়া লৈ কোনে অনুবাদ কৰিছিল?

উত্তৰঃ মাধৱ কন্দলীয়ে।

২৪। বর্তমান মাধৱ কন্দলিৰ ৰামায়ণখনৰ কেইটা কাণ্ড পোৱা গৈছে?

উত্তৰঃ সাতোটা কাণ্ডৰ ভিতৰত পাঁচটা কাণ্ড পোৱা গৈছে।

২৫। মাধৱকন্দলি ৰচনা কৰা কোনকেইটা কাণ্ড পোৱা যোৱা নাই।

উত্তৰঃ আদিকাণ্ড আৰু উত্তৰাকাণ্ড।

২৬। শংকৰদেৱৰ মাধৱ কন্দলিক কি উপাধি প্ৰদান কৰিছে।

উত্তৰঃ অপ্ৰমাদী কবি।

২৭। ত্রিকুট কি?

উত্তৰঃ ত্ৰিকুট হ’ল এখন ওখ পৰ্বত। ইয়াৰ আন এটা নাম হ’ল সুবেল পর্বল।

২৮। ত্রিকূটৰ ওপৰত কোনে বহি আছিল?

উত্তৰঃ ত্ৰিকুট পৰ্বতৰ ওপৰত ৰামভক্ত হনুমানে বহি আছিল।

২৯। লংকাৰ অধীশ্বৰ কোন আছিল।

উত্তৰঃ লংকাৰ অধীশ্বৰ আছিল ৰাৱণ।

৩০। ত্ৰিকুটৰ ওপৰত বহি কোনে কাৰ ৰাজ্য দেখিছিল?

উত্তৰঃ ত্ৰিকূটৰ ওপৰত বহি হনুমানে ৰাৱণৰ ৰাজ্য দেখিছিল।

৩১। হনুমানে সুবেলত বহি ওপৰ মুখ কৰোঁতে কি দেখিছিল?

উত্তৰঃ হনুমানে সুবেল পর্বতত বহি যেতিয়া সি মুখ ওপৰ মুৱা কৰিছিল তেতিয়া পশ্চিমাকাশত সূর্য অস্ত যাব ধৰিছে।

৩২। কোনে কাক হাতযোৰ কৰিছিল?

উত্তৰঃ হনুমানে, সূর্য দেৱতাক হাতযোৰ কৰিছিল।

৩৩। কাশ্যপ নন্দন কোন?

উত্তৰঃ কাশ্যপ নন্দন হ’ল সূর্য দেৱতা।

৩৪। দিবা ভাগে (দিনৰ ভাগত) হনুমানে কি ফুৰি চাব বিছাৰিছিল?

উত্তৰঃ সুবেল পৰ্বতত বহি মনোৰম লংকাপুৰী দেখি হনুমানে দিনৰ ভাগত লংকানগৰীৰ বাহিৰৰ গড়বোৰ চাব বিচাৰিছিল।

৩৫। ‘কাশ্যপ নন্দন’ৰ পিতৃ-মাতৃ কোন?

উত্তৰঃ ৰামায়ণ আৰু দুই এখন পুৰাণ শাস্ত্রমতে ‘কাশ্যপনন্দন’ (সূৰ্য দেৱতা) হ’ল কাশ্যপ আৰু অদিতিৰ পুত্ৰ ৷

৩৬। কোনে কেনেদৰে মধুপান কৰিছিল ?

উত্তৰঃ লংকা নগৰীত বহুতো বন-উপবন আছিল। সেই বননিৰ মাজত থকা ফুল-ফলৰ গছবোৰৰ ওপৰত ভোমোৰাবোৰে গুণগুণাই উৰি ফুৰি ফুলৰ পৰা মৌপান কৰিছিল।

৩৭। পদ্মিনী দিঘী সৰোবৰ কি?

উত্তৰঃ পদ্মিনী দিঘী সৰোবৰ হ’ল– পদুম ফুলৰ পুখুৰী। এই পুখুৰীটোত পদুম ফলৰে পৰিপূৰ্ণ হৈ আছিল।

৩৮। পাঠটিত কি কি ফুলৰ নাম পোৱা যায়?

উত্তৰঃ পাঠটিত পোৱা ফুল সমূহ হ’ল– গুটিমালি, পাৰিজাত, সেউতী, মালতী আৰু গুটিমালী ফুল।

৩৯। সাগৰে ঢৌত কি বস্তু আনিছিল?

উত্তৰঃ সাগৰে টৌত মুকুতা মনি উটুৱাই আনি লংকা নগৰীত দ’ম কৰি থৈছিল।

৪০। গোটেই দিনটো হনুমানে ক’ত কটাইছিল?

উত্তৰঃ হনুমানে গোটেই দিনটো লংকা নগৰীৰ বাহিৰত কটাইছিল।

৪১। হনুমানে কোন সময়ত লংকা নগৰীত প্রবেশ কৰিছিল?

উত্তৰঃ গধূলি সময়ত হনুমানে লংকা নগৰীত প্ৰৱেশ কৰিছিল।

৪২। লংকা নগৰীক কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ লংকা নগৰীক দ্বিতীয় অম্ৰাৱতীৰ লগত তুলনা কৰিছে।

৪৩। অম্লাৱতী কাৰ ৰাজধানী? এই ৰাজধানী কোনে নির্মাণ কৰিছিল?

উত্তৰঃ অম্ৰাৱৰ্তী হ’ল দেৱপুৰী ইন্দ্ৰৰ ৰাজধানী এই ৰাজধানীখন বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল।

৪৪। সাগৰক বাধা দিয়াৰ কাৰণে কোনে কোনে যুঁজিছিল?

উত্তৰঃ সাগৰক বাধা দিয়াৰ কাৰণে – অঙ্গদ, সুগ্ৰীৱ, নীল আৰু হনুমানে যুঁজিছিল।

৪৫। প্ৰাক্‌শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকী কোন?

উত্তৰঃ মাধৱ কন্দলী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top