Class 8 Social Science Additional Chapter 24 মৌলিক অধিকাৰ

Class 8 Social Science Additional Chapter 24 মৌলিক অধিকাৰ Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 24 মৌলিক অধিকাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 24 মৌলিক অধিকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

মৌলিক অধিকাৰ

Chapter – 24

PART – III: POLITICAL SCIENCE

ADDITIONAL QUESTION ANSWER

১। অধিকাৰ মানে কি?

উত্তৰঃ নাগৰিকৰ বিকাশৰ বাবে ৰাষ্ট্ৰই প্ৰদান কৰা সুযোগ সুবিধাবোৰকে অধিকাৰ বোলা হয়।

২। মৌলিক অধিকাৰ মানে কি?

উত্তৰঃ নাগৰিকসকলে প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে তাকে মৌলিক অধিকাৰ বোলা হয়।

৩। মৌলিক অধিকাৰসমূহ কেই প্রকাৰৰ আছে?

উত্তৰঃ মৌলিক অধিকাৰসমূহ ৬ প্ৰকাৰৰ আছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। আমাৰ মৌলিক অধিকাৰসমূহ কি কি?

উত্তৰঃ আমাৰ মৌলিক অধিকাৰসমূহ হ’ল সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ  অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

৫। সংবিধানৰ কিমান তম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো বিলোপ কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ৪৪ তম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো বিলোপ কৰা হৈছে।

৬। বৰ্তমান আমাৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ বৰ্তমান আমাৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে।

৭। সংবিধানৰ কিমান নং অনুচ্ছেদত সমতৰ অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদলৈ সমতৰ অধিকাৰ প্ৰদান কৰা হৈছে।

৮। সমতাৰ অধিকাৰ মানে কি?

উত্তৰঃ সকলো নাগৰিকসকলক সমান অধিকাৰ আৰু সমান মৰ্যাদা প্ৰদান কৰাকে সমতাৰ অধিকাৰ বোলা হয়।

৯। সংবিধানৰ কিমান নং অনুচ্ছেদত স্বাধীনতাৰ  অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদলৈ স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১০। সংবিধানৰ কিমান নং অনুচ্ছেদত ৬ পৰা ১৪ বছৰলৈ সকলো শিশুকে বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ২১ নং (ক) অনুচ্ছেদৰ মতে ৬ পৰা ১৪ বছৰলৈ সকলো শিশুকে বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১১। শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ৬-১৪ বয়সৰ প্ৰতিজন শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিতকৰন কৰা।

১২। সংবিধানে কিমান নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ ধাৰ্য কৰা হৈছে?

উত্তৰঃ সংবিধানে ২৩ নং আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ ধাৰ্য কৰা হৈছে।

১৩। কিমান চনত চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰা হৈছিল?

উত্তৰঃ ২০০৬ চনত চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰা হৈছিল।

১৪। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান শিশুক কামত নিয়োজত কৰা হৈছিল?

উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ১২ নিযুত শিশুক কামত নিয়োজত কৰা হৈছিল।

১৫। যৌন অপৰাধ আইন কিমান চনত বলবৎ কৰা হৈছিল?

উত্তৰঃ ২০১২ চনত যৌন অপৰাধ আইন বলবৎ কৰা হৈছিল।

১৬। সংবিধানে  কিমান নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানে ২৯ নং আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১৭। POCSO ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ POCSO ৰ সম্পূৰ্ণ অৰ্থ হ’ল Protection Of Children From Sexual Offences.

১৮। সংবিধানে কিমান নং অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানে  ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১৯। সংবিধানে কিমান নং অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে?

উত্তৰঃ সংবিধানে  ৩২ নং পৰা ৩৫ নং অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে।

২০। ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° বি.আৰ আম্বেদকাৰ আছিল ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি।

২১। কোনটো অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়?

উত্তৰঃ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়।

২২। মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ মৌলিক অধিকাৰৰ এটা বৈশিষ্ট্য হ’ল – মৌলিক অধিকাৰবোৰ উপভোগ কৰোঁতে কিছুমান সীমাবদ্ধতা মানি চলিব লাগে।

২৩। মৌলিক অধিকাৰৰ এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ মৌলিক অধিকাৰৰ এটা সীমাবদ্ধতা হ’ল – ভাৰতৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ চূড়ান্ত নহয়।

২৪। মৌলিক অধিকাৰৰ এটা প্ৰয়োজনীয়তা লিখা?

উত্তৰঃ মৌলিক অধিকাৰৰ এটা প্ৰয়োজনীয়তা হ’ল মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধা সৃষ্টি হয় বাবে মৌলিক অধিকাৰ আমাৰ বাবে অতি প্ৰয়োজনীয়।

২৫। মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা?

উত্তৰঃ মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য হ’ল–

১। মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।

২। মৌলিক অধিকাৰসমূহ বৈষম্যমূলক নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top