Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ

Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ – সমাধান and select needs one.

Join Telegram Groups

Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ  – সমাধান

Also, you can read the Class 8 Assamese Question Answer Chapter 8 notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ – সমাধান Solutions for All Subject, You can practice these here.

শ্ৰীশ্ৰী শংকৰদেৱ

-যতীন্দ্ৰনাথ দুৱৰা

ক – পাঠভিক্তিক ক্ৰিয়া কলাপ 

প্ৰশ্ন১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

প্রশ্ন ২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

 প্রশ্ন ৩। উত্তৰ দিয়া – 

( ক ) কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ বুলি কাক কৈছে ?

 উত্তৰঃ কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ বুলি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কৈছে ।

 ( খ ) কবিয়ে কিহেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে ? 

উত্তৰঃ কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ অর্থাৎ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে ।

 ( গ ) কবি কাননত কি বজোৱাৰ কথা কৈছে ?

 উত্তৰঃ কবি কাননত বীণা বজোৱাৰ কথা কৈছে ।

 ( ঘ ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?

 উত্তৰঃ মৰতত ‘ ধ্যানমগ্ন যােগী’ৰূপী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে । 

( ঙ ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ? 

উত্তৰ ‘ধ্যানমগ্ন যােগী’য়ে কোনােবা কবি কাননত নিৰলে বজোৱা বীণাৰ মধুৰ ঝংকাৰৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে । 

প্রশ্ন ৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা ।

 উত্তৰ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কবিতাটোত ‘ধ্যানমগ্ন যােগী ’ বুলি আখ্যা দিছে । তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য – সংস্কৃতি , ধর্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে । তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয় । তেওঁ যে স্বৰ্গৰ পৰা বােৱাই আনিলে ভক্তি সোঁত , ধৰ্মৰ জ্ঞান । তেওঁ বিভিন্ন গ্রন্থ ৰচনা কৰি অসমক ভাষা দিলে , অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে । অসমৰ বিভ্রান্ত তথা বিশৃঙ্খল সমাজ জীৱনক ৰীতি – নীতি , সদাচাৰ , অসমৰ ব্যৱহাৰ ধর্মভাৱ , গীত – পদ , সাহিত্য – সংস্কৃতি দান দি  এক পৰিশীলিত অসমীয়া জীৱনবােধ জগাই তুলিলে । বেদ – উপনিষদ , শাস্ত্র – ভাগৱত মথি অসমীয়া লােকক অমৃত পিয়ালে । তেওঁ আছিল মহাজ্ঞানী , মহাভক্ত , কর্মবীৰ আৰু অসমৰ ৰত্ন । তেওঁৰ কাৰণেই আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে ।

 প্রশ্ন ৫। তলৰ আঁচ টনা শব্দবােৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে সেইবােৰৰ শুদ্ধ অর্থ বাছি উলিয়াই লিখা ।

 ( ক ) কোনদূৰ অতীতৰ ধ্যানমগ্ন যােগী তুমি । ( তন্ময় / বিস্ময় / মহান )

উত্তৰঃ  তন্ময় ।

( খ ) গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ । ( শিপাই যােৱা / নাইকিয়া হােৱা / বিয়পি পৰা )

উত্তৰঃ বিয়পি পৰা । 

( গ ) তােমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে । ( যশস্যা / গঞ্জনা / লাঞ্ছনা ) 

উত্তৰঃ যশস্যা । 

 ( ঘ ) স্বৰ্গৰ বাতৰি আনি দিয়া দেৱ ! মৰতত । ( পৃথিৱী / পাতাল / আকাশ )

উত্তৰঃ পৃথিৱী ।

 প্রশ্ন ৬। বাক্য ৰচনা কৰা :

 পৱিত্র , কর্মবীৰ , সদাচাৰ , ৰীতি – নীতি , মৰত , মধুৰ ৷ 

উত্তৰঃ পৱিত্র :-  মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ যত্নতেই অসম পবিত্র ভূমিত পৰিণত হৈছিল ।

 কর্মবীৰ :-  মহাপুৰুষজনাৰ অসমৰ সাহিত্য – সংস্কৃতি , ধর্ম , ভাষা আদিত আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবেই তেওঁক কর্মবীৰ বােলা হৈছে ।

 সদাচাৰ :- বিশৃঙ্খল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল । 

ৰীতি – নীতি :- মহাপুৰুষজনাই অসমীয়া জাতিকে ধর্মীয় আচাৰ , ৰীতি – নীতিৰৰ শিক্ষা  দিছিল । 

 মৰত :- মহাপুৰুষ জনাই সৰগৰ পৰা যেন এই মৰতলৈ ভক্তিধাৰা বােৱাই আনিছিল । 

মধুৰ :-  মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিণী শুনাইছিল । 

প্রশ্ন ৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা ।

        মধুৰ………..তাৰ গভীৰ ……..সুৰে 

        আজিও উঠিছে বাজি ……. ঘৰে ।

        যি……. সুৰেৰেই প্রেম মন্দাকিনী ধাৰা ।

        অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা । 

উত্তৰঃ  মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে

            আজিও উঠিছে বাজি অসমৰ ঘৰে । 

           যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা ।

           অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা ।

 প্রশ্ন ৮। প্রসংগ সংগতি দর্শাহি ব্যাখ্যা কৰা । 

( ক ) নিৰলে বজাই বীণা কোন কবি কাননত ।

        স্বৰ্গৰ বাতৰি আনি দি দিলা দেৱ মৰতত ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি যতীন্দ্র নাথ দুৱৰাদেৱ ৰচিত ‘ শ্ৰীশ্ৰীশংকৰদেৱ’নামৰ কবিতাটিৰ অন্তৰ্গত । মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে নিৰলে একান্ত মনেৰে পদপুথি ৰচি কিদৰে অসমীয়া ভাষা সাহিত্য – সংস্কৃতিৰ অভূতপূর্ব উন্নতি সাধন কৰিলে তাকে প্রকাশ কৰিবলৈ যাওঁতে কবিতাটোত এনেদৰে উল্লেখ কৰিছে ।

          মহাপুৰুষজনাই একান্তভাৱে পদ – পুথি ৰচি , ভক্তি ধাৰা বােৱাই অসমীয়া মানুহক ধর্ম, ভাষা , কৃষ্টি – সংস্কৃতিৰ শিক্ষা দি অসমৰ বিভ্রান্ত তথা বিশৃংঙ্খল সমাজ জীৱনৰ থানথিত লগাবলৈ যত্ন কৰিছিল আৰু তাত সফললা হৈছিল । তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বােৱাই আনি অসমভূমি পৱিত্ৰ কৰি তুলিছিল ।

এই অমৃত পান কৰি অর্থাৎ তেওঁৰ এইবােৰ শিক্ষা লাভ কৰি ভাৰতীয় জীৱন শৈলীত তথা বিশ্ববাসীৰ মাজত অসমীয়াই আজি নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছে ।

 ( খ ) তােমাৰ জীৱনী দেৱ ! লিখে এনে সাধ্য কৰ

          গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ ।

 উত্তৰ : উদ্ধৃত কথাফাকি কবি যতীন্দ্রনাথ দুৱৰাদেৱ ৰচিত ‘ শ্ৰীশ্ৰীশংকৰদে’ নামৰ কবিতাটোৰ অন্তর্গত । মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ অসমীয়া জাতিলৈ আগবঢ়োৱা মহান অৱদানৰ কথা প্রকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে ।

          মহাপুৰুষ জনাৰ অসমীয়া জাতিটোলৈ আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰিব নােৱাৰি । তেওঁ পদ – পুথি ৰচনা কৰি অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল চহকী কৰিলে , নৱ বৈষ্ণবধর্ম প্রচাৰ কৰি ভক্তিৰ অমৃত ধাৰা মানুহৰ প্রাণে প্রাণে বােৱাই দিলে ,– ৰীতি নীতি , সদাচাৰ , ব্যৱহাৰ , ধৰ্মভাৱ জগাই বিশৃংখল অসমীয়া জাতিটো থানথিত লগালে , নামঘৰ স্থাপন কৰি নাট – ভাওনা , গীতেৰে অসমীয়া সংস্কৃতিৰ পথাৰখনি উজ্বলাই তুলিলে ।

গুৰুজনাৰ প্ৰতিটো সৃষ্টি কর্মই অসমীয়া জাতিটো সমৃদ্ধিশালী কৰি তুলিলে । তেওঁৰ অসমীয়া জাতিটোৰ কাৰণে কৰা এই বিস্তৃত কামৰ কথা লিখি বা কৈ শেষ কৰাটো কাৰোৰে পক্ষে একেবাৰে সম্ভৱ নহয় ।

 প্রশ্ন ৯। শেষ ধ্বনি মিল থকা শব্দবােৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা । 

তুমি , ধাৰা , মাজে , ঘূৰে , জ্ঞান , সদাচাৰ

 উত্তৰঃ    

তুমি     —    ভূমি ।

ধাৰা    —    পৰা ।

মাজে  ―     বাজে ।

ঘূৰে    ―     ঘৰে ।

জ্ঞান   ―     দান ।

সদাচাৰ ―   ব্যৱহাৰ ।

প্রশ্ন ১০। চমুকৈ লিখা । 

( ক ) ‘স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত ’ — উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি ’ কি বুজাই লিখা । 

উত্তৰঃ  ইয়াত  ‘দেৱ’ শব্দই মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক বুজাইছে । ‘মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে । স্বৰ্গৰ অমৰ কাহিনীৰ তথা বাতৰিৰ দৰে মহাপুৰুষ জনাই পদ – পুথি ৰচনা কৰি , ভক্তি – ধর্ম , সাহিত্য – সংস্কৃতিৰ অমৃত ধাৰা বােৱাই  অসম ভূমিকা পৱিত্ৰ কৰাৰ কথা কৈছে ।

( খ ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে ? 

উত্তৰঃ  মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধর্ম , ভাষা , সংস্কৃতি , সাহিত্য , ৰীতি নীতি , সদাচাৰ , ব্যৱহাৰ ধৰ্মভাৱ ― এইবােৰ দান দি অসমৰ সকলােকে নতুন সাজেৰে সজালে । অর্থাৎ বিশৃঙ্খল তথা বিভ্রান্ত অসমীয়া জাতিটোক থানথিত লগাই সুশৃঙ্খল জাতি হিচাপে সজাই তুলিলে ।

 ( গ ) ‘কত যতনেৰে দেৱ ! গাঁঠিলা মালাধাৰি’ — ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা । 

উত্তৰঃ বেদ – উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধর্মীয় তথা ভক্তিমূলক কাহিনী , তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ’ল , অসমীয়া ভাষা – সাহিত্য টনকিয়াল কৰিলে । ইয়াৰ তুলনা নাই । তেওঁৰ এই পদ – পুথি ৰচনা কৰা কার্যকে বেদ – উপনিষদৰ পৰা বাছি বাছি ফল আনি মালা গাঁঠা বুলি কৈছে ।

 ( ঘ ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে ? 

উত্তৰ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ , ভিনভাৱ , সৰু-বৰ এনেবােৰ ভাৱ আঁতৰাই ঐক্য – সংহতি আৰু ধৰ্মৰ মালাৰে সকলােকে আদৰাৰ শিক্ষা দিয়ে । 

Sl. No.Contents
পাঠ – 1নিয়ম
পাঠ – 2যুগমীয়া শৰাইঘাট
পাঠ – 3এন্ ফ্ৰাঙ্কৰ ডায়েৰী
পাঠ – 4জাগা জননীৰ সন্তান
পাঠ – 5ভক্তপ্ৰাণ প্রহ্লাদ
পাঠ – 6প্ৰগতিৰ সোণালী বাট
পাঠ – 7বস্তু বিজ্ঞান অধ্যয়ন
পাঠ – 8শ্ৰীশ্ৰী শংকৰদেৱ
পাঠ – 9ভয়
পাঠ – 10পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ – 11অতীতক নাযাবা পাহৰি
পাঠ – 12সুখ
পাঠ – 13হোমি জাহাংগীৰ ভাবা
পাঠ – 14সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ – 15শিশুলীলা

খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )

প্রশ্ন ১১। তলৰ শব্দবােৰৰ সমার্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা । 

পৃথিৱী , বাগিচা , মৰম , গংগা , সন্যাসী , গৌৰৱ , অন্তৰ , মিঠা । 

উত্তৰঃ         

পৃথিৱী        —         মৰত ।

বাগিচা       ―         কানন ।

মৰম          ―         প্রেম ।

গংগা          ―        মন্দাকিনী ।

সন্যাসী       ―        যােগী ।

গৌৰৱ        ―        গৰিমা । 

অন্তৰ         ―        হৃদয় ।

মিঠা           ―        মধুৰ ।

প্রশ্ন ১২৷ তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা । 

অতীত , পবিত্র , পুণ্য , জীৱন , প্রেম , অশেষ ।

উত্তৰঃ   

অতীত     —      ভৱিষ্যৎ ।

পবিত্র       —      অপৱিত্ৰ । 

পুণ্য          ―     পাপ ।

জীৱন       —      মৰণ ।

 প্রেম         ―      অপ্রেম ।

অশেষ      ―      শেষ ।

 প্রশ্ন ১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবােৰ বাছি উলিয়াই দুখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ  বিশেষ্য :- যােগী , বীণা , কানন , মৰত , মন্দাকিনী , স্বর্গ , অসম , ভাষা , দেৱ , বেদ , সাধনা ইত্যাদি । 

বিশেষণ :- পুণ্য , পৱিত্ৰ , মধুৰ , গভীৰ , অসীম , ক্ষুদ্র , সৰু , বৰ ইত্যাদি ।

প্রশ্ন ১৪। “ যি বীণৰ সুৰৰেই প্রেম মন্দাকিনী ধাৰা । এই ধাৰা ’ শব্দটোৰ লগত বেলেগ শব্দ যােগ কৰি কেইটামান শব্দ তলত দিয়া হ’ল । সেইবােৰৰ অৰ্থ লিখা । 

উত্তৰঃ        

ফল্গধাৰা      ―      গংগত থকা অন্তঃসলিলা নদী ।

জীৱনধাৰা  ―       জীৱন পদ্ধতি । 

ধাৰাসাৰ     ―       নেৰানেপেৰা , ছেদভেদ নােহােৱা । 

ধাৰাবাহিক  —       ক্রমিক , একেলেঠাৰিয়ে , অবিচ্ছেদ ।

ধাৰাভাষ্য    —      মৌখিক বিৱৰণী , একেলেঠাৰিয়ে কৈ যােৱা । 

ধাৰাপাত     —      গণনাৰ আদিপুথি ।

 প্রশ্ন ১৫। এটা শব্দত প্ৰকাশ কৰা । 

( ক ) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লােৱা ।

উত্তৰঃ একেশ্বৰবাদী ।

 ( খ ) বিষ্ণুক ভক্তি কৰে যি । 

উত্তৰঃ বিষ্ণুভক্ত,বৈষ্ণৱ ।

( গ ) একে গুৰুৰ শিষ্য । 

উত্তৰঃ সতীৰ্থ,হৰিভকত ।

( ঘ ) পিতৃ – মাতৃহীন সন্তান ।

উত্তৰঃ অনাথ ।

 ( ঙ ) সত্ৰ সম্বন্ধীয় । 

উত্তৰঃ সত্ৰীয়া ।

 প্রশ্ন ১৬ তলত দিয়া যুৰীয়া শব্দকেইটাৰে বাক্য সাজা । 

 ( ক ) জয় জয় ( খ ) কোন কোন ( গ ) নিজে নিজে ( ঘ ) দলে দলে ( ঙ ) পাচিয়ে পাচিয়ে ।

উত্তৰঃ    ( ক ) জয় জয় :-  ল’ৰাজন চাকৰিত সােমােৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় জয় ময় ময় হৈ পৰিছে । 

           ( খ ) কোন কোন :- কোন কোন ইয়ালৈ আহিছিল ক’ব পাৰিবানে ?

           ( গ ) নিজে নিজে :-  আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কাম কৰিব লাগে ।

           ( ঘ ) দলে দলে :- উৎৱলৈ  দলে দলে মানুহবােৰ আহিছে । 

           ( ঙ ) পাচিয়ে পাচিয়ে :-  হাতীয়ে পাচিয়ে পাচিয়ে ধান খাব পাৰে ।

গ – জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ১৭ সাৰাংশ লিখা । 

“ মৌ মাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নির্মাণ কৰে । সেই চাকৰ কিমান আদৰ ! মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা আঠা উলিয়াই জাল বয় । তিৰােতাই বাঢ়নীৰে সেই কৃত্রিম সূতাৰ জাল সাৰি পেলায় । নীৰৱ সাধকসকল মৌ মাখিৰ নিচিনা হ’ব লাগিব । তেওঁলােকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি , সমাজনীতি , সাহিত্য বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব । 

উত্তৰঃ মৌ মাখিয়ে যিদৰে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নির্মাণ কৰে আৰু সেই মৌচাকৰ আদৰ অপাৰ ঠিক সেইদৰে নীৰৱ সাধকসকলে বুৰঞ্জীত নানা যুগৰ ৰাজনীতি , সমাজনীতি , সাহিত্য বিজ্ঞানৰ মৌ স্বৰূপে সাৰবস্তু সংগ্রহ কৰি বিভিন্ন মূল্যবান গ্রন্থ ৰচনা কৰিব লাগে । তেনে গ্রন্থই সমাজত আদৰ পায় । কিন্তু মকৰাৰ জালৰ দৰে অদৰকাৰী কথাৰে গ্ৰন্থ ৰচনা কৰিলে সেইবােৰে কাৰােৰে পৰা আদৰ নাপায় ।

 প্রশ্ন ১৮। ( ক ) নির্দেশ দিয়া মতে কামখিনি কৰিবা । 

( খ ) শ্ৰীমন্ত শংকৰদেৱে সমাজ সংস্কাৰ কৰি সমাজক নতুন জীৱন দান দিছিল । তােমালােকে তেনেধৰণৰ সমাজৰ কাম কৰিবলৈ ইচ্ছা কৰানে ? তােমালােকৰ বিদ্যালয়ৰ ছাত্র একতা সভাৰ সহযােগত সমাজৰ কিবা কাম কৰিছা যদি সেই বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰাৰ দৰে সমাজ সংস্কাৰৰ কাম কৰিবলৈ আমিও ইচ্ছা কৰো । কাৰণ অসমীয়া সমাজত এতিয়াও বহু ঠাইত কু – সংস্কাৰ আদি চলি থকাৰ উপৰি আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি, থকা – মেলা , সামাজিক পৰিৱেশ আদিত বহুত পিছ পৰি আছে ।

        আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আমি সমাজৰ দুই এটা কৰিছোঁ । থকা – মেলা আৰু সামাজিক পৰিৱেশ উন্নত কৰিবলৈ আমি মাজে – সময়ে ওচৰৰ গাঁওবােৰলৈ গৈ পৰিষ্কাৰ – পৰিচ্ছন্নতা আদিৰ বিষয়ে গাঁওবাসীক পৰামর্শ দিওঁ ।

মনৰ পৰা ডাইনী হত্যা , মদখােৱা , অন্ধবিশ্বাস আদিৰ কুফল সম্পর্কে সেইবিলাক সভাত ৰাইজক আমি ৰাইজক বুজাওঁ । গাঁৱৰ ৰাস্তা – পদূলিতে আমি সংঘবদ্ধভাৱে কোৰ আদি লৈ মেৰামতি অথবা নির্মাণ কাৰ্য্যত গাঁওবাসীক সহায় কৰোঁ ।

( গ ) বর্তমান সমাজত চলি থকা ডাইনী হত্যা আৰু ৰাগীয়াল বস্তু সেৱন সম্পর্কত তােমাৰ মতামত প্রকাশ কৰা । 

উত্তৰঃ বর্তমান সমাজত থকা ডাইনী হত্যা আৰু ৰাগীয়াল বস্তু সেৱন এই দুয়ােটাই সমাজৰ হিতকৰ নহয় । ই সমাজৰ ভাবিব নােৱৰাকৈ অনিষ্ট সাধন কৰি আহিছে । ডাইনী সত্যা এটা সমাজৰ অন্ধ বিশ্বাস । মানুহ ডাইনী হৈ কাৰোবাৰ গাত বেমাৰ জাপি দিয়া  কাৰােবাৰ ঘােৰ অন্যায় কৰা ই এটা ঘােৰ কু – সংস্কাৰ , ঘােৰ অন্ধবিশ্বাস ।

মানুহ ডাহনীও হ’ব নােৱাৰে , কাৰৰ গাত বেমাৰ – আজাৰ আদি জাপি দি মাৰিবও নােৱাৰে । মানুহৰ থকা – খােৱা চলন – ফুৰণ আদি দোষৰ উপৰিও অন্যান্য বিভিন্ন কাৰণত বেমাৰ – আজাৰ হ’ব পাৰে ।

ইয়াৰ বাবে ডাইনী বুলি সন্দেহ কৰি মানুহে মানুহক আগুৰি ধৰি নিষ্ঠুৰভাৱে হত্যা নকৰি , চিকিৎসা কৰাইহে বেমাৰ – আজাৰ ভাল কৰাব লাগে । আজিৰ সভ্যতাৰ যুগতাে , মানুহে শিক্ষা – দীক্ষা পায়াে কিছুমান সমাজত এনে অন্ধবিশ্বাসেৰে মানুহ হত্যা কৰাটো অতি লাজ আৰু দুখৰ কথা ।

         ৰাগীয়াল বস্তু সেৱনাে সমাজৰ কাৰণে অভিশাপ স্বৰূপ । ঘাইকৈ মদ সেৱনে ঘৰুৱ । অশান্তিৰ লগতে সমাজৰাে অশান্তি সৃষ্টি কৰে । একোখন ঘৰ – সংসাৰ থানবান কৰে , ধ্বংস কৰে । ৰাগীয়াল বস্তু সেৱনে মানুহৰ হিতাহিত জ্ঞান নাইকিয়া কৰি পেলায় ।

যুৱক যুৱতীৰ মাজতো  ইয়াক সেৱনৰ অভ্যাস বৰ দুখৰ কথা হৈ পৰিছে । চৰকাৰে ৰাগীয়াল বন্ধ নিবাৰণৰ ব্যৱস্থা হাতত লৈছে যদিও চৰকাৰেই অনুমতি দি মদৰ দোকানৰ ব্যৱস্থা কৰাটো বৰ ভাল কথা হৈছে বুলি ক’ব নােৱাৰি । 

প্রশ্ন ১৯। “ অসমৰ সমাজ সংস্কাৰ , সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ অৱদান অতুলনীয় ।

”-ওপৰৰ কথাখিনি সাৰোগত কৰি তলত দিয়া বিষয়সমূহৰ পৰা যিকোনাে এটা বিষয় বাছি লৈ ২৫০ টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ।

– সমাজ সংস্কাৰক শংকৰদেৱ । 

–সাহিত্য – সংস্কৃতিৰ সেৱক শংকৰদেৱ ।

– সুকুমাৰ কলা সাধক শংকৰদেৱ ।

উত্তৰঃ  সমাজসংস্কাৰক শংকৰদেৱ :-  অসমৰ জাতীয় জীৱনৰ শিৰােমণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়াত আধ্যাত্মিক , সাহিত্যিক , সাংস্কৃতিক আৰু সামাজিক জীৱনলৈ আগবঢ়োৱা দানৰ তুলনা নাই ।

এসময়ত অতি বিভ্রান্ত তথা বিশৃংখল অসমীয়া জাতিটোৰ মাজত চলি থকা ধর্মান্ধতা , কু – সংস্কাৰ তথা অন্ধবিশ্বাস , কু – প্রথা আদি দূৰ কৰি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ জাতিটোক থানথিত লগাবলৈ তেওঁ বিভিন্ন উপায়েৰে চেষ্টা কৰিছিল । ইয়াৰ উপায় স্বৰূপে , নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ , পদ – পুথি , গীত – নাট ৰচনা , নাট – ভাওনাৰ ব্যৱস্থা কৰা , নামঘৰ প্রতিষ্ঠা কৰা আদিৰ ব্যৱস্থা কৰিছিল ।

               মহাপুৰুষ শংকৰদেৱে ভক্তিধৰ্মৰ অমৃত বাণীৰে এখন বিভেদহীন আৰু বৈষম্যহীন সমাজৰ সুসংগঠন কৰিছিল । গীত – মাত , নাট – ভাওনা , কলা – সংস্কৃতিৰ যােগেদি জনসাধাৰণৰ মনত সামাজিক চেতনা , দায়িত্ববােধ , আত্ম সম্মানবােধ , একাত্মবােধ আৰু সাম্য মৈত্রীৰ ভাব জগাই তুলিছিল । অস্পৃশ্যতা আৰু কু – সংস্কাৰবিহীন কৰি সমাজক শুদ্ধ নিকা কৰি থৈ গৈছিল ।

জাতি – ধর্ম – বর্ণ নির্বিশেষে আটাইকে একেডাল ডােলেৰে বান্ধি আধুনিক অসমীয়া সমাজ তথা জাতিৰ ভেটি প্রতিষ্ঠা কৰি থৈ গৈছে । ধৰ্মৰ বাণীৰে বিশৃংখল সমাজখনৰ পৰা কু – সংস্কাৰ , কু – আচাৰ – ব্যৱহাৰ , ৰীতি – নীতিবােৰ আঁতৰাই মানুহৰ মনত ভক্তি আৰু সহনশীলতাৰ ভাব জগাই তুলিছিল ।

বহু দেৱতাৰ মাজত প্রধান দেৱতাৰ সন্ধান দি সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিই সামাজিক চৈতন্য জগাই তুলিছিল।কৰ্মৰ বিভীষিকা নিবাৰণ , বাহ্যিক অনুষ্ঠানৰ ঠাইত বিশুদ্ধ অস্তৰত আধ্যাত্মিক উপলব্ধি সামাজিক বিভেদতা নিবাৰণ এনেবােৰ শিক্ষা প্রচাৰকৰি মহাপুৰুষজনাই অসমীয়া সমাজখন থানথিত লগাইছিল । 

            মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰাজিয়ে অর্থাৎ বৈষ্ণৱ সাহিত্য সমূহে অসমীয়া সমাজ সংস্কাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল । তেওঁৰ ৰচিত এই বৈষ্ণৱ সাহিত্য অসমৰ জাতীয় সাহিত্যৰূপে প্রতিষ্ঠা লাভ কৰে । বৈষ্ণৱ ধৰ্মৰ সামাজিক পদ্ধতিয়ে অসমৰ সামাজিক জীৱনক এটি স্পষ্ট আৰু নিটোল ৰূপ দিয়ে ।

সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি সামাজিক শৃংখলাৰ নিদর্শন দাঙি ধৰে । বৈষ্ণৱ সাহিত্যৰ সমাদৰে ধৰ্মমূলক ভেদভাবৰ ওপৰত মিলাপ্ৰীতিৰ বান্ধোন টানি দিয়াৰ ফলত শাক্ত – শৈৱ আদিৰ লগত বৈষ্ণৱ ধৰ্মৰ সংঘর্ষ অসমীয়া সমাজত কোনাে দিনেই ঘটিবলৈ পােৱা নাই । 

        সত্ৰ , নামঘৰ , নাট ভাওনা আদিৰ জৰিয়তে কু – প্রথাৰ বেয়া ফল , সু – প্রথাৰ সুফল আদি ৰূপক হিচাপে প্রদর্শন কৰি নিৰক্ষৰ হােজা , অন্ধবিশ্বাসী অসমীয়া সমাজতাে তেওঁ এক আললাড়ন সৃষ্টি কৰিছিল । মানুহে তেওঁৰ আদৰ্শ আৰু অমৃতময় বাণীত মুগ্ধ হৈ সামাজিক সচেতনাৰে ভাতৃত্ব আৰু একতাৰ ডােলেৰে বান্ধ খাইছিল । 

         এনেকৈয়ে মহাপুৰুষজনাই বিশৃংখল আৰু বিভ্রান্ত অসমীয়া সমাজ আৰু জাতিটোক একত্রিত কৰি এটা সুস্থিৰ জাতি তথা সমাজ গঠন কৰিছিল ।

         মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা সাহিত্যিক সমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল-

১ ) কাব্য :- হৰিশ্চন্দ্ৰ উপাখ্যান , ৰুক্মিণীহৰণ কাব্য , বলিচলন , অমৃত মথন , অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র ।

 ( ২ ) ভক্তিতত্ত্বপ্রকাশ সংগ্রহ :-  ভক্তিপ্রদীপ , ভক্তিৰত্নাকৰ ( সংস্কৃত ) , নিমিনৱসিদ্ধ সংবাদ অনাদিপতন ।

 ( ৩ ) অনুবাদমূলক :-  ভাগৱত ( ১ ম , ২ য় , ৬ ষ্ঠ ) ( অজামিল উপাখ্যান মাত্র ) ৮ ম ( বলিচলন , অমৃত মর্থন ) , ১০ ম , ১১ শ , ১২ শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ । 

( ৪ ) অংকীয়া নাট :-  পত্নীপ্রসাদ , কালিয় দমন , কেলিগােপাল , ৰুক্মিণীহৰণ , পাৰিজাত হৰণ আৰু ৰামবিজয় । 

( ৫ ) গীত :-  বৰগীত , ভটিমা , টোটয় আৰু চপয় ।

( ৬ ) নাম প্রসংগ :- কীর্তন আৰু গুণমালা ।

       সাংস্কৃতিক ক্ষেত্ৰতাে তেওঁৰ অৱদানৰ তুলনা নাই । তেওঁ নিতৌ বৈকুণ্ঠৰ চিত্রপট আঁকি নিজে ‘ চিহ্নযাত্রা ’ নাট ৰচি তাত অভিনয় কৰি ৰাইজক মােহিত কৰিছিল আৰু নাট ভাওনাৰ সূচনা কৰিছিল । সত্ৰ নামঘৰ স্থাপন কৰি গীত – মাত নৃত্যাদিৰ উপৰি বাদ্য বাজনাৰ ব্যৱস্থা কৰিছিল ।

এনেদৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰটো মহাপুৰুষ শংকৰদেৱৰ বহুমুখী অৱদান আগবঢ়াই গৈছে যদিও কেৱল সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই যােৱা অৱদানেই তেওঁক অমৰত্ব দান কৰিছে।মহাপুৰুজনাৰ এই সাহিত্য – সংস্কৃতিয়ে অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰিছে ।


6 thoughts on “Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ”

Leave a Reply

error: Content is protected !!
Scroll to Top