Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ and select needs one.
Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ
Also, you can read the Class 8 Assamese Question Answer Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 8 শ্ৰীশ্ৰী শংকৰদেৱ – সমাধান Solutions for All Subject, You can practice these here.
শ্ৰীশ্ৰী শংকৰদেৱ
-যতীন্দ্ৰনাথ দুৱৰা
ক – পাঠভিক্তিক ক্ৰিয়া কলাপ
প্ৰশ্ন১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।
প্রশ্ন ৩। উত্তৰ দিয়া –
( ক ) কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ বুলি কাক কৈছে ?
উত্তৰঃ কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ বুলি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কৈছে ।
( খ ) কবিয়ে কিহেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে ‘ ধ্যানমগ্ন যােগী ‘ অর্থাৎ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে ।
( গ ) কবি কাননত কি বজোৱাৰ কথা কৈছে ?
উত্তৰঃ কবি কাননত বীণা বজোৱাৰ কথা কৈছে ।
( ঘ ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?
উত্তৰঃ মৰতত ‘ ধ্যানমগ্ন যােগী’ৰূপী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে ।
( ঙ ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ?
উত্তৰ ‘ধ্যানমগ্ন যােগী’য়ে কোনােবা কবি কাননত নিৰলে বজোৱা বীণাৰ মধুৰ ঝংকাৰৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে ।
প্রশ্ন ৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা ।
উত্তৰ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কবিতাটোত ‘ধ্যানমগ্ন যােগী ’ বুলি আখ্যা দিছে । তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য – সংস্কৃতি , ধর্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে । তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয় । তেওঁ যে স্বৰ্গৰ পৰা বােৱাই আনিলে ভক্তি সোঁত , ধৰ্মৰ জ্ঞান । তেওঁ বিভিন্ন গ্রন্থ ৰচনা কৰি অসমক ভাষা দিলে , অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে । অসমৰ বিভ্রান্ত তথা বিশৃঙ্খল সমাজ জীৱনক ৰীতি – নীতি , সদাচাৰ , অসমৰ ব্যৱহাৰ ধর্মভাৱ , গীত – পদ , সাহিত্য – সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবােধ জগাই তুলিলে । বেদ – উপনিষদ , শাস্ত্র – ভাগৱত মথি অসমীয়া লােকক অমৃত পিয়ালে । তেওঁ আছিল মহাজ্ঞানী , মহাভক্ত , কর্মবীৰ আৰু অসমৰ ৰত্ন । তেওঁৰ কাৰণেই আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে ।
প্রশ্ন ৫। তলৰ আঁচ টনা শব্দবােৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে সেইবােৰৰ শুদ্ধ অর্থ বাছি উলিয়াই লিখা ।
( ক ) কোনদূৰ অতীতৰ ধ্যানমগ্ন যােগী তুমি । ( তন্ময় / বিস্ময় / মহান )
উত্তৰঃ তন্ময় ।
( খ ) গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ । ( শিপাই যােৱা / নাইকিয়া হােৱা / বিয়পি পৰা )
উত্তৰঃ বিয়পি পৰা ।
( গ ) তােমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে । ( যশস্যা / গঞ্জনা / লাঞ্ছনা )
উত্তৰঃ যশস্যা ।
( ঘ ) স্বৰ্গৰ বাতৰি আনি দিয়া দেৱ ! মৰতত । ( পৃথিৱী / পাতাল / আকাশ )
উত্তৰঃ পৃথিৱী ।
প্রশ্ন ৬। বাক্য ৰচনা কৰা :
পৱিত্র , কর্মবীৰ , সদাচাৰ , ৰীতি – নীতি , মৰত , মধুৰ ৷
উত্তৰঃ পৱিত্র :- মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ যত্নতেই অসম পবিত্র ভূমিত পৰিণত হৈছিল ।
কর্মবীৰ :- মহাপুৰুষজনাৰ অসমৰ সাহিত্য – সংস্কৃতি , ধর্ম , ভাষা আদিত আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবেই তেওঁক কর্মবীৰ বােলা হৈছে ।
সদাচাৰ :- বিশৃঙ্খল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল ।
ৰীতি – নীতি :- মহাপুৰুষজনাই অসমীয়া জাতিকে ধর্মীয় আচাৰ , ৰীতি – নীতিৰৰ শিক্ষা দিছিল ।
মৰত :- মহাপুৰুষ জনাই সৰগৰ পৰা যেন এই মৰতলৈ ভক্তিধাৰা বােৱাই আনিছিল ।
মধুৰ :- মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিণী শুনাইছিল ।
প্রশ্ন ৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা ।
মধুৰ………..তাৰ গভীৰ ……..সুৰে
আজিও উঠিছে বাজি ……. ঘৰে ।
যি……. সুৰেৰেই প্রেম মন্দাকিনী ধাৰা ।
অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা ।
উত্তৰঃ মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ।
যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা ।
অসমী সাধনা বলে নমালা স্বৰ্গৰ পৰা ।
প্রশ্ন ৮। প্রসংগ সংগতি দর্শাহি ব্যাখ্যা কৰা ।
( ক ) নিৰলে বজাই বীণা কোন কবি কাননত ।
স্বৰ্গৰ বাতৰি আনি দি দিলা দেৱ মৰতত ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি যতীন্দ্র নাথ দুৱৰাদেৱ ৰচিত ‘ শ্ৰীশ্ৰীশংকৰদেৱ’নামৰ কবিতাটিৰ অন্তৰ্গত । মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে নিৰলে একান্ত মনেৰে পদপুথি ৰচি কিদৰে অসমীয়া ভাষা সাহিত্য – সংস্কৃতিৰ অভূতপূর্ব উন্নতি সাধন কৰিলে তাকে প্রকাশ কৰিবলৈ যাওঁতে কবিতাটোত এনেদৰে উল্লেখ কৰিছে ।
মহাপুৰুষজনাই একান্তভাৱে পদ – পুথি ৰচি , ভক্তি ধাৰা বােৱাই অসমীয়া মানুহক ধর্ম, ভাষা , কৃষ্টি – সংস্কৃতিৰ শিক্ষা দি অসমৰ বিভ্রান্ত তথা বিশৃংঙ্খল সমাজ জীৱনৰ থানথিত লগাবলৈ যত্ন কৰিছিল আৰু তাত সফললা হৈছিল । তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বােৱাই আনি অসমভূমি পৱিত্ৰ কৰি তুলিছিল ।
এই অমৃত পান কৰি অর্থাৎ তেওঁৰ এইবােৰ শিক্ষা লাভ কৰি ভাৰতীয় জীৱন শৈলীত তথা বিশ্ববাসীৰ মাজত অসমীয়াই আজি নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছে ।
( খ ) তােমাৰ জীৱনী দেৱ ! লিখে এনে সাধ্য কৰ
গােটেই অসমভূমি বিস্তৃত জীৱনী যাৰ ।
উত্তৰ : উদ্ধৃত কথাফাকি কবি যতীন্দ্রনাথ দুৱৰাদেৱ ৰচিত ‘ শ্ৰীশ্ৰীশংকৰদে’ নামৰ কবিতাটোৰ অন্তর্গত । মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ অসমীয়া জাতিলৈ আগবঢ়োৱা মহান অৱদানৰ কথা প্রকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে ।
মহাপুৰুষ জনাৰ অসমীয়া জাতিটোলৈ আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰিব নােৱাৰি । তেওঁ পদ – পুথি ৰচনা কৰি অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল চহকী কৰিলে , নৱ বৈষ্ণবধর্ম প্রচাৰ কৰি ভক্তিৰ অমৃত ধাৰা মানুহৰ প্রাণে প্রাণে বােৱাই দিলে ,– ৰীতি নীতি , সদাচাৰ , ব্যৱহাৰ , ধৰ্মভাৱ জগাই বিশৃংখল অসমীয়া জাতিটো থানথিত লগালে , নামঘৰ স্থাপন কৰি নাট – ভাওনা , গীতেৰে অসমীয়া সংস্কৃতিৰ পথাৰখনি উজ্বলাই তুলিলে ।
গুৰুজনাৰ প্ৰতিটো সৃষ্টি কর্মই অসমীয়া জাতিটো সমৃদ্ধিশালী কৰি তুলিলে । তেওঁৰ অসমীয়া জাতিটোৰ কাৰণে কৰা এই বিস্তৃত কামৰ কথা লিখি বা কৈ শেষ কৰাটো কাৰোৰে পক্ষে একেবাৰে সম্ভৱ নহয় ।
প্রশ্ন ৯। শেষ ধ্বনি মিল থকা শব্দবােৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ।
তুমি , ধাৰা , মাজে , ঘূৰে , জ্ঞান , সদাচাৰ
উত্তৰঃ
তুমি — ভূমি ।
ধাৰা — পৰা ।
মাজে ― বাজে ।
ঘূৰে ― ঘৰে ।
জ্ঞান ― দান ।
সদাচাৰ ― ব্যৱহাৰ ।
প্রশ্ন ১০। চমুকৈ লিখা ।
( ক ) ‘স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত ’ — উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি ’ কি বুজাই লিখা ।
উত্তৰঃ ইয়াত ‘দেৱ’ শব্দই মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক বুজাইছে । ‘মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে । স্বৰ্গৰ অমৰ কাহিনীৰ তথা বাতৰিৰ দৰে মহাপুৰুষ জনাই পদ – পুথি ৰচনা কৰি , ভক্তি – ধর্ম , সাহিত্য – সংস্কৃতিৰ অমৃত ধাৰা বােৱাই অসম ভূমিকা পৱিত্ৰ কৰাৰ কথা কৈছে ।
( খ ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে ?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধর্ম , ভাষা , সংস্কৃতি , সাহিত্য , ৰীতি নীতি , সদাচাৰ , ব্যৱহাৰ ধৰ্মভাৱ ― এইবােৰ দান দি অসমৰ সকলােকে নতুন সাজেৰে সজালে । অর্থাৎ বিশৃঙ্খল তথা বিভ্রান্ত অসমীয়া জাতিটোক থানথিত লগাই সুশৃঙ্খল জাতি হিচাপে সজাই তুলিলে ।
( গ ) ‘কত যতনেৰে দেৱ ! গাঁঠিলা মালাধাৰি’ — ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা ।
উত্তৰঃ বেদ – উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধর্মীয় তথা ভক্তিমূলক কাহিনী , তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ’ল , অসমীয়া ভাষা – সাহিত্য টনকিয়াল কৰিলে । ইয়াৰ তুলনা নাই । তেওঁৰ এই পদ – পুথি ৰচনা কৰা কার্যকে বেদ – উপনিষদৰ পৰা বাছি বাছি ফল আনি মালা গাঁঠা বুলি কৈছে ।
( ঘ ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে ?
উত্তৰ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ , ভিনভাৱ , সৰু-বৰ এনেবােৰ ভাৱ আঁতৰাই ঐক্য – সংহতি আৰু ধৰ্মৰ মালাৰে সকলােকে আদৰাৰ শিক্ষা দিয়ে ।
Sl. No. | Contents |
পাঠ – 1 | নিয়ম |
পাঠ – 2 | যুগমীয়া শৰাইঘাট |
পাঠ – 3 | এন্ ফ্ৰাঙ্কৰ ডায়েৰী |
পাঠ – 4 | জাগা জননীৰ সন্তান |
পাঠ – 5 | ভক্তপ্ৰাণ প্রহ্লাদ |
পাঠ – 6 | প্ৰগতিৰ সোণালী বাট |
পাঠ – 7 | বস্তু বিজ্ঞান অধ্যয়ন |
পাঠ – 8 | শ্ৰীশ্ৰী শংকৰদেৱ |
পাঠ – 9 | ভয় |
পাঠ – 10 | পৰীক্ষিতৰ ব্ৰহ্মশাপ |
পাঠ – 11 | অতীতক নাযাবা পাহৰি |
পাঠ – 12 | সুখ |
পাঠ – 13 | হোমি জাহাংগীৰ ভাবা |
পাঠ – 14 | সংস্কৃতি আৰু আমাৰ জীৱন |
পাঠ – 15 | শিশুলীলা |
খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )
প্রশ্ন ১১। তলৰ শব্দবােৰৰ সমার্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা ।
পৃথিৱী , বাগিচা , মৰম , গংগা , সন্যাসী , গৌৰৱ , অন্তৰ , মিঠা ।
উত্তৰঃ
পৃথিৱী — মৰত ।
বাগিচা ― কানন ।
মৰম ― প্রেম ।
গংগা ― মন্দাকিনী ।
সন্যাসী ― যােগী ।
গৌৰৱ ― গৰিমা ।
অন্তৰ ― হৃদয় ।
মিঠা ― মধুৰ ।
প্রশ্ন ১২৷ তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা ।
অতীত , পবিত্র , পুণ্য , জীৱন , প্রেম , অশেষ ।
উত্তৰঃ
অতীত — ভৱিষ্যৎ ।
পবিত্র — অপৱিত্ৰ ।
পুণ্য ― পাপ ।
জীৱন — মৰণ ।
প্রেম ― অপ্রেম ।
অশেষ ― শেষ ।
প্রশ্ন ১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবােৰ বাছি উলিয়াই দুখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ বিশেষ্য :- যােগী , বীণা , কানন , মৰত , মন্দাকিনী , স্বর্গ , অসম , ভাষা , দেৱ , বেদ , সাধনা ইত্যাদি ।
বিশেষণ :- পুণ্য , পৱিত্ৰ , মধুৰ , গভীৰ , অসীম , ক্ষুদ্র , সৰু , বৰ ইত্যাদি ।
প্রশ্ন ১৪। “ যি বীণৰ সুৰৰেই প্রেম মন্দাকিনী ধাৰা । এই ধাৰা ’ শব্দটোৰ লগত বেলেগ শব্দ যােগ কৰি কেইটামান শব্দ তলত দিয়া হ’ল । সেইবােৰৰ অৰ্থ লিখা ।
উত্তৰঃ
ফল্গধাৰা ― গংগত থকা অন্তঃসলিলা নদী ।
জীৱনধাৰা ― জীৱন পদ্ধতি ।
ধাৰাসাৰ ― নেৰানেপেৰা , ছেদভেদ নােহােৱা ।
ধাৰাবাহিক — ক্রমিক , একেলেঠাৰিয়ে , অবিচ্ছেদ ।
ধাৰাভাষ্য — মৌখিক বিৱৰণী , একেলেঠাৰিয়ে কৈ যােৱা ।
ধাৰাপাত — গণনাৰ আদিপুথি ।
প্রশ্ন ১৫। এটা শব্দত প্ৰকাশ কৰা ।
( ক ) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লােৱা ।
উত্তৰঃ একেশ্বৰবাদী ।
( খ ) বিষ্ণুক ভক্তি কৰে যি ।
উত্তৰঃ বিষ্ণুভক্ত,বৈষ্ণৱ ।
( গ ) একে গুৰুৰ শিষ্য ।
উত্তৰঃ সতীৰ্থ,হৰিভকত ।
( ঘ ) পিতৃ – মাতৃহীন সন্তান ।
উত্তৰঃ অনাথ ।
( ঙ ) সত্ৰ সম্বন্ধীয় ।
উত্তৰঃ সত্ৰীয়া ।
প্রশ্ন ১৬ তলত দিয়া যুৰীয়া শব্দকেইটাৰে বাক্য সাজা ।
( ক ) জয় জয় ( খ ) কোন কোন ( গ ) নিজে নিজে ( ঘ ) দলে দলে ( ঙ ) পাচিয়ে পাচিয়ে ।
উত্তৰঃ ( ক ) জয় জয় :- ল’ৰাজন চাকৰিত সােমােৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় জয় ময় ময় হৈ পৰিছে ।
( খ ) কোন কোন :- কোন কোন ইয়ালৈ আহিছিল ক’ব পাৰিবানে ?
( গ ) নিজে নিজে :- আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কাম কৰিব লাগে ।
( ঘ ) দলে দলে :- উৎৱলৈ দলে দলে মানুহবােৰ আহিছে ।
( ঙ ) পাচিয়ে পাচিয়ে :- হাতীয়ে পাচিয়ে পাচিয়ে ধান খাব পাৰে ।
গ – জ্ঞান সম্প্রসাৰণ
প্রশ্ন ১৭ সাৰাংশ লিখা ।
“ মৌ মাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নির্মাণ কৰে । সেই চাকৰ কিমান আদৰ ! মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা আঠা উলিয়াই জাল বয় । তিৰােতাই বাঢ়নীৰে সেই কৃত্রিম সূতাৰ জাল সাৰি পেলায় । নীৰৱ সাধকসকল মৌ মাখিৰ নিচিনা হ’ব লাগিব । তেওঁলােকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি , সমাজনীতি , সাহিত্য বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব ।
উত্তৰঃ মৌ মাখিয়ে যিদৰে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নির্মাণ কৰে আৰু সেই মৌচাকৰ আদৰ অপাৰ ঠিক সেইদৰে নীৰৱ সাধকসকলে বুৰঞ্জীত নানা যুগৰ ৰাজনীতি , সমাজনীতি , সাহিত্য বিজ্ঞানৰ মৌ স্বৰূপে সাৰবস্তু সংগ্রহ কৰি বিভিন্ন মূল্যবান গ্রন্থ ৰচনা কৰিব লাগে । তেনে গ্রন্থই সমাজত আদৰ পায় । কিন্তু মকৰাৰ জালৰ দৰে অদৰকাৰী কথাৰে গ্ৰন্থ ৰচনা কৰিলে সেইবােৰে কাৰােৰে পৰা আদৰ নাপায় ।
প্রশ্ন ১৮। ( ক ) নির্দেশ দিয়া মতে কামখিনি কৰিবা ।
( খ ) শ্ৰীমন্ত শংকৰদেৱে সমাজ সংস্কাৰ কৰি সমাজক নতুন জীৱন দান দিছিল । তােমালােকে তেনেধৰণৰ সমাজৰ কাম কৰিবলৈ ইচ্ছা কৰানে ? তােমালােকৰ বিদ্যালয়ৰ ছাত্র একতা সভাৰ সহযােগত সমাজৰ কিবা কাম কৰিছা যদি সেই বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰাৰ দৰে সমাজ সংস্কাৰৰ কাম কৰিবলৈ আমিও ইচ্ছা কৰো । কাৰণ অসমীয়া সমাজত এতিয়াও বহু ঠাইত কু – সংস্কাৰ আদি চলি থকাৰ উপৰি আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি, থকা – মেলা , সামাজিক পৰিৱেশ আদিত বহুত পিছ পৰি আছে ।
আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আমি সমাজৰ দুই এটা কৰিছোঁ । থকা – মেলা আৰু সামাজিক পৰিৱেশ উন্নত কৰিবলৈ আমি মাজে – সময়ে ওচৰৰ গাঁওবােৰলৈ গৈ পৰিষ্কাৰ – পৰিচ্ছন্নতা আদিৰ বিষয়ে গাঁওবাসীক পৰামর্শ দিওঁ ।
মনৰ পৰা ডাইনী হত্যা , মদখােৱা , অন্ধবিশ্বাস আদিৰ কুফল সম্পর্কে সেইবিলাক সভাত ৰাইজক আমি ৰাইজক বুজাওঁ । গাঁৱৰ ৰাস্তা – পদূলিতে আমি সংঘবদ্ধভাৱে কোৰ আদি লৈ মেৰামতি অথবা নির্মাণ কাৰ্য্যত গাঁওবাসীক সহায় কৰোঁ ।
( গ ) বর্তমান সমাজত চলি থকা ডাইনী হত্যা আৰু ৰাগীয়াল বস্তু সেৱন সম্পর্কত তােমাৰ মতামত প্রকাশ কৰা ।
উত্তৰঃ বর্তমান সমাজত থকা ডাইনী হত্যা আৰু ৰাগীয়াল বস্তু সেৱন এই দুয়ােটাই সমাজৰ হিতকৰ নহয় । ই সমাজৰ ভাবিব নােৱৰাকৈ অনিষ্ট সাধন কৰি আহিছে । ডাইনী সত্যা এটা সমাজৰ অন্ধ বিশ্বাস । মানুহ ডাইনী হৈ কাৰোবাৰ গাত বেমাৰ জাপি দিয়া কাৰােবাৰ ঘােৰ অন্যায় কৰা ই এটা ঘােৰ কু – সংস্কাৰ , ঘােৰ অন্ধবিশ্বাস ।
মানুহ ডাহনীও হ’ব নােৱাৰে , কাৰৰ গাত বেমাৰ – আজাৰ আদি জাপি দি মাৰিবও নােৱাৰে । মানুহৰ থকা – খােৱা চলন – ফুৰণ আদি দোষৰ উপৰিও অন্যান্য বিভিন্ন কাৰণত বেমাৰ – আজাৰ হ’ব পাৰে ।
ইয়াৰ বাবে ডাইনী বুলি সন্দেহ কৰি মানুহে মানুহক আগুৰি ধৰি নিষ্ঠুৰভাৱে হত্যা নকৰি , চিকিৎসা কৰাইহে বেমাৰ – আজাৰ ভাল কৰাব লাগে । আজিৰ সভ্যতাৰ যুগতাে , মানুহে শিক্ষা – দীক্ষা পায়াে কিছুমান সমাজত এনে অন্ধবিশ্বাসেৰে মানুহ হত্যা কৰাটো অতি লাজ আৰু দুখৰ কথা ।
ৰাগীয়াল বস্তু সেৱনাে সমাজৰ কাৰণে অভিশাপ স্বৰূপ । ঘাইকৈ মদ সেৱনে ঘৰুৱ । অশান্তিৰ লগতে সমাজৰাে অশান্তি সৃষ্টি কৰে । একোখন ঘৰ – সংসাৰ থানবান কৰে , ধ্বংস কৰে । ৰাগীয়াল বস্তু সেৱনে মানুহৰ হিতাহিত জ্ঞান নাইকিয়া কৰি পেলায় ।
যুৱক যুৱতীৰ মাজতো ইয়াক সেৱনৰ অভ্যাস বৰ দুখৰ কথা হৈ পৰিছে । চৰকাৰে ৰাগীয়াল বন্ধ নিবাৰণৰ ব্যৱস্থা হাতত লৈছে যদিও চৰকাৰেই অনুমতি দি মদৰ দোকানৰ ব্যৱস্থা কৰাটো বৰ ভাল কথা হৈছে বুলি ক’ব নােৱাৰি ।
প্রশ্ন ১৯। “ অসমৰ সমাজ সংস্কাৰ , সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ অৱদান অতুলনীয় ।
”-ওপৰৰ কথাখিনি সাৰোগত কৰি তলত দিয়া বিষয়সমূহৰ পৰা যিকোনাে এটা বিষয় বাছি লৈ ২৫০ টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ।
– সমাজ সংস্কাৰক শংকৰদেৱ ।
–সাহিত্য – সংস্কৃতিৰ সেৱক শংকৰদেৱ ।
– সুকুমাৰ কলা সাধক শংকৰদেৱ ।
উত্তৰঃ সমাজসংস্কাৰক শংকৰদেৱ :- অসমৰ জাতীয় জীৱনৰ শিৰােমণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়াত আধ্যাত্মিক , সাহিত্যিক , সাংস্কৃতিক আৰু সামাজিক জীৱনলৈ আগবঢ়োৱা দানৰ তুলনা নাই ।
এসময়ত অতি বিভ্রান্ত তথা বিশৃংখল অসমীয়া জাতিটোৰ মাজত চলি থকা ধর্মান্ধতা , কু – সংস্কাৰ তথা অন্ধবিশ্বাস , কু – প্রথা আদি দূৰ কৰি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ জাতিটোক থানথিত লগাবলৈ তেওঁ বিভিন্ন উপায়েৰে চেষ্টা কৰিছিল । ইয়াৰ উপায় স্বৰূপে , নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ , পদ – পুথি , গীত – নাট ৰচনা , নাট – ভাওনাৰ ব্যৱস্থা কৰা , নামঘৰ প্রতিষ্ঠা কৰা আদিৰ ব্যৱস্থা কৰিছিল ।
মহাপুৰুষ শংকৰদেৱে ভক্তিধৰ্মৰ অমৃত বাণীৰে এখন বিভেদহীন আৰু বৈষম্যহীন সমাজৰ সুসংগঠন কৰিছিল । গীত – মাত , নাট – ভাওনা , কলা – সংস্কৃতিৰ যােগেদি জনসাধাৰণৰ মনত সামাজিক চেতনা , দায়িত্ববােধ , আত্ম সম্মানবােধ , একাত্মবােধ আৰু সাম্য মৈত্রীৰ ভাব জগাই তুলিছিল । অস্পৃশ্যতা আৰু কু – সংস্কাৰবিহীন কৰি সমাজক শুদ্ধ নিকা কৰি থৈ গৈছিল ।
জাতি – ধর্ম – বর্ণ নির্বিশেষে আটাইকে একেডাল ডােলেৰে বান্ধি আধুনিক অসমীয়া সমাজ তথা জাতিৰ ভেটি প্রতিষ্ঠা কৰি থৈ গৈছে । ধৰ্মৰ বাণীৰে বিশৃংখল সমাজখনৰ পৰা কু – সংস্কাৰ , কু – আচাৰ – ব্যৱহাৰ , ৰীতি – নীতিবােৰ আঁতৰাই মানুহৰ মনত ভক্তি আৰু সহনশীলতাৰ ভাব জগাই তুলিছিল ।
বহু দেৱতাৰ মাজত প্রধান দেৱতাৰ সন্ধান দি সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিই সামাজিক চৈতন্য জগাই তুলিছিল।কৰ্মৰ বিভীষিকা নিবাৰণ , বাহ্যিক অনুষ্ঠানৰ ঠাইত বিশুদ্ধ অস্তৰত আধ্যাত্মিক উপলব্ধি সামাজিক বিভেদতা নিবাৰণ এনেবােৰ শিক্ষা প্রচাৰকৰি মহাপুৰুষজনাই অসমীয়া সমাজখন থানথিত লগাইছিল ।
মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰাজিয়ে অর্থাৎ বৈষ্ণৱ সাহিত্য সমূহে অসমীয়া সমাজ সংস্কাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল । তেওঁৰ ৰচিত এই বৈষ্ণৱ সাহিত্য অসমৰ জাতীয় সাহিত্যৰূপে প্রতিষ্ঠা লাভ কৰে । বৈষ্ণৱ ধৰ্মৰ সামাজিক পদ্ধতিয়ে অসমৰ সামাজিক জীৱনক এটি স্পষ্ট আৰু নিটোল ৰূপ দিয়ে ।
সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি সামাজিক শৃংখলাৰ নিদর্শন দাঙি ধৰে । বৈষ্ণৱ সাহিত্যৰ সমাদৰে ধৰ্মমূলক ভেদভাবৰ ওপৰত মিলাপ্ৰীতিৰ বান্ধোন টানি দিয়াৰ ফলত শাক্ত – শৈৱ আদিৰ লগত বৈষ্ণৱ ধৰ্মৰ সংঘর্ষ অসমীয়া সমাজত কোনাে দিনেই ঘটিবলৈ পােৱা নাই ।
সত্ৰ , নামঘৰ , নাট ভাওনা আদিৰ জৰিয়তে কু – প্রথাৰ বেয়া ফল , সু – প্রথাৰ সুফল আদি ৰূপক হিচাপে প্রদর্শন কৰি নিৰক্ষৰ হােজা , অন্ধবিশ্বাসী অসমীয়া সমাজতাে তেওঁ এক আললাড়ন সৃষ্টি কৰিছিল । মানুহে তেওঁৰ আদৰ্শ আৰু অমৃতময় বাণীত মুগ্ধ হৈ সামাজিক সচেতনাৰে ভাতৃত্ব আৰু একতাৰ ডােলেৰে বান্ধ খাইছিল ।
এনেকৈয়ে মহাপুৰুষজনাই বিশৃংখল আৰু বিভ্রান্ত অসমীয়া সমাজ আৰু জাতিটোক একত্রিত কৰি এটা সুস্থিৰ জাতি তথা সমাজ গঠন কৰিছিল ।
মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা সাহিত্যিক সমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল-
১ ) কাব্য :- হৰিশ্চন্দ্ৰ উপাখ্যান , ৰুক্মিণীহৰণ কাব্য , বলিচলন , অমৃত মথন , অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র ।
( ২ ) ভক্তিতত্ত্বপ্রকাশ সংগ্রহ :- ভক্তিপ্রদীপ , ভক্তিৰত্নাকৰ ( সংস্কৃত ) , নিমিনৱসিদ্ধ সংবাদ অনাদিপতন ।
( ৩ ) অনুবাদমূলক :- ভাগৱত ( ১ ম , ২ য় , ৬ ষ্ঠ ) ( অজামিল উপাখ্যান মাত্র ) ৮ ম ( বলিচলন , অমৃত মর্থন ) , ১০ ম , ১১ শ , ১২ শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ ।
( ৪ ) অংকীয়া নাট :- পত্নীপ্রসাদ , কালিয় দমন , কেলিগােপাল , ৰুক্মিণীহৰণ , পাৰিজাত হৰণ আৰু ৰামবিজয় ।
( ৫ ) গীত :- বৰগীত , ভটিমা , টোটয় আৰু চপয় ।
( ৬ ) নাম প্রসংগ :- কীর্তন আৰু গুণমালা ।
সাংস্কৃতিক ক্ষেত্ৰতাে তেওঁৰ অৱদানৰ তুলনা নাই । তেওঁ নিতৌ বৈকুণ্ঠৰ চিত্রপট আঁকি নিজে ‘ চিহ্নযাত্রা ’ নাট ৰচি তাত অভিনয় কৰি ৰাইজক মােহিত কৰিছিল আৰু নাট ভাওনাৰ সূচনা কৰিছিল । সত্ৰ নামঘৰ স্থাপন কৰি গীত – মাত নৃত্যাদিৰ উপৰি বাদ্য বাজনাৰ ব্যৱস্থা কৰিছিল ।
এনেদৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰটো মহাপুৰুষ শংকৰদেৱৰ বহুমুখী অৱদান আগবঢ়াই গৈছে যদিও কেৱল সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই যােৱা অৱদানেই তেওঁক অমৰত্ব দান কৰিছে।মহাপুৰুজনাৰ এই সাহিত্য – সংস্কৃতিয়ে অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰিছে ।
প্ৰশ্নোত্তৰ
প্রশ্ন ১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া।
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।
প্রশ্ন ২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।
প্রশ্ন ৩। উত্তৰ দিয়া-
(ক) কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি কাক কৈছে?
উত্তৰঃ কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কৈছে।
(খ) কবিয়ে কিহেৰে ভূমি পৰিত্ৰ কৰাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে ‘ধ্যানমগ্ন যোগী’ অর্থাৎ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পৱিত্ৰ কৰাৰ কথা কৈছে।
(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে?
উত্তৰঃ কবি কাননত বীণা বজোৱাৰ কথা কৈছে।
(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে?
উত্তৰঃ মৰতত ‘ধ্যানমগ্ন যোগী’ ৰূপী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে।
(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘ধ্যানমগ্ন যোগী’য়ে কোনোবা কবি কাননত নিৰলে বজোৱা বীণাৰ মধুৰ ঝংকাৰৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
very good notes…..
thank you!
ok welcome…..!
Thank You for Appreciate
Thank you so much Sar for give the notes
Thank you very much
It helped me a lot
Thank you so much sir