Class 8 Assamese Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ

Join Telegram channel

Class 8 Assamese Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ and select needs one.

Class 8 Assamese Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ

Also, you can read Class 8 Assamese Question Answer Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese পাঠ-5 ভক্তপ্ৰাণ প্রহ্লাদ – সমাধান Solutions for All Subject, You can practice these here…

 ভক্তপ্ৰাণ প্রহ্লাদ

ক – পাঠভিত্তিক ক্রিয়া

 প্রশ্ন ১। উত্তৰ দিয়া ।

( ক ) ভক্তপ্রাণ প্রহ্লাদ ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা । 

উত্তৰঃ ভক্তপ্রাণ প্রহ্লাদ’নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ’ল – হৰি ( ত্ৰিজগতৰ ত্রাণকর্তা , ভক্তবৃন্দৰ উপাস্য দেৱতা ) হিৰণ্যকশিপু ( দৈত্যৰাজ , হৰিৰ চিৰবৈৰী ) প্রহ্লাদ ( হিৰণ্যকশিপুৰ পুত্র , ভগৱানৰ একান্ত ভক্ত ) ষণ্ডামর্ক ( দৈত্য গুৰু) মহাৰাণী ( হিৰণ্যকশিপুৰ পত্নী , দৈত্যৰাণী , প্রহ্লাদৰ মাক )

 ( খ ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত ?

উত্তৰঃ নাটিকাখনি ৫ টা দৃশ্যত বিভক্ত ।

 ( গ ) প্রহ্লাদৰ পিতৃৰ নাম কি ? 

উত্তৰঃ প্রহ্লাদৰ পিতৃৰ নাম হ’ল হিৰণ্যকশিপু ।

 ( ঘ ) হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল ?

উত্তৰঃ  হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ আছিল । 

( ঙ ) হৰিৰ প্রতি প্রহ্লাদৰ কেনে ভক্তি আছিল ?

 উত্তৰঃ হৰিৰ প্রতি প্রহ্লাদৰ অচলা ভক্তি আছিল । হৰিৰ প্ৰতি থকা এই ভক্তিৰ কাৰণেই তেওঁ মৃত্যুকে ভয় নকৰিছিল । 

( চ ) প্রহ্লাদক অসুৰৰ শাস্ত্রজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ? 

উত্তৰঃ প্রহ্লাদক অসুৰৰ শাস্ত্রজ্ঞান দিবলৈ দৈত্যগুৰু ষণ্ডামর্কক নিযুক্তি দিয়া হৈছিল ।

 ( ছ ) ত্ৰিজগতৰ পতি বুলি প্রহ্লাদে কাক কৈছিল ?

উত্তৰঃ  ত্ৰিজগতৰ পতি বুলি প্রহ্লাদে হৰিক কৈছিল ।

 ( জ ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি ?

 উত্তৰঃ স্ফটিক  স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ’ল- ‘নৰসিংহ’ । ই বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ ।

 ( ঝ ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি ?

উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্র । 

প্রশ্ন ২। লিখা 

( ক ) কি ভাবত তন্ময় হৈ আছা প্রহ্লাদ ? তােমাৰ কাষত আহি মই ৰৈছোঁহি , তুমি গমেই পােৱা নাইনে ? —এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল ? সেই সময়ত প্রহ্লাদ কি ভাবত তন্ময় হৈ  আছিল?

উত্তৰঃ এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠভাতৃয়ে কৈছিল । প্রহ্লাদে সেই সময়ত সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল ।

 ( খ ) স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি কি কৰিছিল ? তেওঁৰ গর্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল ?

উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্রভু নৰসিংহ ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল । তেওঁৰ গর্জনত সকলাে দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছা প্রায় হৈছিল । 

প্রশ্ন ৩। চমুকৈ লিখা—

 ( ক ) প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবােৰ একাদিক্রমে লিখা । 

উত্তৰঃ প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে এনেদৰে যুক্তি দেখুৱাইছে যে হৰি ত্রিভুবনৰ গৰাকী , ন্যায়ৰ মূর্তি । হৰিৰ মহিমা স্মৰণ কেতিয়াও অনুচিত বুলিব নােৱাৰি । তেওঁৰ মহিমাই মৃত্যুভয় থাকিলেও মুকলিকৈ সঁচা কথা ক’বলৈ সাহস যােগায় ।

ত্রিজগতৰ পতি হৰিৰ মহিমাক কোনেও অৱজ্ঞা কৰিব নােৱাৰে । হৰিৰ মহিমাই সকলাে বিপদৰ পৰা ৰক্ষা কৰে । প্রহাদৰ একান্ত যুক্তি হ’ল “ ৰাখে হৰি মাৰে কোনে ” । প্রহ্লাদৰ বিশ্বাস এই ধৰিত্ৰীৰ আকাশ , বতাহ , বায়ু , পানী সকলােতে পৰমপিতা হৰি সুপ্ত হৈ আছে । হৰি নােহােৱা ঠাই নায়েই । 

( খ ) বামানয় শাস্ত্রজ্ঞান ল’বলৈ প্রহ্লাদে কিয় আপত্তি কৰিছিল ? 

উত্তৰঃ প্রহ্লাদ আছিল হৰিৰ একান্ত ভক্ত । অসুৰৰ শাস্ত্র অর্থাৎ বামানয় শাস্ত্ৰ আছিল হৰিবিৰােধী । সেয়ে প্রহ্লাদে অসুৰৰ শাস্ত্রজ্ঞান ল’বলৈ আপত্তি কৰিছিল ।

 ( গ ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল ? 

উত্তৰঃ  হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই এইকাৰণেই কৈছিল যে হৰিয়ে তেওঁৰ সহােদৰ হিৰণ্যাক্ষক বৰাহৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল । 

( ঘ ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল ?

উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এইবুলি কাকূতি কৰিছিল– ‘হে হৰি , আমাৰ সকলােকে শুভ বুদ্ধি নি আপুনি আমাক ৰক্ষা কৰক । পিতৃৰ সকলাে দোষ মার্জনা কৰি তেওঁক ক্ষমা কৰক ।

 ( ঙ ) ষণ্ডামর্কই প্রহ্লাদক বামানয় শাস্ত্রজ্ঞান দিবলৈ কি কি বুজনি দিছিল ?

 উত্তৰঃ যণ্ডামর্কই প্রহ্লাদক বামানয়ৰ শাস্ত্রজ্ঞান দিবলৈ এনেদৰে বুজনি দিছিল — ‘ চোৱা ৰাজকুমাৰ প্রহ্লাদ , তােমাৰ কণ্ঠত হৰিনামে শােভা নাপায় । তুমি হ’লা দৈত্যবংশৰ পুত্র , দেৱতাৰ জয়গান গােৱাটো তােমাৰ বাবে উচিত হােৱা নাই । সেয়েহে আহা , বামানয় শাস্ত্র পঢ়া , য’ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকীয় অনেক কথা ।

           তাৰােপৰি এনেদৰে কৈছিল— ‘ হৰিভক্তিৰ মহিমা বর্ণনাৰ পৰা তুমি বিৰত থকা , নহলে জানাই নহয় , তােমাৰ পিতৃ দৈত্যৰাজৰ ক্রোধাগ্নিয়ে সকলােকে ভস্ম কৰি পেলাব ।’

 ( চ ) প্রহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লােৱা নাছিল ? 

উত্তৰঃ প্রহ্লাদে গুৰুদ্বয়ৰ বুজনি এই কাৰণেই মানি লােৱা নাছিল যে সেই বুজনি আছি হৰিৰ মহিমা বিৰােধী । প্রহ্লাদ আছিল হৰিৰ মহিমা বর্ণনা কৰা একান্ত হৰিভক্ত । একান্ত হৰিভক্তই হৰি বিৰােধী বুজনি কেতিয়াও মানি ল’ব নােৱাৰে ।

প্রশ্ন ৪। ব্যাখ্যা কৰা ।

‘ ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্রহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযােজন ।’

 উত্তৰঃ কথাফাকি ‘ ভক্তপ্রাণ প্রহ্লাদ ’ পাঠটিৰ পৰা লােৱা হৈছে । কথাফাকিৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত ভক্তিধাৰাৰ ঐতিহ্যকেই প্রকাশ কৰা হৈছে । 

         ভাৰতীয় ভক্তিধাৰা হৈছে বৈষ্ণৱ ধর্ম । বিষ্ণুৰ মহিমা কীর্তন , চৰ্চা আৰু ধ্যানেই এই ভক্তিধাৰাৰ মূল । এই ধর্ম বা ভক্তিৰ মতে বিষ্ণু বা হৰি হ’ল ত্রিজগতৰ পতি , এই সুন্দৰ প্রকৃতিৰ সৃষ্টিকর্তা । তেৱেঁই সকলােকে সৃষ্টি কৰিছে , পালন কৰিছে , আৰু প্ৰয়ােজনত ধ্বংসও  কৰিছে ।

‘ৰাখে হবি মাৰে কোনে ’ – এই মতবাদেই ভাৰতীয় ভক্তিধাৰাৰ একমাত্র বিশ্বাস ।  প্রহ্লাদৰ কাহিনীৰ জৰিয়তে এই মতবাদেই প্রচাৰিত হৈছে আৰু প্রমাণিত হৈছে । সেই কাৰণে এই কাহিনী ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এক গৌৰৱময় সংযোজন ।

 প্রশ্ন ৫।‘মােৰ বিনাশ , হাঃ হাঃ হাঃ । বােধকৰোঁ তােমালােকৰ জ্ঞাত নহয় যে মােক মানুহ অথবা জন্তুৱে বধ কৰিব নােৱাৰে । আনহাতে মােৰ মৃত্যু দিনৰ ভাগতাে নহয় আৰু ৰাতিও নহয় ৷ সেয়েহে মই নিশ্চিত , সহজে নহয় মােৰ বিনাশ ।এই সংলাপটো কোনে কাক কৈছে ? লিখা ।

উত্তৰঃ ‘হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপােনাৰ অমংগল অথবা বিনাশৰাে সম্ভাৱনা আছে ‘ বুলি যেতিয়া হৰিভক্ত প্রহ্লাদে হৰিবিৰােধী পিতৃ হিৰণ্যকশিপুক কলে তেতিয়া , হিৰণ্যকশিপুই প্রহ্লাদক এই কথাষাৰ কৈছিল । 

Sl. No.Contents
পাঠ – 1নিয়ম
পাঠ – 2যুগমীয়া শৰাইঘাট
পাঠ – 3এন্ ফ্ৰাঙ্কৰ ডায়েৰী
পাঠ – 4জাগা জননীৰ সন্তান
পাঠ – 5ভক্তপ্ৰাণ প্রহ্লাদ
পাঠ – 6প্ৰগতিৰ সোণালী বাট
পাঠ – 7বস্তু বিজ্ঞান অধ্যয়ন
পাঠ – 8শ্ৰীশ্ৰী শংকৰদেৱ
পাঠ – 9ভয়
পাঠ – 10পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ – 11অতীতক নাযাবা পাহৰি
পাঠ – 12সুখ
পাঠ – 13হোমি জাহাংগীৰ ভাবা
পাঠ – 14সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ – 15শিশুলীলা

খ-ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ ) 

 প্রশ্ন ৬ তলত উল্লেখ কৰা সমূহ ব্যস্ত বা সমস্যমান পদ , সমস্ত পদ আৰু বাস বাক্য হিচাবে দেখুৱাই এখন তালিকা যুগুত কৰা 

ত্রিভুন , হতাহতি , পর্বত গম্ভীৰ , ত্রিজগত , সিংহাসন 

উত্তৰঃ       

ব্যস্ত বা সমস্য মান পদ সমস্ত পদ

 ১।  তিনি ভুবনৰ সমাহাৰ ।

  ২। পৰস্পৰে হাতে হাতে কৰা যি কৰা যি যুদ্ধ ।

 ৩। পর্বতৰ নিচিনা গম্ভীৰ ।

৪।  তিনি জগতৰ সমাহাৰ ।

৫।  সিংহখােচিত আসন ।

সমস্ত পদ 

১।  ত্রিভুবন । 

২।  হতাহতি ।

৩।  পর্বত গম্ভীৰ । 

৪।  ত্রিজগত ।

৫।  সিংহাসন ।

ব্যাস বাক্য

১।  তিনি ভুবনৰ সমাহাৰ ।

২।  পৰস্পৰে হাতে হাতে কৰা যি কৰা যি যুদ্ধ ।

৩।  পৰ্বতৰ নিচিনা গম্ভীৰ ।

৪।  তিনি জগতৰ সমাহাৰ ।

৫।  সিংহখোচিত আসন ।

 প্রশ্ন ৭। এটা শব্দত প্ৰকাশ কৰি লিখা 

 ( ক ) যাৰ সাহস আছে 

উত্তৰঃ   সাহসী , সাহিয়াল ।

 ( খ ) যি ঈশ্বৰক বিশ্বাস কৰে 

উত্তৰঃ ঈশ্বৰ বিশ্বাসী , আস্তিক ।

 ( গ ) যি বিষ্ণুক উপাসনা কৰে 

উত্তৰঃ বৈষ্ণৱ । 

( ঘ ) একে মাকৰ সন্তান 

উত্তৰঃ  সহােদৰ , সহােদৰা । 

( ঙ ) যি সঁচা কথা কয় 

উত্তৰঃ  সত্যবাদী । 

( চ ) যাক দেখা নাযায় 

উত্তৰঃ অদৃশ্য । 

প্রশ্ন ৮। বাক্য ৰচনা কৰা 

চিৰবৈৰী , হিংসা – দ্বেষ , আকাশ – পাতাল , গৰিমা , চালে চকুৰােৱা , শয়নে – সপােনে । 

উত্তৰঃ চিৰবৈৰী :-  হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি ভাবিছিল । 

হিংসা – দ্বেষ :- সমাজৰ পৰা হিংসা – দ্বেষ আঁতৰ হলেহে শান্তি স্থাপন হয় ।

আকাশ – পাতাল :-  বিপদত অধৈর্য হৈ আকাশ – পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নােৱাৰি । 

গৰিমা :-  সৎ লােকৰ গুণ – গৰিমাক প্রশংসা কৰিব লাগে । 

চালে চকুৰােৱা :- কোঠাটো চালে চকুৰােৱাকৈ সজাই তুলিছে । 

শয়নে – সপােনে :-  প্রহ্লাদে শয়নে – সপােনে একমাত্র হৰিৰ মহিমাকে চিন্তা কৰি আছিল । 

গ – জ্ঞান সম্প্ৰসাৰণ

 প্রশ্ন ৯। চমু উত্তৰ দিয়া । 

( ক ) ষণ্ডামৰ্কৰ পিতৃৰ নাম কি ? 

উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম  শুক্রাচার্য আছিল ।

 ( খ ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ? 

উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল । 

( গ ) বিষ্ণুৰ চতুর্থ অৱতাৰটো কি ? 

উত্তৰঃ বিষ্ণুৰ চতুর্থ অৱতাৰটো হ’ল বামন অৱতাৰ ।

 ( ঘ ) বামানয় শাস্ত্র কি ? 

উত্তৰঃ বামানয় শাস্ত্র  হ’ল- হৰি বিৰোধী শিক্ষা থকা অসুৰৰ শাস্ত্ৰ ।

ঘ প্রকল্প 

১০৷ আমাৰ সমাজৰ সামাজিক শৃংখলা বজাই ৰাখিবলৈ আৰু মানৱীয় প্ৰমূল্যক গুৰুত্ব দিবলৈ সমাজৰ মহান ব্যক্তিসকলে বিভিন্ন নীতি কথা প্রকাশ কৰি থৈ গৈছে । যেনে- ‘অহিংসাই  পৰম ধর্ম ।’ এনেধৰণৰ নীতি কথা সংগ্রহ কৰি লিখা আৰু শ্রেণী কোঠাত ওলােমাই থােৱা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

১১। দৈনিক বাতৰি কাকতত প্ৰকাশ পােৱা অমানৱীয় ঘটনাৰ বাতৰি সংগ্ৰহ কৰি তাৰ কাৰণবােৰ লিখা আৰু তােমাৰ মতামত ব্যক্ত কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া। 

(ক) প্ৰহ্লাদৰ পিতৃৰ নাম কি?

উত্তৰঃ হিৰণ্যকশিপু।

(খ) বামানয় শাস্ত্ৰত কি আছে? 

উত্তৰঃ বামানয় শাস্ত্ৰত দৈত্য বংশৰ পৰম্পৰাৰ অনেক কথা আছে।

(গ) প্ৰহ্লাদৰ সময়ত দৈত্যসকলৰ গুৰু কোন আছিল?

উত্তৰঃ যণ্ডামৰ্ক আছিল।

(ঘ) ‘দৈত্য বংশৰ লোকে চিৰবৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটো এক অপৰাধ’ বুলি‌কোনে কৈছিল?

উত্তৰঃ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল।

(ঙ) ‘পিতৃ পুৰুষক উপহাস কৰি কথা কোৱাৰ ধৃষ্টতা মোৰ বিন্দুমাত্র নাই’ বুলি কোনে কাক কৈছিল?

উত্তৰঃ প্ৰহ্লাদে তেওঁৰ জ্যেষ্ঠ ভাতৃক কৈছিল।

6 thoughts on “Class 8 Assamese Chapter 5 ভক্তপ্ৰাণ প্রহ্লাদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top