Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী

Join Telegram channel

Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী and select needs one.

Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী

Also, you can read Class 8 Assamese Question Answer Chapter 3 notebook. online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী – সমাধান Solutions for All Subject, You can practice these here…

এন্ ফ্ৰাঙ্কৰ ডায়েৰী

ক-পাঠভিক্তিক ক্ৰিয়া-কলাপ           

প্রশ্ন ১। তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া :

( ক ) ( ১ ) জন্মসূত্রে এন্ ফ্রাংক কোন সম্প্রদায়ৰ ছােৱালী আছিল ? 

উত্তৰঃ জন্মসূত্রে এন্ ফ্রাংক ইহুদী সম্প্রদায়ৰ , ছােৱালী আছিল ।

 ( ২ ) এন্  ফ্রাংকৰ দেউতাকৰ নাম কি আছিল ?

 উত্তৰঃ এন্  ফ্রাংকৰ দেউতাকৰ নাম আছিল অট’  ফ্রাংক । 

( ৩ ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক ক’ত লুকাই আছিল ?

 উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলােক দুবছৰ কাল এটা পণ্যাগাৰত লুকাই আছিল ।

 ( ৪ ) এন্  ফ্রাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল ? 

উত্তৰঃ এন্ ফ্রাংকে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল ।

 ( ৫ ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি ? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল ? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম আছিল এড্ লফ হিটলাৰ । তেওঁ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল । লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল । 

( খ ) ( ১ ) এন্ ফ্রাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ? 

উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ গােটেই ফ্রাংক পৰিয়াল দুবছৰকাল এটি পণ্যাগাৰত আত্মগােপন কৰি আছিল । যন্ত্রণাকাতৰ এই আত্মগােপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈকেই তেৰ বছৰীয়া এন্ ফ্রাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল ।

 ( ২ ) দিনলেখাসমূহ এন্ ফ্রাংকে কিয় সম্পাদনা কৰিছিল ?

 উত্তৰ দিনলেখাসমূহ পুথি আকাৰে প্ৰকাশ কৰিবলৈ সম্পাদনা কৰিছিল । 

( ৩ ) অট ’ ফ্রাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগােপন কৰি আছিল ?

উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অট ’ ফ্রাংকে পণ্যাগাৰত আত্মগােপন কৰি আছিল ।

 ( গ ) ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি ’ বুলি এন্ ফ্রাংকে উপলব্ধি কৰিছিল কিয়— বুজাই লিখা । 

উত্তৰঃ  এন্ ফ্রাংকে তেৰ বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল । এই দিনলেখাত যন্ত্রণাকাতৰ গােপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্রতিদিনে লিখি গৈছিল । নাজীবাহিনীৰ পৰা মুক্তি পাই কি কৰোঁ কি নকৰাে এনে ভাবত হতাশ হৈ পৰিছিল । অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অর্থাৎ দিনলেখাখনি লগত লৈ হতাশা আঁতৰাবলৈ চেষ্টা কৰিছিল ।

তেতিয়াই তেওঁ উপলব্ধি কৰিছিল— ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি ‘ । তেতিয়ালৈকে সেই টোকা বহীখন যাক তেওঁ ‘ ‘ডায়েৰি ‘ বুলি নামকৰণ কৰিছে , কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল । কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্রকৃত বন্ধু পােৱা নাছিল । 

( ঘ ) এন্  ফ্রাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল ?

উত্তৰঃ এন্ ফ্রাংকে নিজকে প্রথমে অকলশৰীয়া বুলি অনুভব কৰিছিল । কাৰণ নাজীবাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত দেউতাকৰ বাহিৰে মাক , বায়েক আৰু অন্যান্য লোক অনাহাৰ – অত্যাচাৰত মৃত্যুমুখত পৰে । কিন্তু তাৰ পিছত তেওঁ অকলশৰীয়া নহয়াে বুলি অনুভব কৰিছে । 

প্রশ্ন ২। তলৰ শব্দসমূহৰ অৰ্থ লিখা— 

গণ্য , বর্ব , অধিগৃহীত , আড়ম্বৰ , পুঞ্জীভূত , গতানুগতিক , পৰিত্যক্ত , থিৰাং , প্রত্যাশিত , শামকটা , অস্ত্রোপচাৰ , প্রবাদ , উৎসর্গা , ভাবমূর্তি , সন্নিবিষ্ট । 

উত্তৰঃ      গণ্য               –   মান্য , মানিবলগীয়া । 

              বৰ্বৰ              –   অসভ্য , অতিদুষ্ট ।

              অধিগৃহীত      –   দখল কৰা ।

              আড়ম্বৰ         –   জাক – জমক ।

              পুঞ্জীভূত        –   একত্রিত ।

              গতানুগতিক   –   আগৰ পৰা যেনেকৈ চলি আছে তেনে ।

              পৰিত্যক্ত       –   বর্জিত , ত্যাগ কৰা ।

               থিৰাং           –   নিশ্চিত , নিশ্চয় কৰা ।

               প্রত্যাশিত     –   নিশ্চিত , ভৰসা কৰিব পৰা ।

               শামকটা       –  অন্ত পৰা , শেষ হােৱা ।

               অস্ত্রোপচাৰ   –  কটাচিঙা কৰা কাৰ্য ।

               প্ৰবাদ           –  আনৰ পৰা শুনা ; মুখে মুখে চলি অহা । 

               উৎসর্গা        –  অর্পণ । 

               ভাবমূর্তি       –  ধ্যান ধাৰণা ।

               সন্নিবিষ্ট       –  ভালকৈ সমুওৱা , ভালকৈ বহুওৱা । 

প্রশ্ন ৩। ‘কিটি’ কোন ? এন্ ফ্রাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা ।

 উত্তৰঃ ‘কিটি’ হ’ল এন্ ফ্রাংকৰ ডায়েৰিখন । এন্ ফ্রাংকে লিখা ডায়েৰিখনত তেওঁৰ কল্পনাৰ বহু প্রত্যাশিত বন্ধুগৰাকীৰ ভাবমূর্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখিলে । এই ডায়েৰিখনকে তেওঁ তেওঁৰ প্রকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অর্থাৎ ডায়েৰিখনৰ নাম ‘ কিটি ’ ৰাখিলে ।

 প্রশ্ন ৪। এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্রকাশ হােৱাত কোনে আগভাগ লৈছিল ? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল ? 

উত্তৰঃ এন্ ফ্রাংকৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হােৱাত তেওঁৰ দেউতাক অট ’ ফ্রাংকে আগভাগ লৈছিল ।

১৯৪৪ চনৰে কোনােবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনার্তাৰ যােগে ঘােষণা কৰিলে যে যুদ্ধ শামকটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লােকে যুদ্ধৰ সময়ত দুখ – যন্ত্রণা ভােগ কৰিছিল তেওঁলােকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবােৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব । তেওঁ বিশেষকৈ চিঠি – পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল ।

          বিষয়াজনৰ কথাত অনুপ্রাণিত হৈ এন্  ফ্রাংকে তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্রকাশ কৰিব বুলি সিদ্ধান্ত কৰিছিল আৰু ডায়েৰিখন সম্পাদনাও কৰিছিল । কিন্তু হঠাতে নাজীবাহিনীৰ হাতত বন্দী হ’ব লগীয়া হােৱাত এন্ ফ্রাংকৰ দেউতাক অট ’ ফ্রাংকে সেই ডায়েৰিখন এক মূল্যবান সম্পত্তি হ’ব বুলি ভাবি পুথি আকাৰে প্ৰকাশ কৰিছিল ।

সঁচাকৈয়ে এন্ ফ্রাংকৰ এই ডায়েৰিখন পিছলৈ এখনি বিশ্ববিখ্যাত গ্রন্থত পৰিণত হৈছিল । 

প্রশ্ন ৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল ? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল ? 

উত্তৰঃ এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল । সেই কাৰণেই আইতাকৰ অসুখ হােৱাত আৰু অস্ত্রোপচাৰ কৰিবলগীয়া হােৱাত এন্ ফ্রাঙ্কে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল । আইতাকৰ মৃত্যুৰ পিছতাে তেওঁৰ আইতাকলৈ বৰকৈ মনত পৰি আছিল । কাৰণ তেওঁ আইতাকক বৰ ভাল পাইছিল ।

সেইকাৰণেই তেওঁৰ জন্মদিনৰ মমবাতিবােৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল ।

প্রশ্ন ৬। পাঠটো পঢ়ি এন্ ফ্রাঙ্কৰ সেই সময়ত হােৱা মনৰ ভাবৰ বিষয়ে লিখা ।

 উত্তৰঃ এন্ ফ্রাঙ্কে মাত্র তেৰবছৰ বয়সতে ডায়েৰি লিখিবলৈ লৈছিল । তেওঁৰ নিচিনা এজনী ছােৱালীৰ কাৰণে ডায়েৰি লিখাটো সঁচাকৈয়ে আশ্চর্যকৰ অভিজ্ঞতা বুলি তেওঁ ভাবিছিল । তথাপি নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰ আৰু হত্যালীলাৰ কথা সবিস্তাৰে লিখি ৰখাৰ মনােভাবেৰে পৰিয়ালসহ পণ্যাগাৰত লুকাই থকা অৱস্থাতে এন্ ফ্রাঙ্কে দিনলেখা অর্থাৎ ডায়েৰি লিখি গৈছিল ।

তেওঁ ভাবিছিল ডায়েৰিখনত তেওঁৰ মাক – দেউতাক বায়েক আৰু অন্যান্য আত্মীয়সকলৰো বিৱৰণ থাকিব । কেনেকৈ নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ উপৰিও লাখ লাখ ইহুদীক হত্যা কৰিছে তাৰো বিৱৰণ বিশ্ববাসীক সময়ত জনাব পাৰিব এই ডায়েৰিখনৰ জৰিয়তে ।

এনে মনােভাব এন্ ফ্রাঙ্কৰ আছিল । আইতাককে ধৰি ঘৰৰ পৰিয়াল আত্মীয়সকলৰ প্ৰতি তেওঁৰ আছিল অতি মৰম , শ্রদ্ধা আৰু সহানুভূতিৰ ভাব । 

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। পাঠটোত অধি , অনু , প্রতি এইকেইটা– উপসর্গ যােগ হৈ হােৱা শব্দ কেইটা বিচাৰি লিখা ।

 উত্তৰঃ

অধি – অধিগৃহীত , অনু – অনুবাদ , প্রতি – প্রতিদিনে , 

অনুপ্রাণিত , প্রতিবিম্ব

অনুষ্টুপীয়াকৈ , 

প্রশ্ন ৮। তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ লিখা । 

স্থায়ী , প্রকাশ , ভােগ , স্মৃতি , সমাপ্ত , আড়ম্বৰ , ভাগ্য , ধৈর্য । 

উত্তৰঃ       

স্থায়ী         –         অস্থায়ী । 

প্রকাশ      –         অপ্রকাশ , গােপন ।

ভােগ        –         দুর্ভোগ । 

স্মৃতি        –         বিস্মৃতি , পাহৰণি ।

সমাপ্ত       –         অসমাপ্ত ।

আড়ম্বৰ    –         অনাড়ম্বৰ । 

ভাগ্য         –         দুর্ভাগ্য ।

ধৈর্য          –         অধৈর্য । 

প্রশ্ন ৯ তলৰ শব্দবােৰৰ প্রতিশব্দ লিখা—

 যন্ত্রণা , কৰুণ , কিশােৰী , মৃত্যু 

উত্তৰঃ        

যন্ত্রণা         –        কষ্ট , যাতনা ।

কৰুণ         –       বেজাৰ , শােকাবহ , দুখলগা । 

কিশােৰী     –        বালিকা , ছােৱালী ।

মৃত্যু           –         মৰণ ।

Sl. No.Contents
পাঠ – 1নিয়ম
পাঠ – 2যুগমীয়া শৰাইঘাট
পাঠ – 3এন্ ফ্ৰাঙ্কৰ ডায়েৰী
পাঠ – 4জাগা জননীৰ সন্তান
পাঠ – 5ভক্তপ্ৰাণ প্রহ্লাদ
পাঠ – 6প্ৰগতিৰ সোণালী বাট
পাঠ – 7বস্তু বিজ্ঞান অধ্যয়ন
পাঠ – 8শ্ৰীশ্ৰী শংকৰদেৱ
পাঠ – 9ভয়
পাঠ – 10পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ – 11অতীতক নাযাবা পাহৰি
পাঠ – 12সুখ
পাঠ – 13হোমি জাহাংগীৰ ভাবা
পাঠ – 14সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ – 15শিশুলীলা

প্রশ্ন ১০। তলৰ বাক্যবােৰ সৰল বাক্য , যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্রেণী বিভাজন কৰা :

 ( ক ) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল ।

উত্তৰঃ যৌগিক বাক্য । 

( খ ) ভাল লৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে ।

উত্তৰঃ সৰল বাক্য ।

 ( গ ) বৰষুণ পৰিছে । 

উত্তৰঃ সৰল বাক্য । 

( ঘ ) মই সদায় ভাত খাই স্কুললৈ যাওঁ । 

উত্তৰঃ  সৰল বাক্য । 

( ঙ ) একমাত্র দেউতাকেই নাজীবাহিনীৰ কৱলৰপৰা জীৱিত ৰূপত বাচি আহিছিল ।

উত্তৰঃ সৰল বাক্য । 

( চ ) এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কাম আৰম্ভ কৰিছিল ।

উত্তৰঃ সৰল বাক্য ।

( ছ ) এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি ‘ বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল  আৰু শেষত ‘তােমাৰ এন্’বুলি  সমাপ্ত কৰিছিল । 

উত্তৰঃ যৌগিক বাক্য । 

( জ ) জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ’ল । 

উত্তৰঃ সৰল বাক্য ।

 প্রশ্ন ১১। তলৰ বাক্যবােৰ তুলনামূলক বাক্যলৈ পৰিবৰ্তন কৰা ( দুটা আৰু বহুতৰ মাজত )

 ( ক ) সােণ উজ্জ্বল । 

উত্তৰঃ ৰূপ , তাম আদি ধাতুতকৈ সােণৰ উজ্জ্বলতা বেছি । 

( খ ) মীনা মেধাৱী । 

উত্তৰঃ সীতাতকৈ মীনা মেধাবী । সীতা,ৰীনা,টিনা, এই সকলোতকৈ মীনা মেধাবী ।

(গ ) অৰুণ ওখ । 

উত্তৰঃ তৰুণতকৈ অৰুণ ওখ । তৰুণ , বৰুণ , কৰুতকৈ অৰুণ ওখ । 

( ঘ ) জোনবাই সৰু ।

উত্তৰঃ সূৰুযতকৈ জোনবাই সৰু । সূর্য আৰু পৃথিৱীতকৈ জোনবাই সৰু । 

( ঙ ) এই কিতাপখন ভাল । 

উত্তৰঃ এইখনতকৈ এইখন কিতাপ ভাল । এই আটাইবোৰ কিতাপৰ ভিতৰত এইখন কিতাপ ভাল । 

প্রশ্ন ১২। বাক্য ৰচনা কৰা : 

অনতি পলমে , হাঁহি – ধেমালি , ৰূপান্তৰিত , আত্ম – গােপন , চিঠি – পত্র , দুখ যন্ত্রণ পৰিত্যক্ত , বিশ্ববিখ্যাত , আদান – প্রদান , চিন্তা – ভাবনা ।

উত্তৰঃ  অনতি – পলমে :-  দেৰী নকৰি অনতি – পলমে কামটো কৰিবা ।

          হাঁহি – ধেমালি :- হাঁহি ধেমালিৰে জীৱনটো কটালেহে সুখ পায় ।

          ৰূপান্তৰিত :-  ৰূপ সােণলৈ ৰূপান্তৰিত হয় ।

          আত্মগােপন :- বিপদৰ উমান পাই সি আত্মগােপন কৰিলে । 

          চিঠি – পত্র :- ফোনবােৰ ওলােৱাৰ কাৰণে আজিকালি মানুহে চিঠি – পত্র নিলিখাই হল ।

         দুখ – যন্ত্রণা :- মানুহৰ জীৱনত দুখ – যন্ত্রণ থাকেই । 

         পৰিত্যক্ত :- পবিত্যক্ত ঠাইবিলাক বৰ জয়াল হৈ পৰে । 

         বিশ্ববিখ্যাত :-  এন্ ফ্রাঙ্কৰ ডায়েৰিখন এখনি বিশ্ববিখ্যাত গ্রন্থ । 

         আদান – প্রদান :-  আদান – প্রদানৰ মাধ্যমেৰে মানুহৰ মাজত আত্মীয়তা গঢ় লৈ উঠে । 

         চিন্তা – ভাবনা :-  চিন্তা – ভাবনাৰেহে সুস্থিৰ সিদ্ধান্ত ল’ব পৰা যায় । 

গ – জ্ঞান সম্প্রসাৰণ 

প্ৰশ্ন১৩। এন্ ফ্রাঙ্কৰ ডায়েৰিখনে বিশ্ব সাহিত্যত অন্যতম শ্রেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

এতে এগৰাকী কিশােৰীৰ বিষয়ে পঢ়ি তােমাৰাে কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব । তুমিও এন্ ফ্রাঙ্কৰ দৰে তােমাৰ দৈনন্দিন কাম – কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰিতেই লিপিবদ্ধ কৰি ৰাখিবা । 

উত্তৰঃ নিজেই চেষ্টা কৰা ।

প্ৰশ্ন১৪। দলত বহি নিজৰ অভিজ্ঞতা প্রকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা । 

( ক ) কোনাে কামত বা পঢ়া – শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি

 ( খ ) পেলনীয়া বস্তুৰে কামত অহাকৈ কোনাে বস্তু সাজি আৰু তাক ব্যৱহাৰ কৰি

 ( গ ) বাতৰি কাকতৰ শিশু – শিতানৰ ভাল লগা গল্প – সাধু পঢ়ি

 ( ঘ ) সাহিত্য – চ’ৰাবােৰে অনুষ্ঠিত কৰা শিশু – প্রতিযােগিতাৰ বিভিন্ন শিতানত অংশগ্রহণ কৰি

 ( ঙ ) ঘৰত অনুষ্ঠিত কোনাে উৎসৱ – পার্বণত অংশগ্রহণ কৰি

উত্তৰঃ ওপৰত উল্লেখ কৰা আটাইবোৰ প্ৰশ্নৰ উত্তৰ নিজে দিব’লৈ চেষ্টা কৰা ।

প্রশ্ন ১৩। ‘এন্ ফ্রাঙ্কৰ ডায়েৰি’ পাঠটোত মন , আটক , শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবােৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা । 

উত্তৰঃ মন পা – ( মন বুজ ) :-  আপােনজনৰহে মন পাবলৈ সহজ ।

মন বান্ধ – ( মন – দমা ) :-  টকা – পইচা নাই যেতিয়া ডাঙৰ ঘৰ বন্ধাৰ কথাটোত মন বান্ধ । 

মন পুতি লাগ – ( মনােযােগ দি লাগ ) :- মনপুতি লাগিলেহে কামত সফল হ’ব পাৰি ।

মন মাৰ – ( নিৰানন্দ হু ) :-  বেয়া খবৰটো শুনি সি মন মাৰি বহি আছে । 

মন কৰ – ( ইচ্ছা কৰ ) :- ভাল কামলৈ সদায় মন কৰিব লাগে । 

আটক কৰ – ( আবদ্ধ কৰ ) :-  পুলিচে চোৰটোক আটক কৰিলে ।

আটক ধুনীয়া ( অসাধাৰণ ৰূপে ধুনীয়া ) :-  ঠাইখনি বৰ আটক ধুনীয়াকৈ সজাই তুলিছে ।

প্ৰশ্নোত্তৰ

প্রশ্ন ১। তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়াঃ

(ক) (১) জন্মসূত্রে এন ফ্রাংক কোন সম্প্রদায়ৰ ছোৱালী আছিল।

উত্তৰঃ জন্মসূত্রে এন ফ্রাংক ইহুদী সম্প্রদায়ৰ ছোৱালী আছিল।

(২) এন্‌ ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল?  

উত্তৰঃ এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অট’ ফ্রাংক।

(৩) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল? 

উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক দুবছৰ কাল এটা পণ্যাগাৰত লুকাই আছিল।

(৪) এন ফ্রাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? 

উতৰঃ এন ফ্রাংকে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।

(৫) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। তেওঁ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।

3 thoughts on “Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top