Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট

Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট and select needs one.

Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট

Join Telegram channel

Also, you can read Class 8 Assamese Question Answer Chapter 2 notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট – সমাধান Solutions for All Subject, You can practice these here.

         যুগমীয়া শৰাইঘাট 

পাঠভিত্তিক ক্ৰিয়াঃ

১। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।

২। উত্তৰ দিয়া।

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?

উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।

(খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?

উত্তৰঃ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ’ল- সামাজিক, অৰ্থনৈতিক, ঐতিহ্যক।

(গ) ৰামসিংহ কোন আছিল?

উত্তৰঃ ৰামসিংহ ৰাজপুতৰ ৰজা আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?

উত্তৰঃ অসম আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।

(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।

(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?

উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ্য সৈন্য আছিল।

(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?

উত্তৰঃ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম হ’ল- কোৱামৃদ্ধা হাজৰিকা।

(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?

উত্তৰঃ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল।

(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?

উত্তৰঃ ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যৰ কথা বুজাবলৈ বিচাৰিছিল।

(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?

উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল।

৩। পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৪। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।

(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?

উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক’লে, “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোবা।” লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ’ল।

(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল?

উত্তৰঃ অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ’ল, “ধন্য ৰজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।

(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?

উত্তৰঃ কোনোবাই যুদ্ধৰ কামত মন এবি ইফাল-সিফাল কৰে বুলি লাচিত ব্রবফুকনে পোন প্রথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, “যুদ্ধৰ কামত পাছ হুইকিলে মই এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।” অসমৰ নিয়মমতে স্বর্গদেৱেহে মানুহ কটাব আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্রচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বর্গদেৱলৈ জনাই পঠালে। স্বর্গদেবে মন্ত্রীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰপৰা ক’লে, “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নৰজিলে আমাব পৰাজয় হোৱাটো নিশ্চয়।”

(ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

উত্তৰঃ মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান।

অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল।

৫। বহলাই লিখা।

(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা।

উত্তৰঃ অকল যুদ্ধ সামগ্রীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা-পাতি যিমান প্রয়োজন তাতকৈ বেছি প্রয়োজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বার্থহীন মনোবৃত্তি, কর্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্রাৱল অথচ নিশ্চিত অভিলাষ।

(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা।

উত্তৰঃ শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কোবামৃদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোবামৃদ্ধাৰ নাও। হাজৰিকাই ক’লে, “মই নাচিম। ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা। “নাৱৰ বৈঠাৰপৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাবৰ পোনে টোবাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচগুল হ’ল। এই ছেগতে কোৱাৰ নাওখন সাউৎকবে আঁতৰি গ’ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াব নাও নিজৰ ঠাই পালেগৈ। 

(গ) শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।

উত্তৰঃ শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবর্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা, আমূলে দুর্নীতি দমন, দেশৰ মংগল কার্যত সম্পূর্ণ আত্মবিলোপ আক স্বার্থত্যাগ আৰু আত্মকন্দলরূপী বিষবৃক্ষব গুবিয়ে শিপায়ে ঠালে ঠেভুলিয়ে উৎপাদন।

৬। প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা।

(ক) ‘অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেধৰণেৰে বিষাক্ত।’

উত্তৰঃ ‘অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেধৰণেৰে বিষাক্ত’। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ (অষ্টম ভাগৰ অন্তৰ্গত) ‘সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত’ ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে’।

অগ্নি, সর্প আৰু প্রলোভন, এই তিনি একে ধবণেবে বিষাক্ত। ফিৰিঙতিৰপৰা মাগুর-দাহ হ’ব পাবে। ফেটাসাপ আক ছয় আঙুলিয়া খণ্ডীয়া-সাপ উভয়ে প্রাণনাশ কৰিব পাবে। প্রলোভন সর্গ এব্যব যুদ্ধ শিবিৰত সোমালে, সর্বনাশ সংঘটিত হ’ব। অসমীয়া কটকী বামচৰণ আক নিমক ৰামসিংহই বাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ বামসিংহই সেইটো কৰাইছিল।

(খ) ‘বাৰীৰ ভিতৰৰ পুখুৰী সিহঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।’

উত্তৰঃ বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে’।

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ (অষ্টম ভাগ)ৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

দেশৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ’বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হবলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোতা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰজন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ

শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ’ব।

(গ) ‘সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।’

উত্তৰঃ এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আনে এখন হৈ সদৌ অসমীয়া দেশ-ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে অতীতৰ শৰাইঘাটন সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ’ল সামাজিক, ৰাজনৈতিক অৰ্থনৈতিক আৰু ঐতিহ্যিক অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। বছৰি বানপানীৰ দুর্যোগ, খৰাং বতৰৰ দুর্যোগ, মাৰি মৰক, ভূঁইকঁপ ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্রবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্রশ্ন আৰু শাসনকাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব, আৰু এক শ্রেণীৰ সমস্যাৰ সমাধান হ’লে আন শ্রেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।

(ঘ) ‘আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।’

উত্তৰঃ ‘আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।’ মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান।

(ঙ) ‘এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।’

উত্তৰঃ বানপানীৰ দুর্যোগ, খৰাং বতৰৰ দুর্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্রবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্রশ্ন আৰু শাসনকার্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লন্তি আছে আক লম্ভি থাকিব, আৰু এক শ্রেণীৰ সমস্যাৰ সমাধান হ’লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্র দেশপ্রেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্র দেশপ্রেম আমাৰ প্রতি মুহূর্তে আৱশ্যক।

ব্যৱহাৰিক ব্যাকৰণঃ

৭। তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা।

(ক) কিয় মূৰ্দ্ধন্য ণ হৈছে।

(খ) কিয় মূৰ্দ্ধন্য ণ নহ’ল।

পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰানি, নৰানি, ফেৰেঙনি, ৰামায়ণ।

উত্তৰঃ ঋ, ৰ আৰু ষ-ৰ পাছত থকা দন্ত্য ন বোৰ মূৰ্ধন্য ণ হয়। আনহাতে ঋ, ৰ, ষ আৰু ন ৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা ষ, ৱ, হ থাকিলেই ন মূৰ্দ্ধন্য হয়। এই ণত্ববিধিৰ নিয়ম অনুসাৰেই পৰিণাম,পৰিমাণ, প্ৰণাম, বিশেষন, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ ‘ন’ মূৰ্ধন্য ‘ণ’ হৈছে। উপৰোক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃত মূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানি আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্দ্ধন্য  ‘ণ’ নহ’ল।

৮। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ’ব নাম লিখা।

পৰীক্ষাউজ্জ্বলনিশ্চয়দেৱালয়শিৰশ্ছেদ
দৈনিকমুনীন্দসঞ্চয়হিমালয়জগন্নাথ
নৰেন্দ্ৰইত্যাদিউদ্ধাৰবিদ্যালয়উচ্ছৃংখল
উল্লেখপ্ৰত্যেকসম্ৰাটষড়াননআশাতীত
সংযমনয়নউন্নতিসতীশযথোচিত
মহার্ঘমহাত্মাদুৰ্নীতিদুশ্চিন্তাৰামায়ণ

উত্তৰঃ পৰীক্ষাঃ- পৰি + ঈক্ষা = স্বৰসন্ধি

দৈনিকঃ- দিন + ষ্ণিক্ = ব্যঞ্জনসন্ধি

নৰেন্দ্ৰঃ- নৰ + ইন্দ্ৰ = স্বৰসন্ধি

উল্লেখঃ- উৎ + লেখ = ব্যঞ্জনসন্ধি

সংযমঃ- সম্ + যম = ব্যঞ্জনসন্ধি

মহাৰ্ঘঃ- মহা + অৰ্ঘ = স্বৰসন্ধি

উজ্জ্বলঃ- উৎ + জল = ব্যঞ্জনসন্ধি

মুনিন্দ্ৰঃ- মুনি + ইন্দ্ৰ = স্বৰসন্ধি

ইত্যাদিঃ- ইতি + আদি = স্বৰসন্ধি

প্ৰত্যেকঃ- প্ৰতি + এক = স্বৰসন্ধি

মহাত্মাঃ- মহান + আত্মা = স্বৰসন্ধি

নিশ্চয়ঃ- নিঃ + চয় = বিসৰ্গসন্ধি

সঞ্চয়ঃ- সম্ + চয় = ব্যঞ্জনসন্ধি

নয়নঃ- নে : + অন = স্বৰসন্ধি

উদ্ধাৰঃ- উৎ + ধাৰ = ব্যঞ্জনসন্ধি

সম্ৰাটঃ- সম্ + ৰাট = ব্যঞ্জনসন্ধি

উন্নতিঃ- উৎ + নতি = ব্যঞ্জনসন্ধি

দুৰ্নীতিঃ- দুঃ + নীতি = বিসৰ্গসন্ধি

দেৱালয়ঃ- দেৱ + আলয় = স্বৰসন্ধি

হিমালয়ঃ- হিম + আলয় = স্বৰসন্ধি

বিদ্যালয়ঃ- বিদ্যা + আলয় = স্বৰসন্ধি

ষড়াননঃ- ষট্ + আনন = স্বৰসন্ধি

সতীশঃ- সতী + ঈশ = স্বৰসন্ধি

দুশ্চিন্তাঃ- দুঃ + চিন্তা = বিসৰ্গসন্ধি

শিৰচ্ছেদঃ- শিৰঃ + ছেদ = বিসৰ্গ সন্ধি

জগন্নাথঃ- জগৎ + নাথ = ব্যঞ্জন সন্ধি

উচ্ছৃংখলঃ- উৎ + শৃংখল =  ব্যঞ্জনসন্ধি

আশাতীতঃ- আশা + অতীত = স্বৰসন্ধি

যথোচিতঃ- যথা  + উচিত = স্বৰসন্ধি

ৰামায়ণঃ- ৰাম + অয়ন = স্বৰসন্ধি

৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।

উত্তৰঃ 

বিশেষ্যবিশেষণ
যুগযুগমীয়া
অসমঅসমীয়া
মাতালমাতলামি
যোগানযোগনীয়া
শৰাইঘাটশৰাইঘটীয়া
ইতিহাসঐতিহাসিক
সমৰসামৰিক
অৰ্থনীতিঅৰ্থনৈতিক
ৰাজনীতিৰাজনৈতিক
সমাজসামাজিক

(ক) বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া।

বিশেষ্যবিশেষণ
গাঁওগাঁৱলীয়া
নগৰনগৰীয়া
চহৰচহৰীয়া
পাহাৰপাহাৰীয়া
মিছামিছলীয়া
ঘৰঘৰুৱা
ৰণৰণুৱা
বনবননি
খকখকুৱা
পামপমুৱা

(খ) বিশেষণৰ পৰা বিশেষ্যলৈ

বিশেষ্যবিশেষণ
সৰলতাসৰল
নম্ৰতানম্ৰ
ভদ্ৰতাভদ্ৰ
সত্যতাসত্য
মিত্ৰতামিত্ৰ
দুষ্টালিদুষ্ট
টেঙৰালিটেঙৰ
ধূৰ্তালিধূৰ্ত
ধিতিঙালিধিতিঙা
ভালৰিভাল

১০। শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেই দুজন কোন কোন?

উত্তৰঃ শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ’ল – চিলাৰায় আৰু লাচিত বৰফুকনৰ।

১১। চমু উত্তৰ দিয়া।

(ক) ‘চিলাৰায় দিৱস’ কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ চিলাৰায় দিৱস’ ৯ ফেব্ৰুৱাৰী ত পালন কৰা হয়।

(খ) ‘লাচিত দিৱস’ কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ লাচিত দিৱস’ ২৪ নৱেম্বৰত পালন কৰা হয়।

(গ) ‘চুকাফা দিৱস’ (অসম দিৱস) কেতিয়া পালন কৰা হয়?

উত্তৰঃ ‘চুকাফা দিৱস’ ২ ডিচেম্বৰত পালন কৰা হয়।

১২। ৰচনা লিখা।

(ক) অসমৰ প্ৰাকৃতিক দুৰ্যোগ।

উত্তৰঃ আৰম্ভণিঃ প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনে- ভূমিস্খলন, বান-পানী, ভূমিকম্প, গৰাখহনীয়া আদি।

ভূমিস্খলনঃ নেৰানেপেৰাইকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি, মাটি ওখহি পৰে তাকে ভূমিস্খলন বোলে। ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়। 

বান-পানীঃ প্ৰতি বছৰে পান-পানীয়ে অসমৰ মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি-পথাৰ লগত জীৱ-জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বান-পানী হোৱা সম্ভৱনা থাকে। বান-পানী হ’লে আমাৰ বহুত অসুবিধা হয়। বান-পানী অসমৰ জলন্ত সমস্য়া। 

ভূমিকম্পঃ ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃিতক দুৰ্যোগ। ভূমিকম্প সাগৰতো হয়। ভূমিকম্প হ’লে বহুত অট্টালিকাবোৰ ধ্বংস হয়। ভূমিকম্প হ’লে মেজ বা বিচনাৰ তলৰ খুটিত ধৰি থাকিব লাগে।

গৰাখহনীয়াঃ নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰিয়া মাটিৰ পৰিমাণ কমি আহে। বান-পানী হৈ যোৱাৰ পাছত নৈ গৰাখহনীয়া মাত্ৰা বৃদ্ধি হয়।

সামৰণিঃ অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ’লে ৰক্ষা পাব পাৰি যদিও কিছুমান দুৰ্যোগে এটিয়াও দুৰ্ভোগ ভোগাই আছে।

১৩। চমুটোকা লিখা।

(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ।

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহঃ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

(খ) লাচিত বৰফুকন।

উত্তৰঃ লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুজিঁ লাচিতে মোগলক হেৰুৱাই আহোম সকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে। এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।

(গ) ৰাম সিংহ।

উত্তৰঃ ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।

10 thoughts on “Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট”

  1. Thank you very much DEV☺️
    I really like your notes 👍🙏
    It’s very helpful for me
    Thank you very much ☺️🙏

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top