Class 7 Social Chapter 17 ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মােগলসকলৰ অৱদান – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 17 ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মােগলসকলৰ অৱদান and select needs one.
SEBA Class 7 Social Chapter – 17 ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মােগলসকলৰ অৱদান – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 17 ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মােগলসকলৰ অৱদান – সমাধান Solutions for All Subject, You can practice these here…
ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মােগলসকলৰ অৱদান
ইতিহাস খণ্ড
প্রশ্ন১। উত্তৰ দিয়া—
( ক ) চাচাৰামৰ সমাধি কোনে নির্মাণ কৰিছিল ?
উত্তৰঃ চাচাৰামৰ সমাধি ছেৰছাহে নির্মাণ কৰিছিল ।
( খ ) আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে ৰঙা শিলৰ গুড়ি ব্যৱহাৰ কৰা হৈছিল ।
( গ ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?
উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত ।
( ঘ ) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?
উত্তৰঃ ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ’ল- বেবদন খাঁ ।
( ঙ ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ?
উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায় ।
প্রশ্ন২। শুদ্ধ উত্তৰ বাছি উলিওৱা –
( ক ) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে।
উত্তৰঃ ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল আকবৰে ।
( খ ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুড়িৰে / শুধ বগী মার্বলেৰে ইটা চিমেণ্টেৰে ।
উত্তৰঃ তাজমহল নির্মাণ কৰা হৈছিল শুধ বগা মার্বলেৰে ।
( গ ) অসমৰ ভক্তি আন্দোলনৰ হােতা আছিল ৰমানন্দ / গুৰু নানক / শংকৰদেৱ ।
উত্তৰঃ অসমৰ ভক্তি আন্দোলনৰ হােতা আছিল শংকৰদেৱ ।
( ঘ ) মােগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ / ছাহজাহান / ঔৰংজেৱৰ শাসন কালত ।
উত্তৰঃ মােগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসন কালত ।
( ঙ ) তুর্কী ভাষাৰ ‘তুজুক’ – ই – বাবৰী নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন ।
উত্তৰঃ তুর্কী ভাষাৰ ‘তুজুক’ – ই বাবৰী নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্ৰশ্ন৩। খালী ঠাই পূৰ কৰা :
( ক ) পানিপথৰ কাবুলবাগ আৰু চম্বলৰ ……….বাবৰে নিৰ্মাণ কৰিছিল ।
উত্তৰঃ পানিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল ।
( খ ) ……….. ৰ শাসন কালত মােগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায় ।
উত্তৰঃ ছাহজাহান ৰ শাসন কালত মােগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায় ।
( গ ) জাহাংগীৰৰ দিনত ……….শিল্পৰ চৰম বিকাশ হৈছিল ।
উত্তৰঃ জাহাংগীৰৰ দিনত মোগল চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল ।
( ঘ ) আকবৰৰ দিনত প্রকাশ পােৱা অভিধানখনৰ নাম ………. ।
উত্তৰঃ আকবৰৰ দিনত প্রকাশ পােৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ ।
( ঙ ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্রৱর্তক আছিল ………. ।
উত্তৰঃ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্রৱর্তক আছিল শ্ৰীমন্ত শংকৰদেৱ ।
প্রশ্ন৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—
( ক ) এজন চিত্রকর্মৰ আৰু সমালােচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপােষকতা কৰিছিল ?
উত্তৰঃ জাহাংগীৰৰ দিনত মােগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল । তেওঁ এজন নিজে চিত্রপ্রেমী হােৱাৰ লগতে অভিজ্ঞ চিত্র সমালােচকো আছিল । কল্পনাৰ পৰিৱর্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্রকৰসকলক আহ্বান জনাইছিল । তেওঁৰ দিনত ক্ষুদ্র চিত্রশিল্পইএক সুকীয়া আসন দখল কৰিছিল । এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রাক্তন চিত্রশিল্পৰ বিদ্যালয় গঢ়ি উঠিছিল ৷ বিখ্যাত চিত্ৰকৰ মনচুৰ , মুৰাদ , বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল ।
( খ ) মােগল যুগৰ স্থাপত্য , কলা – সংস্কৃতিলৈ ছাহজাহানৰ অৱদান
উত্তৰঃ ছাহজাহানক মােগল যুগৰ স্থাপত্য – ভাস্কৰ্যৰ প্ৰকৃত নির্মাতা বুলি কোৱা হয় । ছাহজাহানে কেৱল স্থাপত্য – ভাস্কর্য নির্মাণতেই গুৰুত্ব দিয়া নাছিল , এইবােৰক সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল । ছাহজাহানৰ ৰাজত্ব কালক কলা – সংস্কৃতিৰ স্বর্ণযুগ বােলা হয় । ছাহজাহানে নির্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী । তদুপৰি আগ্রাব দুৰ্গৰ ভিতৰত তেওঁ বহুতাে অট্টালিকা সজাইছিল । মার্বলেৰে নির্মিত ছাহজাহানবাদ চহৰখনাে তেওঁ নিৰ্মাণ কৰিছিল । ছাহজাহানে আজমীৰতাে ভালোমান স্থাপত্য নির্মাণ কৰি শিল্প – প্রীতিৰ পৰিচয় দিছিল ৷ হীৰা মুকুতাৰে নির্মিত ময়ুৰ সিংহাসন ছাহজাহানৰ দিনতেই সাজি উলিওৱা হৈছিল ৷ ছাহজাহান এগৰাকী সাহিত্যৰ অনুৰাগী আছিল ।
ছাহজাহান এগৰাকী সাহিত্যৰ অনুৰাগী আছিল । ছাহজাহানৰ জীয়ৰী জাহানাৰাই পাৰ্ছী সাহিত্যলৈ ভালেখিনি বৰঙণি আগবঢ়াইছিল ।
( গ ) আকবৰৰ ধৰ্মনীতিয়ে মােগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল ?
উত্তৰঃ সম্রাট আকবৰ গােড়া মুছলমান হ’লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্রহণ কৰিছিল । সেয়েহে পিছলৈ এখন বিশাল সাম্রাজ্যৰ অধিপতি হােৱাৰ ক্ষেত্ৰত আকবৰৰ ধর্মনীতিয়ে বিশেষভাৱে অৰিহণা যােগাইছিল । তেওঁ ইবাদতখানা বা প্রার্থনাগৃহ সাজি তালৈ অন্য ধর্মৰ লােককো ধর্মীয় আলােচনাৰ বাবে নিমন্ত্রণ জনাইছিল । সকলাে ধৰ্মৰ সাৰুৱা কথাবােৰ শুনি অকবৰ মােহিত হৈছিল ৷ পাছত সকলাে ধৰি সাৰমৰ্ম লৈ তেওঁ ‘দিন – ই – ইলাহী’ নামৰ এটি নতুন ধর্মমত উলিয়াইছিল । আকবৰৰ শাসনকালত সকলাে ধর্মক সমানে চোৱাৰ নীতিৰে তেওঁ এই ধর্মমত প্রয়ােগ কৰিছিল ৷ আন ধর্মৰ মানুহকো । ধর্মীয় স্বাধীনতা দিয়াটো তেওঁৰ ধর্মনীতিৰ এক প্রধান বৈশিষ্ট্য আছিল । ফলত আকবৰৰ ধর্মনীতিয়ে মােগল সমাজত এক ইতিবাচক প্রভাৱ পেলাইছিল ।
প্রশ্ন৫। মােগল যুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্র সংগ্রহ কবি এটি এলবাম প্রস্তুত কৰা ৷
উত্তৰঃ

প্রশ্ন৬। চমুটোকা লিখা :
কামাখ্যা মন্দিৰ , হুমায়ুনৰ সমাধি , কুতুবমিনাৰ , মুদ্রা
উত্তৰঃ কামাখ্যা মন্দিৰ :- এখন শক্তিপীঠ । গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত । কিছুমান ধর্মপুথিমতে কামাখ্যা মন্দিৰ প্রাচীন কামৰূপৰ সোঁমাজত আছিল । কথিত আছে যে কামখ্যা মন্দিৰলৈ অহা – যােৱা বাটটো পােন প্রথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল ।
হুমায়ুনৰ সমাধি :- হুমায়ুন সমাধি দিল্লীত আছে । বাবৰৰ পুত্র হুমায়ুনে পাছিয়ান কাৰিকৰ মিৰাক মির্জা গিয়াছৰ হতুৱাই নির্মাণ কৰাইছিল ।
কুতুবমিনাৰ :- কুতুবমিনাৰ দিল্লীত অৱস্থিত । দাস বংশৰ প্রতিষ্ঠাতা কুতুবুদ্দিন আইবাকে প্রখ্যাত কুতুবমিনাৰ সজোৱাৰ কাম আৰম্ভ কৰে । কিন্তু নির্মাণ কার্য শেষ কৰে ইলটুতমিছে ।
মুদ্রা :- মুদ্রা বিনিময়ৰ অন্যতম মাধ্যম । বৈদিক যুগত মুদ্রা মৰােৱা প্ৰথাৰ প্রচলন নাছিল । সৰহভাগ প্রাচীন ভাৰতীয় মুদ্রা ৰূপৰ আছিল । মােগল সম্রাটসকলে ৰূপ , ব্রঙ তাম আৰু সােণৰ মুদ্ৰা মৰাইছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.