Class 7 Social Chapter 16 মােগল ৰাজত্ব কালত ভাৰতবর্ষ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 16 মােগল ৰাজত্ব কালত ভাৰতবর্ষ and select needs one.
SEBA Class 7 Social Chapter – 16 মােগল ৰাজত্ব কালত ভাৰতবর্ষ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 16 মােগল ৰাজত্ব কালত ভাৰতবর্ষ – সমাধান Solutions for All Subject, You can practice these here…
মােগল ৰাজত্ব কালত ভাৰতবর্ষ
ইতিহাস খণ্ড
প্রশ্ন১। উত্তৰ দিয়া
( ক ) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনভাৰ আৰম্ভ কৰিছিল ?
উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্রীঃৰ পৰা শাসনভাৰ আৰম্ভ কৰিছিল ।
( খ ) পানিপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ পানিপথৰ প্রথম যুদ্ধ ১৫২৬ খ্রঃত সংঘটিত হৈছিল ।
( গ ) ঔৰংজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ?
উত্তৰঃ ঔৰংজেৱে মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ।
( ঘ ) মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল ?
উত্তৰঃ মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মােগল সম্রাটসকলৰ হাতত ন্যস্ত আছিল ।
( ঙ ) মনচবদাবী প্রথা কোনে প্রবর্তন কৰিছিল ?
উত্তৰঃ মনচবদাবী প্রথা আকবৰে প্রবর্তন কৰিছিল ।
প্রশ্ন২। শুদ্ধ / অশুদ্ধ নির্ণয় কৰা–
( ক ) ভাৰতবৰ্ষত মােগলসকলে ১২০৬ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল ।
উত্তৰঃ শুদ্ধ
( খ ) মােগল সাম্রাজ্যৰ অন্তৰ্গতপ্রদেশবােৰৰ চুবেদাবসকলৰ বিচাৰক্ষমতা অসীম আছিল ।
উত্তৰঃ অশুদ্ধ
( গ ) বাবৰৰ ৰাজ্য বংগৰ পৰা গােৱালিয়ৰলৈকে বিস্তৃত আছিল ।
উত্তৰঃ শুদ্ধ
( ঘ ) মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ ।
উত্তৰঃ শুদ্ধ
( ঙ ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়
উত্তৰঃ অশুদ্ধ
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন৩। খালী ঠাই পূৰণ কৰা :
( ক ) ……… মােগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট ।
উত্তৰঃ আকবৰ মােগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট ।
( খ ) মােগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ……… নীতি – নির্দেশনা মতে ।
উত্তৰঃ মােগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি – নির্দেশনা মতে ।
( গ ) মােগলসকলে কৰ – কাটলৰ বাবে মাটিক ……… ভাগ কৰিছিল ।
উত্তৰঃ মােগলসকলে কৰ – কাটলৰ বাবে মাটিক চাৰি ভাগ কৰিছিল ।
( ঘ ) ………..খ্রীঃত মহামতি আকবৰে মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্রবর্তন কৰিছিল ।
উত্তৰঃ ১৫৭৭ খ্রীঃত মহামতি আকবৰে মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্রবর্তন কৰিছিল ।
( ঙ ) আকবৰৰ শাসন কালত মনচবদাৰ আছিল ………..জন ।
উত্তৰঃ আকবৰৰ শাসন কালত মনচবদাৰ আছিল ২৯ জন ।
প্রশ্ন৪। চমু উত্তৰ লিখা
( ক ) একত্রিত ভাৰতবৰ্ষৰ সপােন আংশিকভাবে কার্যকৰী কৰিবলৈ সক্ষম হােৱা সম্রাট দুজন কোন কোন আছিল ?
উত্তৰঃ একত্রিত ভাৰতবৰ্ষৰ সপােন আংশিকভাবে কার্যকৰী কৰিবলৈ সক্ষম হােৱা সম্রাট দুজন মহামতি অশােক আৰু আকবৰ আছিল ।
( খ ) ঔৰংজেৱৰ সাম্রাজ্যৰ বিস্তৃতি ক’ৰ পৰা কলৈ আছিল ?
উত্তৰঃ ঔৰংজেৱৰ সাম্রাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কর্ণাটকলৈ বিস্তৃত আছিল ।
( গ ) মােগলৰ প্রাদেশিক শাসন ব্যৱস্থাৰ চুবেদাৰৰ তলৰ বিষয়াবােৰ কোন কোন ?
উত্তৰঃ মােগলৰ প্রাদেশিক শাসন ব্যৱস্থাৰ চুবেদাৰৰ তলৰ বিষয়াবােৰ হ’ল-দিৱান , ফৌজদাৰ আৰু ফটোৱাল ।
( ঘ ) মােগলসকলৰ শাসন কালত মাটিক কেইভাগত ভগোৱা হৈছিল আৰু ভাগবােৰ কিকি ?
উত্তৰঃ মােগলসকলে মাটিবােৰক ঢাৰি শ্ৰেণীত ভাগ কৰিছিল । সেই ভাগবোৰ হ’ল –
( ১ ) পােলাজ ( যিবিলাক মাটিত প্রতিবছৰে খেতি হয় । )
( ২ ) পাৰাউটি ( যিবিলাক মাটিত মাজে – সময়ে খেতিবন্ধ কৰি মাটিখিনি উর্বৰ কৰা হয় । )
( ৩ ) চাচ্চাৰ ( যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয় । )
( ৪ ) বানৰ্জাৰ ( যি মাটি ৫ বছৰ বা ততােধিক কাল খেতি নােহােৱাকৈ পৰি থাকে । )
( ঙ ) মনচবদাৰসকলক কিদৰে পাৰিতােষিক দিয়া হৈছিল ?
উত্তৰঃ পদমর্যাদা অনুসৰি মনচবদাৰসকলৰ পাৰিতােষিক নির্দিষ্ট কৰা হৈছিল । পৰিতােষিক নগদ ধনৰ পৰিৱর্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল । এই জায়গীৰৰ পৰা মন চবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতােষিক ল’ব পাৰিছিল ।
প্রশ্ন৫। ৫০ টামান শব্দৰ ভিতৰত উল্লেখ কৰা
( ক ) মােগলৰ বিচাৰ ব্যৱস্থাঃ
উত্তৰঃ মােগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু – শৃংখল নীতি নাছিল । সুকীয়া বিচাৰালয়ো নাছিল । সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্র । বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি – নির্দেশনামতে । প্রদেশবােৰৰ শাসনকর্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম । বেছিভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনাে বিচাৰ নিষ্পত্তিৰ বাবে সম্রাটৰ ওচৰলৈ পঠিয়াইছিল । গাঁও পঞ্চায়ত পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লােকৰ দ্বাৰা বিচাৰ কার্য সমাপন কৰা হৈছিল ।
( খ ) মনঢ়বদাৰীঃ
উত্তৰঃ মহামতি আকবৰে ১৫৭৭ খ্রীঃত মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে । সামৰিক বাহিনী শক্তিশালী কৰা , সকলাে জাতি – জনজাতিক শাসনত জড়িত কৰা তথা তেওঁলােকক সন্তুষ্টি কৰি ৰখাৰ প্রয়াসেৰে তেওঁ এই প্রথা প্রবর্তন কৰিছিল । তেওঁ সামৰিক বাহিনীক একোটাকৈ গােটত বিভক্ত কবি প্রত্যেক গােটতে মনচবদাৰ নিয়ােগ কৰিছিল । উত্তৰাধিকাৰ সূত্রে কোনেও মনচবদাৰ হ’ব নােৱাৰিছিল । একেটা মনচবত দহৰ পৰা দহ হাজাৰলৈকে সৈন্য আছিল । আকবৰৰ তিনি পুত্ৰক আটাইতকৈ ডাঙৰ মনচবদাৰ প্রদান কৰা হৈছিল । পদমর্যাদা অনুসৰি মনচবদাৰসকলৰ পাৰিতােষিক নির্দিষ্ট কৰা হৈছিল । মনচবদাৰসকলৰ নিয়ােগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্রাটৰ ইচ্ছা – অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.