Class 7 Social Chapter 15 দিল্লীৰ চুলতানসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 15 দিল্লীৰ চুলতানসকল and select needs one.
SEBA Class 7 Social Chapter – 15 দিল্লীৰ চুলতানসকল – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 15 দিল্লীৰ চুলতানসকল – সমাধান Solutions for All Subject, You can practice these here…
দিল্লীৰ চুলতানসকল
ইতিহাস খণ্ড
প্ৰশ্ন১। উত্তৰ দিয়া
( ক ) চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম কি ?
উত্তৰঃ চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ হ’ল- দাস বংশ ।
( খ ) দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম কি ?
উত্তৰঃ দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম হ’ল- ৰেজিয়া চুলতানা ।
( গ ) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি ?
উত্তৰঃ খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম হ’ল- আলাউদ্দিন খিলিজি ।
( ঘ ) ইবনবটুতা কোন আছিল ?
উত্তৰঃ ইবনবটুতা মৰক্কোৰ এজন পৰিব্রাজক আছিল ।
( ঙ ) চুলতানী আমােলত ৰাষ্ট্ৰৰ প্রধান মন্ত্রীজনক কি বুলি কোৱা হৈছিল ?
উত্তৰঃ চুলতানী আমােলত ৰাষ্ট্ৰৰ প্রধান মন্ত্রীজনক উজীৰ বুলি কোৱা হৈছিল ।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা
( ক ) কুতুবুদ্দিনে / আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপোন দেখিছিল ।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপোন দেখিছিল ।
( খ ) মহম্মদ বিন টোগলকে / চুলতানা ৰেজিয়াই ব্ৰঞ্জৰ মুদ্রা প্রচলন কৰাইছিল ।
উত্তৰঃ মহম্মদ বিন টোগলকে ব্ৰঞ্জৰ মুদ্রা প্রচলন কৰাইছিল ।
( গ ) গিয়াছুদ্দিন বলবনে / আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
উত্তৰঃ আলাউদ্দিন খিলিজেয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
( ঘ ) চুলতানী আমােলৰ উচ্চ পদস্থ বিষয়াসকল ক্ষমতাশালী আছিল / নাছিল ।
উত্তৰঃ চুলতানী আমােলৰ উচ্চ পদস্থ বিষয়াসকল ক্ষমতাশালী আছিল ।
( ঙ ) চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক – দ্বিতীয়াংশ / এক – চতুর্থাংশ কৰ হিচাপে দিব লাগিব ।
উত্তৰঃ চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক – দ্বিতীয়াংশ কৰ হিচাপে দিব লাগিছিল ।
প্রশ্ন৩। খালী ঠাই পূৰ কৰা–
( ক ) দাস বংশৰ প্ৰতিষ্ঠাতা আছিল ………।
উত্তৰঃ দাস বংশৰ প্ৰতিষ্ঠাতা আছিল কৌতুবুদ্দিন আইবাক ।
( খ ) ……….. জয় কৰা আলাউদ্দিন খিলিজেয়েই প্ৰথম চুলতান ।
উত্তৰঃ দাক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলিজেয়েই প্ৰথম চুলতান ।
( গ ) মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি …………ত স্থাপন কৰিছিল ।
উত্তৰঃ মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি দৌলতাবাদ ত স্থাপন কৰিছিল ।
( ঘ ) পর্যটক ইবনবটুতা …………পৰা ভাৰতলৈ আহিছিল ।
উত্তৰঃ পর্যটক ইবনবটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল ।
( ঙ ) দিল্লীৰ চুলতানসকলে ……………. দেশৰ ৰাজসভাৰ আদব-কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল ।
উত্তৰঃ দিল্লীৰ চুলতানসকলে পাৰস্য দেশৰ ৰাজসভাৰ আদব-কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন৪। চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্রমানুসাৰে লিখা—
চৈয়দ বংশ , খিলিজি বংশ , লােভী বংশ , দাস বংশ , টোগলক বংশ ।
উত্তৰঃ দাস বংশ , খিলিজি বংশ , টোগলক বংশ , চৈয়দ বংশ , লােডীবংশ ।
প্রশ্ন৫৷ পৃথু আৰু বংশৰ শাসনকর্তা বখতিয়াৰ খিলিজিৰ মাজত হােৱা যুদ্ধৰ কাৰণ কি আছিল ?
উত্তৰঃ বংগৰ শাসনকর্তা বখতিয়াৰ খিলিজিয়ে চীন দেশ জয় কৰিবলৈ ওলাওঁতে কামৰূপৰ মাজেদি যাব লগা হৈছিল । সেই সময়তে কামৰূপৰ ৰজা পৃথুৰ লগত তেওঁ সংঘৰ্ষত লিপ্ত হয় ।
প্রশ্ন৬। ৫০ টামান শব্দৰ ভিতৰত তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা—
( ক ) চুলতানী আমােলৰ প্রশাসনিক ব্যৱস্থাৰ উল্লেখযােগ্য দিশসমূহ –
উত্তৰঃ

চুলতানী আমােলত এক সু – শৃংখল প্রশাসনিক ব্যৱস্থা কৰিবলৈ বিচৰা হৈছিল । সভ্রান্ত মানুহৰ পৰিৱর্তে দাসসকলক একোখন ৰাজ্যৰ ৰাজনৈতিক কার্যালয় চলাবলৈ প্রশিক্ষণ দি লৈছিল । চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত প্রশাসন ব্যৱস্থাৰ ভালেমান সালসলনি ঘটাইছিল । মহম্মদ বিন টোগলকে দিল্লীৰ পৰা ৰাজধানী স্থানান্তৰ কৰি প্রশাসনিক দিশত বিশেষ সালসলনি কৰিছিল । তেওঁ ৰূপৰ মুদ্ৰাৰ সলনি ব্ৰঞ্জৰ মুদ্রা প্রচলন কৰিছিল । কিছুমান চুলতানে নিজ সাম্রাজ্যৰ বিভিন্ন অঞ্চল শাসন কৰিবলৈ সেনাধ্যক্ষ নিযুক্তি দিছিল । কিছুমান উচ্চ পদস্থ বিষয়াই চুলতানসকলক তেওঁলােকৰ শাসন কার্যত সহায় কৰিছিল ।
( খ ) চুলতানী আমােলৰ ভূমি ব্যবস্থা
উত্তৰঃ চুলতানৰ অধীনস্থ শাসনকর্তাসকলে ভূমিৰ জোখ – মাখ কৰাৰ লগতে সেইসমূহৰ হিচাপ সাৱধানে ৰাখিছিল । মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰিছিল । উৎপন্ন সামগ্রীৰ এক – দ্বিতীয়াংশ কৰ হিচাপে গ্ৰহণ কৰিছিল । চুলতান মহম্মদ বিন টোগলকে সাম্রাজ্যৰ সাৰুৱা মাটিৰ ওপৰত বিশেষ কৰ আৰােপ কৰিছিল ।
( গ ) আলাউদ্দিন খিলিজিয়ে কিয় কোনাে ব্যক্তিকে নিজাববীয়াকৈ খাদ্যসামগ্রী মজুত ৰাখিব নিদিছিল ?
উত্তৰঃ দেশত অর্থনৈতিক ব্যৱস্থা সুস্থিৰ ৰাখিবলৈ আৰু বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ আলাউদ্দিন খিলিজিয়ে ভালেমান পদক্ষেপ লৈছিল । কোনাে ব্যক্তিকে তেওঁ নিজাববীয়াকৈ খাদ্যসামগ্রী মজুত ৰাখিব নিদিছিল । এক সুস্থ ৰাজহুৱা বিতৰণ ব্যৱস্থা বৰ্তাই ৰাখিবলৈ তেওঁ এনে পদক্ষেপ লৈছিল । অন্য এক কাৰণ হ’ল বজাৰ ব্যৱস্থাত দুনীতি ৰোধ কৰা ।
( ঘ ) আলাউদ্দিন খিলিজিয়ে বাজত্ব কালত নতুনকৈ ব্যৱসায় কৰিবলৈ লােৱা ব্যক্তিয়ে নাম পঞ্জীয়ন কৰিহে ব্যৱসায় কৰিব পাৰিছিল । মতামত আগবঢ়োৱা ।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে বজাৰ ব্যৱস্থা আৰু খাদ্য শস্যৰ নিয়ন্ত্রণ ব্যৱস্থা দক্ষতাৰে নিজৰ দখলত ৰাখিব বিচাৰিছিল। ব্যৱসায় – বাণিজ্যত দুর্নীতি কৰিলে যাতে দোষীক কঠোৰ শাস্তি দিব পাৰে তাৰ পদক্ষেপ হিচাপে ব্যৱসায় কৰিবলৈ লােৱা ব্যক্তিৰ নাম পঞ্জীয়ন কৰি লৈছিল । ব্যৱসায়ীয়ে যাতে বান্ধি দিয়া দামতকৈ বেছি দাম ল’ব নােৱাৰে তাক কার্যকৰী কৰিবলৈও এনে ব্যৱস্থা লােৱাৰ প্ৰয়ােজন আছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.