Class 7 Social Chapter 13 প্রাক ঐতিহাসিক অসম The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 13 প্রাক ঐতিহাসিক অসম and select needs one.
SEBA Class 7 Social Chapter – 13 প্রাক ঐতিহাসিক অসম
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 13 প্রাক ঐতিহাসিক অসম – সমাধান Solutions for All Subject, You can practice these here…
প্রাক ঐতিহাসিক অসম
ইতিহাস খণ্ড
প্রশ্ন১। উত্তৰ দিয়া
( ক ) নৰকাসুৰ কোন আছিল ?
উত্তৰঃ নৰকাসুৰ কামৰূপৰ প্রথম ঐতিহাসিক ৰজা আছিল ।
( খ ) বর্মন বংশৰ প্রতিষ্ঠাতা কোন আছিল ?
উত্তৰঃ বর্মন বংশৰ প্রতিষ্ঠাতা আছিল পুষ্যবর্মন ।
( গ ) ইউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল ?
উত্তৰঃ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল ।
( ঘ ) অভিনৱ গুপ্ত কোন আছিল ?
উত্তৰঃ অভিনৱ গুপ্ত শাল বংশৰ এজন পণ্ডিত আছিল ।
( ঙ ) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল ?
উত্তৰঃ পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল ।
( চ ) দানৱ বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল মহীৰঙ্গ দানৱ ।
প্ৰশ্ন২। শুদ্ধ / অশুদ্ধ বিচাৰ কৰা :
( ক ) ৰামায়ণ , মহাভাৰত হ’ল হিন্দুসকলৰ দুখন মহাকাব্য ।
উত্তৰঃ শুদ্ধ
( খ ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ ।
উত্তৰঃ অশুদ্ধ
( গ ) বর্মন বংশৰ আদি ৰজা হ’ল পুষ্য বর্মন ।
উত্তৰঃ শুদ্ধ
( ঘ ) বাণৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা ।
উত্তৰঃ শুদ্ধ
( ঙ ) ইৎচিঙে চি-উ – কি পুথি ৰচনা কৰিছিল ।
উত্তৰঃ অশুদ্ধ
প্রশ্ন৩। ক্রম অনুসৰি সজোৱা
বর্মন বংশ | দানৱ বংশ | পাল বংশ | শালস্তম্ভ বংশ | ভৌম বংশ |
উত্তৰঃ
দানৱ বংশ | ভৌম বংশ | বর্মন বংশ | শালস্তম্ভ বংশ | পাল বংশ |
প্ৰশ্ন৪। কোন কাৰ সমসাময়িক আঁচ টানি মিলােৱা
কুমাৰ ভাস্কৰ | বৰ্মন বাণ ৰজা |
সমুদ্রগুপ্ত | দুর্যোধন |
নৰকাসুৰ | হর্ষবর্ধন |
ভগদত্ত | অভিনৱ গুপ্ত |
শংকৰাচার্য | পুষ্যবর্মন |
উত্তৰঃ

Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্ৰশ্ন৫। চমু টোকা লিখা :
( ক ) হৰিহৰ যুদ্ধ
উত্তৰঃ প্রাচীন কালত বাণ নামৰ এজন ৰজাই শােণিতপুৰত ৰাজত্ব কৰিছিল । বাণ ৰজাৰ জীয়েক ঊষা পৰমা সুন্দৰী আছিল । উষাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধর্ব বিবাহ কৰাইছিল । এই কার্যত বাণ ৰজা ক্ষুন্ন হৈ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে । এই যুদ্ধত শ্রীকৃষ্ণই অনিৰুদ্ধৰ হৈ আৰু ভগৱান শিৱই বাণ ৰজাৰ হৈ যুদ্ধত অৱতীৰ্ণ হয় । শ্রীকৃষ্ণৰ এটি নাম হৰি । আকৌ শিৱক ‘হৰ’ বুলিও কোৱা হয় । হৰি অর্থাৎ কৃষ্ণ আৰু হৰ অর্থাৎ শিৱ এই দুয়ােজনৰ মাজত যুদ্ধ হৈছিল বাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় । এই যুদ্ধত বাণ ৰজা পৰাস্ত হৈছিল ।
( খ ) শালস্তম্ভ বংশ
উত্তৰঃ বর্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে । শালস্তম্ভ এই বংশৰ প্রতিষ্ঠাতা । তেওঁ কামৰূপৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰিত কৰি ঠাইখনৰ নাম হৰুপেশ্বৰ ৰাখিছিল । এই বংশৰ ৰাজত্ব কালতেইই ইৎচিং নামৰ এজন চীনা পব্রিাজক ভাৰতলৈ আহিছিল । শালস্তম্ভ বংশৰ ৰজাসকলে বিদ্বান লােকক সমাদৰ কৰিছিল । অভিনৱ গুপ্ত এই বংশৰ , ৰাজত্ব কালৰ এজন পণ্ডিত আছিল । এই বংশৰ ৰাজত্ব কালতেই শংকৰাচাৰ্য কামৰূপলৈ আহিছিল । অসমীয়া সভ্যতা – সংস্কৃতিৰ শ্ৰীবৃদ্ধিত শালস্তম্ভসকলে বৰঙণি যােগাইছিল ।
( গ ) পালবংশ
উত্তৰঃ শালস্তম্ভসকলৰ পাছত পাল বংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে । ব্রহ্মপাল পাল বংশৰ প্রতিষ্ঠাতা । এওঁলােকৰ ৰাজ্যৰ ৰাজধানী আছিল দুর্জয়নগৰ । দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজ ভাগলৈ এই বংশই কামৰূপ শাসন কৰিছিল । পালসকল যােদ্ধা জাতি আছিল । পাল ৰজাসকল বিদ্যানুৰাগী আছিল আৰু ব্রাহ্মণসকলক ভূমিদান দি ৰাজ্যত জ্ঞান চর্চাৰ এক পৰিৱেশ ৰচনা কৰিছিল । তেওঁলােক হৰগৌৰীৰ উপাসক আছিল । বেপাৰ বাণিজ্যত তেওঁলােকে গুৰুত্ব দিছিল ।
( ঘ ) কুণ্ডিল ৰাজ্য
উত্তৰঃ কুণ্ডিল ৰাজ্য প্রাচীন কামৰূপৰ পূব দিশত অৱস্থিত । কুণ্ডিল ৰাজ্যক বিদর্ভ ৰাজ্য বুলি কোৱা হয় । এই ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ ।বৰ্তমান শদিয়া অঞ্চলতেই তেতিয়াৰ কুণ্ডিল নগৰ আছিল । ভীষ্মক ৰজাই কুণ্ডিল ৰাজ্যত ৰাজত্ব কৰিছিল ।
(ঙ ) কামৰূপৰ আৰ্থ – সামাজিক অৱস্থাঃ
উত্তৰঃ পুৰণি কামৰূপ ৰাজ্যৰ অর্থনৈতিক আৰু সামাজিক অৱস্থা উন্নত আছিল । কামৰূপৰ অধিবাসীসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল । বিভিন্ন ধৰণৰ শস্য , শাক পাচলি উৎপন্ন হৈছিল । জনজাতীয় লােকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বাহিৰলৈ ৰপ্তানি কৰিছিল । এৰী , মুগা , পাট , কপাহী কাপােৰ তৈয়াৰ হৈছিল। ৰূপ বাঁহ – বেতৰ শিল্পতাে ৰাজ্যখন আগবঢ়া আছিল । ইটা তৈয়াৰ কৰা শিল্প , প্রস্তৰ শিল্পত কামৰূপ আগবঢ়া আছিল । এছিয়াৰ দেশ কিছুমানৰ লগত কামৰূপৰ বাণিজ্যিক সম্পর্ক আছিল ।
প্রাচীন কামৰূপৰ সামাজিক ভেটিটো কিছু বর্ণাশ্রম ধৰ্মৰ ওপৰত প্রতিষ্ঠিত আছিল । সমাজত ব্রাহ্মণসকলৰ স্থান উচ্চ আছিল । জাতি – ভেদ প্রথা কঠোৰভাৱে প্রচলন নাছিল । পৰিয়ালেই সমাজৰ ক্ষুদ্রতম গােট আছিল । যৌথ পৰিয়ালৰ প্ৰচলন সর্বাধিক আছিল । সতীদাহ আৰু পর্দা প্রথা প্রচলন নাছিল । অসবর্ণ বিবাহৰ প্ৰচলন সীমিত আছিল । অৱশ্যে জাতি বিশেষে বাল্য বিবাহ , বহু বিবাহ আৰু বিধৱাৰ পুনৰ বিবাহৰ প্রচলন আছিল । অধিবাসীসকলে মূলতঃ কপাহী কাপােৰ পৰিধান কৰিছিল । ধনীসকলে পাট কাপােৰ পিন্ধিছিল । অধিবাসীসকলে সােণৰূপৰ অলংকাৰ পিন্ধিছিল । সুগন্ধি তেল ব্যৱহাৰ কৰিছিল ।
প্রশ্ন৬। ৫০ টামান শব্দৰ ভিতৰত লিখা
( ক ) আখ্যান , কিংবদন্তি আৰু ইতিহাসৰ পার্থক্য
উত্তৰঃ আখ্যান , কিংবদন্তি আৰু ইতিহাসৰ মাজত পার্থক্য আছে । আখ্যান কেৱল ধর্মমূলক পুথিতহে পােৱা যায় । দেৱ – দেৱীৰ মন্দিৰ মহিমাৰ কথা উল্লেখ থকা কাহিনীবােৰক প্রকৃত সত্য ঘটনাৰ ওপৰত প্রতিষ্ঠিত ।
( খ ) ভাস্কৰ বৰ্মন আৰু হর্ষবর্ধন সম্পর্ক
উত্তৰঃ হর্ষবর্ধনৰ সৈতে কুমাৰ ভাস্কৰ বৰ্মণৰ সু-সম্পর্ক আছিল । ভাস্কৰ বৰ্মন হর্ষবর্ধনৰ সমসাময়িক আছিল । ফলত কামৰূপৰ সৈতে কনৌজৰ সু – সম্পর্ক গঢ়ি উঠিছিল । ভাস্কৰ বর্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হর্ষবর্ধনৰ সৈতে মিত্রতা স্থাপন কৰিছিল ।
( গ ) পুৰণি কামৰূপ ৰাজ্যৰ অধিবাসীসকলৰ খাদ্য আৰু সাজপাৰ
উত্তৰঃ পুৰণি কামৰূপৰ মানুহৰ প্ৰধান আহাৰ আছিল ভাত । লােণ নথকা বাবে কলাখাৰ খাইছিল । তদুপৰি গাখীৰৰ পৰা তৈয়াৰ বিবিধ খাদ্য , শাক – পাচলি , ফল – মূল , মাছ মাংস আদি এওঁলােকে খাইছিল । দৈনন্দিন জীৱনত অধিবাসীসকলে মূলতঃ কপাহী কাপােৰ পিন্ধিছিল । অৱশ্যে ধনী মানুহবিলাকে পাট কাপােৰ পিন্ধিছিল ।
প্রশ্ন৭৷ পুৰণি কামৰূপ ৰাজ্যৰ মানচিত্ৰত থকা ঠাইবােৰৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ পাঠ্যপুথিৰ মেপ চাই ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.