Class 12 Swadesh Adhyayan Important Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

resppost2025

Class 12 Swadesh Adhyayan Important Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.

Class 12 Swadesh Adhyayan Important Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

দ্বিতীয় ভাগঃ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

১। ১৮৮২ চনৰ শেষৰফালে কোনখন জিলাত আসাম ৰেইলওৱে এন্ড ট্রেডিং কোম্পানীক তেল আহৰণৰ সুবিধা দিয়া হৈছিল?

উত্তৰঃ ১৮৮২ চনৰ শেষৰফালে লখিমপুৰ জিলাত (অবিভক্ত) আসাম ৰেইলওৱে এন্ড ট্রেডিং কোম্পানীক তেল আহৰণৰ সুবিধা দিয়া হৈছিল।

resppost2025

২। এ.আৰ.টি.চিয়ে কেতিয়া তেল আহৰণৰ কাম আৰম্ভ কৰিছিল?

উত্তৰঃ এ.আৰ.টি.চিয়ে ১৮৮৪ চনত তেল আহৰণৰ কাম আৰম্ভ কৰিছিল।

৩। ১৮৯২ চনত কোম্পানীয়ে কিমান বৰ্গমাইল এলাকা লিজত পাইছিল?

sqare

উত্তৰঃ ১৮৯২ চনত কোম্পানীয়ে চাৰি বৰ্গমাইল এলাকা ২০ বছৰৰ বাবে লিজত পাইছিল।

৪। প্রতি এশ গেলন তেলৰ বিনিময়ত কোম্পানীয়ে কিমান ৰয়েল্টি দিব লগা হৈছিল?

উত্তৰঃ প্রতি এশ গেলন তেলৰ বিনিময়ত কোম্পানীয়ে আঠ অনা ৰয়েল্টি দিব লগা হৈছিল।

৫। বামেৰ লৰি (Balmer Lowrie) কোম্পানীয়ে কোন কোম্পানীৰ এজেন্ট হিচাপে কাম কৰিছিল?

sqare

উত্তৰঃ বামেৰ লৰি (Balmer Lowrie) কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেন্ট হিচাপে কাম কৰিছিল।

৬। ১৮৮৮ চনত কোনে মাকুম তৈলক্ষেত্ৰত জৰীপ কৰিছিল?

উত্তৰঃ ১৮৮৮ চনত আৰ. এইছ টাউনচেণ্ডে (R.H. Townsend) মাকুম তৈলক্ষেত্ৰত জৰীপ কৰিছিল।

sidebar2026

৭। টাউনচেণ্ডক কিহৰ বাবে কৃতিত্ব দিয়া হয়?

উত্তৰঃ টাউনচেণ্ডক ১৮৮৮ চনৰ প্ৰথম ভাগত ডিগবৈত প্ৰথম সফল বৰিঙৰ বাবে কৃতিত্ব দিয়া হয়।

2026

৮। টাউনচেণ্ডৰ মতে অসম কি হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল?

উত্তৰঃ টাউনচেণ্ডৰ মতে অসম এখন গুৰুত্বপূর্ণ তৈলক্ষেত্ৰ হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল।

৯। ডিগবৈত কোনে ডাঙৰ কুৱা আৱিষ্কাৰ কৰাৰ কথা জনাইছিল?

উত্তৰঃ ডিগবৈত চীফ কমিছনাৰ চাৰ্লছ এলিয়টক টাউনচেণ্ডে জনাইছিল।

১০। ১৮৯৮ চনলৈকে এ.আৰ.টি.চিয়ে কিমানটা তৈল খাদত কাম কৰিছিল?

sidebar2026

উত্তৰঃ ১৮৯৮ চনলৈকে এ.আৰ.টি.চিয়ে দহটা তৈল খাদত কাম কৰিছিল।

১১। এ.আৰ.টি.চিয়ে কোন ঠাইত সৰু শোধনাগাৰ খুলিছিল?

উত্তৰঃ আৰ.টি.চিয়ে মাৰ্ঘেৰিটাত এটা সৰু শোধনাগাৰ খুলিছিল।

১২। নতুনকৈ গঠন কৰা আসাম অইল কোম্পানীৰ (AOC) পুঁজিৰ পৰিমাণ কিমান আছিল?

উত্তৰঃ নতুনকৈ গঠন কৰা আসাম অইল কোম্পানীৰ (AOC) পুঁজিৰ পৰিমাণ ৩,১০,০০০ পাউণ্ড স্টাৰ্লিঙৰ আছিল।

১৩। ১৯১১ চনত কোম্পানীয়ে কিমান গেলন পেট্র’ল উৎপাদন কৰিছিল?

উত্তৰঃ ১৯১১ চনত কোম্পানীয়ে ৩,৫৬৫,১৬৩ গেলন পেট্র’ল উৎপাদন কৰিছিল।

১৪। ১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ দিনা ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ৰে’ল লাইন মুকলি কোন কোন ঠাইৰ মাজত কৰা হৈছিল?

উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ দিনা ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ৰে’ল লাইন মুকলি কৰা হৈছিল বম্বে (মুম্বাই) আৰু থানেৰ মাজত।

১৫। কিমান চনত দেশ বিভাজনৰ ফলত আসাম বেংগল ৰে’লৱে ৰাজনৈতিক সীমা অনুসৰি দুভাগ হৈছিল?

উত্তৰঃ ১৯৪৭ চনত দেশ বিভাজনৰ ফলত আসাম বেংগল ৰে’লৱে ৰাজনৈতিক সীমা অনুসৰি দুভাগ হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top