Class 12 Swadesh Adhyayan Important Chapter 8 প্রাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.
Class 12 Swadesh Adhyayan Important Chapter 8 প্রাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.
(ক) প্রাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ
Chapter: 8
| দ্বিতীয় ভাগঃ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
১। অসমত অতীজৰে পৰা কিমান প্ৰকাৰৰ পলু পোহা হৈছিল?
উত্তৰঃ অসমত অতীজৰে পৰা প্ৰধানকৈ তিনি প্ৰকাৰৰ পলু পোহা হৈছিল— পাট পলু, মুগা পলু আৰু এৰী পলু।
২। পাট-সূতাৰ ব্যৱসায় কৰা লোকসকলক কি বোলা হৈছিল?
উত্তৰঃ পাট-সূতাৰ ব্যৱসায় কৰা লোকসকলক ‘যুগী’ বা ‘কাটনি’ বোলা হৈছিল।
৩। মেজাংকৰী গছৰ পাত খোৱা মুগাৰ পৰা উৎপন্ন হোৱা সূতাক কি বোলা হৈছিল?
উত্তৰঃ মেজাংকৰী গছৰ পাত খোৱা মুগাৰ পৰা উৎপন্ন হোৱা সূতাক মেজাংকৰী সূতা বোলা হৈছিল।
৪। মুগা পোহা শিল্পত কোনে কোনে জড়িত আছিল?
উত্তৰঃ মুগা পোহা শিল্পত পুৰুষ আৰু মহিলা উভয়ে জড়িত আছিল।
৫। চোমনিত প্ৰধানকৈ কোনে কাম কৰিছিল?
উত্তৰঃ চোমনিত প্ৰধানকৈ পুৰুষসকলে কাম কৰিছিল।
৬। পলু ফুটিলৰ পিছত সিহঁতক কেনেদৰে ডাঙৰ কৰা হৈছিল?
উত্তৰঃ পলুবোৰক জাত অনুযায়ী আৰু বয়স অনুসৰি কেচেৰু, নুনি, এৰা আদি গছৰ কোমল বা পূৰঠ পাত খোৱাই ডাঙৰ কৰা হৈছিল।
৭। কোনে প্ৰতিগৰাকী তিৰোতাৰ বাবে বোৱা-কটা কাম দৈনিক কৰাটো বাধ্যতামূলক কৰিছিল?
উত্তৰঃ মোমাই তামুলী বৰবৰুৱাই প্ৰতিগৰাকী তিৰোতাৰ বাবে বোৱা-কটা কাম দৈনিক কৰাটো বাধ্যতামূলক কৰিছিল।
৮। অসমৰ অৰণ্যসমূহত কি কি প্ৰজাতিৰ বাঁহ পোৱা যায়?
উত্তৰঃ অসমত জাতি, ভলুকা, মকাল, কোটোহা, বিজুলী আদি বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়।
৯। বাঁহ-বেতেৰে তৈয়াৰ কৰা মাছ ধৰাৰ সঁজুলিসমূহৰ নাম লিখা।
উত্তৰঃ বাঁহ-বেতেৰে তৈয়াৰ কৰা মাছ ধৰাৰ সঁজুলিসমূহৰ নাম হ’ল- জাকৈ, চেপা, খোকা, ঠুহা, হুকুমা, দলঙা, পাউৰি, উভতি, বান আদি।
১০। ঢেঁকীশালৰ বিভিন্ন সঁজুলি নাম লিখা।
উত্তৰঃ ঢেঁকীশালৰ বিভিন্ন সঁজুলি যেনে- ডলা, কুলা, চালনী, পাচি, খৰাহি, বাখৰু।
১১। বাঁহ-বেতৰ সঁজুলিবোৰ সাজোতে ব্যৱহাৰ কৰা বিভিন্ন মোৰ আৰু গাঁঠি সমূহ লিখা।
উত্তৰঃ বাঁহ-বেতৰ সঁজুলিবোৰ সাজোতে বিভিন্ন মোৰ (manner of braiding or weaving) যেনে- কছাৰি-মোৰ, অজলা-মোৰ, জালি-মোৰ আৰু মতা-গাঁঠি, মাইকী-গাঁঠি, শামুকীয়া-গাঁঠি, অজলা-গাঁঠি আদি বিভিন্ন প্রকাৰৰ গাঁঠি (knot) ব্যৱহাৰ কৰা হৈছিল।
১২। কিছুমান মাটিৰ সামগ্রীৰ নাম লিখা।
উত্তৰঃ মাটিৰ সামগ্ৰীবোৰৰ ভিতৰত ঘট, টেকেলি, কলহ, মলা, চক, মঠীয়া, ধুনাদানি, বাচন-বর্তন ইত্যাদি প্রধান আছিল।
১৩। প্রাক্-ব্রিটিছ যুগত অসমৰ কঁহাৰসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহ নাম লিখা।
উত্তৰঃ প্রাক্-ব্রিটিছ যুগত অসমৰ কঁহাৰসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহ আছিল- কাঁহী, বান কাঁহী, বৰকাঁহী, বেৰাকাঁহী, পানধোবা, সৰুকাঁহী, মাইহাং, বৰবাটি, সৰুবাটি, বানবাটি, টো, খালি, চৰিয়া, লোটা, কলহ, ভোগজৰা, বটা ইত্যাদি।
১৪। ‘পতি’ বুলিলে কাক বুজোৱা হয়?
উত্তৰঃ ‘পতি’ বুলিলে পালি চাৰিজনৰ পৰামৰ্শদাতাজনক বুজোৱা হয়।
১৫। ‘শিয়া’ শব্দটো কেনেকুৱা অৱস্থাত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ পঞ্চাশ পাচি বালি ধোৱাৰ পিছত শেষ ধোৱা অৱস্থাটোক ‘শিয়া’ বুলি কোৱা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

