Class 12 Swadesh Adhyayan Important Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.
Class 12 Swadesh Adhyayan Important Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.
অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
Chapter: 7
| দ্বিতীয় ভাগঃ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
১। প্রব্রজন বুলিলে কি বুজা?
উত্তৰঃ প্রব্রজন মানে হ’ল খাদ্য, বস্ত্র, বাসস্থান আৰু নিৰাপত্তাৰ সন্ধানত অথবা বানপানী, দুর্ভিক্ষ, মাৰি মৰক, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক দুর্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ নাইবা যুদ্ধ-বিগ্রহ, সাম্প্রদায়িক-ধর্মীয় সংঘর্ষৰ পৰা নিৰাপত্তা বিচাৰি তথা উন্নত জীবন ধাৰণৰ সুবিধা বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হোৱা মানুহৰ আগমণ বা নির্গমন।
২। প্ৰব্ৰজন কেই ধৰণৰ আৰু কি কি?
উত্তৰঃ প্ৰব্ৰজন দুই ধৰণৰ: আন্তঃৰাজ্যিক প্রব্রজন আৰু আন্তঃৰাষ্ট্রীয় প্রব্রজন।
৩। আন্তৰাজ্যিক বা আভ্যন্তৰীণ প্রব্রজক কাক বোলে?
উত্তৰঃ একেখন দেশৰ কোনো অঞ্চলৰ পৰা আন এক অঞ্চললৈ আহি বসবাস কৰিব লোৱা সকল আন্তৰাজ্যিক বা আভ্যন্তৰীণ প্রব্রজক।
৪। আন্তঃৰাষ্ট্ৰীয় প্রব্রজন কাক বোলে?
উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ হোৱা প্রব্রজনক আন্তঃৰাষ্ট্ৰীয় প্রব্রজন বোলা হয়।
৫। আন্তঃৰাষ্ট্রীয় প্রব্রজন কেই ধৰণে হ’ব পাৰে আৰু কি কি?
উত্তৰঃ আন্তঃৰাষ্ট্রীয় প্রব্রজন দুই ধৰণে হ’ব পাৰে- বৈধ আৰু অবৈধ।
৬। বৈধ প্রব্ৰজনকাৰী কাক বোলে?
উত্তৰঃ যিসকল প্ৰব্ৰজনকাৰীয়ে প্রয়োজনীয় নথি-পত্ৰ লৈ এখন দেশৰ পৰা আহি আন এখন দেশত থিতাপি লয়, তেনে লোকক বৈধ প্রব্ৰজনকাৰী বোলা হয়।
৭। অনুপ্রৱেশকাৰী বুলিলে কি বুজা?
উত্তৰঃ নিজ দেশৰ তীব্র অর্থনৈতিক সংকট, যুদ্ধ-বিগ্রহ, সামাজিক, ধর্মীয়, সাম্প্রদায়িক সংঘাত-সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আন দেশলৈ প্রয়োজনীয় নথি-পত্র নোহোৱাকৈয়ে বিভিন্ন চোৰাং পন্থা অবলম্বন কৰি প্রব্রজন কৰে। এনে লোকক অনুপ্রৱেশকাৰী বোলা হয়।
৮। কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে কেইটা চর্ত পূৰণ হ’ব লাগিব আৰু কি কি?
উত্তৰঃ কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে কমেও চাৰিটা চর্ত পূৰণ হবই লাগিব-
(i) ভূমি।
(ii) মূলধন।
(iii) শ্রমিক। আৰু
(iv) সংগঠন।
৯। ১৯২০ চনত ‘লাইন প্রথা’ৰ প্ৰবৰ্ত্তন কৰি আবাস যোগ্য ভূমি ভাগক কেইটা শ্রেণীত ভাগ কৰা হয় আৰু কি কি?
উত্তৰঃ ১৯২০ চনত ‘লাইন প্রথা’ৰ প্ৰবৰ্ত্তন কৰি আবাস যোগ্য ভূমি ভাগক তিনিটা শ্রেণীত ভাগ কৰে-
(ক) পমুৱা সকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি।
(খ) পমুৱা সকলে বাস কৰিব নোৱাৰা ভূমি। আৰু
(গ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুবাসকলে বাস কৰিব পৰা ভূমি।
১০। কিমান চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰতীয় গণ বিপ্লৱৰ সময়ত প্রায়ভাগ কংগ্রেছী নেতাক জেলত ভৰাই থোৱা হৈছিল?
উত্তৰঃ ১৯৪২ চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰতীয় গণ বিপ্লৱৰ সময়ত প্রায়ভাগ কংগ্রেছী নেতাক জেলত ভৰাই থোৱা হৈছিল।
১১। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি বহু পূৰ্ববঙ্গীয় প্ৰব্ৰজনকাৰীয়ে নিজৰ মাতৃভাষা কি বুলি লিখাইছিল?
উত্তৰঃ ১৯৫১ চনৰ লোকপিয়লত বহু পূৰ্ববঙ্গীয় প্ৰব্ৰজনকাৰীয়ে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখাইছিল, যাৰ ফলত অসমীয়া ভাষীৰ সংখ্যা ৭৩ শতাংশতকৈও অধিক হৈছিল।
১২। ইন্দিৰা-মুজিব চুক্তিৰ অধীনত কিহৰ ব্যৱস্থা কৰা হৈছিল?
উত্তৰঃ ইন্দিৰা-মুজিব চুক্তি (১৯৭২) অনুসৰি, ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা বাংলাদেশীসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
১৩। কিমান চনত ইংৰাজ সকলে ভাৰতীয় সকলৰ গণ আন্দোলনৰ সমুখত নতি স্বীকাৰ কৰি ভাৰত ত্যাগ কৰে?
উত্তৰঃ ১৯৪৭ চনত ইংৰাজ সকলে ভাৰতীয় সকলৰ গণ আন্দোলনৰ সমুখত নতি স্বীকাৰ কৰি ভাৰত ত্যাগ কৰে।
১৪। কোনে কেতিয়া অসম বিধান পৰিষদত প্ৰব্ৰজনৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰিছিল?
উত্তৰঃ মহাদেৱ শর্মাই ১৯২৭ চনৰ জুলাই মাহত অসম বিধান পৰিষদত প্ৰব্ৰজনৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰিছিল।
১৫। ১৯২৬ চনৰ পাণ্ডু কংগ্রেছৰ পূৰ্বে অসম ভ্ৰমণ কৰি ডᵒ ৰাজেন্দ্র প্রসাদে কেনে প্ৰস্তাৱ দাঙি ধৰিছিল?
উত্তৰঃ অসমত মুছলমান প্ৰব্ৰজনৰ ভয়াবহতা দেখি, ডᵒ ৰাজেন্দ্র প্রসাদে বিহাৰৰ চাপ্ৰা জিলাৰ পৰা হিন্দু লোক আনি অসমত স্থাপন কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


