Class 12 Swadesh Adhyayan Important Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)

Class 12 Swadesh Adhyayan Important Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.

Class 12 Swadesh Adhyayan Important Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

দ্বিতীয় ভাগঃ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

১। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।

২। ইয়াণ্ডাবু সন্ধি কোনে আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি মান ৰজা বা-গী-দাও আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ জেনেৰেল আর্চিবল কেম্বেলৰ মাজত স্বাক্ষৰিত হৈছিল।

৩। ইয়াণ্ডাবু সন্ধি অনুসৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মানে কিমান পইচা দিবলৈ মান্যতা দিছিল?

উত্তৰঃ এক নিযুত পাউণ্ড (1 million pound) ক্ষতিপূৰণ হিচাপে দিবলৈ মান্যতা দিছিল।

৪। মণিপুৰৰ ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল?

উত্তৰঃ মণিপুৰৰ ৰজা হিচাপে গম্ভীৰ সিংহক স্বীকৃতি দিয়া হৈছিল।

৫। অসমৰ পৰা পলাই গৈ যোগীঘোপাত আশ্রয় লৈ থকা আহোম ৰজা যোগেশ্বৰ সিংহৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ অসমৰ পৰা পলাই গৈ যোগীঘোপাত আশ্রয় লৈ থকা আহোম ৰজা যোগেশ্বৰ সিংহৰ ১৮২৫ চনত মৃত্যু হয়।

৬। ডেভিদ স্কটে অসমৰ ৰাজহ ব্যৱস্থা কোন প্ৰথাৰ ওপৰত গঢ়ি তুলিছিল?

উত্তৰঃ ডেভিদ স্কটে অসমৰ ৰাজহ ব্যৱস্থা আহোমে পূৰ্বে স্থাপন কৰা খেল প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল।

৭। উজনি অসমত খেল ব্যৱস্থা বাহাল ৰাখি, পাইকে কিমান নগদ কৰ দিবলগীয়া হৈছিল?

উত্তৰঃ উজনি অসমত খেল ব্যৱস্থা বাহাল ৰাখি, পাইকে বছৰি তিনিটকা (Poll Tax) নগদ কৰ দিবলগীয়া হৈছিল।

৮। জনাৰ্দন বৰবৰুৱাক কি দায়িত্ব দিয়া হৈছিল?

উত্তৰঃ জনাৰ্দন বৰবৰুৱাক ৰাজহ বিভাগৰ তত্ত্বাৱধানৰ দায়িত্ব দিয়া হৈছিল।

৯। নামনি অসমৰ ৰাজহ বিভাগৰ দায়িত্ব কাক দিয়া হৈছিল?

উত্তৰঃ নামনি অসমৰ ৰাজহ বিভাগৰ দায়িত্ব হলিৰাম ঢেকিয়াল ফুকনৰ হাতত দিয়া হৈছিল।

১০। ডেভিদ স্কটে জনসাধাৰণৰ বাবে কিহৰ ব্যৱস্থা স্থাপন কৰিবলৈ বিচাৰিছিল?

উত্তৰঃ ডেভিদ স্কটে জনসাধাৰণৰ বাবে সহজলভ্য ন্যায়িক ব্যৱস্থা স্থাপন কৰিবলৈ বিচাৰিছিল।

১১। কাছানীত গোচৰ দিওঁতাৰ বাবে কি ব্যৱস্থা কৰা হৈছিল?

উত্তৰঃ কাছানীত একোটাকৈ বৃহৎ বাকচ ৰখা হৈছিল য’ত আবেদন জনাব পাৰিছিল।

১২। উজনি অসমত চন্দ্রকান্ত সিংহৰ সম্পৰ্কীয় কাক কাক গোচৰসমূহ বিচাৰৰ দায়িত্ব দিছিল?

উত্তৰঃ উজনি অসমত চন্দ্রকান্ত সিংহৰ সম্পৰ্কীয় লম্বোধৰ বৰফুকন আৰু জনার্দন বৰবৰুৱাক (চিভিল) গোচৰসমূহ বিচাৰৰ দায়িত্ব দিছিল।

১৩। নামনি অসমত মৃত্যুদণ্ডৰ বাদে সকলো গোচৰৰ ৰায় কোনে দিছিল?

উত্তৰঃ নামনি অসমত মৃত্যুদণ্ডৰ বাদে সকলো গোচৰৰ ৰায় জ্যেষ্ঠ কমিছনাৰে দিছিল।

১৪। ডেভিদ স্কটে ন্যায়িক ব্যৱস্থা সূচল কৰিবলৈ কোন ঠাইত মফছল পঞ্চায়ত গঠন কৰিছিল?

উত্তৰঃ ডেভিদ স্কটে ন্যায়িক ব্যৱস্থা সূচল কৰিবলৈ নগাঁও, কলিয়াবৰ আৰু চাৰি দুৱাৰত মফছল পঞ্চায়ত গঠন কৰিছিল।

১৫। প্ৰথম ব্রিটিছ বিৰোধী অভ্যুত্থান কেতিয়া ঘটিছিল?

উত্তৰঃ প্ৰথম ব্রিটিছ বিৰোধী অভ্যুত্থান ১৮২৮ চনত হৈছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top