Class 12 Swadesh Adhyayan Important Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.
Class 12 Swadesh Adhyayan Important Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.
মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন
Chapter: 5
| প্ৰথম ভাগঃ ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। ভূগোল বিজ্ঞানৰ অধ্যয়নে আমাক কি জানিবলৈ সহায় কৰে?
উত্তৰঃ ভূগোল বিজ্ঞানৰ অধ্যয়নে পৃথিৱীৰ প্রাকৃতিক উপাদান আৰু মানৱ সমাজৰ বিভিন্ন দিশ জানিবলৈ সহায় কৰে।
২। মানচিত্ৰ অধ্যয়নৰ দ্বাৰা কি লাভ হয়?
উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ দ্বাৰা ভৌগোলিক তথ্য বিশ্লেষণ আৰু বুজা সহজ হয়।
৩। অপৰিহার্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা লিখা।
উত্তৰঃ অপৰিহার্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা হ’ল-
(i) মানচিত্ৰৰ নাম।
(ii) অৱস্থান (আপেক্ষিক: অন্য অঞ্চলৰ পৰিপ্ৰেক্ষিতত, জ্যামিতিক: অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ বিস্তৃতি)।
(iii) মানচিত্ৰৰ সীমাৰেখা আৰু দিশ।
(iv) মানচিত্ৰৰ মাপনী।
(v) আকৃতি আৰু আকাৰ।
(vi) দূৰত্ব।
(vii) মাটিকালি।
(viii) প্রচলিত সাংকেতিক চিহ্ন। আৰু
(ix) মান চিত্ৰৰ সময় (কোন চনৰ তথ্য উপস্থাপন বা ভিত্তি কৰি মানচিত্রখন প্রস্তুত কৰা হৈছে)।
৪। মানচিত্ৰ বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠভাগ বা ইয়াৰ কোনো অংশ এখন সমতলত নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকেই মানচিত্ৰ বোলা হয়।
৫। মানচিত্ৰ অধ্যয়ন কৰি কি জানিব পাৰি?
উত্তৰঃ মানচিত্ৰ অধ্যয়ন কৰি ভূ-পৃষ্ঠৰ কোনো অঞ্চলৰ প্ৰাকৃতিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জানিব পাৰি।
৬। পৃথিৱীৰ গঠন কেনেধৰণৰ?
উত্তৰঃ পৃথিৱীৰ গঠন গোলাকাৰ।
৭। মানচিত্ৰ কিহৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে?
উত্তৰঃ মানচিত্ৰ বৈশিষ্ট্য আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে।
৮। মাপনীক কেইটা প্ৰকাৰে প্ৰতিফলিত কৰা হয় আৰু কি কি?
উত্তৰঃ মাপনীক তিনিটা প্ৰকাৰে প্ৰতিফলিত কৰা হয়।
যেনে-
(ক) ৰৈখিক মাপনী (Graphical Scale)।
(খ) উক্তি মাপনী (Statement Scale)। আৰু
(গ) নিৰূপক ভগ্নাংশ (Representative Fraction) চমুকৈ যাক R.F. বুলি কোৱা হয়।
৯। ‘স্কেল’ বা ‘মাপনী’ বুলিলে কি বুজা?
উত্তৰঃ ভু-পৃষ্ঠত থকা কোনো দুটা নির্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা (একে দূৰত্ব) দূৰত্বৰ অনুপাতকে ‘স্কেল’ বা ‘মাপনী’ বুলি কোৱা হয়।
১০। মানচিত্ৰৰ সৈতে কেইটা উপাদান, প্রধানকৈ জড়িত হৈ থাকে আৰু কি কি?
উত্তৰঃ মানচিত্ৰৰ সৈতে তিনিটা উপাদান, প্রধানকৈ জড়িত হৈ থাকে, যেনে- ‘মাপনী’ (Scale) সাংকেতিক চিহ্ন (Conventional symbols) আৰু গ্রীডছ (Grids)।
১১। সাধাৰণ নক্সা আৰু মানচিত্রৰ মাজত এটা পাৰ্থক্য লিখা।
উত্তৰঃ মানচিত্রত মাপনী, দিশ, অক্ষ-দ্রাঘিমা রেখা, জ্যালিকা আৰু সাংকেতিক চিহ্ন থাকে, কিন্তু সাধাৰণ নক্সাই কম সময়ৰ ব্যৱধানেৰে বিভিন্ন প্রতিচ্ছবি অংকন কৰাটোকে সূচায়।
১২। ডাঙৰ মাপনীযুক্ত মানচিত্রত কি সুবিধা পোৱা যায়?
উত্তৰঃ ডাঙৰ মাপনীযুক্ত মানচিত্রত সৰুকৰণ কম থাকে আৰু অঞ্চল বা নগৰৰ প্ৰাকৃতিক, সামাজিক, সাংস্কৃতিক আদি তথ্য বিতংকৈ দেখা যায়।
১৩। সৰু মাপনীযুক্ত মানচিত্রৰ বৈশিষ্ট্য কি?
উত্তৰঃ সৰু মাপনীযুক্ত মানচিত্রত সৰুকৰণ অধিক কৰা হয়, যাৰ ফলত বৃহৎ অঞ্চল বা গোটেই পৃথিৱীখন দেখুওৱা যায়।
১৪। মানচিত্র প্রস্তুত কৰোঁতাক কি নামে জনা যায়?
উত্তৰঃ মানচিত্র প্রস্তুত কৰোঁতাক মানচিত্ৰকৰ (Cartographer) নামে জনা যায়।
১৫। গ্রীডছ বুলিলে কি বুজা?
উত্তৰঃ সম ব্যৱধানত, সমান্তৰালভাৱে আঁকা কিছুমান কাল্পনিক অক্ষ ৰেখা আৰু উত্তৰা দক্ষিণাকৈ কৈ দ্রাঘিমাৰেখাই কটাকটি কৰি গঠন কৰা আর্হিটোকে গ্রীডছ বোলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

