Class 12 Swadesh Adhyayan Important Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Class 12 Swadesh Adhyayan Important Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.

Class 12 Swadesh Adhyayan Important Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম ভাগঃ ভূগোল
IMPORTANT QUESTION AND ANSWER

১। অসমৰ চূণশিল বিশেষকৈ কোন ঠাইত পোৱা যায়?

উত্তৰঃ অসমত চূণশিল মূলতঃ কাৰ্বি আংলঙৰ ডিলাই, কইলাজান, শিলভেটা, ছৈনিলাংছ’ আৰু ডিমা হাচাও জিলাৰ উমৰাংছ’ আৰু গৰমপানী অঞ্চলত পোৱা যায়।

২। চূণশিল কিহৰ পৰা সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়?

উত্তৰঃ চূণশিল নিউমিলিত চোকোৰা (Nummulite) নামৰ সৰু সাগৰীয় জীৱৰ পৰা সৃষ্টি হোৱা যৌগিক পদার্থৰূপে বিবেচিত।

৩। প্ৰতিবছৰে গড়ে কিমান চূণশিল আহৰণ কৰা হয়?

উত্তৰঃ বিগত ১০ বছৰত গড়ে প্ৰতি বছৰে প্রায় ০.৩৮ নিযুত টন চূণশিল আহৰণ কৰা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। লো আৰু তিখা উৎপাদনত চূণশিলৰ ভূমিকাটো কি?

উত্তৰঃ লো আৰু তিখা উৎপাদনৰ ক্ষেত্ৰত ফ্লাক্স হিচাপে চূণশিল এক অপৰিহার্য পদাৰ্থ।

৫। চিলিমিনাইটৰ ব্যৱহাৰ ক’ত কৰা হয়?

উত্তৰঃ চিলিমিনাইট অট’মবাইলৰ স্পাৰ্কিং প্লাগ আৰু প্লাচ উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়।

৬। কাৰ্বি আংলঙত চিলিমিনাইট ক’ত ক’ত পোৱা যায়?

উত্তৰঃ চিপিলাংছ’, চামেলাংছ’, চেইলাংছ’, ইংতিগাঁও, আপাৰ চেলাবৰ আৰু আমটেৰেঙত চিলিমিনাইট পোৱা যায়।

৭। বনজ সম্পদৰ ক্ষেত্ৰত অসমক কিয় চহকী বুলি কোৱা হয়?

উত্তৰঃ বনজ সম্পদত অসম চহকী, কিয়নো ইয়াত বিভিন্ন ধৰণৰ গছগছনি আৰু উদ্ভিদ পোৱা যায় যিবোৰ পৰিৱেশ আৰু জীৱ-জন্তুৰ বাবে অতি মূল্যৱান।

৮। উপগ্ৰহৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰ্যন্ত অসমত বননিৰ বিস্তৃতি কিমান আছিল?

উত্তৰঃ উপগ্ৰহ তথ্য (মার্চ, ২০১৯) অনুসৰি অসমৰ প্ৰায় ২১ শতাংশ ঠাই উদ্ভিদেৰে আবৰা আছিল।

৯। ১৯৭০ চনত অসমৰ বননিৰ বিস্তৃতি কিমান আছিল?

উত্তৰঃ ১৯৭০ চনত অসমৰ বননিৰ বিস্তৃতি প্ৰায় ৬৪ শতাংশ আছিল।

১০। সামাজিক বননিকৰণ (Social Forestry) কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ সামাজিক বননিকৰণ ১৯৮৭ চনৰ পৰা আৰম্ভ হৈছিল।

১১। অৰণ্য অক্সিজেনৰ ভঁৰাল বুলি কিয় কোৱা হয়?

উত্তৰঃ উদ্ভিদে অক্সিজেন উৎপন্ন কৰে, যি মানুহ, পশু-পক্ষী আৰু অন্যান্য জীৱৰ জীৱন ৰক্ষা কৰে, সেইবাবে অৰণ্য অক্সিজেনৰ ভঁৰাল বুলি কোৱা হয়।

১২। পুনৰ্ভৱ শক্তিৰ তিনিটা মুখ্য উৎস কি কি?

উত্তৰঃ জলবিদ্যুৎ শক্তি, তাপবিদ্যুৎ শক্তি আৰু সৌৰশক্তি।

১৩। ২০১৯ চনৰ জানুৱাৰীৰ তথ্য অনুসৰি অসমত মুঠ কিমান কি.মি. দৈৰ্ঘ্যৰ পথ আছে?

উত্তৰঃ ২০১৯ চনৰ জানুৱাৰীৰ তথ্য অনুসৰি অসমত মুঠ ৫৭,৫১৬ কি.মি. দৈৰ্ঘ্যৰ পথ আছে।

১৩। অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২,৮৩৫ কি.মি.।

১৪। নৰনাৰায়ণে কোন দুটা ঠাইৰ মাজত ‘গোহাঁই কমল আলি’ পথ নিৰ্মাণ কৰিছিল?

উত্তৰঃ নৰনাৰায়ণে কোচবিহাৰৰ পৰা নাৰায়ণপুৰ (লখিমপুৰ)লৈ দুটা ঠাইৰ মাজত ‘গোহাঁই কমল আলি’ পথ নিৰ্মাণ কৰিছিল।

১৫। দ্বিতীয় মহাযুদ্ধৰ সময়ত দক্ষিণপাৰৰ কোন পথটো খৰতকীয়াকৈ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সময়ত দক্ষিণপাৰৰ গোৱালপাৰাৰ পৰা ছৈখোৱাঘাটলৈ পথটো খৰতকীয়াকৈ নিৰ্মাণ কৰা হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top