Class 12 Swadesh Adhyayan Important Chapter 3 জৈৱবৈচিত্র্য

Class 12 Swadesh Adhyayan Important Chapter 3 জৈৱবৈচিত্র্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.

Class 12 Swadesh Adhyayan Important Chapter 3 জৈৱবৈচিত্র্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম ভাগঃ ভূগোল
IMPORTANT QUESTION AND ANSWER

১। জৈৱবৈচিত্র্য শব্দটো কোন শব্দ দুটা লগ লগাই সৃষ্টি কৰা হৈছে?

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটো ‘জীৱ’ আৰু বিচিত্রতা শব্দ দুটা লগ লগাই সৃষ্টি কৰা হৈছে।

২। জৈৱবৈচিত্র্যই বুলিলে কি বুজা?

উত্তৰঃ জৈৱবৈচিত্র্যই পৃথিৱীত থকা বিভিন্ন জীৱৰ বিচিত্ৰতা আৰু পৰিৱৰ্তনশীলতা বুজায়।

৩। জৈৱবৈচিত্র্য শব্দটোৰ বহুল প্ৰচাৰ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটোৰ বহুল প্ৰচাৰ ১৯৮০ৰ দশকৰ পৰা আৰম্ভ হয়।

৪। কোনো স্থানৰ জৈৱবৈচিত্র্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ সূর্যৰ তাপ, জলবায়ু, মাটিৰ প্ৰকাৰ আৰু পৃথিৱীৰ উপৰিভাগৰ অৱয়ৰ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

৫। পৃথিৱীত এতিয়ালৈকে কিমানবাৰ জীৱৰ সম্পূৰ্ণ বিলুপ্তি ঘটিছে?

উত্তৰঃ পৃথিৱীত এতিয়ালৈকে পাঁচবাৰ জীৱৰ সম্পূৰ্ণ বিলুপ্তি ঘটিছে।

৬। মানুহৰ আবিৰ্ভাৱৰ পিছত বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াত কি পৰিৱর্তন দেখা গৈছে?

উত্তৰঃ মানুহৰ আবিৰ্ভাৱৰ পৰা বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াটো পুনৰ খৰতকীয়া হৈ উঠিছে আৰু ষষ্ঠ বিলুপ্তিকৰণৰ সম্ভাৱনা জগাই তুলিছে।

৭। শেনন সূচক কি?

উত্তৰঃ শেনন সূচক হৈছে তথ্য পৰিসংখ্যাসূচক, য’ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্রতিনিধিত্ব কৰা হ’ব আৰু এই নমুনাসমুহ যাদৃচ্ছিকভাবে (Random) সংগ্রহ কৰা হয়।

৮। চিম্পচ’ন সূচক কি?

উত্তৰঃ চিম্পচ’ন সূচক হৈছে এটা নিয়ন্ত্রণসূচক কাৰণ ই সাধাৰণতে সূলভ আৰু মুখ্য প্রজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এইক্ষেত্রত কিছু সংখ্যক দুর্লভ প্রজাতিৰ প্রতিনিধিয়ে জৈৱ বিচিত্ৰতাৰ ক্ষেত্ৰত বিশেষ প্রভাৱ নেপেলায়।

৯। কোন কোন বিজ্ঞানীসকলে যথেষ্ট ক্ষেত্রভিত্তিক অধ্যয়নৰ সহায়ত আজিব জৈৱবৈচিত্র্যক বুজিব পৰাকৈ এক ভেটি নির্মাণ কৰি থৈ গৈছে?

উত্তৰঃ চাৰ্লচ ডাৰউইন, ফিলিপ লুটলে শ্লেটাৰ, আলফ্রেড ৰাচেল ৱালেচ আদিৰ দৰে বিজ্ঞানীসকলে যথেষ্ট ক্ষেত্রভিত্তিক অধ্যয়নৰ সহায়ত আজিৰ জৈৱবৈচিত্র্যক বুজিব পৰাকৈ এক ভেটি নির্মাণ কৰি থৈ গৈছে।

১০। প্রজাতিগত বিচিত্রতা বুলি ক’লে কি বুজা?

উত্তৰঃ প্রজাতিগত বিচিত্রতা বুলি ক’লে কোনো এখন ঠাইৰ বিভিন্ন শ্রেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পার্থক্যৰ কথা বুজায়।

১১। প্ৰজাতিগত বিচিত্রতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা কাৰক কি কি?

উত্তৰঃ প্ৰজাতিগত বিচিত্রতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা কাৰক হ’ল-

(ক) প্ৰজাতিগত সমৃদ্ধি (Species richness)।

(খ) বংশাৱলীক ভিন্নতা (Taxonomic or phylogenetic diversity)।

(গ) প্ৰজাতিগত সমতা (Species evenness)।

১২। প্ৰজাতিগত সমতা (Species evenness) বুলিলে কি বুজায়?

উত্তৰঃ প্ৰজাতিগত সমতা বুলিলে বিভিন্ন জীৱৰ মাজত থকা প্ৰচুৰতাৰ অনুপাতক বুজায়।

১৩। বংশাৱলীক ভিন্নতাই কেনেকুৱা সম্পর্ক বুজায়?

উত্তৰঃ বংশাৱলীক ভিন্নতাই বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা আনুবংশিক সম্পর্ক বুজায়।

১৪। প্ৰজাতিগত সমৃদ্ধি কি?

উত্তৰঃ প্ৰজাতিগত সমৃদ্ধি হ’ল এক শ্ৰেণীৰ জীৱৰ সংখ্যা।

১৫। আনুবংশিক বিচিত্রতা বুলিলে কি বুজায়?

উত্তৰঃ আনুবংশিক বিচিত্রতা বুলিলে একে প্ৰজাতিৰ জীৱৰ মাজত থকা পাৰ্থক্য বুজায়, যি জিনৰ দ্বাৰা নিৰ্ধাৰিত হয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top