Class 12 Swadesh Adhyayan Important Chapter 2 অসমৰ জনদৃশ্যপট Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.
Class 12 Swadesh Adhyayan Important Chapter 2 অসমৰ জনদৃশ্যপট
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.
অসমৰ জনদৃশ্যপট
Chapter: 2
| প্ৰথম ভাগঃ ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। ২০০১-২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰঃ ২০০১-২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৬.৯৩ শতাংশ আছিল।
২। বড়োলেণ্ডৰ চাৰিওখন জিলা নাম লিখা?
উত্তৰঃ বড়োলেণ্ডৰ চাৰিওখন জিলা নাম হ’ল- কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আৰু চিৰাং।
৩। অসমৰ বৰ্তমান জনসংখ্যাৰ ঘনত্ব প্রতিবর্গ কিলোমিটাৰত কিমান জন?
উত্তৰঃ অসমৰ বৰ্তমান জনসংখ্যাৰ ঘনত্ব প্রতিবর্গ কিলোমিটাৰত ৩৯৭ জন।
৪। অসমৰ কিমাখন নগৰক বৰ্তমান প্ৰথম শ্ৰেণীৰ নগৰ হিচাপে শ্ৰেণীবিভক্ত কৰা হৈছে?
উত্তৰঃ বৰ্তমান ৪ খন নগৰক প্ৰথম শ্ৰেণীৰ নগৰ হিচাপে শ্ৰেণীবিভক্ত কৰা হৈছে।
৫। গুৱাহাটী মহানগৰক কেনেধৰণৰ পৌৰ সংস্থা দ্বাৰা পৰিচালনা কৰা হয়?
উত্তৰঃ গুৱাহাটী মহানগৰক পৌৰ নিগম দ্বাৰা পৰিচালনা কৰা হয়।
৬। ২০০১-২০১১ চনত ধুবুৰী জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল?
উত্তৰঃ ২০০১-২০১১ চনত ধুবুৰী জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৪.৪ শতাংশ আছিল।
৭। কাৰ্বি আংলং জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল?
উত্তৰঃ কাৰ্বি আংলং জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৪ শতাংশ আছিল।
৮। কোন কোন জিলাত জনসংখ্যা বৃদ্ধিৰ কাৰণ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা প্ৰব্ৰজন?
উত্তৰঃ কামৰূপ মহানগৰ, ধেমাজি, কাৰ্বি আংলং আৰু লখিমপুৰ জিলাত জনসংখ্যা বৃদ্ধিৰ কাৰণ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা প্ৰব্ৰজন।
৯। বাংলাদেশী অনুপ্ৰবেশকাৰীৰ উপাৰ্জনৰ মুখ্য উৎস কি?
উত্তৰঃ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ উপাৰ্জনৰ মুখ্য উৎস হ’ল- শস্য খেতি, নিৰ্মাণ কাৰ্য, শাক-পাচলি, হাঁহ-কুকুৰা আৰু কণীৰ বেপাৰ।
১০। নেপালী সম্প্ৰদায়ৰ লোকসকলে কোন ব্যৱসায়ৰ সৈতে জড়িত?
উত্তৰঃ নেপালী সম্প্ৰদায়ৰ লোকসকল দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু বিতৰণৰ সৈতে জড়িত।
১১। কোন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?
উত্তৰঃ কামৰূপ মহানগৰ জিলাত (২০১০ গৰাকী প্রতি বর্গ কিলোমিটাৰত)।
১২। জনসংখ্যাৰ ঘনত্ব ৰাজ্যিক গড়তকৈ অধিক থকা যিকোনো দুটা জিলা উল্লেখ কৰা।
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব ৰাজ্যিক গড়তকৈ অধিক থকা যিকোনো দুটা জিলাৰ নাম হ’ল- গোৱালপাৰা আৰু ধুবুৰী।
১৩। অসমৰ কোন কোনখন জিলাত জনসংখ্যা জনঘনত্ব সেৰেঙা দেখা পোৱা যায়?
উত্তৰঃ অসমৰ যোৰহাট, শোণিতপুৰ, তিনিচুকীয়া, গোলাঘাট, কোকৰাঝাৰ, চিৰাং আৰু ধেমাজি জিলাত জনসংখ্যা জনঘনত্ব সেৰেঙা দেখা পোৱা যায়।
১৪। কাৰ্বি আংলংৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ কাৰ্বি আংলং জনসংখ্যা ঘনত্ব ৯৩ গৰাকী।
১৫। অসমত আন্তঃ আঞ্চলিক জনপ্ৰব্ৰজন কিদৰে দেখা যায়?
উত্তৰঃ অসমত আন্তঃ আঞ্চলিক জনপ্ৰব্ৰজন সাধাৰণতে চহৰমুখী; সৰু চহৰ আৰু সেৱা কেন্দ্ৰৰ পৰা ডাঙৰ চহৰলৈ হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

