Class 12 Swadesh Adhyayan Important Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.
Class 12 Swadesh Adhyayan Important Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.
উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক
Chapter: 1
| প্ৰথম ভাগঃ ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। কিহৰ বাবে ব্ৰহ্মপুত্ৰক গুস্ফিত নদী বুলি কোৱা হয়?
উত্তৰঃ ঠাই বিশেষত উপশাখা বিভাজন আৰু পুনৰ মিলন হোৱা বাবে ব্ৰহ্মপুত্ৰক গুস্ফিত নদী বুলি কোৱা হয়।
২। ব্ৰহ্মপুত্ৰৰ বুকুত পৃথিৱীৰ কি আছে?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ বুকুত পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে।
৩। ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল কিমান বর্গ কিলোমিটাৰ?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল ৫,৮০,০০০ বর্গ কিলোমিটাৰ।
৪। ব্রহ্মপুত্র অৱবাহিকাৰ কিমান শতাংশ চীন দেশত পৰে?
উত্তৰঃ ব্রহ্মপুত্র অৱবাহিকাৰ ৫০.৫ শতাংশ চীন দেশত পৰে।
৫। ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাই ক’ৰ পৰা আহে আৰু ক’ত আশ্রয় লয়?
উত্তৰঃ পৰিভ্ৰমী চৰাই ইউৰোপ আৰু চাইবেৰিয়া পৰা আহে আৰু শীতকালত অসমৰ বিল আৰু জলাহবোৰত আশ্রয় লয়।
৬। মাজুলী ক’ত অৱস্থিত?
উত্তৰঃ মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত, অসমৰ এক নদীদ্বীপ।
৭। উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাকী অংশৰ লগত সংযোগ কৰি থকা স্থলভাগটোৰ প্ৰস্থ কিমান?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাকী অংশৰ লগত সংযোগ কৰি থকা স্থলভাগটোৰ প্ৰস্থ ২১ কিলোমিটাৰৰ পৰা ৪০ কিলোমিটাৰ।
৮। উত্তৰ-পূৰ্বাঞ্চলক চাৰিওফালে কিমানখন বিদেশী ৰাষ্ট্ৰই ঘেৰাই ৰাখিছে?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলক চাৰিওফালে পাঁচখন বিদেশী ৰাষ্ট্ৰই ঘেৰাই ৰাখিছে।
৯। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ প্ৰায় কিমান কিলোমিটাৰ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ প্ৰায় ৯৯ শতাংশ অর্থাৎ ৫১৮২ কিলোমিটাৰ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে।
১০। ভূ-প্রাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল কি কি উপত্যকাৰে গঠিত?
উত্তৰঃ ভূ-প্রাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল প্ৰধানকৈ পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰে গঠিত।
১১। ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ কিমানতম বৃহৎ নদী?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী।
১২। তিনিখন পাহাৰীয়া জিলাৰ নাম লিখা?
উত্তৰঃ তিনিখন পাহাৰীয়া জিলাৰ নাম হ’ল- ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কার্বি আংলং।
১৩। অসমৰ জলবায়ু কিহৰ দ্বাৰা প্ৰভাৱিত হয়?
উত্তৰঃ অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়।
১৪। শীতকালত গড় উত্তাপ কিমান থাকে?
উত্তৰঃ শীতকালত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে।
১৫। গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ মাটিক কেই ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ মাটিক চাৰিটা ভাগত ভগাব পাৰি। এই চাৰিবিধ মাটি হ’ল- পলসুৱা মাটি, পাহাৰীয়া মাটি, পর্বত-পাহাৰৰ পাদদেশত উপলব্ধ কংকৰীয়া মাটি আৰু ৰঙামাটি বা লেটাৰাইট।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

