Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ

Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

(ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ

(খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ

Chapter – 8

দ্বিতীয় ভাগ: বুৰঞ্জী

অনুশীলনী প্রশ্নোত্তৰ

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা –

( ক ) অসমক “ পলু পোহাৰ দেশ ” বুলি কোন গ্ৰন্থত কোৱা হৈছে ? 

উত্তৰঃ অসমক “ পলু পোহাৰ দেশ ” বুলি মহাকাব্য ‘ ৰামায়ণ ‘ গ্ৰন্থত কোৱা হৈছে । 

( খ ) ‘ খুপুৰী ’ মানে কি ? 

উত্তৰঃ বোৱা – কটা নজনা ছোৱালীক অসমীয়া সমাজত ‘ খুপুৰী ’ বুলি কোৱা হয় । 

( গ ) ‘ জোৰা ‘ নামৰ খেলটো আহোমৰ ৰাজত্বকালত কোনটো বৃত্তিৰ সৈতে জড়িত আছিল ? 

উত্তৰঃ ‘ জোৰা ‘ নামৰ খেলটো আহোমৰ ৰাজত্বকালত তাঁত শিল্পৰ সৈতে জড়িত আছিল । 

( ঘ ) আহোমৰ ৰাজত্বকালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সুতা কাটি বৈ দিয়া কাপোৰখনৰ নাম কি ? 

উত্তৰঃ আহোমৰ ৰাজত্বকালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সুতা কাটি বৈ দিয়া কাপোৰখনৰ নাম হ’ল— ‘ কৱচ কাপোৰ’।

( ঙ ) ‘ সোণ খপা ‘ মানে কি ? 

উত্তৰঃ নৈৰ বালিৰ পৰা সোণ – ৰূপ উৎপাদন কৰা পদ্ধতিটো ‘ সোণ কমোৱা ’ বা ‘ সোণ খপা ‘ । ‘ 

( চ ) গুণাকটীয়া ’ কি ? 

উত্তৰঃ ‘ গুণাকটীয়া ’ হ’ল এবিধ খেল । 

( ছ ) ‘ লোৱা মাটি ’ কি ? 

উত্তৰঃ বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা ‘ লোৱা মাটি’ বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি । এই চটৰ ওপৰতে পলসো পৰি খৰালিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয় । ইয়াকে ‘ লোৱা মাটি ’ বোলে । 

( জ ) ‘ ঢেকৰ ’ কি ? 

উত্তৰঃ লোৰে নিৰ্মিত কিছুমান বস্তুৰ ওপৰৰ আৰু তলৰ দুয়োটা ভাগক যেতিয়া যোৰা লগোৱা হয় তাকে ‘ ঢেকৰ ’ বোলে । যেনে— পালকী । 

( ঝ ) ‘ খাটাং ’ কি ? 

উত্তৰঃ বেতেৰে তৈয়াৰী শকত বাঙাক ‘ খাটাং ’ বোলে । যেনে— ৰাইদাং , খালৈ , বিচনী আদি । 

২। চমুটোকা লিখা : 

( ক ) কাঁহশিল্প : 

উত্তৰঃ পুৰণি অসমৰ কাঁহ শিল্পৰ বিষয়ে বৰ বেছিসমল পোৱা নাযায় । প্রাক্ – আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ যেনে— বৰকাহ , কাঁহ , নানাবিধ তাল , ঘণ্টা , নূপূৰ , কিংকণী আদিৰ নাম পোৱা যায় । প্রাচীন চৰ্যাপদসমূহৰ লগতে প্রাচীন গ্রন্থ কালিকা পুৰাণ , যোগিনীতন্ত্র , মাধৱ কন্দলিৰ ‘ ৰামায়ণ ’ লগতে চৰিত পুথিসমূহতো কাঁহৰ বিভিন্ন সামগ্ৰীৰ উল্লেখ আছে । 

অসমত কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল মধ্যযুগত । অসমৰ কঁহাৰসকলে কাঁহ তৈয়াৰ কৰিবলৈ তাম , বাং আৰু কেতিয়াবা ৰূপও মিলাইছিল । মধ্যযুগত অসমত খোৱা – বোৱাৰ পাত্ৰ হিচাপে প্ৰধানকৈ কাঁহৰ পাত্ৰই ব্যৱহৃত হৈছিল । কাঁহৰ বাচন – বৰ্তন তৈয়াৰ কৰাৰ বাবে হাজো , সৰ্থেবাৰী , যোৰহাট জিলাৰ কৰঙা , তিতাবৰ আদি অঞ্চল বিখ্যাত আছিল । কাঁহৰ শিল্পৰ বাবে প্ৰয়োজন হোৱা আহিলাসমূহ হ’ল— জুইশাল , কুন্দশাল , মাঠনী , হাতুৰি , নিয়াৰি , সঁৰাহ , চাঁচনি , চেণ্ট , চেপেনা , ভাতী আদি । প্রাক্ – ব্ৰিটিছ যুগত অসমৰ কঁহাৰসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহ আছিল কাঁহী , বৰকাহী , বেবাকাঁহী , পানধোৱা , সৰুকাহী , মাইহাং , বৰবাটি , সৰুবাটি , বানবাটি , টৌ , থালি , চৰিয়া, লোটা , কলহ , ভোগজৰা , বটা ইত্যাদি । অসমৰ থলুৱা কঁহাৰসকলে মৌ – সিটাৰ সাঁচত তপত জুলীয়া ধাতু ঢালি মনোমত আকাৰৰ বিভিন্ন কাঁহৰ সামগ্ৰী তৈয়াৰ কৰিছিল । আহোম স্বৰ্গদেউসকলে ভূটানৰ পৰা “ কাঁহ – মাটি ” অনাই “ অসমীয়া কাঁহ ” তৈয়াৰ কৰিছিল বুলিও শুনা যায়। 

( খ ) তাম শিল্প :

উত্তৰঃ অসমৰ প্ৰাচীন শিল্পসমূহৰ এবিধ অন্যতম শিল্প হৈছে তাম শিল্প । বিভিন্ন গ্ৰন্থত প্রাচীন কামৰূপৰ ৰজাসকলৰ তামৰ ফলিৰ লগতে বিভিন্ন সামগ্রীসমূহৰ বিষয়ে উল্লেখ আছে । প্রাচীন শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ চালখন তামেৰে নিৰ্মিত আছিল বুলি পোৱা যায় । প্রাক্ ব্ৰিটিছ যুগৰ অসমত তামৰ কলহ , ভোগজৰা , শৰাই , সঁফুৰা , টেমা , মন্দিৰৰ বিভিন্ন পূজাৰ সঁজুলি আদি বহু পৰিমাণে ব্যৱহৃত হৈছিল । বিশুদ্ধ তামৰ আচবাবৰ উপৰিও তামৰ কলচী , শৰাই সঁফুৰা বা অন্যান্য সামগ্ৰীৰ ওপৰত সোণ – ৰূপৰ পাট বিশেষ উপায়েৰে মেৰিয়াই শিল্পীসকলে সামগ্রীসমূহক নতুন ৰূপ দিছিল । সেইদৰে তামৰ বিভিন্ন সামগ্রীত সোণ – ৰূপ খটোৱা কামও এই শিল্পীসকলে কৰিছিল । 

মধ্যযুগত তাম প্রধানকৈ অসমত সমীপৱৰ্তী পাহাৰীয়া জনজাতিসকলৰ পৰা আৰু চীন দেশৰ পৰা সংগ্ৰহ কৰিছিল বুলি কোৱা হয় । 

( গ ) পিতল শিল্প :

উত্তৰঃ প্রাচীন কালৰে পৰা অসমত পিতলৰ ধাতুৰ ব্যৱহাৰ আছিল বুলি অনুমান কৰা হয় । পিতল শিল্পটো আহোম যুগৰ এটা গুৰুত্বপূৰ্ণ শিল্প আছিল । আহোম যুগত প্রায় সকলোতে পিতলৰ সা – সঁজুলিৰ ব্যৱহাৰ আছিল । চৰিয়া , কলহ , শৰাই , টৌ , খৰাহি , কলহ , সঁফুৰা , হেতা , তলীয়া আনকি নামঘৰ , দ’ল – দেৱালয় আদিৰ ডবাবোৰো পিতলৰ আছিল । আহোম যুগৰ এই গুৰুত্বপূৰ্ণ পিতলৰ শিল্পটো মৰীয়া মেলৰ পিতল শিল্পীসকলৰ দ্বাৰা বিকশিত হোৱাৰ কথা বুৰঞ্জীত পোৱা যায় । তামৰ সৈতে দস্তা মিহলি কৰি মিশ্র ধাতু পিতল তৈয়াৰ কৰা হৈছিল । পিতল -শিল্পীসকলে পিতল কাটি , জোৰ লগাই , ভাতীত গলাই , নিয়াৰিত পিটি খুন্দি বিভিন্ন সামগ্রী তৈয়াৰ কৰিছিল । মাটিৰ নিৰ্দিষ্ট সাঁচ তৈয়াৰ কৰি সেই সাঁচত গলিত পিতল ঢালিও বিভিন্ন সামগ্রী তৈয়াৰ কৰা হৈছিল । কমাৰ শালত ব্যৱহৃত প্ৰায়বোৰ সঁজুলিয়েই পিতলৰ শালতো ব্যৱহৃত হৈছিল । 

( ঘ ) লা তৈয়াৰ কৰা শিল্প :

উত্তৰঃ লা তৈয়াৰ কৰা শিল্পও হৈছে আন শিল্পবোৰৰ দৰে প্ৰাচীন অসমৰ এক গুৰুত্বপূর্ণ শিল্প আছিল । কাষৰীয়া পাহাৰীয়া লোকসকলৰ পৰা লা সংগ্রহ কৰাৰ উপৰিও আহোমৰ ৰাজত্ব কালত লা গছত ‘ লা পৰুৱা ‘ পুহিও লাৰ খেতি কৰা হৈছিল । বিভিন্ন প্ৰকাৰৰ ৰং দীর্ঘস্থায়ী কৰিবৰ বাবে লা ব্যৱহাৰ কৰাৰ উপৰি মোহৰ , চাব আদি ৰাজকীয় ঘোষণা পত্ৰত মাৰিবৰ বাবেও লা ব্যৱহাৰ কৰা হৈছিল । সেইদৰে বিভিন্ন ধাতুৰ বাচন – বৰ্তনৰ সাঁচ আদি তৈয়াৰ কৰিবৰ বাবেও লাৰ প্ৰয়োজন হৈছিল। লা উৎপাদনৰ বাবে আহোম ৰাজ্যত ‘ লাশুন্দি ’ নামৰ এটা খেল বুৰঞ্জীত পোৱা যায় । 

( ঙ ) বহ তৈয়াৰ কৰা শিল্প : 

উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত সৰু – বৰ পুখুৰীবোৰৰ পানী ফট্‌ফটীয়া কৰি ৰাখিবৰ বাবে ‘ ৰহ ‘ নামৰ এবিধ পদাৰ্থ তৈয়াৰ কৰা হৈছিল । সাধাৰণতে বেল গছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে এই ‘ বহ ’ তৈয়াৰ কৰা হৈছিল বুলি কোৱা যায় । ‘ বহ ’ তৈয়াৰ কৰা লোকসকল আহোম সকলৰ ৰাজত্বত ‘ বসেন্দ্ৰ বৰুৱা ‘ নামৰ বিষয়াজনৰ তত্ত্বাৱধানত আছিল । 

৩। বোৱা কটা শিল্পৰ বিষয়ে এটি আলোচনা কৰা । 

উত্তৰঃ অসমীয়া শিপিনীৰ এক অসাধাৰণ শিল্প কৰ্ম হৈছে সুতা বৈ কাপোৰ তৈয়াৰ কৰিবৰ বাবে সাজি উলিওৱা তাঁতশালখন । অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰ হ’ল— তাঁতৰ খুঁটা , টোলোটা , ৰাঁচ , দোপতি , চালি – মাৰি, বান্দৰী , নাচনী , সৰকা , মাকো , মহুৰা , চিৰি , শলি , চিপকাঠী , গেৰেলী – কাঠী আদি বহু সঁজুলিৰে অসমীয়া তাঁতশাল এখন সাজি উলিওৱা হয় । তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা কটা বুলি কোৱা হয় । অসমীয়া নাৰীসকলৰ বাবে বোৱা কটা কামটো প্ৰতিভা প্ৰদৰ্শনৰ কাম আছিল । ছোৱালী এজনীক নিজৰ ঘৰতে মাক , বুঢ়ীমাক বা আন কাজী তিৰোতাই বোৱা – কটা কাম শিকাইছিল। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী , সৰ্বেশ্বৰী কুঁৱৰী আদি ৰাণীয়ে ৰংপুৰৰ ৰাজধানীত ছোৱালীহঁতক বোৱা – কটা শিকোৱাৰ কথা বুৰঞ্জীত পোৱা গৈছে । 

বোৱা – কটা নজনা ছোৱালীক সমাজত ‘ থুপুৰী ‘ বুলি হঁহা হৈছিল । যদিও বোৱা – কটা কামটো সমাজৰ সকলো অসমীয়া তিৰোতাই কৰিছিল তথাপি তাঁত বৈ জীৱিকা অৰ্জন কৰা ‘ তাঁতী ’ আৰু ‘ জোলা ’ নামৰ দুটা বৃত্তিজীৱী খেলও আছিল । কপাহৰ পৰা কপাহী কাপোৰৰ উপৰিও এৰী , মুগা আৰু পাট এই তিনিবিধ কাপোৰ অসমৰ মহিলাসকলে বৈছিল । ইয়াৰ ভিতৰত পাট মেজাংকৰী কাপোৰ মিহি , পাতল , শুৱনি আৰু দীৰ্ঘস্থায়ী । পাট – মেজাংকৰী কাপোৰৰ চোলা , চুৰিয়া , মেখেলা , বিহা , চাদৰ , গামোচা আদি সমাজৰ উচ্চ শ্ৰেণীৰ লোকে আৰু কপাহী , এৰী আদি কাপোৰ আন সকলো লোকেই ব্যৱহাৰ কৰিছিল । সেইদৰে অসমীয়া তিৰোতাই স্বামীক যুদ্ধলৈ যাবলৈ ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি , সূতা কাটি , তাঁত লগাই মন্ত্ৰপুত ‘ কৱচ কাপোৰ ’ বৈ দিয়াৰ কথা বুৰঞ্জীত আছে ।

৪। প্রাচীন অসমত সোণ কমোৱা পদ্ধতিৰ বিষয়ে এটি আলোচনা কৰা । 

উত্তৰঃ নদ – নদীৰ কোবাল সোঁতে নৈৰ গৰা খহাই যেতিয়া সিটো পাৰে বালিৰ চট বোলায় , সোণ উৎপাদনত সুদক্ষ সোণোৱালসকলে গৈ সেই বালিৰ চট পৰীক্ষা কৰি বালিত সোণৰ ঢেঁকুৰা থকা গম পালে সেই ঠাইডোখৰতে সোণ কমোৱা বা সোণ খপাৰ বাবে বাহৰ পাতিবলৈ স্থিৰ কৰে । সোণ কমাব খোজা চাৰিজন সোণোৱাল পাইক একগোট হৈ মুঠ বান্ধে । এই পাইক চাৰিজনক ‘ পালি ’ আৰু তেওঁলোকৰ পৰামৰ্শ দাতাজনক ‘ পতি ’ বোলা হৈছিল । প্ৰতিটো গোটে এখন দুৰুণীত সোণ কমাইছিল । এই পালি চাৰিজনৰ ভিতৰত এজনে বালি খান্দে , দুজনী লেহেতীৰে বালি কঢ়িয়াই দুৰুণীলৈ আনে আৰু এজনে সোণ ধোৱে । 

সোণ কমাবৰ বাবে নিৰ্বাচন কৰি লোৱা বালি চটটোত এডাল বাঁহৰ জোঙা মাৰিৰে তললৈ খুঁচি চায় আৰু তলত পোৱা টান বালিৰ চপৰা এচলা বাঁহত তুলি ওপৰলৈ আনি বালিচপৰাত সোণৰ ঢেঁকুৰা থকা যেন দেখিলে চটৰ কাষত বাহৰ সাজি পলস নকৰাকৈ সোণ কমাবলৈ আৰম্ভ কৰে । প্রথমে সোণোৱালসকলে সুঁতিৰ দ ঠাই ডোখৰত ভেটা মাৰে । সৰু সুঁতি হ’লে বালিৰে আৰু ডাঙৰ সুঁতি হ’লে জেং – জাবৰেৰে ভেটে । এইদৰে ভেটা মাৰিলে সোণ কমাব খোজা বালিৰ চটৰ ওপৰেদি পানীৰ সোঁতে পাক্ লৈ ওপৰৰ তৰপটো ধুই সোণ ঢেঁকুৰা মিহলি হৈ থকা বালিৰ তৰপটো উলিয়াই দিয়ে । ইয়াৰ পিছত সোণোৱালসকলে ভেটাটো ভাঙি সেই সোণ ঢেঁকুৰা মিহলি বালিবোৰ কাঠৰ লেহেতী এখনেৰে কঢ়িয়াই আনি এটা পাচিত ভৰাইহি । এই পাচিৰ বালিবোৰ এইবাৰ কাঠৰ দুৰুণীখনৰ ওপৰত থোৱা বান এখনত বাকি দিয়েহি । 

ইয়াৰ পাছত এজনে এখন হাতেৰে ফুটা কলহৰ জলাৰে পানী বাকি আনখন হাতেৰে বালিবোৰ লৰাই তাত থকা মেৰ – ফুটাবোৰ চাফা কৰে। এইদৰে বালিবোৰ ধুই থাকোতে তলত থকা দুৰুণীখন বালি আৰু পানীৰে ভৰি পৰে । তেতিয়া সেইখন অলপ একতীয়া কৰি দিলে তাৰ পৰা বাকী থকা খেৰ – কুটা খিনি সুৰুঙাইদি সৰকি ওলাই যায় আৰু সোণৰ ঢেঁকুৰা মিহলি বালিবোৰ নিগৰি দুৰুণীৰ তলত পৰি যায় । এইদৰে পঞ্চাচ পাচি মান বালি ধোৱা সম্পূর্ণ হ’লে সোণোৱালসকলে তাক‘ শিয়া ’ বোলে । 

দুৰুণীখনৰ সুৰুঙাটোৰ মুখতে কৌপাত এখন ৰাখি সোণ মিহলি বালিৰ ওপৰত আকৌ কলহৰ জলাৰে পানী চটিয়াই থাকিলে বালিবোৰ আঁতৰি যায় কিন্তু সোণৰ গুড়িবোৰ কৌপাতত লাগি ধৰে । এই কৌপাতত লাগি ধৰা সোণ গুড়িবোৰ লাহে লাহে এৰুৱাই চুঙাত ভৰাই সোপা দি থৈ দিয়া হয় । চুঙাত ভৰোৱা এই সোণ গুড়িবোৰকে আকৌ দুৰণীত ঢালি তাৰ সৈতে পাৰদ মিহলাই পানী বাকি দিয়া হয় । পানী পালেই পাৰদৰ লগ লাগি সোণ গুড়িখিনি লদা বান্ধে । তেতিয়া সেই লদাটো তুলি আনি শামুকৰ খোলাত ভৰাই নাহৰ কাঠৰ জুইত তপতোৱা হয় । জুইৰ তাপ পোৱাৰ লগে লগে পাৰদ বা পাৰাখিনি ভাপ হৈ উৰি যায় , শামুকৰ খোলাটো চূণ হয় আৰু সোণখিনিও সোণ ভাগে ৰৈ যায় ।

৫ । প্রাচীন অসমৰ ৰূপ শিল্পৰ বিষয়ে এটি আলোচনা কৰা । 

উত্তৰঃ প্রাচীন কামৰূপ ৰাজ্যৰ তামৰ ফলি , সংস্কৃত আৰু পুৰণি অসমীয়া সাহিত্য , বুৰঞ্জী , চৰিত পুথি আদিত ৰূপৰ ব্যৱহাৰৰ কথা উল্লেখ আছে । পুৰণি অসমত ধনশিৰি , দৈগ্ৰোং , দিয়াং , দিচৈ আদি নৈসমূহ ‘ ৰূপ খপা ’ বা ‘ ৰূপ কমোৱা’ৰ বাবে প্ৰখ্যাত আছিল । এই নদীসমূহৰ বালিৰ পৰা ৰূপৰ ঢেঁকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উৎপাদন কার্যত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল । ‘ ৰূপ কমোৱা ’ বা ‘ ৰূপ খপা ’ পদ্ধতিটো সোণ কমোৱা পদ্ধতিৰ সৈতে প্রায় একে আছিল । ৰূপোৱাল পাইসকল পাঁচ – ছজনীয়া দলৰ একোটা গোট হৈ নৈৰ বালি পৰীক্ষা কৰি ৰূপৰ ঢেঁকুৰা পালে সেই ঠাইতে ৰূপ খপিবলৈ আয়োজন কৰিছিল । 

এওঁলোকৰ দলৰ নেতাজনক ‘ দলৈ ’ আৰু বাকীসকলক ‘ পালি ’ বোলা হৈছিল । সোণ কমোৱাৰ দৰে ৰূপ কমাবলৈও কাঠৰ দুৰুণী – লেহেতী , কাঠৰ চৰিয়া আদি সঁজুলিৰ প্রয়োজন হৈছিল । পালিসকলে বালি খান্দি , লেহেতাৰে বালি কঢ়িয়াই , কাঠৰ দুৰুণীত বালি ধুই ৰূপৰ ঢেঁকুৰা পৃথক কৰি ৰূপ উৎপাদন কৰিছিল । এনেকৈ নিজৰ দেশত ৰূপ উৎপাদন হোৱাৰ উপৰিও বৰখামতি অঞ্চলৰ পৰাও ৰূপ আমাৰ দেশলৈ আহিছিল আৰু চিংফৌসকলৰ জৰিয়তে চীন দেশৰ পৰাও ৰূপ আহিছিল । মিচিমি , নিচি আদি অন্যান্য পাহাৰীয়া জনজাতিসকলেও বিভিন্ন সময়ত ৰূপৰ যোগান ধৰিছিল । অসমীয়া শিল্পীয়ে ৰূপৰ পৰা নানা অলংকাৰ , বাচন – বৰ্তন , মূৰ্তি আৰু অন্যান্য সামগ্রী তৈয়াৰ কৰিছিল । 

আহোম স্বৰ্গদেউসকলেও টকাশালত নানা নিৰিখৰ ৰূপৰ মোহৰ মৰাইছিল । কোঁচ ৰাজ্যতো ৰূপৰ নাৰায়ণী মোহৰ মৰোৱা হৈছিল । তদুপৰি সোণৰ দৰে ৰূপোৱালী পানী চৰাই আৰু পাট সলাই বিভিন্ন সামগ্রী তৈয়াৰ কৰা হৈছিল । কাপোৰ – কানিতো ৰূপৰ গুণা লগাইছিল । ৰূপৰ নানা কাৰুকার্য খচিত ভোগজৰা , শৰাই , সঁফুৰা , গামখাৰু আদি বিভিন্ন আ – অলংকাৰ তৈয়াৰ কৰিছিল । পিতল , তাম আদি ধাতুৰ পাত্ৰত ৰূপৰ ফুল – জালি খোদাই কৰিছিল । ৰূপৰ কামকৰা ক্ৰমাৰ বা শিল্পীসকলৰ শালখন সোণাৰীসকলৰ শালখনৰ দৰেই আছিল , মাত্ৰ বাৰ্গী, কুশাল আদি কেইপদমান সঁজুলি বেছিকৈ আছিল । 

৬। প্রাচীন অসমৰ লো শিল্পৰ বিষয়ে এটি আলোচনা কৰা । 

উত্তৰঃ প্রাচীন অসমৰ এটা অন্যতম প্রধান শিল্প হ’ল ‘ লো ’ বা লোহা উৎপাদনৰ শিল্পটো । তিৰোৱাল বা লোশলীয়া খেলৰ লোকসকল প্রাচীন অসমৰ ‘ লো ’ উৎপাদনৰ সৈতে জড়িত হৈ আছিল । উজনি অসমৰ জয়পুৰৰ পৰা তিৰুপাহাৰ , বচা – দৈয়াঙলৈকে নগা পাহাৰৰ নামনিত অবিভক্ত শিৱসাগৰ জিলা অর্থাৎ আহোম যুগৰ ৰংপুৰ নগৰৰ দক্ষিণে লো – শালবোৰ আছিল । 

বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা ‘ লোৱা মাটি ’ বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি । এই চটৰ ওপৰতে পলসো পৰি খৰালিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয় । লো – শলীয়া পাইকে গম লৈ সেই লোৱা মাটিবোৰ খান্দি উলিয়াই গাতত দম কৰি থয় । লো – শলীয়া পাইকৰ এটা গোটত পাঁচজন পালি আৰু এজন ওজা থাকে । এওঁলোকে খৰালি মহীয়া বিভিন্ন সঁজুলি লৈ এটা ডাঙৰ আৰু দ গাঁতত দমাই থোৱা মাটিবোৰত পানী ঢালি ভৰিৰে খচকি লোৰ আকৰ থকা খচখচীয়া মাঢ়িবোৰ পৃথক কৰে । 

ইয়াৰ পাছত লোৰ আকবোৰ আহল – বহল কোঠাৰ চালিৰ তলত থকা জালীগাঁতত ৰাখি ইকৰা খৰিৰে জুই জ্বলাই জাল দিয়ে আৰু ভাতী মাৰি জুইৰ তাপ বঢ়ায় । এনেকৈ জাল দি থাকোতে এটা সময়ত লোৰ আকৰবোৰ গলিবলৈ ধৰে । গলা লোৰ ওপৰত ফেনৰ সৈতে উঠা ডেবেৰবোৰ পেলাই দিয়া হয় আৰু লোৰ আকৰবোৰ লেতুসেতু হৈ লদা বান্ধে । ইয়াৰ পাছত লৰণীৰে লৰাই , কাঢ়নীৰে কাঢ়ি লো ডোখৰ ধূৰমুছ এডালেৰে খুন্দি নাইবা সাঁচত পেলাই গোটা বা চেপেটা কৰি একোডোখৰ গোটা লো বা চিৰি লো গঢ়া হয় । ঘনাই খুন্দি থাকোতে লোডোখৰৰ পৰা অলাগতিয়াল অংশবোৰ এৰাই নিকা লো ডোখৰ ওলাই পৰে । 

৭। প্রাচীন অসমৰ মৃৎ শিল্পৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ অসমৰ এটি প্রাচীন শিল্পৰ নাম হৈছে মৃৎ শিল্প । পুৰণি অসমত ‘ কুম্ভকাৰ ‘ নামৰ বৃত্তিজীৱীসকল মৃৎ শিল্পৰ সৈতে জড়িত আছিল । আহোম ৰাজত্বত স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত আৰু কোচ , কছাৰী , চুতীয়া আদি ৰাজ্যতো ৰাজ – পৃষ্ঠপোষকতাত মৃৎ শিল্পই গা কৰি উঠিছিল । কুমাৰ , হীৰা , খনিকৰ আদি লোকসকল মৃৎ শিল্পৰ সৈতে জড়িত আছিল । কুমাৰসকলে মৃৎ শিল্পৰ বাবে যি মাটি ব্যৱহাৰ কৰিছিল তাক ‘ কুমাৰ মাটি ’ বোলা হৈছিল । এইবিধ মাটি সাধাৰণতে নৈৰ মোহনাৰ কাষৰ পলসুৱা মাটি খান্দি তলৰ পৰা সংগ্ৰহ কৰিছিল । ক’লা চানেকীয়া আলতীয়া এইবিধ মাটি যথেষ্ট পৰিমাণে সংগ্ৰহ কৰাৰ পাছত মাটিখিনি , ভালকৈ খচি লৈ বিভিন্ন আকৃতিৰ সাঁচত বা জুমুঠিৰ ওপৰত লিপি মনোমত পাত্ৰৰ ৰূপ দিয়া হৈছিল । ইয়াৰ পিছত জুমুঠি আৰু সাঁচৰ পৰা উলিয়াই পাত্ৰবোৰ ৰ’দত শুকাবলৈ দি ‘ পাগ্‌শালি ’ বা ‘ পেঘালিৰ ’ ওপৰত জাপি পাগ্‌শালিৰ জুইত পুৰি পাগ্‌ দিয়া হৈছিল । 

শেষত পাত্ৰবোৰ দেখনিয়াৰ কৰিবৰ বাবে ‘ ৰাংগন মাটি ‘ নামৰ এবিধ মাটিৰে পাত্ৰটোৰ ওপৰত ফুল – জালি আঁকিছিল । মহিলাসকলে সুন্দৰকৈ এই কাম কৰিছিল । হীৰাসকলে পাগ্‌শালি আৰু চাক ব্যৱহাৰ কৰা নাছিল । কুমাৰসকলে বাঁহ বা কাঠৰ ঘূৰণীয়া আকৃতিৰ জঁকা সাজি তাত মাটি ভৰাই চাক তৈয়াৰ কৰাৰ উপৰিও পোৰা মাটিৰে ‘ আফৰি ’ চাকি বা মাজনি বলিয়া , পিটনী , পাগ্‌শাল বা পেঘালি আদি আহিলা কুমাৰসকলে মৃৎ শিল্পত ব্যৱহাৰ কৰিছিল । কুমাৰ , হীৰা আদি মৃৎ শিল্পীসকলৰ উপৰিও মৃন্ময় মূৰ্ত্তি , পুতলা আদি তৈয়াৰ কৰা ‘ খনিকৰ ‘ নামৰ একশ্রেণীৰ বৃত্তিমূলক খেলও মধ্যযুগত অসমত আছিল । মাটিৰ সামগ্ৰীবোৰৰ ভিতৰত ঘট , টেকেলি , কলহ , মলা , চৰু , মঠীয়া , ধুনাদানি , বাচন – বৰ্তন ইত্যাদি প্রধান আছিল । 

পোৰামাটিৰ ফলকত বিভিন্ন মূৰ্ত্তি খোদাই কৰি দৌল – দেৱালয় আদি সাঁজি দিয়া‘টোকোটা ’ শিল্প মধ্যযুগৰ অসমৰ মৃৎ শিল্পৰ অন্তৰ্গত এক শিল্প আছিল । মাটি খচি লোৱাৰ পাছত কেঁচা হৈ থকা অৱস্থাতে বিভিন্ন মূৰ্ত্তি , ফুল আদি তৈয়াৰ কৰি লোৱা হৈছিল । কুমাৰ – খনিকৰ সকলেই এই শিল্পটো জীয়াই ৰাখিছিল । 

‘ ইটা নিৰ্মাণ ’ হৈছে প্ৰাচীন অসমৰ অন্যতম এটি মৃৎ শিল্প । আহোমৰ বাজত্বত ‘ ইটাসজীয়া ’ নামৰ ইটা নিৰ্মাণ কৰা পাইকৰ খেল এটাৰ নাম বুৰঞ্জীত পোৱা যায় । ইটাবোৰ দৌল দেৱালয় , কাৰেং , নলা , নাদৰ পাট , সাঁকো আদি নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল । ইটাবোৰ গাঁথিবৰ বাবে থলুৱাভাৱে প্ৰস্তুত কৰা ‘ কৰাল ‘ নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । 

৮। প্রাচীন অসমৰ অন্যান্য শিল্পসমূহৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত এটি আলোচনা কৰা । 

উত্তৰঃ প্রাক্ – ব্ৰিটিছ যুগৰ অসমত ধুনা গছৰ পৰা সুগন্ধি ধূনা , কস্তুৰী মৃগৰ পৰা গান্ধ কলাই , সাঁচি গছৰ পৰা সুগন্ধি অগৰু আতৰ , বিভিন্ন গছ , ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হৈছিল । আঠা উৎপাদক বিভিন্ন গছৰ পৰা আঠা ; মিচিমি পাহাৰ ; ভূটান , তিব্বত , আদিৰ পৰা বিভিন্ন প্ৰকাৰৰ ‘ বিহ ’ যেনে— বৰ বিহ , কণী বিহ ইত্যাদি সংগ্ৰহ কৰা হৈছিল । সেইদৰে ফেটী সাপৰ গাত কেতেকী ফুলৰ পাত বান্ধি ‘ বিহ ’ বা ‘ বিষ ’ সংগ্ৰহ কৰাৰ কথাও শুনা যায় । এনেবোৰ বিহ ঔষধি তৈয়াৰ কৰা বা অস্ত্র – শস্ত্ৰত প্ৰয়োগ কৰা আদি কামত ব্যৱহৃত হৈছিল । ‘ বিহিয়া ’ নামৰ খেলৰ লোকসকল বিহ উৎপাদন আৰু সংগ্ৰহৰ সৈতে জড়িত আছিল । সেইদৰে বিভিন্ন আঁহযুক্ত গছ – বনৰ পৰা আঁহৰ সামগ্ৰী ; গড়ৰ ছালেৰে বাৰা আৰু যুদ্ধৰ বৰ্ম আৰু জন্তুৰ চৰ্বীৰ পৰা তেল আদি তৈয়াৰ ; জীৱ – জন্তুৰ ছালৰ পৰা চামৰা তৈয়াৰ ; কুহিলা , মাদুৰি বন , পাটীদৈ আদিৰ পৰা ঢাৰি – পাটী ; খেৰ – টকৌ পাত , জেঙুপাত আদিৰ পৰা ঘৰৰ ছাল , বিভিন্ন প্ৰকাৰৰ জাপি , আৰোৱান , বিচনী ; নাও আৰু গৰু গাড়ীৰ দৈ , বিভিন্ন ধৰণৰ চালি আদি তৈয়াৰ কৰা হৈছিল ।

ইয়াৰোপৰি সৰিয়হ পেৰি মিঠাতেল আদি তৈয়াৰ কৰিবৰ বাবে বেতৰ বেতেৰিযুক্ত তেলীশাল ; কুঁহিয়াৰৰ ৰস উলিয়াই গুৰ আদি উৎপাদন কৰিবৰ বাবে লোহাৰ ভীমযুক্ত কুঁহিয়াৰ শাল ; তাঁতশালৰ বিভিন্ন আহিলা – পাতি ; কৃষিৰ সঁজুলি তৈয়াৰ কৰা ; জুই ধৰিবৰ বাবে জুই উৎপাদক ‘ টিঙিৰি ’ নামৰ সঁজুলি ; নোমালৰ বৰুৱা নামৰ বিষয়াজনৰ অধীনত জন্তুৰ নোমৰ পৰা বিভিন্ন সামগ্রী তৈয়াৰ আদি বিভিন্ন সামগ্রী উৎপাদন কৰা শিল্প – উদ্যোগ প্রাক্ – ব্ৰিটিছ যুগৰ অসমত আছিল । ইয়াৰে কিছু সংখ্যক শিল্প অদ্যপৰিমিত জীয়াই আছে যদিও সৰহভাগেই পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে । 

৯। ‘ জিওগ্রাফিকেল স্কেটছ অব আসাম’ৰ লেখক কোন ? 

উত্তৰঃ ‘ জিওগ্রাফিকেল স্কেটছ্ অব আসাম’ৰ লেখক হ’ল— জন পিটাৰ ৱেড ।

১০। অসমত কেতিয়াৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয় ? 

উত্তৰঃ অসমত ১৮৩৮ চনৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয় । 

১১। অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি ? 

উত্তৰঃ অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম হ’ল ‘ আসাম টি কোম্পানী ’ । 

১২। টি কমিটি কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গঠিত হৈছিল ? 

উত্তৰ : টি কমিটি গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেণ্টিংকৰ দিনত গঠিত হৈছিল । 

১৩। অসমত কেতিয়াৰ পৰা খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিঙ আৰম্ভ হয় ? 

উত্তৰঃ অসমত ১৮৬৬ চনত প্ৰথমবাৰৰ বাবে খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিঙ আৰম্ভ হয় । 

১৪। অসমৰ চাহ গছৰ বৈজ্ঞানিকৰ নাম কি ? 

উত্তৰঃ অসমৰ চাহ গছৰ বৈজ্ঞানিকৰ নাম হ’ল – Camellia sinensis var assamica . 

১৫। অসমৰ প্ৰথম পেট্রলিয়াম কোম্পানীটোৰ নাম কি ? 

উত্তৰঃ অসমৰ প্ৰথম পেট্রলিয়াম কোম্পানীটোৰ নাম হ’ল এ . ও . চি । 

১৬। ১৮৫৩ চনত লৰ্ড ডেলহাউচিয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ? 

উত্তৰঃ ১৮৩৫ চনত লৰ্ড ডেলহাউচিয়ে ভাৰতৰ ৰে’ল যাতায়াতৰ ৰাজনৈতিক , সামাজিক আৰু বাণিজ্যিক গুৰুত্বৰ কথা প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল । 

১৭ । অসমত প্ৰথম ৰে’ল পথ কেতিয়া মুকলি কৰা হৈছিল ? 

উত্তৰঃ অসমত প্ৰথম ৰে’লপথ ১৮৮২ চনত মুকলি কৰা হৈছিল । 

১৮। ‘ অৰুণোদয় ’ ক’ৰ পৰা প্ৰকাশ পাইছিল ? 

উত্তৰঃ ‘ অৰুণোদয় ’ শিৱসাগৰৰ প্ৰেছৰ পৰা প্ৰকাশ পাইছিল । 

১৯। চমু টোকা লিখাঃ 

( ক ) চাহ উদ্যোগ : 

উত্তৰঃ চাহ গছ আৱিষ্কাৰ হোৱাৰ পাছত ১৮৩৪ চনত অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ বিষয়ে চিন্তা – চৰ্চা আৰম্ভ কৰা হৈছিল । গৱৰ্ণৰ জেনেৰেল পৰিষদে ১৮৩৪ চনত চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ এখন চাহ কমিটি নিয়োগ কৰে । সেই সময়ৰ চাহ ব্যৱসায় নিয়ন্ত্রণ কৰিছিল চীনাসকলে । কোম্পানী চৰকাৰে চাহৰ বিকল্প উৎসব সন্ধান কৰিছিল যাতে চাহপাতৰ যোগান নিয়মীয়া কৰিব পৰা যায় । লর্ড আর্মহাৰ্ষ্টৰ সময়তে হিমালয় অঞ্চলত চাহ খেতিৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ কেইবাটাও মিছন প্ৰেৰণ কৰা হৈছিল । এই বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে বেণ্টিংকৰ দিনত । চাহখেতিৰ বিশদ পৰিকল্পনা প্রস্তুতকৰণৰ বাবে জি আই গর্ডনক সচিব হিচাবে লৈ চাহ কমিটি গঠন কৰা হৈছিল । এই কমিটিয়ে অতি সোনকালে উত্তৰ – পূৱ সীমান্ত , নীলগিৰি আৰু হিমালয়ৰ পাদদেশত আৰম্ভ কৰে । তাৰোপৰি চীনদেশৰ পৰা চাহ গছৰ কাটিং আৰু শ্রমিক আনি চাহ খেতি কৰিবলৈ পদক্ষেপ লোৱা হৈছিল । চাহ কমিটিৰ সচিব গৰ্ডনে চাহপুলি আৰু শ্রমিক সংগ্ৰহৰ বাবে চীনদেশলৈ গৈছিল । 

অসমৰ কমিছনাৰ জেনকিসেও লেফটেনেণ্ট চার্লটনৰ সৈতে শদিয়াত চাহ গছৰ অনুসন্ধান কৰিছিল । তেওঁলোকে শদিয়া আৰু বিচাত বনৰীয়া চাহ গছ প্রত্যক্ষ কৰি উৎসাহী হৈ পৰিছিল আৰু লগে লগে এটা বিৱৰণ প্ৰস্তুত কৰি চাহ কমিটিক জনাইছিল । শদিয়াত চাহ গছৰ আৱিষ্কাৰে স্বাভাৱিকতে কোম্পানী চৰকাৰক উজনি অসমৰ প্ৰতি আকৰ্ষিত কৰিছিল । কলিকতাৰ বোটানিকেল গার্ডেনৰ অধীক্ষক এন্‌ ওৱালিছৰ নেতৃত্বত উদ্ভিদবিদ আৰু ভূ – তত্ত্ববিদৰ মিছন এটা ১৮৩৫ চনত শদিয়াত উপস্থিত হয় । চীন দেশৰ পৰা অনা চাহপুলিসমূহ ৰাখিবলৈ জেনকিন্সে শদিয়াত চি এ . ব্রুচৰ সহায়ত এখন নাৰ্চাৰি প্ৰস্তুত কৰিছিল। 

উজনি অসমৰ চিংফৌ , মটক আৰু গাভৰু পাহাৰৰ চাহ গছৰ হাবিসমূহ কোম্পানী চৰকাৰৰ হাতলৈ আহিছিল । জেনকিন্সৰ যুক্তিত পতিয়ন গৈ ভাৰত চৰকাৰে ১৮৩৬ চনত চাহ খেতিৰ আঁচনিসমূহ অনুমোদন কৰিছিল । চি . এ . ব্ৰুচৰ নেতৃত্বত প্রয়োজনীয় জৰীপ সম্পূৰ্ণ কৰি পৰীক্ষামূলক চাহ খেতি আৰম্ভ কৰা হৈছিল । তেতিয়ালৈ চীনদেশৰ পৰা শ্রমিক আৰু কাৰিকসকল আহি পাইছিল । প্রথম বছৰৰ উৎপাদনৰ বাৰ বাকছ চাহপাত ১৮৩৭ চনত ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল গুণাগুণ পৰীক্ষা কৰাৰ অর্থে । পৰীক্ষাৰ অন্তত অসমৰ চাহপাত চীনদেশৰ সমানেই গুণসম্পন্ন বুলি প্রমাণিত হ’ল । 

চাহ কমিটিয়ে অচিৰেই অসমে চাহৰ ক্ষেত্ৰত চীনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গৰ্বৰে ঘোষণা কৰিছিল । সেই ঘোষণা শুনি উৎসাহিত হৈ ভাৰত চৰকাৰে ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰিবলৈ আৰম্ভ কৰে । প্ৰথম অৱস্থাত চাহ খেতিৰ বাবে চীনা শ্রমিক আৰু বিশেষজ্ঞ সকলৰ সহায় লোৱা হৈছিল । লাম কুৱা আছিল তেনে এজন দোভাষী চীনা তথা বিশেষজ্ঞ । এনে ধৰণেই অসমত কৃষিভিত্তিক এটা বৃহৎ উদ্যোগৰ আৰম্ভণি হৈছিল । ১৮৩৮ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় আৰু ব্ৰিটিছ পুঁজিপতি কেইজনমান লগ হৈ কলিকতাত ‘ বেংগল টি এছ’ছিয়েছন ’ গঢ়ি তুলিছিল । 

ব্যক্তিগত এই প্রতিষ্ঠানৰ উদ্দেশ্য আছিল অসমৰ চাহ উদ্যোগৰ অংশীদাৰ হোৱা । তেওঁলোকে দহ লাখ টকাৰ পুঁজি বিনিয়োগ কৰিছিল । ব্ৰিটিছ চৰকাৰে চাহ উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি উজনি অসমত বিস্তৃত ভূমিত চাহ খেতি কৰিবলৈ উদ্যোগ লৈছিল । অসমৰ প্ৰথম চাহ উদ্যোগটোৰ নাম হ’ল আসাম টি কোম্পানী । এই কোম্পানীত মণিৰাম বৰভাণ্ডাৰ বৰুৱাই দেৱান হিচাবে কাম কৰিছিল । ১৮৫২ চনত মেচাৰ্চ ওৱাৰণে জেনকিন্সৰ অধীনত মাইজান টি কোম্পানী খোলা হৈছিল । এই কোম্পানীৰ বাগান আৰু কলঘৰসমূহ লক্ষীমপুৰ জিলাত খুলিছিল । 

১৮৫৮ চনত উইলিয়ামছনে যোৰহাট টি কোম্পানী খুলিছিল । ১৮৫৮-৫৯ চনত ৫৯৯ একৰ ভূমিত চাহ খেতি কৰা হৈছিল । চাহ উদ্যোগৰ বাবে প্ৰথম অৱস্থাত ডাঙৰ সমস্যা আছিল যাতায়াত আৰু শ্রমিকৰ যোগান । লাহে লাহে এই সমস্যাবোৰ দূৰ হৈছিল । চীনা শ্রমিকৰ আমদানি ব্যয়বহুল হোৱাৰ বাবে চাহ উদ্যোগীসকলে অন্ধ্রপ্রদেশ , উৰিষ্যা , মধ্যপ্রদেশ , বংগ আদিৰ পৰা শ্রমিক সৰবৰাহ কৰিছিল । বর্তমান অসমত ৭৬৫ খন চাহ বাগিচা আছে । বিশ্বৰ আটাইতকৈ বৃহৎ চাহ উৎপাদনকাৰী অঞ্চল হিচাবে অসম জনাজাত । এই বাগানসমূহ প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ । ইয়াৰ উপৰিও অসমত এক লাখ ক্ষুদ্ৰ চাহ বাগিচাও আছে । বছৰি ৫৭০ মিলিয়ন চাহপাত অসমে উৎপাদন কৰে । 

( খ ) পেট্রলিয়াম উদ্যোগ : 

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে । ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ – পশ্চিমে খনিজ তেল আৰু কয়লক্ষেত্র প্রত্যক্ষ কৰিছিল । খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ , নুনমাটি , বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে । ইয়াৰ ভিতৰত একমাত্র ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল । 

খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ বৰিং অর্থাৎ খনন আৰম্ভ হয় ১৮৬৬ চনৰ নৱেম্বৰ মাহত । প্রথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল । এইক্ষেত্ৰত প্রধান অসুবিধা আছিল যাতায়াত । পৰীক্ষামূলক তেল আহৰণত এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈলক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ’ব । তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়াত ব্যৱস্থাৰ অভাৱ । আসাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানীক ১৮৮২ চনৰ শেষৰফালে লক্ষীমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল । ১৮৮৪ চনত এ . আৰ . টি . চিয়ে কাম আৰম্ভ কৰে । ২৫ বছৰৰ লিজ লাভ কৰি কোম্পানীয়ে দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল । 

কোম্পানীৰ ব’ৰ্ড অব ডাইৰেক্টৰে ডিগবৈৰ আশে – পাশে ছয় বর্গমাইল এটা এলেকাত পুনৰ লিজত বিচাৰিছিল । ১৮৯২ চনত কোম্পানীয়ে ৪ বর্গমাইলৰ এখন ক্ষেত্র ২০ বছৰৰ বাবে লিজত লাভ কৰে । প্ৰতি এশ গেলেন তেলৰ বিনিময়ত কোম্পানীয়ে আঠ অনা ৰয়েল্টি দিব লগা হৈছিল । ইতিমধ্যে কামৰ লৰি কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেন্ট হৈ ডিগবৈত একেই চৰ্তত আন এটা ক্ষেত্ৰ লিজত লৈছিল । 

১৮৮৮ চনত আৰ . এইছ . টাউনচেণ্ডে ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে মাকুম তৈল ক্ষেত্ৰত এটা জৰীপ কৰিছিল । তেওঁ তেল উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি ৰাজহ বিভাগলৈ এটা বিৱৰণ

দিছিল । ১৮৮৮ চনৰ প্ৰথম ভাগত ডিগবৈত প্রথম সফল ব’ৰিঙৰ বাবে টাউনচেণ্ডক কৃতিত্ব দিয়া হয় । তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে অসম এখন গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল । অসমৰ তদানীন্তন চীফ কমিছনাৰ চাৰ্লছ এলিয়টলৈ এখন পত্রযোগে জনাইছিল যে ডিগবৈত এটা ডাঙৰ কুৱা এ . আৰ . টি . চিয়ে আৱিষ্কাৰ কৰিছে । ১৮৯৮ চনলৈকে এ . আৰ . টি . চিয়ে বিভিন্ন গভীৰতাৰ দহটা তৈল খাদত কাম কৰি আছিল যদিও তেল আহৰণৰ পৰিমাণ যথেষ্ট কম আছিল । এ . আৰ.টি. চিয়ে মাৰ্ঘেৰিটাত এটা সৰু ৰিফাইনেৰী খুলি লৈছিল । লণ্ডনত ৩১০,০০ পাউণ্ড ষ্টালিঙৰ এটা পুঁজিৰ বিনিয়োগত আসাম অইল কোম্পানী খোলা হৈছিল । 

নতুনকৈ গঠন কৰা এ.ও.চিয়ে এ . আৰ . টি . চি আৰু তেল চিণ্ডিকেটৰ পৰা সমূহ তৈলক্ষেত্ৰৰ দায়িত্ব লৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছিল । মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ এইদৰে ‘ আসাম অইল কোম্পানী লৈ হস্তান্তৰ হৈছিল । এ . ও . চি অসমৰ প্ৰথমটো পেট্ৰ’লিয়াম কোম্পানী হিচাবে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল । এ . আৰ . টি . চিৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল ‘ আসাম অইল কোম্পানী’ৰ চেয়াৰমেন নিযুক্ত হৈছিল । ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগাৰ স্থাপন কৰাৰ পিছত কেৰাচিন তেল , মম , লুব্রিকেণ্টছ আদি পেট্ৰ’লজাত সামগ্ৰীৰ উৎপাদন আৰম্ভ হৈছিল । ১৯১১ চনত কোম্পানীযে ৩,৫৬৫,১৬৩ গেলন পেট্ৰ’ল উৎপাদিত কৰিছিল । 

২০। অসমত পেট্ৰ’লিয়াম উদ্যোগৰ আৰম্ভণি সম্পর্কে এটি টোকা প্রস্তুত কৰা । 

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে । ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ – পশ্চিমে খনিজ তেল আৰু কয়লক্ষেত্র প্রত্যক্ষ কৰিছিল । খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ , নুনমাটি , বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে । ইয়াৰ ভিতৰত একমাত্র ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল । খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ ব’ৰিং অর্থাৎ খনন আৰম্ভ হয় ১৮৬৬ চনৰ নৱেম্বৰ মাহত । প্রথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল । এইক্ষেত্ৰত প্রধান অসুবিধা আছিল যাতায়াত । 

পৰীক্ষামূলক তেল আহৰণত এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈলক্ষেত্ৰত পর্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ’ব । তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়াত ব্যৱস্থাৰ অভাৱ । আসাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানীক ১৮৮২ চনৰ শেষৰফালে লক্ষীমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল । ১৮৮৪ চনত এ . আৰ . টি . চিয়ে কাম আৰম্ভ কৰে । চপ্ত বছৰৰ লিজ লাভ কৰি কোম্পানীয়ে দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল । কোম্পানীৰ ব’ৰ্ড অব ডাইৰেক্টৰে ডিগবৈৰ আশে – পাশে ছয় বৰ্গমাইলৰ এটা এলেকাত পুনৰ লিজত বিচাৰিছিল । ১৮৯২ চনত কোম্পানীয়ে ৪ বর্গমাইল এখন ক্ষেত্র ২০ বছৰৰ বাবে লিজত লাভ কৰে । 

প্রতি এশ গেলেন তেলৰ বিনিময়ত কোম্পানীয়ে আঠ অনা ৰয়েল্টি দিব লগা হৈছিল । ইতিমধ্যে কামৰ লৰি কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেণ্ট হৈ ডিগবৈত একেই চৰ্তত আন এটা ক্ষেত্ৰ লিজত লৈছিল । ১৮৮৮ চনত আৰ . এইছ . টাউনচেণ্ডে ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে মাকুম তৈল ক্ষেত্ৰত এটা জৰীপ কৰিছিল । তেওঁ তেল উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি ৰাজহ বিভাগলৈ এটা বিৱৰণ দিছিল । ১৮৮৮ চনৰ প্ৰথম ভাগত ডিগবৈত প্রথম সফল ব’ৰিঙৰ বাবে টাউনচেণ্ডক কৃতিত্ব দিয়া হয় । তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে অসম এখন গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল । অসমৰ তদানীন্তন চীফ কমিছনাৰ চাৰ্লছ এলিয়টলৈ এখন পত্রযোগে জনাইছিল যে ডিগবৈত এটা ডাঙৰ কুৱা এ . আৰ . চিয়ে আৱিষ্কাৰ কৰিছে । 

১৮৯৮ চনলৈকে এ . আৰ . টি . চিয়ে বিভিন্ন গভীৰতাৰ দহটা তৈল খাদত কাম কৰি আছিল যদিও তেল আহৰণৰ পৰিমাণ যথেষ্ট কম আছিল । এ . আৰ.টি.চিয়ে মাৰ্ঘেৰিটাত এটা সৰু ৰিফাইনেৰী খুলি লৈছিল। লণ্ডনত ৩১০,০০ পাউণ্ড ষ্টালিঙৰ এটা পুঁজিৰ বিনিয়োগত আসাম অইল কোম্পানী খোলা হৈছিল । নতুনকৈ গঠন কৰা এ.ও.চিয়ে এ. আৰ . টি . চি আৰু তেল চিণ্ডিকেটৰ পৰা সমূহ তৈলক্ষেত্ৰৰ দায়িত্ব লৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছিল । মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ এইদৰে ‘ আসাম অইল কোম্পানী লৈ হস্তান্তৰ হৈছিল । এ . ও . চি অসমৰ প্ৰথমটো পেট্ৰ’লিয়াম কোম্পানী হিচাবে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল । এ . আৰ . টি . চিৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল ‘ আসাম অইল কোম্পানী’ৰ চেয়াৰমেন নিযুক্ত হৈছিল । ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগাৰ স্থাপন কৰাৰ পিছত কোচিন তেল , মম , লুব্রিকেণ্টছ আদি পেট্ৰ’লজাত সামগ্ৰীৰ উৎপাদন আৰম্ভ হৈছিল । ১৯১১ ৩,৫৬৫,১৬৩ গেলন পেট্ৰ’ল উৎপাদিত কৰিছিল ।

২১। অসমীয়া ভাষা সাহিত্যলৈ ব্যাপ্তিষ্ট মিচনেৰীসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ঔপনিবেশিক শাসনকালত অন্যতম গুৰুত্বপূৰ্ণ বিষয় হ’ল— মিছনেৰীসকলৰ আগমন । অসমৰ বৌদ্ধিক জাগৰণ , শিক্ষাৰ প্ৰসাৰ , খ্ৰীষ্টধৰ্মৰ প্ৰচাৰ ইত্যাদি বিষয়বোৰ এই মিছনেৰীসকলৰ আগমনৰ লগত জড়িত হৈ আছে । ১৮২৯ চনতে ডেভিদ স্কটৰ আৱেদন মৰ্মে শ্ৰীৰামপুৰ মিছনৰ শাখা এটা গুৱাহাটীত খোলা হৈছিল । পৰৱৰ্তী সময়ত উইলিয়াম ৰবিনছনে এই মিছনত যোগ দিয়ে । জেনকিন্সে আমেৰিকান ব্যাপ্তিষ্ট ফৰেইন মিছন ছোচাইটিক উত্তৰ – পূৱৰ চিংফৌ আৰু খামতিসকলক ধৰ্মৰ দ্বাৰা বশ কৰিবলৈ আমন্ত্ৰণ জনায় । সেইমর্মে ৰেভাৰেণ্ড নাথান ব্রাউন আৰু অলিভাৰ কট্টাৰ ১৮৩৬ চনত শদিয়াত উপস্থিত হয় । ১৮৩৭ চনত মাইলছ ব্ৰনছন আহি প্ৰথমে জয়পুৰত আৰু পিছত নামচাঙত এখন স্কুল খুলি নগাসকলৰ লগত কাম কৰিবলৈ লয় । 

তাৰ পৰৱৰ্তী কালত ব্ৰনছনে নগাঁৱত কাম কৰিবলৈ লয় । ব্রনছনে প্রথমজন অসমীয়া নিধিকামক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰে । ধর্মান্তৰকৰণৰ পিছত তেওঁক সকলোৱে নিধি লেভি ফাৰৱেল নামে চিনি পায় । গুৱাহাটীত প্রথম ব্যাপ্তিষ্ট চাৰ্চ প্ৰতিষ্ঠা কৰা হয় ১৮৪৫ চনৰ ডিচেম্বৰ মাহত । সেই একে বছৰতে শিৱসাগৰ আৰু নগাঁওতো ইয়াৰ শাখা খোলা হয় । প্রথম অৱস্থাত মিছনেৰীসকল ধর্মান্তৰকৰণথ সফল হোৱা নাছিল । সেইবাবে তেওঁলোকে বিদ্যালয় , চিকিৎসালয় , অনাথ আশ্রম ইত্যাদিৰ জৰিয়তে স্থানীয় সমাজখনত প্ৰৱেশ কৰে । অসমত বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদান যথেষ্ট । ব্রাউন , ব্ৰনছন আৰু ফাৰৱেল খ্ৰীষ্টিয়ান অসমীয়া সাহিত্যৰ ধাৰা এটাৰ সৃষ্টি কৰিলে । 

ইয়াৰ উপৰি ব্ৰনছনৰ ‘ অভিধান ’ , ব্ৰাউনৰ ‘ নিউ ষ্টেটমেণ্টৰ অনুবাদ’ আৰু ‘ গ্ৰামাটিকেল নোটছ অন দি আসামিজ লেংগুৱেজ ’ ইত্যাদি গ্রন্থই অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল । মিছনেৰীসকলে বহু পুৰণি লিপিৰ পাণ্ডুলিপিও সংগ্ৰহ কৰিছিল । ব্ৰাউনে অসমীয়া ছাত্ৰৰ বাবে ইতিহাস , গণিত আৰু ভূগোল পুথিও ৰচনা কৰিছিল । ১৮৪৬ চনত প্ৰকাশ পোৱা ‘ অৰুণোদয় ‘ আছিল প্ৰথমখন মাহেকীয়া আলোচনী। এই আলোচনীখন শিৱসাগৰ প্ৰেছৰ পৰা প্ৰকাশ পাইছিল । মিছনেৰীসকলে প্ৰকাশ কৰা এই মাহেকীয়া আলোচনীখন অসমীয়া সাহিত্য জগতত মাইলৰ খুটি হিচাবে পৰিগণিত হয় । ‘ অৰুণোদয়’ৰ প্ৰকাশক আছিল অলিভাব থমাছ কৰ্টাৰ । মিছনেৰীসকল অহাৰ পিছত অসমত নতুন ধ্যান – ধাৰণাৰ প্ৰসাৰ , অর্থনৈতিক ক্ষেত্ৰসমূহৰ সম্প্ৰসাৰণে লাহে লাহে অসমৰ সামাজিক ব্যৱধান কিছু হ’লেও শিথিল কৰিছিল । পুৰণি পৰম্পৰা , অন্ধবিশ্বাসৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰ হৈছিল । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। পলু পোহা আৰু বোৱা কটা শিল্পৰ বাবে অসম কেতিয়াৰ পৰা বিখ্যাত ? 

উত্তৰঃ পলু পোহা আৰু বোৱা কটা শিল্পৰ বাবে অসম ৰামায়ণ – মহাভাৰতৰ যুগৰ পৰাই বিখ্যাত । 

২। কামৰূপৰ বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনে পাট কাপোৰ উপহাৰস্বৰূপে কালৈ পঠিয়াইছিল ? 

উত্তৰঃ কামৰূপৰ বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনে পাট কাপোৰ উপহাৰস্বৰূপে কণৌজৰ সম্রাট হর্ষবৰ্দ্ধনলৈ পঠিয়াইছিল ।

৩। কোচ ৰাজ্যত পাট , কপাহী আদি কাপোৰ উৎপাদন হোৱাৰ কথা কোনে লিখি থৈ গৈছে ? 

উত্তৰঃ কোচ ৰাজ্যত পাট , কপাহী আদি কাপোৰ উৎপাদন হোৱাৰ কথা ইংৰাজ ভ্ৰমণকাৰী ৰালফ ফিটচে লিখি থৈ গৈছে । 

৪। আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত কোন দুটি শিল্পই জনপ্রিয়তা লাভ কৰিছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত পলু পোহা বা পাট শিল্প আৰু বোৱা কটা বা বয়ন শিল্পই জনপ্রিয়তা লাভ কৰিছিল । 

৫। আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বোৱা – কটা আৰু পাট শিল্পই জনপ্রিয়তা লাভ কৰাৰ কাৰণ কি আছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলেই পাট – মেজাংকৰী , কিংখাপ , সোণালী ৰূপালী গুণাৰ বনকৰা কাপোৰৰ ব্যৱহাৰ অসমত জনপ্ৰিয় কৰি তোলে । সেইবাবে বোৱা কটা আৰু পাট – শিল্পই আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত জনপ্রিয়তা লাভ কৰে । 

৬। সূতা প্ৰস্তুত কৰিবলৈ অসমত কিহৰ খেতি কৰা হৈছিল ? 

উত্তৰঃ সূতা প্ৰস্তুত কৰিবলৈ অসমত কপাহৰ খেতি কৰা হৈছিল ? 

৭। কপাহৰ গুটি গুচোৱা আহিলাটোৰ নাম কি ? 

উত্তৰঃ কপাহৰ গুটি গুচোৱা আহিলাটোৰ নাম হ’ল নেওঠনী । 

৮। অসমত অতীজৰে পৰা কেইপ্ৰকাৰৰ পলু পোৱা যায় আৰু কি কি ? 

উত্তৰঃ অসমত অতীজৰে পৰা তিনি প্ৰকাৰৰ পলু পোৱা যায় । সেইকেইবিধ হ’ল— পাট পলু , মুগা পলু আৰু এৰী পলু । 

৯। পাট – সূতাৰ ব্যৱসায় কৰা লোকসকলক কি বোলা হৈছিল ?

উত্তৰঃ পাট – সূতাৰ ব্যৱসায় কৰা লোকসকলক ‘ যুগী ’ বা ‘ কাটনি ’ বোলা হৈছিল । 

১০। পাট পলুৱে কি কি গছৰ পাত খাইছিল ? 

উত্তৰঃ পাট পলুৱে নুনি গছৰ , মুগাই চোম গছৰ পাত খাইছিল । 

১১। এৰী পলুৱে কি কি গছৰ পাত খাইছিল ? 

উত্তৰঃ এৰী পলুৱে এবা , কেঁচেক আদি গছৰ পাত খাইছিল । 

১২। মুগা পলুৱে কি গছৰ পাত খাইছিল ? 

উত্তরঃ মুগা পলুৱে মেজাংকৰী গছৰ পাত খাইছিল । 

১৩। মেজাংকৰী সূতা কাক বোলে ? 

উত্তৰঃ মেজাংকৰী গছৰ পাত খোৱা মুগাৰ পৰা উৎপন্ন হোৱা সূতাক মেজাংকৰী সূতা বোলে । 

১৪। অসমীয়া তাঁতশালখনৰ লগত জড়িত সঁজুলিবোৰৰ নাম লিখা । 

উত্তৰঃ অসমীয়া তাঁতশালখনৰ লগত জড়িত সঁজুলিবোৰৰ নাম হ’ল— তাঁতৰ খুঁটা , টোলোঠা , ৰাঁচ , দোপতি , চালি – মাৰি , বান্দৰী , নাচনী, গৰকা , মাকো , মহুৰা , চিৰি , শলি , চিপকাঠী , গেৰেলী – কাঠী আদি। 

১৫। বোৱা কটা মানে কি ? 

উত্তৰঃ তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা – কটা বুলি কোৱা হয় । 

১৬। তাঁত বৈ জীৱিকা অৰ্জন কৰা দুটা বৃত্তিজীৱী খেলৰ নাম লিখা । 

উত্তৰঃ তাঁত বৈ জীৱিকা অৰ্জন কৰা দুটা বৃত্তিজীৱী খেলৰ নাম হ’ল— ‘ তাঁতী ’ আৰু ‘ জোলা ’ । 

১৭। তুর্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰা মহিলাগৰাকীৰ নাম কি ? তেওঁ কিয় তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ? 

উত্তৰঃ তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা মহিলাগৰাকীৰ নাম হ’ল আহোম ৰমণী মূলা গাভৰু । আহোম ৰমণী মূলা গাভৰুৱে তেওঁৰ স্বামী ফ্রাচেংমুঙ বৰগোঁহাইক ‘ কৱচ কাপোৰ ’ বৈ দিব নোৱাৰাৰ বাবে তুৰ্বক খানৰ বিৰুদ্ধে হোৱা যুদ্ধত তেওৰ মৃত্যু হৈছিল । সেইবাবে মূলাগাভৰুৱে নিজেই তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল । 

১৮। কোনে প্ৰতিগৰাকী মহিলাৰ বাবে বোৱা কটা কামটো দৈনিক কৰাটো বাধ্যতামূলক কৰিছিল ? 

উত্তৰঃ মোমাই তামুলী বৰবৰুৱাই প্ৰতিগৰাকী মহিলাক বোৱা কটা কৰা কামটো দৈনিক কৰাটো বাধ্যতামূলক কৰিছিল । 

১৯ । কোনবোৰ অসমীয়া পুৰুষক সমাজে হাঁহিছিল ? 

উত্তৰঃ বিচনী এখন বব নজনা , জেওৰা এখন বব নজনা অসমীয়া পুৰুষক সমাজে হাঁহিছিল । 

২০। অসমৰ অৰণ্যসমূহ কি কি বাঁহেৰে ভৰি আছিল ? 

উত্তৰঃ অসমৰ অৰণ্যসমূহ— জাতি , ভলুকা , মকাল , কোটোহা , বিজুলী আদি বাঁহেৰে ভৰি আছিল ।

২১। বাহেৰে সজা বিভিন্ন সঁজুলিবোৰৰ নাম লিখা । 

উত্তৰঃ বাহৰ সহায়ত অসমীয়া মানুহে ধৰ – দুৱাৰ , জেওৰা – জপনা , নঙলা , ভঁৰাল , দলং , সাঁকো আদি সজাৰ লগতে নিত্য ব্যবহার্য প্রায় সকলো সামগ্রী যেনে— শোৱা চাং , পানী চাং , আখল চাং , ঢৰা , দলা , বিচনা , খাৎ , পেটাৰী , ঢেকীশালৰ বিভিন্ন সঁজুলি যেনে – ডলা , কুলা, চালনী , পাচি , খৰাহি , বাখক ; মাছ ধৰা বিভিন্ন সঁজুলি যেনে— জাকৈ , চেপা , খোকা , হুকুমা , দলঙা , পাউৰি , উভতি , বান ; খেতি – বাতিৰ সঁজুলি যেনে— মৈ , যুঁৱলি , ডিলামাৰি , শ’লমাৰি , বিৰীয়া , বাঁওকা , এচাৰি , তোম ; যুদ্ধৰ অস্ত্র – শস্ত্ৰ যেনে— যাঁঠি , জোং , ধনু – কাঁড় , টোকোন , কোঠৰ প্ৰাচীৰ ; ভাওনাৰ বিভিন্ন সঁজুলি যেনে— মুখা, ছোঁ আদি । এইবোৰৰ উপৰিও জাতি , ৰাইদাং আদি বেতেৰে মৰণা মৰা গৰুৰ মোখোৰা , তেলপেৰা বেতেৰি , খালৈ , বিচনী , হাতীৰ আগ ঠেং জুটি বন্ধ ‘ খাটাং ’ নামৰ শকত বেতৰ বাণ্ডা আদি সজা হৈছিল । 

২২। বাহ – বেতৰ সঁজুলি সাজোতে ব্যৱহাৰ হোৱা গাঁঠিবোৰৰ নাম লিখা । 

উত্তৰঃ বাহ – বেতৰ সঁজুলি সাজোতে ব্যৱহাৰ হোৱা গাঁঠিবোৰৰ নাম হ’ল— কছাৰি মোৰ , অজলা – মোৰ , জালি – মোৰ আৰু মতা – গাঁঠি , মাইকী গাঁঠি , শামুকীয়া গাঁঠি , অজলা – গাঁঠি আদি । 

২৩। সোণ কমাবৰ বাবে কেইজন সোণোৱাল পাইকে গোট বান্ধে ? 

উত্তৰঃ সোণ কমাবৰ বাবে চাৰিজন সোণোৱাল পাইকে গোট বান্ধে । 

২৪। সোণ কমাবৰ বাবে গোট বন্ধা পাইক চাৰিজনক আৰু তেওঁলোকৰ পৰামৰ্শদাতাজনক কি বোলে ? 

উত্তৰঃ সোণ কমাবৰ বাবে গোট বন্ধা পাইক চাৰিজনক ‘ পালি ’ আৰু তেওঁলোকৰ পৰামৰ্শ দাতাজনক ‘ পতি ’ বোলা হয় । 

২৫। সোণ কমোৱা গোটবোৰে কিহত সোণ কমাইছিল ? 

উত্তৰঃ সোণ কমোৱা গোটবোৰে দুৰণীত সোণ কমাইছিল । 

২৬। ‘ শিয়া ’ কাক বোলে ?

উত্তৰঃ পঞ্চাচ পাচি মান বালি ধোৱা সম্পূৰ্ণ হ’লে সোণোৱালসকলে তাক‘ শিয়া ’ বোলে । 

২৭। কোন কোন মাহত সোণ কমোৱা হৈছিল ? 

উত্তৰঃ মাঘ , ফাগুণ আৰু চ’ত মাহত সোণ কমোৱা হৈছিল । কোনো ঠাইত আহিন , কাতি বা আন মাহতো সোণ কমোৱা হৈছিল । 

২৮। সোণোৱালসকলে কেতিয়া সোণ কমাই ? 

উত্তৰঃ সোণোৱালসকলে আঁউসী , একাদশী , পূর্ণিমা , সংক্রান্তি আদি তিথিত সোণ কমাই ।

২৯। সোণ কমোৱা আন এটা পদ্ধতিৰ নাম কি ? 

উত্তৰঃ সোণ কমোৱা আন এটা পদ্ধতিৰ নাম হ’ল— উদৰ ছাল পানীত পাতি সোণ কমোৱা পদ্ধতি । 

৩০। কোন কোন ৰাজ্যত বহু পৰিমাণে সোণ কমোৱা হৈছিল ? 

উত্তৰঃ চুটীয়া , কছাৰী , কোচ আদি ৰাজ্যত বহু পৰিমাণে সোণ কমোৱা হৈছিল । 

৩১। সোণৰ নাৰায়ণী মুদ্ৰা ’ কোনে প্রচলন কৰিছিল ? 

উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে সোণৰ ‘ নাৰায়ণী ’ মুদ্ৰা প্ৰচলন কৰিছিল। 

৩২। সোণৰ মুদ্ৰা কোনে উলিয়াইছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলে সোণৰ মুদ্ৰা উলিয়াইছিল । 

৩৩। পুৰণি অসমৰ কোন কোন নদীত সোণ পোৱা গৈছিল ? 

উত্তৰঃ পুৰণি অসমৰ ব্ৰহ্মপুত্ৰ , সোৱণশিৰি , দিক্ৰং , দিবাং , দিগাৰু , দিচাং , ডিবৰু , জাঁজী , বৰগাং , ভৰালী , বুঢ়ীগাং , দিচৈ , জগলু , মানাহ আদি নদীত সোণ পোৱা গৈছিল । 

৩৪। সোণোৱালসকলে আহোম স্বৰ্গদেউৰ ঘৰলৈ কিমান হাজাৰৰ পৰা কিমান হাজাৰ তোলা সোণ যোগান ধৰিছিল ? 

উত্তৰঃ সোণোৱালসকলে আহোম স্বৰ্গদেউৰ ঘৰলৈ দুই হাজাৰৰ পৰা ছয় – সাত হাজাৰ তোলা সোণ যোগান ধৰিছিল । 

৩৫। স্বর্ণ শিল্প কি ? 

উত্তৰঃ সোণ , ৰূপৰ গহনা – গাঁথৰি বা অন্যান্য সামগ্রী তৈয়াৰ কৰা শিল্পটোৱে হ’ল স্বর্ণশিল্প । 

৩৬। প্রাচীন অসমৰ কোনবিধ খেল স্বর্ণশিল্পৰ লগত জড়িত ? 

উত্তৰঃ প্রাচীন অসমৰ ‘ সোণাৰী ‘ নামৰ বৃত্তিজীৱী খেলটো স্বর্ণশিল্পৰ লগত জড়িত । 

৩৭। সোণাৰীসকলে সোণাৰী শালত কি কি তৈয়াৰ কৰিছিল ? 

উত্তৰঃ সোণাৰীসকলে সোণাৰী শালত কেৰু , দুগদুগি , বানা , খথাক , লোকাপাৰ , গেজেৰা , মাদলি , গলপাতা , গামখাৰু , আঙুঠি , কাণফুলি, জোনবিৰি আদি বিভিন্ন অলংকাৰ তৈয়াৰ কৰিছিল । 

৩৮। সোণাৰী শালৰ বাবে সোণাৰীসকলে কি কি সঁজুলি ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ সোণাৰী শালৰ বাবে সোণাৰীসকলে মাঠনী , নৰণী , মুহি , ভাতী, সঁবাহ , ৰেতি , শাল , পাচৰঙী আদি সঁজুলি ব্যৱহাৰ কৰিছিল ।

৩৯। প্রাচীন অসমৰ সোণাৰীয়ে কাণৰ থুৰীয়া কেনেকৈ সাঁজিছিল ? 

উত্তৰঃ প্রাচীন অসমৰ সোণাৰীয়ে মুহিত সোণ গলাই , জাঙফাই কেবৰ মুখখন সোণেৰে বন্ধাই , বাখৰ পতাই কাণৰ থুৰীয়া সাঁজিছিল । 

৪০। সোণাৰীসকলে অলংকাৰত বাখৰ পতাবলৈ বাখৰবোৰ ঠিকমতে সাঁজিবলৈ কি সোণ ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ সোণাৰীসকলে বাখৰ পতাবলৈ বাখৰবোৰ ঠিকমতে সাঁজিবলৈ পাতসোণ ব্যৱহাৰ কৰিছিল । 

৪১। অসমীয়া সোণাৰীসকলে সোণৰ অলংকাৰৰ উপৰিও আৰু কি কি গঢ়িছিল ? 

উত্তৰঃ অসমীয়া সোণাৰীসকলে সোণৰ অলংকাৰৰ উপৰিও – সোণৰ ছাতি , জাপি , মূৰ্ত্তি , ভোগজৰা , মাইহাং , ধোঁৱা খোৱা , শৰাই , সঁফুৰা, বটা , কাঁহী – বাটি , সোণৰ চৰিয়া , সোণ খটোৱা বৰতোপ , হেংদাঙ , তৰোৱাল , চাকি , গছা , টেমি , সোণৰ মলমা কৰা কটাৰী আদি গঢ়িছিল । সেইদৰে পিন্ধা কাপোৰত সোণৰ ফুল , গুণা , পটি আদিৰ বন কৰিছিল । সোণালী জামা , পাগ্র , ওৰণি , পটুকা আদিত সোণৰ বন কৰিছিল। 

৪২। ‘ গুণাকটীয়া ’ খেলৰ সৃষ্টি কোনে কৰিছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলে দিল্লী , বংগদেশ আদিৰ পৰা সোণাৰীৰ লগতে কাপোৰত গুণাৰ ফুলবচা কাম জনা দক্ষ লোকক আনি অসমত সংস্থাপিত কৰিছিল আৰু এওঁলোকেই ‘ গুণাকটীয়া ’ খেলৰ সৃষ্টি কৰিছিল। 

৪৩। ৰূপৰ ব্যৱহাৰৰ কথা ক’ত উল্লেখ পোৱা যায় ? 

উত্তৰঃ ৰূপৰ ব্যৱহাৰৰ কথা প্রাচীন কামৰূপ ৰাজ্যৰ তামৰ ফলি , সংস্কৃত আৰু পুৰণি অসমীয়া সাহিত্য , বুৰঞ্জী , চৰিত পুথি আদিত উল্লেখ আছে। 

৪৪। পুৰণি অসমৰ কোন কেইখন নৈ ‘ ৰূপ খপা ’ বা ‘ ৰূপ কমোৱা’ৰ বাবে প্ৰখ্যাত আছিল ? 

উত্তৰঃ পুৰণি অসমৰ ধনশিৰি , দৈগ্ৰোং , দৈয়াং আদি নৈসমূহ ‘ ৰূপ খপা’ বা ৰূপ কমোৱাৰ বাবে প্রখ্যাত আছিল । 

৪৫। ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকলক কি কার্যত নিয়োজিত আছিল ? 

উত্তৰঃ প্রাচীন অসমৰ নৈসমূহৰ বালিৰ পৰা ৰূপৰ ঢেঁকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উৎপাদন কার্যত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল । 

৪৬। ‘ ৰূপ কমোৱা ’ পদ্ধতিত কেইজন পাইক আছিল ? 

উত্তৰঃ ‘ ৰূপ কমোৱা ’ পদ্ধতিত পাঁচ – ছয়জন পাইক আছিল ।

৪৭। ‘ ৰূপ কমোৱা ’ দলৰ নেতাজনক কি বুলি জনা যায় ? 

উত্তৰঃ ‘ ৰূপ কমোৱা ‘ দলৰ নেতাজনক দলৈ বুলি জনা যায় । 

৪৮। নিজ দেশত ৰূপ উৎপাদন হোৱাৰ উপৰিও আন কোন কোন দেশৰ পৰা আমাৰ দেশলৈ ৰূপ আহিছিল ? 

উত্তৰঃ নিজ দেশত ৰূপ উৎপাদন হোৱাৰ উপৰিও বৰখামতি অঞ্চল আৰু চিংফৌসকলৰ জৰিয়তে চীন দেশৰ পৰাও আমাৰ দেশলৈ ৰূপ আহিছিল । 

৪৯। কোনকেইটা জনজাতীয়ে বিভিন্ন সময়ত ৰূপৰ যোগান ধৰিছিল ? 

উত্তৰঃ মিচিমি , চিমি আদি জনজাতীয়ে বিভিন্ন সময়ত ৰূপৰ যোগান ধৰিছিল । 

৫০। অসমীয়া শিল্পীয়ে ৰূপৰ পৰা কি কি তৈয়াৰ কৰিছিল ? 

উত্তৰঃ অসমীয়া শিল্পীয়ে ৰূপৰ পৰা নানা অলংকাৰ , বাচন – বৰ্তন , মূৰ্ত্তি আৰু অন্যান্য সামগ্রী তৈয়াৰ কৰিছিল । 

৫১। আহোম স্বৰ্গদেউসকলৰ কিহত নানা নিৰিখৰ ৰূপৰ মোহৰ মৰাইছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ টকাশালত নানা নিৰিখৰ ৰূপৰ মোহৰ মৰাইছিল । 

৫২। কোচ ৰাজ্যত কি মোহৰ মৰা হৈছিল ? 

উত্তৰঃ কোচ ৰাজ্যত ৰূপৰ নাৰায়ণী মোহৰ মৰা হৈছিল । 

৫৩। কেইবিধমান ৰূপৰ অলংকাৰৰ নাম লিখা । 

উত্তৰঃ কেইবিধমান ৰূপৰ অলংকাৰৰ নাম হ’ল— ভোগজৰা , শৰাই , সঁফুৰা , গামখাৰু আদি । 

৫৪ । ৰূপৰ ফুল – জালি খোদাই কি কি ধাতুৰ পাত্ৰত কৰা হৈছিল ? 

উত্তৰঃ ৰূপৰ ফুল – জালি খোদাই পিতল , তাম আদি ধাতুৰ পাত্ৰত কৰা হৈছিল । 

৫৫। ৰূপৰ শালখনত কোন দুবিধ সঁজুলি বেছিকৈ আছিল ? 

উত্তৰঃ ৰূপৰ শালখনত বাগী , কুন্দশাল এই দুবিধ সঁজুলি বেছিকৈ আছিল । 

৫৬। প্রাচীন অসমৰ ‘ লো ’ উৎপাদনৰ সৈতে কি খেলৰ লোকসকল জড়িত হৈ আছিল ? 

উত্তৰঃ প্রাচীন অসমৰ ‘ লো ’ উৎপাদনৰ সৈতে তিৰোৱাল বা লো – শলীয়া লোকসকল জড়িত হৈ আছিল । 

৫৭। লো – শালবোৰ ক’ত ক’ত আছিল ? 

উত্তৰঃ উজনি অসমৰ জয়পুৰৰ পৰা তিৰুপাহাৰ , বচাদৈয়াঙলৈকে নগাপাহাৰৰ নামনিত অবিভক্ত শিৱসাগৰ জিলা অর্থাৎ আহোম যুগৰ ৰংপুৰ নগৰৰ দক্ষিণে লো – শালবোৰ আছিল ।

৫৮। লোশলীয়া পাইকৰ এটা গোটত কেইজন পালি আৰু কেইজন ওজা থাকে ? 

উত্তৰঃ লো – শলীয়া পাইকৰ এটা গোটত ৫ জন পালি আৰু এজন ওজা থাকে । 

৫৯। তীখা কেনেকৈ তৈয়াৰ কৰা হৈছিল ? 

উত্তৰঃ কেঁচা লো পুনৰ জুইত পুৰি তীখা তৈয়াৰ কৰা হৈছিল । 

৬০। প্ৰাক্ – আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ কেইবিধমানৰ নাম লিখা। 

উত্তৰঃ প্ৰাক্ – আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ কেইবিধমানৰ নাম হ’ল— বৰকাহ , কাঁহ , নানা বিধৰ তাল , ঘণ্টা , নূপূৰ , কিংকিনী আদি । 

৬১। ক’ত ক’ত বিভিন্ন কাঁহৰ সামগ্ৰীৰ কথা উল্লেখ পোৱা যায় ? 

উত্তৰঃ প্রাচীন চৰ্যাপদসমূহৰ লগতে প্ৰাচীন গ্রন্থ কালিকা পুৰাণ , যোগিনীতন্ত্র , মাধৱ কন্দলিৰ ‘ ৰামায়ণ ’ আৰু চৰিত পুথিসমূহত কাঁহৰ সামগ্ৰীৰ কথা উল্লেখ পোৱা যায় । 

৬২। অসমত কেতিয়া কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল ? 

উত্তৰঃ মধ্যযুগত অসমত কাঁহ শিল্পই প্ৰসাৰতা লাভ কৰিছিল । 

৬৩। কাঁহ তৈয়াৰ কৰিবলৈ কঁহাৰসকলে কি কি মিলাইছিল ? 

উত্তৰঃ কাঁহ তৈয়াৰ কৰিবলৈ কঁহাৰসকলে তাম , ৰাং আৰু কেতিয়াবা কেতিয়াবা ৰূপও মিলাইছিল । 

৬৪। কাঁহৰ বাচন – বৰ্তন তৈয়াৰ কৰাৰ বাবে অসমৰ কোন কেইখন ঠাই বিখ্যাত ? 

উত্তৰঃ কাঁহৰ বাচন – বৰ্তন তৈয়াৰ কৰাৰ বাবে অসমৰ হাজো , সৰ্থেবাৰী , যোৰহাট জিলাৰ কৰঙা , তিতাবৰ আদি ঠাইকেইখন বিখ্যাত। 

৬৫। কাঁহ শিল্পৰ বাবে কি কি আহিলা – পাতিৰ প্ৰয়োজন হৈছিল ? 

উত্তৰঃ কাঁহ শিল্পৰ বাবে জুইশাল , কুন্দশাল , মাঠনী , হাতুৰী , নিয়াৰি , সঁৰাহ , চাঁচনি , চেনী , চেপেনা , ভাতী আদি আহিলা – পাতিৰ প্ৰয়োজন হৈছিল । 

৬৬। প্রাক্ – ব্ৰিটিছ যুগত অসমৰ কঁহাৰসকলে কি কি সামগ্রী তৈয়াৰ কৰিছিল ? 

উত্তৰঃ প্ৰাক্ – ব্ৰিটিছ যুগত অসমৰ কঁহাৰসকলে— কাঁহী , বান কাঁহী , বৰ কাঁহী , বেৰা কাঁহী , পানধোৱা , সৰু কাঁহী , মাইহাং , বৰবাটি , সৰুবাটি , বানবাটি , টৌ , থালি , চৰিয়া , লোটা , কলহ , ভোগজৰা , বটা আদি সামগ্রী তৈয়াৰ কৰিছিল । 

৬৭। আহোম স্বৰ্গদেউসকলে “ অসমীয়া – কাহ ” কেনেকৈ তৈয়াৰ কৰিছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলে ভূটানৰ পৰা “ কাহ – মাটি ” অনাই “ অসমীয়া – কাঁহ ” তৈয়াৰ কৰিছিল । 

৬৮। “ অসমীয়া কাহ ” বাণিজ্যৰ তত্ত্বাবধান কোনে কৰিছিল ? 

উত্তৰঃ “ অসমীয়া কাঁহ ” বাণিজ্যৰ তত্ত্বাৱধান “ উজীৰ বৰুৱাই কৰিছিল। 

৬৯। পিতল শিল্পটো কিয় আহোম যুগৰ এটা গুৰুত্বপূৰ্ণ শিল্প আছিল ? 

উত্তৰঃ আহোম যুগত প্রায় সকলোতে পিতলৰ সা – সঁজুলিৰ ব্যৱহাৰ আছিল । চৰিয়া , কলহ , শৰাই , টৌ , খৰাহি , কলহ , সঁফুৰা , হেতা , তলীয়া আনকি নামঘৰ , দ’ল – দেৱালয় আদিৰ ডবা পর্যন্ত পিতলৰ আছিল । 

৭০। তাম্ৰেশ্বৰী মন্দিৰৰ চালখন কিহেৰে নির্মিত ? 

উত্তৰঃ তাম্ৰেশ্বৰী মন্দিৰৰ চালখন তামেৰে নির্মিত । 

৭১। প্ৰাক্- ব্ৰিটিছ যুগত অসমত ব্যৱহাৰ হোৱা কেইবিধমান তামৰ পাত্ৰৰ নাম লিখা । 

উত্তৰঃ প্ৰাক্‌ – ব্ৰিটিছ যুগত অসমত ব্যৱহাৰ হোৱা কেইবিধমান তামৰ পাত্ৰৰ নাম হ’ল— কলহ , ভোগজৰা , শৰাই , সঁফুৰা , টেমা , মন্দিৰৰ বিভিন্ন পূজাৰ সঁজুলি আদি । 

৭২। তাম শিল্পৰ সৈতে কোনসকল লোক জড়িত আছিল ? 

উত্তৰঃ তাম শিল্পৰ সৈতে কঁহাৰ , কমাৰ , মৰীয়া আদি বৃত্তিমূলক খেলসমূহৰ দক্ষ লোকসকল জড়িত আছিল । 

৭৩। প্রাক্ – আহোম যুগৰে পৰা অসমত মৃৎ শিল্প যে চহকী আছিল সেই কথা কেনেকৈ প্রতিপন্ন কৰে ? 

উত্তৰঃ গুৱাহাটী , নগাঁও , তেজপুৰ , গোলাঘাট আদি অসমৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ জৰিয়তে আৱিষ্কৃত অনেক বাচন – বৰ্তন আৰু অন্যান্য সামগ্ৰীৰে প্ৰাক্ – আহোম যুগৰে পৰা অসমত মৃৎ শিল্প যে চহকী আছিল সেই কথা প্রতিপন্ন কৰে । 

৭৪। মৃৎ শিল্পৰ সৈতে কোনসকল লোক জড়িত ? 

উত্তৰঃ মৃৎ শিল্পৰ সৈতে ‘ কুম্ভকাৰ ‘ নামৰ বৃত্তিজীৱীসকল জড়িত । 

৭৫ । কাৰ পৃষ্ঠপোষকতাত মৃৎ শিল্পই বিকাশ লাভ কৰিছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত মৃৎ শিল্পই বিকাশ লাভ কৰিছিল । 

৭৬। কি কি খেলৰ লোকসকল মৃৎ শিল্পৰ লগত জড়িত ? 

উত্তৰঃ কুমাৰ , হীৰা , খনিকৰ আদি খেলৰ লোকসকল মৃৎ শিল্পৰ লগত জড়িত । 

৭৭। কুমাৰ মাটি ’ কাক বোলে ? 

উত্তৰঃ কুমাৰসকলে মৃৎ শিল্পৰ বাবে ব্যৱহাৰ কৰা মাটিক ‘ কুমাৰ মাটি’ বোলে ।

৭৮। ‘ টোকোটা ’ কি ? 

উত্তৰঃ মধ্যযুগৰ অসমৰ মৃৎ শিল্পৰ অন্তৰ্গত এক শিল্প হৈছে ‘ টোকোটা ‘। 

৭৯। প্রাচীন অসমৰ আন এটা মৃৎ শিল্পৰ নাম কি ? 

উত্তৰঃ প্রাচীন অসমৰ আন এটা মৃৎ শিল্পৰ নাম হ’ল— ইটা নির্মাণ । 

৮০। ‘ ইটাসজীয়া ’ কি ? 

উত্তৰঃ ‘ ইটাসজীয়া হৈছে আহোমৰ ৰাজত্বত ইটা নিৰ্মাণ কৰা পাইকৰ এবিধ খেল । 

৮১। ইটাবোৰ গাঁথিবৰ বাবে কি ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ ইটাবোৰ গাঁথিবৰ বাবে ‘ কৰাল ‘ নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । 

৮২। ‘ কৰাল ‘ নামৰ সামগ্ৰীবিধ কেনেকৈ তৈয়াৰ কৰা হৈছিল ? 

উত্তৰঃ ‘ কৰাল ’ নামৰ সামগ্ৰীবিধ গুৰ , মাটিমাহ , শিলচূণ , মিঠাতেল, বৰালি মাছ , শামুক চূণ , চকা চূণ , ধুনা আদি মিশ্ৰণ কৰি তৈয়াৰ কৰা হৈছিল । 

৮৩। ‘ কৰালৰ আন এটা নাম কি ? 

উত্তৰঃ ‘ কৰাল’ৰ আন এটা নাম হ’ল— চূণ -চুর্কি । 

৮৪। অসমৰ হাবিবোৰত কি কি গছ পোৱা গৈছিল। 

উত্তৰঃ অসমৰ হাবিবোৰত শাল , জাম , আজাৰ , চাম , বন বগৰি , কৰৈ , তিতাচঁপা , বনচোম , বোলা , সোণাৰু , মাইফাক , গন্ধসৰৈ আদি মূল্যৱান গছ পোৱা গৈছিল । 

৮৫ । অসমত পোৱা সুকাঠী গছবোৰৰ পৰা বাঢ়ৈ – খনিকৰবোৰে কি কি নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ অসমত পোৱা সুকাঠী গছবোৰৰ পৰা বাঢ়ৈ খনিকৰবোৰে ঘৰ – দুৱাৰ নিৰ্মাণ কৰাৰ উপৰিও চালপীৰা , তামুলী , – পীৰা , খাট , পেৰা , ঢেঁকী শৰাই , নামঘৰৰ আসন , কাঠৰ মূৰ্ত্তি , উৰাল , তাঁতশালৰ বিভিন্ন সঁজুলি আদি নিৰ্মাণ কৰিছিল । 

৮৬। মিৰজুম্‌লাৰ সৈতে অসমলৈ অহা লেখক ছিহাবুদ্দিন তালিছে কি বর্ণনা কৰিছে ? 

উত্তৰঃ মিৰজুম্‌লাৰ সৈতে অসমলৈ অহা লেখক ছিহাবুদ্দিন তালিছে আহোমৰ ৰাজধানী গড়গাঁৱৰ ৰাজপ্ৰসাদ হোলোং ঘৰটো সুন্দৰকৈ কাঠেৰে নিৰ্মাণ কৰা আছিল বুলি বৰ্ণনা কৰিছিল । 

৮৭। হাবিয়াল পাইকসকল কাৰ ৰাজত্ব কালত আৰু কি শিল্পৰ লগত জড়িত আছিল ? 

উত্তৰঃ হাবিয়াল পাইকসকল আহোমৰ ৰাজত্ব কালত কাঠ শিল্পৰ লগত জড়িত আছিল । 

৮৮। হাবিয়াল পাইকসকলৰ তত্ত্বাবধায়ক কোন আছিল ? 

উত্তৰঃ হাবিয়াল পাইকসকলৰ তত্ত্বাৱধায়ক আছিল— হাবিয়াল বৰুৱা , কাঠবৰুৱা বা কাঠকটীয়া বৰুৱা আদি বিষয়া ।

৮৯। বাঢ়ৈ – খনিকৰ আদি বৃত্তিজীৱী সকলৰ পৰত তত্ত্বাবধায়ক হিচাপে থকা বিষয়াজন কোন আছিল ? 

উত্তৰঃ বাঢ়ৈ – খনিকৰ আদি বৃত্তিজীৱী সকলৰ ওপৰত তত্ত্বাৱধায়ক হিচাপে থকা বিষয়াজন খনিকৰ বৰুৱা আছিল । 

১০। সাঁচিপাত কেনেকৈ তৈয়াৰ কৰা হৈছিল ? 

উত্তৰঃ সাঁচিপাত তৈয়াৰ কৰিবৰ বাবে প্ৰথমে পূৰঠ সাঁচি গছৰ পৰা নিৰ্দিষ্ট জোখত বাকলি কাটি আনি বাকলিবোৰৰ ভিতৰফালটো ওপৰলৈ কৰি মেৰিয়াই কেইবাদিনো ৰ’দত শুকুৱাই ৰখা হয় । এই শুকান বাকলিবোৰ কঠিন বস্তুৰ ওপৰত ৰাখি বাহিৰৰ ফালটো ঘঁহি যিমান পৰা যায় নিমজ কৰি লৈ এৰাতি নিয়ৰত তিয়াই ৰখা হয় । পিছদিনা পোৱা বাকলিবোৰৰ বাহিৰৰ ফালৰ নিকৰিবোৰ গুচাই বাকলিবোৰ আকৌ প্ৰয়োজন অনুসৰি জোখ মতে কাটি কটা টুকুৰাবোৰৰ পৰা খাৰুৱা পদাৰ্থবোৰ আঁতৰি যাবলৈ এঘণ্টামান চেঁচা পানীত বুৰাই ৰখা হৈছিল । পানীৰ পৰা তুলি আনি বাকলিবোৰ চুৰি- কটাৰীৰে সাৱধানে ঘঁহি ঘঁহি মিহি কৰা হৈছিল । মিহি বাকলিবোৰত মাটি মাহৰ পৰা প্ৰস্তুত কৰা আঠা ভালকৈ সানি ঘঁহি – পিহি পুনৰ হাইতাল বং সানি শুকুওৱা হৈছিল। ৰ’দত ভালকৈ শুকুৱাৰ পিছত বাকলি কেইডোখৰ পুনৰ ঘঁহি – পিহি মসৃণ কৰি লিখাৰ উপযোগী কৰি তোলা হৈছিল । 

৯১। সাঁচিপাতত লিখিবৰ বাবে কি প্রস্তুত কৰা হৈছিল ? 

উত্তৰঃ সাঁচিপাতত লিখিবৰ বাবে উন্নত মানৰ ‘ মাহী ’ বা চিয়াহী প্ৰস্তুত কৰা হৈছিল । 

৯২। ‘ মহী ’ কেনেকৈ তৈয়াৰ কৰা হৈছিল ? 

উত্তৰঃ শিলিখা , আমলখি , এলাহ্ কেহবাজ , বৰ জামুকৰ ছাল আৰু ফলৰ ৰস আদিৰে ‘ মহী ’ তৈয়াৰ কৰা হৈছিল । 

৯৩। ‘ মহী ’ বা ‘ ‘ চিয়াহী’ৰে লেখৰে কি কলমেৰে সণাচিপাতৰ ওফৰত আখৰ লিখিছিল ? 

উত্তৰঃ ‘ মহী ’ বা ‘ চিয়াহী’ৰে লেখকে ৰাজহাঁহৰ পাখিৰ কলমেৰে সাঁচিপাতৰ ওপৰত আখৰ লিখিছিল । 

৯৪। ‘ সাঁচিপতীয়া পুথি ’ কাক বোলে ? 

উত্তৰঃ ‘ মহী ’ বা ‘ চিয়াহী’ৰে লেখকে যেতিয়া ৰাজহাঁহৰ পাখিত কলমেৰে সাঁচিপাতৰ ওপৰত আখৰ লিখে তেনে পুথিক ‘ সাঁচিপতীয়া পুথি ’ বোলে । 

৯৫। ‘ সাঁচিপতীয়া পুথি ‘ শ শ বছৰ নষ্ট নোহোৱাকৈ ক’ত দেখিবলৈ পোৱা যায় ? 

উত্তৰঃ ‘ সাঁচিপতীয়া পুথি ’ শ শ বছৰ নষ্ট নোহোৱাকৈ আজিকোপতি , সত্ৰ , যাদুঘৰ , নামঘৰ , বিভিন্ন অনুষ্ঠান – প্রতিষ্ঠান আনকি ব্যক্তিগত সংৰক্ষণতো দেখিবলৈ পোৱা যায় ।

৯৬। চিয়াহী বা মহীৰ সৈতে কেতিয়াবা কি মিলোৱা হৈছিল ? 

উত্তৰঃ চিয়াহী বা মহীৰ সৈতে কেতিয়াবা ‘ লা ‘ মিলোৱা হৈছিল । 

৯৭। সাঁচিপাতৰ উপৰিও আন ক’ত ক’ত লিখা হৈছিল ? 

উত্তৰঃ সাঁচিপাতৰ উপৰিও ভূজপত্র , জন্তুৰ ছাল , তাল পাত , হাতীদাঁতৰ পাত , মুগা কাপোৰ , শিমলু তুলাৰে প্ৰস্তুত কৰা তুলাপাত , শিল , তাম , পিতল , কাঁহ আদি ধাতুৰ ফলিত , লোহাৰ বৰটোপৰ গাতো লিখা হৈছিল । 

৯৮। সাঁচিপাতত লেখা কামৰ সৈতে কি কি জড়িত আছিল ? 

উত্তৰঃ লেখাৰু , আখৰকটীয়া আদি খেল এই লেখা কামৰ সৈতে জড়িত আছিল । 

৯৯। কেইবিধ মান নাওৰ নাম লিখা । 

উত্তৰঃ কেইবিধমান নাওৰ নাম হ’ল— টুলুঙা নাও , মাৰ নাও , বজৰা নাও , জাপ নাও , যুৰীয়া নাও , হয়কলি নাও , পানচৈ , মগৰ চৰা নাওষ হিলৈৰো নাও আদি । 

১০০। বৰ নাওবোৰত কিহৰ সুবিধা আছিল ? 

উত্তৰঃ বৰ নাওবোৰত থকা – শোৱাৰ সুবিধা আছিল । 

১০১। হিলৈৰো নাৱত কিহৰ ব্যৱস্থা আছিল ? 

উত্তৰঃ হিলৈৰো নাৱত সৈন্য – সামন্তৰ লগতে হিলৈ বৰটোপৰ দৰে অস্ত্র – শস্ত্ৰ নিয়াৰ ব্যৱস্থা আছিল । 

১০২। সৰু – সুৰাকাম বা কম দূৰত্বৰ যাতায়াতৰ বাবে কেনেকৈ নাও নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ অসমৰ খনিকৰ বাঢ়ৈ আদিয়ে গছ এডাল কাটি লৈ মাজডোখৰ খুলি দুই মূৰ জোঙা কৰি সৰু – সুৰা কাম বা কম দূৰত্বৰ যাতায়াতৰ বাবে উপযোগীকৈ নাও নিৰ্মাণ কৰিছিল । 

১০৩। বেহা – বেপাৰ , যুদ্ধ – বিগ্রহ বা দূৰ – দূৰণিৰ যাত্ৰাৰ বাবে কেনেকুৱা নাও নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ বেহা – বেপাৰ , যুদ্ধ – বিগ্রহ বা দূৰ – দূৰণিৰ যাত্ৰাৰ বাবে সুকাঠী গছ ফালি চটীয়া কাঠ বা তক্তা তৈয়াৰ কৰি সেই তক্তাবোৰ বিভিন্ন উপায়েৰে জোৰা দি বৃহৎ আকাৰৰ নাও নির্মাণ কৰিছিল । প্রয়োজন অনুসৰি এই দুখন নাও সমান্তৰালভাৱে জোৰা দি মজবুত যুৰীয়া নাও তৈয়াৰ কৰিছিল । 

১০৪। আহোম ৰাজত্বকালত কোনসকল লোক নাও নিৰ্মাণ শিল্পৰ সৈতে প্ৰধানকৈ জড়িত আছিল ? 

উত্তৰঃ আহোম ৰাজত্বকালত ‘ নাওশলীয়া ’ নামৰ খেলৰ লোকসকল নাও নির্মাণ শিল্পৰ সৈতে প্ৰধানকৈ জড়িত আছিল ।

১০৫। নাওশাল , নাওশলীয়া খেল আৰু নাও – নিৰ্মাণ কাৰ্যৰ ওপৰত কোনে চকু ৰাখিছিল ? 

উত্তৰঃ নাওশলীয়া ফুকন আৰু নাওশলীয়া বৰুৱাই নাওশাল , নাওশলীয়া খেল আৰু নাও নিৰ্মাণ কাৰ্যৰ ওপৰত চকু ৰাখিছিল । 

১০৬। নাও নিৰ্মাণৰ কাৰখানা ক’ত ক’ত আছিল ? 

উত্তৰঃ নাও নিৰ্মাণৰ কাৰখানা গড়গাঁও , ৰংপুৰৰ ওচৰৰ শাকবাৰী , লতাশিল , পাণ্ডু , গুৱাহাটী , কলিয়াবৰ , বিশ্বনাথ আদি ঠাইত আছিল । 

১০৭। কিমান চনত বৰসেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই ৰাজপুত সেনাপতি ৰামসিংহৰ নেতৃত্বৰ অসম আক্ৰমণকাৰী মোগল সেনাক পৰাস্ত কৰিছিল ? 

উত্তৰঃ ১৬৭১ খ্ৰীঃ বৰসেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই ৰাজপুত সেনাপতি ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণকাৰী মোগল সেনাক পৰাস্ত কৰিছিল । 

১০৮। উজনী অসমৰ বৰাহীসকলৰ চুৰীয়াত কি থকাৰ কথা বুৰঞ্জীত পোৱা যায় ? 

উত্তৰঃ উজনী অসমৰ বৰাহীসকলৰ চুৰীয়াত ৰঙা , ক’লা আঁচু থকাৰ কথা বুৰঞ্জীত পোৱা যায় । 

১০৯। আহোম ৰাজত্বৰ ডা – ডাঙৰীয়াসকলে মূৰত কি মৰাৰ কথা বুৰঞ্জীত পোৱা যায় ? 

উত্তৰঃ আহোম ৰাজত্বৰ ডা – ডাঙৰীয়াসকলে মূৰত কুসুম গছৰ হালধীয়া ফুলেৰে বোলোৱা ‘ কুসুম বুলীয়া পাগ ’ মৰাৰ কথা বুৰঞ্জীত পোৱা যায় । 

১১০। কুসুম ফুলৰ খেতি কৰি ৰজাৰ ঘৰত যোগান ধৰিবলৈ কি খেল থকাৰ কথা বুৰঞ্জীত উল্লেখ আছে ? 

উত্তৰঃ কুসুম ফুলৰ খেতি কৰি ৰজাৰ ঘৰত যোগান ধৰিবলৈ “ কুসুম যোগনীয়া ” বোলা খেল এটাৰ কথা বুৰঞ্জীত উল্লেখ আছে । 

১১১। অসমত লোণৰ পুংবোৰ ক’ত আছিল ? 

উত্তৰঃ অসমৰ সমীপৱৰ্তী পাহাৰসমূহত প্ৰধানকৈ লোণৰ পুংবোৰ আছিল । 

১১২। লোণ প্রস্তুত কেনেকৈ আৰু কেতিয়া কৰা হৈছিল ? 

উত্তৰঃ আহোমৰ ৰাজত্বকালত ‘ লোণ – পুৰীয়া ‘ নামৰ খেলৰ লোকসকলে খৰালি মহীয়া লোণ – পুঙৰ কাষত বাহৰ পাতি বাঁহৰ চুঙাত লোণপুঙৰ পৰা লুণীয়া পানী ভৰাই আনি পগাই লোণ প্ৰস্তুত কৰিছিল । 

১১৩। কোন ঠাইৰ লোণপুং জনাজাত আছিল ? 

উত্তৰঃ মহঙ্গৰ নামৰ ঠাইৰ লোণপুং জনাজাত আছিল ।

১১৪। মহঙ্গৰ লোণপুং দখলক লৈ কাৰ কাৰ মাজত যুদ্ধ হৈছিল ? 

উত্তৰঃ মহঙ্গৰ লোণপুং দখলক লৈ নগা আৰু আহোমৰ মাজত যুদ্ধ হৈছিল। 

১১৫। আহোম ৰাজত্বৰ লোণপুঙৰ তত্ত্বাবধায়ক হিচাপে কোন বিষয়া আছিল ? 

উত্তৰঃ আহোম ৰাজত্বৰ লোণপুঙৰ তত্ত্বাবধায়ক হিচাপে ‘ লোণপুৰীয়া বৰুৱা ‘ নামৰ বিষয়াজন আছিল । 

১১৬। হিলৈ বৰটোপৰ গুলি নিৰ্মাণ কৰিবলৈ কি সাৰ ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ হিলৈ বৰটোপৰ গুলি নিৰ্মাণ কৰিবলৈ হিলৈখাৰ ব্যৱহাৰ কৰিছিল। 

১১৭। কোনবোৰ খেলৰ মানুহে কাৰ ৰাজত্বকালত হিলৈ খাৰ , যৱক্ষাৰ আদি তৈয়াৰ কৰা কাম কৰিছিল ? 

উত্তৰঃ ‘ খাৰঘৰীয়া ’ , ‘ জখৰীয়া ’ আদি খেলৰ মানুহে আহোমৰ ৰাজত্বকালত হিলৈ খাৰ , যৱক্ষাৰ আদি তৈয়াৰ কৰা কাম কৰিছিল । 

১১৮। হাতী দাঁতৰ পৰা কি কি সামগ্রী তৈয়াৰ কৰা হয় ? 

উত্তৰঃ হাতী দাঁতৰ পৰা অলংকাৰ , বাচন – বৰ্তন , পীৰা , ফণি , বাকচ , দা – কটাৰীৰ নাল , কাকৈ , পাশা খেলৰ পাশতি আদি সামগ্ৰী তৈয়াৰ কৰা হয়। 

১১৯। হাতী দাঁতৰ পৰা ঢাৰি , পাটী কেনেকৈ তৈয়াৰ কৰা হয় ? 

উত্তৰ : হাতী দাঁতৰ ওফৰত মাটিৰে ডাঠ প্রলেপ দি তপতাই কোমল কৰি সেই দাঁত তঙালৰ দৰে তোলাই তাৰ পৰা ঢাৰি , পাটী তৈয়াৰ কৰা হয়। 

১২০। হাতী দাঁতৰ সামগ্ৰী তৈয়াৰ কৰা মালিকসকলক কি খনিকৰ বোলে ? 

উত্তৰঃ হাতী দাঁতৰ সামগ্ৰী তৈয়াৰ কৰা মালিকসকলক ‘ বক্তাৰ খনিকৰ’ বোলে । 

১২১। চূণ উৎপাদন কেনেকৈ কৰা হয় ? 

উত্তৰঃ চূণ তৈয়াৰ কৰা পাইকে খৰালি মহীয়া পৰ্বতৰ পৰা চূণ শিল সংগ্ৰহ কৰি নামনিত থকা চূণ চালিত ভটা পাতি কেইবা মাহলৈকে কাম কৰি বিপুল পৰিমাণে চূণ উৎপাদন কৰা হয় । 

১২২। শামুক চূণ কেনেকৈ তৈয়াৰ কৰে ? 

উত্তৰঃ নৈবোৰত পোৱা শামুকৰ খোলা পুৰি শামুক চূণ তৈয়াৰ কৰে । 

১২৩। চূণ উৎপাদনৰ সৈতে জড়িত খেলসমূহ কি কি ? 

উত্তৰঃ ‘ চূণ যোগনীয়া ’ , ‘ চূণৰ ভটা কৰা ’ আদি খেলসমূহ চূণ উৎপাদনৰ সৈতে জড়িত খেল ।

১২৪। লাৰ খেতিত কেনেকৈ কৰা হৈছিল ? 

উত্তৰঃ লা গছত ‘ লা পৰুৱা ‘ পুহি লাৰ খেতি কৰা হৈছিল । 

১২৫। লা উৎপাদনৰ লগত জড়িত খেলবিধৰ নাম কি ? 

উত্তৰঃ লা উৎপাদনৰ লগত জড়িত খেলবিধৰ নাম ‘ লাশুঙ্গি ‘ । 

১২৬। আহোমৰ ৰাজত্ব কালত শৰু – বৰ পুখুৰীবোৰৰ পানী ফট্‌ফটীয়া কৰি ৰাখিবৰ বাবে কি পদাৰ্থ তৈয়াৰ কৰা হৈছিল ? 

উত্তৰঃ আহোমৰ ৰাজত্বকালত সৰু – বৰ পুখুৰীবোৰৰ পানী ফট্‌ফটীয়া কৰি ৰাখিবৰ বাবে ৰহ নামৰ এবিধ পদাৰ্থ তৈয়াৰ কৰা হৈছিল । 

১২৭। ‘ ৰহ ‘ ক’ৰ পৰা তৈয়াৰ কৰা হয় ? 

উত্তৰঃ ‘ ৰহ ‘ বেল গছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে তৈয়াৰ কৰা হয়। 

১২৮। ‘ ৰহ ’ তৈয়াৰ কৰা লোকসকল আহোম ৰাজত্বত কাৰ তত্ত্বাৱধানত আছিল ? 

উত্তৰঃ ‘ ৰহ ’ উৎপাদন কৰা লোকসকল আহোম ৰাজত্বত ‘ ৰসেন্দ্ৰ বৰুৱা ‘ নামৰ বিষয়াজনৰ তত্ত্বাৱধানত আছিল । 

১২৯। বিহ উৎপাদন বা সংগ্ৰহৰ সৈতে কোনবিধ খেলৰ লোকসকল জড়িত আছিল ? 

উত্তৰঃ বিহ উৎপাদন বা সংগ্ৰহৰ সৈতে ‘ বিহিয়া ‘ নামৰ খেলৰ লোকসকল জড়িত আছিল । 

১৩০। প্ৰাক্ – ব্ৰিটিছ যুগত অসমত থকা বিভিন্ন উদ্যোগসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ প্রাক্ – ব্ৰিটিছ যুগত অসমত ধূনা গছৰ পৰা সুগন্ধি ধূনা , কস্তুৰী মৃগৰ পৰা গান্ধ কলাই , সাঁচি গছৰ পৰা সুগন্ধি অগৰু আতৰ , বিভিন্ন গছ , ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হৈছিল । আঠা উৎপাদক বিভিন্ন গছৰ পৰা আঠা ; মিচিমি পাহাৰ , ভূটান , তিব্বত , আদিৰ পৰা বিভিন্ন প্ৰকাৰৰ ‘ বিহ ’ । সেইদৰে ফেটী সাপৰ গাত কেতেকী ফুলৰ পাত বান্ধি ‘ বিহ ’ বা ‘ বিষ ’ সংগ্ৰহ কৰাৰ কথা পোৱা যায় । সেইদৰে বিভিন্ন আঁহযুক্ত গছ – বনৰ পৰা আঁহৰ সামগ্ৰী ; গড়ৰ ছালেৰে বাৰূ আৰু যুদ্ধৰ বৰ্ম আৰু জন্তুৰ চৰ্বীৰ পৰা তেল আদি তৈয়াৰ ; জীৱ – জন্তুৰ ছালৰ পৰা চামৰা তৈয়াৰ ; কুহিলা , মাদুৰি বন , পাৰ্টীদৈ আদিৰ পৰা ঢাৰি – পাটী ; খেৰ ; টকৌ পাত , জেঙুপাত আদিৰ পৰা ঘৰৰ ছাল , বিভিন্ন প্ৰকাৰৰ জাপি , আৰোৱাণ , বিচনী , নাও আৰু গৰু গাড়ীৰ ছৈ , বিভিন্ন ধৰণৰ চালি আদি তৈয়াৰ কৰা হৈছিল । 

এইবোৰৰ উপৰি সৰিয়হ পেৰি মিঠাতেল উৎপাদন কৰিবৰ বাবে বেতৰ বেতেৰিযুক্ত তেলীশাল ; কুঁহিয়াৰৰ ৰস উলিয়াই গুৰ আদি উৎপাদন কৰিবৰ বাবে লোহাৰ ভীমযুক্ত কুহিয়াৰ শাল ; তাঁতশালৰ বিভিন্ন আহিলা – পাতি ; কৃষিৰ সঁজুলি তৈয়াৰ কৰা ; জুই ধৰিবৰ বাবে জুই উৎপাদক ‘ টিঙিৰি ’ নামৰ সঁজুলি ; নোমালৰ বৰুৱা নামৰ বিষয়াজনৰ অধীনত জন্তুৰ নোমৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ আদি বিভিন্ন সামগ্রী উৎপাদন কৰা শিল্প উদ্যোগ প্রাক্ – ব্ৰিটিছ যুগত অসমত আছিল। 

১৩১। অসমত আধুনিক যুগৰ আঁচনি কেতিয়া আৰম্ভ হয় ? 

উত্তৰঃ অসমত আধুনিক যুগৰ আঁচনি ঔপনিবেশিক কালছোৱাত আৰম্ভ হয় । 

১৩২। অসমত কেতিয়াৰ পৰা চাহ উদ্যোগৰ বিষয়ে চিন্তা – চৰ্চা কৰা হয় ? 

উত্তৰঃ চাহ গছ আৱিষ্কাৰ হোৱাৰ পাছত ১৮৩৪ চনৰ পৰা চাহ উদ্যোগৰ বাবে অসমত চিন্তা – চৰ্চা কৰা হয় । 

১৩৩। গৱৰ্ণৰ জেনেৰেল পৰিষদে চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ কিমান চনত চাহ কমিটি নিয়োগ কৰিছিল ? 

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল পৰিষদে চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ ১৮৩৪ চনত চাহ কমিটি নিয়োগ কৰিছিল । 

১৩৪। কাক সচিব হিচাবে লৈ চাহ কমিটি গঠন কৰা হৈছিল ? 

উত্তৰঃ জি . আই . গর্ডনক সচিব হিচাবে লৈ চাহ কমিটি গঠন কৰা হৈছিল । 

১৩৫। কিমান চনত কলিকতাৰ বোটানিকেল গার্ডেনৰ অধীক্ষক এন্‌ ওৱালিছৰ নেতৃত্বত উদ্ভিদবিদ আৰু ভূতত্ত্ববিদ মিছন এটা শদিয়াত উপস্থিত হয় ? 

উত্তৰঃ ১৮৩৫ চনত কলিকতাৰ বোটানিকেল গার্ডেনৰ অধীক্ষক এন্‌ ওৱালিছৰ নেতৃত্বত উদ্ভিদবিদ আৰু ভূতত্ত্ববিদৰ মিছন এটা শদিয়াত উপস্থিত হয় । 

১৩৬। চাহ খেতিৰ আঁচনিখন কিমান ভাৰত চৰকাৰে অনুমোদন কৰিছিল ? 

উত্তৰঃ চাহ খেতিৰ আঁচনিখন ভাৰত চৰকাৰে ১৮৩৬ চনত অনুমোদন কৰিছিল । 

১৩৭। প্ৰথম বছৰ উৎপাদন কৰা কিমান বাকচ চাহপাত কিমান চনত ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল ? 

উত্তৰঃ প্ৰথম বছৰ উৎপাদন কৰা ১২ বাকচ চাহপাত ১৮৩৭ চনত ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল । 

১৩৮। প্রথম অৱস্থাত চাহ উৎপাদনৰ বাবে কাৰ সহায় লোৱা হৈছিল ? 

উত্তৰঃ প্ৰথম অৱস্থাত চাহ উৎপাদনৰ বাবে চীনা শ্রমিক আৰু বিশেষজ্ঞসকলৰ সহায় লোৱা হৈছিল ।

১৩৯। এজন চীনা বিশেষজ্ঞৰ নাম লিখা । 

উত্তৰঃ এজন চীনা বিশেষজ্ঞৰ নাম হ’ল — লাম কুৱা । 

১৪০। ‘ বেংগল টি এছ’ছিয়েশ্বন ’ ক’ত আৰু কেতিয়া গঢ়ি তোলা হয় ? 

উত্তৰঃ ‘ বেংগল টি এছ’ছিয়েশ্বন ’ ১৮৩৮ চনৰ ফেব্ৰুৱাৰী মাহত কলিকতাত গঢ়ি তোলা হয় । 

১৪১। আসাম টি কোম্পানী কোনে গঠন কৰিছিল ? 

উত্তৰঃ আসাম টি কোম্পানী ব্যক্তিগত ব্যৱসায়িক কোম্পানী ক্রমে মেচার্চ ককটেল এণ্ড কোম্পানী , মেচার্চ বয়ড্ এণ্ড কোম্পানী আৰু বেংগল এছ’ছিয়েশ্বনে গোট খাই গঠন কৰিছিল । 

১৪২। আসাম টি কোম্পানীত কোনে দেৱান হিচাপে কাম কৰিছিল ? 

উত্তৰঃ আসাম টি কোম্পানীত মণিৰাম বৰভাণ্ডাৰ বৰুৱাই দেৱান হিচাপে কাম কৰিছিল । 

১৪৩। মাইজান টি কোম্পানী কিমান চনত কাৰ অধীনত খুলিছিল ? 

উত্তৰঃ মাইজান টি কোম্পানী ১৮৫২ চনত মেচাৰ্চ ওৱাৰেণ জেনকিন্সৰ অধীনত খুলিছিল । 

১৪৪। যোৰহাট টি কোম্পানী কিমান চনত কোনে খুলিছিল ? 

উত্তৰঃ যোৰহাট টি কোম্পানী ১৮৫৮ চনত উইলিয়ামছনে খুলিছিল । 

১৪৫। বর্তমান অসমত কিমানখন বাগিচা আছে ? 

উত্তৰঃ বৰ্তমান অসমত ৭৬৫ খন বাগিচা আছে । 

১৪৬। বছৰি প্ৰায় কিমান মিলিয়ন চাহপাত অসমে উৎপাদন কৰে ? 

উত্তৰঃ বছৰি প্ৰায় ৫৭০ মিলিয়ন চাহপাত অসমে উৎপাদন কৰে । 

১৪৭। কিমান চনত কোনে শিৱসাগৰ জিলাৰ দক্ষিণ – পশ্চিমে খনিজ তেল আৰু কয়লাক্ষেত্ৰ প্রত্যক্ষ কৰিছিল ? 

উত্তৰঃ ১৮২৬ চনত কেপ্তেইন উইলকক্সে । 

১৪৮। বর্তমান অসমত থকা তেল শোধনাগাৰ কেইটাৰ নাম লিখা । 

উত্তৰঃ বৰ্তমান অসমত থকা তেল শোধনাগাৰ কেইটাৰ নাম হ’ল – ডিগবৈ , নুনমাটি , বঙাইগাঁও আৰু নুমলীগড় । 

১৪৯। অসমত থকা কোনটো শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা ? 

উত্তৰঃ ডিগবৈ শোধনাগাৰ । 

১৫০। ১৮৩৮ চনত কোনে বৰহাটৰ ওচৰত তেলৰ ফোঁৱাৰা প্ৰত্যক্ষ কৰিছিল ? 

উত্তৰঃ ১৮৩৮ চনত কমিছনাৰ জেনকিন্সে উজনি অসম ভ্ৰমণৰ সময়ত বৰহাটৰ ওচৰত তেলৰ ফোঁৱাৰা প্ৰত্যক্ষ কৰিছিল ।

১৫১। আসাম বেইলওবে এণ্ড ট্রেডিং এ কিমান চনত কোম্পানীক লখিমপুৰ জিলাত তেল আহৰণৰ সুবিধা কৰি দিছিল ? 

উত্তৰঃ ১৮৮২ চনৰ শেষৰফালে । 

১৫২। কোম্পানীয়ে কিমান বছৰৰ লিজ লাভ কৰি দুবছৰৰ ভিতৰত ১০,৪০০০ বেলে তেল আহৰণ কৰাৰ অনুমতি পাইছিল ? 

উত্তৰঃ কোম্পানীয়ে ২৫ বছৰৰ লিজ লাভ কৰি দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল । 

১৫৩। কোম্পানীয়ে কিমান চনত কিমান বর্গ মাইলৰ এখন ক্ষেত্র ২০ বছৰৰ বাবে লিজত লাভ কৰে ? 

উত্তৰঃ কোম্পানীয়ে ১৮৯২ চনত চাৰি বৰ্গমাইলৰ এখন ক্ষেত্র ২০ বছৰৰ বাবে লিজত লাভ কৰে । 

১৫৪। কিমান চনত কোনে আৰু কাৰ নিৰ্দেশ মৰ্মে মাকুম তৈলক্ষেত্ৰত এটা জৰীপ কৰিছিল ? 

উত্তৰঃ ১৮৮৮ চনত আৰ . এইছ , টাউনচেণ্ডে ভাৰত চৰকাৰৰ নিৰ্দেশমর্মে মাকুম তৈল ক্ষেত্ৰত এটা জৰীপ কৰিছিল । 

১৫৫। কিমান চনত ডিগবৈত প্রথম সফল বৰিঙৰ বাবে টাউনচেণ্ডকে কৃতিত্ব দিয়া হয় ? 

উত্তৰঃ ১৮৮৮ চনৰ প্ৰথম ভাগত ডিগবৈত প্রথম সফল ব’ৰিঙৰ বাবে টাউনচেণ্ডক কৃতিত্ব দিয়া হয়। 

১৫৬। আসাম অইল কোম্পানী কিমান পুঁজি বিনিয়োগৰ পিছত খোলা হৈছিল ? 

উত্তৰঃ আসাম অইল কোম্পানী ৩১০,০০ পাউণ্ড ষ্টালিঙৰ এটা পুঁজি বিনিয়োগৰ পিছত খোলা হৈছিল । 

১৫৭। মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ কোনটো কোম্পানীলৈ হস্তান্তৰ কৰা হৈছিল ? 

উত্তৰঃ মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ আসাম অইল কোম্পানীলৈ হস্তান্তৰ কৰা হৈছিল । 

১৫৮। এ . আৰ . টি . চিৰ চেয়াৰমেন কোন আছিল আৰু তেওঁ কোনটো কোম্পানীৰ চেয়াৰমেন হিচাপে নিযুক্ত হৈছিল ? 

উত্তৰঃ এ . আৰ . টি . চিৰ চেয়াৰমেন আছিল লর্ড ৰিবলছডেল আৰু তেওঁ আসাম অইল কোম্পানীৰ চেয়াৰমেন হিচাপে নিযুক্ত হৈছিল ।  

১৫৯। আসাম অইল কোম্পানীৰ সদৰ কাৰ্যালয় ক’ত আছিল ? 

উত্তৰঃ আসাম অইল কোম্পানীৰ সদৰ কাৰ্যালয় ডিগবৈত আছিল । 

১৬০। ১৯১১ চনত কোম্পানীয়ে কিমান গেলন পেট্ৰ’ল উৎপাদন কৰে ? 

উত্তৰঃ ১৯১১ চনত কোম্পানীযে ৩,৫৬৫ , ১৬ গেলন পেট্ৰ’ল উৎপাদন কৰে । 

১৬১। এ . আৰ . টি . চি আৰু এ . ও . চিৰ পৰিচালনা ব’ৰ্ডে কিমান চনলৈকে সম্মিলিতভাৱে কাম কৰিছিল ? 

উত্তৰঃ এ . আৰ . টি . চি আৰু এ . ও . চিৰ পৰিচালনা ব’ৰ্ডে ১৯২১ চনলৈকে সন্মিলিতভাবে কাম কৰিছিল । 

১৬২। এ . আৰ . টি . চিৰ কোম্পানীত থকা অংশ কোনটো কোম্পানীক কিমান চনত বিক্ৰী কৰিছিল ? 

উত্তৰঃ এ . আৰ . টি . চিব কোম্পানীত থকা অংশ বার্মা অইল কোম্পানীক ১৯২১ চনত বিক্ৰী কৰিছিল । 

১৬৩। দক্ষিণ ভাৰতত ৰে’ল যাতায়াত ব্যবস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কিমান চনৰ পৰা বিবেচনা কৰা হৈছিল ? 

উত্তৰঃ দক্ষিণ ভাৰতত ৰে’ল যাতায়াত ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ ১৮৩১-৩২ চন মানৰ পৰা বিবেচনা কৰা হৈছিল । 

১৬৪। লর্ড ডেলহাউছিৰ দিনত ৰে’ল যাতায়াত প্ৰৱৰ্তন আৰু পৰিচালনাৰ বাবে কেইটা ব্যক্তিগত কোম্পানীক দায়িত্ব দিয়া হৈছিল ? 

উত্তৰঃ লর্ড ডেলহাউছিৰ দিনত ৰে’ল যাতায়াত প্ৰৱৰ্তন আৰু পৰিচালনাৰ বাবে ৮ টা ব্যক্তিগত কোম্পানীক দায়িত্ব দিয়া হৈছিল । 

১৬৫। কিমান চনত আৰু ক’ত ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে ৰে’ল লাইন মুকলি কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ দিনা বোম্বে আৰু থানেৰ মাজত ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে ৰে’ল লাইন মুকলি কৰা হৈছিল । 

১৬৬। অসম কিমান চনত কোম্পানীৰ শাসনাধীন হয় ? 

উত্তৰঃ অসম ১৮২৬ চনত কোম্পানীৰ শাসনাধীন হয় । 

১৬৭। অসমত ৰে’লপথ মুকলি কৰাৰ প্ৰধান উদ্দেশ্য কি আছিল ? 

উত্তৰঃ অসমত ৰে’লপথ মুকলি কৰাৰ প্ৰধান উদ্দেশ্য আছিল চাহপাত আৰু কয়লা সৰবৰাহ কৰা ।

1 thought on “Class 12 Swadesh Adhyayan Chapter 8 (ক) প্ৰাক্‌ – ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ (খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প – উদ্যোগ”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising