Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন

Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবর্তন Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতীয় সমাজ পৰিৱৰ্তনত সংস্কৃতকৰণ ( Sanskritization ) আৰু পাশ্চাত্যকৰণ ( Westernisation ) প্রক্রিয়াৰ ভূমিকা সম্পর্কে আলােচনা কৰা । নাইবা , ভাৰতীয় সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰা । নাইবা , সংস্কৃতকৰণৰ ফলত ভাৰতীয় সমাজত হােৱা পৰিৱর্তনবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰিৱর্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ যথেষ্ট প্রভাৱ আছে বুলি বিখ্যাত ভাৰতীয় সমাজতত্ত্ববিদ শ্রীনিবাসে মত পােষণ কৰিছে । তেওঁৰ মতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত দুয়ােটা প্রক্রিয়াৰ যথেষ্ট গুৰুত্ব আছে । 

শ্রীনিবাসৰ মতে ভাৰতবৰ্ষৰ মূল সামাজিক গাঁথনি জাতি ব্যৱস্থাৰ এই দুয়ােটা প্রক্রিয়াৰ প্রভাৱত আমূল পৰিৱৰ্তন ঘটিছে । যেতিয়া নীচ জাতিৰ ব্যক্তিয়ে উচ্চ জাতিৰ ব্যক্তিসকলে মানি চলা ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ , ধর্ম , আচৰণ ইত্যাদি গ্রহণ কৰিবলৈ প্রচেষ্টা চলাই নিজকে উচ্চ জাতিৰ বুলি পৰিগণিত কৰাব বিচাৰে তাকে সংস্কৃতকৰণ বােলা হয় । 

ভাৰতবৰ্ষত বসবাস কৰা নিম্ন জাতিৰ লােকসকলে সদায়ে তেওঁলােকৰ সামাজিক প্রস্থিতি উন্নত কৰিবলৈ যত্নপৰ । প্রাক্ – স্বাধীনতা কালৰ সামাজিক ব্যৱস্থাত ভাৰতীয় সমাজৰ নিম্ন জাত ব্যক্তিসকলে সামাজিকভাৱে বাধাপ্রাপ্ত হৈ তেওলাে নিজস্ব প্রস্থিতিৰ পৰা উধাব পৰা সম্ভৱ হােৱা নাছিল । কিন্তু স্বৰাজোত্তৰ কালছােৱাত এই নিম্ন জাতিৰ ব্যক্তিসকলক সামাজিক , আর্থিক , ধর্মীয় দিশত টনকিয়াল হ’বলৈ যথেষ্ট সুবিধা দিয়া হয় । ফলস্বৰূপে , এই নিম্ন জাতিৰ লােকসকলে উচ্চবর্ণ হিন্দুৰ সামাজিক ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ তথা জীৱন প্রণালী আয়ত্ত কৰাৰ সুবিধা পায় । উচ্চ সামাজিক ব্যৱস্থাসমূহ আয়ত্ত কৰি উচ্চ জাতিৰ পর্যায়লৈ উন্নীত হােৱা । এই প্রক্রিয়াকে সংস্কৃতকৰণ বােলা হয় । 

আকৌ আনহাতে নিম্ন জাতিৰ লােকসকলৰ লেখিয়াকৈ উচ্চবর্ণৰ লােকসকলেও পশ্চিমীয়া উন্নত সমাজসমূহৰ জীৱন প্রণালী অনুকৰণ কৰি নিজৰ প্ৰস্থিতি অধিক উন্নত কৰাৰ প্রচেষ্টা চলায় । এইদৰে পশ্চিমীয়া উন্নত সমাজৰ আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি , আদব – কায়দা আয়ত্ত কৰিবলৈ চলােৱা প্রচেষ্টাকে পাশ্চাত্যকৰণ বােলা হয় । 

সমাজতান্ত্রিক শ্রীনিবাসে বিশেষকৈ ইউৰােপীয় লােকৰ আৰ্হিত ভাৰতীয় লােকসকলে খােৱা – বােৱা , চাল – চলন , কথা বতৰা , থকা – মেলা আদি প্রথাবােৰ অনুকৰণ কৰি বিশেষ ধৰণৰ জীবন প্রণালী গঢ় দিয়াকে পাশ্চাত্যকৰণ আখ্যা দিছে । মুঠতে , প্রাচীন ভাৰতবৰ্ষত জাতি ব্যৱস্থাৰ যি ৰক্ষণশীল ব্যৱস্থা প্রচলিত আছিল তাৰ বিপৰীতে পাশ্চাত্যকৰণৰ জৰিয়তে উচ্চবৰ্ণৰ হিন্দুৰে পশ্চিমীয়া জীৱন প্রণালীক অনুকৰণ কৰে আৰু নিম্নবর্ণ হিন্দুসকলে ব্রাহ্মণ আদি উচ্চ জাতিসমূহৰ সামাজিক ব্যৱস্থা অনুকৰণ কৰি সংস্কৃতকৰণৰ জৰিয়তে নিজৰ প্ৰস্থিতি উন্নীত কৰে । অৱশ্যে নিম্ন জাতিৰ ভাৰতীয়সকলৰ মাজতাে কালক্ৰমত পাশ্চাত্যকৰণ পৰিলক্ষিত হয় ।

শ্রীনিবাসৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়ােটা প্রক্রিয়াই ভাৰতীয় সমাজত পৰিৱৰ্তন আনিছে । সংস্কৃতকৰণে জাতি কাঠামােৰ ভিতৰত আৰু পাশ্চাত্যকৰণে জাতিকাঠামােৰ বাহিৰত সামাজিক গতিশীলতাৰ সৃষ্টি কৰিছে । সেয়েহে দেখা যায় পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় মানুহে যিবােৰ সামাজিক , আচাৰ – ব্যৱহাৰ , ৰীতিনীতি আয়ত্ব কৰিছে সেইবােৰ ভাৰতীয় জাতিপ্ৰথাৰ অন্তৰ্গত নহয় , আনহাতে সংস্কৃতকৰণৰ দ্বাৰা জাতি প্ৰথাৰ ভিতৰত থকা ৰীতি নীতি , আচাৰ – ব্যৱহাৰহে নিম্ন জাতিসমূহে উচ্চ জাতিৰ পৰা গ্ৰহণ কৰে । 

উক্ত আলােচনাৰ পৰা বুজা যায় যে ভাৰতীয় সমাজ পৰিৱৰ্তনত বিশেষকৈ জাতিপ্ৰথাৰ পৰিৱর্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণে যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । 

প্রশ্ন ২। আধুনিকীকৰণ ( modernisation ) বুলিলে কি বুজা ? 

উত্তৰঃ আধুনিকীকৰণ সামাজিক পৰিৱর্তনৰ এটা পদ্ধতি । আধুনিকীকৰণ এই শব্দটো প্রথম অৱস্থাত এটা ধাৰণাহে আছিল পদ্ধতি হােৱা নাছিল । ইয়াৰ অৰ্থ আৰু ব্যাখ্যাৰ ক্ষেত্ৰত সমাজ বিজ্ঞানীসকল একমত নহয় । দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ দশকত , ইংলেণ্ড , আমেৰিকা আদি পুঁজিবাদী উদ্যোগিক দেশৰ বাৰে বিশ্বাস কৰিছিল যে— আধুনিকীকৰণেই হ’ল তৃতীয় বিশ্বৰ দেশসমূহৰ অর্থনৈতিক উন্নয়নৰ একমাত্র চাবিকাঠি । গতিকে আধুনিকৰণৰ ধাৰণাটোক , কিদৰে এই সমাজবােৰক পুঁজিবাদৰ জৰিয়তে উন্নত কৰিব পাৰি তাৰেই ব্যাখ্যা বুলি ক’ব পাৰি । 

পাশ্চাত্যৰ বিশেষজ্ঞসকলে ভাৰতৰ নিচিনা উন্নয়নশীল দেশবােৰক এনেকুৱা ব্যাখ্যাৰে পতিয়ন নিয়াব খােজে যে পুঁজিবাদী নীতিৰে অর্থনৈতিক উন্নয়ন হােৱাটো সম্ভৱপৰ । এই দৃষ্টিভংগীৰে চাবলৈ গ’লে ‘ আধুনিকীকৰণ নিৰ্ভৰ কৰে কাৰিকৰী ব্যৱস্থা আৰু ইয়াক ব্যৱহাৰ কৰা জ্ঞান ব্যৱহাৰৰ ওপৰত । ইয়াৰ উপৰি আধুনিকীকৰণ ’ সম্ভৱপৰ কৰি তুলিবলৈ হ’লে কেইটামান আগতীয়াকৈ পূৰণ কৰিবলগীয়া সামাজিক আৰু ৰাজনৈতিক উপাদান ( কাৰক ) ৰ চিনাক্ত কৰা হৈছে । এই কাৰবােৰ তলত উল্লেখ কৰা হ’ল— 

( ১ ) শিক্ষাৰ সম্প্ৰসাৰণ ।

( ২ ) গণমাধ্যমৰ উন্নয়ন ।

( ৩ ) সকলােৱে ব্যৱহাৰ কৰিব পৰা পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা ।

( ৪ ) গণতান্ত্রিক ৰাজনৈতিক সংস্থা । 

( ৫ ) বর্ধিত সংখ্যক নগৰীয়া আৰু গতিশীল জনসাধাৰণ ।

( ৬ ) যৌথ বৃহৎ পৰিয়ালৰ পৰিৱর্তে একক পবিয়াল বৃদ্ধি হােৱা আৱশ্যক ।

( ৭ ) জটিল শ্রম বিভাজন ।

( ৮ ) ধৰ্মৰ ৰাজহোৱা প্ৰভাৱ হ্রাসকৰণ ।

( ৯ ) জনসাধাৰণৰ মাজত আৱশ্যকীয় বস্তু আৰু সেৱা বিনিময় কৰাৰ বাবে উন্নত বজাৰৰ আৱশ্যক । সামাজিক ব্যৱস্থাত আগতীয়াকৈ আৱশ্যক হােৱা এই উপাদানবােৰৰ উপস্থিতিৰ ফলতে আধুনিকীকৰণৰ সৃষ্টি হয় বুলি ক’ব পাৰি । এই ক্ষেত্ৰত আধুনিকীকৰণ শব্দটো এটা বহল অর্থত ব্যৱহাৰ কৰা হৈছে । কিছুমান সমাজতত্ত্ববিদে আধুনিকীকৰণ ’ কেৱল সংৰচনাত্মক ( Structural ) দিশতে সীমিত থাকে বুলি ভাবে । আৰু আন কিছুমানে ইয়াৰ সাংস্কৃতিক দিশৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰে । অৱশ্যে আধুনিকীকৰণৰ ধাৰণাটো সামাজিক পৰিবৰ্তনৰ পদ্ধতি হিচাপে Learner’s Writing- তহে পােৱা যায় । 

Daniel Thorner- ৰ আধুনিকীকৰণৰ ৰচনাত ইয়াৰ ব্যাখ্যা এইদৰে দিছে- “Modernisation is the current term for an old process the process of social change where by less developed societies acquired characteristics common to more developed societics.” ( আধুনিকীকৰণ হ’ল এটা পুৰণি পদ্ধতিৰে নতুন প্রচলিত নামই এনে এটা সামাজিক পৰিৱৰ্তন পদ্ধতি যাৰ দ্বাৰা কম উন্নত সমাজবােৰে বেছি উন্নত সমাজৰ লগত মিল থকা বৈশিষ্ট্যবােৰ আহৰণ কৰে । গতিকে আমি ইয়াৰ দ্বাৰা ইয়াকে ক’ব পাৰোঁ যে আধুনিকীকৰণ এটা পৰিৱৰ্তন পদ্ধতি যিটোৱে এখন দেশক উন্নয়নৰ গতিশীল অৱস্থাৰ পৰা উন্নত দেশত পৰিণত কৰে । ই সমাজত অর্থনৈতিক উন্নয়ন এটা বাতাবৰণৰ সৃষ্টি কৰে । দেশখনৰ উদ্যোগীকৰণ আৰু নগৰীকৰণ , জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিয়ে উন্নয়ন বৃদ্ধি হােৱাটোক নিশ্চিত কৰে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৩। যিকেইটা পৰিৱৰ্তন প্রক্রিয়াৰ আধাৰত ভাৰতীয় সমাজৰ পৰিৱর্তনৰ বিষয়ে বুজিব পাৰি সেইকেইটা উল্লেখ কৰা । যিকোনাে এটা পৰিৱৰ্তন প্রক্রিয়াৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

প্রশ্ন ৪। সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ মানে কি বুজা ? জাতি ব্যৱস্থাৰ ওপৰত পাশ্চাত্যকৰণৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ জাতি ব্যৱস্থা ভাৰতৰ হিন্দু সমাজৰ সাংগঠনিক ভেটি । ভাৰতীয় সমাজত জাতি ব্যৱস্থা এক সুপ্রতিষ্ঠিত প্রথা , ইয়াত প্ৰতিটো জাতিৰ প্ৰস্থিতি স্থায়ী বুলি গণ্য কৰা হয় । ব্যক্তিৰ জীৱনৰ গতিশীলতা এই জাতিৰ ভিতৰতে হয় । কোনাে এটা উচ্চ জাতিৰ প্রথা , ৰীতি – নীতি আৰু বিশ্বাস অনুসৰণ কৰি নীচ জাতিৰ লােকসকলেও উচ্চ পর্যায়লৈ উন্নীত হ’ব পাৰে । আনহাতে কোনাে এটা উচ্চ জাতিৰ উচ্চ পর্যায় এটা , পাশ্চাত্যৰ ৰীতি – নীতি , আচৰণ আৰু বিশ্বাস আদি অনুসৰণ কৰা বাবে একেটা স্থানতে স্থিৰ হৈয়ে ৰব পাৰে । বর্তমানৰ জাতিপ্ৰথাৰ এই দুটা মনােভাব বুজিবৰ বাবে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ বিষয়ে তলত আলােচনা কৰা হ’ল ।

অর্থ :- সংস্কৃতকৰণ পদ্ধতিয়ে জাতি কাঠামােৰ ভিতৰৰ গতিশীলতাক বুজায় । আনহাতে পাশ্চাত্যকৰণে জাতি কাঠামােৰ বাহিৰৰ গতিশীলতাক বুজায় । 

১। সংস্কৃতকৰণ :- সমাজতাত্ত্বিক এম , এন , শ্রীনিবাস মতে সংস্কৃতকৰণ ভাৰতীয় সমাজৰ আধুনিকীকৰণৰ এটা প্রক্রিয়া । বর্তমান সমাজ ব্যৱস্থাত এটা লক্ষণীয় মনােভাব হ’ল— নিম্ন শ্রেণী বা জাতৰ লােকসকলে উচ্চ বা সম্রান্ত লােকৰ আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি , আচৰণ , বিশ্বাস আদি গ্ৰহণ কৰি নিজৰ সামাজিক স্থান উন্নত কৰিবলৈ এক প্রচেষ্টা চলা । এনে প্ৰচেষ্টাৰ ফলতে নিম্ন জাতৰ লােকসকলেও নিজৰ জাতিৰ ভিতৰতে নিম্ন স্থানৰ পৰা উচ্চ স্থানলৈ গতি কৰে । এই সামাজিক গতিশীলতাকে সংস্কৃতকৰণ বােলে । উদাহৰণস্বৰূপে ভাৰতৰ কিছুমান নিম্ন জাতিৰ লাৈকে উচ্চ জাতিবােৰৰ পিন্ধন – উৰণ , খাৱন – দাৱন , চলন – ফুৰণ , আচাৰ – ব্যৱহাৰ , ধর্মীয় বিশ্বাস , আদি অনুসৰণ কৰি তেওঁলােকৰ মাজত প্রচলিত কুসংস্কাৰ , কুপ্রথা , অন্ধবিশ্বাস এৰি , শিক্ষা – দীক্ষা লৈ নিজৰ সামাজিক স্থান যথেষ্ট উন্নত কৰিছে যাৰ ফলত বাহ্যিক দৃষ্টিত নিম্ন আৰু উচ্চ জাতিৰ পার্থক্য নাইকিয়া হৈ পৰিছে । ইয়াৰ দ্বাৰা সমাজত এটা পৰিৱৰ্তনৰ সূচনা হৈছে । 

২। পাশ্চাত্যকৰণ :- পাশ্চাত্যকৰণ সমাজ পৰিৱর্তনৰ আন এটা প্রক্রিয়া, অধ্যাপক এম , এন , শ্রীনিবাস মতে ই ভাৰতৰ জাতিপ্ৰথাৰ পৰিৱর্তনৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰিছে । যেতিয়া উচ্চ জাতৰ লােকসকলে পাশ্চাত্যৰ মনােভাৱত উদ্বুদ্ধ হৈ পশ্চিমীয়া সাজ – পাৰ , খানা – পিনা , আচাৰ – ব্যৱহাৰ , কথা – বতৰা , আচৰণ আদি অনুসৰণ কৰে আৰু জাতিৰ নিৰপেক্ষ মনােভাব লয় তাকে পাশ্চাত্যকৰণ বােলে । অধ্যাপক শ্রীনিবাসৰ মতে সংস্কৃতকৰণ জাতি – কাঠামােৰ ভিতৰত হােৱা গতিশীলতা আৰু পাশ্চাত্যকৰণ জাতি কাঠামােৰ বাহিৰত হােৱা গতিশীলতা । পাশ্চাত্যকৰণ যে উচ্চ জাতিৰ মাজতে দেখা যায় তেনে নহয় । নিম্ন জাতৰ লােকেও পাশ্চাত্যৰ আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি অনুকৰণ কৰি নিজৰ পৰ্যায়ৰ পৰিৱৰ্তন আনিব পাৰে । মুঠতে পাশ্চাত্যৰ প্ৰভাৱত পৰি জাতি ব্যৱস্থাৰ উন্নত স্থান নির্ণয় কৰা ই এক প্রক্রিয়া বুলিয়ে ক’ব পাৰি । 

সমাজতাত্ত্বিক শ্রীনিবাসে বিশেষকৈ ইউৰােপীয় লােকৰ আহিত ভাৰতীয় লােকসকলে খােৱা – বােৱা , চাল – চলন , কথা – বতৰা , থকা – মেলা আদি প্রথাবােৰ অনুকৰণ কৰি বিশেষ ধৰণৰ জীৱন প্ৰণালী গঢ় দিয়াকে পাশ্চাত্যকৰণ আখ্যা দিছে । মুঠতে , প্রাচীন ভাৰতৰ জাতি ব্যৱস্থাৰ যি ৰক্ষণশীল ব্যৱস্থা প্রচলিত হৈ আছিল তাৰ বিপৰীতে পাশ্চাত্যকৰণৰ জৰিয়তে উচ্চ বৰ্ণৰ হিন্দুৱে পশ্চিমীয়া জীৱন প্রণালীক অনুকৰণ কৰে আৰু নিম্ন বর্ণ হিন্দুসকলে ব্রাহ্মণ আদি উচ্চ জাতিসমূহৰ সামাজিক ব্যবস্থা অনুকৰণ কৰি সংস্কৃতকৰণৰ জৰিয়তে নিজৰ প্ৰস্থিতি উন্নীত কৰে । অৱশ্যে নিম্নজাত ভাৰতীয়সকলৰ মাজতাে পিছলৈ পাশ্চাত্যকৰণ পৰিলক্ষিত হয় । 

অধ্যাপক এম , এন , শ্রীনিবাসৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়ােটা প্রক্রিয়াই ভাৰতীয় সমাজৰ জাতিপ্রথাত ভালেমান পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । সংস্কৃতকৰণে জাতি কাঠামােৰ ভিতৰত আৰু পাশ্চাত্যকৰণে জাতি কাঠামােৰ বাহিৰত সামাজিক গতিশীলতাৰ সৃষ্টি কৰে । সেয়েহে দেখা যায় পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় মানুহে যিবােৰ সামাজিক আচাৰ – ব্যৱহাৰৰীতি – নীতি আয়ত্ত কৰিছে সেইবােৰ ভাৰতীয় জাতিপ্ৰথাৰ অন্তৰ্গত নহয় । আনহাতে , সংস্কৃতকৰণৰ দ্বাৰা জাতিপ্ৰথাৰ ভিতৰত থকা ৰীতি – নীতি , আচাৰ – ব্যৱহাৰহে নিম্ন জাতিবােৰে উচ্চ জাতিৰ পৰা গ্ৰহণ কৰে সেই কাৰণে কোৱা হয় পাশ্চাত্যকৰণ জাতি ব্যৱস্থাৰ বাহিৰব আৰু সংস্কৃতকৰণ জাতি ব্যৱস্থাৰ ভিতৰৰ গতিশীলতা । 

উক্ত আলােচনাৰ পৰা দেখা যায় যে ভাৰতীয় সমাজ পৰিৱৰ্তনত বিশেষকৈ জাতিপ্রথাৰ পৰিৱর্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যণে যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে । 

প্রশ্ন ৫। সংস্কৃতনিৰাকৰণ বুলিলে কি বুজা ? ভাৰতীয় সমাজত ইয়াৰ ভূমিকা কি ? 

উত্তৰঃ সংস্কৃতনিৰাকৰণে সংস্কৃতকৰণৰ ওলােটা অর্থ কৰে  । এই প্রক্রিয়াৰ জড়িয়তে সংস্কৃতকৰণ আন এটা দিশত নিৰাময় হয় বুলি ক’ব পাৰি । কাৰণ উচ্চ ‘ জাতৰ লােকসকলে যদি ‘ আগৰ ভাবধাৰা আৰু জীৱনধাৰণ পদ্ধতিৰে চলি থাকে আনহাতে নিন্ন জাতৰ লােকসকলেও সংস্কৃতকৰণৰ ফলত নিজৰ প্ৰস্থিতিৰ পৰিৱর্তন সাধন কৰে তেতিয়া বিভিন্ন জাতি ব্যৱস্থাৰ মাজত দূৰত্ব ক্রমে কমি আহিবলৈ ধৰে । এইদৰে জাতি ব্যৱস্থাত জাতিবােৰৰ মাজৰ দূৰত্ব কমি অহা প্রক্রিয়াটোক সংস্কৃতনিৰাকৰণ প্রক্রিয়া বুলি কোৱা হয় । ড ° মজুমদাৰৰ মতে উচ্চ জাতৰ লােকসকলে পাশ্চাত্যকৰণৰ প্ৰভাৱত নিম্ন জাতৰ ওচৰ চাপি অহা বুলি মত পােযণ কৰে কিন্তু ” নিম্নজাতে উচ্চ জাতৰ ওচৰ চপা কথাটো তেওঁ মানি ল’ব নােখােজে । 

সামাজিক চিন্তাবিদ সমাজে পাশ্চাত্য সংস্কৃতি আৰু সভ্যতাৰ প্ৰভাৱতে এই সংস্কৃতনিৰাকৰণ প্রক্রিয়া আৰম্ভ হােৱা বুলি ভাবে । পাশ্চাত্য শিক্ষা – দীক্ষা আৰু জীৱনধাৰণ পদ্ধতিৰ প্ৰভাবত উচ্চ জাতৰ লােকসকলে নিজৰ জীৱনধাৰণ পদ্ধতি এৰি জাতিবােৰৰ মাজৰ ব্যৱধান সংকীর্ণ কৰি আনিছে আৰু পাশ্চাত্যৰ পদ্ধতিত শ্রেণীহীন সমাজ গঢ়াৰ পথত আগবাঢ়িছে । 

ভাৰতীয় জাতি ব্যৱস্থাত পাশ্চাত্যকৰণ আৰু সংস্কৃতকৰণৰ প্ৰভাৱ :- ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱর্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ যথেষ্ট প্রভাৱ আছে বুলি বিখ্যাত ভাৰতীয় সমাজশাস্ত্রবিদ শ্রীনিবাসে মত পােষণ কৰিছে । তেওঁৰ মতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত দুয়ােটা প্রক্রিয়াৰ যথেষ্ট গুৰুত্ব আছে । 

শ্রীনিবাসৰ মতে ভাৰতবৰ্ষৰ মূল সামাজিক গাঠনি জাতি ব্যৱস্থাৰ এই দুয়াে প্রক্রিয়াৰ প্রভাৱত আমূল পৰিৱৰ্তন ঘটিছে । যেতিয়া নীচ জাতিৰ ব্যক্তিয়ে উচ্চ জাতিৰ ব্যক্তিসকলে মানি চলা ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ , ধর্ম , আচৰণ ইত্যাদি গ্রহণ কৰিবলৈ প্রচেষ্টা চলাই নিজকে উচ্চ জাতিৰ বুলি পৰিগণিত কৰাব বিচাৰে তাকে সংস্কৃতকৰণ বােলা হয় । 

ভাৰতবৰ্ষত বসবাস কৰা নিম্ন জাতিৰ লােকসকলে সদায় তেওঁলােকৰ সামাজিক প্রস্থিতি উন্নত কৰিবলৈ যত্নপৰ । প্রাক – স্বাধীনতা কালত সামাজিক ব্যৱস্থাত ভাৰতীয় সমাজৰ নিম্ন জাতিৰ ব্যক্তিসকলে সামাজিকভাৱে বাধাপ্রাপ্ত হৈ তেওঁলােকৰ নিজস্ব প্রস্থিতিৰ পৰা উধাব পৰা সম্ভৱ হােৱা নাছিল । কিন্তু স্বাধীনােত্তৰ কালছােৱাত এই নিম্ন জাতিৰ ব্যক্তিসকলক সামাজিক , আর্থিক , আৰু ধর্মীয় দিশত টনকিয়াল হ’বলৈ যথেষ্ট সুবিধা দিয়া হয় । ফলস্বৰূপে , এই নিম্ন জাতিৰ লােকসকলে উচ্চবর্ণ হিন্দুৰ সামাজিক ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ তথা জীৱন প্রণালী আয়ত্ত কৰাৰ সুবিধা পায় । উচ্চ সামাজিক ব্যবস্থাসমূহ আয়ত্ত কৰি উচ্চ জাতিৰ পর্যায়লৈ উন্নীত হােৱা এই প্রক্রিয়াকে সংস্কৃতকৰণ বােলা হয় । 

আনহাতে , নিম্ন জাতিৰ লােকসকলৰ লেখিয়াকৈ উচ্চ বৰ্ণৰ লােকসকলেও পশ্চিমীয়া উন্নত সমাজসমূহৰ জীৱন প্রণালী অনুকৰণ কৰি নিজৰ প্ৰস্থিতি অধিক উন্নত কৰাৰ প্রচেষ্টা চলায় । এইদৰে পশ্চিমীয়া উন্নত সমাজৰ আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি , আদব – কায়দা আয়ত্ত কৰিবলৈ চলােৱা প্ৰচেষ্টাকে পাশ্চাত্যকৰণ বােলা হয় । 

সংস্কৃতকৰণ প্রক্রিয়াৰ দ্বাৰা নিম্নশ্রেণীৰ লােকসকলে উচ্চশ্রেণীৰ লোকৰ জীৱনধাৰণৰ পদ্ধতি অনুসৰণ কৰি নিজকে উন্নত পর্যায়লৈ নিয়ে আনহাতে , উচ্চশ্রেণীৰ লােকে সংস্কৃতনিৰাকৰণৰ দ্বাৰা নিম্নশ্রেণীৰ ওচৰ চাপে । এই দুই বিপৰীতমুখী গতিশীলতাই সমাজত জাতি ব্যৱস্থাৰ কটকটীয়া বান্ধোন কিছু শিথিল কৰিবলৈ সক্ষম হৈছে । ড° মজুমদাৰে পাশ্চাত্য শিক্ষা – দীক্ষাৰ প্ৰভাৱতে এই উদাৰতা আৰু সহনশীলতাৰ ভাব উচ্চজাতৰ লােকৰ মাজত ঠাই পােৱা বুলি ভাবে । এই সংস্কৃতনিৰাকৰণ প্রক্রিয়াই ভাৰতীয় সমাজ ব্যৱস্থাত বিশেষকৈ জাতি ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । 

প্রশ্ন ৬। যি কেইটা পৰিৱৰ্তন প্রক্রিয়াৰ আধাৰত ভাৰতীয় সমাজৰ পৰিবৰ্তনৰ বিষয়ে বুজিব পাৰি সেইকেইটা উল্লেখ কৰা । যি কোনাে এটা পৰিৱৰ্তন প্রক্রিয়াৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ( ক ) বর্তমান ভাৰতীয় সমাজ ব্যৱস্থাৰ সাধাৰণতে চাৰিটা প্রক্রিয়াৰে পৰিৱর্তন হােৱা দেখা যায় । এই প্রক্রিয়া চাৰিটা হ’ল— 

( ১ ) সংস্কৃতকৰণ ( Sanskritisation ) 

( ২ ) পাশ্চাত্যকৰণ ( Westernisation ) 

( ৩ ) উদ্যোগীকৰণ ( Industrialisation ) 

( ৪ ) নগৰীকৰণ ( Urbanisation ) 

প্রশ্ন ৭। আধুনিক ভাৰতৰ সমাজ পৰিবৰ্তনৰ দুটা গুৰুত্বপূর্ণ প্রক্রিয়া বর্ণনা কৰা । নাইবা , আধুনিক শিক্ষাক ভাৰতৰ আধুনিকীকৰণৰ এক কাৰক হিচাপে আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

প্রশ্ন ৮। ভাৰতৰ নৱ – চেতনাৰ যুগত প্রার্থনা সমাজ আৰু আর্য সমাজৰ ভূমিকা সম্বন্ধে এটি সমীক্ষা আগবঢ়োৱা । নাইবা , সামাজিক সংস্কাৰ প্ৰৱৰ্তন কৰি সংস্থা দুটাৰ চমু বিৱৰণ দিয়া । 

উত্তৰঃ  নৱ – চেতনাৰ যুগঃ মােগল যুগত আৰু ইংৰাজ কোম্পানীৰ শাসনৰ আদি ছােৱাত হিন্দু ধর্ম সংকীর্ণ , কু – সংস্কাপন্ন , আৰু গােড়ামিৰ মাজত ডুব গৈ আছিল । বংগদেশৰ সমাজ সংস্কাৰক ৰাজা ৰামমােহন ৰায়ে সর্বপ্রথমে হিন্দু ধর্মক সংস্কামুক্ত কৰাৰ কথা চিন্তা কৰে । ৰাজা ৰামমােহন ৰায়ৰ ধৰ্ম সংস্কাৰ আন্দোলনক তিনিটা ভাগত ভগাব পাৰি— 

( ১ ) পাশ্চাত্য যুক্তিবাদী ধর্ম ।

( ২ ) প্রাচীন ভাৰতীয় ঐতিহ্যগত মূল ধর্ম । আৰু

( ৩ ) দুয়ােধাৰাব মধ্যপন্থী সমন্বয়বাদী ধর্ম আন্দোলন । 

হিন্দু ধৰ্মৰ কিছুমান সংকীর্ণ আৰু কু – সংস্কাৰাপন্ন প্রথা পাশ্চাত্য শিক্ষাবে শিক্ষিত লােকে ভাল নাপাইছিল । সেইবােৰ কাৰণতে ৰাজা ৰামমােহন ৰায়ে ১৮২৮ খ্রীঃত ব্রাহ্মসভা প্রতিষ্ঠা কৰে । এই অনুষ্ঠানৰ দ্বাৰা তেওঁলােকে মূর্তি পূজাৰ প্রতিবাদ কবি একেশ্বৰবাদব প্ৰচাৰ আৰম্ভ কৰে । ব্রাহ্মসভাৰ সভ্যভুক্তিৰ দুৱাৰ সকলাে ধৰ্মৰ মানুহৰ বাবে ভােলা আছিল । ইয়াৰ কিছুদিন পাছত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ পৌৰােহিত্যত এই সভাক ব্রাহ্মসমাজ নাম দিয়া হয় । পাছত ব্রাহ্মসমাজত কেশবচন্দ্র সেনেও যােগদান কৰে । তেওঁৰ নেতৃত্বত ব্রাহ্মসমাজ নাম দিয়া হয় । পাছত ব্রাহ্মসমাজত কেশবচন্দ্র সেনেও যােগদান কৰে । তেওঁৰ নেতৃত্বত ব্রাহ্মসমাজে জাতিভেদ প্রথা , বাল্যবিবাহ , বহু বিবাহ , পর্দাপ্রথা আদি কু – সংস্কাৰৰ বিৰুদ্ধে প্রস্তাব গ্রহণ কৰে । 

প্রার্থনা সমাজ :- প্রার্থনা সমাজৰ ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ঢৌৱে মহাৰাষ্ট্ৰলৈকে প্ৰসাৰতা লাভ কৰে । তাত মহাদেৱ গােবিন্দ ৰাণাডে ব্রাহ্ম সমাজৰ অনুকৰণত প্রার্থনা সমাজ প্রতিষ্ঠা কৰে আৰু ধর্মীয় কুসংস্কাৰবােৰৰ বিৰুদ্ধে যুঁজিবলৈ স্থিৰ কৰে । ওপৰত আলােচনা কৰা দুয়ােখন সমাজেই পাশ্চাত্য যুক্তিবাদৰ ওপৰত প্রতিষ্ঠিত আছিল । জাতিভেদ প্রতিৰোধ , অস্পৃশ্যতা বর্জন , অসবর্ণ – বিবাহ , বিধৱা – বিবাহ , বিভিন্ন সম্প্রদায়ৰ মাজত খােৱা – লােৱা , নিম্নখাপৰ মানুহৰ উন্নয়ন আদি কার্যত এই সমাজে জোৰ দিছিল । 

আর্য সমাজ :– কিন্তু গুজৰাটৰ পণ্ডিত দয়ানন্দ সৰস্বতীয়ে কেৱল হিন্দু প্রাচীন শাস্ত্র ভিত্তিৰে হিন্দু সমাজৰ কু – প্রথাবােৰ দূৰ কৰিবলৈ যত্ন কৰি আর্য সমাজ প্রতিষ্ঠা কৰে । তেওঁৰ মতে আধুনিক যুগৰ জ্ঞান – বিজ্ঞানৰ সকলাে কথা বেদৰ ভিতৰতে পােৱা যায় । তেওঁৰ মতে আধুনিক যুগৰ জ্ঞান – বিজ্ঞানৰ সকলাে কথা বেদৰ ভিতৰতে পােৱা যায় । তেওঁ বেদৰ ব্যাখ্যা দাঙি ধৰি জনসাধাৰণক অভিভূত কৰি তুলিছিল । তেওঁ স্ত্রী – শিক্ষা , বিধৱা – বিবাহ আৰু শুদ্ধি আন্দোলনৰ দ্বাৰা আন ধৰ্মৰ লােকক হিন্দু ধৰ্মলৈ ধর্মান্তৰিত কৰাৰ ব্যৱস্থা কৰি হিন্দু ধর্মক এক নতুন জীৱন দান কৰে । ইয়াৰ পাছতে ১৯ শতিকাৰ ধৰ্ম আন্দোলনত অপৰিসীম অৱদান । যােগায় ৰামকৃষ্ণ পৰমহংসদেৱে । তেওঁ ‘ যত মত তত পথ ’ নীতি প্রচাৰ কৰি সকলাে প্ৰকাৰ ধর্ম মতৰ সমন্বয় ঘটায় । 

তেওঁ আচাৰ – অনুষ্ঠান আৰু সংকীর্ণতা পৰিহাৰ কৰি মানৱতাক সর্বোচ্চ স্থান দিয়ে । তেওঁৰ শিষ্য স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ বেদ – বেদান্ত আৰু দৰ্শনৰ মূল তত্ত্ব কথা বিশ্ববাসীক অৱগত কৰাবলৈ সক্ষম হৈছিল । তেওঁৰেই হিন্দু ধর্মত সমাজ সেৱাৰ আদর্শ সঞ্চাৰ কৰে । দৰিদ্ৰ , অৱহেলিত মানৱৰ সেৱাই তেওঁৰ মতে প্রকৃত ধর্ম । তেওঁ প্রাচীন ভাৰতীয় সভ্যতাৰ গৌৰৱৰ কথা ভাৰতবাসীক স্মৰণ কৰাই দিয়ে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top