Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন

Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন and select needs one.

Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱর্তন Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। ঔদ্যোগীকৰণ বুলিলে কি বুজা ? সমাজত দেখা দিয়া ঔদ্যোগীকৰণৰ ফলাফল এটি বিৱৰণ দিয়া । 

উত্তৰঃ ঔদ্যোগীকৰণ কি ? :- ১৮ শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ সকলো প্রগতিবাদী সমাজৰে বিশেষভাৱে ইঙ্গিত লক্ষ্য আৰু উদ্দেশ্য হ’ল ‘ ঔদ্যোগীকৰণ । ক্রমে বর্ধিত সমাজখনৰ বর্ধিত চাহিদা পূৰণৰ বাবে আওপুৰণি পৰম্পৰাগত উৎপাদন ব্যৱস্থা অপাৰগ হােৱাৰ পিছত মানুহৰ বৈজ্ঞানিক চিন্তা – চৰ্চাৰ ফলত নানা যন্ত্রপাতি , কলা – কৌশলৰ আৱিষ্কাৰ হয় । ইউৰােপত হােৱা এলানি আৱিষ্কাৰে ইংলণ্ডত শিল্প বিপ্লৱৰ সৃষ্টি কৰে । এই বিপ্লরে আবিষ্কাৰ কৰা নতুন নতুন যন্ত্রপাতি , বাষ্পচালিত ইঞ্জিন আদি উৎপাদন ব্যৱস্থাত ব্যৱহাৰ কৰি সমাজত এক আমূল পৰিৱর্তনৰ সূচনা কৰে । উৎপাদন ব্যবস্থাত মানুহৰ কায়িক বা শাৰীৰিক শ্ৰমৰ পৰিৱর্তে যন্ত্রপাতি , নানা ইঞ্জিন – মেচিন আদিৰ ব্যৱহাৰ কৰা প্রক্রিয়াটোকে উদ্যোগীকৰণ বুলি ক’ব পাৰি । 

আধুনিক যুগত বর্ধিত জংসংখ্যাৰ বর্ধিত চাহিদা পূৰণৰ বাবে , পৃথিৱীৰ সকলাে দেশেই উৎপাদন ব্যৱস্থাৰ এক আমূল পৰিৱর্তন সাধন কৰি উৎপাদন বৃদ্ধি কৰা উদ্দেশ্যে বৃহৎ উদ্যোগ স্থাপন কৰি নানা যন্ত্রপাতি , ইঙিন কল – কাৰখানা স্থাপন কৰি অপর্যাপ্ত পৰিমাণে বিভিন্ন সামগ্ৰীৰ উৎপাদন কৰিবলৈ সক্ষম হয় । এইদৰে উদ্যোগৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱর্তন অনা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বােলে । 

ঔদ্যোগীকৰণৰ ফলত বিভিন্ন সামগ্ৰীৰ উৎপাদন ব্যবস্থা আমূল পৰিৱৰ্তন দেখা দিলে বস্ত্র উদ্যোগ , যাতায়ত – পৰিবহণ ব্যৱস্থা , ৰাস্তা – ঘাটৰ উন্নতি , কৃষি কাৰ্যৰ উন্নতি আদি নানা দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হয় । 

পৃথিৱীৰ সকলাে দেশতে ঔদ্যোগীকৰণৰ প্ৰভাৱে এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হয় । ঔদ্যোগীকৰণৰ ফলত সকলাে দেশেই প্রাকৃতিক সম্পদজি উদ্ভাৱন কৰি বিভিন্ন অত্যাধু সামগ্রী উৎপাদন কৰিবলৈ সক্ষম হয় । 

ঔদ্যোগীকৰণৰ ফলাফল বা প্রভাব :

( ক ) কুফলবােৰঃ

১। ঔদ্যোগীকৰণ বিকাশৰ লগে লগে আর্থিক জীৱনৰ কেন্দ্র গ্রামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ স্থানান্তৰিত হয় । ঔদ্যোগীকৰণে নগৰীকৰণ সৃষ্টি কৰে ফলত নতুন নতুন নগৰ – চহৰ সৃষ্টি হ’বলৈ ধৰিলে । হাজাৰ হাজাৰ লােকৰ গাঁওৰ পৰা নগৰলৈ কর্মসংস্থানৰ বাবে প্ৰব্ৰজন হ’বলৈ আৰম্ভ কৰে । 

২। বৃহৎ ঔদ্যোগিক দেশবােৰত উদ্যোগৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ , কৃষিৰ পৰা হােৱা আয়তকৈ বহু গুণে বেছি হৈছিল । ফলত সেইবােৰ দেশৰ জাতীয় আয় যথেষ্ট বৃদ্ধি পাইছিল । 

৩। বৃহৎ ঔদ্যোগবােৰলৈ কেঁচা সামগ্রী আমদানি আৰু উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ বাৱে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হয় । ৰাস্তা – ঘাটৰ যথেষ্ট উন্নতি সাধন হয় । ইয়াৰ ফলত যােগাযােগ ব্যৱস্থা উন্নত হয় । 

৪। ঔদ্যোগীকৰণৰ ফলত নগৰ – চহৰবােৰত বৃদ্ধি পােৱা জনসংখ্যাই আন কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল । জনসংখ্যা বৃদ্ধিয়ে নগৰবােৰত বাসস্থানৰ সমস্যা , স্বাস্থ্য ৰক্ষাৰ সমস্যা , পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সমস্যাই দেখা দিয়ে । গাঁওৰ পৰা নগৰলৈ যােৱা মানুহৰ অৱস্থা অতি শােচনীয় হ’বলৈ আৰম্ভ কৰে । জীৱন – ধাৰণৰ মানদণ্ড অতি নিম্ন স্তৰৰ হয় । নগৰত ঔদ্যোগবােৰৰ পৰা অহা ধোঁৱা – ছাই আদিয়ে বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰে । 

৫। ঔদ্যোগীকৰণে সমাজখনক দুটা শ্ৰেণীত ভাগ কৰে । উৎপাদনৰ আহিলাবােৰ মালিকসকল আৰু আনহাতে ঔদ্যোগবােৰত কাম কৰা শ্ৰমিকসকল । অর্থাৎ পুঁজিপতি আৰু শ্রমিক ।ইয়াৰ ফলতে ঔদ্যোগিক সমাজত শ্রেণী – সংগ্রাম সৃষ্টি হয় — কাৰণ উদ্যোগপতিসকলে সদায় মুনাফাৰ বৃদ্ধিৰ চেষ্টা কৰে আৰু আনহাতে শ্রমিকে সদায় মজুৰি বৃদ্ধিৰ বাবে চেষ্টা কৰে ফলত এই দুই বিপৰীত স্বার্থৰ সংঘৰ্য হৈ শ্রেণীসংগ্রাম আৰম্ভ হয় । 

৬। ঔদ্যোগীকৰণৰ ফলত বৃহৎ উদ্যোগবােৰত অপর্যাপ্ত সামগ্রী উৎপাদিত হয় । এই উৎপাদিত বস্তু বিক্ৰীৰ বাবে ঔদ্যোগিক দেশবােৰে পৃথিৱীৰ আন আন দেশত বজাৰ বিচাৰি উপনিবেশ স্থাপন কৰি নানা বেপাৰ – বাণিজ্য সম্প্রসাৰণ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলতে উপনিবেশবাদৰ সৃষ্টি হয় লগতে বাণিজ্যিক উন্নতি হয় । এই উপনিবেশবাদেই ক্রমে সাম্রাজ্যবাদলৈ ৰূপান্তৰিত হয় । 

৭। ঔদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে । কিন্তু ঔদ্যোগীকৰণৰ উচ্চ পর্যায় পােৱা দেশবােৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ ক্ৰমে কমি জনসংখ্যা বৃদ্ধিৰ হাৰ এটা স্থিৰ পর্যায়লৈ আহে । ইয়াৰ ফলত দেশত জনমূৰি আয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে লগে লগে সামগ্ৰীৰ চাহিদাও বৃদ্ধি পায় আৰু ক্ৰমে জনসাধাৰণৰ জীৱন নির্বাহৰ মানদণ্ড উন্নত হয় । 

৮। ঔদ্যোগীকৰণে ক্রমে আধুনিক শিক্ষা – দীক্ষা , কাৰিকৰী প্রশিক্ষণ আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধা প্রদানৰ দ্বাৰা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধি কৰে । 

৯। ঔদ্যোগীকৰণে ঔদ্যোগিক সংগঠনৰাে পৰিৱৰ্তন আনে । ক্রমে উদ্যোগ প্রতিষ্ঠান কার্যাবলী বৃদ্ধি হােৱাৰ ফলত এজনীয়া মালিকী ব্যৱস্থাৰ পৰিৱর্তে সংযুক্ত মালিকী ব্যৱস্থাৰ প্রবর্তন হ’বলৈ ধৰে ফলত কোম্পানী , সংযুক্ত কোম্পানীৰ সৃষ্টি হয় । 

১০। ঔদ্যোগীকৰণে পৃথিৱীৰ দেশবােৰক দুটা ভাগত ভাগ কৰিছে– 

( ক ) ঔদ্যোগিক । আৰু 

( খ ) অনুদ্যোগিক । 

ঔদ্যোগিক দেশবােধে বৃহৎ উদ্যোগবােৰত কেৱল উৎপাদন কৰে । অনুদ্যোগিক দেশবােৰে ঔদ্যোগিক দেশবােৰক কেঁচা সামগ্রীৰ যােগান ধৰাৰ উপৰি উৎপাদিত সামগ্ৰীৰ বজাৰ হিচাপেও কাম কৰে । 

১১। ঔদ্যোগীকৰণে শ্ৰমিকসকলৰ মাজত ঐক্যবদ্ধতাৰ ভাব সৃষ্টি কৰে । শ্ৰমিকসকলে  নিজৰ অধিকাৰ সাব্যস্ত আৰু আদায় কৰাৰ বাবে শ্রমিক সংগঠনবোৰ গঢ়ি তােলে । ইয়াৰ ফলত সৃষ্টি হয় সমাজবাদী ভাৱধাৰাৰ ।

১২। ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত সমাজত নিবনুৱা সমস্যা সৃষ্টি হয় । মানুহৰ কায়িক শ্ৰমৰ ঠাইত যন্ত্রপাতি কল – কাৰখানাত উৎপাদন হােৱা ব্যৱস্থাই মানুহৰ শাৰীৰিক শ্ৰমৰ আৱশ্যকতা কমাই আনে । বহু – মানুহৰ শ্ৰমৰ পৰিৱর্তে এটা মেচিন বা ইঞ্জিন আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিয়ে উৎপাদন কার্য চলাব পৰা হ’ল , ফলত মানুহৰ শ্ৰমৰ আৱশ্যকতা কমি আহে । এই ব্যৱস্থাই ঔদ্যোগিক দেশবােৰত উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি কৰে । 

( ক ) কুফলবােৰঃ

১। ঔদ্যোগীকৰণে জনসংখ্যা বৃদ্ধি কৰি বিপুল জনসমাগমৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত নগৰীয়া অঞ্চলত বাসস্থানৰ অভাৱ গঢ়ি তােলে । খুউব কম ঠাইতে ঘন ঘনকৈ বসবাস কৰিব লগা হয় । সাধাৰণ মানুহনগৰত বাসস্থানহীন হৈ পৰে । নগৰৰ চাৰিওফালে বস্তি ক্ষেত্ৰ গঢ়লৈ উঠে এক অপৰিষ্কাৰ , লেতেৰা পৰিৱেশ গঢ়ি উঠে আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয় । বৃহৎনগৰ – চহৰবােৰত অসংখ্য লােক পদ পথতে ৰাতি কটোৱা এটা সাধাৰণ ব্যৱস্থা গঢ়ি উঠে । 

২। ঔদ্যোগীকৰণৰ ফলতে বৃহৎ উদ্যোগবােৰৰ ধোঁৱা – ছাই আৰু পৰিত্যক্ত নানা ৰাসায়নিক বস্তুই নগৰৰ জলবায়ু বিষাক্ত কৰি তােলে । এই ধোঁৱা আৰু ৰাসায়নিক বস্তুই নানা বেমাৰ আজাৰৰ সৃষ্টি কৰে । যান – বাহনৰ ধোঁৱা – ধূলি , শব্দ আদিয়ে নগৰৰ পৰিৱেশ কদর্য কৰি তােলে । 

৩। ঔদ্যোগীকৰণে সমাজখনক দুটা বিৰােধী শ্ৰেণীত বিভক্ত কৰি তােলে । উদ্যোগবােৰৰ মালিক শ্ৰেণী আৰু উদ্যোগবােৰত কাম কৰা শ্রমিক শ্রেণী এই দুয়ােটা শ্ৰেণীৰ স্বার্থ বিপৰীতমুখী । মালিকসকলে সদায় তেওঁলােকৰ মুনাফা বৃদ্ধিৰ বাবে চেষ্টা কৰে আনহাতে শ্রমিকবােৰে সদায় তেওঁলােকৰ মজুৰি বৃদ্ধিৰ চেষ্টা কৰে । ইয়াৰ ফলত দুয়ােটা শ্ৰেণীৰ সংঘর্ষত দুটা শ্রেণী সংগ্রামে গঢ় লৈ উঠে । 

৪। ঔদ্যেগীকৰণে সমাজত মানুহক কর্মব্যস্ত কৰি তােলে । প্ৰায়বােৰ মানুহ একোটা যন্ত্র পৰিণত হ’বলৈ আৰম্ভ কৰে । কাম আৰু স্বার্থৰ বাহিৰে আন একো চিন্তা নকৰে । আত্মকেন্দ্রিক হৈ পৰে সমূহীয়া কামত অনিহা আহে । আন মানুহৰ লগত সম্পর্কহীনতা গঢ়ি উঠে । পৰস্পৰ মাজত সম্পর্ক নাইকিয়া হয় । ওচৰ – চুবুৰীয়াৰ লগত সম্পর্ক নাথাকে । 

নিজৰ পৰিয়ালকলৈয়ে ব্যস্ত থাকে । এইদৰে ঔদ্যোগীকৰণে পৃথিৱীৰ প্ৰায়বােৰ দেশৰে সামাজিক আৰু আর্থিক দিশত এক কুফল দেখা দিছে । আমুল পৰিৱৰ্তন আনি দিছে । এই পৰিৱর্তনৰ ফলত ওপৰত উল্লেখ কৰা নানা সুফল আৰু 

প্রশ্ন ২। ‘ঔদ্যোগীকৰণ’ আৰু নগৰীকৰণে ভাৰতীয় সমাজত সৃষ্টি কৰা সামাজিক  সমস্যাৱলী আলোচনা কৰা । নাইবা নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ মাজৰ সম্বন্ধ দেখুওৱা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

প্রশ্ন ৩। ঔদ্যোগীকৰণ প্রক্রিয়াই ভাৰতীয় সমাজত কেনে ধৰণৰ পৰিৱর্তন সাধন কৰিছে । উদাহৰণসহ আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ পৰিয়াল পদ্ধতিৰ পৰিৱর্তনৰ প্ৰধান কাৰণসমূহৰ বিষয়ে আলােচনা কৰিবলৈ হ’লে আমি আধুনিক যুগত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আৰম্ভ হােৱা পৰিৱৰ্তনৰ ওপৰতহে বেছি গুৰুত্ব আৰােপ কৰিব লাগিব । ইংৰাজসকল ভাৰতলৈ অহাৰ পাছৰে পৰা পশ্চিমীয়া শিক্ষা – সংস্কৃতিয়ে আৰু ঔদ্যোগীকৰণে সামাজিক ব্যৱস্থাত বিশেষকৈ পৰিয়াল পদ্ধতিত আমূল পৰিৱর্তনৰ সূচনা কৰে । তলত কাৰণসমূহ আলােচনা কৰা হ’ল— 

সামাজিক পৰিৱৰ্তন ঔদ্যোগীকৰণৰ প্ৰভাৱঃ ঔদ্যোগীকৰণ ব্যৱস্থাই মধ্য যুগৰ সামাজিক স্থবিৰতা হ্ৰাস কৰাত সহায় কৰে । ঔদ্যোগীকৰণ ব্যৱস্থাই বহুতাে ব্যৱসায় বৃত্তিৰ সা – সুবিধা আনে । মানুহে এনে সুবিধা গ্রহণৰ বাবে নিজৰ ঠাই এৰি আন ঠাইলৈ যাব লগা হয় । ঔদ্যোগীকৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ তলত দিয়া পৰিৱৰ্তনবােৰৰ ক্ষেত্ৰত –

১। নতুন বৃত্তিৰ উদ্ভৱ :- ঔদ্যোগীকৰণৰ ফলত ভাৰতত বিভিন্ন বিভাগত অসংখ্য নতুন বৃত্তিৰ সৃষ্টি হয় । মানুহে জীৱিকা অর্জনৰ কাৰণে নিজ পৰিয়ালৰ পৰা আঁতৰি গৈ বেলেগ বৃত্তি লৈ জীৱন নির্বাহ কৰিবলৈ আৰম্ভ কৰে । নগৰ – চহৰত মানুহে কম পৰিশ্ৰমত সহজে ধন ঘটাৰ বাবে নিজৰ পৰিয়াল বা গাঁও এৰি নগৰলৈ যাব লগা হয় । ইয়াৰ ফলত পৰিয়ালত পৰিৱর্তনে দেখা দিয়ে । 

২। কুটীৰ – শিল্পৰ অৱনতি :- নতুন উদ্যোগবােৰত উৎপাদিত সামগ্ৰীৰ লগত গাঁৱলীয়া কুটীৰ – শিল্পৰ সামগ্ৰীয়ে ফেৰ মাৰিব নােৱাৰা হ’ল ফলত কুটীৰ – শিল্পৰ অৱনতি হ’বলৈ ধৰে । মানুহে কুটীৰ – শিল্প এৰি বৃহৎ উদ্যোগবােৰত কাম – কাজৰ অনুসন্ধান কৰিবলৈ ধৰে । 

৩। নগৰীয়া বাতাবৰণ :- উদ্যোগ কেন্দ্রবিলাক গঢ়ি উঠাৰ লগে লগে সেই ঠাইবােৰত নগৰৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । নগৰ – চহৰবােৰত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বাঢ়িবলৈ ধৰে । নগৰ – শিক্ষা – দীক্ষা আদিৰ সা – সুবিধা বৃদ্ধি হ’বলৈ ধৰে । নগৰৰ আধুনিক সা – সুবিধাই গাঁওৰ শিক্ষিত মানুহক আকর্ষণ কৰিবলৈ ধৰে । গাঁওৰ পৰা নগৰলৈ এটা প্ৰব্ৰজনৰ সোঁত ৰবলৈ ধৰে । 

৪। নগদ ধনৰ প্ৰচলন :- ঔদ্যোগীকৰণৰ লগে লগে শ্ৰমিকৰ মজুৰি নগদ ধনেৰে দিয়াৰ নিয়ম প্রচলন হ’ল । নগদ টকাৰে কাৰ্য্যৰ পৰিমাণ স্থিৰ কৰাৰ নিয়ম প্রচলন হ’ল । ফলত ব্যক্তিবাদী চিন্তাধাৰাই গা কৰি উঠাত যুটীয়া পৰিয়ালৰ ৰক্ষণশীল বান্ধোনত সংঘাতে দেখা দিলে । যুটীয়া আয় – ব্যয়ৰ কথা এৰি মানুহে ব্যক্তিগত চিন্তা কৰিবলৈ ল’লে । 

৫। বাসস্থানৰ সমস্যা :- ব্যৱসায় , চাকৰি, শিক্ষা আদিৰ সুবিধা গ্রহণৰ বাবে নগৰত বাস কৰিবলগীয়া হােৱাত নগৰবােৰত বাসস্থানৰ সমস্যাই দেখা দিয়ে । গতিকে পৰিয়ালবােৰ সৰু সৰু হ’বলৈ ধৰে আৰু যুটীয়া পৰিয়াল লােপ পাবলৈ আৰম্ভ কৰে । 

৬। নাৰীৰ কর্মসংস্থান ব্যবস্থা :- ঔদ্যোগীকৰণে কেৱল পুৰুষকেই যে সুবিধা প্রদান কৰিছে তেনে নহয় , শিক্ষিত নাৰীসকলকো পুৰুষৰ সমানেই কর্মসংস্থানৰ সা – সুবিধা আগবঢ়াইছে । নাৰীয়ে পুৰুষৰ সমানে ধন উপার্জন কৰিব পৰা হােৱাত পুৰুষৰ ওপৰত থকা নিৰ্ভৰশীলতা লাহে লাহে হ্রাস পাবলৈ ধৰে । নাৰীৰ সমান অধিকাৰ আৰু মৰ্য্যাদাৰ দাবীয়ে সংৰক্ষণশীল পৰিয়ালৰ ভেটি ল’বাই দিয়ে । নাৰীৰ স্বাধীনতা আৰু মুক্তিৰ হাবিয়াসে পৰিয়ালৰ এটা আমূল পৰিৱৰ্তন আনে । 

৭। যাতায়তৰ উন্নতি :- ব্রিটিছ শাসনৰ শেষ ফালে আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা যাতায়ত আৰু পৰিবহণৰ লগত যােগাযােগ ব্যৱস্থাৰ যথেষ্ট পৰিৱর্তন হয় । এইবােৰে বাণিজ্য ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যােৱাত যথেষ্ট সুবিধা হয় । 

৮। পৰিয়ালৰ কাম – কাজৰ পৰিৱর্তন :- কৃষিজীৱী পৰিয়ালত সামূহিক বা সন্মিলিত শ্ৰমৰ আৱশ্যক । পুৰুষ – মহিলাৰ মাজত শ্ৰমৰ বিভাজন আছিল । কিন্তু ঔদ্যোগীকৰণে পাৰিবাৰিক কাম – কাজৰ মৌলিক পৰিৱৰ্তন ঘটোৱাত , পৰিয়ালত সন্মিলিত শ্ৰমৰ আৱশ্যক নােহােৱা হ’ল ।

৯। ধৰ্ম আৰু ব্যক্তিৰ যোেগ্যতাৰ ওপৰত গুৰুত্ব :- ঔদ্যোগিক সমাজত ধন – সম্পদৰ মাধ্যমতহে সামাজিক প্রস্থিতি , মর্যাদা প্রতিষ্ঠা আদি নির্ণয় কৰা হ’বলৈ ধৰে । এই সমাজত সম্পদ আহৰণৰ বাবে ব্যক্তিগত যােগ্যতাৰ একান্ত প্রয়ােজন হ’বলৈ ধৰে । ৰক্ষণশীল যুটীয়া পৰিয়ালৰ বান্ধোনত মানুহে ব্যক্তিগত যােগ্যতাৰ উন্নতি সাধন কৰিব নােৱাৰা হ’ল । গতিকে মানুহে সেই বান্ধোন ভাঙি দিবলৈ ধৰে । 

১০। জনসংখ্যা বৃদ্ধি আৰু আর্থিক ব্যৱস্থা :- যুটীয়া পৰিয়ালত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰাত সীমিত আয় বা পৰিসৰত সীমিত পৰিমাণৰ মাটিয়ে পৰিয়ালবােৰক আর্থিক নাটনি সন্মুখীন কৰে ফলত অচল হৈ পৰে । এই পৰিয়ালবােৰ যুটীয়া পৰিয়ালবােৰ বােজা স্বৰুপ নিবনুৱা ডেকা – গাভৰুসকল আত্মনিৰ্ভৰশীল হৈ ওলাই আহিবলৈ ধৰে । 

১১। আধুনিক শিক্ষা :- আধুনিক শিক্ষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে মানুহৰ মনত ব্যক্তিবাদ , সমতা , স্বতন্ত্রতা আদি চিন্তাধাৰাই গা কৰি উঠে । বিশেষকৈ ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া সংস্কৃতিয়ে সমগ্ৰ ভাৰতীয় সমাজ ব্যৱস্থাত এটা আমূল পৰিবৰ্তনৰ সূচনা কৰে । শিক্ষাই মানুহৰ সংকীর্ণতা আঁতৰাই উদাৰ দৃষ্টিভংগীৰ সৃষ্টি কৰে । শিক্ষাই মানুহৰ সহনশীলতা , বুজাপৰা , যুক্তি আৰু শুদ্ধভাৱে চিন্তা কৰাৰ পথ প্রশস্ত কৰে । শিক্ষাই মানুহৰ মানসিক উৎকর্ষতা বৃদ্ধি কৰে । গতিকে শিক্ষা আধুনিকীকৰণৰ এক গুৰুত্বপূর্ণ কাৰক । আগৰ যুটীয়া পৰিয়ালৰ পৰিৱর্তে একক পৰিয়ালৰ প্রতি ভাৰতীয়সকল বেছি আকর্ষিত হয় । ব্যক্তিগত পৰিয়ালত যিমান স্বাধীনতা স্বতন্ত্রতা আৰু আন সা – সুবিধা পাব পাৰি যুটীয়া পৰিয়ালত তেনে সা – সুবিধা পােৱাকৈ সম্ভৱ নহয় । 

১২। আইনৰ প্ৰভাৱ :- স্বাধীনােত্তৰ কালৰ বিবাহ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় আইনবােৰৰ প্ৰভাৱ বিশেষ তাৎপর্যপূর্ণ । আন্তর্জাতিক বিবাহ অনুমােদনৰ ফলত ৰক্ষণশীলতাৰ কেন্দ্রস্বৰূপ যুটীয়া পৰিয়ালৰ বান্ধোন সােলক – ঢােলক হৈ পৰিছে । নাৰীক পুৰুষৰ সমানে সম্পত্তিৰ অধিকাৰ দিয়াত নাৰীয়ে পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পৰা হ’ল । বিবাহক আগতে যিদৰে ধর্মীয় সংস্কাৰ বুলি ধৰা হৈছিল , বিবাহ সম্পর্কীয় নতুন আইনে সেই ধাৰণাৰ সলনি কৰিছে । 

ওপৰত আলােচনা কৰা বিভিন্ন কাৰণত সামগ্রিকভাৱে পৰিয়াল সংৰচনা পদ্ধতিৰ সঘন পৰিৱৰ্তন পৰিলক্ষিত হৈছে । অৱশ্যে এই পৰিৱর্তসমূহৰ নানা সুফলৰ লগতে অনেক কুফলাে নােহােৱা নহয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৪। নগৰীকৰণ মানে কি বুজা ? ভাৰতবৰ্ষত নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি বিৱৰণ দিয়া । নাইবা , নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ১। পৰিচয় :- সকলাে সমাজতে নগৰীকৰণৰ দিশত এটা গতি প্রচলিত হৈ আহিছে । মানুহ গাঁওৰ পৰা নগৰলৈ প্ৰব্ৰজন কৰে আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ লয় । কিছুমান সমাজত নগৰীকৰণৰ গতি খৰতকীয়া আৰু আন কিছুমানত ইয়াৰ গতি লেহেম । বিশেষভাৱে ক’বলৈ হ’লে পাশ্চাত্যৰ দেশবােৰত কাৰিকৰী উন্নয়ন বেছি হােৱা বাবে তুলনামূলকভাৱে নগৰীকৰণৰ গতি অতি খৰ আৰু প্ৰাচ্যৰ দেশসমূহত কাৰিকৰী উন্নয়ন কম হােৱা বাবে নগৰীকৰণৰ গতি লেহেম । 

২। নগৰীকৰণ কি :- নগৰীকৰণ এনে এক সামাজিক প্রক্রিয়া যাৰ লগত সমাজখনৰ অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পর্ক আছে । নগৰীকৰণ হ’ল নগৰ এখনত প্ৰব্ৰজনৰ বাবে জনসংখ্যা একত্রিত হােৱাৰ আৰু এই জনসংখ্যাৰ পৰিসৰ আৰু ঘনত্ব ক্রমে বৃদ্ধি হােৱাৰ এটা প্রক্রিয়া । মিটলেৰ মতে , নগৰ গঠনৰ প্রক্রিয়া , নগৰলৈ গতিশীলতা , কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ বিভিন্ন ক্ষেত্রলৈ ৰূপান্তৰ আৰু আচাৰ – ব্যৱহাৰৰ পৰিৱর্তনে হৈছে নগৰীকৰণ । 

নগৰীকৰণৰ ক্ষেত্ৰত জনসংখ্যা এটা উল্লেখযােগ্য বৈশিষ্ট্য কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব , বৃত্তি , সামাজিক জীৱনধাৰণ প্রণালী আদিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও বুলি চিনাক্ত কৰা হয় । ভাৰতত নগৰ এখনৰ জনসংখ্যা কমেও দহ হাজাৰ হব লাগে । সেয়েহে ভাৰতীয় দৃষ্টিভঙ্গীৰে জাতি ব্যৱস্থাৰ , শ্রেণী ব্যৱস্থালৈ ৰূপান্তৰ , যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ ৰূপান্তৰ , কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন ঔদ্যোগিক বৃত্তিলৈ ৰূপান্তৰ আৰু গ্রামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন , পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিৰ সামগ্রিক প্রক্রিয়াকে মুঠতে নগৰীকৰণ বুলি ক’ব পাৰি । 

৩। ভাৰতৰ নগৰীকৰণ :- ভাৰত এখন গ্রাম্য প্রধান দেশ হলেও নগৰীকৰণৰ ক্ষেত্ৰত অতি পিছ পৰা দেশ নহয় । সিন্ধু সভ্যতাৰ যুগৰে পৰা আৰম্ভ কৰি মােগল যুগলৈ বিভিন্ন নগৰ চহৰৰ ইতিহাস পােৱা যায় । বৃটিছ যুগৰ আৰম্ভণিৰে পৰা ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া তুলনামূলকভাবে বৃদ্ধি পাই আহিছে । ইংৰাজৰ শাসনে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰণ , উদ্যোগীকৰণ নানা ব্যৱসায় – বাণিজ্য , পৰিবহণ , যােগাযােগ আদিৰ উন্নতিসাধন কৰে । ইংৰাজ শাসনে প্ৰৱৰ্তন কৰা এই উন্নয়নৰ ফলতে ভাৰতত নগৰীকৰণ গতি তুলনামূলকভাৱে বৃদ্ধি পায় , ভাৰতত জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ গতি অধ্যয়ন কৰিলে দেখা যায়— 

( ১ ) ১৯ শতিকাৰ পৰা নগৰত বাস কৰা জনসংখ্যাৰ পৰিমাণ ক্রমে বৃদ্ধি পাইছে আভ্যন্তৰীণ জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰব্ৰজনৰ বাবে । 

( ২ ) ১৯ শতিকাৰ তুলনাত কুৰি শতিকাত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি খৰতকীয়া হৈছে । 

( ৩ ) নগৰ আৰু মহানগৰবােৰৰ জনসংখ্যা ভাৰতৰ সকলাে ঠাইতে ক্রমে বৃদ্ধি পাই আহিছে । নগৰবােৰত নগৰীকৰণৰ গতি উর্ধমুখী । 

( ৪ ) গ্রামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ এনে কিছু অন্তর্নিহিত কাৰণ আছে । যিবােৰৰ বাবে নগৰীকৰণৰ গতি খৰতকীয়া হৈছে । নগৰ অঞ্চলত এইবােৰ হ’ল— 

( ক ) কর্মসংস্থান ।

( খ ) শিক্ষা – দীক্ষা ।

( গ ) পৌৰ সা – সুবিধা ।

( ঘ ) স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা ।

( ঙ ) সামাজিক কল্যাণৰ ব্যৱস্থা ।

( চ ) যাতায়াত আৰু যােগাযােগৰ ব্যৱস্থা আদিয়ে গ্রামাঞ্চলৰ লােকক নগৰ অঞ্চললৈ আকর্ষণ কৰে । আনহাতে গ্রামাঞ্চলত উক্ত সা – সুবিধাবােৰৰ অভাৱৰ উপৰি –

( ১ ) প্রাকৃতিক দুর্যোগ ।

( ২ ) আওপুৰণি কৃষি ব্যৱস্থা ।

( ৩ ) লেহেম আধুনিকীকৰণৰ গতি ।

( ৪ ) ৰাস্তা – ঘাটৰ দুৰৱস্থা ।

( ৫ ) গাঁওবােৰত জনসংখ্যা বৃদ্ধিৰ বাবে উকট নিবনুৱা সমস্যাৰ সৃষ্টি আদিৰ বাবে গ্রামাঞ্চলৰ পৰা মানুহ নগৰ অঞ্চললৈ আহিবলৈ বাধ্য হয় । 

স্বাধীন ভাৰতত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি যথেষ্ট দ্রুতগামী হৈছে । ভাৰত চৰকাৰে বিভিন্ন দিশত বিশেষকৈ উদ্যোগীকৰণ , যাতায়াত , যােগাযােগ পৰিবহণ ব্যৱস্থা , শিক্ষা সম্প্রসাৰণৰ ব্যৱস্থা , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনৰ দ্বাৰা পুৰণা নগৰ – চহৰৰ সম্প্ৰসাৰণ আৰু নতুন নগৰ – চহৰৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । বিভিন্ন দিশৰ উদ্যোগীকৰণে যথেষ্ট সংখ্যক কর্মসংস্থানৰ ব্যৱস্থা কৰিছে । 

এই কর্মসংস্থানবােৰৰ বাবে যথেষ্ট সংখ্যক লােক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্রব্রজিত হৈছে । সেইদৰে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে গাঁও , আৰু নগৰ – চহৰৰ মাজৰ যােগাযােগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰি , গাঁওৰ পৰা নগৰলৈ অহা – যােৱা সুবিধাজনক কৰি তুলিছে । নগৰবােৰত বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠা বাবে , সকলাে ঠাইৰ পৰা বিশেষকৈ গাঁওবােৰৰ পৰা ছাত্র – ছাত্রী পঢ়িবলৈ আহি নগৰৰ জনসংখ্যা বৃদ্ধি কৰে । নগৰীকৰণৰ ফলত সমাজত আন কিছুমান প্রতিক্রিয়াই দেখা দিছে । 

( ১ ) নগৰীকৰণৰ ফলতে একেখন পৰিয়ালৰ লােকৰ মাজত থকা পৰম্পৰাগত সমতাৰ পার্থক্য সৃষ্টি হৈছে । নগৰত বাসকৰা সকলৰ জীৱন নির্বাহৰ মানদণ্ড গাঁওত বাস কৰাসকলৰ পৰা সম্পূর্ণ বেলেগ হৈছে । 

( ২ ) নগৰৰ বর্ধিত জনসংখ্যাৰ হেঁচাত — নগৰত , বাসস্থানৰ নাটনি যান – বাহনত ভীৰ , পৌৰ সা – সুবিধাৰ নাটনি , উপকণ্ঠ অঞ্চলত লেতেৰা বস্তিৰ সৃষ্টি অপৰাধী , অসামাজিক কার্যৰ বৃদ্ধি আদি গঢ়ি উঠা দেখা যায় । জনসংখ্যা বৃদ্ধিৰ হেঁচাত ডাঙৰ নগৰ – চহৰত , বিশেষকৈ মহানগৰবােৰ উন্নয়ন নিগমৰ জৰিয়তে নানা উন্নয়ন আঁচনি কৰি কিছুমান সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে ।

প্রশ্ন ৫। নগৰবােৰত জনসংখ্যা বৃদ্ধি পােৱাৰ কাৰণবােৰ কি কি আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

প্রশ্ন ৬। নগৰীকৰণত অৰিহণা যােগােৱা প্রধান উপাদানসমূহ কি কি আলােচনা কৰা । নাইবা , ভাৰতীয় সমাজৰ পৰিৱৰ্তন প্রক্রিয়াত নগৰীকৰণৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ সামাজিক জীৱনত নগৰ – চহৰবােৰে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । সাধাৰণতে সামাজিক উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয় নগৰ – চহৰৰ প্রগতিকহে । সমাজ এখনত মানুহৰ সামাজিক আৰু সাংস্কৃতিক কার্যাৱলীৰ কেন্দ্ৰ হ’ল নগৰবােৰ । নগৰ আৰু গাঁওৰ মাজৰ সীমাৰেখা নির্ধাৰণ কৰা অতি কঠিন কাম যদিও জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাঁও আৰু নগৰক চিনাক্ত কৰা হয় । সাধাৰণতে ভাৰতত নগৰৰ নিম্নতম জনসংখ্যাৰ সীমা হ’ল দহ হাজাৰ । সভ্যতা বা সংস্কৃতিৰ তেনে কোনাে স্পষ্ট সীমাৰেখা নাই । সাধাৰণতে কোনাে এখন ঠাইত যথেষ্ট সংখ্যক জনসংখ্যানে উন্নত সামাজিক অবস্থা এটাৰ জনসমষ্টিকেনগৰ বুলি ক’ব পাৰি । প্রাচীন কালতনদী উপত্যকাবােৰত গঢ়িউঠা সভ্যতাবােৰকে নগৰ – চহৰ আখ্যা দিয়া হৈছিল।গতিকে সভ্যতাকে নগৰ বা চহৰ বুলি ক’ব পাৰি । উদাহৰণস্বৰূপে মেছােপটেমিয়া , ইজিপ্ত , গ্রীক , সিন্ধু সভ্যতা আদি নগৰীকৰণৰে আন এটা ৰূপ । এই নগৰ চহৰবােৰ গঢ়ি উঠাৰ মূলতে আছিল কিছুমান উপাদানৰ অৰিহণা । এই উপাদানবােৰ তলত আলােচনা কৰা হ’ল । 

১। অতিৰিক্ত সম্পদৰাজি :- প্রাচীন কালত প্রাকৃতিক সম্পদৰাজি মানুহে উদ্ভাৱন কৰিব পৰা নাছিল । মানুহে প্রকৃতি ৰাজ্যতে বাস কৰি জীৱন নির্বাহ কৰিছিল । মানুহৰ আৱশ্যকীয় বস্তু সীমিত আছিল । কিন্তু মানুহে যেতিয়া জুই , চকা , কৃষিৰ আৱিষ্কাৰ কৰি নানা আহিলা , যন্ত্রপাতি আৱিষ্কাৰ কৰিলে মানুহৰ আৱশ্যকীয় সম্পদ , অতিৰিক্তভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু তাৰ ফলতে জনসংখ্যাৰ প্ৰব্ৰজন সেই ঠাইলৈ আৰম্ভ হৈ নগৰ – চহৰ গঢ়ি উঠে । 

২। অনুকূল ভৌগােলিক অৱস্থা :- আদিম মানৱ প্রাকৃতিক জীৱ । পৃথিৱীৰ যিবােৰ ঠাইৰ জলবায়ু মানুহৰ বাসােপযােগী , মাটি সাৰুৱা আৰু বেপাৰ – বাণিজ্য বা আদান – প্রদানৰ সুবিধাজনক তেনে ঠাইতে মানুহে একেলগে বাস কৰিবলৈ লৈছিল ফলত নগৰ – চহৰবােৰ গঢ়ি উঠিছিল । উদাহৰণস্বৰূপে এই কাৰণতে প্রাচীন নগৰ – চহৰবােৰ নদী উপত্যকাবােৰতহে গঢ়ি উঠিছিল । 

৩। জনসংখ্যা বৃদ্ধি :- নগৰীকৰণৰ আন এটা উল্লেখযােগ্য উপাদান হ’ল জনসংখ্যা । যেতিয়ালৈকে কোনাে এখন ঠাইৰ জনসংখ্যা সীমিত আৰু জীৱননির্বাহৰ বাবে বৃত্তি আদি সীমিত হৈ থাকে ই গাঁও হৈয়ে থাকে । কিন্তু জনসংখ্যা বৃদ্ধি হৈ সমস্যা বাঢ়ি অহাৰ লগে লগে  মানুহে জীৱননির্বাহৰ সংস্থান বাসস্থান বিচাৰি আন সুবিধাজনক ঠাইলৈ প্রব্রজিত হ’বলৈ আৰম্ভ কৰে । এই প্রজনে নগৰ – চহৰৰ সৃষ্টি কৰে । 

৪। উদ্যোগীকৰণ :- যেতিয়া মানুহে বৈজ্ঞানিক চিন্তা – চৰ্চাৰে নানা যন্ত্রপাতি আৱিষ্কাৰ আৰু . উদ্ভাৱন কৰিবলৈ ধৰিলে তেতিয়াই আৰম্ভ হ’ল উদ্যোগীকৰণৰ । পৃথিৱীৰ বিভিন্ন দেশত মানুহে

কম শ্ৰমেৰে , কম সময়তে অপর্যাপ্ত সামগ্রী উৎপাদন কৰাৰ উদ্দেশ্যে বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰিবলৈ ধৰিলে । এইবােৰত যথেষ্ট সংখ্যক শ্রমিক প্রয়ােজন হ’ল গাঁওৰ পৰা নগৰলৈ শ্রমিক প্রব্রজিত ফলত হ’বলৈ ধৰিলে । ঔদ্যোগিক স্থানলৈ কেঁচা সামগ্রী আনিবলৈ আৰু উৎপাদিত সামগ্রী নিবলৈ ৰাস্তা – ঘাটৰ প্রয়ােজন হ’ল । এইদৰে গঢ়ি উঠিবলৈ ধৰিলে পৃথিৱীৰ বিশেষকৈ ইউৰােপৰ নানা ঠাইত নগৰ – চহৰবােৰ ।

৫। বেপাৰবাণিজ্য :- উদ্যোগীকৰণৰ আন এটা দিশ হ’ল বেপাৰ বাণিজ্যৰ প্ৰসাৰণ । উদ্যোগ  প্রতিষ্ঠা হােৱা ঠাইবােৰৰ গুৰুত্ব বিভিন্ন প্রকাৰে বৃদ্ধি পাবলৈ ধৰে । উদ্যোগৰ প্রয়ােজনীয় কেঁচা সামগ্রী আমদানি কৰিবলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিবলৈ সেই ঠাইবােৰতে বাণিজ্যিক কেন্দ্র গঢ়ি , বিভিন্ন কামৰ বাবে শ্ৰমিকৰ আৱশ্যক হয় , মানুহে কর্মসংস্থান বিচাৰি সেই ঠাইলৈ প্রব্রজিত হ’বলৈ ধৰে , জনসংখ্যা বৃদ্ধি হয় । ইয়াৰে ফলত গঢ়ি উঠেনগৰ – চহৰ ।

৬। যাতায়াত আৰু পৰিবহণ ব্যবস্থা উন্নতি :- ৰাস্তা – ঘাট , যানবাহন নাথাকিলে মানুহে অহা – যােৱা বা বস্তু বাহানি অনা – নিয়া কৰা নানা অসুবিধা হয় । মানুহৰ প্রয়ােজনৰ বাবে , উদ্যোগ আদি প্রতিষ্ঠাৰ লগে লগে , ৰাস্তা – ঘাট , যানবাহনৰ উন্নতিয়ে মানুহ প্রব্রজীত হােৱা আৰু সামগ্রী আমদানি ৰপ্তানী কৰাত সুবিধা হয় । এই সুবিধাই নগৰ – চহৰবােৰ গঢ়ি উঠাত যথেষ্ট অৰিহণা যােগায় । 

৭। আর্থিক আকর্ষণ :- কোনাে এখন ঠাইৰ ঔদ্যোগিক উন্নয়নে বিভিন্ন ক্ষুদ্র উদ্যোগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বেপাৰ বাণিজ্যৰ নানা সা – সুবিধা সৃষ্টি কৰে , নানা প্রকাৰৰ কর্মসংস্থানৰ সৃষ্টি কৰে , নিজাববীয়াকৈ আত্মসংস্থানৰ সা – সুবিধা ওলায় , নগৰৰ লাহ – বিলাহৰ জীৱননির্বাহ আদিয়ে গাঁও অঞ্চলৰ মানুহক , যি ঠাইত এইবােৰৰ অভাৱ সাধাৰণতে আকর্ষণ কৰে আৰু ইয়াৰ ফলতেই গাঁওবােৰৰ পৰা নগৰ – চহৰলৈ মানুহ প্রব্রজিত হৈ নগৰ – চহৰবােৰ সম্প্ৰসাৰিত কৰি মহানগৰত পৰিণত কৰে । নগৰবােৰক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উন্নত কৰায় । 

৮। শিক্ষা – দীক্ষা কেন্দ্রস্থান :- নগৰৰ বর্ধিত জনসংখ্যাৰ বাবে বিভিন্ন স্কুল – কলেজ , বিশ্ববিদ্যালয় , নানা প্রশিক্ষণ কেন্দ্র , কাৰিকৰী প্রযুক্তি বিদ্যাৰ কেন্দ্ৰ গঢ়ি উঠে । এইবােৰৰ শিক্ষা দীক্ষা লােৱাৰ বাবে নগৰীয়া লােকৰ উপৰি , নগৰৰ বাহিৰৰ গাঁও অঞ্চলৰ লােক আহিবলগীয়া হয় আৰু স্থায়ীভাৱে থাকিবলৈ লয় । এইদৰেই নগৰ – চহৰবােৰ বৃদ্ধি পায় আৰু গঢ়ি উঠাত সহায়ক হয় । এইবােৰেই হ’ল নগৰ এখন গঢ়ি উঠাৰ প্রধান উপাদান । 

প্রশ্ন ৬। নগৰীয়া সমাজৰ সাধাৰণ চৰিত্ৰবােৰ কি কি ? ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া সম্বন্ধে এটি চমু আলােচনা আগবঢ়োৱা । 

উত্তৰঃ আমাৰ সামাজিক জীৱনত নগৰবােৰ এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে । ই আমাৰ সামাজিক আৰু সাংস্কৃতিক কার্যাৱলীৰ কেন্দ্র । নগৰ এখন জীৱন আৰু সমাজ গাঁওৰ সমাজ আৰু জীৱনৰ পৰা সম্পূর্ণ পৃথক । নগৰৰ কিছুমান নিজৰ বৈশিষ্ট্য আছে ।

১। নগৰীয়া সমাজ প্রাথমিক সমূহ নহয় :- নগৰৰ জনসমষ্টিত প্রাথমিকসমূহৰ কোনাে চৰিত্ৰ নাথাকে । ইয়াৰ জনসমষ্টিৰ মাজত আত্মীয়তা , বন্ধুত্ব , চুবুৰীয়া ভাবৰ , সহানুভূতিৰ বান্ধোন নাই । পৰস্পৰৰ মাজৰ যােগাযােগ নাই । ইয়াৰ মানুহৰ মাজত দল , খেল , চাত আদি নাথাকে । নগৰীয়া সম্প্রদায় এক নামবিহীন সম্প্রদায় । ইয়াৰ পৰিয়ালবােৰ আনৰ ওপৰত নিৰ্ভৰশীল নহয় । 

২। সামাজিক জটিলতা :- নগৰীয়া সমাজৰ সামাজিক সংৰচনা অতি জটিল আৰু সমস্যাবহুল । নগৰৰ আন্তক্রিয়া পদ্ধতিত অসংখ্য জনতাৰ অংশগ্রহণ , বিভিন্ন প্ৰকাৰৰ বৃত্তি , বিভিন্ন সংস্কৃতিৰ সংমিশ্রণৰ সমাৱেশে এই জটিলতাৰ সৃষ্টি কৰিছে । 

৩। বাসস্থানৰ নাটনি :- নগৰীয়া সমাজৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল বাসস্থানৰ অভাৱ । গাওৰ তুলনাত নগৰৰ বাসস্থানৰ সমস্যা বৰ প্ৰকট হােৱা দেখা যায় । ঘৰ – ভাড়াৰ সমস্যা আৰু ভাড়াৰ পৰিমাণ অতি বেছি হােৱা দেখা যায় । সাধাৰণ শ্ৰেণীৰ মানুহৰ বাসস্থানৰ সমস্যা অতি জটিল । দৰিদ্র সীমাৰেখাৰ তলৰ হাজাৰ হাজাৰ লােকে ডাঙৰ নগৰ – চহৰত পদপথতে জীৱন কটাবলগীয়া হয় । 

৪। সামাজিক সহনশীলতা :- নগৰীয়া সমাজত ব্যক্তিসকলে পৰম্পৰে পৰস্পৰক নাজানে । সেইবাবে সমিল মিল জীৱন – যাপনৰ বাবে এই সহনশীলতা অতি আৱশ্যক । যিহেতু নগৰীয়া লােকৰ মাজত মুক্ত যােগাযােগ আৰু ব্যক্তিগত মিলামিচা নাথাকে সহনশীলতা থকাটো স্বাভাৱিক । সেইবাবেই সকলো ক্ষেত্রতে এক সহনশীল সামাজিক পৰিৱেশ এটা গঢ়ি উঠে । 

৫। শ্রেণীব্যৱস্থা অত্যন্ত ভাল – বেয়াৰ সংমিশ্রণ :- নগৰীয়া সমাজৰ শ্ৰেণীব্যৱস্থা অতিশয় ভাল আৰু বেয়াৰ এক সংমিশ্রণ । নগৰত অতি ধনী মানুহ যেনে কম পৰিমাণৰ থাকে ঠিক তেনেদৰে অতি দুখীয়া মানুহৰ সংখ্যা অতি বেছি , সেইদৰে শিক্ষিত – অশিক্ষিতৰাে , সৎ – অসৎ , সৰল স্বভাৱৰ আৰু ধূর্ত প্রকৃতিৰ মানুহ থাকে । মুঠতে অত্যন্ত ভাল – বেয়া প্রকৃতিৰ লােক নগৰত থাকে । 

৬। সামাজিক গতিশীলতা :- নগৰীয়া সমাজত সামাজিক গতিশীলতা দ্রুতগামী হয় । নগৰৰ লােকৰ মাজত শ্রমবিভাজন , প্রতিযােগিতা , প্রতিদ্বন্দ্বিতা অতি বেছি । নগৰৰ মানুহে ব্যক্তিগত প্রচেষ্টাৰে নিজৰ প্ৰস্থিতি উন্নত কৰোনগৰত অসমতা অতি বেছি , আনহাতে সামাজিক স্তৰীকৰণৰ জাতিপ্ৰথাৰ কঠোৰতা অতি কম । 

৭। সামাজিক বিভিন্নতা নগৰীয়া সমাজত সামাজিক বিভিন্নতা থাকে । নগৰীয়া লােকৰ মাজত বিভিন্ন ঠাইৰ বিভিন্ন জাতি – উপজাতি , ভাষা – ভাষী , ধর্ম – সংস্কৃতিৰ লােক একেলগে বসবাস কৰে । এই লােকসকলৰ মাজত তেজৰ সম্পর্ক বা ব্যক্তিগত সম্পর্ক নাই । 

৮। স্বেচ্ছাসেৱক সন্থা :- নগৰীয়া সমাজত এজন ব্যক্তি গাইগুটিয়া সামাজিক মূল্য বৰ কম । সেইবাবে কোনাে কামৰ বাবে প্রত্যেকে কোনাে স্বেচ্ছাসেৱক সন্থাৰ জৰিয়তেহে নিজক প্রতিনিধিত্ব কৰে । সেইবাবে নগৰত স্বেচ্ছাসেৱক অনুষ্ঠানবােৰৰ গুৰুত্ব অতি বেছি ।

৯। দ্রুতগামী জীৱন :– নগৰীয়া সমাজৰ জীৱন অতি দ্রুতগামী থমকি ৰবৰ সময় নাই । মেচিন আৰু মানুহৰ কোনাে পার্থক্য নাই । নগৰৰ মানুহে বিভিন্ন কামত অংশগ্রহণ কৰে । দিনে ৰাতিয়ে কাম কৰে । জিৰণীৰ আহৰি নাই । প্রতিজন ব্যক্তি এফালে গ্রাহক আনহাতে উৎপাদক । নগৰীয়া জীৱন অতি ব্যস্ত জীৱন । 

১০। ব্যক্তিবাদী জীৱন :- নগৰৰ মানুহ ব্যক্তিবাদী । প্রত্যেকে নিজৰ কথাহে চিন্তা কৰে আনৰ কথা চিন্তা কৰিবলৈ আহৰি নাই । প্রত্যেক ব্যক্তিয়ে প্ৰতিটো কামতে প্রতিযােগিতাৰ সন্মুখীন হ’ব লাগে । প্রত্যেক ব্যক্তিয়ে সকলাে সিদ্ধান্ত নিজেই লয় । 

১১। একক পৰিয়াল পদ্ধতি :- নগৰীয়া সমাজত পৰিয়াল ব্যবস্থা একক পৰিয়ালৰ । পতি পত্নী আৰু নিজৰ ল’ৰা – ছােৱালীক লৈয়ে একোটা পৰিয়াল গঠিত হয় । অৱশ্যে ভাৰতত খুব কম সংখ্যক সংযুক্ত পৰিয়ালাে দেখা যায় । 

১২। শিক্ষাৰ মানদণ্ড :- নগৰীয়া সমাজ তুলনামূলকভাৱে গ্রাম্য সমাজতকৈ বেছি শিক্ষিত । নগৰীয়া মানুহে শিক্ষাৰ সকলাে সুবিধা পায় । শিক্ষাৰ মানদণ্ড গাঁৱলীয়া সমাজতকৈ সকলাে ক্ষেত্ৰতে বেছি দেখা যায় । 

১৩। নাৰী – পুৰুষ প্রস্থিতি :- নগৰত নাৰী – পুৰুষৰ প্ৰস্থিতি সমান । নগৰত নাৰীৰ প্ৰস্থিতি যথেষ্ট উন্নত হােৱা দেখা যায় । নগৰৰ নাৰী গাঁওৰ নাৰীৰ তুলনাত যথেষ্ট মুক্ত আৰু পুৰুষৰ সমানে অধিকাৰ উপভােগ কৰে । 

১৪। ধৰ্মৰ প্ৰভাৱ :- নগৰীয়া সমাজত ধৰ্মৰ প্ৰভাৱ গাঁওৰ তুলনাত যথেষ্ট কম দেখা যায় । গাঁওৰ মানুহ ধর্মভীৰু , পুজা – পাতল , নাম – প্রসঙ্গ নিয়মীয়াকৈ কৰাৰ উপৰি ধর্মীয় নিয়ম মানি চলে ; কিন্তু নগৰত ধৰ্মৰ প্ৰভাৱ বৰ কম । ধর্মীয় নীতি – নিয়ম পালন কমকৈ কৰে ।

১৫। গণমাধ্যমৰ প্ৰভাৱ :- নগৰীয়া সমাজৰ মানুহ গাঁওৰ মানুহৰ তুলনাত খা – খবৰৰ প্রতি যথেষ্ট বেছি সজাগ – সচেতন । নগৰৰ মানুহে নিয়মীয়াকৈ ৰেডিঅ ‘ , টেলিভিশন , বাতৰি কাকত , আলােচনী , চিনেমা আৰু বিভিন্ন যােগাযােগ মাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলাে দেশৰ খা খবৰ সহজে পাব পাৰে । এইবােৰেই হ’ল নগৰীয়া সমাজৰ প্রধান বৈশিষ্ট্য । 

প্রশ্ন ৭। ঔপনিবেশবাদ প্রচলনৰ সময়ত দৃষ্টিগােচৰ হােৱা সংৰচনাত্মক পৰিৱৰ্তনৰ ব্যাখ্যা কৰা ।

উত্তৰঃ ( ১ ) ভাৰতত উপনিবেশবাদে সৃষ্টি কৰা সংৰচনাত্মক পৰিৱৰ্তনৰ বিশালতা আৰু গভীৰতা সঠিকভাৱে বুজিব পৰা যাব যদিহে আমি পুঁজিবাদৰ কিছুমান মূল বৈশিষ্ট্য অনুভৱ কৰোঁ ।

( ২ ) পুঁজিবাদী ব্যৱস্থাৰ ওপৰত প্রতিষ্ঠিত ব্রিটিছ উপনিবেশবাদে ব্রিটিছ পুঁজিবাদৰ বাবে অত্যধিক মুনাফা আৰু উপকাৰ নিশ্চিত কৰাৰ বাবে প্রত্যক্ষভাৱে হস্তক্ষেপ কৰিছিল ।

( ৩ ) উপনিবেশবাদৰ সময়ত ব্রিটিছ পুঁজিবাদক শক্তিশালী আৰু বিকশিত কৰিবলৈ প্ৰত্যেকটো নীতিকে নিৰ্দ্ধাৰণ কৰিছিল । তেওঁলােকে দেশখনৰ আইন কানুনকে পৰিবৰ্তন কৰিছিল । 

( ৪ ) উপনিবেশিক শাসনে মাটিৰ মালিকীস্বত্ব পৰিৱৰ্তন কৰাই নহয় কৃষকে কি মাটিত কি খেতি কৰিব বা কি খেতি নকৰিব তাকো নিৰ্দ্ধাৰণ কৰিছিল । 

( ৫ ) ব্রিটিছ উপনিবেশিক শাসনে , প্রায় সকলাে দিশতে বহুলভাৱে পৰিবৰ্তন ব্যৱস্থা কৰিছিল কি বিধি – বিধান , সাংস্কৃতিক , বা কাৰিকৰী দিশেই হ’ল । 

( ৬ ) এনেকি বননীতিৰ ফৰেষ্ট আইন পৰিৱৰ্তন কৰি পশুপালক সকলকো অৰণ্যত প্রবেশ কৰাত বন্ধ কৰি দিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top