Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন and select needs one.

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন Solutions for All Subject, You can practice these here.

আন্তর্জাতিক সংগঠন

পাঠ: 6

প্ৰথম খণ্ড

১। কিহৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন।

উত্তৰঃ বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন। 

২। আন্তৰ্জাতিক সংগঠন কাক বোলে।

উত্তৰঃ বিশ্বৰ ৰাষ্ট্ৰসমূহে স্ব-ইচ্ছাই একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা সংগঠনটোকে আন্তৰ্জাতিক সংগঠন বোলা হয়।

৩। বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ কি।

উত্তৰঃ বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান।

৪। ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম কি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম হল ডাগ হেমাৰছিল্ড।

৫। বিশ্বৰ প্ৰতিজন ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিকসকলক কি দিয়াৰ প্ৰয়োজন।

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ দিশ দুটা হল- 

(ক) বহিঃ নিৰাপত্তা।

(খ) আভ্যন্তৰীণ নিৰাপত্তা।

৬। সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য কি।

উত্তৰঃ সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য হল শত্ৰু সৈন্যৰ ওপৰত আঘাত হানি দুৰ্বল কৰা।

চমু প্ৰশ্নোত্তৰঃ

১। ‘যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল ” — এই মন্তব্য কেনে কৰিছিল ? 

উত্তৰঃ চার্চিলে। 

২। ৰাষ্ট্ৰসংঘত প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল ? 

উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই। 

৩। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি ?

উত্তৰঃ বিশ্বশান্তি প্রতিষ্ঠা কৰা। 

৪। বর্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্র আছে ? 

উত্তৰঃ ১৯২ খন। 

৫। খালী ঠাই পূৰণ কৰা: 

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত …………স্থায়ী সদস্য আছে। 

উত্তৰঃ ৫ খন। 

৬। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধান গৰাকী কোন ?

উত্তৰঃ এণ্টেনিঅ’ গুটাৰ।

৭। IAEA ৰ পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ International Atomic Energy Agency . 

৮। ভেটো ক্ষমতাই কি বুজা ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনাে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰােধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

৯। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল ? 

উত্তৰঃ নৰৱেৰ ট্রিভি লি। 

১০। ৰাষ্ট্ৰসংঘৰ একক বৃহৎ বৰঙণি দাতা দেশখনৰ নাম কি ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র। 

১১। কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ? 

উত্তৰঃ ২৪ অক্টোবৰত। 

১২। ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল ? 

উত্তৰঃ বিজয়লক্ষ্মী পণ্ডিত। 

১৩। কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল ? 

উত্তৰঃ ২০০৫ চনত। 

১৪। ‘বিগ থ্রি’ বুলিলে কি বুজা ? 

উত্তৰঃ ৰুচভেল্ট , চার্চিল আৰু ষ্টেলিন। 

১৫। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম লিখা। 

উত্তৰঃ UNEP 

১৬। ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কার্যবাহীৰ নাম কি ? 

উত্তৰঃ সচিব প্রধান। 

১৭। শান্তি গঢ়া আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 

উত্তৰঃ ২০০৭ চনত। 

১৮। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি ? 

উত্তৰঃ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা।

ভেটো ক্ষমতা সম্পৰ্ক তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে  কেৱল ভেটো ক্ষমতা আছে।

উত্তৰঃ শুদ্ধ।

(খ) এইটো এক ৰকমৰ নেতিবাচক ক্ষমতা।

উত্তৰঃ শুদ্ধ।

(গ) যেতিয়া কোনো সিদ্ধান্তত সচিবপ্ৰধান সন্তষ্ট নহয় তেতিয়া তেওঁ এই ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

উত্তৰঃ অশুদ্ধ।

(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ এটা প্ৰস্তাৱ বন্ধ কৰিব পাৰে।

উত্তৰঃ শুদ্ধ।

২। ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ ধৰণ সম্পৰ্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(ক) সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পৰ্কীয় বিষয়বিলাক নিৰাপত্তা পৰিষদে বিচাৰ কৰে।

উত্তৰঃ শুদ্ধ।

(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা প্ৰধান অংগ আৰু বিশেষ সংস্থাসমূহে সকলো মানৱীয় নীতিসমূহ কাৰ্যকৰী কৰে।

উত্তৰঃ শুদ্ধ।

(গ) পাঁচখন সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা যুগুত।

উত্তৰঃ অশুদ্ধ।

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে সকলো প্ৰধান অংগ আৰু বিশেষ সন্থাসমূহৰ সদস্য।

উত্তৰঃ অশুদ্ধ।

৩। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত তুমি বেছি গুৰুত্ব দিবাঃ

(ক) আণৱিক ক্ষমতা।

(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য।

(গ) ই এছিয়া মহাদেশত অৱস্থিত।

(ঘ) ভাৰতৰ উন্নত অৰ্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা।

উত্তৰঃ (খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য।

৪। আণৱিক প্ৰযুক্তিৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ লগত ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি জড়িত হয়ঃ

(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কমিটি।

(খ) আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি।

(গ) ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নিৰাপদ কমিটি।

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়। 

উত্তৰঃ (খ) আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি।

৫। বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

(ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি।

(খ) বাণিজ্য আৰু শুল্কৰ শৃংখলাবদ্ধ কৰা।

(গ) বিশ্ব  স্বাস্থ্য সন্থা।     

(ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি।

উত্তৰঃ (ক) বাণিজ্য আৰু শুল্কৰ  সাধাৰণ চুক্তি।

৬। খালী ঠাই পূৰ কৰাঃ

(ক) ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় নিৰাপত্তা পৰিষদ।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৫ জন স্থায়ী সদস্য আৰু ১০ অস্থায়ী সদস্য আছে।

(ঘ) এন্টনিঅ’ গোটাৰেছ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।

৭। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু এজেন্সিসমূহৰ মাজত সিবিলাকৰ কাৰ্যৰ সৈতে মিল কৰাঃ

(১) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(ক) বিদেশলৈ বিশ্ব অৰ্থনৈতিক ব্যৱস্থা
(২) আন্তৰ্জাতিক ন্যায়ালয়(খ) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সংৰক্ষণ
(৩) আন্তৰ্জাতিক আণৱিক শক্তি সন্থা(গ) নিৰাপদ আৰু শান্তিপূৰ্ণ প্ৰযুক্তিৰ ব্যৱহাৰ
(৪) নিৰাপত্তা পৰিষদ(ঘ) সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ চোৱা-চিতা কৰা
(৫) ৰাষ্ট্ৰসংঘৰ ভগনীয়া উচ্চাউক্ত(ঙ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি
(৬) বিশ্ব বাণিজ্য সন্থা(চ) দুৰ্ঘটনাৰ সময়ত সংস্থান আৰু ঔষধ- পাতি দি সহায় কৰা
(৭) আন্তৰ্জাতিক ধন ভাণ্ডাৰ(ছ) গোলকীয় বিচাৰ্য বিষয়ৰ ওপৰত বিৰ্তন আৰু আলোচনা
(৮) সাধাৰণ সভা(জ) ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্ৰণ
(৯) বিশ্ব  স্বাস্থ্য সন্থা(ঝ) সকলোৰে কাৰণে সুস্বাস্থ্য
(১০) সচিবালয়(ঞ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা

উত্তৰঃ 

(১) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(ঘ) সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু  সামাজিক কল্যাণ চোৱা-চিতা কৰা।
(২) আন্তৰ্জাতিক ন্যায়ালয়(চ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি।
(৩) আন্তৰ্জাতিক আণৱিক শক্তি সন্থা(গ) নিৰাপদ আৰু শান্তিপূৰ্ণ প্ৰযুক্তি ব্যৱহাৰ।
(৪) নিৰাপত্তা পৰিষদ(খ) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা সংৰক্ষণ।
(৫) ৰাষ্ট্ৰসংঘৰ ভগনীয়া উচ্চাউক্ত(চ) দুৰ্ঘটনাৰ সময়ত সংস্থান আৰু ঔষধ- পাতি দি সহায় কৰা।
(৬) বিশ্ব বাণিজ্য সন্থা(ঞ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা।
(৭) আন্তৰ্জাতিক ধন ভাণ্ডাৰ(ক) বিদেশলৈ বিশ্ব অৰ্থনৈতিক ব্যৱস্হা।
(৮) সাধাৰণ সভা(ছ)গোলকীয় বিচাৰ্য বিষয়ৰ ওপৰত বিতৰ্ক আৰু আলোচনা।
(৯) বিশ্ব  স্বাস্থ্য সন্থা(ঝ) সকলোৰে কাৰণে সুস্বাস্থ্য।
(১০) সচিবালয়(জ) ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্ৰণ।

৮। নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী কি কি ?

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক মুখ্য অংগ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ হিচাপে এই পৰিষদৰ বহুতো কাৰ্যাৱলী আছে। 

তলত সেইবোৰ উল্লেখ কৰা হ’ল-

(ক) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা: নিৰাপত্তা পৰিষদৰ এক মূল কাৰ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। ৰাষ্ট্ৰসংঘৰ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ’লে বিবাদ জড়িত দেশে আলাপ-আলোচনা, মধ্যস্হতা নাইবা আন্তৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ কাৰণে নিৰাপত্তা পৰিষদে চেষ্টা কৰিব।

(খ) শাস্তিমূলক ব্যৱস্হাৰ প্ৰয়োগ: নিৰাপত্তা পৰিষদৰ অন্য এক অন্যতম কাৰ্য হ’ল শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ। নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়, তেতিয়াহ’লে পৰিষদ তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামৰিক এই দুই ধৰণৰ হ’ব পাৰে।

(গ) নিৰস্ত্ৰীকৰণ: নিৰাপত্তা পৰিষদৰ অন্য এক কাৰ্য হ’ল নিৰস্ত্ৰীকৰণৰ। নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-পাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে। দেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়; সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে।

(ঘ) নিৰ্বাচনসংক্ৰান্ত ক্ষমতা: নিৰ্বাচনসংক্ৰান্ততো নিৰাপত্তা পৰিষদৰ কৰণীয় আছে। এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে। কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন।

এনেদৰে নিৰাপত্তা পৰিষদৰ বহুকেইটা কাৰ্যাৱলী আছে।

৯। ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰা নে ? তোমাৰ দাবী প্ৰতিপন্ন কৰা।

উত্তৰঃ ভাৰতৰ নাগৰিক হিচাপে মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্হায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব গভীৰভাৱে সমৰ্থন কৰো। কাৰণ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এখন স্থায়ী আসন দাবী কৰিব পৰাকৈ বা সদস্যপদৰ প্ৰাৰ্থিত কৰিব পৰাকৈ ভাৰতৰ সকলোখিনি অৰ্হতা, গুণ, অধিকাৰ আৰু যুক্তি আছে। ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দাবীৰ সমৰ্থনৰ ভিত্তিত বহুকেইটা যুক্তি দাঙি ধৰিব পাৰি। 

তলত সেইসমূহ উল্লেখ কৰা হ’ল-

(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। সমগ্ৰ বিশ্বৰ  এক পঞ্চমাংশ জনসংখ্যাই ভাৰতত বসবাস কৰে।

(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে।

(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে।

(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামৰ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(৫) দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে।

(৬) ভাৰতে নিয়মিতভাৱে আৰ্থিক অনুদান আগবঢ়াই আছে।

সেয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব লাভৰ বাবে কৰা দাবীক যুক্তিসংগত বুলি মই বিবেচনা কৰো আৰু  সমৰ্থন কৰো। কাৰণ ভাৰতৰ আটাইবোৰ যুক্তি ন্যায়সংগত। তদুপৰি ভাৰত আৰম্ভণিৰে পৰা ৰাষ্ট্ৰসংঘৰ সদস্য। ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়। তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আছে। এই হিচাপেও ভাৰতৰ স্থায়ী সদস্যপদৰ বহুখিনি অধিকাৰ আছে। ই ৰাষ্ট্ৰসংঘৰ প্ৰতিটো কামতেই আগভাগ লৈ এক গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বৰ্তমান ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাকী স্হায়ী সদস্যৰ সমানেই অৰ্থনৈতিক,সাংস্কৃতিক, বাণিজ্যিক, ঔদ্যোগিক,বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ আদি সকলো ক্ষেত্ৰতে উন্নতি সাধন কৰিছে। তদুপৰি ই বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত শান্তি আৰু সহযোগিতা বজাই ৰাখিবলৈ  সদায় চেষ্টা কৰি আহিছে। সেয়ে এনেবোৰ কাৰণতে আৰু যুক্তিৰ ভিত্তিতে মই ভাৰতৰ এগৰাকী নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দৃঢ়তাৰে সমৰ্থন কৰো।

১০। ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কৰণ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শৱলীৰ সমালোচনামূলক পুনৰ মূল্যাংকন কৰ।

উত্তৰঃ বৰ্তমান সময়ত পৰিৱৰ্তিত এখন সংস্কাৰ কৰা শক্তিশালী ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্ন উশ্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন মত পোষণ কৰিছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। তাৰ ভিৰতৰ ভাৰতে পৰামৰ্শ আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্নকো পূৰ্ণ সমৰ্থন জনাইছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ অৰ্থাৎ উন্নয়নৰ কেন্দ্ৰবিন্দু হোৱাটো ভাৰতে বিচাৰে কাৰণ ইয়ে হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ পূৰ্ব চৰ্ত। তদুপৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ভাৰতৰ এই পৰামৰ্শৰ যথেষ্ট প্ৰাসংগিকতা আৰু যুক্তিযুক্ততা আছে। কাৰণ ৰাষ্ট্ৰ সংঘৰ উদ্দেশ্যই হ’ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, বিকাশ আৰু উন্নয়ন সাধন কৰা। সেই সমূহে বিষয় ৰাষ্ট্ৰসংঘত অধিক প্ৰাধান্য পোৱা উচিত।

3 thoughts on “Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top