Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

Join Telegram channel

Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ and select needs one.

Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Solutions for All Subject, You can practice these here…

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

পাঠ: 4

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। মার্শ্বল পৰিকল্পনাই কি বুজায় ? 

উত্তৰঃ মার্শ্বল পৰিকল্পনা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ ইউৰােপীয় অর্থনীতিৰ পুনৰ উত্থান বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱা এক পৰিকল্পনা । 

প্রশ্ন ২। খালী ঠাই পূৰ কৰা :

…………ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্রা । 

উত্তৰঃ ইউৰাে ( Euro ) । 

প্রশ্ন ৩। ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ Association of South East Asian Nations . 

প্রশ্ন ৪। বেংকক ঘােষণা পত্র কি ? 

উত্তৰঃ ১৯৬৭ চনত ইণ্ডোনেছিয়া , মালয়েছিয়া , ফিলিপাইন , ছিংগাপুৰ আৰু থাইলেণ্ড স্বাক্ষৰ কৰা এখন ঘােষণাপত্র । 

প্রশ্ন ৫। কোন বছৰত ARF ৰ প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ ১৯৯৪ চনত । 

প্রশ্ন ৬। হয় নে নহয় লিখাঃ ভাৰত ASEAN ৰ সদস্য । 

উত্তৰঃ নহয় ।

প্রশ্ন ৭। চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল ? 

উত্তৰঃ মাও চে তুং । 

প্রশ্ন ৮। খােলা দুৱাৰৰ নীতি কি ? 

উত্তৰঃ চীনদেশৰ অর্থনৈতিক সংস্কাৰ আঁচনি । ১৯৭৮ চনত মুক্তদ্বাৰ ( খােলা দুৱাৰ ) নীতি ঘােষণা কৰিছিল ।

প্রশ্ন ৯। ‘চাৰি আধুনিকীকৰণ’ বুলিলে কি বুজা ? 

উত্তৰঃ আধুনিকীকৰণৰ চাৰিটা ক্ষেত্ৰক ‘ চাৰি আধুনিকীকৰণ’ বুলি বুজা যায় । 

প্রশ্ন ১০। কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল ? 

উত্তৰঃ ১৯৮৮ চনত । 

প্রশ্ন ১১। কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল ? 

উত্তৰঃ ২০০৯ চনত । 

প্রশ্ন ১২। কোন বছৰত ইউৰােপীয় পৰিষদ প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত । 

প্রশ্ন ১৩। কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল ? 

উত্তৰঃ ১৯৬৭ চনত । 

প্রশ্ন ১৪। চীনে কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল ? 

উত্তৰঃ ২০০১ চনত । 

প্রশ্ন ১৫। মিষ্টিৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত । 

প্রশ্ন ১৬। চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা ব্যাখ্যা লিখা । 

উত্তৰঃ চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এতিয়াও চীনৰ কর্মপ্রার্থী সংখ্যা প্রায় ১০ কোটি । 

প্রশ্ন ১৭। ১৯৬০ চনত তিবৃতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল ? 

উত্তৰঃ দালাই লামা । 

প্রশ্ন ১৮। ১৯৭২ চনত চীনে কোনখন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল ? 

উত্তৰঃ আমেৰিকা । 

প্রশ্ন ১৯। তলত দিয়া কোনে মুক্ত দুৱাৰ ’ নীতি আৰৱ কৰিছিল ? 

( ক ) চীন দেশ 

( খ ) ইউৰােপীয় সংঘ 

( গ ) জাপান  

( ঘ ) আমেৰিকা যুক্তৰাষ্ট 

উত্তৰঃ ( ক ) চীন দেশ । 

প্রশ্ন ২০। কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয় ? 

উত্তৰঃ চীনদেশৰ । 

প্রশ্ন ২১। ভাৰত – চীনদেশৰ যুদ্ধ কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৬২ চনত । 

প্রশ্ন ২২। ইউৰােপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত ।

প্রশ্ন ২৩। ইউপােৰীয় সংঘই উমৈহতীয়াভাৱে কি মুদ্রা ব্যবহাৰ কৰে ? 

উত্তৰঃ ইউৰাে । 

প্রশ্ন ২৪। ASEAN ৰ এটা উদ্দেশ্য লিখা । 

উত্তৰঃ সদস্য ৰাষ্ট্ৰবােৰৰ অর্থনৈতিক উন্নতি সাধন কৰা । 

প্রশ্ন ২৫। ভাৰত ASEAN ৰ সদস্য হয়নে ? 

উত্তৰঃ হয় । 

প্রশ্ন ২৬। মার্শ্বল আঁচনি বুলিলে কি বুজা ?

উত্তৰঃ মার্শ্বল আঁচনি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰােপীয় অর্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱা এক পৰিকল্পনা । 

প্রশ্ন ২৭৷ কিহে ইউৰােপীয় সংঘক উচ্চ প্রভাৱশালী আঞ্চলিক সংগঠন কৰি তুলিছে ? 

উত্তৰঃ মার্শ্বেল পৰিকল্পনাই । 

প্রশ্ন ২৮। ইউৰােপীয় সংঘৰ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ ১২ খন ।

প্রশ্ন ২৯। WTO ৰ সম্পূর্ণ ৰূপ কি ? 

উত্তৰঃ World Trade Organisation .

প্রশ্ন ৩০। ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে ।’— কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ মাও চে তুং ।

প্রশ্ন ৩১। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হৈছিল ? 

উত্তৰঃ বল্লভভাই পেটেলক । 

প্রশ্ন ৩২। ইউৰােপীয় সংঘ কোন চনত স্থাপন হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত । 

প্রশ্ন ৩৩। শীতল যুদ্ধই ইউৰােপীয় ঐক্য স্থাপনত সহায় কৰিছিল বুলি তুমি ভাৰানে ? 

উত্তৰঃ হয় ভাবো ।

চমু উত্তৰ প্রশ্নোত্ত ( মূল্যাংক -২ ) 

প্রশ্ন ১। ৰাষ্ট্ৰসংঘৰ ইউৰােপীয় সংঘৰ পৰা স্থায়ী সদস্য হােৱা দেশবােৰৰ নাম লিখা । 

উত্তৰঃ ব্রিটেইন আৰু ফ্রান্স । 

প্রশ্ন ২। তুমি ভাবানে যে ইউৰােপীয় সংহতিত শীতল যুদ্ধই সহায় কৰিছিল ? কেনেদৰে ? 

উত্তৰঃ ইউৰােপীয় সহযােগিতা ১৯৪৫ চনৰ পিছত শীতল যুদ্ধৰ দ্বাৰা ত্বৰান্বিত হৈছিল । মার্শাল পৰিকল্পনাৰ আধাৰত আমেৰিকাই ইউৰােপীয় অর্থনীতিৰ পুনৰ গঠনৰ বাবে যথেষ্ট বিত্তীয় সহায় আগবঢ়াইছিল ।

প্রশ্ন ৩। ASEAN ৰ উদ্দেশ্যবােৰ কি কি ? 

উত্তৰঃ ( ক ) অর্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা । 

( খ ) ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি স্থাপন কৰা । 

প্রশ্ন ৪। তুমি ভাবানে যে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্ৰৰ দৰে কাম কৰিবলৈ লৈছে ? কাৰণ দর্শাৱা । 

উত্তৰঃ সময়ৰ লগে লগে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্ৰ হিচাপে অধিক কার্য কৰিবলৈ আৰম্ভ কৰিছে । ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্রস্তুত ককা প্রচেষ্টা বিফল হলেও ইয়াৰ নিজৰ পতাকা , সংগীত , প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে । আন ৰাষ্ট্রৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে । 

প্রশ্ন ৫। খালী ঠাই পূৰণ কৰা : 

……….মুখ্যত …………..আৰু …………অঞ্চলক লৈ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমা বিবাদ হৈছিল । 

উত্তৰঃ অৰুণাচল , লাডাখৰ আকচাই চীন । 

প্রশ্ন ৬। ভাৰতে FTAS ত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা । 

উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড । 

প্রশ্ন ৭। আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্যসমূহ হ’ল— 

( ক ) আইনৰ অনুশাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু স্থিবতা বজাই ৰখা । 

( খ ) এখন সমূহীয়া বিদেশ আৰু নিৰাপত্তা – সংক্রান্তীয় নীতি যুগুত কৰা । 

প্রশ্ন ৮। ইউৰােপীয় সংঘগঠনৰ দুটা কাৰণ লিখা । 

উত্তৰঃ ইউৰােপীয় সংঘ গঠনৰ দুটা কাৰণ হ’ল– 

( ক ) মার্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰােপীয় আর্থিক সহযােগ সংগঠন কৰা হয় যাৰ মাধ্যমত পশ্চিম ইউৰােপীয় দেশসমূহক আর্থিক সাহায্য প্ৰেৰণ কৰাৰ উদ্দেশ্য ইউৰােপীয় সংঘ গঠন কৰা হয় । 

( খ ) পশ্চিম ইউৰােপৰ দেশসমূহে ব্যৱসায় বাণিজ্য আৰু অর্থনৈতিক ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়াব পাৰে তাৰ বাবে উৰোপীয় সংঘ গঠন কৰা হয় ।

প্রশ্ন ৯। EW ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা । 

উত্তৰঃ ফ্রান্স আৰু ব্রিটেইন । 

প্রশ্ন ১০। এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা । 

উত্তৰঃ ভাৰত আৰু চীন । 

প্রশ্ন ১১। চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা ।

উত্তৰঃ ( ক ) চীন দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

( খ ) চীন দেশত অর্থ ব্যৱস্থাৰ প্রভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্রেণীবনাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই । 

প্রশ্ন ১২। ১৯৯২ চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল ? 

উত্তৰঃ ইউৰােপীয় সংঘ । 

প্রশ্ন ১৩। ইউৰােপীয় সংঘৰ দুটা লক্ষ্য লিখা । 

উত্তৰঃ ইউৰােপীয় সংঘৰ দুটা লক্ষ্য হল— 

( ক ) শান্তি আৰু সহযােগিতা বৃদ্ধি কৰা । 

( খ ) অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক ঐক্য প্রতিষ্ঠা কৰা । 

প্রশ্ন ১৪। মন্ত্রিখেট সন্ধিয়ে কি বুজায় ? 

উত্তৰঃ ১৯৯২ চনত এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল আৰু এই চুক্তিৰ ফলতেই ইউৰােপীয় সংঘ গঠনৰ পথ মুকলি হৈছিল । 

প্রশ্ন ১৫। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ ইউৰোপক পুনৰ কেনেদৰে অর্থনৈতিভাৱে সবল কৰি তুলিব পাৰি । 

প্রশ্ন ১৬ । পৰিকল্পনাই চনত ইউৰােপীয় অর্থনৈতিক সহযােগিতা সংগঠনৰ স্থাপনত প্ৰভাৱ বিস্তাৰ কৰিছিল ? 

উত্তৰঃ মার্শাল পৰিকল্পনাই ১৯৪৮ চনত । 

প্রশ্ন ১৭। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইখনৰ নাম লিখা । 

উত্তৰঃ চীন , ফ্রান্স , ৰাছিয়া , ব্রিটেইন আৰু আমেৰিকা । 

প্রশ্ন ১৮। আঞ্চলিক সংগঠন স্থাপনৰ উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ আঞ্চলিক সংগঠন স্থাপনৰ উদ্দেশ্যসমূহ হ’ল— 

( ক ) শান্তি – সহযােগিতা বৃদ্ধি কৰা । 

( খ ) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা । 

প্রশ্ন ১৯। ইউৰােপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ লিখা । 

উত্তৰঃ ইউৰােপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ হ’ল— 

( ক ) মার্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰােপীয় আর্থিক সহযােগ সংগঠন কৰা হয় যাৰ মাধ্যমত পশ্চিম ইউৰােপীয় দেশসমূহক আর্থিক সহযােগ প্ৰেৰণ কৰা হয় । 

( খ ) এই সংগঠনৰ সহায়ত পশ্চিম ইউৰােপৰ দেশসমূহে ব্যৱসায় – বাণিজ্য আৰু অর্থনৈতিক ক্ষেত্ৰত সহযােগিতা আগবঢ়োৱাৰ সুবিধা লাভ কৰে । 

প্রশ্ন ২০। খালী ঠাই পূৰণ কৰা 

চীন দেশ আৰু ভাৰতৰ ১৯৬২ চনত হােৱা সীমা সংঘর্ষ মূলতঃ ……….আৰু …………ক লৈ  হৈছিল । 

উত্তৰঃ অৰুণাচল আৰু লাডাখৰ আকচাই চীন ।

প্রশ্ন ২১। ইউৰোপীয় সংঘৰ অধীনৰ অনুষ্ঠানসমূহৰ নাম লিখা । 

উত্তৰঃ ( ক ) ইউৰােপীয় সংসদ

( খ ) ইউৰােপীয় আয়ােগ । 

প্রশ্ন ২২। ভাৰতে FTA স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড । 

See Next Page…

3 thoughts on “Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top