Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

Join Telegram channel

Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য and select needs one.

Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য Solutions for All Subject, You can practice these here…

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

পাঠ:

প্ৰথম খণ্ড

চমু প্রশ্নোত্তৰ ( মূল্যাংক -১/২ )

প্রশ্ন ১। এককেন্দ্রিক পদ্ধতি কি ? 

উত্তৰঃ য’ত ক্ষমতাৰ কেন্দ্ৰ এজনৰ হাতত ন্যস্ত থাকে তাক এককেন্দ্রিক পদ্ধতি বােলা হয় । 

প্রশ্ন ২। বাক্যটো শুধৰােৱা— 

বিশ্ব আধিপত্যৰ শিপাডাল আছে প্রাচীন ৰোমত । 

উত্তৰঃ আধিপত্য শব্দটোৰ উৎপত্তিৰ উৎস গ্রীক সাহিত্য বুলি কোৱা হয় । 

প্রশ্ন ৩। হয় নে নহয় লিখা –

প্রাচীন গ্রীচত এথেন্সৰ প্ৰাধান্যময় স্থিতিক বুজাবলৈ প্ৰথমতে আধিপত্য’ শব্দটো ব্যৱহাৰ কৰা হৈছিল । 

উত্তৰঃ হয় ।

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা— 

………….হ’ল মার্কিন সামৰিক গৱেষণাৰ প্ৰকল্পৰ পােনপটীয়া ফল । 

উত্তৰঃ ইণ্টাৰনেট সৃষ্টি । 

প্রশ্ন ৫। নৰম শক্তি কি ? 

উত্তৰঃ পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য অকল ইয়াৰ সামৰিক শক্তি আৰু আর্থিক শক্তিৰ ভেটিতে হােৱা নাই , ইয়াৰ লগত সাংস্কৃতিক শক্তিও আছে । এই সাংস্কৃতিক প্রলােভনকে ‘নৰম শক্তি’ হিচাপে আৰােপ কৰা হয় । 

প্রশ্ন ৬। প্রথম উপসাগৰীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? 

উত্তৰঃ ১৯৯০ চনৰ আগষ্ট মাহত । 

প্রশ্ন ৭। কঠিন শক্তি কি ? 

উত্তৰঃ আমেৰিকাৰ নিৰংকুশ সামৰিক আধিপত্যক বুজাবলৈ কঠিন শক্তি অভিধাটো  ব্যৱহাৰ কৰা হৈছে । 

প্রশ্ন ৮। ‘ অপাৰেচন ডেজার্ট ষ্টর্মে’ কি বুজায় ? 

উত্তৰঃ প্রথমে উপসাগৰীয় যুদ্ধক পাৰস্য উপসাগৰীয় যুদ্ধ বুলি জনা গৈছিল । এই যুদ্ধক ‘ ডেজার্ট ষ্টম ’ বুলিও জনা যায় । 

প্রশ্ন ৯। গঠন বিষয়ক ক্ষমতা হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি , বিশ্ব বেংক ।

প্রশ্ন ১০। সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ৯ / ১১ ই কি বুজায় ? 

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰটো ( World Trade Centre ) আক্রমণ কৰি যুক্তৰাষ্ট্ৰখনৰ বৃহৎ ক্ষতিসাধন কৰে । এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যাপ্তিক সূচায় । 

প্রশ্ন ১১। কোন বছৰত ইৰাকে কুৱেইট আক্রমণ কৰিছিল ? 

উত্তৰঃ ১৯৯০ চনৰ ২ আগষ্ট তাৰিখে । 

প্রশ্ন ১২। আমেৰিকান ক্ষমতাৰ সন্দৰ্ভত এটা বাধ্যবাধকতা লিখা । 

উত্তৰঃ বিশ্ব জনমত । 

প্রশ্ন ১৩। মার্কিন আধিপত্যৰ আৰম্ভণি কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৯১ চনৰ পিছৰপৰা ।

প্রশ্ন ১৪। কোন বছৰত মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৫০ চনত । 

প্রশ্ন ১৫। গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ কম্পিউটাৰ । 

প্রশ্ন ১৬। গােলকীয় গাও কি ? 

উত্তৰঃ ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক নিভৰশীলতাৰ ওপৰত গঢ়ি উঠা আৰু তেওঁলােকৰ মাজত সহজ যােগাযােগ ব্যৱস্থা থকা বিশ্বক গােলকীয় গাঁও বুলি জনা যায় । 

প্রশ্ন ১৭। প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল ? 

উত্তৰঃ জর্জ ডব্লিউ বুশ্ব । 

প্রশ্ন ১৮। মার্কিন যুক্তৰাষ্ট্রৰ বাহিৰত প্রথম MBA পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ? 

উত্তৰঃ ১৯৫০ চনত । 

প্রশ্ন ১৯।  ৯ / ১১ ৰ আক্ৰমণত কিমান লােক নিহত হৈছিল ?

উত্তৰঃ ৩০০০ ৰাে অধিক লােক । 

প্রশ্ন ২০। ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা । 

উত্তৰঃ Wharton School. 

প্রশ্ন ২১। এক মেৰু বিশিষ্ট ব্যৱস্থা বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া পৃথিৱীৰ প্ৰায়বােৰ ক্ষমতা আৰু প্রতিপত্তি এটা কেন্দ্র বা এখন দেশত কেন্দ্রীভূত হৈ পৰে তেতিয়া এই ব্যৱস্থাক এক মেৰু বিশিষ্ট ব্যৱস্থা বুলি আখ্যা দিয়া হয় । 

প্রশ্ন ২২। শুদ্ধ ‘ নে ‘ অশুদ্ধ ’ লিখা :

আদিতে ,  ‘আধিপত্য’ শব্দটো প্রাচীন গ্রীচত এথেন্সৰ প্রাধান্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৩। খালী ঠাই পূৰণ কৰা :

…………আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্রকল্পৰ প্রত্যক্ষ ফল । 

উত্তৰঃ ইণ্টাৰনেট । 

প্রশ্ন ২৪। নমনীয় ক্ষমতা বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্র প্রাধান্য অকল ইয়াৰ সামৰিক শক্তি আৰু আর্থিক শক্তিৰ ভেটিতে হােৱা নাই , ইয়াৰ লগত সাংস্কৃতিক শক্তিও আছে । আমেৰিকাৰ কৃতকার্যতা আৰু সাফল্যতা পৃথিৱীৰ সকলাে লােকে দেখি বা জানি সকলােৱে প্রলােভিত আৰু প্ৰভাৱিত হয় । ইয়াৰ প্ৰথা , সাজ – পােছাক , খাদ্যৰ প্রতিও আকর্ষিত হয় । কাৰণ , আমেৰিকাৰ সংস্কৃতি অতিকে শক্তিশালী আৰু আকর্ষণীয় । এইদৰে সন্মতি আদায় কৰা সামর্থকে বা শক্তিকে নমনীয় শক্তি বুলি কোৱা হয় । 

প্রশ্ন ২৫। অনমনীয় ক্ষমতা বুলিলে কি বুজা ? 

উত্তৰঃ আধিপত্য প্রথম অর্থ বা অনমনীয় শক্তি হ’ল সামৰিক সমর্থতা । আমেৰিকাৰ সামৰিক আধিপত্য নিৰংকুশ । কোনাে ৰাষ্ট্ৰ বা ৰাষ্ট্ৰসমূহৰ গােটে এই ক্ষেত্ৰত ভাৰসাম্যতা প্রদান কৰিব নােৱাৰে । 

প্রশ্ন ২৬। গাঁথনিগত শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ যােগাযােগৰ বাবে সাগৰীয় পথ । 

প্রশ্ন ২৭। সমসাময়িক বিশ্ব ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ৯ / ১১ ই কোনটো ঘটনাক সূচায় ? 

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্র ( World Trade Centre ) টো আক্রমণ কৰি যুক্তৰাষ্ট্ৰখনৰ বৃহৎ ক্ষতিসাধন কৰে । এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যাপ্তিক সূচায় । 

প্রশ্ন ২৮। আমেৰিকাই কিয় ইৰাক আক্রমণ কৰিছিল ? 

উত্তৰঃ ১৯ মার্চ , ২০০৩ চনত আমেৰিকাই Operation Iraqui Freedom নাম লৈ ইৰাক আক্রমণ কৰে । এই আক্রমণৰ প্রধান উদ্দেশ্য আছিল ইৰাকক মাৰণাস্ত্র প্রস্তুত কৰাৰ পৰা বিৰত ৰখা । 

প্রশ্ন ২৯। আমেৰিকা শক্তিৰ এটা প্রতিবন্ধক লিখা । 

উত্তৰঃ বর্তমান কেইবাখনাে ৰাষ্ট্র সামৰিক আৰু অর্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে । আৰু এইদৰে উঠি অহা শক্তিসমূহে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্রাধান্য প্রতি এক প্রত্যাহ্বানৰূপে দেখা দিয়ে । 

প্রশ্ন ৩০। ‘আধিপত্য’ই কি সূচায় ? 

উত্তৰঃ অসমীয়া ‘আধিপত্য’ শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে hegemony । ‘আধিপত্য’ শব্দটোৱে সাধাৰণ অৰ্থত কোনাে শক্তি , দেশ অথবা ব্যক্তিয়ে আনৰ ওপৰত প্রতিষ্ঠা কৰা নৰ্বাত্মক নিয়ন্ত্রণক সূচায় ।

প্রশ্ন ৩১। ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ বিশুদ্ধ বায়ু আৰু পথসমূহ ( সাগৰীয় পথ ) । 

প্রশ্ন ৩২। কোনে কাৰ বিৰুদ্ধে ‘অপাৰেচন স্থায়ী স্বাধীনতা’ আৰম্ভ কৰিছিল ? 

উত্তৰঃ ৯/১১ আক্রমণৰ প্রত্যুত্তৰ দিবৰ বাবে এই ঘটনাৰ মূল অভিযুক্ত অল কায়দা আৰু আফগানিস্তান তালিবান শাসনৰ বিৰুদ্ধে আমেৰিকাই ‘অপাৰেচন স্থায়ী স্বাধীনত’ আৰম্ভ কৰিছিল । 

প্রশ্ন ৩৩। মার্কিন আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল ? 

উত্তৰঃ ছােভিয়েট সংঘৰ পতনৰ ( ১৯৯১ ) পাছত মাত্র এটা শক্তি আছিল আৰু সেইটো হ’ল আমেৰিকা যুক্তৰাষ্ট্র । সেই সময়ৰ পৰাই মার্কিন আধিপত্য আৰম্ভ হৈছিল । 

প্রশ্ন ৩৪। কোনে ব্রিটন উদছ পদ্ধতি প্রতিষ্ঠা কৰিছিল আৰু কেতিয়া কৰিছিল ? 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকাই Britton Woods System প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ৩৫। মার্কিন আধিপত্যৰ দুটা ফচল লিখা । 

উত্তৰঃ ( ক ) আমেৰিকা যুক্তৰাষ্ট্র বিশ্ব ৰাজনীতিত অদ্বিতীয় বৃহৎ শক্তি হৈ থাকিল । আৰু

( খ ) দ্বি – পাক্ষিক আৰু গােষ্ঠী ( block ) ৰাজনীতিৰ অন্ত পৰে । 

প্রশ্ন ৩৬। ‘বেণ্ডৱাগন’ কৌশল কি ? 

উত্তৰঃ ‘বেগুৱাগন’ পদ্ধতি অনুসৰি প্রতিপত্তিশালী দেশৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিৱর্তে এনেধৰণৰ পৰামর্শ দিয়া হয় যাতে ৰাষ্ট্রসমূহে এই প্রতিপত্তিশালী ৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগত থাকি নিজৰ সা – সুবিধাখিনি আদায় কৰি লয় । 

প্রশ্ন ৩৭। তুমি ভাবানে যে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্রসমূহে সীমিত কৰিব পাৰে মার্কিন আধিপত্য ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা । 

উত্তৰঃ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিত আমেৰিকাক অকলে বা সম্মিলিতভাৱে কোনাে ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰাৰ অৱস্থাত নাই । তথাপি বহুতে বিশ্বাস কৰে যে কিছু বেচৰকাৰী প্রতিষ্ঠানে ( NGOs ) সামৰিক বা বিশ্ব জনমত গঠন কৰি কিছু পৰিমাণে হ’লেও আমেৰিকাক নিয়ন্ত্রণ কৰিব পাৰে । 

প্রশ্ন ৩৭। ১৯৯২ আৰু ১৯৯৬ চনৰ মার্কিন যুক্তৰাষ্ট্ৰীয় নির্বাচনত কোন জয়ী হৈছিল ? 

উত্তৰঃ বিল ক্লিন্টন । 

প্রশ্ন ৩৮। বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান ? 

উত্তৰঃ ২৮ শতাংশ । 

প্রশ্ন ৩৯। কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্রতিষ্ঠা হৈছিল নির্ণয় কৰা । 

উত্তৰঃ আমেৰিকাৰ দৃঢ় নীতি আৰু নমনীয় নীতিৰ মিশ্ৰণত বিশ্বত আধিপত্য বিস্তাৰ কৰিছিল । 

প্রশ্ন ৪০। PPP- এ কি বুজায় ? 

উত্তৰঃ Public Private Partnership .

প্রশ্ন ৪১। মার্কিন আধিপত্য প্রতিবন্ধকতাবােৰ উল্লেখ কৰা । 

উত্তৰঃ বর্তমান কেইবাখনাে ৰাষ্ট্র সামৰিক আৰু অর্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে আৰু এইদৰে উঠি অহা শক্তিসমূহে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্রাধান্য প্রতি এক প্রত্যাহ্বান হিচাপে দেখা দিছে । 

প্রশ্ন ৪২। অলকায়দা কি ? 

উত্তৰঃ অল – কায়দা হ’ল আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী সংগঠন । 

প্রশ্ন ৪৩। ‘সহজ ক্ষমতা হিচাপে আধিপত্য কি ? 

উত্তৰঃ পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য অকল ইয়াৰ সামৰিক শক্তি আৰু আর্থিক শক্তিৰ ভেটিতে হােৱানাই , ইয়াৰ লগত সাংস্কৃতিক শক্তিও আছে যি পৃথিৱীৰ সকলাে লােককে প্রলােভিত আৰু প্ৰভাৱিত কৰিছে । এনেদৰে সন্মতি আদায় কৰি আধিপত্য বিস্তাৰ কৰা ক্ষমতাকে আধিপত্যৰ সহজ ক্ষমতা বােলা হয় ।

প্রশ্ন ৪৪। ‘অপাৰেচন ইৰাকী ফ্রীডম ’ কি আছিল ? 

উত্তৰঃ ২০০৩ চনৰ ১৯ মার্চৰ দিনা আমেৰিকাৰ সেনা বাহিনীয়ে ‘ অপাৰেচন ইৰাকী ফ্রীডম ’ অভিযান চলাই ইৰাক আক্রমণ কৰে । ৰাষ্ট্ৰসংঘই অনুমতি নিদিয়া সত্ত্বেও ৪০ খনৰাে অধিক ৰাষ্ট্ৰই আমেৰিকাই গঠন কৰা মৰ্চাত যােগদান কৰি এই আক্রমণ চলায় । এই আক্রমণৰ উদ্দেশ্য হ’ল ইৰাকক মানৱ ধ্বংসমুখী অস্ত্র – শস্ত্র উৎপাদনত বাধা দিয়া । 

প্রশ্ন ৪৫। কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয় আৰু কিয় হৈছিল ? 

উত্তৰঃ ১৯৯১ চনৰ পাছৰপৰা বিশ্বত ছােভিয়েট সংঘৰ পতনৰ পাছৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হৈছিল । 

প্রশ্ন ৪৬। আমেৰিকাৰ প্রভুত্বৰ দুটা ফল উল্লেখ কৰা । 

উত্তৰঃ( ক ) আমেৰিকা যুক্তৰাষ্ট্র বিশ্ব ৰাজনীতিত অদ্বিতীয় বৃহৎ শক্তি হৈ থাকিল । 

( খ ) দ্বি – পাক্ষিক আৰু গােষ্ঠী ( block ) ৰাজনীতিৰ অন্ত পৰে । 

প্রশ্ন ৪৭। প্রথম উপসাগৰীয় যুদ্ধৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ ( ক ) তেল সম্পদৰ ওপৰত নিয়ন্ত্রণ । 

( খ ) আমেৰিকাৰ লগত বন্ধুত্বমূলক সম্পর্ক । 

( গ ) ইৰাকক গণবিধ্বংসী অস্ত্র – শস্ত্র প্রস্তুত আৰু মজুতকৰণত বাধা দিয়া । 

প্রশ্ন ৪৮। গাথনিত ক্ষমতা হিচাপে আধিপত্য ব্যাখ্যা কৰা । 

উত্তৰঃ অর্থনৈতিক গাঁথনিৰ ক্ষেত্ৰত আধিপত্য যুক্তৰাষ্ট্র যথেষ্ট শক্তিশালী।গাঁথনিত ক্ষমতাৰ উৎপত্তি হৈছে বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু অটুট ৰাখিবলৈ আধিপত্যৰ আৱশ্যক । আভ্যন্তৰীণভাৱে আমেৰিকাৰ পর্যাপ্ত পৰিমাণৰ গাঁথনিগত শক্তি আছে । উদাহৰণস্বৰূপে অর্থনৈতিক আৰু প্ৰযুক্তিৰ কথা উনুকিয়াব পাৰি ।

প্রশ্ন ৪৯। মার্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্রমণ কিয় কৰিছিল ? 

উত্তৰঃ ইৰাকক মাৰণাস্ত্র প্রস্তুত কৰাৰপৰা বিৰত ৰখাৰ উদ্দেশ্য ২০০৩ চনৰ ১৯ মার্চত মার্কিন যুক্তৰাষ্ট্ৰই ‘ Operation Iraqui Freedom নাম লৈ ইৰাক আক্রমণ কৰে ।

See Next Page…

6 thoughts on “Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য”

  1. Aadhipatyar bivinna dharan xomu aalusona kora??? Aito lage aapunar tat thoka xan xoru muk 6mark xanar lage please…….

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top