Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান and select needs one.
Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solutions for All Subject, You can practice these here…
দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
পাঠ: ২
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )
প্ৰশ্ন ১.USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল ?
উত্তৰঃ USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি ১৯১৭ চনত হৈছিল ।
প্ৰশ্ন ২.বিশ্ব ৰাজনীতিৰ দ্বি বিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল ?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বিবিভাজিত বা দ্বিমেৰু ব্যৱস্থাৰ অন্ত পৰিছিল ।
প্ৰশ্ন ৩.মিখাইল গৰ্বাচেভ কোন আছিল ?
উত্তৰঃ মিখাইল গৰ্বাচেভ ১৯৮৫ চনৰ ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল । লগতে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছিল ।
প্ৰশ্ন ৪.ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন কি ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ উত্তাৰাধিকাৰী ৰাষ্ট্রখন হ’ল- ৰাছিয়া ।
প্ৰশ্ন ৫.উক্তিটো শুধৰোৱা
ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে ।
উত্তৰঃ ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল মিখাইল গৰ্বাচেভে ।
প্ৰশ্ন ৬.কোন দলে USSR শাসন কৰিছিল ?
উত্তৰঃ সাম্যবাদী দলে USSR শাসন কৰিছিল ।
প্ৰশ্ন ৭.USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণটো কি আছিল ?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আরু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আরু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।
প্ৰশ্ন ৮.ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক মহাশক্তি হৈছিল- আমেৰিকা যুক্তৰাষ্ট্র ।
প্ৰশ্ন ৯.CIS ৰ পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ CIS ৰ পূর্ণ ৰূপটো হ’ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ।
প্ৰশ্ন ১০.ছোভিয়েট ইউনিয়নে কি আদর্শক ভিত্তি কৰিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নে সাম্যবাদী আদর্শক ভিত্তি কৰিছিল ।
প্ৰশ্ন ১১.কোন বছৰত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ?
উত্তৰঃ ১৯৯১ চনত ৱাৰ্শ্ব সন্ধি ভংগ হৈছিল ।
প্ৰশ্ন ১২.কোনখন দেশ ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায় ?
উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায় ।
প্ৰশ্ন ১৩.কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ?
উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল ।
প্ৰশ্ন ১৪.কোন বছৰত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ?
উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্রসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ।
প্ৰশ্ন ১৫.USSR ত কিমান ইউনিয়ন গণৰাজ্য আছিল ?
উত্তৰঃ USSR ত ১৫ খন ইউনিয়ন গণৰাজ্য আছিল ।
প্ৰশ্ন ১৬.বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তৰঃ বলছেভিক কমিউনিষ্ট পার্টীৰ প্রতিষ্ঠাপক আছিল- লেনিন ।
প্ৰশ্ন ১৭.ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি কোন আছিল ?
উত্তৰঃ ৰাছিয়াৰ প্রথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি আছিল বৰিছ ইয়েল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999) ।
প্ৰশ্ন ১৮.শ্বক থেৰাপী কি ?
উত্তৰঃ শ্বক থেৰাপী হ’ল- সমাজবাদী আদর্শৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্রবোৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্রলৈ সলনি কৰাৰ এক প্রক্রিয়া ।
প্ৰশ্ন ১৯.ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়ন দ্বিতীয় মহাযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল ।
প্ৰশ্ন ২০.USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ USSR ৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল ।
প্ৰশ্ন ২১.চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?
উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ ১৯১৭ চনত প্রতিষ্ঠা হৈছিল ।
প্ৰশ্ন ২২.দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ঘটিছিল ৷
অথবাঃ দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি ১৯৯১ চনত ঘটিছিল ৷
প্ৰশ্ন ২৩.চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্র কোনখন?
উত্তৰঃ চোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্রখন হ’ল- ৰাছিয়া ।
প্ৰশ্ন ২৪.চোভিয়েট সমাজবাদী গণৰাজ্যত কোনদলে শাসন কৰিছিল ?
উত্তৰঃ চোভিয়েট সমাজবাদী গণৰাজ্যত সাম্যবাদী দল অৰ্থাৎ “The Communist Party of the Soviet Union (CPSU)” য়ে শাসন কৰিছিল ৷
প্ৰশ্ন ২৫.চোভিয়েট ইউনিয়নয় ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আরু পেৰেষ্ট্রাইকা নামৰ সংস্কাৰ কাৰ্য্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ USSR ৰ ভাঙোনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।
প্ৰশ্ন ২৬.CIS ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ CIS ৰ সম্পূর্ণ ৰূপটো হ’ল- Commonwealth of Independent States (স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ) ৷
প্ৰশ্ন ২৭.চোভিয়েট ইউনিয়ন কি আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল?
উত্তৰঃ চোভিয়েট ইউনিয়ন সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত আছিল ৷
প্ৰশ্ন ২৮.ৱাৰ্শ্ব চুক্তিখন কোন চনত ভংগ কৰা হৈছিল?
উত্তৰঃ ৱাৰ্শ্ব চুক্তিখন ১৯৯১ চনত ভংগ কৰা হৈছিল ৷
প্ৰশ্ন ২৯.কোনখন দেশৰ ধ্বংস ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায়?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ধ্বংসক ‘দ্বিতীয় বিশ্ব’ৰ ধ্বংস বুলি জনা যায় ।
প্রশ্ন ৩০.ৰাছিয়াই কোন চনত ৰাষ্ট্ৰসংঘত ছােভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্রহণ কৰে ?
উত্তৰঃ ১৯১৭ চনত ।
প্রশ্ন ৩১.ছােভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল ?
উত্তৰঃ ১৫ খন ।
প্রশ্ন ৩২.আঘাত নিৰাময় কি ?
উত্তৰঃ ছােভিয়েট সংঘৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক দুৰৱস্থাই জনসাধাৰণৰ মনত অনিশ্চয়তা , সংকটৰ সৃষ্টি কৰে । জনসাধাৰণৰ এনে আঘাত প্রশমন কৰাৰ বাবে বিশ্ব বেংক আৰু আই এম এফে কিছুমান সংস্কাৰ কাৰ্যসূচী গ্রহণ কৰে যাক আঘাত নিৰাময় বােলা হয় ।
চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২)
প্রশ্ন ১.‘দ্বিতীয় বিশ্ব’ বুলিলে কি বুজায় ?
উত্তৰঃ ‘দ্বিতীয় বিশ্ব’ বা সমাজবাদী গোট বুলিলে সেইসমূহ পূব ইউৰোপৰ ৰাষ্ট্যক বুজায় যিসমূহ ৰাষ্ট্র ছোভিয়েট ৰাষ্ট্রৰ সাম্যবাদী আদর্শত প্রতিষ্ঠিত আছিল আৰু WARSAW চুক্তিত স্বাক্ষৰকাৰী আছিল । লগতে, এইসমূহ ৰাষ্ট্র ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্রৰ দৰে একে আছিল আৰু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন হৈ আছিল ।
প্রশ্ন ২.গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা ।
উত্তৰঃ গৰ্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ হ’ল-
(ক) ‘গ্লাছনস্ত’ বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু
(খ) ‘পেৰেষ্ট্রাইকা’ বা পুনৰ গঠন ।
প্রশ্ন ৩.USSRত বিভাজন সম্পর্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি মিখাইল গৰ্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে USSRত বিভাজন সম্পর্কীয় ঘোষণা কৰিছিল ।
প্রশ্ন ৪.এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্রৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হ’ল-
(ক) পুঁজিবাদী ৰাষ্ট্রৰ অর্থনীতিত মুক্ত অর্থনীতিৰ সমর্থন আছিল । আনহাতে, ছোভিয়েট অর্থনীতিত মুক্ত অর্থনীতিত পূর্ণ সমর্থন কৰা নাছিল ।
(খ) পুঁজিবাদী ৰাষ্ট্রৰ অৰ্থনীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছিল । আনহাতে, ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰোপ কৰিছিল ।
প্রশ্ন ৫.ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ।
উত্তৰঃ ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম হ’ল-
(ক) ৰাছিয়া আৰু
(খ) বেলাৰুচ ।
প্রশ্ন ৬.কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায় ?
উত্তৰঃ সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্রাপ্ত দেশসমূহত পুঁজিবাদী আদর্শৰ এক নতুন অর্থনৈতিক আরু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল । এই পৰিস্থিতিৰ মুখামুখী হব পৰাকৈ বিশ্ববেংক আৰু আন্তজাৰ্তিক মুদ্রানিধিয়ে অর্থনীতিৰ দিশৰ উন্নতিৰ অর্থে কিছুমান বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল । এই ব্যৱস্থাক শ্বক থেৰাপি বা আঘাত নিৰাময় বোলা হয় ।
প্রশ্ন ৭.ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পর্কৰ সলনি হৈছিল ?
উত্তৰঃ ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আরু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।
প্রশ্ন ৮.ছোভিয়েট বিভাজনে কিদৰে শীতল যুদ্ধ বিবাদৰ অন্ত পেলাইছিল ?
উত্তৰঃ শীতলযুদ্ধ সাধাৰণতে আমেৰিকাৰ দৰে পুঁজিবাদী আদর্শ আৰু ছোভিয়েট শক্তিগোষ্ঠীৰ সাম্যবাদী আদর্শৰ ভিত্তিত সংঘটিত হৈছিল । যেতিয়া, ছোভিয়েট ইউনিয়ন বিভাজন হৈছিল তেতিয়া সাম্যবাদী আদর্শৰ প্রায় পতন হৈছিল আৰু একনায়কত্ববাদ অর্থাৎ আমেৰিকাৰ পুঁজিবাদী আদর্শৰ ব্যৱস্থাৰ অধিক সক্রিয় হৈছিল । তেতিয়াই শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল ।
প্রশ্ন ৯.ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রিটো কি আছিল ?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্রী কৰবলগীয়া পৰিস্থিতি হৈছিল । এই বিক্রী কৰা প্রক্রিয়া বা কাৰ্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রী বুলি কোৱা হয় ।
প্রশ্ন ১০.এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আরু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰুপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ।
প্রশ্ন ১১.আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা ।
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল- মিখাইল গৰ্বাচেভৰ ‘গ্লাছনোষ্ট’ আৰু ‘পেৰেষ্ট্রাইকা’ নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে ।
প্রশ্ন ১২.ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদর্শৰ ওপৰত প্রতিষ্ঠিত ।
(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্র বা নীতিৰ ওপৰত প্রতিষ্ঠিত আছিল ।
প্রশ্ন ১৩.শ্বক থেৰাপিৰ যিকোনো দুটা নেতিবাচক প্রভাৱ লিখা ।
উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্রভাৱ হ’ল-
(ক) শ্বক থেৰাপীৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
(খ)শ্বক থেৰাপিৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।
প্রশ্ন ১৪.‘গ্লচনষ্ট’ৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ‘গ্লচনষ্ট’ৰ অর্থ হৈছে ব্যাপক স্বচ্ছতা বা মুকলি কৰা । অর্থাৎ সাম্যবাদী আদর্শৰ দ্বাৰা প্রতিষ্ঠিত সকলো বিষয়সমূহ সকলোৰে বাবে সুযোগ্য আৰু মুকলি কৰি দিয়া কাৰ্যক সূচায়ছে ।
প্রশ্ন ১৫.বার্লিন দেৱাল কেতিয়া ভঙা হৈছিল ?
উত্তৰঃ ১৯৮৯ চনৰ নৱেম্বৰ মাহত ।
প্রশ্ন ১৬.শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিবলগীয়া হয় ।
প্রশ্ন ১৯.ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল ?
উত্তৰঃ ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্রৰ দৰে আন পুঁজিবাদী ৰাষ্ট্রৰ একনায়কত্ববাদ অর্থাৎ এক মেরু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদর্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী আদর্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।
প্রশ্ন ২০.সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল ?
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আরু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আরু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল ।
প্রশ্ন ২১.ছোভিয়েট সংঘ হঠাতে ধ্বংস হোৱাৰ কাৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ’ল- মিখাইল গৰ্বাচেভৰ ‘গ্লাছনোষ্ট’ আরু ‘পেৰেষ্ট্রাইকা’ নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে । লগতে, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্রভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্রমান্বয়ে এখনৰ পিছত আনখন সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল ।
প্রশ্ন ২২.আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ লিখা ।
উত্তৰঃ আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্রভাৱ হ’ল-
(ক) আঘাত নিৰাময়ৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
(খ)আঘাত নিৰাময়ৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদর্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল ।
প্রশ্ন ২৩.আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা ।
উত্তৰঃ আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফলসমূহ হ’লঃ
(ক) আমেৰিকা যুক্তৰাষ্ট্রৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্রসাৰণ ঘটা ।
(খ) ছোভিয়েট ৰাছিয়াৰ বাণিজ্যিক গোষ্ঠীৰ পতন ঘটা ।
(গ) উদাৰনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা ।
(ঘ) নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্রবোৰৰ জৰীয়তে স্বাধীন ৰাষ্ট্রৰ কমনৱেলথ (CIS) গঠন কৰা ।
প্রশ্ন ২৪.সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠনৰ নাম লিখা ।
উত্তৰঃ সমগ্র বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ লগত জড়িত তিনিটা বেচৰকাৰী সংগঠন হ’ল:এমনেষ্টি ইনটাৰনেশ্যনেল বা Amnesty International , Human Rights Action Center, আরু Human Rights Without Frontiers (HRWF) ৷
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Bohut hohai hoise amr pohiboloi
Dear Rashmi, Thank You for your encouraging words…
Some questions are missing i really want to know otherwise thank you sir your website really helpful for us
This page make our learning easy thank you 😊
Thanks for everything
Bohut bhal lagil je apuni assamese medium karone bhabise. Wishing you all the best . God bless you
Dear User, we are really glad that you like our Notes. Your support and voice are very important to us.
Good Answer For Us