Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ and select needs one.
Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Solutions for All Subject, You can practice these here…
শীতল যুদ্ধৰ যুগ
পাঠ: ১
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )
প্ৰশ্ন ১. শীতল যুদ্ধই কি বুজায় ?
উত্তৰঃ শীতল যুদ্ধই অস্ত্র প্রয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায় । দ্বিতীয় যুদ্ধৰ পৰৱৰ্তী সময়ত ছোভিয়েট আৰু আমেৰিকাৰ অন্তর্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল ।
প্ৰশ্ন ২. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত অর্থাৎ ১৯৪৫ চনৰ পিছত শীতল যুদ্ধ আৰম্ভ হৈছিল ।
প্ৰশ্ন ৩ .NATO-ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ NATO-ৰ সম্পূর্ণ ৰূপটো হ’ল- North Atlantic Treaty Organisation ।
প্ৰশ্ন ৪. ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্রধান কাৰ্য কি আছিল ?
উত্তৰঃ ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্রধান কাৰ্য আছিল- NATO অর্থাৎ North Atlantic Treaty Organisation ৰ শক্তিক প্রতিৰোধ কৰা ।
প্ৰশ্ন ৬. বাক্যটো শুদ্ধকৈ কৰা
মার্কিন যুক্তৰাষ্ট্র সমাজবাদী আদর্শৰ প্রতি দায়বদ্ধ আছিল ।
উত্তৰঃ মার্কিন যুক্তৰাষ্ট্র পুঁজিবাদী আদর্শৰ প্রতি দায়বদ্ধ আছিল ।
প্ৰশ্ন ৭. খালী ঠাই পূৰ কৰা
দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল…………ৰ আৰম্ভণি ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল শীতলযুদ্ধৰ আৰম্ভণি ।
প্ৰশ্ন ৮. শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা ।
উত্তৰঃ শীতল যুদ্ধৰ কালছোৱা হ’ল- ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে ।
প্ৰশ্ন ৯. হয় নে নহয় লিখা ।
শীতল যুদ্ধ মার্কিন যুক্তৰাষ্ট্র আরু ছোভিয়েট ইউনিয়ন আরু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্রতিযোগিতা ।
উত্তৰঃ হয় ।
প্ৰশ্ন ১০. NIEO ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ NIEO ৰ সম্পূর্ণ ৰূপটো হ’ল- New International Economic Order .
প্ৰশ্ন ১১. CENTO বুলিলে কি বুজা ? ইয়াৰ সম্পূর্ণ ৰূপ কি?
উত্তৰঃ CENTO হ’ল এছিয়াৰ এক চুক্তি সংগঠন । ইয়াৰ সম্পূর্ণ ৰূপ হ’ল- Central Treaty Organisation .
প্ৰশ্ন ১২.‘ৰোধকৰণ’ বুলিলে কি বুজা ?
উত্তৰঃ ৰোধকৰণ বুলিলে কোনো কামত প্রতিহত কৰা বা নিৰূৎসাহিত কৰা অর্থক সূচায় ।
প্ৰশ্ন ১৩. LOCS কি ?
উত্তৰঃ LOCS হ’ল Line of Controls অথবা নিয়ন্ত্রণ ৰেখা যি পূর্ব পাকিস্তান ৰাজ্য জম্মু আৰু কাশ্মীৰৰ ভাৰত আৰু পাকিস্তান নিয়ন্ত্রিত অংশসমূহৰ মাজত সামৰিক নিয়ন্ত্রণ ৰেখাক বোজায় ৷ এই লাইন আইনগতভাৱে স্বীকৃত আৰু ইয়েই আন্তর্জাতিক সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে ৷
প্ৰশ্ন ১৪. NAM ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ NAM ৰ সম্পূর্ণ ৰূপটো হ’ল- Non-Aligned Movement .
প্ৰশ্ন ১৫. কিউবাৰ সংকট কি আছিল ?
উত্তৰঃ কিউবাৰ সংকট হ’ল এক মতানক্য বা সংকট যিটো ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপনাস্ত্র কঢ়িয়াই নিয়াত আমেৰিকাই বাধাৰ সৃষ্টি কৰিছিল ।
প্ৰশ্ন ১৬. UNCTAD কি ?
উত্তৰঃ UNCTAD হ’ল United Nations Conference on Trade and Development .
প্ৰশ্ন ১৭. দুটা মহাশক্তি নাম লিখা ।
উত্তৰঃ দুটা মহাশক্তি হ’ল- সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া আৰু পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র ।
প্ৰশ্ন ১৮.NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে ? NAM ৰ উদ্দেশ্য কি ?
উত্তৰঃ Nam ৰ উদ্দেশ্য পৃথকীকৰণ নহয় । NAM ৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণভাৱে সহৱস্থান কৰা ।
প্ৰশ্ন ১৯.কোন বছৰত মার্কিন যুক্তৰাষ্ট্রই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ?
উত্তৰঃ ১৯৪৫ চনত মার্কিন যুক্তৰাষ্ট্রই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ।
প্ৰশ্ন ২০. LDC কি?
উত্তৰঃ LDCs হ’ল- Least Developed Countries .
প্রশ্ন ২১.NIEO মাথাে এটা ধাৰণাই আছিলনে , যি কেতিয়াও শৃংখলা নহয় ?
উত্তৰঃ ই এক বাস্তৱ শংখল ।
প্রশ্ন ২২.ৰােধকৰণ চুক্তি বুলিলে কি বুজা ?
উত্তৰঃ মহাশক্তিধৰ ৰাষ্ট্ৰসমূহৰ পাৰমাণৱিক যুদ্ধক নিৰুৎসাহিত কৰা ।
প্রশ্ন ২৩.শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা ।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰাছিয়া পৰম্পৰ প্রতিদ্বন্দী ৰাষ্ট্ৰ হিচাপে উদয় হােৱাৰ পৰিণাম আছিল শীতল যুদ্ধ ।
প্রশ্ন ২২.শুদ্ধ নে অশুদ্ধ লিখা ।
শীতল যুদ্ধ আমেৰিকা যুক্তৰাষ্ট্র আৰু চোভিয়েট ইউনিয়ন আৰু সেই ৰাষ্ট্রদুখনৰ মিত্রপক্ষৰ মাজত হোৱা প্রতিযোগিতা আহিল ।
উত্তৰঃ শুদ্ধ
প্রশ্ন ২৩.যুদ্ধ নিবাৰক মানে কি বুজা?
উত্তৰঃ যুদ্ধ নিবাৰক মানে কোনো যুদ্ধ প্রতিহিত কৰা বা নিৰুৎসাহিত কৰা অর্থক সূচায় । উদাহৰণ-শীতল যুদ্ধৰ সময়ছোৱাত পাৰমাণৱিক বোমাই যুদ্ধ নিবাৰক হিচাপে ব্যৱহিত হৈছিল ৷
প্রশ্ন ২৪.নিয়ন্ত্রণ ৰেখা কি?
উত্তৰঃ Line of Controls অথবা নিয়ন্ত্রণ ৰেখা যি পূর্ব পাকিস্তান ৰাজ্য জম্মু আৰু কাশ্মীৰৰ ভাৰত আরু পাকিস্তান নিয়ন্ত্রিত অংশসমূহৰ মাজত সামৰিক নিয়ন্ত্রণ ৰেখাক বোজায় ৷ এই লাইন আইনগতভাৱে স্বীকৃত আৰু ইয়েই আন্তর্জাতিক সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে ৷
প্রশ্ন ২৫. গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততা(নিঃসঙ্গতা) বুজায় নে ?
উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততা(নিঃসঙ্গতা) নুবুজায় । NAM ৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণভাৱে সকলোৰে সৈতে সহৱস্থান কৰা ।
প্রশ্ন ২৬.দ্বিতীয় মহাযুদ্ধৰ পাছত কোন দুখন দেশ পৃথিৱীত ক্ষমতাশালী হৈ উঠিছিল ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র ( USA ) আৰু ছােভিয়েট ৰুচিয়া ( USSR ) পৃথিৱীত চূড়ান্ত ক্ষমতাশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈ উঠে ।
প্রশ্ন ২৭.প্রথমখন গােষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯৬১ চনত বেলগ্রেডত অনষ্ঠিত হৈছিল ।
চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২)
প্রশ্ন ১.দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু বিৰোধী শক্তি বুলিলে কি বুজা ?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্রান্সৰ শক্তিগোষ্ঠীটোক বুজা যায় । আরু বিৰোধী শক্তি বুলিলে জার্মানী, ইটালী আরু জাপানৰ শক্তিগোষ্ঠীটোক বোজা যায় ।
প্রশ্ন ২.দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল ?
উত্তৰঃ যেতিয়া আমেৰিকা যুক্তৰাষ্ট্রই জাপানৰ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল । তেতিয়া জাপানে আত্মসমর্পন কৰিবলৈ বাধ্য হৈছিল । জাপানৰ আত্মসমর্পণৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল বা পৰিসমাপ্তি ঘটিছিল ।
প্রশ্ন ৩.দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা ?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম হ’ল- পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র আরু সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া ।
প্রশ্ন ৪.দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম হ’ল- জাপানৰ হিৰোছিমা আরু নাগাচাকি ।
প্রশ্ন ৫.দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্রয়োজন কিয় হৈছিল ?
উত্তৰঃ দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্রয়োজন হৈছিল, কাৰণঃ
(ক) সৰু সৰু সহযোগী ৰাষ্ট্রসমূহৰ পৰা দুই মহাশক্তিয়ে তেওঁলোকৰ অস্ত্র আৰু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰিছিল ।
(খ) খনিজ সম্পদ, খাৰুৱা তেল আদি সম্পদসমূহৰ চহকী সৰু সৰু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।
প্রশ্ন ৬.পশ্চিমীয়া মিত্র শক্তি আৰু প্রাচ্য মিত্র শক্তি মানে কি ?
উত্তৰঃ আমেৰিকা শক্তিগোষ্ঠীত সহযোগ বা যোগদান কৰা ইউৰোপৰ পশ্চিমীয়া ৰাষ্ট্রবোৰৰ জোটক পশ্চিমীয়া মিত্র শক্তি আৰু প্রাচ্য ইউৰোপৰ ৰাষ্ট্রসমূহৰ জোটক প্রাচ্য মিত্র শক্তি বোলা হয় ।
প্রশ্ন ৭.দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্রণ চুক্তি তিনিখনৰ নাম লিখা ।
উত্তৰঃ দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্রণ চুক্তি দুখনৰ নাম হ’ল-
(ক) পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty)
(খ) ক্ষেপণাস্ত্র বিৰোধী চুক্তি (Anti-Ballistic Missile Treaty) আৰু
(গ)সীমিত অস্ত্র পরীক্ষণ নিষিদ্ধ চুক্তি (Limited Test Ban Treaty) ।
প্রশ্ন ৮.প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰঃ প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল ।
প্রশ্ন ৯.NATO ৰাষ্ট্রসমূহৰ ঘোষণা-পত্র কি ?
উত্তৰঃ NATO ৰাষ্ট্রসমূহৰ ঘোষণা-পত্র আছিল এই যে যদি কোনো অন্য ৰাষ্ট্র বা ৰাষ্ট্রগোষ্ঠীয়ে NATO ৰ সদস্য ৰাষ্ট্রক আক্রমণ কৰে, তেতিয়া তেওঁলোকে সমূহিকভাৱে বা একেলগে পাৰস্পৰিক প্রতিৰক্ষা আগবঢ়াব বা প্রতিৰক্ষা দিব ।
প্রশ্ন ১০.মহাশক্তিসমূহৰ বাবে ক্ষুদ্র ৰাষ্ট্ৰবােৰ কিয় সহায়ক হৈছিল ?
উত্তৰঃ ইয়াৰ মূল তিনিটা কাৰণ হ’ল –
( ক ) মুল সম্পদসমূহ যেনে— তেল আৰু খনি ।
( খ ) ভূ – ক্ষেত্র ( য’ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র – শস্ত্র ) আৰু সেনা সঞ্চালন কৰিব পাৰে ।
( গ ) অৱস্থান , য’ৰ পৰা তেওঁলােকে পৰম্পৰৰ ওপৰত গুপ্তচৰী কৰিব পাৰে ।
প্রশ্ন ১১.কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা ।
উত্তৰঃ ছােভিয়েট ৰাছিয়া , হাংগেৰী আৰু পােলেণ্ড ।
প্রশ্ন ১২.গােষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি ?
উত্তৰঃ নহয় । বৰঞ্চ ই হৈছে বৃহৎ শক্তিবিলাকৰ সামৰিক মৈত্রীৰ পৰা বিৰত থকা এক নীতি ।
প্রশ্ন ১৩.দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিৱেশিকতাৰ পৰা মুক্ত হােৱা যিকোনাে চাৰিখন ৰাষ্ট্রৰ নাম লিখা ।
উত্তৰঃ ভাৰত , ইণ্ডোনেছিয়া , ইজিপ্ত আৰু শ্রীলংকা ।
প্রশ্ন ১৪.২০ তম NATO শীর্ষ সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ২০১২ চনত আমেৰিকাৰ চিকাগাে চহৰত ।
প্রশ্ন ১৫. চোভিয়েট পৰিমণ্ডলত যােগদান কৰা দেশসমূহৰ নাম লিখা ।
উত্তৰঃ পপালেণ্ড , হাংগেৰী , জার্মানী , বুলগেৰীয়া ইত্যাদি ।
প্রশ্ন ১৬.দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা ?
উত্তৰঃ মিত্রশক্তি বুলিলে মার্কিন যুক্তৰাষ্ট্র , ছােভিয়েট সংঘ , ব্রিটেইন আৰু ফ্রান্সক বুজা যায় । আনহাতে , অক্ষীয় শক্তি বুলিলে বা বিৰােধী শক্তি বুলিলে জার্মান , ইটালী আৰু জাপানক বুজা যায় ।
প্রশ্ন ১৭.সাম্যবাদী শিবিৰৰ অন্তৰ্গত তিনিখন দেশ বাছি উলিওৱা ।
উত্তৰঃ হাংগেৰী , পােলেণ্ড আৰু আলবেনিয়া ।
প্রশ্ন ১৮.পাৰমাণৱিক নিৰীকৰণ চুক্তি সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ শীতল যুদ্ধই সৃষ্টি কৰা উত্তেজনা হ্রাস কৰিবৰ বাবে আৰু যুদ্ধৰ পৰা বিশ্বক ৰক্ষা । কৰিবৰ বাবে দুই মহাশক্তিধৰৰ লগতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই কেতবােৰ গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছিল যিবােৰক পাৰমাণৱিক নিৰস্ত্রীকৰণ চুক্তি বুলি অভিহিত কৰা হয় । এই চুক্তিসমূহৰ জৰিয়তে মজুত থকা অস্ত্র – শস্ত্র হ্রাস কৰাৰ লগতে পাৰমাণৱিক পৰীক্ষা ।
প্রশ্ন ১৯.সাম্যবাদৰ বিৰুদ্ধে সংগঠিত দুটা সামৰিক সংগঠনৰ নাম লিখা ।
উত্তৰঃ সংগঠন দুটা হ’ল –
১.NATO ( উত্তৰ আটলান্টিক সন্ধি সংগঠন )
২.SEATO ( দক্ষিণ – পূর্ব এছিয়া সন্ধি সংগঠন ) বন্ধ কৰা সম্পর্কত কেতবােৰ সিদ্ধান্ত আৰু সংকল্প গ্রহণ কৰিছিল ।
প্রশ্ন ২০.বিশ্বৰ চূড়ান্ত ক্ষমতাশালী ৰাষ্ট্ৰদুখনৰ মাজত হােৱা দুখন সমৰাস্ত্র নিয়ন্ত্রণ চুক্তিৰ নাম লিখা ।
উত্তৰঃ সমৰাস্ত্র নিয়ন্ত্রণ চুক্তি দুখন—
( ১ ) সীমিত পৰীক্ষা বন্ধ কৰা সন্ধি (Limited Test Ban Treaty )
( ২ ) পাণবিক অস্ত্র প্রসাৰণ নকৰা চুক্তি । ( Nuclear Non – proliferation Treaty )
প্রশ্ন ২১.কেতিয়া আৰু ক’ত প্রথম গােষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ( NAM ) বহিছিল ?
উত্তৰঃ ১৯৬১ চনত , বেলগ্রেড চহৰত প্ৰথমখন গােষ্ঠী নিৰপেক্ষ সন্মিলন বহিছিল ।
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Tq I like it
Dhanyabad ☺
ধন্যবাদ জনালো আৰু সুন্দৰ
Thanks sir
?
Thank you so much ?
Wlcm
Thank you so much ?
Thanks to all you
Ok sir
Thank you so much sir ?
Thank you so much sir ❤️
WLCM
Too much add …otherwise its good
Thank you so much sir
Very help full questions ,thank you sir
Thank you soo much sir ☺️
Thank you so much sir ❤️
Hallo sir
Thanks a lot
Thank you so much sir ??
welcome
Exam coming
Nd
It’s this helpful
Thank you
Thank u so much ?
Thanks ?
Tq sir your are grate but….😶