Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ ) 

প্রশ্ন ১। নিৰীক্ষণৰ সাধাৰণ চৰ্তবােৰ কি কি ? 

উত্তৰঃ আগমনৰ ক্ষেত্ৰত অতি সতর্কতাৰে নিৰীক্ষণ কৰা উচিত । জয়েছৰ মতে নিৰীক্ষণৰ সাধাৰণ চৰ্তবােৰ হ’ল— 

( ক ) বুদ্ধিগত চর্ত 

( খ ) দেহগত চর্ত আৰু 

( গ ) নীতিগত চর্ত । 

যিব্যক্তিৰ জনাৰ আকাংক্ষা নাই তেওঁলােকে সাধাৰণভাৱে প্রত্যক্ষ কৰিব পাৰে । কিন্তু পর্যবেক্ষণ কৰিব নােৱাৰে । জ্ঞানৰ আগ্রহেই পর্যবেক্ষণ কৰাৰ আগ্রহ জন্মায় । নির্ভুলভাৱে পর্যবেক্ষণ কৰিবলৈ হ’লে ইন্দ্রিয়বােৰ দোষমুক্ত হ’ব লাগিব , সুস্থ হ’ব লাগিব । গতিকে দেহগত চর্ত গুৰুত্বপূৰ্ণ চর্ত । তাৰােপৰি নির্ভুলভাৱে পর্যবেক্ষণ কৰিবলৈ হ’লে এটা নিৰপেক্ষ মনৰ প্রয়ােজন । মন পক্ষপাতিত্বশূন্য , পুর্ব ধাৰণামুক্ত , কু – সংস্কামুক্ত হ’ব লাগিব । অর্থাৎ নীতিগত চর্ত পর্যবেক্ষণৰ বাবে অতি প্রয়ােজনীয় । 

প্রশ্ন ২। নানা কাৰণবাদ হ’ল কাৰণৰ প্রকৃতি সম্পৰ্কীয় এটা ভুল ধাৰণা— কিয় ? 

উত্তৰঃ বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা কাৰণ কোনাে এটা বিশেষ ঘটনা নহয় । ই একাধিক ঘটনাৰ সমষ্টি । বিভিন্ন উপকাৰণৰ সমষ্টি । সেইদৰে কাৰ্যও এটা বিশেষ ঘটনা নহয় , কাৰ্য আৰু কাৰণ উভয়েই একো একোটা মিশ্র বা জটিল ঘটনা । সাধাৰণতে আমি কাৰ্য আৰু কাৰণৰ অন্তর্ভুক্ত সকলাে ঘটনা যথাযথভাৱে বিচাৰ নকৰে । কাৰণৰ ক্ষেত্ৰত আমি বিভিন্ন উপকাৰণ বিচাৰ নকৰি মাত্ৰ মুখ্য কাৰণটো বিচাৰ কৰোঁ । কার্যৰ ক্ষেত্ৰতাে তেনে ভুল হয় । কাৰণ বা কার্য অন্তর্গত সকলাে ঘটনা উপকাৰণবােৰত সমানে গুৰুত্ব নিদিয়াৰ ফলত আৰু সতর্কতাৰে লক্ষ্য নকৰাৰ ফলত কার্য – কাৰণ সম্পর্কে কেতিয়াবা ভ্রান্ত ধাৰণা আমাৰ মনত জন্মে । গতিকে নানা কাৰণবাদ ’ কাৰণৰ প্রকৃতি সম্পর্কীয় এটা ভ্রান্ত ধাৰণা। 

প্রশ্ন ৩। প্রযােজক শক্তি আৰু সংস্থাৰ উদাহৰণসহ সংজ্ঞা দিয়া । 

উত্তৰঃ তর্কশাস্ত্রবিদ বেইনে শক্তিৰ অবিনাশিতা নীতি’ৰ ওপৰত ভিত্তি কৰি কাৰণক দুটা ভাগত ভাগ কৰিছে । 

( ক ) প্রয়ােজক আৰু 

( খ ) সংস্থা । 

যি শক্তিয়ে কোনাে পৰিৱৰ্তন ঘটায় বা ক্রিয়াক উদ্দীপিত কৰে তাক প্রযেজক বােলে । আনহাতে পাৰিপাৰ্শ্বিক ঘটনাৰ যি সমাবেশ থাকিলে প্রযােজকে বা ক্রিয়া উদ্দীপক শক্তি কার্য সম্পাদন কৰিব পাৰে তাক সংস্থা বােলে । যেনে- জলন্ত দিয়াচলাইৰ কাঠি এডাল দাহ্যবস্তুৰ ওপৰত পেলাই দিলে জুই জ্বলি উঠিব । ইয়াত জ্বলন্ত কাঠিডাল প্রযােজক আৰু দাহ্যবস্তু সংস্থা । 

প্রশ্ন ৪। কাৰণ সংযােজন বুলিলে কি বুজা ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ যেতিয়া একাধিক কাৰণ সংযােজিত হৈ একেলগে ক্রিয়া কৰি কোনাে এটা জটিল বা মিশ্র কার্য সম্পাদন কৰে তেতিয়া এই কাৰণবােৰক কাৰণ সংযােজন বােলে । উদাহৰস্বৰূপে গধূৰ শিল এটা দুজন মানুহে মিলি তুলিলে । ইয়াত মানুহ দুজনৰ শক্তি পৃথক পৃথকভাৱে নাথাকি সংমিশ্ৰিত হৈ পৰিছে । মানুহ দুজনৰ সন্মিলিত প্রচেষ্টা কাৰণ সংযােজন ।

প্রশ্ন ৫। পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ তিনিটা সুবিধা হ’ল— 

( ক ) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক । 

( খ ) নিৰীক্ষণৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ অনুমান কৰিব পাৰি । 

( গ ) নিৰীক্ষণৰ স্থান পৰিক্ষণৰ আগত ।

প্রশ্ন ৬। নিৰীক্ষণৰ তুলনাৰ পৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা হ’ল 

( ক ) পৰীক্ষণৰ ক্ষেত্ৰত ধীৰ স্থিৰভাৱে আৰু সতর্কতাৰে ঘটনাবােৰ প্রত্যক্ষ কৰিব পাৰি । 

( খ ) পৰীক্ষণৰ ক্ষেত্ৰত প্রয়ােজন মতে দৃষ্টান্ত সংগ্রহ কৰিব পাৰি , পৰিৱেশ সলনি কৰিব পাৰি আৰু পুনঃ পুনঃ পৰীক্ষণ কৰিব পাৰি । 

( গ ) পৰীক্ষণৰ দ্বাৰা কাৰ্য আৰু কাৰণৰ পৰিমাণগত স্বভাৱ লক্ষ্য কৰিব পাৰি । 

প্রশ্ন ৭। অনবেক্ষণ দোষ আৰু ভ্রান্ত পর্যবেক্ষণ দোষৰ মাজত দুটা পার্থক্য উলিওৱা । 

উত্তৰঃ অনবেক্ষণ দোষ আৰু ভ্রান্ত পর্যবেক্ষণ দোষৰ মাজত থকা দুটা পার্থক্য হল— 

( ক ) নিৰীক্ষণ কৰিবলগীয়া তথ্য , ঘটনা বা পৰিস্থিতি অগ্রাহ্য কৰিলে বা মনােযােগ নিদিলে অনবেক্ষণ দোষ ঘটে । আনহাতে ইন্দ্রিয় সংবেদনৰ ভুল ব্যাখ্যাৰ ফলত ভ্রান্ত পর্যবেক্ষণ দোষ ঘটে । 

( খ ) অনবেক্ষণ দোষ অত্যাৱশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ আৰু আৱশ্যকীয় পাৰিপাৰ্শ্বিক অৱস্থাৰ হ’ব পাৰে । আনহাতে ভ্রান্ত পর্যবেক্ষণ ব্যক্তিগত আৰু সার্বজনীন হ’ব পাৰে । 

প্রশ্ন ৮। সৰল পর্যবেক্ষণ সম্পূর্ণ ৰূপে নিষ্ক্রিয় অভিজ্ঞতানে ? ব্যাখ্যা কৰা । 

উত্তৰঃ ইক আদি কিছুমান তর্কবিদৰ মতে সৰল পর্যবেক্ষণ বা নিৰীক্ষণ নিষ্ক্রিয় অভিজ্ঞতা । কাৰণ নিৰীক্ষণৰ ক্ষেত্ৰত ঘটনা আৰু পৰিৱেশ যােগান ধৰে প্ৰকৃতিয়ে । প্রাকৃতিক পৰিৱেশত ঘটা ঘটনাবােৰক লক্ষ্য কৰি যােৱাই নিৰীক্ষণৰ কাম । গতিকে নিৰীক্ষণৰ ক্ষেত্ৰত যথেষ্ট সক্রিয় হৈ থাকিব লাগে । নিষ্ক্রয়ভাৱে কোনাে ঘটনা বা পৰিৱেশ সৃষ্টি হ’ব নােৱাৰে । নিৰীক্ষণ উদ্দেশ্য  প্রণােদিত সুনিয়ন্ত্রিত প্রত্যক্ষ । ইয়াত উদ্দেশ্য অনুসৰি অপ্রয়ােজনীয়বােৰক বর্জন কৰা হয় । যি প্রয়ােজনীয় তাক নির্বাচন কৰি , মনক নিয়ন্ত্রিত কৰি লক্ষ্য কৰিব লাগে । এনে নির্বাচনত মানসিক প্রস্তুতি , একাগ্রতা , সতর্কতা আদি মানসিক ক্রিয়াৰ লগতে দৈহিক প্রস্তুতিৰাে প্রয়ােজন । প্রাকৃতিক ঘটনা নিৰীক্ষণ কৰা হয় বাবে সকলাে সময়তে নিৰীক্ষণত সজাগ হৈ থাকিব লাগে । গতিকে সৰল পর্যাবেক্ষণ বা নিৰীক্ষণ সম্পূর্ণৰূপে নিষ্ক্রিয় অভিজ্ঞতা নহয় । 

প্রশ্ন ৯। নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বােলা হয় ? 

উত্তৰঃ নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰাই আগমনৰ ক্ষেত্ৰত বিশেষ বিশেষ দৃষ্টান্ত বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় । এই বাস্তৱ দৃষ্টান্তবােৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগমনে বস্তুগতভাৱে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । সেই কাৰণেই নিৰীক্ষণ আৰু পৰীক্ষণক আমগনৰ বস্তুগত ভিত্তি বােলা হয় । 

প্রশ্ন ১০। অনবেক্ষণ দোষৰ বিভিন্ন প্রকাৰবােৰ কি কি ? উদাহৰণ সহ প্রত্যেকৰে ব্যাখ্যা কৰা । 

উত্তৰঃ অনবেক্ষণ দোষ দুই প্রকাৰৰ হ’ব পাৰে 

( ক ) প্রাসংগিক দৃষ্টান্তৰ অনবেক্ষণ ।

( খ ) পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ । 

( ক ) প্রাসংগিক দৃষ্টান্তৰ অনবেক্ষণ :- কোনাে ঘটনাৰ যথার্থ কাৰণ নির্ণয় কৰাৰ বাবে প্রাসংগিকতা থকা সদর্থক আৰু নঞর্থক উভয় প্রকাৰৰ দৃষ্টান্ত নিৰীক্ষণ কৰা প্রয়ােজন । কিন্তু মন নিৰপেক্ষ আৰু – সংস্কামুক্ত নহ’লে এই দোষ সংঘটিত হয় । পূর্বধাৰণা লৈ মনে কেতিয়াবা অনুকূল দৃষ্টান্তহে পর্যবেক্ষণ কৰে । প্রতিকূল দৃষ্টান্তৰ পিনে দৃষ্টি ৰাখি নিক্ষেপ নকৰে । উদাহৰণস্বৰূপে , এজন ব্যক্তিয়ে খুৱ বেছি মাংস খাইছিল আৰু এতিয়া উচ্চ ৰক্তচাপত ভুগিছে । গতিকে সিদ্ধান্ত কৰা হ’ল যে বেছি মাংস খােৱাই তেওঁৰ উচ্চ ৰক্তচাপৰ কাৰণ । কিন্তু নিৰামিষভােজী মানুহৰৰ যে উচ্চ ৰক্তচাপ হ’ব পাৰে সেই দৃষ্টান্ত নিৰীক্ষণ কৰা নহ’ল । ইয়াত অকল নতুন দৃষ্টান্ত লক্ষ্য কৰা হৈছে কিন্তু প্রতিকূল দৃষ্টান্ত লক্ষ্য কৰা হােৱা নাই । ইয়েই প্রাংসগিক দৃষ্টান্তৰ অনবেক্ষণ । 

( খ ) পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ :- কেতিয়াবা কিবা কাৰণত পাৰিপাৰ্শ্বিক অৱস্থা ভালদৰে লক্ষ্য নকৰি কেৱল ঘটনাটো আৰু তাৰ পূৰ্বৱর্তী অৱস্থাহে লক্ষ্য কৰা হয় । তেতিয়া পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দোষ ঘটে । উদাহৰণ স্বৰূপে ঘৰলৈ নতুন বােৱাৰী অহাৰ লগে লগে ঘৰৰ দুটা গৰুৰ মৃত্যু হ’ল বা আন কোনাে অমংগল হ’ল । তেতিয়া নতুন বােৱাৰী গৰাকীকে ইয়াৰ কাৰণ বুলি কোৱা হয় । ইয়াত পূর্বৱর্তী ধাৰণাৰ বশৱৰ্তী হৈ পাৰিপাৰ্শ্বিক সকলাে ঘটনা লক্ষ্য নকৰি অকল মাত্র এটা পূর্বৱর্তী অৱস্থাক কাৰণ বুলি সিদ্ধান্ত কৰা হৈছে । গতিকে ইয়াত পাৰিপাৰ্শ্বিক অৱস্থাৰ অনবেক্ষণ দোষ ঘটিছে । 

প্রশ্ন ১১। কাকতালীয় দোষ বুলিলে কি বুজা ? এটা উদাহৰণ দিয়া । 

উত্তৰঃ যিকোনাে পূর্বৱর্তী ঘটনাক কাৰণ বুলি ধৰি ল’লে এটা দোষৰ উদ্ভৱ হয় । ইয়াক কাকতালীয় দোষ ’ বােলা হয় । উদাহৰণ স্বৰূপে , এটা কাউৰী তাল গছৰ ওপৰত বহাৰ লগে লগে তাল এটা সৰি পৰিল । ইয়াত তাল গছত কাউৰী বহাটোৱেই তাল সৰাৰ কাৰণ বুলি কোৱা হ’ল । ইয়াকে কাকতালীয় দোষ বােলা হয় । 

প্রশ্ন ১২। আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ যি বিধি বা প্রক্রিয়াৰ দ্বাৰা আগমনে বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যত উপনীত হয় সেই বিধি বা নিয়মবােৰ আগমনৰ আকাৰগত ভিত্তি বােলে । আনহাতে , যি যি প্রক্রিয়াৰ দ্বাৰা আগমনে উপাত্ত ( data ) হিচাপে বাস্তৱ দৃষ্টান্ত সংগ্রহ কৰে  আৰু ইয়াৰ বস্তুগত সত্যতা নিৰূপণ কৰে সেই প্রক্রিয়াক আগমনৰ বস্তুগত ভিত্তি বােলা হয় । আগমনৰ আগাবগত ভিত্তি দুই প্রকাৰৰ — 

( ক ) প্রকৃতিৰ একৰূপতা বিধি আৰু 

( খ ) কার্য কাৰণ বিধি । 

আনহাতে আগমনৰ বস্তুগত ভিত্তি দুই প্রকাৰৰ — 

( ক ) নিৰীক্ষণ আৰু 

( খ ) পৰীক্ষণ ।

প্রশ্ন ১৩। কার্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বােলা হয় ? 

উত্তৰঃ কার্য – কাৰণ বিধি আগমনৰ আকাৰগত ভিত্তি । কাৰণ এই বিধিৰ ওপৰত ভিত্তি কৰিয়েই আগমনৰ আকাৰগত সত্যতা নিৰূপণ কৰা হয় । কোনাে এটা ঘটনাৰ কাৰণ আৱিষ্কাৰ আৰু প্ৰমাণ কৰিবলৈ হ’লে কিছুমান সূত্রৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । এই সূত্রবােৰক অপসৰণৰ মূল সূত্র ’ বােলে । এই সূত্র অনুসৰি অন্বেষণীয় ঘটনাৰ লগত যুক্ত অপ্রাসংগিক বিষয়বােৰ বৰ্জন কৰি বা বাদ দি ঘটনাৰ প্রকৃত কাৰণ নির্ণয় কৰা হয় । অপসাৰণৰ এই সূত্ৰবােৰ কার্যকাৰণ ’ বিধিৰ পৰা নিগমন পদ্ধতিৰে লব্ধ বা প্রাপ্ত । কার্য কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই সূত্রবােৰ গঠিত হয় । গতিকে কোনাে ঘটনাৰ কাৰণ আৱিষ্কাৰ আৰু প্ৰমাণ কৰিবলৈ কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয় । গতিকে কার্য – কাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বােলে । 

প্রশ্ন ১৪। কাৰণৰ পৰিমাণগত লক্ষণবােৰ উল্লেখ কৰা আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কার্য সমপৰিমাণৰ । কাৰণৰ অন্তৰ্গত দ্রব্য আৰু শক্তিৰ পৰিমাণ কাৰ্যৰ অন্তৰ্গত ‘ দ্ৰব্য আৰু শক্তি’ৰ পৰিমাণৰ সমান । কাৰণৰ গুণগত স্বভাৱ আৰু বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰ নিয়মৰ পৰা কাৰণৰ এই পৰিমাণগত লক্ষণটো পােৱা যায় । 

( ১ ) কাৰণ উপস্থিত নাথাকিলে কার্য উপস্থিত নাথাকে । কার্য কাৰণৰ ৰূপান্তৰ মাত্র । গতিকে পৰিমাণৰ ফালৰ পৰা কাৰণ আৰু কার্য সমান । যদি নহয় তেনেহ’লে সেই কাৰণ প্রকৃত কাৰণ নহয় । 

( ২ ) দ্বিতীয়তে ‘ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা ’ নিয়ম অনুসৰি জগতত থকা দ্ৰব্য আৰু শক্তিৰ পৰিমাণৰ হ্রাস – বৃদ্ধি নহয় । 

উদাহৰণস্বৰূপে , পৰীক্ষণৰ দ্বাৰা দেখা গৈছে যে নির্দিষ্ট পৰিমাণৰ হাইড্রোজেন আৰু অক্সিজেন মিশ্রিত কৰিলে সেই নির্দিষ্ট পৰিমাণৰ পানীয়েই পােৱা যায় । গতিকে বস্তুৰ ৰূপ বা আকাৰৰ পৰিৱৰ্তন হ’লেও ইয়াৰ পৰিমাণৰ কোনাে হ্রাস বৃদ্ধি নহয় ই অবিনশ্বৰ । 

আনহাতে ‘ শক্তিৰ অবিনশ্বৰতা নিয়ম ’ মতেও এই জগতৰ শক্তিৰ যি পৰিমাণ আছে সি একে থাকিব এক প্রকাৰৰ শক্তি আন এক প্রকাৰৰ শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে কিন্তু পৰিমাণৰ কোনাে হ্রাস – বৃদ্ধি নহয় । 

উদাহৰণস্বৰূপে ২০০ মিটাৰ দৌৰতে আমাৰ শৰীৰত গতিশক্তিয়ে ক্রিয়া কৰে । কিন্তু দৌৰ বন্ধ কৰিলে গতিশক্তি ধ্বংস হৈ নাযায় — ই তাপশক্তিলৈ ৰূপান্তৰিত হয় । তেতিয়া আমি গৰম অনুভৱ কৰো । ই ৰূপান্তৰ মাত্র ; ই অবিনশ্বৰ । 

কার্য আচলতে কাৰণৰ ৰূপান্তৰ মাত্ৰ । গতিকে পৰিমাণৰ দিশৰ পৰা কাৰণ আৰু কার্য সমপৰিমাণ ।

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ১৫। উপকাৰণ কি ? বিভিন্ন প্রকাৰৰ উপকাৰণবােৰ কি কি ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ কাৰভেথ ৰীডৰ মতে কাৰণৰ অপৰিহার্য অংশই উপকাৰণ । কাৰণ এক বিশেষ ঘটনা নহয়— ঘটনা সমবায় । কাৰণৰ অন্তর্ভুক্ত প্রত্যেক ঘটনাই একো একোটা উপকাৰণ । অথবা অনুকুল বা সদর্থক আৰু প্ৰতিকুল বা নঞর্থক ঘটনাৰ সমষ্টিয়েই উপকাৰণ । উপকাৰণ দুই প্রকাৰৰ –

( ১ ) অনুকূল বা সদর্থক উপকাৰণ । 

( ২ ) প্রতিকূল বা নঞর্থক উপকাৰণ । 

( ১ ) অনুকূল বা সদর্থক উপকাৰণ :- যি ঘটনাৰ উপস্থিতি কার্য উৎপন্ন কৰাৰ বাবে আৱশ্যক তাক অনুকূল সদর্থক উপকাৰণ বােলে । যেনে – গছৰ পৰা পৰি এজন মানুহৰ মৃত্যু হােৱাৰ ক্ষেত্ৰত গছৰ উচ্চতা , মাটিৰ কঠিনতা , আঘাতৰ গুৰুত্ব আদি অনুকূল সদর্থক উপকাৰণ ।

( ২ ) প্রতিকূল বা নঞর্থক উপকাৰণ :- যি ঘটনাৰ অনুপস্থিতি কার্য উৎপাদনৰ বাবে আৱশ্যক তাক প্রতিকূল বা নঞর্থক উপকাৰণ বােলে । যেনে – গছৰ পৰা পৰি এজন মানুহৰ মৃত্যু হােৱাৰ ক্ষেত্ৰত আশ্রয় অভাৱ , আঘাত সহ্য কৰিব পৰা দৈহিক শক্তিৰ অভাৱ আদি প্রতিকূল নঞর্থক উপকাৰণ । 

প্রশ্ন ১৬। কাৰণ আৰু উপকাৰণৰ মাজত পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ কাৰণ আৰু উপকাৰণৰ পৰা পৃথক । কাৰণ আৰু উপকাৰণৰ সম্বন্ধ সমগ্রতা আৰু ‘ অংশৰ সম্পর্ক । উপকাৰণ কাৰণৰ অপৰিহার্য অংশ । 

মিলৰ মতে কাৰণ অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি । কাৰভেথ ৰীডৰ মতেও উপকাৰণ কাৰণৰ অপৰিহার্য অংশ । আচলতে এটা কাৰণ বিভিন্ন উপকাৰণৰ দ্বাৰা গঠিত হয় । কোনাে এটা বস্তুৰ অংশক সমগ্র বস্তুটো বুলি ক’ব নােৱাৰি । বিভিন্ন অংশ অবিহনে বস্তু এটাৰ সমগ্রতা থাকিব নােৱাৰে । সেইদৰে উপকাৰণবােৰ নহলে কাৰণ গঠিত হ’ব নােৱাৰে । 

উদাহৰণস্বৰূপে — সাধাৰণ দৃষ্টিত এজন মানুহৰ জ্বৰ হৈ মৃত্যু হ’ল । ইয়াত জ্বৰকেই মৃত্যুৰ কাৰণ বুলি ধৰা হ’ল । কিন্তু জ্বৰেই মানুহজনৰ মৃত্যুৰ কাৰণ নহয়। ই এক উপকাৰণহে । ইয়াত চিকিৎসাৰ বাবে সহায় , আহাৰ , শুশ্রুষা আদি কথাবােৰাে বিচাৰ কৰিব লাগিব । এই সকলাে উপকাৰণ লগ লাগিহে কাৰণটো গঠিত হ’ব । 

প্রশ্ন ১৭৷ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পার্থক্য নিৰূপণ কৰা ।

উত্তৰঃ পৰীক্ষণ বহল অৰ্থত এক প্রকাৰৰ নিৰীক্ষণেই যদিও দুয়াে প্ৰকাৰৰ মাজত বিভিন্ন পার্থক্য আছে । সাধাৰণতে দুটা দিশত নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পার্থক্য থকা দেখা যায় । কিন্তু এই পার্থক্যক কঠোৰভাৱে প্ৰয়ােগ কৰিব পৰা নাযায় । নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত থকা পার্থক্য দুটা হ’ল 

( ১ ) পৰীক্ষণত বিষয়বস্তু আৰু পৰিৱেশ পৰীক্ষকে নিজেই প্রস্তুত কৰে । কিন্তু নিৰীক্ষণত প্রাকৃতিক পৰিৱেশত বা অৱস্থাত যিধৰণে পােৱা যায় , সেই ধৰণেই নিৰীক্ষণ কৰা হয় । সেয়েহে তর্কশাস্ত্রবিদ বেইনে কৈছে যে— “ নিৰীক্ষণ ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ ঘটনাৰ সৃষ্টি । ” 

উদাহৰণস্বৰূপে , কোনােবাই যদি বিজুলীৰ ৰূপত বিদ্যুৎশক্তিক লক্ষ্য কৰে , তেতিয়া সেয়া হ’ব নিৰীক্ষণ । 

আনহাতে যদি কোনােবাই পৰীক্ষাগাৰত বিদ্যুৎ শক্তি উৎপন্ন কৰে , তেতিয়াহ’লে সেয়া হ’ব পৰীক্ষণ । 

( ২ ) পৰীক্ষণত বিষয়বস্তু আৰু পৰিৱেশ পৰীক্ষকৰ নিয়ন্ত্রণাধীন কিন্তু নিৰীক্ষণত বিষয়বস্তু আৰু পৰিৱেশ নিয়ন্ত্রকৰ অধীন নহয় । 

এই পার্থক্য দুটা লক্ষ্য কৰি কিছুমানে ক’ব খােজে যে নিৰীক্ষণ প্রাকৃতিক আৰু পৰীক্ষণ কৃত্রিম । অৱশ্যে ই সত্য নহয় । প্রাকৃতিক ঘটনা নিৰীক্ষণ কৰোঁতে যন্ত্রপাতিৰ ব্যৱহাৰো কেতিয়াবা হয় । পৰীক্ষণো সম্পূর্ণভাৱে কৃত্রিম নহয় । কৃত্রিমভাৱে প্ৰস্তুত কৰা বিষয়বস্তু আৰু পৰিৱেশ নিৰীক্ষণৰ বাবে নিৰীক্ষকৰ স্বাভাৱিক শক্তি ভূমিকা গুৰুত্বপূর্ণ । 

প্রশ্ন ১৮। কাৰণ সংযােজন আৰু নানা কাৰণবাদৰ মাজৰ পার্থক্য উলিওৱা । 

উত্তৰঃ কাৰণ সংযােজন আৰু নানা কাৰণবাদ একে নহয় । কাৰণ সংযােজন অনুসৰি , বিভিন্ন কাৰণে একেলগে ক্রিয়া কৰি সংমিশ্রিত কার্য উৎপন্ন কৰে যিটো কাৰণবােৰৰ যিকোনাে এটাই অকলে কৰিব নােৱাৰিলেহেঁতেন । অর্থাৎ , এটা বিশেষ কার্য ক , খ + গ + ঘ । ৰ যুগ্ম ফল । 

আনহাতে নানাকাৰণবাদ অনুসৰি বিভিন্ন কাৰণে স্বতন্ত্রভাৱে ক্রিয়া কৰি বেলেগ বেলেগ । সময়ত একেটা কার্যই উৎপন্ন কৰে । অর্থাৎ এটা বিশেষ কার্য ‘ ক ’ , এই কাৰ্যটো ‘ খ ’ বা ‘ গ ’ বা ‘ ঘ ’ ৰ দ্বাৰা উৎপন্ন হ’ব পাৰে ।

প্রশ্ন ১৯। আগমনৰ বিৰুধাভাসৰ বিষয়ে এটা চমুটোকা লিখা ।

উত্তৰঃ মিলৰ মতে সকলাে প্ৰকাৰ আগমনৰ মূল বিধি হ’ল প্রকৃতিৰ একৰূপতা বিধি । ই সকলাে আগমনৰ পূর্বস্বীকার্য স্বতঃসিদ্ধ নিয়ম । এই বিধি নামানিলে বিশেষৰ পৰা সামান্যলৈ , জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ গতি কৰা অসম্ভৱ । এই বিধিৰ দ্বাৰা সকলাে আগমনৰ সিদ্ধান্ত প্রমাণিত হয় । 

এই বিধিক স্বতঃসিদ্ধ নিয়ম বুলি কোৱা মিলে আন এটা প্রসংগত ইয়াক অভিজ্ঞতা লব্ধ অবৈজ্ঞানিক আগমনৰ বা অবাধিত অভিজ্ঞতাৰ ফল বুলি কৈ স্ববিৰােধী মত প্রকাশ কৰিছে । ইয়াকেই আগমনৰ বিৰােধাভাস বােলা হয় । যি বিধিক ভিত্তি হিচাপে লৈ সিদ্ধান্ত প্রতিপন্ন কৰিব খােজা হৈছে সেই একেই বিধিকে আগমনৰ সিদ্ধান্ত বুলি কোৱাটো চক্রক দোষযুক্ত । 

প্ৰকৃতিৰ একৰূপতা বিধি অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’লে বৈজ্ঞানিক আগমনে ইয়াৰ ওপৰত ভিত্তি কৰি যথার্থ সামান্য বচন প্রতিষ্ঠা কৰিব নােৱাৰে । এই বিধি নামানিলে কোনাে আগমনেই সম্ভৱ নহয়।এই বিধি আগমনৰ আকাৰগত ভিত্তিহে , সিদ্ধান্ত নহয়।ই অভিজ্ঞতাপূর্ণ স্বতঃসিদ্ধ নিয়ম ।

প্রশ্ন ২০। কাৰণ সংযােজন আৰু কার্য সংমিশ্ৰণৰ মাজৰ পার্থক্য নিৰূপণ কৰা ।

উত্তৰঃ কাৰণ কেইবাটাও উপকাৰণৰ সমষ্টি । গতিকে ইয়াৰ পৰিণাম বা কার্যও সংমিশ্রিত হােৱা স্বভাৱিক । সাধাৰণতে কোনাে একোটা কাৰণে একো একোটা নির্দিষ্ট কার্য উৎপন্ন কৰে । বুলি বিশ্বাস কৰা হয় । কিন্তু কিছুমান জটিল কার্যক এটা কাৰণে উৎপন্ন কৰিব নােৱাৰে । তেতিয়া কেইবাটাও কাৰণ মিলিত হৈ কাৰ্যটো উৎপাদন কৰে । 

যেতিয়া একাধিক কাৰণ সংযােজিত হৈ একেলগে ক্রিয়া কৰি কোনাে এটা জটিল বা মিশ্র কার্য সম্পাদন কৰে তেতিয়া কাৰণবােৰক কাৰণ সংযােজন বা কাৰণ সমন্বয় বােলে । 

এনে সংযােজিত কাৰণবােৰৰ দ্বাৰা উৎপাদিত বিভিন্ন কার্যৰ মিশ্ৰণক কার্য – সংমিশ্রণ বােলে । যেনে – এটা গধুৰ শিল এজন মানুহে দাঙিব নােৱাৰি দুজন মানুহে দাঙি স্থানান্তৰ কৰিলে । আনহাতে তেল , মছলা , শাক – পাচলি , নিমখ আদি মিলাই সুস্বাদু আহাৰ প্ৰস্তুত কৰা হ’ল ।। 

প্রথম দৃষ্টান্তত দুজনৰ সন্মিলিত প্রচেষ্টা ’ আৰু পিছৰটোত তেল , মছলা আদিৰ সমন্বয় এই দুয়ােটাই কাৰণ সংযােজন বা কাৰণ সমন্বয় । 

আনহাতে , দুজন মানুহৰ সন্মিলত শক্তি’প্রয়ােগ পৃথক পৃথকভাৱেনাথাকিকার্যত সংমিশ্রিত হৈ পৰিছে । তেল , মছলা আদিৰ সহায়ত সুস্বাদু আহাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেল , মছলা আদিৰ প্ৰয়ােগ পৃথক পৃথকভাৱে নাথাকি সংমিশ্ৰিত হৈ কাৰ্যটো সম্পন্ন কৰিছে । গতিকে ‘ শিল তােলা ’ আৰু সুস্বাদু আহাৰ প্ৰস্তুত ‘ দুয়ােটাই কার্য সংমিশ্রণ । 

See Next Page…

6 thoughts on “Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top