Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। আগমনৰ ভিত্তি বুলিলে কি বুজা ? 

উত্তৰঃ যি যি প্রক্রিয়া আৰু বিধি বিশেষক আশ্রয় কৰি আগমনে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে সেই বিধি আৰু প্রক্রিয়াবােৰকেই আগমনৰ ভিত্তি বােলে । 

প্রশ্ন ২। প্রকৃতিৰ একৰূপতা নীতি বুলিলে কি বুজা ? 

উত্তৰঃ প্রকৃতিৰ একৰূপতা নীতি বুলিলে বুজা যায় যে একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে । অর্থাৎ যি অৱস্থাত যি ঘটনা ঘটে এই অৱস্থাত পুনৰাবৃত্তি ঘটিলে সেই ঘটনা আকৌ ঘটিব । 

প্রশ্ন ৩। কাৰণ কি ? 

উত্তৰঃ গুণগত দিশৰ পৰা কাৰণ কাৰ্যৰ চৰ্তহীন , নিয়ত , অব্যৱহৃত , পূর্বৱর্তী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কার্য সমপৰিমাণৰ । 

প্রশ্ন ৪। উপাদানগত কাৰণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যি উপাদানেৰে বা পদাৰ্থৰ দ্বাৰা কাৰ্য উৎপন্ন কৰা হয় তাক উপাদানগত কাৰণ বােলে ।

প্রশ্ন ৫। কাৰণৰ নানা কাৰণবাদ মতবাদ বুলিলে কি বুজা ? 

উত্তৰঃ একে কার্য বিভিন্ন সময়ত বা বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন হ’ব পাৰে।এয়ে নানা কাৰণবাদ । 

প্রশ্ন ৬। এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰৰ ? সেইবােৰ কি কি ? 

উত্তৰঃ এৰিষ্টটলৰ মতে কাৰণ চাৰিপ্ৰকাৰৰ–

( ১ ) উপাদান কাৰণ ।

( ২ ) আকাৰগত কাৰণ ।

( ৩ ) নিমিত্ত কাৰণ । আৰু

( ৪ ) পৰিণাম কাৰণ ।

প্রশ্ন ৭৷ উপকাৰণৰ সংজ্ঞা দিয়া । বিভিন্ন প্রকাৰৰ উপকাৰণবােৰ কি কি ? 

উত্তৰঃ কাৰণৰ অপৰিহার্য অংশকে উপকাৰণ বােলে ৷ উপকাৰণ দুই প্রকাৰৰ— 

( ক ) সক্রিয় উপকাৰণ আৰু 

( খ ) নিষ্ক্রিয় উপকাৰণ ।

প্রশ্ন ৮। কাৰণৰ সংযােজন বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কেইবাটাও বেলেগ বেলেগ কাৰণ লগ হৈ এটা কার্য উৎপাদন কৰে , তেতিয়া সেই কাৰণৰ সন্মিলিত ৰূপক কাৰণ সমন্বয় বা কাৰণৰ সংযােজন বােলে ।

প্রশ্ন ৯। নিমিত্ত কাৰণৰ উদাহৰণসহ সংজ্ঞা দিয়া ।

উত্তৰঃ কোনাে কার্য উৎপাদন কৰিবলৈ যি শক্তি , দক্ষতা বা কৌশল প্রয়ােজন হয় , সেই শক্তি , দক্ষতা ,বা  কৌশলেই হ’ল নিমিত্ত কাৰণ । শ্ৰমিকৰ দক্ষতা আৰু পৰিশ্ৰমেই নিমিত্ত কাৰণ । 

প্রশ্ন ১০। সৰল পর্যবেক্ষণৰ দুটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ সৰল পর্যবেক্ষণৰ দুটা সুবিধা হল 

( ক ) পর্যবেক্ষণৰ পৰিসৰ অতি ব্যাপক । আৰু

( খ ) পর্যবেক্ষণৰ স্থান পৰীক্ষণৰ আগত । 

প্রশ্ন ১১। প্রকৃতিৰ একৰূপতাৰ অর্থ কিমান প্ৰকাৰৰ আছে ? সেইবােৰ কি কি ? 

উত্তৰঃ প্রকৃতি একৰূপতাৰ অর্থ প্রায় ছয় প্রকাৰৰ 

( ক ) প্রকৃতিৰ আচৰণৰ ৰূপ এক । 

( খ ) প্ৰকৃতিত সমান্তৰাল ঘটনা ঘটে । 

( গ ) প্ৰকৃতিত ঘটনাৰ পুনৰাবৃত্তি হয় । 

( ঘ ) ভৱিষ্যৎ অতীতৰ নিচিনাই হ’ব । 

( ঙ ) বিশ্ব প্রকৃতি নিয়মৰ ৰাজত্ব । 

( চ ) যি অৱস্থাত যি ঘটনা ঘটে অনুৰূপ অৱস্থাত সেই ঘটনা আকৌ ঘটিব । মূল অর্থ হৈছে ‘ একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে ।’

প্রশ্ন ১২। কার্য সংমিশ্ৰণৰ প্ৰকাৰ কিমানটা আৰু সেহবােৰ কি কি ? 

উত্তৰঃ কার্য সংমিশ্রণ দুই প্রকাৰৰ হ’ব পাৰে 

( ক ) সমজাতীয় কার্য সংমিশ্রণ আৰু 

( খ ) বিজাতীয় কার্য সংমিশ্রণ । 

প্রশ্ন ১৩। নানা কাৰণবাদ আৰু কাৰণ সংযােজনৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ নানা কাৰণবাদ আৰু কাৰণ সংযােজনৰ দুটা পার্থক্য হল— 

( ক ) নানা কাৰণবাদৰ মতে কার্যৰ নানা কাৰণ থাকিব পাৰে আৰু সেই কাৰণবােৰৰ প্রত্যেকটোৱেই পৃথক পৃথকভাৱে কাৰ্যটো সম্পাদন কৰিব পাৰে । কাৰণ সংযােজনৰ মতে এটা জটিল কার্যৰ নানা কাৰণ থাকিব পাৰে ; কিন্তু এই কাৰণবােৰে পৃথক পৃথকভাৱে কাৰ্যটো সম্পাদন কৰিব নােৱাৰে । 

( খ ) দ্বিতীয়তে , নানা কাৰণবাদ কাৰণসম্পর্কীয় এটা ভ্রান্ত ধাৰণা । কিন্তু কাৰণ সংযােজন ভ্রান্ত ধাৰণা নহয় । সঁচাকৈয়ে কেইবাটাও কাৰণ লগ হৈ এটা জটিল কার্য সম্পাদন কৰে । 

প্রশ্ন ১৪। আগমনৰ বিৰােধাভাস বুলিলে কি বুজা ? 

উত্তৰঃ জন ফুৰার্ট মিলৰ মতে প্রকৃতিৰ একৰূপতা বিধি সকলাে আগমনৰ ভিত্তি , অভিজ্ঞতাপূর্ব , স্বতঃসিদ্ধ নিয়ম । আকৌ তেওঁ এই বিধিক অবাধিত অভিজ্ঞতা বা অবৈজ্ঞানিক আগমনৰ ফল বুলি স্ববিৰােধভাস প্রকাশ কৰিছে । ইয়াকেই বিৰােধাভাস বুলি কোৱা হয় । 

প্রশ্ন ১৫। প্রযােজক আৰু সংস্থাৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ যি শক্তিয়ে কোনাে পৰিৱৰ্তন ঘটায় বা ক্রিয়াক উদ্দীপিত কৰে তাক প্রযােজক বােলা হয় । 

আনহাতে পাৰিপাৰ্শ্বিক ঘটনাৰ যি সমাৱেশ বা বিন্যাস থাকিলে ক্রিয়া উদ্দীপক শক্তিৰ পক্ষে কার্যকৰী হােৱা সম্ভৱ হয় অর্থাৎ প্রযােজকে কার্য উৎপন্ন কৰিব পাৰে সেই ঘটনা সমাৱেশক সংস্থা বােলে । 

উদাহৰণস্বৰূপে , জলন্ত কাঠি এডাল দাহ্যবস্তুৰ ওপৰত পেলালে জুই জ্বলি উঠিব । ইয়াত জলন্ত কাঠিডাল প্রযােজক আৰু দাহ্যবস্তু সংস্থা ।

See Next Page…

6 thoughts on “Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top