Class 12 History Important Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.
Class 12 History Important Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.
১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ
Chapter: 12
| গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। ১৮৫৭ চনৰ বিদ্ৰোহ কিহৰ ভাবে সংঘটিত হৈছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ বৃটিছ শাসনৰ বিৰোধিতা, ৰাজনৈতিক, আৰ্থিক আৰু ধৰ্মীয় শোষণৰ বাবে সংঘটিত হৈছিল।
২। পেছোৱা দ্বিতীয় বাজী ৰাওৰ পুত্ৰজনৰ নাম কি?
উত্তৰঃ পেছোৱা দ্বিতীয় বাজী ৰাওৰ পুত্ৰজনৰ নাম হ’ল – নানা চাহেব।
৩। কিমান চনৰ বিদ্ৰোহত উত্তৰ প্ৰদেশৰ অৱধে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত উত্তৰ প্ৰদেশৰ অৱধে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল।
৪। ১৮৫৭ চনৰ বিদ্রোহৰ পিছত বৃটিছসকলে বিদ্ৰোহীসকলক কি আখ্যা দিছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহৰ পিছত বৃটিছসকলে বিদ্ৰোহীসকলক বিশ্বাসঘাটক আখ্যা দিছিল
৫। ১৮৫৭ চনৰ মে’-জুনৰ ভিতৰত ইংৰাজে কিহৰ দ্বাৰা বিদ্ৰোহীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লৈছিল?
উত্তৰঃ ১৮৫৭ চনৰ মে’-জুনৰ ভিতৰত ইংৰাজে সামৰিক বিচাৰ ব্যৱস্থাৰ দ্বাৰা বিদ্ৰোহীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লৈছিল।
৬। ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাজয়ৰ মুখ্য কাৰণ কি আছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাজয়ৰ মুখ্য কাৰণ হ’ল – সামৰিক আৰু সাংগঠনিক নেতৃত্বৰ দুৰ্ব্বলতা।
৭। বৃটিছসকলে ভাৰতীয় বিদ্রোহীসকলক কি বুলি গণ্য কৰিছিল?
উত্তৰঃ বৃটিছসকলে ভাৰতীয় বিদ্রোহীসকলক বিশ্বাসঘাটক বৰ্বৰ বুলি গণ্য কৰিছিল।
৮। ১৮৫৭-ৰ বিদ্ৰোহত কাক নেতা হিচাপে স্বীকাৰ কৰা হৈছিল?
উত্তৰঃ ১৮৫৭-ৰ বিদ্ৰোহত বাহাদুৰ চাহক নেতা হিচাপে স্বীকাৰ কৰা হৈছিল।
৯। কিমান চনৰ বিদ্ৰোহত উত্তৰ প্ৰদেশৰ অৱধে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত উত্তৰ প্ৰদেশৰ অৱধে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল।
১০। ফিৰিঙ্গিৰ লগত জড়িতসকলক বিদ্ৰোহীসকলে কি কৰিছিল?
উত্তৰঃ ফিৰিঙ্গিৰ লগত জড়িতসকলক বিদ্ৰোহীসকলে আক্ৰমণ কৰিছিল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। চিপাহী বিদ্ৰোহৰ বিদ্রোহীসকলৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ বিদ্রোহীসকলৰ বিফলতাৰ কাৰণসমূহ হ’ল –
(i) বিদ্রোহী সামৰিক বা বেসামৰিক নেতৃত্বৰ দুৰ্ব্বলতা তেওঁলোকৰ পৰাজয়ৰ কাৰণ। নানা চাহেব, তান্তীয়া টোপী, লক্ষ্মী বাইৰ ব্যক্তিগত সামৰিক বিচক্ষণতা থাকিলেও, সাংগঠনিক ব্যুৎপতিতা নাছিল, নাইবা কম সময়ৰ ভিতৰত পূর্ব প্রস্তুতি বা সু-পৰিকল্পিত আঁচনি নোহোৱাকৈ চিপাহী আৰু বে-সামৰিক লোকক একগোট কৰি যুদ্ধলৈ কৃতকার্যতাৰে আগবঢ়াই নিয়াটো সম্ভব হৈ নুঠিল। আনহাতে বৃটিছৰ সুদক্ষ, অতি অভিজ্ঞ সমৰ নেতা, লৰেন্স, আউটৰাম, নেইল, হেভলক, হাগ ৰ’জ, কেম্পবেল আদিৰ লগত বিদ্রোহীৰ সংখ্যাগৰিষ্ঠতাই কামত দিয়া নাছিল। উদাহৰণস্বৰূপে আৰাত ৫০ জন শিখ আৰু ১৮ জন ইউৰোপীয়ই কোঁৱৰ সিঙৰ নেতৃত্বত অহা দুহেজাৰ চিপাহীৰ আক্ৰমণ ব্যর্থ কৰিছিল। গতিকে সামৰিক আৰু সাংগঠনিক নেতৃত্ব আৰু যুদ্ধ কৌশলত বিদ্রোহী বাহিনী বাৰুকৈয়ে দুর্ব্বল হোৱাত আৰু এই সকলোবোৰ দিশত শত্রু পক্ষ অতি সবল হোৱাত ভাৰতীয়সকল হাৰিছিল।
(ii) যুদ্ধখনৰ কেন্দ্ৰ এটা নহৈ প্রধানকৈ তিনিটা আছিল। আৰু ইটোৰ মাজত সিটোৰ সমন্বয়ৰ। অভাৱ হৈছিল। বাহাদুৰ ছাহৰ নামত দিল্লীক কেন্দ্ৰ কৰি কৰা যুদ্ধ, পেছোৱাৰ নামত নানা চাহেব, তান্তীয়া টোপী আৰু লক্ষ্মী বাইৰ নেতৃত্বত যুদ্ধ আৰু তৃতীয়তে অবধৰ তালুকদাৰ সকলৰ যুদ্ধ বেলেগে বেলেগে হোৱা বাবে বৃটিছ সৈন্যই সগজে পৰাস্ত কৰিব পাৰিছিল। গতিকে বিদ্ৰোহৰ এক কেন্দ্রীয় নেতৃত্বৰ নিয়ন্ত্ৰণৰ অভাৱ ইয়াৰ দুবৰ্বলতাৰ কাৰণ আছিল।
(iii) সামগ্রিকভাৱে জনসাধাৰণক (অৱধৰ বাদে) বিদ্রোহত জৰিত কৰিব পৰা নগ’ল তদুপৰি কেইবাজনো দেশীয় ৰজা বৃটিছৰ প্রতি আনুগত্যশীল হৈ থাকিল। সিন্ধিয়াৰ ৰজাই সমর্থন নকৰাত মাৰাঠা বিদ্রোহীসকল দুর্ব্বল হৈছিল। হাইদৰাবাদৰ নিজামো বৃটিছৰ ফলীয়া হৈ থাকিল। তেওঁৰ যোগেদি দক্ষিণাটালৈ বিদ্রোহ সম্প্ৰসাৰিত হ’ব পাৰিলেহেঁতেন। শিখ আৰু পাঠানসকল আঁতৰি থাকিল, বৃটিছৰ বিৰুদ্ধে ঘৃণাৰ বাদে নেতাসকল সৰ্ব্বভাৰতীয় চিন্তাৰে উদ্বোদ্ধ হোৱা নাছিল। স্থানীয় প্রভাব মণ্ডলতে তেওঁলোক আৱদ্ধ হৈ থাকিল। ভাৰতৰ বৌদ্ধিক সমাজৰ তেতিয়াও বৃটিছৰ ওপৰত আস্থা আছিল।
(iv) ইলেও বিজ্ঞান জগতৰ এখন আগবঢ়া দেশ। তেতিয়াৰ বিশ্বৰ সামৰিক শক্তিত অন্যতম শ্রেষ্ঠ দেশ, সবর্বশ্রেষ্ঠ আছিল ইয়াৰ নৌ-বাহিনী। যোগাযোগ ব্যবস্থাও আছিল উন্নত। টেলিগ্রাফ, ডাকসেবা, উন্নত নাও-জাহাজ ঘোৰা আদিয়ে সৈন্য পৰিচালনা, অস্ত্র-শস্ত্র, ৰেচন পাতি যোগানত সহায় কৰিছিল। ইয়াৰ বিপৰীতে বিদ্রোহী ভাৰতীয়ই স্থানীয়ভাবে হাতী ঘোৰা, দেশী নাও ব্যৱহাৰ কৰিব লগা হৈছিল। তেওঁলোকৰ অস্ত্র-শস্ত্রও আছিল আওপুৰণি। উন্নত মানৰ যোগাযোগ আৰু অস্ত্র-শস্ত্রই ইংবাজ শক্তিক বিজয়ৰ মালা পিন্ধালে বুলি ক’লে অত্যুক্তি কৰা নহয়। উন্নত যোগাযোগ ব্যৱস্থাৰ বলতে কেম্পবেলৰ দৰে সেনা নায়কে বিদ্রোহীসকলক একত্রিত হ’বলৈ সুযোগ নিদি খণ্ডযুদ্ধত ব্যস্ত ৰাখি পৰাস্ত কৰাত সুবিধা হৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


