Class 12 History Important Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা

Class 12 History Important Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 11

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ১৭৬৫-৬৬ চনত কোম্পানীয়ে বঙ্গত মুঠ কিমান পাউণ্ড ৰাজহ সংগ্ৰহ কৰিছিল?

উত্তৰঃ ১৭৬৫-৬৬ চনত কোম্পানীয়ে বঙ্গত মুঠ ১,৪৭০,০০০ পাউণ্ড ৰাজহ সংগ্ৰহ কৰিছিল।

২। ভাৰতত ভূমি ৰাজহ ব্যৱস্থা উন্নতিৰ ক্ষেত্ৰত কোনটো আইন গুৰুত্বপূর্ণ আছিল?

উত্তৰঃ ভাৰতত ভূমি ৰাজহ ব্যৱস্থা উন্নতিৰ ক্ষেত্ৰত পীটছ ইণ্ডিয়া আইন গুৰুত্বপূর্ণ আছিল।

৩। ভাৰতৰ ভূমি ৰাজহ সংগ্ৰহ কিয় নিয়মীয়া হোৱাটো বাঞ্চনীয় আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভাৰতৰ ভূমি ৰাজহ সংগ্ৰহ নিয়মীয়া হোৱাটো বাঞ্চনীয় আছিল কাৰণ ৰাজহৰ ওপৰতে কোম্পানীৰ শাসন নিৰ্ভৰ কৰিছিল।

৪। ফ্রেসিচ বুকাননে কোনজন ইংৰাজ গবৰ্ণৰৰ ব্যক্তিগত চিকিৎসক আছিল?

উত্তৰঃ ফ্রেসিচ বুকাননে লর্ড ৱেলেছলি ইংৰাজ গবৰ্ণৰৰ ব্যক্তিগত চিকিৎসক আছিল।

৫। ফ্রেসিচ বুকাননে অসম সম্পৰ্কে কোনখন গ্ৰন্থ লিখিছিল?

উত্তৰঃ ফ্রেসিচ বুকাননে অসম সম্পৰ্কে An Account of Assam গ্ৰন্থ লিখিছিল।

৬। জুম খেতিত পাহাৰীয়া সকলে কিহৰ খেতি কৰিছিল?

উত্তৰঃ জুম খেতিত পাহাৰীয়া সকলে মাহ আৰু বজ্ৰাৰ খেতি কৰিছিল।

৭। চিৰস্থায়ী বন্দোবস্তত লাভ সৰ্বাধিক কোনে কৰিলে?

উত্তৰঃ চিৰস্থায়ী বন্দোবস্তত লাভ সৰ্বাধিক মধ্যভোগী জমিদাৰে কৰিলে।

৮। ‘Principles of Economy’ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ ‘Principles of Economy’ গ্ৰন্থখন ডেভিড ৰিকাৰ্ডো লিখিছিল।

৯। কেতিয়া আৰু কোনে অসমত ঋণ সমস্যাৰ উল্লেখ কৰিছিল?

উত্তৰঃ ১৮৫৩ চনত আৰু মণিৰাম দেৱানে অসমত ঋণ সমস্যাৰ উল্লেখ কৰিছিল।

১০। কিমান চনত Cotton Supply Association গঠন কৰা হৈছিল?

উত্তৰ: ১৮৫৭ চনত Cotton Supply Association গঠন কৰা হৈছিল।

১১। ইংলণ্ডে কপাহৰ ক্ষেত্ৰত মূলত কোন দেশৰ ওপৰত নিৰ্ভৰ কৰিছিল?

উত্তৰঃ ইংলণ্ডে কপাহৰ ক্ষেত্ৰত মূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল।

১২। কিমান চনৰ পিছত ইংলণ্ডে কপাহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিছিল?

উত্তৰঃ ১৮৬০ চনৰ পিছত ইংলণ্ডে কপাহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিছিল।

১৩। কিমান চনত মানচেষ্টাৰৰ কটন কোম্পানী গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৫৯ চনত মানচেষ্টাৰৰ কটন কোম্পানী গঠন কৰা হৈছিল।

১৪। ‘Cotton Supply Association’-ৰ মূল লক্ষ্য কি?

উত্তৰঃ ‘Cotton Supply Association’-ৰ মূল লক্ষ্য হ’ল- পৃথিৱীৰ উপযুক্ত স্থানসমূহত কপাহ উৎপাদন বৃদ্ধিত উৎসাহ জোগোৱা।

১৫। দাক্ষিণাত্যৰ বিদ্ৰোহ পৰীক্ষাৰ বাবে কোনখন আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ দাক্ষিণাত্যৰ বিদ্ৰোহ পৰীক্ষাৰ বাবে ‘Deccan Riot Commission’ আয়োগ গঠন কৰা হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top