Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ and select needs one.

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ Solutions for All Subject, You can practice these here…

ইটা মণি আৰু হাড়বােৰ

পাঠ: ১

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ প্রশ্ন

প্ৰশ্ন ১। মহেঞ্জোদাৰােৰ ৰাস্তাবিলাক কিমান আহল বহল আছিল ? 

উত্তৰঃ প্রায় ১৩.৫ মিটাৰৰ পৰা ৩৩ মিটাৰ পর্যন্ত আহল বহল আছিল । 

প্রশ্ন ২। কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰিছিল । 

উত্তৰঃ খ্রীঃ পূঃ ৩২৬ – ত আক্রমণ কৰিছিল । 

প্রশ্ন ৩। লিংগ বুলিলে কি বুজা ? 

উত্তৰঃ সদাশিৱৰ পূজাৰ লগত লিংগ জড়িত । 

প্রশ্ন ৪। কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিল ? 

উত্তৰঃ প্রায় খ্রীঃ পূঃ ১৭০০ বা খ্রীঃ পূঃ ১৭৫০ ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল বুলি কোৱা হয় । 

প্রশ্ন ৫ । সভ্যতা বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে ব্যক্তি বা সমাজৰ বিৱৰ্তন প্রক্রিয়াকে সভ্যতা বুলি কোৱা হয় । 

প্রশ্ন ৬। মহেঞ্জোদাৰােৰে স্থানাগাৰটোৰ আয়তক্ষেত্র কিমান আছিল ? 

উত্তৰঃ ইয়াৰ আয়তক্ষেত্র ৩০x২৩x৪ মিটাৰ আছিল । 

প্রশ্ন ৭। হৰপ্পা সভ্যতাৰ বিকাশ কাল উল্লেখ কৰা । 

উত্তৰঃ খ্রীঃ পূঃ ২৫০০ ৰ ভিতৰত এই সভ্যতাই বিকাশ লাভ কৰিছিল । 

প্রশ্ন ৮। সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল ? 

উত্তৰঃ দুয়ােফালে প্রায় ১৬০০ কিলােমিটাৰ বিস্তৃত আছিল । 

প্রশ্ন ৯। মেছােপটেমীয়া আৰু বেবিলনীয় সভ্যতাৰ বিকাশ কাল নিৰূপণ কৰা । 

উত্তৰঃ খ্রীঃ পূঃ ৩২৫০ ৰ পৰা খ্রীঃ পূঃ ২৭৫০ ৰ ভিতৰত এই সভ্যতাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয় ।

প্রশ্ন ১০। সিন্ধু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চীল – মােহৰ আৱিষ্কাৰ হৈছে ? 

উত্তৰঃ প্রায় ১০৭ টা চীল মােহৰ আৱিষ্কাৰ হৈছে । 

প্রশ্ন ১১। হৰপ্পা সভ্যতাৰ বিষয়ে কেতিয়া তথ্য লাভ কৰা গৈছিল ? 

উত্তৰঃ ১৯২১-২২ চনত তথ্য লাভ কৰা গৈছিল ।

প্রশ্ন ১২। সামাজিক বৈষম্য সৃষ্টি কৰা এটা উপাদানৰ নাম লিখা । 

উত্তৰঃ ব্যক্তিগত সম্পত্তিয়ে সমাজৰ বৈষম্যৰ সৃষ্টি কৰে । 

প্রশ্ন ১৩। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল । 

উত্তৰঃ ভাৰতীয় পূৰাতত্ত্ব বিভাগৰ পিতৃ – পুৰুষ আছিল । 

প্রশ্ন ১৪। লিপি বুলিলে কি বুজা ? 

উত্তৰঃ লিখাৰ পদ্ধতিকে লিপি বুলি কোৱা হয় । 

প্রশ্ন ১৫। জাতক বুলিলে কি বুজা ?

উত্তৰঃ জাতকবােৰ হ’ল পুথি । এইবােৰ পালি ভাষাত উল্লেখ হৈছিল । 

প্রশ্ন ১৬। দ্রোণ কোন আছিল ? 

উত্তৰঃ দ্রোণ এজন ব্রাহ্মণ পণ্ডিত আছিল । তেওঁ কুৰুবংশৰ কোৱৰসকলক ধনুবিদ্যা শিকাইছিল । 

প্রশ্ন ১৭। দ্রৌপদী কোন আছিল ? 

উত্তৰঃ দ্রুপদ ৰজাৰ জীয়ৰী দ্রৌপদী পঞ্চপাণ্ডৱৰ সহধর্মীণী আছিল । 

প্রশ্ন ১৮। গৌতম আৰু বশিষ্ঠ কোন আছিল ? 

উত্তৰঃ এই দুয়ােজন বৈদিক যুগৰ ঋষি আছিল । 

প্রশ্ন ১৯। এটা বংশৰ দুটা পৰিয়ালৰ মাজত চলা বিবাদৰ কাহিনী কোনখন কাব্যত বর্ণনা কৰা হৈছে ? 

উত্তৰঃ মহাভাৰত নামৰ কাব্যত বর্ণনা কৰা হৈছে । 

প্রশ্ন ২০। সিন্ধু সভ্যতাৰ যুগত কেইবিধ বিবাহ পদ্ধতিৰ কথা জনা যায় ? 

উত্তৰঃ চাৰিবিধ বিবাহ পদ্ধতিৰ কথা জনা যায় । 

প্রশ্ন ২১। বৈশ্যসকল কি বৃত্তিৰ লগত জড়িত আছিল ? 

উত্তৰঃ তেওঁলােক ব্যৱসায় – বাণিজ্যৰ লগত জড়িত আছিল । 

প্রশ্ন ২২। বাঘক কিয় ঘৰৰ মুখিয়ালজনৰ লগত তুলনা কৰা হৈছে ? 

উত্তৰঃ কাৰণ বাঘৰদৰে ঘৰৰ মুখিয়ালজন সাহসী আৰু শক্তিশালী হােৱা উচিত । 

প্রশ্ন ২৩। প্রাকৃতিক মনােমােহা সুদর্শন হ্রদ কত অৱস্থিত আছিল ? 

উত্তৰঃ গুজৰাটৰ গিৰিণাৰ নামে ঠাইত এই হ্রদটো অৱস্থিত আছিল । 

প্রশ্ন ২৪। ইন্দ্ৰ দেৱতাক অন্য কি নামেৰে জনা যায় । 

উত্তৰঃ বৰুণ দেৱতা হিচাপেও জনা যায় । 

প্রশ্ন ২৫। কোনখন গাঁৱৰ পৰা পাটলীপুত্ৰ চহৰখন গঢ়ি উঠিছিল ? 

উত্তৰঃ পাটলী গ্রাম নামৰ গাঁওখন পিছলৈ পাটলীপুত্র চহৰ হয় । 

প্রশ্ন ২৬। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন ? 

উত্তৰঃ ডাইৰেক্টৰ জেনেৰেল আলেকজেণ্ডাৰ কানিংহাম । 

প্রশ্ন ২৭। দেৱনামপ্রিয় প্রিয়দর্শী বুলি কাক বুজোৱা হৈছিল ? 

উত্তৰঃ মৌর্য সম্রাট অশােকক কোৱা হৈছিল ? 

প্রশ্ন ২৮। হৰপ্পা যুগৰ এখন নগৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ লােথাল হ’ল হৰপ্পা যুগৰ এখন নগৰ ।

প্রশ্ন ২৯। কোনজন গুপ্ত সম্রাটৰ নামৰ লগত সুদর্শন হ্ৰদৰ নাম জড়িত ? 

উত্তৰঃ গুপ্ত সম্রাট ৰুদ্ৰদমনৰ নামৰ লগত এই হ্রদৰ নাম জড়িত আছিল । কাৰণ প্রাকৃতিক দুর্যোগৰ সময়ত এই হ্রদৰ যি ক্ষতি সাধন হৈছিল , পিছত ৰুদ্ৰদমনে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল বুলি কোৱা হয় । 

প্রশ্ন ৩০। ভাৰতবৰ্ষৰ পুৰাতত্ত্বৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয় ?

উত্তৰঃ আলেকজেণ্ডাৰ কানিংহামকে ভাৰতৰ পুৰাতত্ব বিভাগৰ পিতৃ বুলি কোৱা হয় । তেওঁ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্রথম ডাইৰেক্টৰ জেনেৰেল আছিল । 

প্রশ্ন ৩১। অর্থশাস্ত্র পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কৌটিল্য বা চানক্য । 

প্রশ্ন ৩২। হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম হ’ল— 

( ক ) ‘ৰাজস্থানৰ কালিনগান’ । আৰু 

( খ ) গুজৰাটৰ লােথান । 

প্রশ্ন ৩৩। শিলালিপিসমূহৰ সাক্ষ্য সীমাবদ্ধতা কিছুমান উল্লেখ কৰা । 

উত্তৰঃ শিলালিপিবােৰৰ সীমাবদ্ধতা আছে— 

( ক ) শিল্পকৌশলমূলক সীমাবদ্ধতা লিপিৰ দূর্বোধ্য পাক । 

( খ ) খােদাই কৰা আখৰৰ অস্পষ্টতাৰ বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে । 

( গ ) হাজাৰ বছৰ পৌৰাণিক হােৱাৰ বাবে বাখৰবােৰ ভগাছিগা , লুপ্ত হােৱা বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে । 

( ঘ ) লিপিত ব্যৱহাৰ কৰা শব্দৰ অৰ্থ বা মানে স্থিৰ কৰাটো নিশ্চিত কৰিব নােৱাৰি । 

( ঙ ) স্থান বিশেযে শব্দৰ ব্যৱহাৰ বা অর্থ বেলেগ বেলেগ হ’ব পাৰে কাৰণে পাঠোদ্ধাৰ নিশ্চিত নহয় । গতিকে শিলালিপিৰ সীমাবদ্ধতা থকা দেখা যায় । 

প্রশ্ন ৩৪। হৰপ্পা সভ্যতাৰ যি কোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ( ক ) সুন্দৰ পৰিকল্পনাৰে এখন নগৰীয়া সভ্যতা আছিল । 

( খ ) নগৰৰ মাজত আছিল উন্নত নলাসজা পদ্ধতি । 

প্রশ্ন ৩৫। হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল ? 

উত্তৰঃ এই সঁজুলি বিধক জাত বুলি জনা গৈছিল । 

প্রশ্ন ৩৬। Further excavations of Mohenjo – daro কোনে লিখিছিল ? 

উত্তৰঃ আর্ণেষ্ট মেক নামৰ লােকজনে লিখিছিল । 

প্রশ্ন ৩৭। ব্রাহ্মী আৰু খৰেষ্টি আখৰৰ পাঠ উদ্ধাৰ প্রথমে কোনে কৰিছিল ?

উত্তৰঃ জেমচ প্রিন্সচেপে এই আখৰৰ পাঠ প্রথমে উদ্ধাৰ কৰিছিল । 

প্রশ্ন ৩৮। সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আৱিষ্কাৰ হৈছিল ? 

উত্তৰঃ হল্লা আৰু মহাঞ্জোদাৰােত আৱিষ্কাৰ হৈছিল ।

প্রশ্ন ৩৯। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল ? 

উত্তৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ আছিল । 

প্রশ্ন ৪০। হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম লিখা । 

উত্তৰঃ হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম হ’ল গম । 

প্রশ্ন ৪১। গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল ? 

উত্তৰঃ হৰিসেন আছিল ৰাজসভাৰ কবি ।

See Next Page…

3 thoughts on “Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top