Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ and select needs one.

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Solutions for All Subject, You can practice these here.

ৰজা কৃষক আৰু নগৰসমূহ

পাঠ: ২

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষত নন্দবংশই কোন শতিকাত শাসন চলাইছিল ? 

উত্তৰঃ নন্দবংশই খ্রীঃপূঃ চতুর্থ শতিকাত মগধত শাসন চলাইছিল । 

প্রশ্ন ২। মৌর্য বংশৰ প্রতিষ্ঠাতা গৰাকী কোন আছিল ? 

উত্তৰঃ মৌর্য বংশৰ প্রতিষ্ঠাতা গৰাকী আছিল চন্দ্রগুপ্ত মৌর্য ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। চন্দ্রগুপ্তৰ শাসনকালৰ সময়ছােৱা উল্লেখ কৰা । 

উত্তৰঃ ৩০২-২৯৮ খ্রীঃপূঃ সময়ছােৱাত চন্দ্রগুপ্তই শাসন চলাইছিল । 

প্রশ্ন ৪। ৰাজগৃহ বুলিলে কি বুজা ? 

উত্তৰঃ ৰাজগৃহ শব্দটো প্রাকৃত শব্দ । ইয়াৰ অৰ্থ হ’ল ৰাজপ্রাসাদ ।

প্রশ্ন ৫। মৌর্য বংশৰ শেষ ৰজা বৃহদ্ৰখক কেতিয়া হত্যা কৰা হৈছিল ? 

উত্তৰঃ ১৮৫ খ্রীঃত বৃহদ্ৰখক হত্যা কৰা হৈছিল । 

প্রশ্ন ৬। কোন চনত আৰু কাৰ হাতত মৌর্য বংশৰ পতন ঘটিছিল ? 

উত্তৰঃ ১৮৫ খ্রীঃপূঃত পুষ্যমিত্র শুংগই মৌর্যবংশৰ পতন ঘটাইছিল । 

প্রশ্ন ৭। প্রাচীন মগধ সাম্রাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল ? 

উত্তৰঃ প্রাচীন মগধ সাম্রাজ্যৰ ৰাজধানীখনৰ নাম আছিল পাটলিপুত্র । 

প্রশ্ন ৮। ৰাজতৰঙ্গিনীৰ লেখকজন কোন আছিল ? 

উত্তৰঃ কলহন আছিল ৰাজৰঙ্গিনীৰ লেখক । 

প্রশ্ন ৯। মেচিদনিয়াৰ ৰজা আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্রমণ কৰিছিল ? 

উত্তৰঃ খ্রীঃ পূঃ ৩২৭ – ত । 

প্রশ্ন ১০। বিন্দুসাৰে কোনখিনি সময়ত মগধত শাসন কৰিছিল ? 

উত্তৰঃ খ্রীঃ পূঃ ২৯৮-২৯৩ লৈ বিন্দুসাৰে মগধত শাসন কৰিছিল । 

প্রশ্ন ১১। অশােকৰ শাসনকালৰ সময় নিৰূপণ কৰা ? 

উত্তৰঃ খ্রীঃ পূঃ ২৭৩-২৩২ লৈ অশােকে মগধত শাসন কৰিছিল । 

প্রশ্ন ১২। সুদর্শন হ্রদ কোনে নির্মাণ কৰিছিল ? 

উত্তৰঃ সুদর্শন হ্রদটো ৰুদ্ৰদমনে নির্মাণ কৰিছিল । 

প্রশ্ন ১৩। প্রখ্যাত শক শাসকজন কোন আছিল । 

উত্তৰঃ ৰুদ্ৰদমন আছিল প্রখ্যাত শক শাসক । 

প্রশ্ন ১৪। চন্দ্রগুপ্ত মৌর্যৰ বিৰুদ্ধে যুদ্ধ কৰা বিদেশী আক্রমণকাৰীজন কোন আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্যৰ বিৰুদ্ধে যুদ্ধ কৰা বিদেশী আক্রমণকাৰীজন আছিল চেলিউকচ । 

প্রশ্ন ১৫। ইন্দো গ্রীক প্রখ্যাত শাসকজন কোন আছিল ? 

উত্তৰঃ ইন্দোগ্ৰীকৰ প্রখ্যাত শাসকনজন আছিল মহেন্দ্র । 

প্রশ্ন ১৬। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ? 

উত্তৰঃ কনিষ্ক আছিল কুশাণ বংশৰ শ্ৰেষ্ঠ ৰজা । 

প্রশ্ন ১৭। সাতবাহন আৰু কুশাণ বংশৰ পতন কেতিয়া ঘটিছিল ? 

উত্তৰঃ সাতবাহন আৰু কুশাণ বংশৰ পতন ঘটিছিল তৃতীয় শতিকাত । 

প্রশ্ন ১৮। ৰােমান সম্রাটসকলে কোন সময়ত ভাৰতৰ লগত বেহা – বেপাৰৰ ক্ষেত্ৰত বাধা আৰােপ কৰিছিল ? 

উত্তৰঃ ৰােমান সম্রাটসকলে তৃতীয় শতিকাত ভাৰতৰ লগত বেহা – বেপাৰৰ ক্ষেত্ৰত বাধা আৰােপ কৰিছিল ।

প্রশ্ন ১৯। হস্তশিল্পজাত উদ্যোগ ভাৰতত কেতিয়া প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ প্রথম শতিকাত ভাৰতত হস্তশিল্পজাত উদ্যোগ প্রতিষ্ঠা হৈছিল । 

প্রশ্ন ২০। হিন্দু আইন প্রণেতাজনৰ নাম লিখা । 

উত্তৰঃ হিন্দু আইন প্রণেতাজনৰ নাম আছিল মনু । 

প্রশ্ন ২১। বৌদ্ধ ধর্ম পিটকজনৰ নাম লিখা । 

উত্তৰঃ বৌদ্ধ ধর্ম পিটকজনৰ নাম আছিল বিনয় পিটক । 

প্রশ্ন ২২। বুদ্ধ চৰিতৰ লেখক কোন আছিল ? 

উত্তৰঃ অশ্বঘােষ আছিল বুদ্ধ চৰিতৰ লেখক । 

প্রশ্ন ২৩। ভাৰতৰ প্রাচীন ধর্ম পুথিখনৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ প্রাচীন ধর্ম পুথিখনৰ নাম হ’ল ঝগবেদ । 

প্রশ্ন ২৪। বৈদিক যুগৰ চতুর্থখন গ্ৰন্থৰ নাম লিখ । 

উত্তৰঃ বৈদিক যুগৰ চতুর্থখন গ্রন্থ হ’ল অথর্ববেদ । 

প্রশ্ন ২৫। কোনজন সম্রাটৰ সময়ত বৌদ্ধ মহাসংগীতি অনুষ্ঠিত হৈছিল । 

উত্তৰঃ অজাতশত্ৰুৰ দিনত প্রথম বৌদ্ধ মহাসংগীতি অনুষ্ঠিত হৈছিল । 

প্রশ্ন ২৬। মৌর্য বংশৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য । 

প্রশ্ন ২৭। মেচিদনিয়াৰ ৰজা আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্রমণ কৰিছিল ? 

উত্তৰঃ ৩২৬ খৃঃ পূঃত ।

প্রশ্ন ২৮। মগধৰ প্রাচীনতম ৰাজধানীখনৰ নাম লিখা । 

উত্তৰঃ ৰাজগৃহ হ’ল মগধৰ প্রাচীনতম ৰাজধানী । 

প্রশ্ন ২৯। শুংগবংশৰ প্রতিষ্ঠাতা গৰাকী কোন আছিল ? 

উত্তৰঃ শুংগবংশৰ প্রতিষ্ঠাতা গৰাকী আছিল পুষ্যমিত্র শুংগ ।

প্রশ্ন ৩০। নন্দবংশৰ শেষ ৰজাজন কোন ?

উত্তৰঃ নন্দবংশৰ শেষ ৰজাজন আছিল ধননন্দ । 

প্রশ্ন ৩১। প্রাচীনকালত দক্ষিণফালে যােৱা পথটোৰ নাম কি আছিল ? 

উত্তৰঃ প্রাচীনকালত দক্ষিণফালে যােৱা পথটোৰ নাম আছিল দক্ষিণাপথ । 

প্রশ্ন ৩২। শেষৰজন তীর্থঙ্কৰ কোন আছিল ? 

উত্তৰঃ মহাবীৰ বা বর্ধমান আছিল শেষৰজন তীর্থঙ্কৰ ।

প্রশ্ন ৩৩। ইণ্ডিকা গ্ৰন্থৰ ৰচকজন কোন ? 

উত্তৰঃ মেগাস্থানিচ হ’ল ইণ্ডিকা গ্ৰন্থৰ ৰচক । 

প্রশ্ন ৩৪। কুশানসকল কোন জাতিৰ লােক আছিল ? 

উত্তৰঃ কুশানসকল ইউ চি জাতিৰ লােক আছিল । 

প্রশ্ন ৩৫। শ্রীলংকাত বৌদ্ধ ধর্ম কোনে প্রচাৰ কৰিছিল ? 

উত্তৰঃ শ্ৰীলংকাত অশােকে বৌদ্ধ ধর্ম প্রচাৰ কৰিছিল ।

প্রশ্ন ৩৬। বুদ্ধদেৱে ক’ত জন্ম গ্রহণ কৰিছিল ? 

উত্তৰঃ লুম্বিনী নামে ঠাইত বুদ্ধদেৱে জন্ম গ্রহণ কৰিছিল । 

প্রশ্ন ৩৭৷ ৰােমান সম্রাট ট্রাজানৰ সভালৈ কোনজন কুশান ৰজাই দূত প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ দ্বিতীয় কডফিছিছে দূত প্ৰেৰণ কৰিছিল । 

প্রশ্ন ৩৮। গুপ্তসকলৰ শাসন ব্যৱস্থা সম্পর্কে লিখি থৈ যােৱা চীনা পব্রিাজকজন কোন আছিল ? 

উত্তৰঃ চীনা পৰিব্রাজকজন আছিল ফাহিয়ান । 

প্রশ্ন ৩৯। মুদ্রাক্ষসৰ ৰচতিয়াজন কোন ? 

উত্তৰঃ মুদ্রাক্ষসৰ ৰচতিয়াজন হ’ল বিশাখাদত্ত । 

প্রশ্ন ৪০। মৌর্য সাম্রাজ্য কেতিয়া প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ খৃঃ পূঃ ৩০২ চনত । 

প্রশ্ন ৪১। হৰিসেন কোন আছিল ?

উত্তৰঃ হৰিসেন সমুদ্রগুপ্তৰ ৰাজসভাৰ সংস্কৃত পণ্ডিত আছিল । তেওঁ ‘ প্রয়ােগ প্রসক্তিখন সংস্কৃতত লিখিছিল । 

প্রশ্ন ৪২। প্ৰভাৱতী গুপ্তা কোন আছিল ? 

উত্তৰঃ খৃঃ পূঃ ৩০০ শতিকাৰ আগতে মাতৃ প্রধান ব্যৱস্থা সমাজত নাছিল । সেই সময়ৰ প্ৰভাৱতী গুপ্তা আছিল এক বিৰল উদাহৰণ যিয়ে গৃহস্থীৰ সম্পত্তি নিয়ন্ত্রণ কৰি পৰিয়ালৰ মুৰববী হিচাপে ঘৰ চপাইছিল । 

প্রশ্ন ৪২। কুতাগশালা কি আছিল ?

উত্তৰঃ ভ্ৰমণকাৰী ভিক্ষুসকলে আশ্রয়লােৱা জুপুৰি ঘৰটোক কুতাশ গশালা বােলা হৈছিল । 

প্রশ্ন ৪৩। খ্রীঃ পূঃ ষষ্ঠ আৰু চতুর্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সবাতােকৈ শক্তিশালী মহাজন পদখনৰ নাম লিখা । 

উত্তৰঃ মগধ আছিল শক্তিশালী মহাজনপদ । 

প্রশ্ন ৪৪। সাতবাহন বংশৰ শ্রেষ্ঠ বুলি জনাজাত সম্রাটজন কোন আছিল ?

উত্তৰঃ গৌতমীপুত্র সতকর্ণী আছিল শ্রেষ্ঠ সম্রাট । 

প্রশ্ন ৪৫। জৈন আৰু ভিক্ষু আৰু ভিক্ষুণীসকলে কৰা পাঁচটা অংগীকাৰৰ যিকোনাে এটা উল্লেখ কৰা ।

উত্তৰঃ এখন নতুন কম্বল তৈয়াৰ কৰি এজন ভিক্ষু বা ভিক্ষুণীয়ে ছয় বছৰ কাল ব্যৱহাৰ কৰাৰ পিছত সেই কাপােৰখন অন্যলােকক দান কৰিব লাগে । 

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মেগাস্থানিচে উল্লেখ কৰা অনুসৰি মৌর্যযুগৰ বিষয়াসকলক কেইটা ভাগত ভাগ কৰা হৈছিল ? প্ৰতিটো ভাগৰ কামকাজবােৰ কি আছিল ?

উত্তৰঃ মেগাস্থানিচৰ উল্লেখ অনুসৰি মৌর্য যুগৰ বিষয়াসকলক ছয়টা বিভাগত ভাগ কৰা হৈছিল । প্ৰতিটো বিভাগত পাঁচজনকৈ বিষয়া আছিল । 

ইয়াৰে প্ৰথমটো বিভাগে শিক্ষা সম্পর্কীয় দিশৰ তদাৰক কৰিছিল । 

দ্বিতীয়টো বিভাগে বিদেশীসকলৰ আমােদ – প্রমােদৰ দিশটো চোৱা – চিতা কৰিছিল । 

তৃতীয়টো বিভাগে জন্ম – মৃত্যুৰ হিচাপ ৰাখিছিল । 

চতুর্থটো বিভাগে ব্যৱসায় , বাণিজ্যৰ দিশবােৰ চোৱা – চিতা কৰিছিল । 

পঞ্চমটো বিভাগে হস্তশিল্পৰ পৰিদৰ্শন কৰিছিল আৰু ৰাজহুৱাভাৱে জাননী দি সেইবােৰ বিক্ৰীৰ ব্যৱস্থা কৰিছিল । 

ষষ্ঠ বিভাগটোৱে দেশৰ কাৰণে কৰ সংগ্ৰহ কৰিছিল আৰু কৰফাকি দিয়া লােকসকলক শাস্তি প্রদানৰ ব্যৱস্থা কৰিছিল । 

প্রশ্ন ২। মেগাস্থানিচ কোন আছিল ? তেওঁ কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল ? 

উত্তৰঃ মেগাস্থানিচ এগৰাকী গ্রীক দেশীয় তােক আছিল । মৌর্যবংশৰ প্রতিষ্ঠাতা চন্দ্রগুপ্ত মৌর্যৰ ৰাজ্যসভালৈ মেগাস্থানিচ গ্রীক কটকী হিচাপে আহিছিল । 

প্রশ্ন ৩। মৌর্য ৰাজবংশৰ শাসন কালত বিষয়াসকলে কেনেধৰণে নিজৰকার্য পৰিচালনা কৰিছিল বুলি মেগাস্থানিচে তেওঁৰ টোকাত উল্লেখ কৰিছিল ? 

উত্তৰঃ মেগাস্থানিচে তেওঁৰ টোকাত উল্লেখ কৰিছিল যে মৌর্য যুগৰ বিষয়াসকলে ইজিপ্টৰ বিষয়াসকলৰ দৰে মাটিৰ জোখ – মাখ , নদীসমূহৰ পর্যবেক্ষণ আৰু সকলাে লােকে যাতে পানীৰ যােগান সমানে পায় সেইবােৰৰ হিচাপ ৰাখিছিল ৷ ইয়াৰােপৰি তেওঁলােকৰ হাতত চিকাৰীসকলৰ তত্ত্বাৱধান আৰু যােগ্যতা অনুসৰি তেওঁলােকক পুৰস্কৃত কৰাৰ বা শাস্তি বিধান কৰাৰ ক্ষমতা আছিল । তেওঁলােকে মাটিৰ ৰাজহ সংগ্ৰহ কৰাৰ লগতে নানা কামত জড়িত কর্মীসকলৰ কাম কাজবােৰাে পৰিদৰ্শন কৰিছিল । 

প্রশ্ন ৪। মৌর্য যুগত বিষয়াসকলক কিয় নিয়ােগ কৰা হৈছিল । 

উত্তৰঃ মৌর্য যুগত কৃষিকার্যই আছিল ৰাজহৰ প্রধান উৎস মাটিৰ ৰাজহ সংগ্ৰহ কৰাৰ বাবেই বিষয়াসকলক নিয়ােগ কৰা হৈছিল ।

প্রশ্ন ৫। লিপি বুলিলে কি বুজা ? 

উত্তৰঃ প্রাচীন ভাৰতৰ লিপি হ’ল তথ্য সংগ্রহৰ আধাৰ স্বৰূপ । প্রাচীন ভাৰতৰ ইতিহাস তথ্য সংগ্রহৰ ক্ষেত্ৰত প্রাচীন লিপিবােৰেই আটাইতকৈ নিৰ্ভৰযােগ্য বুলি কোৱা হয় । অশােকৰ শিলাস্তম্ভ আৰু গুহালিপিবােৰৰ পৰাই লিপি যুগৰ আৰম্ভণি বুলি কোৱা হয় । এই লিপিবােৰৰ আৰম্ভণিতে ধর্মীয় অনুদান , মাটি , বৃত্তিদান দিয়াৰ কথা , বংশাৱলী , কোনাে ৰজাৰ শাসনকাল , যুদ্ধ বিগ্রহ আদিৰ কথা লিপিবদ্ধ কৰা হৈছিল । এই লিপিবােৰ শিল আৰু নানা ধৰণৰ ধাতুৰে তৈয়াৰ কৰা হৈছিল ।

প্রশ্ন ৬। লিপিসমূহে ঘটনাসমূহ স্থায়ী কৰাত কেনেধৰণে সহায় কৰে ? 

উত্তৰঃ কোনাে ঘটনাৰ স্থায়ী ৰূপ দিয়াৰ ক্ষেত্ৰত লিপিবােৰৰ ভূমিকা অতি উল্লেখযােগ্য । শশ বছৰ আগতে লিপিবদ্ধ কৰা ঘটনাসমূহৰ পৰা আমি সেই যুগৰ বিষয়ে তথ্য সংগ্রহ কৰিব পাৰো , কাৰণ ধাতুৰ লিপি বা শিলালিপিত লিপিবদ্ধ কৰা ঘটনাসমূহ সাধাৰণতে নষ্ট নোহােৱাকৈ বহুদিনলৈ থাকি যায় । 

প্রশ্ন ৭। ( ক ) প্রাচীন লিপিসমূহত সাধাৰণতে কি ভাষা ব্যৱহাৰ হৈছিল ? 

উত্তৰঃ প্রাচীন লিপিসমূহত সাধাৰণতে পালি ভাষা ব্যৱহাৰ কৰা হৈছিল । পিছলৈ অৱশ্যে লিপি লিখাৰ ক্ষেত্ৰত সংস্কৃত বা তামিল ভাষাৰ প্রয়ােগ ঘটিছিল । 

প্রশ্ন ৮। ( খ ) দুবিধ প্রাচীন লিপিৰ নাম লিখা । কোন ব্যক্তিয়ে অশােকান শিলালিপিৰ পৰা পাঠোদ্ধাৰ কৰিছিল আৰু কেতিয়া কৰিছিল ? 

উত্তৰঃ ( ক ) ( ১ ) ব্রাহ্মী ( Brahmi ) ( 2 ) কাৰোচথি ( Karosthi ) আখৰ । 

( খ ) ১৮৩০ চনত জেমছ প্রিন্সেপে পাঠোদ্ধাৰ কৰিছিল । তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া আছিল । 

প্রশ্ন ৮। ভাৰতৰ নেপােলিয়ন কাক আখ্যা দিয়া হয় ? 

উত্তৰঃ গুপ্ত সম্রাট সমুদ্রগুপ্তক ভাৰতৰ নেপােলিয়ন বুলি কোৱা হয় ।

প্রশ্ন ৯। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সহায় কৰা চাৰিটা উপাদানৰ কথা উল্লেখ কৰা ।

উত্তৰঃ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সহায়কাৰী উপাদান কেইটা হ’ল— লিপি , সাহিত্য , মুদ্ৰা আৰু দৃশ্যমান সামগ্রী । 

প্রশ্ন ১০। খ্রীঃ পূঃ যষ্ঠ শতিকাৰ দুজন ধর্ম প্রচাৰকৰ নাম লিখা । 

উত্তৰঃ খ্রীঃ পূঃ ষষ্ঠ শতিকাৰ দুজন ধর্ম প্রচাৰক হ’ল — মহাবীৰ জৈন আৰু গৌতম বুদ্ধ । 

প্রশ্ন ১১। বুদ্ধ অষ্টাংগিক মার্গ বা আঠদীয়া সৎ পথ কেইটা কি কি ? 

উত্তৰঃ উল্লিখিত পথকেইটা হ’ল — সংবাক্য , সৎ দৃষ্টি , সৎ চিন্তা , সৎ শ্রম , সৎ মনােবৃত্তি , সৎ আদর্শ , সৎ ব্যৱহাৰ আৰু সৎ জীৱন । 

প্রশ্ন ১২। জৈনসকলৰ নির্বাণ প্রাপ্তিৰ পন্থা তিনিটা কি কি ? 

উত্তৰঃ জৈনসকলৰ নির্বাণ প্রাপ্তিৰ পন্থা তিনিটা হ’ল — সৎকর্ম , সৎ জ্ঞান আৰু সৎব্যৱহাৰ । 

প্রশ্ন ১৩। অশােকে ৰাজ্যবােৰ পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজনৰ নাম লিখা । 

উত্তৰঃ অশােকে ৰাজ্য পৰিদৰ্শন কৰিবলৈ পঠোৱা বিষয়া দুজন হ’ল – ৰাজুক আৰু বৰ্জুক । 

প্রশ্ন ১৪। খ্রীঃ পূঃ ষষ্ঠ শতিকাত কোন দিশত বিশেষভাৱে প্রগতি হৈছিল ? 

উত্তৰঃ ঐতিহাসিকসকলে উল্লেখ কৰা মতে নতুন নতুন ৰাজবংশৰ উত্থানৰ লগে লগে খ্রীঃপূঃ ষষ্ঠ শতিকাত নগৰ বা চহৰসমূহৰ বিশেষভাৱে বিকাশ সাধন হৈছিল । 

প্রশ্ন ১৫। বুদ্ধচৰিত আৰু সূত্রা লংকাৰ নামৰ গ্ৰন্থ দুখন কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ অশ্বঘােষে ৰচনা কৰিছিল ।

প্রশ্ন ১৬। হৰপ্পা সভ্যতাৰ পতন পােন্ধৰ বছৰ পিছত ভাৰতবৰ্ষৰ প্ৰগতিৰ বিষয়ে জনাৰ কাৰণে ঐতিহাসিকসকলে উল্লেখ কৰা উৎসমূহৰ চমু বিৱৰণ দিয়া । নাইবা , যেতিয়া বুৰঞ্জীবিদসকলে কোনাে পাঠ্যক উৎস হিচাপে লৈ বুৰঞ্জী নিৰ্মাণ কৰে আৰু কোনবােৰ কাৰক হিচাপে লয় ? 

উত্তৰঃ ঐতিহাসিকসকলে উল্লেখ কৰা মতে হৰপ্পা সভ্যতাৰ পতনৰ পােন্ধৰশ বছৰ পিছত লাভ কৰা কিছুমান তথ্যৰপৰা ভাৰতবৰ্ষৰ প্ৰগতিৰ দিশসমূহৰ কথা জনা যায় । তেনে উৎসসমূহ হ’ল— শিলালিপি , নানা ধৰণৰ প্রাচীন পুথি , মুদ্রা আৰু সেইসময়ত উদ্ধাৰ হােৱা কিছুমান দৃশ্যমান সামগ্রী । 

প্রশ্ন ১৭। মগধৰ প্রাচীন ৰাজধানী ৰাজগৃহৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ মগধৰ প্রাচীনতম ৰাজধানী হ’ল গিৰিগৃহ বা ৰাজগৃহ । এই ৰাজধানীখনৰ চাৰিওফালে ওখ দেৱালেৰে আগুৰা আছিল । বর্তমান ই বিহাৰৰ অন্তৰ্গত । ৰাজধানীৰ মাজত কিছুমান দুর্গ নির্মাণ কৰা হৈছিল । ৰাজগৃহ শব্দটো প্রাকৃত ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল ৰাজপ্রাসাদ । 

প্রশ্ন ১৮। খ্রীঃপূঃ ষষ্ঠ শতিকাত চহৰৰ অগ্রগতি , কৃষি ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু ৰাজ্য গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ ( ক ) খ্রীঃ পূঃ যষ্ঠ শতিকাত নগৰসমূহৰ সৃষ্টি , ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু আঞ্চলিক শাসনকর্তাসমূহৰ ৰাজধানী প্রতিষ্ঠা হােৱাৰ প্ৰমাণ পােৱা যায় । 

( খ ) উক্ত সময়ছােৱাৰ ভিতৰত কৃষিৰ বিশেষ উন্নতি হােৱা পৰিলক্ষিত হয় । সমাজত তিনি শ্ৰেণীৰ খেতিয়ক থকাৰ উমান পােৱা যায় । তেওঁলােক হ’ল অধিক মাটিৰ মালিক বা প্রথম শ্ৰেণীৰ খেতিয়ক , মধ্যবিত্ত শ্রেণীৰ খেতিয়ক আৰু তৃতীয় শ্রেণীৰ খেতিয়ক বা ভূমিহীন খেতিয়ক । 

( গ ) ইয়াৰােপৰি সেই শতিকাত নানা ধৰণৰ আঞ্চলিক ৰাজবংশৰ উত্থান ঘটিছিল । ইয়াৰ লগে লগে ৰজাসকলে প্রশাসনীয় সুবিধাৰ কাৰণে নিজা নিজা ৰাজধানী প্রতিষ্ঠা কৰিছিল । এই বিলাকক সাধাৰণতে মহাজন পদ বুলি কোৱা হৈছিল । 

প্রশ্ন ১৯। খ্রীঃপূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা কিছুমান চহৰৰ বা নগৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ( ক ) খ্রীঃপূঃ ষষ্ঠ শতিকাত নগৰসমূহৰ সৃষ্টি , ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু আঞ্চলিক শাসনকর্তাসমূহৰ ৰাজধানী প্রতিষ্ঠা হােৱাৰ প্ৰমাণ পােৱা যায় । 

( খ ) উক্ত সময়ছােৱাৰ ভিতৰত কৃষিৰ বিশেষ উন্নতি হােৱা পৰিলক্ষিত হয় । সমাজত তিনি শ্ৰেণীৰ খেতিয়ক থকাৰ উমান পােৱা যায় তেওঁলােক হ’ল— অধিক মাটিৰ মালিক বা প্রথম শ্ৰেণীৰ খেতিয়ক , মধ্যবিত্ত শ্রেণীৰ খেতিয়ক আৰু তৃতীয় শ্রেণীৰ খেতিয়কবা ভূমিহীন খেতিয়ক । 

( গ ) ইয়াৰােপৰি সেই শতিকাত নানা ধৰণৰ আঞ্চলিক ৰাজবংশৰ উত্থান ঘটিছিল । ইয়াৰ লগে লগে ৰজাসকলে প্রশাসনীয় সুবিধাৰ কাৰণে নিজা নিজা ৰাজধানী প্রতিষ্ঠা কৰিছিল । এইবিলাকক সাধাৰণতে মহাজন পদ বুলি কোৱা হৈছিল । 

প্রশ্ন ২০। খ্রীঃ পূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা কিছুমান চহৰৰ বা নগৰৰ নাম উল্লেখ কৰে । 

উত্তৰঃ খ্রীঃ পূঃ ষষ্ঠ শতিকাত নদী উপত্যকাত গঢ়ি উঠা চহৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল — ৰাজগিৰি , ৰাজগৃহ , পাটলিপুত্র , উজ্জয়িনী , বৈশালী , সাবনাথ , বাৰানসী , মথুৰা , গিৰনাৰ , কনৌজ , থানেশ্বৰ , তক্ষশীলা , তােচালী , সুবর্ণগিৰী , নালন্দা আদি ।

প্রশ্ন ২১। হর্ষ চৰিতৰ বিষয়ে চমুকৈ লিখা । নাইবা , হর্ষচৰিত কোনে লিখিছিল ? 

উত্তৰঃ হর্ষচৰিত পুথিখন বাণভট্টই হর্ষবর্ধনৰ জীৱনৰ ভেটিত লিখিছিল । এই পুথিৰ জৰিয়তে তেওঁ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । হর্ষচৰিত পুথিৰ দ্বাৰা বাণভট্টই হর্ষবর্ধনৰ ৰাজনৈতিক জীৱনৰ এটি সুন্দৰ প্রতিচ্ছবি ফুটাই তুলিবলৈ যত্ন কৰিছিল । 

প্রশ্ন ২২। মৌর্য আৰু গুপ্ত যুগত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গঢ়ি উঠা কিছুমান যােগাযােগ । ব্যৱস্থাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ মৌর্য আৰু গুপ্তযুগত অন্য দেশৰ লগত ব্যৱসায় বাণিজ্য প্রসাৰ ঘটিছিল প্রধানকৈ জল আৰু স্থল পথেৰে । স্থল পথেৰে মধ্য এছিয়াৰ লগত ব্যৱসায়ৰ যােগাযােগ ঘটিছিল । আনহাতে আৰৱ সাগৰ আৰু বঙ্গোপসাগৰৰ মাজেৰে পূর্ব আফ্রিকা , মধ্য এছিয়া , দক্ষিণ এছিয়া । আৰু চীনৰ লগত ব্যৱসায় বাণিজ্যৰ আদান প্রদান ঘটিছিল । 

প্রশ্ন ২৩। মৌর্য যুগত দক্ষিণ ভাৰতত উত্থান ঘটা তিনিটা ৰাজবংশৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই তিনিটা ৰাজবংশ চোল ৰাজবংশ , চিৰাচ ৰাজবংশ আৰু পাণ্ড্য ৰাজবংশ । 

প্রশ্ন ২৪। খ্রীঃ পূঃ ষষ্ঠ শতিকাত উত্থান ঘটা মহাজন পদসমূহৰ বিষয়ে আমি ক’ৰ পৰা তথ্য লাভ কৰিছে ? 

উত্তৰঃ অন্যান্য বিষয়বােৰৰ বাহিৰেও বৌদ্ধ আৰু জৈন সাহিত্যৰ পৰা খ্রীঃপূঃ ছয় নতুবা বুদ্ধৰ জন্মৰ ঠিক কিছু বছৰৰ আগৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিব পাৰে । জৈন আৰু বৌদ্ধ সাহিত্যৰ জৰিয়তে ষােড়শ মহাজন পদৰ উৎপত্তি আৰু বিকাশ সম্পর্কীয় তথ্য লাভ কৰিব পৰা হৈছে । এই দুই সাহিত্যৰ তথ্য অনুসৰি এই মহাজন পদ বা ৰাজ্যসমূহৰ কিছুমান আছিল ৰাজতান্ত্রিক আৰু কিছুমান প্রজাতান্ত্রিক আছিল । 

প্রশ্ন ২৫। মহাজন পদ আৰু ‘ গণ ’ বা সংঘৰ মাজত থকা এটি ৰাজনৈতিক পার্থক্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ মহাজন পদবােৰৰ শাসনভাৰ এজন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল । আনহাতে গণৰাজ্য বা সংঘবােৰৰ শাসনকার্য আৰু বিচাৰকার্য চলােৱাৰ কাৰণে এনে ৰাজ্যত একোখন পৰিষদ আছিল । এই পৰিষদক গণ বা সংঘ বুলি কোৱা হৈছিল । এই পৰিষদৰ লােকসকলক জ্যেষ্ঠ , গণপতি , সংঘমুখ্য আৰু কেতিয়াবা কেতিয়াবা গণৰাজ্য বােলা হৈছিল । 

প্রশ্ন ২৬। মহাজন পদ বা গণৰাজ্যবােৰৰ দিনত গঢ়ি উঠা নগৰবােৰৰ প্রধান বৈশিষ্ট্য কি আছিল ? 

উত্তৰঃ মহাজন পদ বা গণৰাজ্যসমূহ প্রতিষ্ঠা হােৱাৰ লগে লগে ইয়াৰ শাসন ব্যৱস্থাৰ সুবিধাৰ কাৰণে কিছুমান চহৰ বা নগৰৰ জন্ম হৈছিল । এই নগৰসমূহ সুৰক্ষিত কৰাৰ কাৰণে ৰাজধানী বা চহৰৰ ভিতৰত কিছুমান দুর্গও নির্মাণ ৰা হৈছিল । ইয়াৰ চাৰিওফালে ওখ দেৱাল নির্মাণ কৰা হৈছিল । ইয়াৰ বাহিৰেও ৰাজ্যখনৰ সুৰক্ষাৰ স্বাৰ্থত ৰাজধানী বা চহৰৰ ভিতৰত কিছুমান দুৰ্গও নিৰ্মান কৰা হৈছিল ।

প্রশ্ন ২৭। গণ বা সংঘবােৰৰ তিনিটা প্রধান বৈশিষ্ট্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ গণ বা সংঘৰ প্রধান বৈশিষ্ট্য তিনিটা হ’ল—

( ক ) গণৰাজ্যবিলাকত প্রশাসনৰ কাৰণে একোখন পৰিষদ আছিল । এই পৰিযদক সংঘ বা গণ বােলা হৈছিল । 

( খ ) জৈন ধর্মপ্রচাৰক মহাবীৰ আৰু বৌদ্ধধর্মৰ প্রৱক গৌতম বুদ্ধ এই গণৰাজ্যৰ লােক আছিল । 

( গ ) জৈন সাহিত্য আৰু বৌদ্ধ সাহিত্যৰ পৰা জনা যায় যে এই গণৰাজ্যসমূহৰ কিছুমান এহেজাৰ বছৰলৈ বৰ্তি আছিল । 

প্রশ্ন ২৮। প্রাচীন কালত সমাজত বৈষম্যৰ সৃষ্টি কিয় হৈছিল ? 

উত্তৰঃ প্রাচীন কালৰে পৰা সমাজত বৈষম্য হােৱাৰ প্ৰমাণ পােৱা যায় । ইয়াৰ প্ৰধান কাৰণ হিচাপে ধনী শ্রেণীৰ আৱির্ভাব , নিবনুৱা আৰু নতুন প্রযুক্তিবিদ্যাৰ কথাকে উল্লেখ কৰিব পাৰি । 

প্রশ্ন ২৯। জোটবন্ধন ( oligarchy ) শাসন বুলিলে কি বুজা ? 

উত্তৰঃ শাসন ব্যৱস্থাৰ সকলাে দিশ য’ত কিছুমান লােকৰ হাতত ন্যস্ত থাকে তাকে জোটবন্ধন বা oligarchy বােলে । উদাহৰণ হিচাপে ৰােমান শাসন ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি । 

প্রশ্ন ৩০। জন প্রিঞ্চেপ কোন আছিল ? তেওঁক কিয় ভাৰত বুৰঞ্জীত উল্লেখযােগ্য বুলি কোৱা হয় ? 

উত্তৰঃ জন প্রিঞ্চেপইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালৰ এজন ধাতুবিদ আছিল । তেৱেঁই সেই সময়ৰ ভাৰতবৰ্ষৰ বহুতাে প্রাচীন লিপিৰ পাঠোদ্ধাৰ কৰিছিল । প্রাচীন লিপি আৰু মুদ্রা  অধ্যয়নৰ জৰিয়তে তেওঁ অশােকৰ শাসনকালৰ বহুতাে তথ্য উদ্ধাৰ কৰিছিল । 

প্রশ্ন ৩১। খ্রীঃপূঃ ষষ্ঠ শতিকাটো কিয় ভাৰত বুৰঞ্জীত উল্লেখযােগ্য বুলি বিবেচনা কৰা হয় ? 

উত্তৰ খ্রীঃ পূঃ যষ্ঠ শতিকাটো ৰাজনৈতিক আৰু ধর্মীয় দিশৰ পৰা ভাৰতবৰ্ষৰ ইতিহাস এটা গুৰুত্বপূৰ্ণ শতিকা । এই শতিকাতে ব্রাহ্মণ ধৰ্মৰ প্রতিবাদী ধর্ম জৈন ধর্ম আৰু বৌদ্ধ ধর্মৰ উৎপত্তি হয় । ৰাজনৈতিক দিশত ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্যবােৰৰ ঠাইত বিশাল সাম্রাজ্যই গঢ় লৈ উঠে । এই শতিকাৰে পৰা ভাৰত বুৰঞ্জী স্পষ্ট হৈ পৰে । খ্রীঃ পূঃ ষষ্ঠ , শতিকাৰ ভাৰতৰ ইতিহাস সম্পর্কে বৌদ্ধগ্রন্থ , হিন্দু পুৰাণ আৰু জৈন উপাদানৰ পৰা জানিব পাৰি ।

প্রশ্ন ৩২। ‘জনপদ ’ বুলিলে কি বুজা ? 

উত্তৰঃ জনপদ শব্দটো প্রাকৃত আৰু সংস্কৃত ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল কোনাে এটুকুৰা ঠাইত জনসাধাৰণে বাসস্থান নির্মাণ কৰা বা স্থায়ীভাৱে খেতি – বাতি কৰাকে বুজায় । 

প্রশ্ন ৩৩। ট্রান্স প্লেন্টেছন বা প্রতিষ্ঠাপন ( Trans Plantation ) বুলিলে কি বুজা ? 

উত্তৰঃ খেতি পথাৰ উপযুক্ততা আৰু উৰ্বৰতা লক্ষ্য কৰি ঠাই সলনি কৰি ধান খৈতি কৰা ব্যবস্থাকে ট্রান্স প্লেন্টেছন বা প্রতিষ্ঠাপন কৰা বুলি কোৱা হয় । প্রথমে কোনাে এঠাইত ধানৰ বীজ সিচা হয় । পিছলৈ সেইবোৰ উপযুক্ত হােৱাৰ পিছত পানী থকা ঠাইত ৰােৱা হয় বা প্রতিষ্ঠাপন কৰা হয় । 

প্রশ্ন ৩৪। ধর্ম প্রবর্তিকা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজত প্রচলিত ধর্মীয় বা সামাজিক নীতিসমূহ সুচাৰুৰূপে পালন হােৱাকে ধর্ম প্ৰৱৰ্তিকা বুলি কোৱা হৈছিল । অশােকে ৰাজ আদেশ পালন কৰাটো বিচাৰিছিল । তেওঁ ৰাজ্যৰ শাসনতন্ত্ৰৰ ব্যৱস্থাসমূহক প্রচাৰ কার্যত ব্যৱহাৰ কৰিছিল ।

প্রশ্ন ৩৫। ‘ধর্ম মহামাত্র’ কোন আছিল ? 

উত্তৰঃ ‘ধর্ম মহামাত্র’ ধর্মনীতি বিষয়ক এক শ্ৰেণীৰ বিষয়া । এই পদটো অশােকে সৃষ্টি কৰিছিল । কাৰণ মহাৰাজ অশােকে ৰাজ্যৰ সকলাে লােকে ধৰ্মৰ অনুশাসনবােৰ পালন কৰা আৰু জনসাধাৰণৰ মনত ধৰ্মৰ ভাব উদয় হােৱাটো বিচাৰিছিল । সেই কাৰণেই তেওঁ ‘ধর্ম মহামাত্র ’ নামৰ এক শ্রেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল । তেওঁলােকে দেশৰ ভিতৰত পৰিভ্রমণ কৰি ৰাজ্যৰ সকলাে ঠাইতে ধর্মনীতি প্রচাৰ কৰিছিল ।

প্রশ্ন ৩৬। ‘ধর্মঘঘাষ’ বুলিলে কি বুজা ? 

উত্তৰঃ কলিঙ্গ যুদ্ধৰ আগতে অশােকে ভেৰীঘােষ নীতি গ্রহণ কৰিছিল । অর্থাৎ ঢােল বজোৱা কাৰ্য বা ভেৰীঘােয যুদ্ধৰ বাবেহে ব্যৱহাৰ কৰিছিল । 

কিন্তু কলিঙ্গ যুদ্ধৰ পিছত তেওঁ সেই নীতি পৰিহাৰ কৰি ভেৰীঘােষক ধর্মঘােষলৈ পৰিৱৰ্তন ঘটাইছিল । অর্থাৎ তেওঁ যুদ্ধৰ বিপৰীতে ধৰ্মৰ দ্বাৰাহে মানুহৰ মন জয় কৰি সাম্রাজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল । এই নীতিৰ জৰিয়তে তেওঁ ‘ ভেৰীঘােষক ‘ ধর্মঘােষ ’ বা ধৰ্মৰ নিনাদত পৰিণত কৰিছিল । 

প্রশ্ন ৩৭। ( ক ) ‘ ভেৰীঘােষ ’ বুলিলে কি বুজা ? 

উত্তৰঃ ‘ভেৰীঘােষ’ হ’ল যুদ্ধৰ সময়ত ঢােল বা বাজনা বজোৱা । যুদ্ধৰ সময়ত ঢােল বা বাজনা বজোৱা কার্যকে ভেৰীঘােষ বুলি কোৱা হৈছিল । কিন্তু মহাৰাজ অশােকে কলিঙ্গ যুদ্ধৰ পিছত এই ঢােল বজোৱা কার্য যুদ্ধৰ বাবে নকৰি ধৰ্মৰ বাবেহে কৰিবলৈ লৈছিল । অর্থাৎ অশােকে এই ভেৰীঘােষকে ধর্মঘােষলৈ বা ধর্ম নিনাদত পৰিণত কৰিছিল । এই নীতিৰ জৰিয়তে তেওঁ সকলাে লােকৰ সৈতে মিত্ৰতাপূর্ণ নীতি গ্রহণ কৰিছিল । 

প্রশ্ন ৩৭। ( খ ) মৌর্য প্রশাসনিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ বৈশিষ্ট্য দুটা— ( ক ) ৰাজতান্ত্রিক শাসন , ৰজা শাসন সর্বোচ্চ আছিল । 

( খ ) এখন মন্ত্রীপৰিষদ আছিল । পৰিষদ বহুতাে বিভাগীয় বিষয়াই শাসনকার্যত সহায় কৰিছিল । 

প্রশ্ন ৩৮। ‘ৰাজুক’ শব্দটোৱে কি বুজাইছিল ? 

উত্তৰঃ অশােকে নিজৰ ধৰ্ম প্ৰচাৰৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । তেওঁ নিজেও ধর্ম যাত্রা কৰিছিল । কিন্তু ইমান ডাঙৰ এখন সাম্রাজ্যত অকলে ধৰ্ম প্ৰচাৰ কৰাটো অসম্ভৱ  আছিল । সেয়ে তেওঁ ধর্ম প্রচাৰৰ কাৰণে কিছুমান বিষয় নিযুক্ত কৰিছিল । এই বিষয়াসকলৰ ভিতৰত ‘ ৰাজুক ’ নামৰ বিষয়াজনাে আছিল উল্লেখযােগ্য । ধর্ম প্রচাৰৰ কাৰণে তেওঁক পাঁচ বছৰ সময় দিছিল । তেওঁক ধর্ম প্রচাৰৰ লগতে চৰকাৰী কামাে দিছিল । 

প্রশ্ন ৩৯। ‘ধম্ম’ ( Dhamma ) বুলিলে কি বুজা ? 

উত্তৰঃ অশােকে তেওঁৰ ধৰ্মক বৌদ্ধধর্ম বুলি নকৈ ‘ ধম্ম বুলি কৈছে । অশােকৰ ‘ধৰ্ম্ম ’ আছিল কিছুমান আচৰণ বিধি । ‘ধম্ম’ শব্দৰ বৈশিষ্ট্য এই যে , ই কোনাে ধর্মীয় তত্ত্বৰ আধাৰত প্রতিষ্ঠিত নহয় । ই মহাৰাজ অশােকৰ নিজা আৱিষ্কাৰ । ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ব্যক্তিজীৱন আৰু সমাজজীৱন নিকা কৰা । এই দিশত তেওঁ প্রতিজন ব্যক্তিক কিছুমান নৈতিক অনুশীলন যেনে , দয়া , দান , সত্য কথা কোৱা , পৱিত্ৰতা পালন কৰা , ভদ্ৰতা আৰু নম্রতা পালন মানি । চলিবলৈ আহ্বান জনাইছিল ।

প্রশ্ন ৪০। বিষয় ( Vishya ) বুলিলে কি বুজা ? 

উত্তৰঃ গুপ্ত সাম্রাজ্য কেইখনমান প্রদেশত বিভক্ত আছিল । প্রদেশসমূহ দেশ , ভুক্তি আৰু ভােগত ভাগা হৈছিল । সেইবােৰক আৰু কিছুমান ভাগত ভাগা হৈছিল । এইভাগবােৰকে জিলা বা বিষয় নামে জনা গৈছিল । বিষয়পতিসকলে ‘ বিষয়’ৰ শাসনকার্য চাৰিজন প্রতিনিধিৰ সহায়ত চলাইছিল । 

প্রশ্ন ৪১। ভুক্তি ( Bhukti ) বুলিলে কি বুজা ? 

উত্তৰঃ গুপ্তসকলৰ শাসনকালত সাম্রাজ্যখনক কেবাখনাে প্রদেশত বিভক্ত কৰা হৈছিল । প্রদেশবিলাকক দেশ , ভুক্তি আৰু ভােগ এই তিনিনামেৰে জনা গৈছিল । ভুক্তিনামৰ প্ৰদেশবােৰ আছিল উত্তমণ্ডল ভুক্তি , তিৰাভুক্তি , শ্ৰাৱন্তী ভুক্তি আদি । 

প্রশ্ন ৪২। বিষ্টী বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগত যিবিলাক গৰু শস্য , সােণ , কেঁচামাল আৰু শ্ৰমদান কৰাৰ মাধ্যমত খাজনা দিছিল সেইবিলাকক বিষ্টী বােলা হৈছিল । 

প্রশ্ন ৪৩। ‘সন্নিধাতা ’ বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগৰ বিষয়াসকলৰ ভিতৰত সন্নিধাতা’নামৰ বিষয়াজনাে আছিল উল্লেখযােগ্য । কেন্দ্রীয় ৰাজকোষৰ দায়িত্বত থকা বিষয়াজনক সন্নিধাতা বুলি জনা গৈছিল । তেৱো ২৪,০০০ পানাকৈ মজুৰি লাভ কৰিছিল ।

প্রশ্ন ৪৪। ‘সমাহর্তা ’ বুলিলে কি বুজা ? 

উত্তৰঃ মৌর্যযুগত বিভিন্ন ধৰণৰ পদবী বা বিষয়াপদৰ সৃষ্টি কৰিছিল । কেন্দ্রীয় ৰাজহ সংগ্ৰহকাৰী বিষয়াজন সমাহর্তা বুলি জনা গৈছিল । সমাহর্তা’ই সন্নিধাতা নামৰ আন এজন বিষয়াৰ লগত পাৰস্পৰিক সহযােগিতাৰে নিজ নিজ দায়িত্ব পালন কৰিব লাগিছিল । তেওঁলােকে প্রত্যেকেই ২৪,০০০ পানাকৈ দৰমহা লাভ কৰিছিল ।

প্রশ্ন ৪৫। পানা ( pana ) বুলিলে কি বুজা ? 

উত্তৰঃ পানা হ’ল মৌর্য যুগৰ এবিধ মুদ্রা । মৌর্য যুগৰ কৰ্মচাৰীসকলে বেতন হিচাপে এই পানা লাভ কৰিছিল । এজন উচ্চ শ্ৰেণীৰ কৰ্মচাৰীয়ে ২৪,০০০ পানাকৈ বেতন লাভ কৰিছিল । 

প্রশ্ন ৪৬। অৱতাৰ বুলিলে কি বুজা ? 

উত্তৰঃ অৱতাৰ মানে হ’ল পুনৰ আৱির্ভাব । বৈষ্ণৱ ধৰ্মত অৱতাৰ বা পুনৰ আৱির্ভাবৰ বিষয়ে বিশ্বাস কৰা হয় । 

প্রশ্ন ৪৭। ভক্তি বুলিলে কি বুজা ? 

উত্তৰঃ ভক্তি মানে হ’ল পূজা অর্চনা নাইবা সৰুৱে ডাক সন্মান কৰা । ৰজাক প্রজাসাধাৰণে সন্মান কৰা কার্যকো ভক্তি বুলি কোৱা হয় । তেনেদৰে ঈশ্বৰৰ ওচৰত নতশিৰ হােৱাকো ভক্তি বােলে । 

প্রশ্ন ৪৮ মেগালিথ ( Megaligh ) মানে কি বুজা ? 

উত্তৰঃ  ‘মেগা’ মানে নিযুত বা তাতকৈও অধিক । ‘লিথ’ মানে হ’ল শিলৰ গঠন বা আকৃতি । গতিকে মেগালিথ মানে অগণন শিলৰ টুকুৰা । এইবােৰ দক্ষিণ ভাৰতত পােৱা যায় ।

প্রশ্ন ৪৯। মেগালিথ নামৰ শিলৰিধ পােৱা কিছুমান ঠাইৰ নাম উল্লেখ কৰা । 

উত্তৰঃ দক্ষিণ ভাৰতৰ কিছুমান ঠাইত এই মেগালিথােৰ পােৱা যায় । এই ঠাইসমূহ হ’ল — মহাৰাষ্ট্রৰ মালপা , টোকা ঘাট , নাইকুণ্ড আৰু মাছৰ জাবি । তেনেদৰে দক্ষিণ ভাৰতৰ আন আন ঠাইসমূহ হ’ল ব্রহ্মগিৰী , মাছকি , হালুৰ আৰু হাৰদলহালি । 

প্রশ্ন ৫০। মেগাস্থানিচ কোন আছিল ? 

উত্তৰঃ ( ক ) চন্দ্রগুপ্তৰ ৰাজসভালৈ গ্রীক কটকী মেগাস্থানিচ আহিছিল । 

( খ ) তেওঁ ‘ইণ্ডিকা’ নামৰ পুথিখন লিখিছিল । 

( গ ) এই ইণ্ডিকা’নামৰ পুথিৰ জৰিয়তে সেই সময়ৰ ভাৰতবৰ্ষৰ বহুতাে গুৰুত্বপূর্ণ তথ্যৰ সন্ধান পােৱা যায় । 

প্রশ্ন ৫১। ক’ত আৰু কেতিয়া সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল ? 

উত্তৰঃ খ্রীঃ পূঃ প্রথম শতিকাৰ পৰা তৃতীয় খ্রীষ্টাব্দলৈ দক্ষিণ ভাৰতত সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল । 

প্রশ্ন ৫২। গৌৰমীপুত্র সাতকর্ণী কোন আছিল ? 

উত্তৰঃ( ক ) সাতবাহন বংশৰ গৌতমীপুত্র সাতকর্ণী এজন শ্রেষ্ঠ সম্রাট আছিল । 

( খ ) তেওঁ এজন দিগ্বিজয়ী বীৰ আৰু সাম্রাজ্য গঢ়োতা আছিল । 

( গ ) গৌৰমীপুত্র সাতকর্নীৰ সময়ত সাতবাহন ৰাজ্য বর্তমানৰ অন্ধ্রপ্রদেশ , মহাৰাষ্ট্র , গুজৰাট আৰু অন্ধ্রপ্রদেশৰ কিছু অংশলৈ বিস্তৃত আছিল । 

প্রশ্ন ৫৩। প্রাচীন কালত দক্ষিণ ভাৰতত কোন কোন ৰাজবংশই শাসন চলাইছিল ? 

উত্তৰঃ প্রাচীন কালত দক্ষিণ ভাৰতত সাতবাহন বংশৰ উপৰিও চোল , সৌৰাষ্ট্ৰ আৰু পাণ্ড্য বংশই শাসন চলাইছিল । 

প্রশ্ন ৫৪। চন্দ্রগুপ্ত মৌর্য শাসনকালত মৌর্য সাম্রাজ্যৰ বিশালতা কিমান আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য শাসনকালত মৌর্য সাম্রাজ্যৰ পৰিধি উত্তৰে আফগানিস্তান , পূবে অসম আৰু দক্ষিণে মহীশূৰ পর্যন্ত বিস্তৃত আছিল । 

প্রশ্ন ৫৫। চন্দ্রগুপ্ত মৌর্যৰ আগত মগধত কোনে শাসন কৰিছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্যৰ আগত মগধত নন্দবংশৰ ৰজাসকলে শাসন কৰিছিল । 

প্রশ্ন ৫৬। কলিংগ যুদ্ধই অশােকৰ মনত কেনে প্রতিক্রিয়া সৃষ্টি কৰিছিল ? 

উত্তৰঃ কলিংগ যুদ্ধত অনেক লােকৰ মৃত্যু হােৱাৰ ফলত অশােকৰ মনত গভীৰ প্রতিক্রিয়াৰ সূচনা হয় । ফলত তেওঁ আৰু জীৱনত যুদ্ধ নকৰাে বুলি প্রতিজ্ঞা কৰে । ফলত তেওঁ যুদ্ধৰ পৰিৱর্তে ধর্ম বিজয় নীতি গ্রহণ কৰে । মানসিক শান্তি লাভৰ কাৰণে তেওঁ বৌদ্ধ ধর্ম গ্রহণ কৰে । যুদ্ধনীতি পৰিহাৰ কৰি অশােকে শান্তিবাদী নীতি গ্রহণ কৰে । 

প্রশ্ন ৫৭। কৌটিল্য কোন আছিল ? 

উত্তৰঃ বৌদ্ধ কিম্বদন্তিৰ পৰা জনা যায় যে চাণক্য বা কোটিল্য তক্ষশীলাৰ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্রাহ্মণ আছিল । তেওঁৰ প্ৰচেষ্টাত চন্দ্রগুপ্ত মৌর্যই মগধৰ সিংহাসন দখল কৰিবলৈ সক্ষম হৈছিল । তেওঁ চন্দ্রগুপ্ত মৌর্যৰ ৰাজসভাৰ অমাত্য বা প্রধানমন্ত্রী আছিল । অর্থশাস্ত্র নামৰ পুথিখন তেঁৱে ৰচনা কৰিছিল ।

প্রশ্ন ৫৮ । অশােকৰ Rock edicts আৰু Pillar cdicts কি ? 

উত্তৰঃ ( ক ) শিল আৰু স্তম্ভত লিখা কার্যক edicts বুলি কোৱা হয় । 

( খ ) এই edicts বােৰৰ জৰিয়তে আমি অশােকৰ কৰ্ম আৰুশাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰাে । 

( গ ) এই edicts বােৰ পালিভাষাত লিখা হৈছিল । 

প্রশ্ন ৫৯। বীৰকল ( virakal ) বুলিলে কি বুজা ? 

উত্তৰঃ দক্ষিণ ভাৰতত উত্থান ঘটা ৰাজ্যবােৰৰ ভিতৰত চেৰা , চোল আৰু পাণ্ড্য ৰাজ্য আছিল অতি শক্তিশালী । এই ৰাজ্যসমূহৰ সৈন্যবাহিনীৰ লােকসকলক বীৰকল বুলি কোৱা হৈছিল । 

প্রশ্ন ৬০৷ উত্তৰাপথ বুলিলে কি বুজা ? 

উত্তৰঃ শক আৰু কুশাণবংশৰ ৰজাসকলে উত্তৰ – পশ্চিম আৰু পশ্চিমৰ সাগৰীয় অঞ্চললৈ যােগাযােগৰ কাৰণে দুটা পথ ব্যৱহাৰ কৰিছিল । ইয়াৰ মথুৰা আৰু তক্ষশীলা সংযােগী পথটোকে উত্তৰাপথ বুলি কোৱা হৈছিল ।

প্রশ্ন ৬১। সংগম ( Sangam ) সাহিত্যৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ ( ক ) সংগম সাহিত্যই প্রাচীন কালত তিনিৰপৰা চাৰিশ শতিকা জুৰি বিকাশ লাভ কৰিছিল । 

( খ ) প্রাচীন কালত সংগম সাহিত্যৰ লগত জড়িত কৰি সাহিত্যিকসকলে চোল ৰজাৰ ৰাজসভাত মিলিত হৈছিল আৰু সাহিত্যৰ উন্নতিৰ কাৰণে কাম কৰিছিল । 

( গ ) তাত তেওঁলােকে সাহিত্য আৰু কবিতাৰ বিকাশ সাধনৰ কাৰণে চেষ্টা কৰিছিল । 

প্রশ্ন ৬২। কুশাণসকল কোন আছিল ? 

উত্তৰঃ বুৰঞ্জীবিদ সকলৰ মতে কুশানসকল ইউ ছি ফৈদৰ এটা শাখা আছিল । খ্রীঃ পূঃ দ্বিতীয় শতিকাৰ মাজভাগত তেওঁলােকে চীন দেশৰ উত্তৰ – পশ্চিম সীমান্তত বাস কৰি আহিছিল । কিন্তু জিয়াংলু নামৰ এটা তুর্কী দেশৰ যাযাবৰ জাতিয়ে তেওঁলােকক তাৰ পৰা খেদি পঠিয়ায় । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত পিছলৈ ইউ ছি সকলে ক্রমশ হিন্দুকুশ পর্বত পাৰ হৈ ভাৰতত কুশাণ ৰাজবংশ প্রতিষ্ঠা কৰে । তেওঁলােকৰ প্ৰথম ৰজা আছিল কড়ফিছিছ । 

প্রশ্ন ৬৩। কুশান বংশৰ ৰজাসকলৰ ভিতৰত কোন ৰজাক কি কাৰণে শ্রেষ্ঠ ৰজা বুলি কোৱা হয় । 

উত্তৰঃ ( ক ) কুশাণ বংশৰ ৰজাসকলৰ ভিতৰত কণিষ্কক শ্রেষ্ঠ ৰজা বুলি কোৱা হয় । 

( খ ) কণিষ্ক বৌদ্ধ ধৰ্মৰ প্রধান পৃষ্ঠপােষক আছিল । 

( গ ) ইয়াৰােপৰি কণিষ্ক সংস্কৃত সাহিত্য আৰু বিজ্ঞানৰাে প্রধান পৃষ্ঠপােষক আছিল । 

( ঘ ) কণিষ্কৰ ইচ্ছামতে শকাব্দ বা চন আৰম্ভ হৈছিল । ভাৰতবৰ্ষ স্বাধীন হােৱাৰ পিছৰে পৰা কণিষ্কৰ দিনত আৰম্ভ হােৱা শকাব্দক জাতীয় শকাব্দ হিচাপে গ্ৰহণ কৰা হয় । 

প্রশ্ন ৬৪। গুপ্ত সাম্রাজ্যৰ প্রতিষ্ঠাতা কোন আছিল ? 

উত্তৰঃ গুপ্ত সাম্রাজ্যৰ প্রতিষ্ঠাতা আছিল শ্রীগুপ্ত । 

প্রশ্ন ৬৫। গুপ্ত যুগৰ ব্যৱসায় আৰু বাণিজ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) গুপ্ত ৰজাসকলে কৃষি আৰু উদ্যোগৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰাৰ প্ৰমাণ পােৱা যায় ।

( খ ) কৃষিৰ উন্নতিৰ কাৰণে নলীনাদ আদিৰ জৰিয়তে কৃষিভূমিত পানী যােগান ধৰিছিল । আনকি এই যুগৰ ৰজাসকলে কৃত্রিম হ্রদও নির্মাণ কৰিছিল । 

( গ ) কৃষিৰ উন্নতিৰ ফলত উদ্যোগসমূহে প্রয়ােজনীয় কেঁচা সামগ্রী লাভ কৰিছিল । 

( ঘ ) উদ্যোগসমূহৰ উন্নতিৰ ফলত দেশত নানা ধৰণৰ সামগ্রী উৎপাদন হৈছিল আৰু সেইবােৰ ওচৰ চুবুৰীয়া দেশসমূহলৈ ৰপ্তানি কৰি সেই দেশসমূহৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল । 

প্রশ্ন ৬৬। গুপ্তযুগৰ আয়ব্যয় সম্পর্কে চমু আলােচনা কৰা । 

উত্তৰঃ ( ক ) মাটিৰ পৰা ৰাজহ সংগ্রহ , আছিল গুপ্তযুগৰ ৰাজহৰ প্রধান উৎস । মাটিৰ গুণানুসাৰে এক চতুর্থাংশৰ পৰা এক যষ্ঠাংশলৈ মাটিৰ পৰা ৰাজহ সংগ্ৰহ কৰা হৈছিল । 

( খ ) ইয়াৰ বাহিৰেও বননি , নানা ধৰণৰ খনি আৰু আন আন দিশৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল । 

( গ ) এই ৰাজহসমূহ প্রধানকৈ ৰাজকীয় কাম – কাজ , কর্মচাৰীৰ দৰমহা , সৈন্যবাহিনীৰ দৰমহা , চিকিৎসা , কৃষিৰ উন্নতি আদিত খৰচ কৰা হৈছিল । 

( ঘ ) দেশৰ আয় ব্যয়ৰ হিচাপ নিয়মীয়াকৈ ৰখা হৈছিল । 

প্রশ্ন ৬৭। গুপ্তযুগত সমুদ্রগুপ্তক কিয় শ্রেষ্ঠ বুলি বিবেচনা কৰা হয় ? 

উত্তৰঃ ( ক ) সমুদ্রগুপ্তই সামৰিক অভিযানৰ জৰিয়তে এখন বিশাল গুপ্ত সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । 

( খ ) সামৰিক শক্তিৰ পিনৰ পৰা সমুদ্রগুপ্তক ভাৰতৰ নেপােলিয়ন বুলি কোৱা হয় । 

( গ ) সেই সময়ৰ বহুতাে ভাৰতীয় ৰজাই গুপ্ত সাম্রাজ্যৰ অধীনতা মানি ল’বলৈ বাধ্য হৈছিল । 

প্রশ্ন ৬৮। প্রাচীন কালৰ শাসকসকলে জলসিঞ্চনৰ ব্যৱস্থা কিয় কৰিছিল দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ জলসিঞ্চন ব্যৱস্থা দুটা :- 

( ক ) পুখুৰী আৰু জলাশয়ৰ পৰা কৰা জলসিঞ্চন । 

( খ ) নদীৰ পৰা নলা খান্দি আনি কৰা জলসিঞ্চন আদি । 

প্রশ্ন ৬৯। মৌর্যযুগৰ প্রতিবেদক’ৰ লগত আধুনিক যুগৰ সাংবাদিকৰ দুটা পার্থক্য দেখুওৱা ।

উত্তৰঃ ( ক ) প্রতিবেদসকলে যিকোনাে সময়ত য’তে ত’তে লগ ধৰি প্ৰজাসকলৰ খবৰ দিব পাৰে ; বর্তমান সাংবাদিকে নােৱাৰে । 

( খ ) কিন্তু বর্তমান সাংবাদিৰে ছপা মাধ্যম , টেলিভিছন মাধ্যমত প্ৰচাৰ , ৰাষ্ট্ৰ মুৰববীক দিব নোৱাৰে । 

প্রশ্ন ৭০। অন্তর্বিবাহ আৰু বহিঃবিবাহৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ বিবাহ দুই প্রকাৰে হ’ব পাৰে— অশুবিবাহ আৰু বহিঃর্বিবাহ । সাধাৰণতে নিজৰ জাতি , জ্ঞাতি বা গােষ্ঠীৰ মাজত হােৱা বিবাহক অন্তর্বিবাহ বােলে । আনহাতে যেতিয়া নিজৰ জাতি , জ্ঞাতি বা গােষ্ঠীৰ মাজত বিয়া বা বিবাহ নহৈ আন জাতি বা গােষ্ঠীৰ মাজত বিবাহ হয় । তাকে বহির্বিবাহ বােলে ।

প্রশ্ন ৭১। বহুপতি আৰু বহুপত্নী বিবাহৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ ( ক ) যেতিয়া এজন পুৰুযে এজনীতকৈ বেছি পত্নীক বিবাহ কৰায় তাকে বহুপত্নী বিবাহ বােলে । 

( খ ) যেতিয়া এজনী মহিলাই এজনতকৈ বেছি পুৰুষক পতি হিচাপে বিবাহ কৰায় তাকে , বহুপতি বিবাহ বােলে । 

প্রশ্ন ৭২। ভাৰতত কেতিয়া কুণসকলে সােণৰ মুদ্রা প্রচলন কৰিছিল ? অন্য বিদেশী মুদ্ৰাৰ ওজনৰ লগত ইয়াৰ ওজনৰ মিল আছেনে ? 

উত্তৰঃ কুষাণসকলেই ভাৰতত প্রথমে সােণৰ মুদ্ৰাৰ প্রচলন কৰিছিল । এই মুদ্ৰাৰ ওজনৰ মিল পােৱা যায় সমসাময়িক ৰােমান আৰু পার্থেনিয়ান সাম্রাজ্যৰ মুদ্ৰাৰ লগত । 

প্রশ্ন ৭৩। জেমছ প্রিন্সেস কোন আছিল ? 

উত্তৰঃ জেমছ প্রিন্সেসে ১৮৩০ চনত প্রাকৃত আৰু খাৰােষ্টি আখৰৰ পাঠোদ্ধাৰ কৰিছিল । 

প্রশ্ন ৭৪। মৌর্য সকলৰ ইতিহাস পুনৰ সংগঠনৰ বাবে ইতিহাসবিদ সকলে ব্যৱহাৰ কৰা যি কোনাে দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ইতিহাসবিদ সকলে ব্যৱহাৰ কৰা যিকোনাে দুটা সমল হ’ল–

( ক ) প্রত্নতাত্ত্বিক সমল । আৰু 

( খ ) বৈদেশীক সাহিত্য । 

প্রশ্ন ৭৫। ‘থেৰি ‘ বুলিলে কি বুজা ? ‘ থেৰি ’ হােৱা প্রথম মহিলা গৰাকী কোন আছিল ? 

উত্তৰঃ যি সকল সন্মানীয় মহিলাই সাধনাৰ জৰিয়তে মােক্ষ বা মূক্তি লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলােকক ‘ থেৰি ’ বােলা হৈছিল । ‘থেৰি ‘ হােৱা প্ৰথম গৰাকী মহিলা আছিল । মহা প্রজাপতি গৌতমী । 

প্রশ্ন ৭৬। হগিওগ্রাফী কি ? 

উত্তৰঃ ঋষি মুনি বা ধর্মীয় গুৰু সকলৰ আত্মজীৱনীক হগিওগ্রাফী বােলা হৈছিল । 

প্রশ্ন ৭৭। বহির্বিবাহ আৰু অন্তর্বিবাহ বুলিলে কি বুজা ?

উত্তৰঃ কন্যা সন্তানক নিজ গােত্ৰৰ বাহিৰত বিয়া দিয়া প্ৰথাক বহির্বিবাহ বােলে । আনহাতে , যিবােৰ পৰিয়ালৰ বিবাহ কার্য সাধাৰণতে নিজ জাতি , গােত্র গাঁও আদিৰ । ভিতৰত হয় , তেনে বিবাহক অন্তর্বিবাহ বােলে । 

প্রশ্ন ৭৮। অগ্রহাৰ কি আছিল ? 

উত্তৰঃ অগ্ৰহাৰ মানে হ’ল মাটিদান । প্রাচীন কালত ৰজা সকলে ব্রাহ্মণসকলক মাটি বা ভূমি দান কৰিছিল । 

প্রশ্ন ৭৯। মৌর্যসকলৰ পিছত ক্ষমতাধিষ্ঠিত হােৱা ৰাজ বংশ দুটাৰ নাম লিখা । 

উত্তৰঃ মৌর্যসকলৰ পিছত ক্ষমতাত অধিষ্ঠিত হােৱা ৰাজবংশ দুটা হ’ল শুংগ বংশ আৰু কম্ব বংশ ।

প্রশ্ন ৮০। সুদর্শন হ্রদটো বর্তমান কোনখন ভাৰতীয় ৰাজ্যত আছে লিখা । এইটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ সুদর্শন হ্রদটো বৰ্তমানৰ গুজৰাট ৰাজ্যত অৱস্থিত । গুপ্ত বংশৰ এজন ৰজাই এই হ্রদটো পুনৰ নিৰ্মাণ কৰাইছিল বুলি জনা যায় ।

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। প্রাচীন কালত চহৰ ৰা নগৰসমূহৰ চাৰিওফালে কিয় প্রাচীৰ বা দেৱাল নির্মাণ কৰা হৈছিল ? সেই প্রাচীৰবােৰ কেনেদৰে নিৰ্মাণ কৰােৱা হৈছিল ? 

উত্তৰঃ প্রাচীন কালত চহৰ বানগৰসমূহক সুৰক্ষা দিয়াৰ কাৰণে গড়খাৱৈা প্ৰাচীৰ নির্মাণ কৰিছিল ৷ কাৰণ সেই চহৰ বানগৰসমূহ ৰাজধানী হিচাপে গঢ় লৈ উঠিছিল । তদুপৰি এই চহৰ বা নগৰ সমূহ অর্থনীতি আৰু বাণিজ্য প্রধান কেন্দ্রস্থল হিচাপে গঢ়ি উঠিছিল । সেইবাবে এই নগৰসমূহৰ যাতে কোনাে ক্ষতিসাধন কৰিব নােৱাৰে তাৰ বাবে সুৰক্ষিত কৰি ৰাখিছিল । 

নগৰসমূহ সুৰক্ষিত কৰাৰ কাৰণে যি গড়খাৱৈ বা প্রাচীৰ নিৰ্মাণ কৰিছিল যিবােৰ সম্ভৱতঃ সমাজৰ দুর্বল শ্ৰেণীৰ লােকৰ সহায়ত কম খৰচতে নির্মাণ কৰাইছিল । তদুপৰি যুদ্ধবন্দী বা আন কোনাে অভিযুক্ত ব্যক্তিকো এনে নির্মাণ কার্যত ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰিব পাৰি । এনে নির্মাণ কার্যত ব্যৱহৃত সামগ্ৰীসমূহ সম্ভৱতঃ সমাজৰ ধনী শ্রেণীৰ লােকসকলে যােগান ধৰিছিল । 

প্রশ্ন ২। ষোল্ল মহাজন পদৰ সময়ত গঢ়ি উঠা কিছুমান নগৰ বা চহৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ষোল্ল মহাজন পদৰ সময়ৰে পৰা ভাৰতত বহুতাে উল্লেখযােগ্য মহানগৰী গঢ়ি উঠাৰ প্ৰমাণ পােৱা যায় । এই নগৰসমূহৰ ভিতৰত মগধৰ ৰাজধানী পাটলিপুত্র , উজ্জয়িনী , পুহাৰ , বৈশালী , সাৰনাথ , মথুৰা আদি । এই নগৰ বা চহৰসমূহ পিছলৈ পৱিত্র তীর্থ স্থান হিচাপেও পৰিগণিত হৈছিল । 

প্রশ্ন ৩। প্রাচীন চহৰত উদ্ধাৰ হােৱা বিভিন্ন ধৰণৰ শিল্পৰ ব্যৱহাৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ হােৱা চহৰ নগৰৰ ভগ্নাৱশেষবােৰৰ পৰা সেই সময়ত ব্যৱহাৰ হােৱা নানাধৰণৰ শিল্পৰ কথা জনা যায় । 

( ক ) প্রাচীন কালত কুমাৰসকলে মাটিৰ বা চীনা মাটিৰে অতি মূল্যবান বাচন বর্জন নির্মাণ কৰিছিল । 

( খ ) উন্নত ধৰণৰ চীনা মাটিৰ বাচনসমূহ সম্ভৱতঃ সমাজৰ চহৰৰ ধনীক শ্ৰেণীয়ে ব্যৱহাৰ কৰিছিল । 

( গ ) এইবােৰৰ উপৰিও নানা ধৰণৰ আ – অলঙ্কাৰ আৰু গহনা ব্যৱহাৰৰ কথা জনা যায় । এইবােৰ সাধাৰণতে সােণ , ৰূপ , ব্রঙ , গ্লাছ আদিৰ ধাতুৰ সহায়ত নিৰ্মাণ কৰা হৈছিল । 

প্রশ্ন ৪। লিপিসমূহৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ লিপিসমূহৰ কেইটামান বৈশিষ্ট্য হল–

( ক ) লিপিসমূহৰ তথ্যসমূহ সদায় স্থায়ীৰূপত ৰাখিব পৰা যায় । ই সহজতে নষ্ট হৈ নাযায় । উদাহৰণ হিচাপে অশােকৰ শিলালিপিসমূহৰ কথা ক’ব পাৰি । 

( খ ) লিপিসমূহ সাধাৰণতে শাসকসকলৰ শাসনকাল , তেওঁলােকৰ কৃতকার্যতা , তেওঁলােকৰ কার্য দক্ষতা আদি গুণসমূহ লিপিবদ্ধ কৰা হৈছিল । 

( গ ) কিছুমান লিপিত চন তাৰিখবােৰ লিপিবদ্ধ কৰা হৈছিল । 

( ঘ ) লিপিসমূহৰ আখৰসমূহৰাে বিশেষ বৈশিষ্ট্য দেখা যায় । খ্রীঃ পূঃ যুগৰ লিপিসমূহ পাঁচশ বছৰ আগৰ লিখা যেন অনুমান হয় ।

প্রশ্ন ৫। গিৰণাৰ ( গুজৰাটৰ সুদর্শন হ্রদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ বর্তমান গুজৰাটৰ গিৰণাৰ নামৰ ঠাইত অতি মনােমােহা কৃত্রিম সুদর্শন হ্রদ নিৰ্মাণৰ তথ্য পােৱা যায় । দ্বিতীয় শতিকাৰ এখন শিলালিপিৰ পৰা এই হ্রদ নির্মাণৰ কথা জনা যায় । এই শিলালিপিৰ তথ্য অনুসৰি মৌর্য যুগত বর্তমান গুজৰাটৰ এজন স্থানীয় প্রশাসকে এই কৃত্রিম হ্রদটো নির্মাণ কৰিছিল । এই হ্রদটো পানী সংৰক্ষণৰ কাৰণে নির্মাণ কৰা বুলি অনুমান কৰা হয় । হ্রদটোৰ চৌদিশে মথাউৰি নিৰ্মাণ কৰা হৈছিল আৰু প্রয়ােজন সাপেক্ষে হ্রদ পৰা পানী বােৱাই নিয়াৰ কাৰণে কিছুমান সংযােগী নলাৰ সৃষ্টি কৰিছিল । অৱশ্যে পিছলৈ প্রাকৃতিক দুর্যোগৰ ফলত হ্রদটোৰ যথেষ্ট ক্ষতিসাধন হৈছিল । পিছতে ৰুদ্ৰদমন নামৰ এজন শাসকে এই হ্রদটো পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় । 

প্রশ্ন ৬। পাটলিপুত্ৰ নগৰীৰ বিষয়ে চমুকৈ আলােচনা কৰা । বা , পাটলিপুত্ৰৰ এক ইতিহাসমূলক আভাস দিয়া । 

উত্তৰঃ পাটলিপুত্র পােনতে এখনি গাঁও আছিল । পিছলৈ ই মগধৰ ৰাজধানী নগৰীত পৰিণত হয় । মগধৰ প্রাচীনতম ৰাজধানী আছিল ৰাজগৃহ । খ্রীঃ পূঃ পঞ্চম শতিকাত মগধৰ শাসকসকলে ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ ৰাজধানীখন স্থানান্তৰিত কৰে । পাটলিপুত্ৰ নগৰীৰ বিষয়ে মেগাস্থানিচে এটি সুন্দৰ টোকা লিখি থৈ গৈছে । সেই টোকাৰ বর্ণনা অনুসৰি পাটলিপুত্ৰ চহৰখন সােণ আৰু গংগাৰ সংগম স্থলত নির্মাণ কৰা হৈছিল । ইয়াৰ চৌদিশে অতি বহল গড়খাৱৈ আছিল । নগৰখন চাৰিওপিনৰ পৰা প্রাচীৰেৰে আগুৰা আছিল । ইয়াত প্রায় ৬৪ খন দুৱাৰ আৰু ৫৭০ টা স্তম্ভ আছিল । নগৰ নিৰ্মাণত ঘাইকৈ কাঠ ব্যৱহাৰ কৰা হৈছিল । চহৰখন দীঘলে চাৰেন মাইল আৰু বহলে ডেৰ মাইল আছিল । ইয়াত বহুতাে উদ্যান আছিল । উদ্যানবিলাকত পােহনীয়া মৰা চৰাই আৰু ডৰিক চৰাই দেখিবলৈ পােৱা গৈছিল । ইয়াৰ খুটাবােৰ স্বর্ণমণ্ডিত আছিল আৰু গাত সােণৰ দ্রাক্ষালতা আৰু ৰূপৰ চৰাই অংকিত কৰা হৈছিল । চাৰিওপিনে গছেৰে ছায়াময় আছিল । ৰাজপ্রাসাদ কাঠেৰে নির্মিত আছিল । প্রায় ১১৫০ মাইল এটা দীঘল পথে উত্তৰ পশ্চিম সীমান্তৰ লগত চহৰখনৰ সংযােগ স্থাপন কৰিছিল । 

প্রশ্ন ৭। মৌর্যযুগ আৰু গুপ্তযুগৰ সময়ছােৱাত ভাৰতবৰ্ষৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে । এটি টোকা যুগুত কৰা । 

উত্তৰঃ মৌর্যযুগ আৰু গুপ্তযুগৰ মাজৰ সময়ছােৱাত ভাৰতবৰ্ষত আভ্যন্তৰীণ বাণিজ্য লগতে বিদেশী ব্যৱসায় বাণিজ্যৰৰ প্ৰচলন ঘটিছিল । কৃষিজাত সামগ্রীসমূহ দেশৰ ভিতৰত

এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ৰপ্তানি কৰা হৈছিল । উদাহৰণস্বৰূপে বংগদেশৰ চেনী গুজৰাট আৰু দক্ষিণ ভাৰতলৈ ৰপ্তানি কৰা হৈছিল । গুপ্তযুগত বস্ত্ৰ শিল্পৰ উন্নতি সাধন হৈছিল । সূতা , মচলিম আৰু ৰেচম কাপােৰ প্ৰচুৰ পৰিমাণ তৈয়াৰ কৰা হৈছিল । ৰেচম কাপােৰ বাৰানসী বিখ্যাত আছিল । 

অন্যান্য শিল্পৰ ভিতৰত ধাতুশিল্প , হাতীৰদাঁতৰ অলঙ্কাৰ , লােহাৰ অলঙ্কাৰ , সােণৰূপৰ অলঙ্কাৰ নির্মাণ আদি বিখ্যাত আছিল । চামৰাৰ জোতা , বিচনী , বটল , ঢাকনি আদি তৈয়াৰ কৰা হৈছিল । গুপ্তযুগত বহি র্বাণিজ্যৰ উন্নতি সাধন হৈছিল । পশ্চিম ভাৰতত থকা বৰবােৰেদি বিশেষকৈ ৰােমৰ সৈতে অতি লাভজনক ব্যৱসায় চলিছিল । পিছলৈ পশ্চিম ভাৰতৰ বন্দৰবােৰৰ সৈতে গংগা উপত্যকা আৰু দক্ষিণ ভাৰতৰ বন্দৰবােৰৰ সংযােগ স্থাপন হৈছিল । আন্তঃবাণিজ্যৰ প্রধান কেন্দ্ৰ আছিল উজ্জয়িনী । নাচিক , বাৰানসী , পিঠান , তক্ষশীলা আদি নগৰবোৰ আন্তঃবাণিজ্য প্রধান কেন্দ্ৰ আছিল । 

গুপ্তযুগত ভাৰতত বৰামৰ উপৰিও বাইজেন্টাইন সাম্রাজ্যৰ সৈতেও ব্যৱসায় বাণিজ্য আদান প্রদান ঘটিছিল । ভাৰতৰ পৰা বােমলৈ ৰেচম ৰপ্তানি হােৱাৰ উপৰিও জীৱ – জন্তু , মুক্তা , চন্দন কাঠ , লােহাৰ সামগ্রী , নীল , পাথৰ আদিও ৰপ্তানি হৈছিল । এইবিলাকৰ উপৰি পশ্চিমৰ আন আন দেশলৈও মচলা , সুগন্ধি দ্রব্য , জলকীয়া আদি ৰপ্তানি কৰা হৈছিল । পিছলৈ ৰােম আৰু চীনৰ সৈতে ব্যৱসায়ৰ যােগাযােগ হ্রাস পােৱাত দক্ষিণ পূর্ব এছিয়াৰ সৈতে ব্যৱসায় । বাণিজ্য আদান প্রদান ঘটিছিল । 

প্রশ্ন ৮। কি কি উৎসৰ পৰা আমি অশােকৰ বিষয়ে জানিব পাৰো ? 

উত্তৰঃ বিশ্ব ইতিহাসৰ শ্রেষ্ঠ সম্রাট অশােক বিন্দুসাৰৰ পুত্ৰ আছিল । সম্রাট অশােকৰ শাসনকালৰ বহুতাে লিপি ভাৰত আৰু বৰ্তমানৰ আফগানিস্তানত সিঁচৰতি হৈ আছে । এই লিপিসমূহৰ পৰা অশােকৰ পৰিয়াল , তেওঁৰ শাসন , দিগ্বিজয় , তেওঁৰ ধৰ্ম আৰু ধর্ম প্রচাৰৰ উপৰিও ব্যক্তিগত জীৱনৰ বিষয়েও জানিব পৰা যায় । এইখিনিৰ পৰা অশােকে জাৰি কৰা ৪৪ খন ৰাজকীয় শাসনৰ সম্ভেদ পােৱা যায় । বৌদ্ধ সাহিত্যিক মহাভছৰ মতে সিংহাসন প্রাপ্তিৰ পূর্বে অশােকে উজ্জয়ীনিত জপত্র নিধিৰূপে কার্যনির্বাহ কৰিছিল । অশােক সূত্র আৰু কুনাল সূত্ৰৰ মতে তেওঁ গান্ধাৰৰাে গৱৰ্ণৰ আছিল । 

প্রশ্ন ৯। কোটিল্যৰ অর্থশাস্ত্ৰৰ ঐতিহাসিক গুৰুত্ব চমুকৈ আলােচনা কৰা ।

উত্তৰঃ চাণক্য বা কোটিল্যই ৰচনা কৰা অর্থশাস্ত্র নামৰ পুথিখন বিশেষকৈ ৰাজনৈতিক নির্দেশাত্মক নীতি আৰু প্ৰশাসনীয় দিশৰ ওপৰতে লিখিছিল । ইয়াৰােপৰি সেই সময়ৰ ভাৰতবৰ্ষৰ আর্থ সামাজিক দিশৰ ওপৰতাে এই পুথিখনৰ পৰা বহুতাে তথ্য পােৱা যায় । প্রশাসনীয় সমস্যাৰ সমাধানৰ বিষয়েও কোটিল্যই এই পুথিত লিপিবদ্ধ কৰিছিল । অর্থশাস্ত্র মতে মৌর্য শাসন ব্যৱস্থাত ৰজাই আছিল ৰাজ্যৰ সর্বময় কর্তা । দেশৰ শাসন ব্যৱস্থাৰ কাৰণে মন্ত্রী পৰিষদ গঠন কৰিছিল । মুঠতে কোটিল্যৰ অর্থশাস্ত্র পুৰণি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অর্থনীতি বিষয়ৰ এখন অমূল্য গ্রন্থ ।

প্রশ্ন ১০। চেলুকচৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ চেলুকচ আলেকজেণ্ডাৰৰ সেনাপতি আছিল । আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁ পশ্চিম আৰু মধ্য এছিয়া দখল কৰি নিজকে স্বাধীন সম্রাট বুলি ঘােষণা কৰিছিল । খ্রীঃ পূঃ ৩০৫ চনত চেলুকচে ভাৰত আক্রমণ কৰে । কিন্তু চন্দ্রগুপ্তই চেলুকচৰ প্রধান প্রতিদ্বন্দ্বী হিচাপে থিয় দিয়ে । শেষত চন্দ্রগুপ্তৰ হাতত চেলুকচৰ পৰাজয় ঘটে । তেতিয়া তেওঁ চন্দ্রগুপ্তৰ সৈতে সন্ধি কৰিবলৈ বাধ্য হয় । সন্ধিৰ চৰ্ত অনুসৰি চেলুকচে চন্দ্রগুপ্তক জিৰাট কান্দাহাৰ , মহাণ আৰু কাবুল নামৰ চাৰিখন ঠাই এৰি দিবলৈ বাধ্য হয় । তাৰােপৰি চেলুকচে নিজৰ কন্যাক চন্দ্রগুপ্তলৈ বিয়া দি মিত্রতা বাহাল ৰাখে । চেলুকচেই মগধৰ ৰাজধানী পাটলি পুত্ৰলৈ মেগাস্থানিচ নামে গ্রীক ৰাজদূত এজনাে প্ৰেৰণ কৰিছিল। 

প্রশ্ন ১১। মেগাস্থানিচৰ ইণ্ডিকা আৰু এলাহাবাদৰ শিলালিপিৰ ঐতিহাসিক গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ( ক ) ইণ্ডিকা :- চন্দ্রগুপ্ত মৌর্য শাসনকালত গ্রীক কটকী মেগাস্থানিচ ভাৰতলৈ আহিছিল । তেৱেঁই ইণ্ডিকা নামৰ পুথিখন লিখিছিল । এই পুথিখনৰ জৰিয়তে তেওঁ সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰিছিল । তদুপৰি তেওঁ এই পুথিখনত চন্দ্রগুপ্ত মৌর্য শাসন ব্যৱস্থা , সেই সময়ৰ ভাৰতৰ আর্য সামাজিক অৱস্থাৰ বিষয়ে বহু ধৰণৰ তথ্য লিপিবদ্ধ কৰিছিল । মুঠতে মেগাস্থানিচৰ ইণ্ডিকা নামৰ পুথিখনৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষৰ সমসাময়িক ঘটনাবােৰৰ বহুতাে তথ্য পােৱা যায় । 

( খ ) এলাহাবাদৰ শিলালিপি :- এলাহাবাদ শিলালিপিৰ জৰিয়তে আমি গুপ্তযুগৰ বিষয়ে অনেক তথ্যৰ সন্ধান পাবলৈ সক্ষম হৈছে । এলাহাবাদ প্রশস্তি নামৰ শিলালিপিখন ৰচনা কৰিছিল হৰিমেন নামৰ এজন বিখ্যাত সংস্কৃত পণ্ডিতে । এই শিলালিপিৰ জৰিয়তে প্রধানকৈ সমুদ্রগুপ্তৰ শাসনকালৰ বিষয়ে বিভিন্ন ধৰণৰ প্রশস্তি ৰচনা কৰিছিল । এই প্রশস্তিৰ পৰা জনা যায় যে সমুদ্রগুপ্ত কেৱল এজন দিগ্বিজয়ী বীৰেই নাছিল , তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন , সুদক্ষ ৰাষ্ট্র শাসক , সংগীতজ্ঞ , কবি আৰু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল । মুঠতে এইখন শিলালিপিৰ পৰা গুপ্তযুগৰ বিস্তৃত তথ্যৰ সন্ধান পােৱা যায় ।

প্রশ্ন ১২। মেগাস্থানিচে পাটলিপুত্ৰৰ পৌৰশাসন ব্যৱস্থা সম্পর্কে কেনেদৰে বৰ্ণনা কৰিছে ? 

উত্তৰঃ মেগাস্থানিচৰবর্ণনা অনুসৰি পাটলিপুত্র নগৰীৰ শাসন ব্যৱস্থা সুপৰিচালিত আছিল । পাটলিপুত্ৰ নগৰীৰ শাসনকার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আধুনিক মিউনিচি পালিটিৰ দৰে এখন পৌৰসভা আছিল । ত্রিছজন সভ্য লৈ এই সভা গঠিত হৈছিল । পাঁচজন সভ্যৰে গঠিত এখন উপসমিতিৰ জৰিয়তে পৃথক পৃথকভাৱে নগৰখনৰ ভিন্ ভিন্ দিশ পৰিচালিত কৰা হৈছিল । মেগাস্থানিচৰ বিৱৰণৰ পৰা জনা যায় যে যৌর্য সম্রাট চন্দ্রগুপ্তৰ আমােলত জনসাধাৰণে এক সমৃদ্ধ আৰু শান্তিপূর্ণ জীৱন যাপন কৰিছিল । দেশত চোৰ ডকাইতৰ উপদ্ৰৱ নাছিল । মেল মােকর্দমা প্রায় নহৈছিল । যাগ – যজ্ঞাদিৰ অনুষ্ঠানৰ বাহিৰে অন্য সময়ত সুৰাপান কৰা কাৰ্য গহিত বুলি বিবেচনা কৰা হৈছিল । সেই সময়ত দেশত দাসত্ব প্রথা নাছিল । দেশত কেতিয়াও খাদ্য শস্যৰ অভাৱ হােৱা নাছিল । উল্লেখযােগ্য যে মেগাস্থানিচে বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰি ইণ্ডিকা’নামৰ পুথি এখনাে ৰচনা কৰিছিল ।

প্রশ্ন ১৩। মহাজন পদৰ সময়ত অকল মগধ ৰাজ্যই এখন বিশাল সাম্রাজ্যত পৰিণত হােৱাৰ কাৰণবােৰ চমুকৈ উল্লেখ কৰা । অথবা , ষােল জনপদৰ ভিতৰত মগধ সকলােতকৈ শক্তিশালী হােৱাৰ কাৰণ চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ খ্রীঃ পূঃ চতুর্থ আৰু ষষ্ঠ শতিকাৰ ভিতৰত মগধ ৰাজ্যই ( বর্তমান বিহাৰ ) এখন বিশাল সাম্রাজ্যত পৰিণত হৈছিল । ইয়াৰ কাৰণ হিচাপে কেইটামান কথা লক্ষ্য কৰা যায় । যেনে— 

( ক ) কৃষিৰ ক্ষেত্ৰত মগধ ৰাজ্য অতি আগবঢ়া আছিল । 

( খ ) মগধৰ কাষেৰে বৈ যােৱা গংগা নদীয়ে ৰাজ্যখনৰ যােগাযােগৰ দিশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । 

( গ ) মগধত বা বর্তমান ঝাৰখণ্ড ৰাজ্যত প্ৰচুৰ পৰিমাণৰ খনিজাত দ্রব্য পােৱা হৈছিল । এই খনিজাত দ্রব্যৰ সহায়ত নানা ধৰণৰ অস্ত্র – শস্ত্র তৈয়াৰ কৰিব পৰা হৈছিল । তদুপৰি খনিজাত দ্রব্যসমূহে ৰাজ্যখনৰ আর্থিক দিশৰ উন্নতি সাধনত অৰিহণা যােগাইছিল । 

( ঘ ) সৈন্যবাহিনী প্রধান আহিলা হিচাপে ইয়াৰ অটব্য হাবিবােৰত অনেক হাতী পােৱা গৈছিল । ফলত ৰাজ্যখনৰ সামৰিক বাহিনী অতি শক্তিশালী হৈ পৰিছিল । 

( ঙ ) শেষত এই কথা লক্ষ্যণীয় যে এখন বিশাল সাম্রাজ্য গঢ়ি তােলাৰ কাৰণে মগধত বহুতাে শক্তিশালী শাসকৰ জন্ম হৈছিল । সেইসকলৰ ভিতৰত বিম্বিসাৰ , অজাতশত্রু আৰু মহাপদ্মনন্দৰ কথা বিশেষভাৱে উল্লেখযােগ্য । এই শাসনসকলে মগধ ৰাজ্যক এক শক্তিশালী  সাম্রাজ্যলৈ পৰিণত কৰাৰ দিশত উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিছিল ৷ 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৪। ষােড়শ মহাজন পদসমূহ জনাৰ ক্ষেত্ৰত সহায় কৰা উৎসসমূহৰ চমু বিৱৰণ দিয়া । 

উত্তৰঃ খ্রীঃ পূঃ বা বুদ্ধৰ জন্মৰ ঠিক কিছু বছৰ আগৰ ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ হ’লে সাধাৰণতে তিনিটা উৎস বা সমলৰ কথা জানিব পাৰি । সেই সমল কেইটা হ’ল— 

( ক ) পণিনীৰ ব্যাকৰণ আৰু পুৰাণ আদি ব্রাহ্মণ্য সাহিত্যৰ কিছুমান ৰজাৰ নামৰ উল্লেখ পােৱা যায় । এই ৰাজ্য বা জনপদসমূহকেই কোৱা হৈছিল সম্ভৱতঃ যােড়শ মহাজন পদ ।

( খ ) সমসাময়িক বৌদ্ধ সাহিত্য বিশেষকৈ জাতক , অঞ্জুওৰা , নিকায় আৰু মহাযজ্ঞত উল্লেখ থকা যােড়শ মহাজন পদৰ উৎপত্তি আৰু বিকাশ সম্পর্কীয় তথ্য সমল ।

( গ ) জৈন সাহিত্য ভাগৱতী সূত্ৰত উল্লেখ থকা যােখন মহাজন পদৰ বিৱৰণ । খ্রীঃ পূঃ সপ্তম শতিকাৰ প্রায় শেষৰ ফালৰ পৰা উৎপত্তি আৰু বিকাশ লাভ কৰি খ্রীঃপূঃ ষষ্ঠ শতিকালৈ বৰ্তি থকা এই ৰাজ্যসমূহৰ কিছুমান আছিল ৰাজতান্ত্রিক আৰু কিছুমান প্রজাতান্ত্রিক । গতিকে এই তথ্যসমূহৰ পৰা খ্রীঃপূঃ ষষ্ঠ শতাব্দীত গঢ়ি উঠা মহাজন পদ বা যােড়শ জনপদৰ বিষয়ে জানিব পাৰি । 

প্রশ্ন ১৫। খ্রীঃ পূঃ যষ্ঠ শতিকাৰ ভিতৰত মহাজন পদবােৰ গঢ়ি উঠাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ গৌতম বুদ্ধৰ সমসাময়িকভাৱে উত্তৰ ভাৰতত অর্থাৎ পূবে বিবাহৰ পৰা পশ্চিমে বর্তমান আফগানিস্তানৰ উত্তৰাংশলৈ বিস্তৃত বিশাল ভূখণ্ডত যােখন ডাঙৰ জনপদ বা ৰাজ্যৰ সৃষ্টি হৈছিল । এই জনপদসমূহ গঢ়ি উঠাৰ কিছুমান কাৰণ আছে । তেনে কাৰণসমূহ হ’ল–

( ক ) ঋক বৈদিক যুগৰ প্রায় শেষৰপিনে লাহে লাহে ভাৰতত লােৰ উৎপাদন আৰম্ভ হৈছিল । লােৰ উৎপাদন আৰু ব্যৱহাৰে সমাজত বৈপ্লৱিক পৰিৱৰ্তন অনাত সকলাে দিশতে এক কার্যকৰী  ভূমিকা লৈছিল । লােৰ ব্যৱহাৰৰ ফলত আর্য সমাজৰ উত্তৰণ আৰু ক্রমাগত পৰিৱ সম্ভব হৈছিল । ফলত গংগা আৰু যমুনা অৱবাহিকা অঞ্চললৈ আর্য জনজাতিসমূহৰ বসতি সম্প্রসাৰিত হৈ পৰিছিল । এনেদৰে বসতি কৰা ঠাইসমূহ পিছলৈ একো একোখন ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল । 

( খ ) লােৰ পৰা তৈয়াৰ কৰা নতুন অস্ত্র – শস্ত্রই শাসকীয় শ্রেণীটোক ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ উৎসাহিত আৰু অনুপ্রাণিত কৰি তুলিছিল । 

( গ ) লােৰ হাতিয়াৰৰ ব্যৱহাৰৰ ফলত কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছিল । ফলত মানুহক স্থায়ীবসতি আৰু বাসস্থানৰ প্ৰতি আকর্ষিত কৰি তুলিছিল । ফলত মানুহৰ ক্ষেত্র বা অঞ্চলভিত্তিক সমতা , আকর্যণ আৰু চেতনাই অৱধাৰিতভাৱে তেওঁলােকৰ মনত শাসকবর্গৰ প্রতি আনুগত্য আৰু সেৱাৰ ভাব গঢ়ি তুলিছিল । গতিকে পৰাক্ৰমী বাহুবলী আৰু উচ্চাকাংক্ষী শাসনকর্তা বা ৰজাৰ নেতৃত্বত পূর্বৰ সৰু সৰু জন বা ৰজাৰ পৰিৱর্তে বিশাল বা ডাঙৰ ৰাজ্য গঢ়ি তােলাৰ প্রৱণতা বৃদ্ধি পাইছিল । এনেদৰে কালক্ৰমত ডাঙৰ জন বা ৰাজ্য বা সাম্রাজ্য গঢ়ি উঠিছিল । 

প্রশ্ন ১৬। বিভিন্ন দিশসমূহ পৰিচালনা কৰাৰ কাৰণে মৌর্য যুগত কিয় বিভিন্ন প্রশাসকসকলক নিযুক্ত কৰিছিল ? 

উত্তৰঃ প্ৰশাসনৰ বিভিন্ন দিশসমূহ চোৱা চিতা কৰাৰ কাৰণে মৌর্য শাসন ব্যৱস্থাত বহুতাে বিষয় নিযুক্ত কৰিছিল । উদাহৰণস্বৰূপে –

( ক ) মৌর্য শাসন ব্যৱস্থাত এক শ্রেণীৰ ৰাজ্যিক বিষয় নিয়ােগ কৰিছিল । সেই বিষয়াসকলে প্রয়ােজন অনুসৰি পানী যাতে সকলাে ৰাজ্যই সমানভাৱে পায় ইয়াৰ বাবে তেওঁলােকে নলী নাদৰ সৃষ্টি কৰিছিল ৷ 

( খ ) কিছুমান বিষয়াকে মাটিৰ জৰীপ কৰাৰ কাৰণে নিয়ােগ কৰিছিল । তেওঁলােকে দেশৰ মাটিবােৰ জৰীপ কৰিছিল । মাটিৰ গুণানুসৰি খাজনাও নির্ধাৰণ কৰি দিছিল । ফলত নিয়মমতে , ৰাজহ সংগ্ৰহ কৰাত সুবিধা হৈছিল । 

( গ ) কিছুমান লােকক বন বিভাগৰ বিষয়া হিচাপে নিয়ােগ কৰিছিল । তেওঁলােকে চিকাৰীবােৰৰ গতিবিধি নিৰীক্ষণ কৰিছিল । আনকি প্রয়ােজন অনুসৰি চিকাৰীসকলক তেওঁলােকে শাস্তিও প্রদান কৰিছিল । 

প্রশ্ন ১৭। অশােকৰ শিকণি বা নীতিবােৰ কি আছিল ? 

উত্তৰঃ অশােকৰ শিকণি বা নীতিবােৰ হ’ল— 

( ক ) অন্য ধর্মক নিন্দা বা ঘৃণা কৰাৰ পৰা বিৰত থকা ।

( খ ) একেলগে বসবাস কৰি পৰস্পৰে পৰস্পৰৰ শাস্ত্ৰ শ্ৰৱণ কৰা । 

( গ ) সকলাে সম্প্রদায়ৰ প্রতি শ্রদ্ধাৱান হােৱা । 

( ঘ ) জীৱহিংসা আৰু প্রাণীবধৰ পৰা আঁতৰত থকা । 

( ঙ ) গৃহপতি , ব্রাহ্মণ , গৃহিণীসকলৰ ধর্ম পালনত উৎসাহ যােগাবলৈ মহামন্ত্রীসকলক অশােকে আহ্বান জনাইছিল ।

( চ ) মৃত্যুৰ পিছত স্বর্গলাভৰ কথা জনসাধাৰণক বুজি পােৱাকৈ কোৱা হৈছিল । 

প্রশ্ন ১৮। কি কি উৎসৰ পৰা মৌর্যবংশৰ ভাৰতবৰ্ষ সম্বন্ধে আমি জানিব পাৰো ? 

উত্তৰঃ মৌর্যযুগৰ সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ এনেধৰণৰ উৎসসমূহৰ কথা উল্লেখ কৰিব পাৰি । যেনে— 

( ক ) মেগাস্থানিচৰ ইণ্ডিকা :- চন্দ্রগুপ্ত মৌর্য শাসনকালত গ্রীক কটকী মেগাস্থানিচ ভাৰতলৈ আহিছিল । তেওঁ সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰি ইণ্ডিকা ’ নামৰ পুথি এখন ৰচনা কৰিছিল । এই পুথিৰ জৰিয়তে আমি মৌর্য যুগৰ ভাৰতবৰ্ষৰ আৰ্থ সামাজিক , ৰাজনৈতিক আৰু ধর্মীয় দিশৰ বিষয়ে জানিব পাৰাে । 

( খ ) কৌটিল্যৰ অর্থশাস্ত্র :- কৌটিল্যৰ অর্থশাস্ত্ৰৰ পৰাও সেইসময়ৰ ভাৰতবৰ্ষৰ সমসাময়িক ঘটনাসমূহৰ বিৱৰণ পােৱা যায় ।

( গ ) বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস :- বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস নামৰ পুথিখনৰ পৰা কোটিল্য বা ‘ চাণক্য আৰু চন্দ্রগুপ্তৰ হাতত নন্দবংশৰ পতনৰ ঘটনাৰ সবিশেষ জানিব পৰা গৈছে । 

( ঘ ) জৈন আৰু বৌদ্ধ সাহিত্য :- জৈন আৰু বৌদ্ধ সাহিত্যৰ জৰিয়তে সেইসময়ৰ সমসাময়িক ভাৰত্বৰ্ষৰ সমাজ ব্যৱস্থা আৰু ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান আহৰণ – কৰিব পৰা যায় । 

( ঙ ) অশােকৰ শিলালিপি :- সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বর্তমান আফগানিস্তানতাে সিচৰতি হৈ থকা অশােকৰ শিলালিপিসমূহে আমাক মৌর্যযুগৰ বিভিন্ন ঘটনাৰ সমল যােগােৱাত যথেষ্ট সহায় কৰিছে । 

প্রশ্ন ১৯। মৌর্যযুগৰ শাসনকালত ব্রাহ্মণসকলৰ ভূমিকা কেনে ধৰণৰ আছিল ? 

উত্তৰঃ মৌর্যযুগৰ শাসন কালত ব্রাহ্মণসকলৰ ভূমিকা লক্ষণীয় আছিল । কিয়নাে অশােকে ‘ প্রাণী হত্যা নিষেধ ’ আইন প্রণয়ন কৰাৰ ফলত ব্রাহ্মণসকল অসন্তুষ্ট হৈ পৰিছিল । কাৰণ অশােকৰ এনে কার্যত ব্রাহ্মণসকলৰ প্রভুত্বত আঘাত হানিছিল বুলি তেওঁলােকে বিশ্বাস কৰিছিল । তাৰােপৰি ব্ৰাহ্মণসকলৰ সামাজিক মর্যদাৰাে হানি হােৱা বুলি অনুভৱ কৰিছিল । সেইকাৰণে অশােকৰ দিনত নােৱাৰিলেও বৃহদ্রথৰ দিনত কিছুমান ব্রাহ্মণলােকে বৃহদ্রথ ৰজাক হত্যা কৰি মগধৰ সিংহাসন দখল কৰিছিল । এনেদৰে মৌর্য সাম্রাজ্যৰ পতনৰ আৰম্ভণি হৈছিল । 

দ্বিতীয়তে অশােকৰ মহাযাত্রা নিয়ােগ কৰাটো ব্রাহ্মণসকলৰ অধিকাৰ আৰু সা – সুবিধাৰ ওপৰত প্রত্যক্ষ আক্রমণ আছিল বুলি কিছুমান পণ্ডিতে মত পােষণ কৰা দেখা যায় । অৱশ্যে এই অভিযোগ সমূহ সম্পূর্ণ সত্য নহয় বুলিও আন আন পণ্ডিতে মত পােষণ কৰিছে । তথাপিও অশােকৰ অহিংস বা প্রাণী বিধ নিষেধ প্রথাই যে ব্রাহ্মণসকলক অসন্তুষ্ট কৰিছিল সেই বিষয়ে সন্দেহ নাই । 

প্রশ্ন ২০। মৌর্য শাসকসকলে অর্থনৈতিক দিশ টনকিয়াল কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা লৈছিল ? 

উত্তৰঃ কৌটিল্যৰ অর্থশাস্ত্ৰত উল্লেখ আছে যে মৌর্য শাসন ব্যৱস্থাত সাতাশীজন অধীক্ষক নিয়ােগ কৰিছিল আৰু সেইসকলে বিশেষকৈ দেশৰ অর্থনৈতিক বিভাগটোৰ প্ৰতিনজৰ দিছিল । কৃষি , বাণিজ্য , জোখ – মাপ , শিল্প উদ্যোগ , বােৱা কটা , খনি আদি সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত চকু ৰাখিছিল সেই বিষয়াসকলেই । কৃষিৰ উন্নতিৰ কাৰণে প্রয়ােজন অনুসৰি খেতি পথাৰত পানী যােগান ধৰাৰ ব্যৱস্থা হাতত লৈছিল । মেগাস্থানিচৰ টোকা অনুসৰি মাটিৰ জোখ মাফ ইজিপ্টৰ লেখীয়াকৈ কৰিছিল আৰু চৰকাৰীভাৱে ইয়াৰ হিচাপ ৰখা হৈছিল । 

প্রশ্ন ২১। মৌর্য সাম্রাজ্যৰ পতনৰ ক্ষেত্ৰত অর্থনৈতিক সংকট কেনেকৈ অৰিহণা যােগইছিল ? 

উত্তৰঃ ( ক ) মৌর্যযুগৰ বিশাল সামৰিক বাহিনীটো পৰিচালনা কৰাৰ ক্ষেত্ৰত অনেক অর্থ প্রয়ােজন হৈছিল । ফলত দেশত অর্থনৈতিক সংকটে দেখা দিছিল । 

( খ ) বৌদ্ধধর্ম প্রচাৰ কৰাৰ কাৰণে অশােকে বিশাল পৰিমাণৰ ৰাজকোষৰ ধন খৰচ কৰিছিল । ফলত দেশত অর্থৰ নাটনি হৈছিল । 

( গ ) বৌদ্ধ ডিফু আৰু আজিৰীক আদি ধৰ্মৰ লােকৰ বাবে অশােকে বিহাৰ , স্কুপ আদি সাজোতেই ৰাজকোষৰ পৰা অজস্ৰ টকা খৰচ কৰিছিল । অকল বৌদ্ধ ভিক্ষুসকলৰ বাবেই তেওঁ ৮৪,০০০ টা বিহাৰ নিৰ্মাণ কৰিছিল বুলিও জনা যায় । ফলত ৰাজভঁড়ালৰ তলি উদং হৈ পৰে । 

( ঘ ) এইবােৰৰ উপৰিও অশােকে অত্যধিক পৰিমাণে দান – দক্ষিণা দিয়াৰ ফলতাে ৰাজকোষ উদং হৈ পৰিছিল । 

( ঙ ) অর্থনৈতিক সংকটৰ কাৰণে অশােকৰ পিছৰ শাসকসকলে আনকি বহুতাে সােণৰ মূর্তি গলাই বিক্ৰী কৰি দেশ চলাবলৈও বাধ্য হৈছিল বুলি তথ্যৰ পৰা জনা যায় । 

প্রশ্ন ২২। মৌর্য যুগৰ শাসন প্রণালীৰ বিষয়ে আলােচনা কৰা । নাইবা , মৌর্য যুগৰ শাসন ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ মেগাস্থানিচৰ টোকা আৰু কৌটিল্যৰ অর্থশাস্ত্ৰৰ পৰা মৌর্য যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰি । সেই বিষয়ে তলত কিছু কথা উল্লেখ কৰা হ’ল – 

( ক ) কেন্দ্রীয় শাসন ব্যৱস্থা :- মৌর্য শাসন ব্যৱস্থাত ৰজা আছিল শাসনৰ প্রধান মুৰব্বী । ৰজাক দিহা পৰামর্শ প্রদান কৰাৰ কাৰণে এখন মন্ত্রী পৰিষদ গঠন কৰিছিল যদিও ৰজাই মন্ত্রী পৰিষদৰ দিহা পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নাছিল । 

( খ ) প্রাদেশিক শাসন ব্যৱস্থা :- মৌর্য সাম্রাজ্যখন কিছুমান প্রদেশত ভাগ কৰিছিল । এই প্রদেশসমূহ চোৱা চিতা কৰাৰ কাৰণে কিছুমান ৰাজবংশৰ লােকক নিয়ােগ কৰিছিল । প্রদেশবােৰ আকৌ কিছুমান সৰু সৰু গােটত ভাগ কৰা হৈছিল । এই সৰু সৰু গােটবােৰ ভালদৰে চোৱা চিতা কৰাৰ কাৰণে প্রশাসনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । 

( গ ) স্থানীয় শাসন ব্যৱস্থা :- মৌর্যযুগত প্রধানকৈ তিনিখন নগৰীৰ কথা জনা যায় । এই নগৰী কেইখন হ’ল পাটলিপুত্র , কৌশম্বী আৰু তক্ষশীলা । পাটলিপুত্ৰ নগৰীখন চোৱা চিতা কৰাৰ কাৰণে ছয়খন সমিতি আছিল । আনহাতে প্রতিখন সমিতিৰ সদস্যসংখ্যা আছিল পাঁচজন । এইসকল লােকে জন্ম মৃত্যুৰ চন তাৰিখ ৰখা , জোখ মাফ পদ্ধতি চোৱাচিতা কৰা , নগৰখন চাফ চিকুণকৈ ৰখা আৰু বিদেশী লােকসকলক চোৱা চিতা কৰাৰ দায়িত্ব পালন কৰিব লাগিছিল । পঞ্চায়তী শাসন ব্যৱস্থাৰ জৰিয়তে গাঁওবােৰ পৰিচালিত হৈছিল । 

( ঘ ) বিচাৰ আৰু সৈন্য বাহিনী :- মৌর্যযুগত দেৱানী আৰু ফৌজদাৰী নামৰ দুই প্রকাৰৰ আদালত আছিল । ফৌজদাৰী আইন বৰ কঠোৰ আছিল । প্রাণদণ্ড , অঙ্গচ্ছেদ , কাৰাদণ্ড আদি শাস্তিৰ ব্যৱস্থা আছিল । সামৰিক বিভাগটো ত্রিছখন সদস্যৰ ছয়খন সমিতিৰ দ্বাৰা পৰিচালিত হৈছিল । এই সমিতিখন হ’ল নৌবহৰ , যােগাযােগ আৰু সৰবৰাহ , পদাতিক , অশ্বাৰােহী , বথ আৰু হাতীবিভাগ । ইয়াৰ পৰা জনা যায় যে মৌর্য যুগৰ সামৰিক বাহিনী অতি শক্তিশালী আছিল । 

প্রশ্ন ২৩। চন্দ্রগুপ্ত মৌর্যই কেনেদৰে মৌর্য ৰাজবংশ প্রতিষ্ঠা কৰিছিল ? অথবা , ভাৰতত মৌর্য বংশ প্রতিষ্ঠাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ আলেকজেণ্ডাৰৰ প্রত্যাৱর্তনৰ পিছত ভাৰতৰ ৰাজনৈতিক আকাশত চন্দ্রগুপ্ত মৌর্য নামৰ এজন বিচক্ষণ ৰাজনীতিবিদৰ আৱির্ভাব হৈছিল । যিজনে আলেকজেণ্ডাৰে এৰি থৈ যােৱা নিশকতীয়া ভাৰতীয় শক্তিসমূহক একত্রিত কৰি নন্দবংশৰ উচ্ছেদকাৰী চন্দ্রগুপ্ত মৌর্যই মগধত স্থাপন কৰিছিল ভাৰতৰ প্রথম ঐতিহাসিক মৌর্য ৰাজবংশ । 

চন্দ্রগুপ্তৰ জন্ম সম্পর্কে ইতিহাস নিমাত । অৱশ্যে এক তথ্য মতে চন্দ্রগুপ্ত মৌর্যই সিংহাসনত উঠাৰ সময়ত যিহেতু তেওঁৰ বয়স পঁচিছ বছৰ হৈছিল সেই ফালৰ পৰা খ্রীঃ পূঃ ৩৪৮ চনটো তেওঁৰ জন্ম বর্ষ হিচাপে ধৰা হয় । তথাপিও চন্দ্রগুপ্তৰ ল’ৰালিকাল সম্পর্কেও ইতিহাসৰ তথ্য একমত হােৱা দেখা নাযায় । পুৰাণ , বৌদ্ধ আৰু জৈন সাহিত্যৰ তথ্য মতে কিছুমান পণ্ডিতে তেওঁক শুভ্র বংশজাত বুলি ক’ব খােজে । আন কিছুমানে তেওঁক ক্ষত্রিয় বুলি কব খােজে । অৱশ্যে বেছিভাগ পণ্ডিত এই কথাত একমত যে চাণক্য বা কৌটিল্য নামৰ এজন বিচক্ষণ ব্রাহ্মণে তেওঁৰ শিক্ষা – দীক্ষাত আগভাগ লৈছিল । 

এক তথ্য মতে চন্দ্রগুপ্তই আলেকজেণ্ডাৰক পচোৱাত লগ ধৰিছিল । কিন্তু চন্দ্রগুপ্তৰ দাম্ভিক আচৰণত অসন্তুষ্ট হৈ আলেকজেণ্ডাৰে তেওঁক মৃত্যুৰ আদেশ দিছিল । কিন্তু তীক্ষ্ণ বুদ্ধি সম্পন্ন চন্দ্রগুপ্তই তাৰপৰা পলায়ন কৰে আৰু আলেকজেণ্ডাৰৰ বিৰুদ্ধে এটি শক্তিশালী সৈন্যবাহিনী গঠন কৰে । পিছত সম্ভৱত খ্রীঃ পূঃ ৩২১ ত চন্দ্রগুপ্তই এখন ৰক্তাক্ত যুদ্ধৰ সহায়ত মেচিডনিয়ানসকলক বা গ্রীক সকলক পৰাজিত কৰিবলৈ সক্ষম হয় । 

গ্রীসকলক বহিস্কাৰৰ পিছত চন্দ্রগুপ্তই এইবাৰ মগধৰ অত্যাচাৰী নন্দবংশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । পিছত তেওঁ নন্দবংশ ধ্বংস কৰি লগত নতুন ৰাজবংশ প্রতিষ্ঠা কৰে । এয়া আছিল ঐতিহাসিক মৌর্য ৰাজবংশ । 

প্রশ্ন ২৪। চন্দ্ৰৰ মৌর্য শাসনব্যৱস্থাৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য শাসন প্রণালীসমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । সেইবােৰ হ’ল— 

ৰজাৰ ক্ষমতা আৰু কার্যপদ্ধতি :- ৰজাৰ ওপৰতে দেশৰ সর্বোচ্চ ক্ষমতা ন্যস্ত আছিল । তেৱেঁই দেশৰ সর্বোচ্চ কার্যনির্বাহক প্রধান সেনাপতি , প্রধান বিচাৰপতি আৰু আইন ৰচক । ৰজা সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হ’লেও তেওঁ স্বেচ্চাছাৰী আৰু মইমতীয়া স্বভাৱৰ নাছিল । জনসাধাৰণৰ মঙ্গল সাধন কৰাই আছিল ৰজাৰ মূল কর্তব্য । নিজে বিচাৰ কার্য সম্পাদন কৰিছিল । দোষ অনুযায়ী ৰজাই দোষীক শাস্তি বা ক্ষমাদান কৰিছিল । তেওঁৰ শাসন পদ্ধতি সুনিয়ন্ত্রিত আছিল । সুচাৰুৰূপে শাসন ব্যৱস্থা চলােৱাৰ কাৰণে শাসন প্রণালী বিভিন্ন বিভাগত ভাগ কৰি একোজন উপযুক্ত কর্মচাৰীৰ হাতত একোটা নির্দিষ্ট বিভাগৰ দায়িত্ব অর্পণ কৰিছিল ।

অমাত্য বা সচিব :- মহামন্ত্রীসকলেই আছিল সচিব বা অমাত্যসকলৰ মাজত সকলােতকৈ উচ্চপদস্থ বিষয়া । মহামন্ত্রীসকলৰ অধীনত বিভিন্ন দায়িত্বশীল বহুসংখ্যক কর্মচাৰী আছিল । পণ্য সৰবৰাহ , কৃষি , অৰণ্য , খনি আদি বিভিন্ন বিভাগৰ দায়িত্ববােৰ তেওঁলােকৰ ওপৰত অৰ্পণ  কৰিছিল । চহৰৰ দায়িত্ব লােৱাসকলৰ ‘নগৰাধ্যক্ষ’ আৰু সৈন্য বিভাগৰ ভাৰপ্রাপ্ত ব্যক্তিসকলক ‘ ৰণাধ্যক্ষ নামে কোটিল্যৰ অর্থশাস্ত্ৰত উল্লেখ আছে । সৎ আৰু বিশ্বাসী কর্মচাৰীসকলৰ মাজৰ পৰা বিচাৰক নিয়ােগ কৰা হৈছিল । 

মন্ত্রী পৰিষদ :- দেশৰ কামকাজ সুচাৰুৰূপে চলােৱাৰ কাৰণে চন্দ্রগুপ্তই এখন মন্ত্রী পৰিষদ বা মন্ত্রীসভা গঠন কৰিছিল । মন্ত্রীসভাৰ পৰামর্শ অনুসৰিহে ৰজাই জৰুৰী পৰিস্থিতি আৰু শাসন  সংক্রান্ত জটিল কার্যবিলাক সমাধা কৰিছিল । মন্ত্রী পৰিষদৰ মতামত গ্রহণ কৰা ৰজাৰ পক্ষে বাধ্যতামূলক নাছিল যদিও কৌটিল্যৰ দৰে শক্তিশালী মন্ত্রীৰ সহযােগত গৃহীত কোনাে সিদ্ধান্ত ৰজাই বাতিল কৰা টান হৈছিল । মহামন্ত্রীসকলৰ তুলনাত মন্ত্রীসকলৰ স্থান নিম্নপর্যায়ৰ আছিল । 

প্রাদেশিক শাসন ব্যৱস্থা :- শাসন ব্যৱস্থা যাতে সুচাৰুৰূপে চলাব পাৰি তাৰ কাৰণে মৌর্য সাম্রাজ্য কেইখনমান প্রদেশত ভাগ কৰা হৈছিল ।প্রদেশসমূহক আকৌ বিভিন্ন খণ্ডত ভাগ কৰি তাত একোজন অধ্যক্ষ নিয়ােগ কৰা হৈছিল । উচ্চ সম্প্রদায়ৰ বা কোনাে ৰাজকুমাৰ পৰিয়ালৰ লােকৰ প্রত্যক্ষ প্রদেশকে একোজন কুমাৰ বা অমাত্যৰ অধীনত ৰখা হৈছিল । গ্রামিক নামৰ এজন বিষয়াৰ অধীনত গাঁৱৰ শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল । 

পৌৰ শাসনব্যৱস্থা :- পৌৰ শাসন ব্যৱস্থাই আছিল চন্দ্রগুপ্তৰ শাসন ব্যৱস্থাৰ গুৰুত্বপূর্ণ বিভাগ । ৰাজধানী পাটলিপুত্র সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে ৩০ জন সদস্যৰে গঠিত একোখন সমিতি গঠন কৰা হৈছিল । একোখন সমিতিয়ে নগৰ শাসনৰ একোটা বা বেছি বিভাগ পৰিচালনা কৰিছিল । প্রথমখনে ব্যৱসায় বাণিজ্যৰ প্ৰতি নজৰ ৰাখিছিল । দ্বিতীয়খনে চিকিৎসা , মৃত ব্যক্তি সম্পত্তি উত্তৰাধিকাৰিক ঘূৰাই দিয়া আদি দায়িত্ব গ্রহণ কৰিছিল । তৃতীয়তে জন্ম মৃত্যুৰ হিচাপ আৰু লােকপিয়লৰ কাম কৰিছিল । চতুর্থখনে জোখ পদ্ধতিৰ ওপৰত চকুৰাখিছিল । পঞ্চমখনে ভেজাল বস্তু যাতে নির্ভেজাল বুলি বিক্ৰী কৰিব নােৱাৰে তাৰ ওপৰত চকু ৰাখিছিল । ষষ্ঠখনে , ব্যৱসায়ীসকলক বিক্রয় মূল্যৰ পৰা এক ষষ্ঠাংশ কৰ হিচাপে আদায় কৰিছিল । 

সামৰিক বিভাগ :- সামৰিক বিভাগৰ প্ৰশাসনীয় ব্যৱস্থাও চন্দ্রগুপ্ত মৌর্য শাসন ব্যৱস্থাৰ এক উল্লেখযােগ্য দিশ । সামৰিক বিভাগক ছয়খন সমিতিৰ দ্বাৰা পৰিচালনা কৰা হৈছিল । প্রত্যেকখন সমিতিতে পাঁচজনকৈ সদস্য আছিল । দায়িত্বপূর্ণ আৰু অভিজ্ঞ ব্যক্তিৰ ওপৰতহে বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল ।

প্রশ্ন ২৫। নিজ ধর্মমতক বাস্তৱত ৰূপায়িত কৰাৰ বাবে অশােকে কি কি চৰকাৰী আৰু মানব কল্যাণমূলক ব্যবস্থা গ্রহণ কৰিছিল ? 

উত্তৰঃ কলিঙ্গ যুদ্ধৰ ভয়াবহতাই অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । বৌদ্ধ সন্ন্যাসী উপগুপ্তৰ ওচৰত তেওঁ বৌদ্ধধর্মত দীক্ষা লয় । অশােকে ধর্মপ্রচাৰ কৰি জনসাধাৰণৰ মঙ্গল সাধনৰ কাৰণে প্ৰেম আৰু অহিংসাৰ ব্ৰত গ্ৰহণ কৰি দেশ বিদেশৰ লােকৰ অন্তৰ জয় কৰি মানুহৰ মাজত মনুষ্যত্বৰ বিকাশ সাধন কৰাৰ কাৰণে তেওঁ নিজকে নিয়ােগ কৰিছিল । সেয়ে তেওঁ নিজ ধর্মমতক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । হিংসা , নিষ্ঠুৰতা , অহংকাৰ , ক্রোধ , ঈর্ষা ইত্যাদি পৰিহাৰ কৰি সংবৃত্তি , সৎচৰিত্ৰ , শুদ্ধ , পৱিত্ৰতা , নম্রতা , উদাৰতা , কৰুণা আদি সদ গুণবােৰ আহৰণ কৰাই হ’ল অশােকৰ ধৰ্মৰ মূল লক্ষ্য আৰু আদর্শ । ধৰ্মৰ এই বাণীবােৰ বিভিন্ন ঠাইত খােদিত কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল । সকলাে প্ৰজাক অশােকে তেওঁক নিজৰ বুলি ঘােষণা কৰি তেওঁলােকৰ সকলাে প্ৰকাৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল । 

অশােকে তেওঁৰ ধর্মবিজয়ৰ নীতিক সম্ভৱত ৰূপায়িত কৰাৰ কাৰণে দেশৰ বিভিন্ন ঠাইত স্তম্ভ নির্মাণ কৰাইছিল । এই স্তম্ভসমূহক ‘ ধর্মলিপি’বুলি কোৱা হৈছিল । জনসাধাৰণক নৈতিক আৰু আধ্যাত্মিক জ্ঞান দিয়াই আছিল ইয়াৰ মূল উদ্দেশ্য । সঁচা কথা কোৱা , পিতৃ – মাতৃক ভক্তি কৰা , গুৰুজনক ভক্তি কৰা সকলাে জীৱৰ প্রতি দয়ালু হােৱা আদি বাণীসমূহ এই ধর্মলিপিত লিখাই ৰাখিছিল । মানুহে যাতে প্রকৃত ধার্মিক জীৱন – যাপন কৰিব পাৰে তাৰ কাৰণে তেওঁ এই বাণীসমূহ ধর্মলিপিৰ জৰিয়তে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল । 

অশােকৰ মানৱকল্যাণমূলক ব্যৱস্থা :- অশােকে প্ৰজাসকলৰ মাজত কেৱল ধর্মপ্রচাৰ কৰা কার্যত ব্ৰতী হৈ থকা নাছিল । প্রজাসাধাৰণৰ পাৰ্থিৱ সুখ সম্ভোগৰ প্ৰতিও চোকা দৃষ্টি ৰাখিছিল ।শিলালিপিসমূহৰ পৰা জানিব পাৰি যে সন্ন্যাসী , দুখী আৰু নির্যাতিত সকলক অশােকে মুক্ত হস্তে দান কৰিছিল । ৰাজ্যৰ ভিতৰত ৰাজপথবােৰৰ ওপৰত গছ ৰুই বাটৰুৱাক ছাঁ লবলৈ সুবিধা কৰি দিছিল । বাটৰ কাষত নাদ , পুখুৰী খন্দাইছিল । মাজে মাজে বিশ্রাম ঘৰ সজাই ভ্রমণ কালত আশ্রয় লােৱাৰ কাৰণে সুবিধা কৰি দিছিল । মানুহ আৰু জীৱজন্তুৰ চিকিৎসাৰ কাৰণে চিকিৎসালয় প্রতিষ্ঠা কৰিছিল । বিদেশৰ পৰা বনৌষধি আনি তেওঁ বাগিচা স্থাপন কৰাইছিল । ইয়াৰােপৰি খেতিয়কৰ সুবিধাৰ কাৰণে কৃষি ভূমিত পানী যােগানৰ ব্যৱস্থা কৰাইছিল । ইয়াৰােপৰি খেতিয়কৰ সুবিধাৰ কাৰণে কৃষি ভূমিত পানী যােগানৰ ব্যৱস্থা কৰাইছিল । মুঠতে প্রজাসকলৰ  সকলােধৰণৰ মঙ্গল সাধন কৰাই আছিল অশােকৰ জীৱনৰ মূল লক্ষ্য । 

প্রশ্ন ২৬। ধর্মপ্রচাৰক হিচাপে অশােকৰ স্থান নির্ণয় কৰা । 

উত্তৰঃ অশােকৰ ৰাজনৈতিক জীৱনৰ উল্লেখযােগ্য ঘটনা আছিল কলিঙ্গ যুদ্ধ । ৰজা হােৱাৰ আঠ বছৰ পিছত শক্তিশালী কলিংগ বাসীৰ লগত যুদ্ধত লিপ্ত হয় । এই যুদ্ধত তেওঁ জয়লাভ কৰিলেও লাখ লাখ কলিংগবাসীৰ মৃত্যুৰ ৰাঙলী তেজে তেওঁৰ মনত আঘাত হানে । অলেখ নৰ – নাৰীৰ আর্তনাদে আৰু তেজৰ নদীয়ে অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । সকলােবােৰৰ বাবে যে তেৱেঁই দায়ী তাক তেওঁ অন্তৰেৰে অনুভৱ কৰিলে । শেষত দেশ জয় কৰাতকৈ মানুহৰ অন্তৰ জয় কৰিব পৰাটোৱেই যে প্রকৃত সত্য সেই কথা তেওঁ ভালদৰে উপলব্ধি কৰিছিল । তেওঁৰ মতে মানুহ সৎ চৰিত্ৰৱান হ’লেহে মানৱ সমাজ মহান হ’ব পাৰে । জন্মৰ পাছত মৃত্যু আৰু তাৰ পাছত পুনর্জন্মৰ বাবে মানুহে সদায় দুখ ভােগ কৰে । আনহাতে অজ্ঞতা বা জ্ঞানৰ অভাৱ হেতুকেই মানুহে পূর্বজন্ম সম্ভৱ হয় । সেয়ে মানুহ যদি সৎ হয় আৰু যদি সকাৰ্যৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰে তেতিয়াহ’লে পূর্বজন্ম ৰােধ কৰা সম্ভৱ হয় । গতিকে জন্মৰপৰা হাত সাৰিবলৈ কিছুমান নৈতিক আদর্শ মানি চলিবলৈ বুদ্ধদেৱে মানৱ সমাজৰ প্রতি আহ্বান জনাইছে । অশােকৰ মতেও সক্কৰ্মৰ জৰিয়তেহে আত্মাৰ উন্নতি সাধন কৰি নির্বাণ বা মুক্তি লাভ কৰাটো সম্ভৱ হয় ।

সামৰিক বিজয়ক তেওঁ প্রকৃত বিজয় বুলি ধাৰণা নকৰি ধৰ্ম বিজয়কে প্রকৃত বিজয় বুলি ঘােষণা কৰে । বাচ্ছুক , পুৰুষ আৰু প্রাদেশিক বিষয়াসকলক আভ্যন্তৰীণ দিশৰ প্ৰতি চকু ৰখাৰ উপৰিও ধর্মপ্রচাৰৰ কামত তেওঁলােকক নিয়ােজিত কৰে । সভা – সমিতি আৰু আলােচনা জৰিয়তে বৌদ্ধ ধৰ্মৰ নীতিসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে । সাম্রাজ্যৰ বিভিন্ন ঠাই ঘূৰি আহি জনসাধাৰণৰ মাজত বুদ্ধধৰ্মৰ সামৰ্মসমূহ ভালদৰে বুজাই , দিয়াৰ কাৰণে ‘ ধর্ম মহামাত্র ’ নামৰ একশ্রেণী উচ্চ ৰাজবিষয়াক নিয়ােগ কৰে । অশােকে লক্ষ্য কৰিছিল যাতে জনসাধাৰণৰ মাজত সদায় শান্তি বর্তি থাকে । সমাজত শান্তি প্রতিষ্ঠা কৰাই হ’ল সকলাে ধৰ্মৰ লক্ষ্য । 

প্রশ্ন ২৭। ভাৰতীয় ইতিহাসত অশােকৰ স্থান নির্ণয় কৰা । 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্যৰ মৃত্যুৰ পাছত মগধৰ সিংহাসনত অশােকৰ ৰাজপাট আৰােহণ ভাৰতীয় ইতিহাসৰ এক গৌৰৱােজ্জ্বল অধ্যায় । নিজৰ চৰিত্ৰ আৰু কার্যাৱলীৰ সহায়ত যিসকল মহান সম্রাট বিশ্ববাসীৰ শ্রদ্ধাভাজন হৈছিল সেইসকলৰ ভিতৰত অশােকৰ স্থান আছিল অতি উচ্চ । উত্তৰাধিকাৰী সূত্রে অশােকে সিংহাসন লাভ কৰি অসীম ক্ষমতাৰ গৰাকী হৈছিল যদিও অশােক এজন অত্যাচাৰী ৰজা নাছিল । চন্দ্রগুপ্তই প্রতিষ্ঠা কৰা বিশাল মৌর্য সাম্রাজ্যৰ শাসন প্রণালীও অশােকে কোনাে পৰিৱৰ্তন কৰা নাছিল । তেওঁৰ আগৰ শাসকসকলে প্রতিষ্ঠা কৰা নিয়মনীতিৰে তেওঁ তেওঁৰ শাসনকার্য পৰিচালনা কৰিছিল । 

কলিংগ বিজয়ৰ লগে লগে মৌর্য সাম্রাজ্যৰ ৰাজ্য বিস্তাৰৰ যুগৰৰ সিমানতে অন্ত হৈছিল । কলিংগ যুদ্ধই অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । কলিংগ ৰাজ্যখনক স্বতন্ত্র ৰাজ্য হিচাপে গঠন কৰি সেই ৰাজবংশৰে কোৱৰ এজনক ৰাজপ্রতিনিধি হিচাপে অশােকে নিয়ােগ কৰে । এই কার্যই অশােকৰ শাসন প্রণালীৰ উদাৰতাৰ কথাকে প্রমাণ কৰে । 

অহিংসা , সংযম , সাম্য , বিনয় প্রভৃতি গুণ যাতে সকলােৰে মাজত বদ্ধি পায় , তাৰ কাৰণেও অশােকে প্রচাৰ কাৰ্যত মনােনিৱেশ কৰিছিল । অশােকে ধর্মনীতিৰ সমান্তৰালকৈ সাম্য , মৈত্রী আৰু ভাতৃত্বভাব গঢ়ি তুলি দেশীয় লােকসকলৰ সৌহার্দ্য আৰু শাসন লাভ কৰাৰ উপৰিও ছিৰিয়া , সিদৰ মেছিডনিয়া আদি বিদেশী ৰজাসকলৰো শ্রদ্ধা আৰু প্রীতি লাভ কৰিবলৈ সক্ষম হৈছিল । 

দেশৰ জনসাধাৰণৰ সকলাে দিশৰ প্ৰতি অশােকে সততে নজৰ ৰাখিছিল । সেয়ে প্রতি তিনি বা পাঁচ বছৰৰ মূৰে মূৰে ৰাজুক , সূত বিষয়াসকলক ৰাজ্যসমূহ পৰিদৰ্শন কৰিবলৈ পঠাইছিল । শান্তি শৃঙ্খলা বজাই ৰখা আৰু জনসাধাৰণে যাতে সকলাে দিশতে সুবিচাৰ লাভ কৰিব পাৰে তাৰ প্রতি নজৰ ৰখাই আছিল উক্ত বিষয়াসকলৰ মূল লক্ষ্য । সম্ভৱপৰ সকলােবােৰ সমস্যাৰ সমাধান ঘটনাস্থলীতে কৰাৰ কাৰণে ৰাজজুজুক নামৰ কৰ্মচাৰীসকলক অশােকে স্বাধীনতা দান কৰিছিল । 

প্রজাসাধৰণৰ পার্থিব উন্নতিত নৈতিক আৰু আধ্যাত্মিক উন্নতিৰ প্ৰতিও অশােকে চকু ৰাখিছিল । প্রজাবৰ্গক নৈতিক আৰু আধ্যাত্মিক অৱস্থাৰ কথা তেওঁক জনাই থাকিবলৈ ‘ প্রতিবেদক নামৰ অন্য এক শ্রেণী বিষয়া কেন্দ্রীয় শাসনৰ অধীনত ৰখা হৈছিল । উক্ত বিষয়াসকলে দেশৰ সকলাে ঠাইত ঘূৰিফুৰি সকলাে প্ৰকাৰৰ সংবাদ গােটাই সম্রাটক জনাই থাকিব লাগিছিল ।

পৌৰ শাসন ব্যৱস্থা নিয়াৰিকৈ চলােৱাৰ কাৰণে অশােকে নগৰ ব্যৱহাৰিক’নামৰ একশ্রেণী – কর্মচাৰী নিয়ােগ কৰিছিল । ৰাজভঁৰালৰ প্রাপ্তি আৰু হৰণ – ভগনৰ চকু দিয়াৰ কাৰণে যুত বা যুক্ত নামৰ বিষয়াৰ ওপৰত দায়িত্ব অর্পণ কৰিছিল । 

এইদৰে নিজ চৰিত্ৰ আৰু প্ৰতিভাৰ বলতে অশােকে ধর্ম প্রচাৰৰ লগতে প্রশাসনীয় ক্ষেত্ৰত বহুতাে জনহিতকৰ কাম কৰিছিল । সেয়েহে জনসাধাৰণৰ মাজত তেওঁ শ্রেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । তাৰ ফলতেই তেওঁ ইতিহাসৰ শাসকসকলৰ ভিতৰত শ্রেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২৮। মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে :– 

( ক ) অশােকৰ পৰৱর্তী শাসকসকলৰ দূর্বলতা :- অশােকৰ পৰৱৰ্তী ৰজাসকল দুর্বল আৰু অকামিলা হােৱা কাৰণে মৌর্য সাম্রাজ্যৰ গাঁথনি দুর্বল হৈ গৈছিল । অশােকৰ পুত্র জলৌক , তিবৰ , দশৰথ , কুনাল আৰু মহেন্দ্ৰ আদিৰ গাত অশােকৰ গুণ অলপাে নাছিল । অপ্রতিহত মৌর্য শাসন ব্যৱস্থাৰ পৰিৱর্তে তেওঁলােকে প্রত্যেকেই স্বাধীনভাৱে বিভিন্ন ঠাইত শাসন কৰিছিল । অশােকৰ পুত্ৰসকলৰ এনেকুৱা শাসন ব্যৱস্থাই বিদেশী আক্রমণকাৰীসকলক সুবিধা আনি দিছিল । 

( খ ) অশােকৰ ধর্মবিজয় নীতি :- অশােকৰ ধর্মবিজয় নীতিয়ে মৌর্য সাম্রাজ্যৰ সামৰিক শক্তি হেয় কৰি তাৰ পতন ঘটাইছিল বুলি বহুতাে পণ্ডিতে ক’ব খােজে । কলিংগ যুদ্ধৰ পিছত যেতিয়া তেওঁ যুদ্ধৰ ভেৰি ঘােষক ’ ধর্মঘােষ বা ধর্মনিনাত পৰিণত কৰাৰ সময়ৰ পৰাই মৌর্য সামৰিক শক্তি দুর্বল হৈ পৰে । কলিংগ যুদ্ধৰ পাছৰ পৰাই মৌর্য সামৰিক বাহিনী অকামিলা হৈ পৰে । ফলস্বৰূপে অশােকৰ পৰৱৰ্তী কালত যেতিয়া বৈদেশিক আক্রমণ হয় তেতিয়া মৌর্য সামৰিক বাহিনীয়ে এই আক্রমণ প্রতিহত কৰিব নােৱাৰিলে । 

( গ ) আর্থিক দিশৰ দুর্বলতা :- অশােকে ধর্মপ্রচাৰৰ কাৰণে উচ্চ ৰাজকীয় বিষয়াসকলৰ ওপৰত নিজৰ দায়িত্বৰ উপৰিও ধর্মসম্পর্কীয় সকলাে বােজা জাপি দিছিল । অশােকৰ এনে কার্যই মৌর্য শাসন ব্যৱস্থাৰ নিয়ােজিত কর্মচাৰীসকলৰ দক্ষতা ব্যাহত কৰিছিল । ইয়াৰ উপৰি অশােকৰ সময়ৰ পৰা ৰাজভঁৰালৰ প্ৰায় ধন সম্পর্কীয় বিষয়ক খৰচ কৰা হৈছিল । উদাহৰণস্বৰূপে বিভিন্ন মঠ – মন্দিৰ আৰু ধর্ম যাত্ৰাৰ কাৰণে অত্যধিক পৰিমাণৰ ধন খৰচ কৰা হৈছিল । ইয়ে মৌর্য সাম্রাজ্যৰ অর্থনৈতিক অৱস্থা শােচনীয় কৰি তুলিছিল । 

( ঘ ) ৰাজকৰ্মচাৰীসকলৰ অবিবেচক নীতি :- মৌর্য শাসন ব্যৱস্থাৰ বিভিন্ন বিভাগত নিয়ােজিত । উচ্চ ৰাজকৰ্মচাৰীসকলে জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ উৎপীড়নত মৌর্য সাম্রাজ্যৰ পতনৰ অৰিহণা আগবঢ়োৱা বুলি বহুতাে পণ্ডিতে মত পােষণ কৰিব খােজে । বিশেষকৈ ৰাজুক নামৰ ৰাজকীয় এই শ্রেণী বিষয়াই পিছলৈ ক্ষমতাশালী হৈ স্বেচ্ছাচাৰী হৈ উঠে । যুৱৰাজ অশােকে এই বিষয়ে অনুসন্ধান কৰিবলৈ লােৱাৰ সময়ত তেওঁৰ আগত সকলােৱে একেষাৰে কৈছিল , যে আমাৰ বিদ্রোহ কোনাে ৰজাৰ বিৰুদ্ধে নহয় , ই হ’ল দুষ্ট শাসকসকলৰ বিৰুদ্ধেহে । ” কর্মচাৰীসকলৰ ত্রুটিপূর্ণ তথা দমনমূলক শাসন ব্যৱস্থাৰ বিৰুদ্ধে অশােকৰ দিনতাে কিছুমান ৰাজ্যত বিদ্রোহ হোৱাৰ প্ৰমাণ পােৱা যায় ।

( ঙ ) অশােকৰ প্রাণী হত্যা নিষেধ নীতি :- অশােকৰ প্ৰাণীহত্যা নিষেধ প্রথাটোৱে মৌর্য সাম্রাজ্য ধ্বংসৰ কাৰণে বুলি বহুতে ক’ব খােজে । এই ক্ষেত্ৰত ঐতিহাসিক পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে মত পােষণ কৰে যে বৌদ্ধধৰ্মৰ প্রতি অনুৰাগ আৰু ব্রাহ্মণসকলৰ প্ৰতি অৱজ্ঞাৰ কাৰণে মৌর্য সম্রাট বৃহদ্রথক তেওঁৰ সেনাপতি পুষ্যমিত্রই হত্যা কৰি মৌর্য সাম্রাজ্যৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰে । 

প্রশ্ন ২৯। মেগাস্থানিছৰ টোকাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ মেগাহানিছে ‘ইণ্ডিকা ’ নামৰ কিতাপৰ জৰিয়তে মৌর্য বংশৰ উত্থান আৰু ইয়াৰ পৰিসৰৰ উপৰিও তেওঁলােকৰ শাসন ব্যৱস্থা সম্পর্কে বিস্তৃত আলােচনা আগবঢ়াইছে । মৌর্য সাম্রাজ্যৰ প্রতিষ্ঠাতা চন্দ্রগুপ্ত মৌর্য অকল দিগ্বিজয়ী বীৰেই নাছিল । মেগাস্থানিছৰ বর্ণনা মতে মৌর্য শাসন ব্যৱস্থা দুটা ভাগত বিভক্ত আছিল— কেন্দ্রীয় শাসন ব্যৱস্থা আৰু প্রাদেশিক শাসন ব্যৱস্থা । মৌর্য শাসন প্রণালী ৰাজতান্ত্রিক আছিল আৰু ৰজাই আছিল শাসনৰ মুৰবী । মৌর্য ৰজাসকলে যদিও ৰােমান সম্রাটসকলৰ দৰে ঈশ্বৰৰ অংশ বুলি দাবী কৰা নাছিল তথাপি তেওঁলােকক ‘দেবজনপ্রিয়’ অর্থাৎ ঈশ্বৰৰ প্রিয়জন বুলি ভবা হৈছিল । কৌটিল্যৰ পৃষ্ঠপােষকতাত ৰজাৰ ক্ষমতা অধিক বৃদ্ধি পাইছিল । ৰজা আছিল আইন প্রণয়ক , পৰিচালক আৰু ন্যায় ৰক্ষক ।  শাসনকার্যৰ মুৰব্বী হিচাপে ৰজাই দুষ্টক দমন আৰু সন্তক পালন কৰি সামাজিক শান্তি আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষা কৰাৰ দায়িত্ব পালন কৰিছিল । 

কেন্দ্রীয় চৰকাৰত ৰজাৰ পাছতে অন্যান্য বহুতাে উচ্চপদস্থ কর্মচাৰী নিয়ােগ কৰা হৈছিল । এইবােৰৰ ভিতৰত মুখ্যজনক সচিব বা মন্ত্রী বুলি কোৱা হৈছিল । মন্ত্রী বা মহামন্ত্রী আখ্যা পােৱা লােকসকলে বছৰেকত ৪০,০০০ মৌর্যমুদ্রা ( Panas ) পাৰিশ্ৰমিক হিচাপে পাইছিল । ৰজাই সকলাে বিষয়তে তেওঁলােকৰ উপদেশ ল’ব লাগিছিল । ইয়াৰ পিছত আছিল মন্ত্রী পৰিষদৰ সভ্যসকল । অর্থশাস্ত্ৰ আৰু অশােকৰ শিলালিপিত এনে মন্ত্রী পৰিষদৰ নাম উল্লেখ পােৱা যায় । কৰতলীয়া ৰাজ্য বা প্রত্যক্ষ শাসনত থকা 

অঞ্চলসমূহত কিছুমান প্রদেশত ভাগ কৰা হৈছিল । অশােকৰ সময়ত আমি এনে পাঁচখন প্রদেশৰ নাম উল্লেখ পাওঁ । সেইবােৰ হ’ল— তক্ষশীলা , উজ্জয়িনী , তদলী , সুৱণগিৰি আৰু পাটলিপুত্র । এই প্রদেশবােৰ আকৌ কিছুমান সৰু সৰু প্রদেশ বা জিলাত ভাগ কৰা হৈছিল । জিলাবােৰক আকৌ কিছুমান বিশ্ব অথবা মহকুমা আৰু এইবােৰ কিছুমান গাঁৱত ভাগ কৰা হৈছিল । 

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ তলত থকা বিভিন্ন বিভাগৰ একোজনকৈ অধ্যক্ষ নিয়ােগ কৰা হৈছিল । কৌটিল্যই এনে অধ্যক্ষ আৰু তেওঁলােকৰ কার্যৱলীৰ কথা উল্লেখ কৰিছে । প্রতিজন অধ্যক্ষৰ তলত অন্যান্য বহুত কৰ্মচাৰী আছিল । অধ্যক্ষৰ পিছতে উল্লেখযােগ্য কর্মচাৰী দুজন আছিল— সমাহিত আৰু সম্বিধাতা । সমাহিতসকলে সাম্রাজ্যৰ ৰাজহ সংগ্রহ কৰিছিল । আৰু দেশৰ আয়ব্যয়ৰ হিচাপ ৰাখিছিল । সম্বিধাতাসকল সম্ভৱত ৰাজভঁৰালৰ দায়িত্বত আছিল । এইবিলাকৰ উপৰিও কেন্দ্ৰত থকা প্রধান কর্মচাৰীসকল আছিল পুৰােহিত , সেনাপতি , দুৱৰী , ( দুৱাৰ ৰক্ষক ) , দুর্গপালক , চোৰাংচোৱা ইত্যাদি । 

সেই সময়ত আয়ৰ একমাত্র পথ আছিল মাটিৰ খাজনা । উৎপন্ন বস্তুৰ এক যষ্ঠাংশ কৰ হিচাপে লােৱা হৈছিল যদিও অর্থনৈতিক অৱস্থা আৰু স্থানীয় অৱস্থিতি অনুসৰি ইয়াৰ পৰিমাণ বঢ়া – টুটা হৈছিল । 

মৌর্য সাম্রাজ্যত দুই ধৰণৰ বিচাৰালয় আছিল । এই দুয়ােবিধৰ মাজত থকা পার্থক্য বিচাৰ কৰিব পৰা নাযায় । নগৰৰ বিচাৰালয়বােৰত মহামৰিক আৰু মহামাত্ৰসকলে পৌৰােহিত্য কৰিছিল । দেশৰ আন ভাগত ৰাজুক আৰু মহামাত্ৰসকলে আৰু গাঁওসমূহৰ গাঁৱক মুখীয়াল সকলে বিচাৰ কার্য সম্পাদন কৰিছিল । অশােকে বিচাৰ পদ্ধতিৰ বিভিন্ন সংস্কাৰ সাধন কৰিছিল । 

মেগাস্থানিছে অন্য কিছুমান স্থানীয় স্বায়ত্ত শাসনৰ কথাও উল্লেখ কৰিছে । পাটলিপুত্র আদি নগৰ এখন ৩০ জন সভ্যৰে গঠিত আৰু আৰু ৫ টা শাখাত বিভক্ত এখন বােৰ্ডৰ দ্বাৰা পৰিচালিত হৈছিল । এই বাের্ডে বিভিন্ন কামকাজ চোৱাচিতা কৰিছিল । 

প্রশ্ন ৩০। এলাহাবাদ প্রশস্তি বা শিলালিপিৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ হৰিসেন নামৰ এজন কবি যথাক্রমে সমুদ্রগুপ্ত আৰু তেওঁৰ পুতেক চন্দ্রগুপ্ত ৰাজসভাত আছিল । হৰিসেন সেই যুগৰ অন্যতম শ্রেষ্ঠ সংস্কৃতজ্ঞ পণ্ডিত আৰু কবি আছিল । এই হৰিসেনে এলাহাবাদ প্রশস্তি নামৰ শিলালিপিখন ৰচনা কৰিছিল । এই শিলালিপিখনৰ জৰিয়তে তেওঁ সমুদ্রগুপ্তৰ শাসন কালৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশক্তি ৰচনা কৰিছিল । হৰিসেনৰ এই এলাহাবাদ প্রশস্তি বা শিলালিপিৰ পৰা সমুদ্রগুপ্তৰ চৰিত্ৰ আৰু বৈশিষ্ট্য সম্পর্কে জনা যায় । এই মতে , সমুদ্রগুপ্ত কেৱল এজন দ্বিগ্বীজয়ী বীৰেই নাছিল , তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন , সুদক্ষ ৰাষ্ট্ৰশাসক , সংগীতজ্ঞ , কবি , প্রতিভাসম্পন্ন ব্যক্তি আছিল । তেওঁ কাব্য গ্রন্থ ৰচনা কৰি কবিৰাজ ’ উপাধি কৰিছিল । সমৰ কৌশল আৰু দ্বিগ্বীজয়ৰ কাৰণে তেওঁক ভাৰতৰ নেপােলিয়ন বুলি কোৱা হয় । সমুদ্রগুপ্তৰ সংগীত বিদ্যাৰ পাৰদর্শিতাৰ পৰিচয় তেওঁৰ বীণাবাদক মূর্তি অংকিত মুদ্ৰাবােৰৰ পৰা পােৱা যায় । ধর্মীয় দিশৰ পৰা সমুদ্রগুপ্ত বিশেষভাৱে উদাৰ ব্যক্তি আছিল । 

প্রশ্ন ৩১। ভাৰতীয় ইতিহাসত সমুদ্রগুপ্তৰ স্থান নির্ণয় কৰা । অথবা , সমুদ্রগুপ্তক কিয় ভাৰতৰ নেপােলিয়ন বুলি আখ্যা দিয়া হয় ? 

উত্তৰঃ ( ১ ) দিঘীজয়ী সমুদ্রগুপ্ত :- সমুদ্রগুপ্ত ভাৰতৰ ইতিহাসৰ এজন অদ্বিতীয় দ্বিগীজয়ী । ড° স্মিথে তেওঁক ভাৰতৰ নেপােলিয়ন বুলি অভিহিত কৰিছে । কিন্তু সমুদ্রগুপ্তক নেপােলিয়নতকৈ উচ্চ স্থান দিব পাৰি । কাৰণ সমুদ্রগুপ্তই কেতিয়াও পৰাজয়ৰ গ্লানি বহন কৰিবলগীয়া হােৱা নাছিল । তেওঁ অনৈক্য আৰু বিশৃঙ্খলাৰে ভৰা ভাৰতবৰ্ষৰ এখনি সৰু ৰাজ্যৰ সিংহাসনত আৰােহণ , কৰিছিল । কিন্তু ৰাজত্বৰ শেষত তেওঁ উত্তৰ আৰু দক্ষিণ ভাৰতৰ এক বিস্তৃর্ণ অঞ্চল সামৰি এখন সু – শৃঙ্খলাবদ্ধ আৰু শক্তিশালী সাম্রাজ্য এৰি যাব পাৰিছিল । 

২। কুশলী ৰাজনীতিবিদ :- সমুদ্রগুপ্ত এজন দ্বিগ্বীজয়ী বীৰেই নাছিল , তেওঁ এজন কুশলী । ৰাজনীতিবিদো আছিল । তেওঁৰ এই ৰাজনৈতিক চতুৰতাই তেওঁৰ সাফল্যতাৰ মাপকাঠি আছিল । তেওঁৰ দ্বিগ্বীজয়ৰ ব্যাপকতালৈ চাই তেওঁ যে গােটেই ভাৰতবর্ষকে ৰাজনৈতিকভাৱে একত্রিত কৰিব খুজিছিল তাক সহজে বুজিব পাৰি ।

৩। প্রশাসক :- প্রশাসক হিচাপেও সমুদ্রগুপ্তই সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ সুদীর্ঘ ৰাজত্বকালত মগধৰ দৰে বিশাল সাম্রাজ্য এখনে কোনাে অন্তঃ বিপ্লৱ আৰু বৈদেশিক আক্ৰমণৰ সন্মুখীন হ’বলগীয়া নােহােৱাটোৱে তেওঁৰ প্রশাসনিক কৃতিত্বৰ পৰিচয় দাঙি ধৰে । দূৰ দূৰণিৰ প্ৰদেশবােৰক যথেষ্ট ক্ষমতা দিয়া হৈছিল যদিও শাসনৰ প্ৰতিটো দিশতে তেওঁ চকু ৰাখিছিল । কেন্দ্রীয় চৰকাৰৰ এনে তৎপৰতাৰ ফলত প্রদেশবােৰত সুশাসন চলিছিল । 

৪। শিক্ষা সংস্কৃতিৰ পৃষ্ঠপােষকতা :- ভাৰতীয় সাহিত্য শিল্পকলা আদিৰ দিশত সমুদ্রগুপ্ত নাম যথেষ্ট সম্মানেৰে স্মৰণ কৰা হয় । সাহিত্য , সংস্কৃতিৰ বিভিন্ন দিশত তেওঁ নিজেই আছিল এটা বিৰল প্রতিভা । তেওঁ এজন সঙ্গীতজ্ঞ আছিল । মুদ্ৰাবােৰত অংকিত থকা তেওঁৰ বীণাবাদক মূর্তিটোৱে ইয়াৰ স্বাক্ষৰ দাঙি ধৰে । ইয়াৰােপৰি তেওঁ নিজেই এজন সু – কবি আছিল । তেওঁ উচ্চ মানৰ কবিতা ৰচনা কৰিছিল আৰু কবিৰাজ ’ উপাধি গ্রহণ কৰিছিল । 

৫। সহনশীল সম্রাট :- সমুদ্রগুপ্তৰ আটাইতকৈ উল্লেখযােগ্য দিশটো আছিল তেওঁৰ মানৱীয় সহনশীলতা । তেওঁ হিন্দুধর্মৰ এজন গোঁড়া পৃষ্ঠপােষক আছিল আৰু অশ্বমেধ যজ্ঞাদি সমাপন কৰিছিল । কিন্তু সেইবুলি তেওঁ অন্য ধৰ্মৰ প্রতি অসহিষ্ণু নাছিল বৰং সকলাে ধৰ্মৰ প্ৰতি তেওঁ সমানে পৃষ্ঠপােষকতা কৰিছিল । সিংহলৰ ৰজা মেঘবর্মনে বুদ্ধগয়াত এটা বৌদ্ধ মন্দিৰ তৈয়াৰ কৰিবলৈ ইচ্ছা কৰাত তেওঁ প্রয়ােজনীয় সকলাে সাহায্য আগবঢ়াইছিল । বৌদ্ধ পণ্ডিত বসুবন্ধ আদিয়ে তেওঁৰ ৰাজসভাত উচ্চস্থান পাইছিল । এনেবােৰ উদাহৰণে সমুদ্রগুপ্তৰ সহনশীলতাৰ পৰিচয় দাঙি ধৰে । 

ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে সমুদ্রগুপ্ত আছিল এজন ব্যক্তিত্বৰ অধিকাৰী আৰু অসংখ্যা সদগুণৰ এক সমাহাৰ চৰিত্ৰ । তেওঁৰ এই ব্যক্তিত্বৰ ওপৰতেই গুপ্ত সাম্রাজ্যৰ সকলাে দিশতে অগ্ৰহৰ হৈ ভাৰত বুৰঞ্জীৰ এক সােণালী অধ্যায় ৰচিব পাৰিছিল । 

প্রশ্ন ৩২। ফাহিয়ানৰ টোকাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত চীনা পৰিত্ৰাজক ফাহিয়ানে ভাৰতবৰ্ষৰ বৌদ্ধ তীর্থস্থানসমূহ পৰিভ্ৰমণৰ অৰ্থে আৰু বৌদ্ধ ধর্মপুস্ত কবি নয়পিটক’ৰ মূল ৰচনা সংগ্রহৰ কাৰণে ভাৰতবৰ্ষলৈ আহিছিল । পােন প্রথমে তেওঁ গােবি মৰুভূমিৰ দক্ষিণ ফালেদি খােটানত উপস্থিত হয় । তাৰপৰা তেওঁ ক্রমান্বয়ে পামিৰ পর্বতমালা অতিক্ৰম কৰি ভাৰতবৰ্ষত প্রৱেশ কৰে । তেওঁ খ্রীঃ ৪০১ পৰা ৪১০ খ্রীঃলৈকে তেওঁ দহ বছৰ কাল ভাৰতবৰ্ষত থাকি গৈছিল । দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজ্যত তেওঁ সুদীর্ঘ ছয়বছৰ কাল আছিল । এই ছয়বছৰৰ ভিতৰত তিনিবছৰ তেওঁ পাটলিপুত্ৰ নগৰত আৰু দুবছৰ তাম্রলিপ্তিত অতিবাহিত কৰিছিল । 

ফাহিয়ানৰ ভ্ৰমণকাল ১২ বছৰ আছিল । ইয়াৰে ছয়বছৰ কালৰ ভিতৰত তেওঁ ৩০ খন ৰাজ্যত ভ্রমণ কৰিছিল , আৰু বাকী ছয়বছৰ কাল তেওঁ ভাৰতবৰ্ষত অধ্যয়ন কৰিছিল । ফাহিয়ানে ছয়বছৰকাল ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ সম্বন্ধে এটি মনােগ্রাহী বিৱৰণ লিখি থৈ যায় । সেই বিৱৰণৰ পৰাই সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অর্থনৈতিক সামাজিক আৰু ধর্মীয় আৰু শাসন প্রণালীৰ বিষয়ে বহুতাে কথা জানিব পৰা যায় । ফাহিয়ানৰ বিৱৰণমতে সেই সময়ত মগধ ৰাজ্যখন অতি সমৃদ্ধিশালী আছিল । পাটলিপুত্র ধনসম্পদত অতুলনীয় আছিল । পাটলিপুত্র নগৰখন অতি আটকধুনীয়াকৈ গঢ়া হৈছিল । জনসাধাৰণে বুদ্ধদেৱৰ অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈছিল । দেশৰ আর্থিক অৱস্থা অতি টনকিয়াল আছিল । দেশত চোৰ – ডকাইত ধর্মীয় দিশৰ বিষয়েও ফাহিয়ানে তেওঁৰ টোকাত উল্লেখ কৰিছিল । তেওঁৰ টোকা অনুসৰি সেই সময়ত পঞ্জাব , বংগ আৰু মথুৰাত বৌদ্ধ ধর্মই প্রসাৰ লাভ কৰিছিল । বৌদ্ধধৰ্মৰ নীতি অনুসৰি জনসাধাৰণে সকলাে দিশতে অহিংস নীতি পালন কৰিবলৈ চেষ্টা কৰিছিল । অৱশ্যে লাহে লাহে বৌদ্ধধৰ্মৰ পতনৰ বিষয়েও ফহিয়ানে তেওঁৰ টোকাত উল্লেখ কৰি গৈছে । 

বৌদ্ধধৰ্মৰ পতনৰ পিছত হিন্দু ধর্মই প্ৰসাৰ লাভ কৰিছিল । হিন্দু সম্রাটসকলে বহুতাে মঠ – মন্দিৰ তৈয়াৰ কৰিছিল । অৱশ্যে সম্রাটে সকলাে ধর্মীয় দিশত সহনশীলনীতি অনুসৰণ কৰিছিল । 

প্রশ্ন ৩৩। গুপ্ত যুগক ভাৰতীয় ইতিহাসৰ কিয় সােণালী যুগ বুলি কোৱা হয় ? 

উত্তৰঃ গুপ্ত যুগে ভাৰতীয় ইতিহাসত এক উল্লেখযােগ্য অধ্যায় ৰচনা কৰি গৈছে । এই যুগৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাসত ‘ সােণালী যুগ ’ বুলি কোৱা হয় । এইটো নিঃসন্দেহে প্রণিধানযােগ্য যে বিশালতাৰ ফালৰ পৰা নহ’লেও সাহিত্য আৰু শিল্পৰ উত্তৰ্ষৰ ফালৰপৰা গুপ্ত সাম্রাজ্যই মৌর্য সাম্রাজ্যই মৌর্য সাম্রাজ্যকে পিছ পেলাবলৈ সক্ষম হৈছিল । সেইবাবেই ভাৰতবৰ্ষৰ ইতিহাসত এই যুগক গ্ৰীচৰ পেৰিকোলাচৰ যুগ আৰু ইংলণ্ডৰ ৰাণী এলিজাবেথৰ যুগৰ লগত তুলনা কৰা হয় । 

গুপ্তযুগৰ শাসন ব্যৱস্থা কঠোৰ অথচ সহজ সৰল আছিল । গুপ্তযুগৰ শাসন ব্যৱস্থাক চীনা পৰিব্রাজক ফাহিয়ানে প্রশংসা কৰি গৈছে । দণ্ডবিধানৰ কোনাে কঠোৰতা নাছিল । জনসাধাৰণে শান্তিপূর্ণভাৱে বাস কৰিছিল । কৰ কাটল অতি লঘু আছিল । কৰৰ হেঁচাৰ পৰা জনসাধাৰণ মুক্ত আছিল । দেশত কোনাে ধৰণৰ অৰাজকতা নাছিল । ড ° স্মিথে গুপ্তযুগৰ শাসনব্যৱস্থাৰ ওপৰত সুন্দৰ মন্তব্য দি গৈছে । 

ধর্মীয় দিশৰ ক্ষেত্ৰতাে গুপ্তযুগেই শ্রেষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁলােকে নিজে বৈষ্ণৱপন্থী আছিল । কিন্তু অন্য ধর্ম সম্প্রদায়ৰ প্রতি ভাল ব্যৱহাৰ কৰিছিল । শাসনৰ বিভিন্ন কার্যত বিভিন্ন ধৰ্মৰ লােকক নিযুক্তি দি সহনশীলতাৰৰ পৰিচয় দিছিল । 

সাহিত্যৰ ক্ষেত্ৰতাে গুপ্তযুগৰ অৱদান অসীম । নৱৰত্ন বা এজন কবিয়ে দ্বিতীয় চন্দ্রগুপ্ত ৰাজসভা অলংকৃত কৰি ৰাখিছিল । মহাকবি কালিদাস এই যুগৰ সাহিত্য আকাশৰ ভােটাতৰা স্বৰূপ আছিল । কালিদাসৰ ৰঘুবংশ’,  ‘কুমাৰসম্ভৱ’,  ‘মেঘদূত ’ আৰু ঋতু সংহাৰ খণ্ডবাক্য আদি কাব্যবােৰ সংস্কৃত সাহিত্যৰ অমূল্য ভাণ্ডাৰ । সকলােবােৰ সংস্কৃত কাব্যতে সাহিত্যৰ নৱ ৰস প্রকাশ কৰা হৈছে । 

কালিদাসে ৰচনা কৰা ‘ শকুন্তলা ’ ( অভিজ্ঞানম শকুন্তলম্‌ ) নাটখন বর্তমান সকলাে সমাজৰ এক সম্পদ । পৃথিৱীৰ সকলাে ভাষালৈ এই নাটখন অনুবাদ কৰা হৈছে । ইয়াৰ উপৰি কালিদাসৰ মালৱিকাগ্নিমিত্র ’ , ‘ শুভ্ৰকৰ ’ , ‘ মৃচ্ছকটিকা ’ , বিশাখদত্তৰ মুদ্ৰাৰাক্ষস’প্রভৃতি ৰচনাশৈলী সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত গুপ্তযুগৰ শ্ৰেষ্ঠ অৱদান । গুপ্তযুগত ৰচনা কৰা স্থাপত্য কলা বিষয়ক মৌলিক গ্রন্থ ‘ মান – সাৰত’ত ৰংগমঞ্চ সজাৰ নিয়মবােৰ বিশদভাবে বর্ণনা কৰা হৈছে । এই গ্ৰন্থখনৰ যােগেদি গুপ্তবংশৰ সময়ত ভাৰতীয় নাট্যশালাৰ অৱস্থাৰ এক সুন্দৰ আভাস পােৱা যায় ।

গুপ্তযুগৰ শিল্পকলা আৰু ভাস্কৰ্যৰ অৱদান অসীম । ধর্ম সম্বন্ধীয় ঘটনাকে আশ্রয় কৰি গুপ্ত শিল্পীসকলে যেন শিলত প্রাণ দিবলৈ সক্ষম হৈছিল । 

বিজ্ঞানৰ ক্ষেত্ৰতাে গুপ্তযুগৰ অৱদান বিশেষ আছিল । বিজ্ঞানৰ ক্ষেত্ৰত এই যুগৰ আর্যভট্ট আৰু বৰামিহিৰৰ নাম প্রণিধানযােগ্য । আর্যভট্ট আছিল সেই যুগৰ শ্রেষ্ঠ গণিত শাস্ত্রবিদ আৰু বৰামিহিৰ আছিল শ্রেষ্ঠ জ্যোতির্বিদ । এই যুগতে গণিত শাস্ত্ৰত শূন্য আৰু দশমিকৰ আৱিষ্কাৰ হৈছিল । চিকিৎসা শাস্ত্ৰয়াে সেই সময়তে যথেষ্ট উৎকর্ষ লাভ কৰিছিল । 

এইদৰে দেখা যায় যে গুপ্তযুগে ভাৰতীয় ইতিহাসৰ সকলাে দিশতে শ্রেষ্ঠতা লাভ কৰিছিল । ইংলেণ্ডৰ ইতিহাসত ৰাণী এলিজাবেথৰ যুগ যিদৰে ইংৰাজী সাহিত্যৰএক চৰম সমৃদ্ধিৰ যুগ , ঠিক সেইদৰে ভাৰতীয় সাহিত্যৰ ইতিহাসতো গুপ্তযুগ এক চৰম উৎকৰ্যৰ যুগ বুলি ক’ব পাৰি । সকলাে দিশৰ ফালৰ পৰাই গুপ্তযুগ সমৃদ্ধ আছিল কাৰণে ভাৰতীয় ইতিহাসত গুপ্তযুগক ভাৰতীয় ঐতিহাসিকসকলে ‘ সােণালী যুগ ” বুলি অভিহিত কৰিছে । 

প্রশ্ন ৩৪। গুপ্ত যুগৰ পতনৰ কাৰণৰােৰ আলােচনা কৰা । 

উত্তৰঃ গুপ্তযুগৰ পতনৰ কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । 

( ক ) দুর্বল উত্তৰাধিকাৰী :- দ্বিতীয় চন্দ্রগুপ্তৰ মৃত্যুৰ পিছৰে পৰা গুপ্ত সাম্রাজ্যৰ স্বতন্ত্রতা আৰু অখণ্ডতা বজাই ৰাখিব পৰাকৈ এজন গুপ্ত সম্রাটৰ অভাৱ পৰিলক্ষিত হৈছিল । স্কন্দগুপ্ত যদিও এজন শক্তিশালী সম্রাট আছিল । তথাপি তেওঁৰ দিনৰে পৰা গুপ্ত সাম্রাজ্যৰ পতনৰ সূচনা আৰম্ভ হৈছিল । পুষ্যমিত্র আৰু স্থণ জাতিৰ প্রবল আক্রমণৰ পৰা তেওঁ গুপ্ত সাম্রাজ্যৰ সকলাে সম্পাদক হেৰুৱাই সর্বশ্রান্ত হৈ পৰিছিল । স্কন্দগুপ্তৰ মৃত্যু আৰু পুৰু গুপ্তৰ অল্পস্থায়ী ৰাজত্বই গুপ্ত বংশৰ ধ্বংস অধিক খৰতকীয়া কৰিছিল । 

( খ ) ৰাজপৰিয়ালৰ স্বাৰ্থপৰতা আৰু পৰম্পৰৰ কাজিয়া :- গুপ্ত সাম্রাজ্য পতনৰ এটা অন্যতম কাৰণ হ’ল ৰাজ পৰিয়ালৰ প্রধানতঃ যুৱৰাজসকলৰ স্বাৰ্থপৰতা আৰু তেওঁলােকৰ পৰস্পৰৰ মাজত হােৱা ক্ষমতাৰ যুঁজ বাগৰ । প্রথম কুমাৰ গুপ্তৰ মৃত্যুৰ পাছত সিংহাসনৰ কাৰণে তেওঁৰ পুতেকসকলৰ ( পুৰুগুপ্ত , স্কন্দগুপ্ত আৰু ঘটোৎকচ গুপ্তৰ ) মাজত সম্ভৱতঃ এখন উত্তৰাধিকাৰ যুদ্ধ হৈছিল । এই যুদ্ধত স্কন্দগুপ্তই জয়লাভ কৰিছিল যদিও গুপ্ত সিংহাসনে এনে দুর্যোগৰ পৰা ৰেহাই নাপালে ।

( গ ) বাকাটক ( Vakatakas ) সকলৰ আক্রমণ :- দাক্ষিণাত্যৰ বাকাটকসকল আছিল গুপ্তসকলৰ শক্তিশালী প্রতিবেশী । সমুদ্রগুপ্তৰ দৰে শক্তিশালী সম্রাট শাসন কালত বাকাটক সকলে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল । পিছৰ কালৰ শাসকসকলৰ দুৰ্বলতাৰ সুযােগ গ্রহণ কৰি বাকাটসকল অধিক শক্তিশালী হৈ পৰিছিল । 

( ঘ ) ত্রুটিপূর্ণ শাসন ব্যবস্থা :- গুপ্তসকলষ বিকেন্দ্রীয় শাসনব্যৱস্থাইও ইয়াৰ পতনৰ অৰিহণা যােগায় । গুপ্তসকলে মৌর্যসকলৰ লেখীয়াকৈ এটা শক্তিশালী কেন্দ্রীয় শাসন ব্যৱস্থা গঢ়ি তুলিব পৰা নাছিল । মৌর্য সাম্রাজ্যত প্রাদেশিক শাসকবােৰ আছিল কেন্দ্রীয় চৰকাৰৰ আজ্ঞাবাহী । কিন্তু গুপ্ত শাসনত অন্য ধৰণেহে পৰিচালিত হৈছিল । 

( ঙ ) অধীন নৃপতিসকলৰ আনুগত্য অস্বীকাৰ :-  গুপ্তসকলৰ আভ্যন্তৰীণ দুর্বলতাৰ সুযােগ লৈ স্থানীয় শাসক আৰু অন্যান্য ৰাজন্যবর্গই স্বাধীনতা ঘােষণা কৰিবলৈ সুযােগ পাইছিল । মালৱৰ যশােবর্মনে হূণসকলক পৰাজিত কৰি নিজৰ প্রতিপত্তি বদ্ধি কৰাৰ লগতে গুপ্তসকলৰ প্রভাৱ নিষ্প্রভ কৰি তুলিছিল । 

( চ ) হূণ আক্রমণ :- হূণসকলৰ উপর্যুপৰি আক্রমণে গুপ্ত সাম্রাজ্য ধ্বংসত যথেষ্ট অৰিহণা যােগায় । গুপ্ত ৰজাসকলে এই আক্রমণ সফলতাৰে প্ৰতিৰােধ কৰিছিল যদিও ইয়াত ব্যস্ত থাকিবলগীয়া হােৱাত গুপ্ত ৰজাসকল তলতীয়া শাসকসকলৰ প্রতি বিশেষ চকু দিব নােৱৰাত সাম্রাজ্যৰ বান্ধ ঢিলা হৈ পৰিছিল । শেষত আন্তঃবিদ্রোহ আৰু বিশৃংখলতাপূর্ণ গুপ্ত সাম্রাজ্যক পুনৰ গঠন কৰিব পৰা যােগ্যতাৰ গুপ্ত সম্রাট এজনে সাম্রাজ্যখন লাভ কৰিব নােৱাৰিলে । বৰঞ্চ শেষ দুর্বল গুপ্ত সম্রাটসকলে বৌদ্ধধর্ম দীক্ষিত হৈ গুপ্তৰে সামৰিক শক্তিটো অধিক দুর্বল কৰি তুলিলে । অৱশেষত ৫৫৪ খ্রীঃত মৌখাৰী ৰজা ঈষাণ বৰ্মনৰ হাতত গুপ্ত সাম্রাজ্যৰ চূড়ান্ত পতন ঘটিছিল । 

প্রশ্ন ৩৫। কণিষ্কৰ কৃতিত্ব আৰু চৰিত্ৰৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ দ্বিতীয় কডফিছিছিৰ পাছত কণিষ্ক কুষাণ বংশৰ ৰজা হিচাপে সিংহাসনত আৰহণ কৰে । কণিষ্কৰ সিংহাসন আৰহণৰ সময় সম্বন্ধে বিভিন্ন ঐতিহাসিকসকল একমত নহয় । ড° স্মিথৰ মতে ১১০ খ্রীঃৰ পৰা ১২০ খ্রীঃৰ ভিতৰত কণিষ্কই সিংহাসনত আৰহণ কৰিছিল । আনহাতে জে এন বেনার্জী , ড° ৰাজয়চৌধুৰী , ড° সৰকাৰ প্রভৃতি ঐতিহাসিক পণ্ডিতসকলে কণিষ্কৰ ৰাজত্বকাল ৭৫ খ্রীঃৰপৰা আৰম্ভ হােৱা বুলি মত পােষণ কৰে ৷ শেষত ৭৮ খ্রীষ্টাব্দত কণিষ্কৰ দ্বিতীয় কডফিছিহ্ন মৃত্যুৰ পিছত কণিষ্ক কুষাণবংশৰ ৰজা হয় বুলি প্ৰায়ভাগ পণ্ডিতে মত পােষণ কৰে । 

কণিষ্কৰ যুদ্ধ বিজয় :- কণিষ্কই সিংহাসনত উঠিয়েই কডফিছিছৰ অপমানৰ প্রতিশােধ লবলৈ বিচাৰে । হিউয়েনচাঙৰ বিৱৰণী মতে কনিষ্কই চীনা সাম্রাজ্য আক্রমণ কৰে আৰু এওঁলােকৰ অধীনত থকা কাছাড় নামে ঠাই কবদ ৰাজ্যৰ চৈনিক ৰজাৰ এজন পুতেকক কণিষ্কই প্রতিভূস্বৰূপে নিজৰ ৰাজসভালৈ লৈ আহে।কণিষ্কই কাশ্মীৰ নিজ ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল বুলি ড° স্মিথে উল্লেখ কৰিছে । 

মগধ সাম্রাজ্যৰ বিৰুদ্ধে কণিষ্কই অভিযান চলােৱাৰ কোনাে বাস্তব প্রমাণ পোৱা নাযায় । কিন্তু বৌদ্ধ গ্রন্থৰ পৰা উল্লেখ পােৱা মতে কণিষ্কই পাটলিপুত্ৰ অধিকাৰ কৰাৰ পাছত বৌদ্ধ পণ্ডিত অশ্বঘােষক কণিষ্কই তেওঁৰ ৰাজসভালৈ লৈ আহিছিল । গতিকে এই ফালৰ পৰা মগধ সাম্রাজ্যৰ এটা অংশ কণিষ্কই দখল কৰা বুলি অনুমান কৰিব পাৰি । 

ইয়াৰ পিছত কণিষ্কই উজ্জয়িনীৰ শক ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । সম্ভৱতঃ এই যুদ্ধত কণিষ্কৰ হাতত শক ৰজা পৰাজিত হৈছিল । চুক্তি অনুসৰি শক ৰজাই মালৱ ৰাজ্যৰ এটা অংশ কণিষ্কক এৰি দিবলৈ বাধ্য হয় । এইদৰে বিভিন্ন ঠাই অধিকাৰ কৰি কণিকই পুৰুষপুৰ বা পেচোৱাৰত এখন ৰাজধানী স্থাপন কৰে । ৰাজধানীখন সৌন্দর্যবর্ধনৰ কাৰণে তাত বহুতাে অট্টালিকা আৰু বৌদ্ধ মঠ – মন্দিৰ নিৰ্মাণ কৰিছিল ।

সাম্রাজ্যৰ বিস্তৃতি :- বিভিন্ন শিলালিপিৰ পৰা জনা যায় যে বর্তমানৰ উত্তৰ প্ৰদেশ , পঞ্জাব আৰু উত্তৰ – পশ্চিম প্রদেশ আৰু ভাৱালপুৰ ৰাজ্যক লৈ কণিষ্কৰ সাম্রাজ্যখন গঠিত হৈছিল । পশ্চিমে খােচানৰ পৰা পূবে বিহাৰ পর্যন্ত উত্তৰে খােটানৰ পৰা দক্ষিণে কংকন পর্যন্ত কুষাণ সাম্রাজ্যৰ বিস্তৃতি আছিল বুলি বুৰঞ্জীবিদসকলে মত পােষণ কৰে । 

শিল্প সাহিত্যৰ পৃষ্ঠপােষক :- ধর্মীয় দিশৰ উপৰিও কণিষ্ক শিল্প সাহিত্যৰ পৃষ্ঠপােষক আছিল । কুষাণযুগৰ কাৰু কাৰ্যৰ নৈপুণ্যতাই দেশ বিদেশৰ লােকৰ দৃষ্টি আকর্ষণ কৰিছিল । কবি আৰু দার্শনিক অশ্বমেধ , বৌদ্ধ দার্শনিক নাগার্জুন , চিকিৎসক চৰক আদি মনিষীসকলে এওঁৰ ৰাজত্বকালত বিভিন্ন ক্ষেত্ৰত তেওঁলােকৰ অমৰ অৱদানেৰে দেশৰ প্রতি সমৃদ্ধি আগবঢ়াইছিল । 

প্রশ্ন ৩৬। সাতবাহন সকলৰ চমু ইতিহাস বর্ণনা কৰা । 

উত্তৰঃ অশােকৰ মৃত্যুৰ পাছত মৌর্য সাম্রাজ্য ক্রমশঃ দুর্বল হৈ পৰে । ঠিক এই সময়তেই দক্ষিণ ভাৰতত এটা নতুন শক্তিয়ে মূৰ দাঙি উঠে । মগধৰ কাৰ বংশৰ শাসন উচ্ছেদ কৰি মূৰ দাঙি উঠা এই শক্তিটোৱেই আছিল সাতবাহন বংশ । এই বংশটোক অস্ত্র বংশ বুলি জনা যায় । পুৰাণৰ সাতবাহনবংশীয় ৰজাসকল ব্রাহ্মণ আছিল । মুদ্রা , শিলালিপি আৰু পুৰাণ আদিৰ পৰা সাতবাহন বংশৰ ৰজাসকলৰ বিষয়ে বিশদভাৱে জানিব পৰা যায় । 

সাতবাহন বংশৰ আদি বাসস্থান সম্পর্কে বিভিন্ন পণ্ডিতে মত পােষণ কৰে । এইক্ষেত্ৰত ইতিহাসবিদসকল একমত হ’ব পৰা নাই । ইতিহাসবিদ ৰূপচন , ড° স্মিথ আদিৰ মতে অন্ধ্ৰসকলৰ আদি বাসস্থান ‘ অন্ধ’ত আছিল । গােপালাচাৰীৰ মতে সাতবাহনসকল বর্তমান হায়দৰাবাদ চহৰৰ ঔৰংবাদত বাস কৰিছিল । গতিকে দেখা যায় বেছিভাগ ইতিহাসবিদে অস্ত্র দেশেই সাতবাহন বংশৰ আদি বাসস্থান আছিল বুলি মত পােষণ কৰে । 

খ্রীঃ দ্বিতীয় শতাব্দীৰ প্রথম ভাগত গৌতমীপুত্র সাতকর্ণীৰ সাতবাহনসকলৰ হেৰােৱা গৌৰৱ আৰু ক্ষমতা পুনর্জীৱিত কৰিবলৈ সক্ষম হয় । তেওঁ শক , যবন , গ্রীক আৰু পহলবসকলক পৰাজিত কৰাৰ উপৰিও ক্ষহৰত বংশৰ শ্ৰেষ্ঠ শক ৰজা নাহাপানক পৰাস্ত কৰি ক্ষহৰত বংশৰ উচ্ছেদ সাধন কৰে । 

প্রথম সাতকর্ণীৰ মৃত্যুৰ পাছত সাতবাসন বংশই অৱনতিৰ পিনে গতি কৰে । তেওঁৰ স্ত্রীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ৰাজ্য শাসন কৰে । এই সময়তে সাতবাহন বংশৰ শাসকৰ দুর্বলতাৰ সুযােগ লৈ পশ্চিম ভাৰতৰ ক্ষহৰত নামৰ শক জাতৰ এটা শাখাই সাতবাহনসকলৰ হাতৰ পৰা মহাৰাষ্ট্ৰৰ এটা অংশ কাঢ়ি লয় । 

গৌতমীপুত্র সাতকর্ণীৰ মৃত্যুৰ পাছত তেওঁৰ ক্ষমতাশালী পুত্র বশিষ্টপুত্র পুলমায়ী সাতবাহন বংশৰ ৰজা হয় । অন্ধ্র , মধ্যপ্রদেশৰ কিছু অংশ আৰু কৰমণ্ডল উপকূললৈকে তেওঁ সাতবাহন  ৰাজ্যৰ প্রাধান্য বিস্তাৰ কৰে । তেওঁৰ ৰাজত্বকালত সাতবাহন বংশই চাৰিওফালে শ্রেষ্ঠতা লাভ কৰে । তেওঁৰ ৰাজত্ব কালতেই দেশৰ অর্থনৈতিক অৱস্থা যথেষ্ট উন্নতি হয় । নৱ নগৰ নামে চহৰখন তেওঁৰ দিনত নির্মাণ কৰা হৈছিল । তেৱেই ‘ মহাৰাজ ’ উপাধি , দক্ষিণা পথেশ্ব উপাধি গ্রহণ কৰে । টলেমিৰ লিখনিৰ পৰা পুলমায়ীৰ শাসনকালৰ বিষয়ে জানিব পাৰি ।পুলমায়ীৰ মৃত্যুৰ পাছত শিৱশ্রী পুলমায়ী সাতবাহন বংশৰ ৰজা হয় । যথাসম্ভৱ ৰুদ্ৰদমনৰ হাতত শিৱশ্রী দুবাৰৰ পৰাজিত হৈছিল । 

প্রশ্ন ৩৮। দক্ষিণ ভাৰতৰ ইতিহাসত চোলসকলৰ অৱদান সম্পর্কে চমু আভাস দিয়া । 

উত্তৰঃ মেগাস্থানিছৰ টোকা আৰু অশােকৰ শিলালিপিৰ পৰা চোল ৰাজ্যৰ বিষয়ে কিছু তথ্য পােৱা যায় । 

চোল ৰাজ্যৰ প্রথম ঐতিহাসিক ৰজা আছিল কৰিকেল । এওঁ এজন শক্তিশালী ৰজা আছিল । তেওঁ পাণ্ড্য , কেৰেলা আৰু সিংহল জয় কৰিছিল । এওঁ কাবেৰী নৈৰ তীৰত এখন নতুন ৰাজধানী স্থাপন কৰিছিল । 

পৰান্তকৰ মৃত্যুৰ পাছত চোলবংশৰ পৰৱর্তী শাসকসকল দুর্বল হােৱা হেতুকে চোল ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে । শেষত দশম শতিকাৰ শেষ ভাগত ৰাজাৰাম নামৰ এজন ক্ষমতাশালী ৰজাই চোল ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে । তেওঁ সিংহাসনত আৰােহণ কৰিয়েই চোল ৰাজ্যৰ হেৰুৱা শক্তি আৰু প্রতিপত্তি ঘূৰাই আনে । 

ৰাজাৰামৰ শাসনকাল অতি দীঘলীয়া আছিল । এই কালছােৱাৰ ভিতৰত তেওঁ অন্যান্য বহুতাে ৰাজ্য জয় কৰি দাক্ষিণাত্যৰ একচ্ছত্রী শাসক হৈ পৰে । তেওঁ চালুক্যসকলক পৰাজিত কৰি বেংগী পুনৰ উদ্ধাৰ কৰে । 

ৰাজাৰামৰ মৃত্যুৰ পাছত ১০১৮ চনত ৰাজেন্দ্ৰ চোল সিংহাসনত উঠে । সিংহাসনত আৰােহণ কৰিয়েই ৰাজ্য বিস্তাৰৰ প্রতি মনােযােগ দিয়ে শক্তিশালী নৌবাহিনীৰ সহায়ত তেওঁ পেণ্ড , আন্দামান , নিকোবৰ আদি দ্বীপসমূহ দখল কৰে । মহীশূৰৰ গংগা ৰজা আৰু কল্যাণৰ চালুক্য ৰজাও এওঁৰ হাতত পৰাস্ত হয় । 

ৰাজেন্দ্ৰ চোলদেৱৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰাজাধীৰাজে সিংহাসনত বহে । এওঁৰ ৰাজত্ব কালৰ অধিকাংশ সময়েই চোল ৰাজ্যৰ আভ্যন্তৰীণ বিদ্রোহ দমন কৰাত অতিবাহিত হয় । বিভিন্ন ৰাজ্যৰ লগত যুদ্ধত জয়লাভ কৰি এওঁ অশ্বমেধ যজ্ঞ সমাপন কৰে । 

চোল ৰাজ্যৰ শাসন ব্যৱস্থা উৎকৃষ্ট আছিল । গাঁও আৰু নগৰ শাসনৰ বাবে প্রতিনিধিমূলক স্বায়ত্ত শাসন ব্যৱস্থা আছিল । স্বায়ত্ত শাসন পৰিচালনা কৰাৰ কাৰণে কর্মচাৰীসকলক নিযুক্তি দিছিল । 

চোল ৰজাসকলে সামুদ্রিক বাণিজ্য আৰু সামৰিক প্রয়ােজনীয়তাৰ কাৰণে এক বিশাল নৌ – বাহিনী গঠন কৰিছিল । দেশৰ কৃষি কাৰ্যৰ সুবিধাৰ কাৰণে একাধিক বিশাল জলসিঞ্চন পৰিকল্পনা কার্যকৰী কৰা হৈছিল । চৰকাৰী ৰাস্তা – ঘাট , জলসিঞ্চন প্রভৃতি কামৰ কাৰণে নিবনুৱা লােকক কামত নিয়ােগ কৰিছিল । 

চোল বংশৰ সম্রাটসকল স্থাপত্য আৰু ভাস্কর্য শিল্পৰ পৃষ্ঠপােষক আছিল । এই যুগত তামিল সাহিত্যই বিশেষ প্রসাৰতা লাভ কৰিছিল । 

প্রশ্ন ৩৯। গুপ্ত যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ ফাহিয়ানৰ বিবৰণী আৰু শিলালিপি সমুহত পােৱা তথ্য অনুসৰি জনা যায় যে গুপ্ত শাসন ব্যৱস্থা কেন্দ্রীয় আৰু প্রাদেশিক এই দুই ভাগত ভগাব পাৰি । সকলাে শাসন ব্যৱস্থাৰ মুৰব্ৰী আছিল ৰজা নিজে । আইন কানুন বলবৎ ৰাখি ৰজাই দেশৰ শান্তি শৃঙ্খলা বজাই ৰাখিছিল ।

বিদেশী আক্রমণ আৰু আভ্যন্তৰীণ বিপদৰ পৰা দেশ আৰু প্রজাবৰ্গক ৰক্ষা কৰা ৰজাৰ প্রধান কর্তব্য আছিল । চৰকাৰী নীতি নির্ধাৰণ , বিচাৰ ব্যৱস্থা , শাসন ব্যৱস্থা আৰু শুদ্ধ পৰিচালনা আদি ৰজাসকলৰ কৰিবলগীয়া আন আন দায়িত্ব আছিল । এখন বিশাল সাম্রাজ্যৰ শাসন ব্যৱস্থা  বাহাল ৰখাৰ কাৰণে ৰজাৰ পক্ষে অসম্ভৱ আছিল আৰু সেই কাৰণে বিভিন্ন বিভাগ চোৱা – চিতা কৰাৰ কাৰণে বিভিন্ন পর্যায়ৰ ৰাজকর্মচাৰী নিযুক্ত কৰিছিল । 

গুপ্ত সাম্রাজ্য কেইখনমান প্রদেশত বিভক্ত আছিল । প্রদেশসমূহ দেশ ভুক্তি , দেশ , ভােগ , উপৰিক , গােপ্ত আৰু ভৌগিক নামেৰে পৰিচিত আছিল ।সেইবােৰ আকৌ জিলা নাইবা ‘ বিষয়ত বিভক্ত আছিল । বিষয় বা জিলাৰ বাৰক ‘ বিথিতত ভাগ কৰা হৈছিল । কেইবাখনাে গাঁও লগলাগি ‘ পেথক ’ আৰু ‘ শান্তক ’ বােলা হৈছিল । দেশবােৰৰ ভিতৰত সুকুলি , দেশ , সৌৰাষ্ট্র , ধাৱল প্রভৃতিৰ উল্লেখ পােৱা যায় । 

গাঁৱৰ শাসনকার্যত গ্রামিক বা গাঁওবুঢ়াই মুৰব্বী আছিল । দুতসকলেও গাঁৱৰ শাসনকার্যত সহায় কৰিছিল । 

ফাহিয়ানৰ বিৱৰণৰপৰা গুপ্তযুগৰ শাসনব্যৱস্থাৰ বিষয়ে বহুতাে কথা জানিব পাৰি আৰু তেওঁ গুপ্তযুগৰ আমােলৰ শাসন দক্ষতাৰ শ্ৰেষ্ঠতা প্রশংসা কৰি গৈছে । 

গুপ্তযুগৰ শাসন ব্যৱস্থাত অৱশ্যে বহুতাে ত্রুটি লক্ষ্য কৰা যায় । গুপ্ত সাম্রাজ্যখন এখন বিশাল সাম্রাজ্য আছিল । একোজন শাসক দক্ষতাৰ ওপৰতে সাম্রাজ্যখনৰ স্থিতি নিৰ্ভৰ কৰিছিল । গুপ্তযুগৰ পিছৰ শাসকসকল অত্যন্ত দুর্বল আছিল । সেয়ে তেওঁলােকে এখন বিশাল সাম্রাজ্য কৰাৰ কাৰণে অপৰাগ হৈছিল । ইয়াৰ ফলতেই এটা সময়ত গুপ্ত সাম্রাজ্যখনৰ পতন ঘটিছিল । 

প্রশ্ন ৪০। মগধৰ উত্থানৰ কাৰণবােৰ দর্শোৱা ।

উত্তৰঃ আধুনিক ইতিহাসবিদ সকলৰ মতে মগধৰ উত্থানৰ কাৰণবােৰ হ’ল— 

( ক ) মগধ আছিল প্রকৃতি প্রদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদী মাতৃক ৰাজ্য । ইয়াৰ চাৰিওফালে পাহাৰে আবৃত কাৰণে ই অত্যন্ত সুৰক্ষিত আছিল । 

( খ ) মগধত প্ৰচুৰ পৰিমানে লাে পােৱা গৈছিল । লােৰ সহায়ত খেতিৰ সঁজুলি আৰু যুদ্ধ বিগ্ৰহৰ অস্ত্র – শস্ত্র তৈয়াৰ কৰাত সহজ হৈছিল । 

( গ ) মগধৰ হাবিত বিস্তৰ হাতী পােৱা গৈছিল । ইয়াৰ সহায়ত এক শক্তিশালী সামৰিক বাহিনী সৃষ্টি কৰাত সহজ হৈছিল । 

( ঘ ) মগধে প্রকৃতিগত ভাবে লাভ কৰিছিল বহুতাে সুযােগ্য নেতা আৰু সু – বিশাল সৈন্য বাহিনী । 

প্রশ্ন ৩৫। প্রাচীন ভাৰতৰ মন্দিৰ স্থাপত্য বিদ্যাৰ বিকাশৰ অগ্ৰগতিৰ চমু আভাস দিয়া ।

উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্যবিদ্যাৰ ভিতৰত প্ৰধানকৈ স্কুপ আৰু মঠ – মন্দিৰবােৰ আছিল বিশেষভাৱে উল্লেখযােগ্য । 

স্তপ নির্মাণ প্রাচীন কালৰ অন্যতম শ্রেষ্ঠ স্থাপত্য কীর্তি । স্তপ বা ঢিপপােৰ প্ৰথমতে সাধাৰণ মাটিৰ অর্ধগােলাকৰ ঢিপৰ দৰে আছিল । পিছলৈ ইয়াক আন্দা বুলি কোৱা হৈছিল । লাহে লাহে ইয়াৰ গঠনশৈলী ক্রমে জটিল হৈ বর্গাকৃতি আৰু সন্তুলিত গােলাকৃতি ৰূপত প্রকাশ পায় । সাঁচিৰ স্তুপ নির্মাণৰ সম – সাময়িকভাৱে দেৱ – দেৱীৰ মূর্তিসমূহ প্রতিষ্ঠাৰ বাবে মন্দিৰ গৃহনির্মাণ কৰা হৈছিল । প্রথম অৱস্থাত মন্দিৰসমূহ একো একোটা বর্গক্ষেত্রাকাৰ কোঠা আছিল ; যাক গর্ভগৃহ বুলি কোৱা হৈছিল । লাহে লাহে গর্ভগৃহৰ ওপৰত এটি ওখ গাঁথনি সজা হৈছিল , যাক শিখৰ বুলি জনা গৈছিল । মন্দিৰসমূহ ভাস্কর্যৰে অলংকৃত কৰা হৈছিল । পিছলৈ মন্দিৰ স্থাপত্যৰ যথেষ্ট বিকাশ সাধন হৈছিল ।

1 thought on “Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top