Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ and select needs one.

Join Telegram channel

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Solutions for All Subject, You can practice these here…

প্রশ্ন ২১। মৌর্য সাম্রাজ্যৰ পতনৰ ক্ষেত্ৰত অর্থনৈতিক সংকট কেনেকৈ অৰিহণা যােগইছিল ? 

উত্তৰঃ ( ক ) মৌর্যযুগৰ বিশাল সামৰিক বাহিনীটো পৰিচালনা কৰাৰ ক্ষেত্ৰত অনেক অর্থ প্রয়ােজন হৈছিল । ফলত দেশত অর্থনৈতিক সংকটে দেখা দিছিল । 

( খ ) বৌদ্ধধর্ম প্রচাৰ কৰাৰ কাৰণে অশােকে বিশাল পৰিমাণৰ ৰাজকোষৰ ধন খৰচ কৰিছিল । ফলত দেশত অর্থৰ নাটনি হৈছিল । 

( গ ) বৌদ্ধ ডিফু আৰু আজিৰীক আদি ধৰ্মৰ লােকৰ বাবে অশােকে বিহাৰ , স্কুপ আদি সাজোতেই ৰাজকোষৰ পৰা অজস্ৰ টকা খৰচ কৰিছিল । অকল বৌদ্ধ ভিক্ষুসকলৰ বাবেই তেওঁ ৮৪,০০০ টা বিহাৰ নিৰ্মাণ কৰিছিল বুলিও জনা যায় । ফলত ৰাজভঁড়ালৰ তলি উদং হৈ পৰে । 

( ঘ ) এইবােৰৰ উপৰিও অশােকে অত্যধিক পৰিমাণে দান – দক্ষিণা দিয়াৰ ফলতাে ৰাজকোষ উদং হৈ পৰিছিল । 

( ঙ ) অর্থনৈতিক সংকটৰ কাৰণে অশােকৰ পিছৰ শাসকসকলে আনকি বহুতাে সােণৰ মূর্তি গলাই বিক্ৰী কৰি দেশ চলাবলৈও বাধ্য হৈছিল বুলি তথ্যৰ পৰা জনা যায় । 

প্রশ্ন ২২। মৌর্য যুগৰ শাসন প্রণালীৰ বিষয়ে আলােচনা কৰা । নাইবা , মৌর্য যুগৰ শাসন ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ লিখা । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মেগাস্থানিচৰ টোকা আৰু কৌটিল্যৰ অর্থশাস্ত্ৰৰ পৰা মৌর্য যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰি । সেই বিষয়ে তলত কিছু কথা উল্লেখ কৰা হ’ল – 

( ক ) কেন্দ্রীয় শাসন ব্যৱস্থা :- মৌর্য শাসন ব্যৱস্থাত ৰজা আছিল শাসনৰ প্রধান মুৰব্বী । ৰজাক দিহা পৰামর্শ প্রদান কৰাৰ কাৰণে এখন মন্ত্রী পৰিষদ গঠন কৰিছিল যদিও ৰজাই মন্ত্রী পৰিষদৰ দিহা পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নাছিল । 

( খ ) প্রাদেশিক শাসন ব্যৱস্থা :- মৌর্য সাম্রাজ্যখন কিছুমান প্রদেশত ভাগ কৰিছিল । এই প্রদেশসমূহ চোৱা চিতা কৰাৰ কাৰণে কিছুমান ৰাজবংশৰ লােকক নিয়ােগ কৰিছিল । প্রদেশবােৰ আকৌ কিছুমান সৰু সৰু গােটত ভাগ কৰা হৈছিল । এই সৰু সৰু গােটবােৰ ভালদৰে চোৱা চিতা কৰাৰ কাৰণে প্রশাসনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । 

( গ ) স্থানীয় শাসন ব্যৱস্থা :- মৌর্যযুগত প্রধানকৈ তিনিখন নগৰীৰ কথা জনা যায় । এই নগৰী কেইখন হ’ল পাটলিপুত্র , কৌশম্বী আৰু তক্ষশীলা । পাটলিপুত্ৰ নগৰীখন চোৱা চিতা কৰাৰ কাৰণে ছয়খন সমিতি আছিল । আনহাতে প্রতিখন সমিতিৰ সদস্যসংখ্যা আছিল পাঁচজন । এইসকল লােকে জন্ম মৃত্যুৰ চন তাৰিখ ৰখা , জোখ মাফ পদ্ধতি চোৱাচিতা কৰা , নগৰখন চাফ চিকুণকৈ ৰখা আৰু বিদেশী লােকসকলক চোৱা চিতা কৰাৰ দায়িত্ব পালন কৰিব লাগিছিল । পঞ্চায়তী শাসন ব্যৱস্থাৰ জৰিয়তে গাঁওবােৰ পৰিচালিত হৈছিল । 

( ঘ ) বিচাৰ আৰু সৈন্য বাহিনী :- মৌর্যযুগত দেৱানী আৰু ফৌজদাৰী নামৰ দুই প্রকাৰৰ আদালত আছিল । ফৌজদাৰী আইন বৰ কঠোৰ আছিল । প্রাণদণ্ড , অঙ্গচ্ছেদ , কাৰাদণ্ড আদি শাস্তিৰ ব্যৱস্থা আছিল । সামৰিক বিভাগটো ত্রিছখন সদস্যৰ ছয়খন সমিতিৰ দ্বাৰা পৰিচালিত হৈছিল । এই সমিতিখন হ’ল নৌবহৰ , যােগাযােগ আৰু সৰবৰাহ , পদাতিক , অশ্বাৰােহী , বথ আৰু হাতীবিভাগ । ইয়াৰ পৰা জনা যায় যে মৌর্য যুগৰ সামৰিক বাহিনী অতি শক্তিশালী আছিল । 

প্রশ্ন ২৩। চন্দ্রগুপ্ত মৌর্যই কেনেদৰে মৌর্য ৰাজবংশ প্রতিষ্ঠা কৰিছিল ? অথবা , ভাৰতত মৌর্য বংশ প্রতিষ্ঠাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ আলেকজেণ্ডাৰৰ প্রত্যাৱর্তনৰ পিছত ভাৰতৰ ৰাজনৈতিক আকাশত চন্দ্রগুপ্ত মৌর্য নামৰ এজন বিচক্ষণ ৰাজনীতিবিদৰ আৱির্ভাব হৈছিল । যিজনে আলেকজেণ্ডাৰে এৰি থৈ যােৱা নিশকতীয়া ভাৰতীয় শক্তিসমূহক একত্রিত কৰি নন্দবংশৰ উচ্ছেদকাৰী চন্দ্রগুপ্ত মৌর্যই মগধত স্থাপন কৰিছিল ভাৰতৰ প্রথম ঐতিহাসিক মৌর্য ৰাজবংশ । 

চন্দ্রগুপ্তৰ জন্ম সম্পর্কে ইতিহাস নিমাত । অৱশ্যে এক তথ্য মতে চন্দ্রগুপ্ত মৌর্যই সিংহাসনত উঠাৰ সময়ত যিহেতু তেওঁৰ বয়স পঁচিছ বছৰ হৈছিল সেই ফালৰ পৰা খ্রীঃ পূঃ ৩৪৮ চনটো তেওঁৰ জন্ম বর্ষ হিচাপে ধৰা হয় । তথাপিও চন্দ্রগুপ্তৰ ল’ৰালিকাল সম্পর্কেও ইতিহাসৰ তথ্য একমত হােৱা দেখা নাযায় । পুৰাণ , বৌদ্ধ আৰু জৈন সাহিত্যৰ তথ্য মতে কিছুমান পণ্ডিতে তেওঁক শুভ্র বংশজাত বুলি ক’ব খােজে । আন কিছুমানে তেওঁক ক্ষত্রিয় বুলি কব খােজে । অৱশ্যে বেছিভাগ পণ্ডিত এই কথাত একমত যে চাণক্য বা কৌটিল্য নামৰ এজন বিচক্ষণ ব্রাহ্মণে তেওঁৰ শিক্ষা – দীক্ষাত আগভাগ লৈছিল । 

এক তথ্য মতে চন্দ্রগুপ্তই আলেকজেণ্ডাৰক পচোৱাত লগ ধৰিছিল । কিন্তু চন্দ্রগুপ্তৰ দাম্ভিক আচৰণত অসন্তুষ্ট হৈ আলেকজেণ্ডাৰে তেওঁক মৃত্যুৰ আদেশ দিছিল । কিন্তু তীক্ষ্ণ বুদ্ধি সম্পন্ন চন্দ্রগুপ্তই তাৰপৰা পলায়ন কৰে আৰু আলেকজেণ্ডাৰৰ বিৰুদ্ধে এটি শক্তিশালী সৈন্যবাহিনী গঠন কৰে । পিছত সম্ভৱত খ্রীঃ পূঃ ৩২১ ত চন্দ্রগুপ্তই এখন ৰক্তাক্ত যুদ্ধৰ সহায়ত মেচিডনিয়ানসকলক বা গ্রীক সকলক পৰাজিত কৰিবলৈ সক্ষম হয় । 

গ্রীসকলক বহিস্কাৰৰ পিছত চন্দ্রগুপ্তই এইবাৰ মগধৰ অত্যাচাৰী নন্দবংশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । পিছত তেওঁ নন্দবংশ ধ্বংস কৰি লগত নতুন ৰাজবংশ প্রতিষ্ঠা কৰে । এয়া আছিল ঐতিহাসিক মৌর্য ৰাজবংশ । 

প্রশ্ন ২৪। চন্দ্ৰৰ মৌর্য শাসনব্যৱস্থাৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য শাসন প্রণালীসমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । সেইবােৰ হ’ল— 

ৰজাৰ ক্ষমতা আৰু কার্যপদ্ধতি :- ৰজাৰ ওপৰতে দেশৰ সর্বোচ্চ ক্ষমতা ন্যস্ত আছিল । তেৱেঁই দেশৰ সর্বোচ্চ কার্যনির্বাহক প্রধান সেনাপতি , প্রধান বিচাৰপতি আৰু আইন ৰচক । ৰজা সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হ’লেও তেওঁ স্বেচ্চাছাৰী আৰু মইমতীয়া স্বভাৱৰ নাছিল । জনসাধাৰণৰ মঙ্গল সাধন কৰাই আছিল ৰজাৰ মূল কর্তব্য । নিজে বিচাৰ কার্য সম্পাদন কৰিছিল । দোষ অনুযায়ী ৰজাই দোষীক শাস্তি বা ক্ষমাদান কৰিছিল । তেওঁৰ শাসন পদ্ধতি সুনিয়ন্ত্রিত আছিল । সুচাৰুৰূপে শাসন ব্যৱস্থা চলােৱাৰ কাৰণে শাসন প্রণালী বিভিন্ন বিভাগত ভাগ কৰি একোজন উপযুক্ত কর্মচাৰীৰ হাতত একোটা নির্দিষ্ট বিভাগৰ দায়িত্ব অর্পণ কৰিছিল ।

অমাত্য বা সচিব :- মহামন্ত্রীসকলেই আছিল সচিব বা অমাত্যসকলৰ মাজত সকলােতকৈ উচ্চপদস্থ বিষয়া । মহামন্ত্রীসকলৰ অধীনত বিভিন্ন দায়িত্বশীল বহুসংখ্যক কর্মচাৰী আছিল । পণ্য সৰবৰাহ , কৃষি , অৰণ্য , খনি আদি বিভিন্ন বিভাগৰ দায়িত্ববােৰ তেওঁলােকৰ ওপৰত অৰ্পণ  কৰিছিল । চহৰৰ দায়িত্ব লােৱাসকলৰ ‘নগৰাধ্যক্ষ’ আৰু সৈন্য বিভাগৰ ভাৰপ্রাপ্ত ব্যক্তিসকলক ‘ ৰণাধ্যক্ষ নামে কোটিল্যৰ অর্থশাস্ত্ৰত উল্লেখ আছে । সৎ আৰু বিশ্বাসী কর্মচাৰীসকলৰ মাজৰ পৰা বিচাৰক নিয়ােগ কৰা হৈছিল । 

মন্ত্রী পৰিষদ :- দেশৰ কামকাজ সুচাৰুৰূপে চলােৱাৰ কাৰণে চন্দ্রগুপ্তই এখন মন্ত্রী পৰিষদ বা মন্ত্রীসভা গঠন কৰিছিল । মন্ত্রীসভাৰ পৰামর্শ অনুসৰিহে ৰজাই জৰুৰী পৰিস্থিতি আৰু শাসন  সংক্রান্ত জটিল কার্যবিলাক সমাধা কৰিছিল । মন্ত্রী পৰিষদৰ মতামত গ্রহণ কৰা ৰজাৰ পক্ষে বাধ্যতামূলক নাছিল যদিও কৌটিল্যৰ দৰে শক্তিশালী মন্ত্রীৰ সহযােগত গৃহীত কোনাে সিদ্ধান্ত ৰজাই বাতিল কৰা টান হৈছিল । মহামন্ত্রীসকলৰ তুলনাত মন্ত্রীসকলৰ স্থান নিম্নপর্যায়ৰ আছিল । 

প্রাদেশিক শাসন ব্যৱস্থা :- শাসন ব্যৱস্থা যাতে সুচাৰুৰূপে চলাব পাৰি তাৰ কাৰণে মৌর্য সাম্রাজ্য কেইখনমান প্রদেশত ভাগ কৰা হৈছিল ।প্রদেশসমূহক আকৌ বিভিন্ন খণ্ডত ভাগ কৰি তাত একোজন অধ্যক্ষ নিয়ােগ কৰা হৈছিল । উচ্চ সম্প্রদায়ৰ বা কোনাে ৰাজকুমাৰ পৰিয়ালৰ লােকৰ প্রত্যক্ষ প্রদেশকে একোজন কুমাৰ বা অমাত্যৰ অধীনত ৰখা হৈছিল । গ্রামিক নামৰ এজন বিষয়াৰ অধীনত গাঁৱৰ শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল । 

পৌৰ শাসনব্যৱস্থা :- পৌৰ শাসন ব্যৱস্থাই আছিল চন্দ্রগুপ্তৰ শাসন ব্যৱস্থাৰ গুৰুত্বপূর্ণ বিভাগ । ৰাজধানী পাটলিপুত্র সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে ৩০ জন সদস্যৰে গঠিত একোখন সমিতি গঠন কৰা হৈছিল । একোখন সমিতিয়ে নগৰ শাসনৰ একোটা বা বেছি বিভাগ পৰিচালনা কৰিছিল । প্রথমখনে ব্যৱসায় বাণিজ্যৰ প্ৰতি নজৰ ৰাখিছিল । দ্বিতীয়খনে চিকিৎসা , মৃত ব্যক্তি সম্পত্তি উত্তৰাধিকাৰিক ঘূৰাই দিয়া আদি দায়িত্ব গ্রহণ কৰিছিল । তৃতীয়তে জন্ম মৃত্যুৰ হিচাপ আৰু লােকপিয়লৰ কাম কৰিছিল । চতুর্থখনে জোখ পদ্ধতিৰ ওপৰত চকুৰাখিছিল । পঞ্চমখনে ভেজাল বস্তু যাতে নির্ভেজাল বুলি বিক্ৰী কৰিব নােৱাৰে তাৰ ওপৰত চকু ৰাখিছিল । ষষ্ঠখনে , ব্যৱসায়ীসকলক বিক্রয় মূল্যৰ পৰা এক ষষ্ঠাংশ কৰ হিচাপে আদায় কৰিছিল । 

সামৰিক বিভাগ :- সামৰিক বিভাগৰ প্ৰশাসনীয় ব্যৱস্থাও চন্দ্রগুপ্ত মৌর্য শাসন ব্যৱস্থাৰ এক উল্লেখযােগ্য দিশ । সামৰিক বিভাগক ছয়খন সমিতিৰ দ্বাৰা পৰিচালনা কৰা হৈছিল । প্রত্যেকখন সমিতিতে পাঁচজনকৈ সদস্য আছিল । দায়িত্বপূর্ণ আৰু অভিজ্ঞ ব্যক্তিৰ ওপৰতহে বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল ।

প্রশ্ন ২৫। নিজ ধর্মমতক বাস্তৱত ৰূপায়িত কৰাৰ বাবে অশােকে কি কি চৰকাৰী আৰু মানব কল্যাণমূলক ব্যবস্থা গ্রহণ কৰিছিল ? 

উত্তৰঃ কলিঙ্গ যুদ্ধৰ ভয়াবহতাই অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । বৌদ্ধ সন্ন্যাসী উপগুপ্তৰ ওচৰত তেওঁ বৌদ্ধধর্মত দীক্ষা লয় । অশােকে ধর্মপ্রচাৰ কৰি জনসাধাৰণৰ মঙ্গল সাধনৰ কাৰণে প্ৰেম আৰু অহিংসাৰ ব্ৰত গ্ৰহণ কৰি দেশ বিদেশৰ লােকৰ অন্তৰ জয় কৰি মানুহৰ মাজত মনুষ্যত্বৰ বিকাশ সাধন কৰাৰ কাৰণে তেওঁ নিজকে নিয়ােগ কৰিছিল । সেয়ে তেওঁ নিজ ধর্মমতক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । হিংসা , নিষ্ঠুৰতা , অহংকাৰ , ক্রোধ , ঈর্ষা ইত্যাদি পৰিহাৰ কৰি সংবৃত্তি , সৎচৰিত্ৰ , শুদ্ধ , পৱিত্ৰতা , নম্রতা , উদাৰতা , কৰুণা আদি সদ গুণবােৰ আহৰণ কৰাই হ’ল অশােকৰ ধৰ্মৰ মূল লক্ষ্য আৰু আদর্শ । ধৰ্মৰ এই বাণীবােৰ বিভিন্ন ঠাইত খােদিত কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল । সকলাে প্ৰজাক অশােকে তেওঁক নিজৰ বুলি ঘােষণা কৰি তেওঁলােকৰ সকলাে প্ৰকাৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল । 

অশােকে তেওঁৰ ধর্মবিজয়ৰ নীতিক সম্ভৱত ৰূপায়িত কৰাৰ কাৰণে দেশৰ বিভিন্ন ঠাইত স্তম্ভ নির্মাণ কৰাইছিল । এই স্তম্ভসমূহক ‘ ধর্মলিপি’বুলি কোৱা হৈছিল । জনসাধাৰণক নৈতিক আৰু আধ্যাত্মিক জ্ঞান দিয়াই আছিল ইয়াৰ মূল উদ্দেশ্য । সঁচা কথা কোৱা , পিতৃ – মাতৃক ভক্তি কৰা , গুৰুজনক ভক্তি কৰা সকলাে জীৱৰ প্রতি দয়ালু হােৱা আদি বাণীসমূহ এই ধর্মলিপিত লিখাই ৰাখিছিল । মানুহে যাতে প্রকৃত ধার্মিক জীৱন – যাপন কৰিব পাৰে তাৰ কাৰণে তেওঁ এই বাণীসমূহ ধর্মলিপিৰ জৰিয়তে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল । 

অশােকৰ মানৱকল্যাণমূলক ব্যৱস্থা :- অশােকে প্ৰজাসকলৰ মাজত কেৱল ধর্মপ্রচাৰ কৰা কার্যত ব্ৰতী হৈ থকা নাছিল । প্রজাসাধাৰণৰ পাৰ্থিৱ সুখ সম্ভোগৰ প্ৰতিও চোকা দৃষ্টি ৰাখিছিল ।শিলালিপিসমূহৰ পৰা জানিব পাৰি যে সন্ন্যাসী , দুখী আৰু নির্যাতিত সকলক অশােকে মুক্ত হস্তে দান কৰিছিল । ৰাজ্যৰ ভিতৰত ৰাজপথবােৰৰ ওপৰত গছ ৰুই বাটৰুৱাক ছাঁ লবলৈ সুবিধা কৰি দিছিল । বাটৰ কাষত নাদ , পুখুৰী খন্দাইছিল । মাজে মাজে বিশ্রাম ঘৰ সজাই ভ্রমণ কালত আশ্রয় লােৱাৰ কাৰণে সুবিধা কৰি দিছিল । মানুহ আৰু জীৱজন্তুৰ চিকিৎসাৰ কাৰণে চিকিৎসালয় প্রতিষ্ঠা কৰিছিল । বিদেশৰ পৰা বনৌষধি আনি তেওঁ বাগিচা স্থাপন কৰাইছিল । ইয়াৰােপৰি খেতিয়কৰ সুবিধাৰ কাৰণে কৃষি ভূমিত পানী যােগানৰ ব্যৱস্থা কৰাইছিল । ইয়াৰােপৰি খেতিয়কৰ সুবিধাৰ কাৰণে কৃষি ভূমিত পানী যােগানৰ ব্যৱস্থা কৰাইছিল । মুঠতে প্রজাসকলৰ  সকলােধৰণৰ মঙ্গল সাধন কৰাই আছিল অশােকৰ জীৱনৰ মূল লক্ষ্য । 

প্রশ্ন ২৬। ধর্মপ্রচাৰক হিচাপে অশােকৰ স্থান নির্ণয় কৰা । 

উত্তৰঃ অশােকৰ ৰাজনৈতিক জীৱনৰ উল্লেখযােগ্য ঘটনা আছিল কলিঙ্গ যুদ্ধ । ৰজা হােৱাৰ আঠ বছৰ পিছত শক্তিশালী কলিংগ বাসীৰ লগত যুদ্ধত লিপ্ত হয় । এই যুদ্ধত তেওঁ জয়লাভ কৰিলেও লাখ লাখ কলিংগবাসীৰ মৃত্যুৰ ৰাঙলী তেজে তেওঁৰ মনত আঘাত হানে । অলেখ নৰ – নাৰীৰ আর্তনাদে আৰু তেজৰ নদীয়ে অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । সকলােবােৰৰ বাবে যে তেৱেঁই দায়ী তাক তেওঁ অন্তৰেৰে অনুভৱ কৰিলে । শেষত দেশ জয় কৰাতকৈ মানুহৰ অন্তৰ জয় কৰিব পৰাটোৱেই যে প্রকৃত সত্য সেই কথা তেওঁ ভালদৰে উপলব্ধি কৰিছিল । তেওঁৰ মতে মানুহ সৎ চৰিত্ৰৱান হ’লেহে মানৱ সমাজ মহান হ’ব পাৰে । জন্মৰ পাছত মৃত্যু আৰু তাৰ পাছত পুনর্জন্মৰ বাবে মানুহে সদায় দুখ ভােগ কৰে । আনহাতে অজ্ঞতা বা জ্ঞানৰ অভাৱ হেতুকেই মানুহে পূর্বজন্ম সম্ভৱ হয় । সেয়ে মানুহ যদি সৎ হয় আৰু যদি সকাৰ্যৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰে তেতিয়াহ’লে পূর্বজন্ম ৰােধ কৰা সম্ভৱ হয় । গতিকে জন্মৰপৰা হাত সাৰিবলৈ কিছুমান নৈতিক আদর্শ মানি চলিবলৈ বুদ্ধদেৱে মানৱ সমাজৰ প্রতি আহ্বান জনাইছে । অশােকৰ মতেও সক্কৰ্মৰ জৰিয়তেহে আত্মাৰ উন্নতি সাধন কৰি নির্বাণ বা মুক্তি লাভ কৰাটো সম্ভৱ হয় ।

সামৰিক বিজয়ক তেওঁ প্রকৃত বিজয় বুলি ধাৰণা নকৰি ধৰ্ম বিজয়কে প্রকৃত বিজয় বুলি ঘােষণা কৰে । বাচ্ছুক , পুৰুষ আৰু প্রাদেশিক বিষয়াসকলক আভ্যন্তৰীণ দিশৰ প্ৰতি চকু ৰখাৰ উপৰিও ধর্মপ্রচাৰৰ কামত তেওঁলােকক নিয়ােজিত কৰে । সভা – সমিতি আৰু আলােচনা জৰিয়তে বৌদ্ধ ধৰ্মৰ নীতিসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে । সাম্রাজ্যৰ বিভিন্ন ঠাই ঘূৰি আহি জনসাধাৰণৰ মাজত বুদ্ধধৰ্মৰ সামৰ্মসমূহ ভালদৰে বুজাই , দিয়াৰ কাৰণে ‘ ধর্ম মহামাত্র ’ নামৰ একশ্রেণী উচ্চ ৰাজবিষয়াক নিয়ােগ কৰে । অশােকে লক্ষ্য কৰিছিল যাতে জনসাধাৰণৰ মাজত সদায় শান্তি বর্তি থাকে । সমাজত শান্তি প্রতিষ্ঠা কৰাই হ’ল সকলাে ধৰ্মৰ লক্ষ্য । 

প্রশ্ন ২৭। ভাৰতীয় ইতিহাসত অশােকৰ স্থান নির্ণয় কৰা । 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্যৰ মৃত্যুৰ পাছত মগধৰ সিংহাসনত অশােকৰ ৰাজপাট আৰােহণ ভাৰতীয় ইতিহাসৰ এক গৌৰৱােজ্জ্বল অধ্যায় । নিজৰ চৰিত্ৰ আৰু কার্যাৱলীৰ সহায়ত যিসকল মহান সম্রাট বিশ্ববাসীৰ শ্রদ্ধাভাজন হৈছিল সেইসকলৰ ভিতৰত অশােকৰ স্থান আছিল অতি উচ্চ । উত্তৰাধিকাৰী সূত্রে অশােকে সিংহাসন লাভ কৰি অসীম ক্ষমতাৰ গৰাকী হৈছিল যদিও অশােক এজন অত্যাচাৰী ৰজা নাছিল । চন্দ্রগুপ্তই প্রতিষ্ঠা কৰা বিশাল মৌর্য সাম্রাজ্যৰ শাসন প্রণালীও অশােকে কোনাে পৰিৱৰ্তন কৰা নাছিল । তেওঁৰ আগৰ শাসকসকলে প্রতিষ্ঠা কৰা নিয়মনীতিৰে তেওঁ তেওঁৰ শাসনকার্য পৰিচালনা কৰিছিল । 

কলিংগ বিজয়ৰ লগে লগে মৌর্য সাম্রাজ্যৰ ৰাজ্য বিস্তাৰৰ যুগৰৰ সিমানতে অন্ত হৈছিল । কলিংগ যুদ্ধই অশােকৰ মনৰ পথ পৰিৱৰ্তন কৰে । কলিংগ ৰাজ্যখনক স্বতন্ত্র ৰাজ্য হিচাপে গঠন কৰি সেই ৰাজবংশৰে কোৱৰ এজনক ৰাজপ্রতিনিধি হিচাপে অশােকে নিয়ােগ কৰে । এই কার্যই অশােকৰ শাসন প্রণালীৰ উদাৰতাৰ কথাকে প্রমাণ কৰে । 

অহিংসা , সংযম , সাম্য , বিনয় প্রভৃতি গুণ যাতে সকলােৰে মাজত বদ্ধি পায় , তাৰ কাৰণেও অশােকে প্রচাৰ কাৰ্যত মনােনিৱেশ কৰিছিল । অশােকে ধর্মনীতিৰ সমান্তৰালকৈ সাম্য , মৈত্রী আৰু ভাতৃত্বভাব গঢ়ি তুলি দেশীয় লােকসকলৰ সৌহার্দ্য আৰু শাসন লাভ কৰাৰ উপৰিও ছিৰিয়া , সিদৰ মেছিডনিয়া আদি বিদেশী ৰজাসকলৰো শ্রদ্ধা আৰু প্রীতি লাভ কৰিবলৈ সক্ষম হৈছিল । 

দেশৰ জনসাধাৰণৰ সকলাে দিশৰ প্ৰতি অশােকে সততে নজৰ ৰাখিছিল । সেয়ে প্রতি তিনি বা পাঁচ বছৰৰ মূৰে মূৰে ৰাজুক , সূত বিষয়াসকলক ৰাজ্যসমূহ পৰিদৰ্শন কৰিবলৈ পঠাইছিল । শান্তি শৃঙ্খলা বজাই ৰখা আৰু জনসাধাৰণে যাতে সকলাে দিশতে সুবিচাৰ লাভ কৰিব পাৰে তাৰ প্রতি নজৰ ৰখাই আছিল উক্ত বিষয়াসকলৰ মূল লক্ষ্য । সম্ভৱপৰ সকলােবােৰ সমস্যাৰ সমাধান ঘটনাস্থলীতে কৰাৰ কাৰণে ৰাজজুজুক নামৰ কৰ্মচাৰীসকলক অশােকে স্বাধীনতা দান কৰিছিল । 

প্রজাসাধৰণৰ পার্থিব উন্নতিত নৈতিক আৰু আধ্যাত্মিক উন্নতিৰ প্ৰতিও অশােকে চকু ৰাখিছিল । প্রজাবৰ্গক নৈতিক আৰু আধ্যাত্মিক অৱস্থাৰ কথা তেওঁক জনাই থাকিবলৈ ‘ প্রতিবেদক নামৰ অন্য এক শ্রেণী বিষয়া কেন্দ্রীয় শাসনৰ অধীনত ৰখা হৈছিল । উক্ত বিষয়াসকলে দেশৰ সকলাে ঠাইত ঘূৰিফুৰি সকলাে প্ৰকাৰৰ সংবাদ গােটাই সম্রাটক জনাই থাকিব লাগিছিল ।

পৌৰ শাসন ব্যৱস্থা নিয়াৰিকৈ চলােৱাৰ কাৰণে অশােকে নগৰ ব্যৱহাৰিক’নামৰ একশ্রেণী – কর্মচাৰী নিয়ােগ কৰিছিল । ৰাজভঁৰালৰ প্রাপ্তি আৰু হৰণ – ভগনৰ চকু দিয়াৰ কাৰণে যুত বা যুক্ত নামৰ বিষয়াৰ ওপৰত দায়িত্ব অর্পণ কৰিছিল । 

এইদৰে নিজ চৰিত্ৰ আৰু প্ৰতিভাৰ বলতে অশােকে ধর্ম প্রচাৰৰ লগতে প্রশাসনীয় ক্ষেত্ৰত বহুতাে জনহিতকৰ কাম কৰিছিল । সেয়েহে জনসাধাৰণৰ মাজত তেওঁ শ্রেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । তাৰ ফলতেই তেওঁ ইতিহাসৰ শাসকসকলৰ ভিতৰত শ্রেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২৮। মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে :– 

( ক ) অশােকৰ পৰৱর্তী শাসকসকলৰ দূর্বলতা :- অশােকৰ পৰৱৰ্তী ৰজাসকল দুর্বল আৰু অকামিলা হােৱা কাৰণে মৌর্য সাম্রাজ্যৰ গাঁথনি দুর্বল হৈ গৈছিল । অশােকৰ পুত্র জলৌক , তিবৰ , দশৰথ , কুনাল আৰু মহেন্দ্ৰ আদিৰ গাত অশােকৰ গুণ অলপাে নাছিল । অপ্রতিহত মৌর্য শাসন ব্যৱস্থাৰ পৰিৱর্তে তেওঁলােকে প্রত্যেকেই স্বাধীনভাৱে বিভিন্ন ঠাইত শাসন কৰিছিল । অশােকৰ পুত্ৰসকলৰ এনেকুৱা শাসন ব্যৱস্থাই বিদেশী আক্রমণকাৰীসকলক সুবিধা আনি দিছিল । 

( খ ) অশােকৰ ধর্মবিজয় নীতি :- অশােকৰ ধর্মবিজয় নীতিয়ে মৌর্য সাম্রাজ্যৰ সামৰিক শক্তি হেয় কৰি তাৰ পতন ঘটাইছিল বুলি বহুতাে পণ্ডিতে ক’ব খােজে । কলিংগ যুদ্ধৰ পিছত যেতিয়া তেওঁ যুদ্ধৰ ভেৰি ঘােষক ’ ধর্মঘােষ বা ধর্মনিনাত পৰিণত কৰাৰ সময়ৰ পৰাই মৌর্য সামৰিক শক্তি দুর্বল হৈ পৰে । কলিংগ যুদ্ধৰ পাছৰ পৰাই মৌর্য সামৰিক বাহিনী অকামিলা হৈ পৰে । ফলস্বৰূপে অশােকৰ পৰৱৰ্তী কালত যেতিয়া বৈদেশিক আক্রমণ হয় তেতিয়া মৌর্য সামৰিক বাহিনীয়ে এই আক্রমণ প্রতিহত কৰিব নােৱাৰিলে । 

( গ ) আর্থিক দিশৰ দুর্বলতা :- অশােকে ধর্মপ্রচাৰৰ কাৰণে উচ্চ ৰাজকীয় বিষয়াসকলৰ ওপৰত নিজৰ দায়িত্বৰ উপৰিও ধর্মসম্পর্কীয় সকলাে বােজা জাপি দিছিল । অশােকৰ এনে কার্যই মৌর্য শাসন ব্যৱস্থাৰ নিয়ােজিত কর্মচাৰীসকলৰ দক্ষতা ব্যাহত কৰিছিল । ইয়াৰ উপৰি অশােকৰ সময়ৰ পৰা ৰাজভঁৰালৰ প্ৰায় ধন সম্পর্কীয় বিষয়ক খৰচ কৰা হৈছিল । উদাহৰণস্বৰূপে বিভিন্ন মঠ – মন্দিৰ আৰু ধর্ম যাত্ৰাৰ কাৰণে অত্যধিক পৰিমাণৰ ধন খৰচ কৰা হৈছিল । ইয়ে মৌর্য সাম্রাজ্যৰ অর্থনৈতিক অৱস্থা শােচনীয় কৰি তুলিছিল । 

( ঘ ) ৰাজকৰ্মচাৰীসকলৰ অবিবেচক নীতি :- মৌর্য শাসন ব্যৱস্থাৰ বিভিন্ন বিভাগত নিয়ােজিত । উচ্চ ৰাজকৰ্মচাৰীসকলে জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ উৎপীড়নত মৌর্য সাম্রাজ্যৰ পতনৰ অৰিহণা আগবঢ়োৱা বুলি বহুতাে পণ্ডিতে মত পােষণ কৰিব খােজে । বিশেষকৈ ৰাজুক নামৰ ৰাজকীয় এই শ্রেণী বিষয়াই পিছলৈ ক্ষমতাশালী হৈ স্বেচ্ছাচাৰী হৈ উঠে । যুৱৰাজ অশােকে এই বিষয়ে অনুসন্ধান কৰিবলৈ লােৱাৰ সময়ত তেওঁৰ আগত সকলােৱে একেষাৰে কৈছিল , যে আমাৰ বিদ্রোহ কোনাে ৰজাৰ বিৰুদ্ধে নহয় , ই হ’ল দুষ্ট শাসকসকলৰ বিৰুদ্ধেহে । ” কর্মচাৰীসকলৰ ত্রুটিপূর্ণ তথা দমনমূলক শাসন ব্যৱস্থাৰ বিৰুদ্ধে অশােকৰ দিনতাে কিছুমান ৰাজ্যত বিদ্রোহ হোৱাৰ প্ৰমাণ পােৱা যায় ।

( ঙ ) অশােকৰ প্রাণী হত্যা নিষেধ নীতি :- অশােকৰ প্ৰাণীহত্যা নিষেধ প্রথাটোৱে মৌর্য সাম্রাজ্য ধ্বংসৰ কাৰণে বুলি বহুতে ক’ব খােজে । এই ক্ষেত্ৰত ঐতিহাসিক পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে মত পােষণ কৰে যে বৌদ্ধধৰ্মৰ প্রতি অনুৰাগ আৰু ব্রাহ্মণসকলৰ প্ৰতি অৱজ্ঞাৰ কাৰণে মৌর্য সম্রাট বৃহদ্রথক তেওঁৰ সেনাপতি পুষ্যমিত্রই হত্যা কৰি মৌর্য সাম্রাজ্যৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰে । 

প্রশ্ন ২৯। মেগাস্থানিছৰ টোকাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ মেগাহানিছে ‘ইণ্ডিকা ’ নামৰ কিতাপৰ জৰিয়তে মৌর্য বংশৰ উত্থান আৰু ইয়াৰ পৰিসৰৰ উপৰিও তেওঁলােকৰ শাসন ব্যৱস্থা সম্পর্কে বিস্তৃত আলােচনা আগবঢ়াইছে । মৌর্য সাম্রাজ্যৰ প্রতিষ্ঠাতা চন্দ্রগুপ্ত মৌর্য অকল দিগ্বিজয়ী বীৰেই নাছিল । মেগাস্থানিছৰ বর্ণনা মতে মৌর্য শাসন ব্যৱস্থা দুটা ভাগত বিভক্ত আছিল— কেন্দ্রীয় শাসন ব্যৱস্থা আৰু প্রাদেশিক শাসন ব্যৱস্থা । মৌর্য শাসন প্রণালী ৰাজতান্ত্রিক আছিল আৰু ৰজাই আছিল শাসনৰ মুৰবী । মৌর্য ৰজাসকলে যদিও ৰােমান সম্রাটসকলৰ দৰে ঈশ্বৰৰ অংশ বুলি দাবী কৰা নাছিল তথাপি তেওঁলােকক ‘দেবজনপ্রিয়’ অর্থাৎ ঈশ্বৰৰ প্রিয়জন বুলি ভবা হৈছিল । কৌটিল্যৰ পৃষ্ঠপােষকতাত ৰজাৰ ক্ষমতা অধিক বৃদ্ধি পাইছিল । ৰজা আছিল আইন প্রণয়ক , পৰিচালক আৰু ন্যায় ৰক্ষক ।  শাসনকার্যৰ মুৰব্বী হিচাপে ৰজাই দুষ্টক দমন আৰু সন্তক পালন কৰি সামাজিক শান্তি আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষা কৰাৰ দায়িত্ব পালন কৰিছিল । 

কেন্দ্রীয় চৰকাৰত ৰজাৰ পাছতে অন্যান্য বহুতাে উচ্চপদস্থ কর্মচাৰী নিয়ােগ কৰা হৈছিল । এইবােৰৰ ভিতৰত মুখ্যজনক সচিব বা মন্ত্রী বুলি কোৱা হৈছিল । মন্ত্রী বা মহামন্ত্রী আখ্যা পােৱা লােকসকলে বছৰেকত ৪০,০০০ মৌর্যমুদ্রা ( Panas ) পাৰিশ্ৰমিক হিচাপে পাইছিল । ৰজাই সকলাে বিষয়তে তেওঁলােকৰ উপদেশ ল’ব লাগিছিল । ইয়াৰ পিছত আছিল মন্ত্রী পৰিষদৰ সভ্যসকল । অর্থশাস্ত্ৰ আৰু অশােকৰ শিলালিপিত এনে মন্ত্রী পৰিষদৰ নাম উল্লেখ পােৱা যায় । কৰতলীয়া ৰাজ্য বা প্রত্যক্ষ শাসনত থকা 

অঞ্চলসমূহত কিছুমান প্রদেশত ভাগ কৰা হৈছিল । অশােকৰ সময়ত আমি এনে পাঁচখন প্রদেশৰ নাম উল্লেখ পাওঁ । সেইবােৰ হ’ল— তক্ষশীলা , উজ্জয়িনী , তদলী , সুৱণগিৰি আৰু পাটলিপুত্র । এই প্রদেশবােৰ আকৌ কিছুমান সৰু সৰু প্রদেশ বা জিলাত ভাগ কৰা হৈছিল । জিলাবােৰক আকৌ কিছুমান বিশ্ব অথবা মহকুমা আৰু এইবােৰ কিছুমান গাঁৱত ভাগ কৰা হৈছিল । 

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ তলত থকা বিভিন্ন বিভাগৰ একোজনকৈ অধ্যক্ষ নিয়ােগ কৰা হৈছিল । কৌটিল্যই এনে অধ্যক্ষ আৰু তেওঁলােকৰ কার্যৱলীৰ কথা উল্লেখ কৰিছে । প্রতিজন অধ্যক্ষৰ তলত অন্যান্য বহুত কৰ্মচাৰী আছিল । অধ্যক্ষৰ পিছতে উল্লেখযােগ্য কর্মচাৰী দুজন আছিল— সমাহিত আৰু সম্বিধাতা । সমাহিতসকলে সাম্রাজ্যৰ ৰাজহ সংগ্রহ কৰিছিল । আৰু দেশৰ আয়ব্যয়ৰ হিচাপ ৰাখিছিল । সম্বিধাতাসকল সম্ভৱত ৰাজভঁৰালৰ দায়িত্বত আছিল । এইবিলাকৰ উপৰিও কেন্দ্ৰত থকা প্রধান কর্মচাৰীসকল আছিল পুৰােহিত , সেনাপতি , দুৱৰী , ( দুৱাৰ ৰক্ষক ) , দুর্গপালক , চোৰাংচোৱা ইত্যাদি । 

সেই সময়ত আয়ৰ একমাত্র পথ আছিল মাটিৰ খাজনা । উৎপন্ন বস্তুৰ এক যষ্ঠাংশ কৰ হিচাপে লােৱা হৈছিল যদিও অর্থনৈতিক অৱস্থা আৰু স্থানীয় অৱস্থিতি অনুসৰি ইয়াৰ পৰিমাণ বঢ়া – টুটা হৈছিল । 

মৌর্য সাম্রাজ্যত দুই ধৰণৰ বিচাৰালয় আছিল । এই দুয়ােবিধৰ মাজত থকা পার্থক্য বিচাৰ কৰিব পৰা নাযায় । নগৰৰ বিচাৰালয়বােৰত মহামৰিক আৰু মহামাত্ৰসকলে পৌৰােহিত্য কৰিছিল । দেশৰ আন ভাগত ৰাজুক আৰু মহামাত্ৰসকলে আৰু গাঁওসমূহৰ গাঁৱক মুখীয়াল সকলে বিচাৰ কার্য সম্পাদন কৰিছিল । অশােকে বিচাৰ পদ্ধতিৰ বিভিন্ন সংস্কাৰ সাধন কৰিছিল । 

মেগাস্থানিছে অন্য কিছুমান স্থানীয় স্বায়ত্ত শাসনৰ কথাও উল্লেখ কৰিছে । পাটলিপুত্র আদি নগৰ এখন ৩০ জন সভ্যৰে গঠিত আৰু আৰু ৫ টা শাখাত বিভক্ত এখন বােৰ্ডৰ দ্বাৰা পৰিচালিত হৈছিল । এই বাের্ডে বিভিন্ন কামকাজ চোৱাচিতা কৰিছিল । 

See Next Page…

1 thought on “Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top