Class 12 Assamese Important Chapter 9 বৰগীত Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 9 বৰগীত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
বৰগীত
Chapter: 9
| গোট – ২: পদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হৈছে।
২। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ মাধৱদেৱৰ জন্ম উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত হৈছিল।
৩। বৰগীতৰ ভাষা কি?
উত্তৰঃ বৰগীতৰ ভাষা ব্ৰজাৱলী।
8। ‘তেজ’ শব্দৰ অৰ্থ লিখা।
উত্তৰঃ ‘তেজ’ শব্দৰ অৰ্থ হ’ল- ত্যাগ কৰা।
৫। ভূষণ শব্দৰ অৰ্থ কি?
উত্তৰঃ ভূষণ শব্দৰ অৰ্থ হ’ল- অলংকাৰ।
৬। ‘উঠৰ উঠ বাপু গোপাল হে’ বৰগীতটি কি ৰাগত বন্ধা?
উত্তৰঃ ‘উঠৰ উঠ বাপু গোপাল হে’ বৰগীতটি কৌ ৰাগত বন্ধা।
৭। মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্রকাশ পাইছে?
উত্তৰঃ মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশু কালৰ বিভিন্ন লীলা প্রকাশ পাইছে।
৮। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য।
৯। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন পুথিক বুজায়?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে ‘নামঘোষা’ পুথিক বুজায়।
১০। উঠৰে উঠ বাপ’ বৰগীতটো কাৰ ৰচনা?
উত্তৰঃ উঠৰে উঠ বাপ’ বৰগীতটো মাধৱদেৱৰ ৰচনা।
১১। বৰগীতসমূহ অসমৰ কোনবিধ সংগীতৰ অন্তর্ভুক্ত?
উত্তৰঃ বৰগীতসমূহ অসমৰ আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত সংগীতৰ অন্তর্ভুক্ত।
১২। বৰগীত ৰচনাৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ ছাত্র-ছাত্ৰীসকলে বৰগীতৰ বিশেষত্ব সম্পর্কে জ্ঞাত হোৱাৰ লগতে মাধৱদেৱে ৰচনা কৰা বাৎসল্য ৰসপূৰ্ণ বৰগীতৰো যাতে আভাস পাব পাৰে, সেই উদ্দেশ্যে এই বৰগীতটো পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে।
১৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান ভাৱ কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান ভাৱ হ’ল- বাৎসল্য (বৎস মানে হ’ল শিশু)।
১৪। মাধৱদেৱ কাৰ শিষ্য?
উত্তৰঃ মাধৱদেৱ শঙ্কৰদেৱৰ শিষ্য।
১৫। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোৱিন্দগিৰী আছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


